ফটাঢোল

গুৰু-শিষ্য – অৰবিন্দ গোস্বামী

(সত্য কাহিনীৰ ওপৰত আধাৰিত। চৰিত্ৰ একে ৰাখি নাম সলনি কৰা হৈছে)

শিক্ষক তবিবুৰ ৰহমান এজন ব্যতিক্ৰমী গুৰু। তেওঁৰ হাতৰ পৰশ পৰিলেহেনো ভোদা ছাত্ৰও চোকা হৈ যায়।অৱশ্যে তেওঁৰ হাতত এনে কোনো ‘যাদু কী ছৰী’ নাছিল। এই কথা তেঁৱো ভালকৈ জানে। মানুহৰ এনে ধাৰণাৰ বাবে তেওঁ কেতিয়াবা মহা বিপদত পৰে। কাৰণ ভোদা ছাত্ৰ এজনো চোকা হ’ব পাৰে, যদি তেওঁৰ নিজৰ একান্ত ইচ্ছা আৰু চেষ্টা থাকে। কিন্তু ক্লাছৰপৰা গৈ পাঁচ মিনিতো কিতাপৰ টেবুলত নবহা ছাত্ৰ-ছাত্ৰীৰ গতি-মতি, লিখাৰ ধৰণ দেখিয়েই তেওঁ বুজি পায় পঢ়াৰ প্ৰতি তেওঁৰ ধাউতি কিমান। প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মনস্তত্ব সম্পৰ্কে তেওঁৰ জ্ঞান আছে। অংক বিষয়ৰ পৰীক্ষাত কেতিয়াবা একেটা প্ৰশ্নৰ সম্পূৰ্ণ ভুল উত্তৰৰ কাৰ্বন কপি গোটেইকেইখন বহীতে পোৱা যায়। এনে ক্ষেত্ৰত তেওঁ সকলোৰে ২০০% নম্বৰ সকলোৰে কাটে। তেওঁৰ প্ৰশ্ন—“শুদ্ধ উত্তৰ সকলোৰে একে হ’ব পাৰে। ভুল উত্তৰ সকলোৰে একে হ’ব পাৰে নেকি? “অৰ্থাৎ তেওঁৰ বিষয়ৰ পৰীক্ষাত কোনোবাই সহজে নম্বৰ ঘটিবলৈ গৈ ২০০% নম্বৰ হেৰুৱাব পাৰে। মুঠতে গাধ ছাত্ৰৰ বাবে তেওঁ একপ্ৰকাৰৰ আতংক। টিউচন তেনেকৈ নকৰে।কোনোবাই বৰ খাতিৰ কৰিলেহে এটা-দুটা কৰে। এদিন তেওঁৰ বন্ধু সৌৰভ শৰ্মাই তেওঁক বাটত পাই ৰ’বলৈ ক’লে। এতিয়াও সেই একে বন্ধুত্বসুলভ কথা-বতৰাই। এজনে সদায় আনজনক শলঠেকত পেলোৱা বা জ্বালা দিয়া প্ৰক্ৰিয়াটো তাহানি স্কুলত পঢ়া দিনৰপৰাই চলি আহিছে। স্কুলীয়া দিনত তবিবুৰ ৰহমান আৰু সৌৰভ শৰ্মা অভিন্ন বন্ধু আছিল। সৌৰভ শৰ্মাৰ এই কথা হজম নহয় যে এটা সময়ত বয়জ হায়াৰ ছেকেণ্ডেৰীৰ সকলো শিক্ষকৰ মূৰৰ কামোৰনি তবিবুৰ ৰহমানে আজি ছাত্ৰ-ছাত্ৰীক শৃংখলাবদ্ধতাৰ জ্ঞান দিয়ে। সেই সময়ত কাৰোবাৰ বাৰীৰ আম-কঁঠাল চোৰ কৰাৰপৰা স্কুলৰপৰা পলাই গৈ চিনেমা চোৱা, হোষ্টেলৰ অব্যৱহৃত ৰুমকেইটাত ৰাউণ্ড কিক্‌ মাৰি বেৰ ভাঙি বীৰত্ব দেখুওৱা ইত্যাদি সকলো অনুশাসন ভঙ্গ কৰা কামত ৰহমানে সন্মুখৰপৰা তেওঁৰ দলক নেতৃত্ব দিছিল।সৌৰভ শৰ্মাও কম নাছিল। সেয়ে তেওঁ মনে মনে দলৰ নেতৃত্ব আশা কৰিছিল। কিন্তু বাকী দলীয় কৰ্মীসকলে সৌৰভ শৰ্মাক নেতা হিচাপে স্বীকাৰ কৰা নাছিল।নেতৃত্বক লৈ চলা এই যুঁজখন যেন শেষেই নহ’ল। সুবিধা পালেই এজনে আনজনক জ্বালা দিয়ে। সৌৰভ শৰ্মাই তবিবুৰ ৰহমানক নৱম শ্ৰেণীৰ এজন ছাত্ৰক পঢ়ুৱাই দিবলৈ অনুৰোধ কৰিলে। ছাত্ৰজনৰ দেউতাক তেওঁৰে দোকানৰ এজন পুৰণি কাষ্টমাৰ। গণিতৰ এজন টিউচন কৰা শিক্ষক বিচাৰি আছিল। সৌৰভ শৰ্মা এদিন কাষ্টমাৰজনৰ ঘৰলৈ কিবা কাৰণত যাওঁতে তেওঁক এজন অংকৰ টিউচন কৰা শিক্ষক বিচাৰি দিবলৈ কাষ্টমাৰজনে অনুৰোধ কৰিলে। সৌৰভ শৰ্মাই ভাস্কৰ বৰডেকা নামৰ ল’ৰাজনক মাতি আনি দুই এটা প্ৰশ্নও সুধি চালে। সৌৰভ শৰ্মাও গণিতত ভাল আছিল। ল’ৰাজনক সোধা প্ৰশ্নকেইটাহেনো ল’ৰাজনে টপাটপ উত্তৰ দিলে৷ সেয়ে ল’ৰাজনক অলপ চাই দিবলৈ তবিবুৰ ৰহমানক অনুৰোধ কৰিলে। প্ৰকৃততে প্ৰশ্নকেইটা সোধোঁতে পোৱা উত্তৰকেইটাত তেওঁ ভালদৰে বুজি পাইছিল যে এখেত ভূ ভূ পণ্ডিত। তবিবুৰ ৰহমানক মগজু ঘোলা কৰিবকৈ এইপাতেই সুন্দৰ অস্ত্ৰ হ’ব। বেচেৰা তবিবুৰ ৰহমান চাৰে বন্ধুৰ অনুৰোধত ল’ৰাজনক টিউচন কৰিবলৈ মান্তি হ’ল।প্ৰথম অৱস্থাত তবিবুৰ ৰহমানে সৌৰভ শৰ্মাৰ কু-অভিসন্ধি ইমান ধৰিব পৰা নাছিল। ল’ৰাজনে প্ৰতিটো কথাই বৰ সুন্দৰকৈ বুজি পোৱা যেন দেখুৱাইছিল

কিন্তু শেষৰফালে যেতিয়া তেওঁ গম পালে যে ছাত্ৰই যোগ, বিয়োগ, পূৰণ, হৰণ একো কৰিব নাজানে, তাৰোপৰি কোনো এখন নেওঁতাও মুখস্থ নাই…লাহে লাহে তবিবুৰ ৰহমানৰ মূৰ গৰম হ’বলৈ ধৰিলে।এৰিথমেটিক, এলজেব্ৰা, পৰিমিতি, ত্ৰিকোণমিতি, পৰিসংখ্যা ইত্যাদি জটিল পাঠবোৰ যোগ, বিয়োগ, পূৰণ, হৰণ কৰিব নজনা ল’ৰা এটাক শিকায় কেনেকৈ!বুজালে বুজিছোঁ বুলি কয়, কিন্তু কৰিবলৈ দিলে বুজি নাই পোৱা বুলি কয়। শান্ত-শিষ্ট, গহীন-গম্ভীৰ ল’ৰাজনলৈ তবিবুৰ ৰহমানৰ বেয়াও লাগে। দেউতাকৰ মুখখনলৈ মনত পৰি বেয়াও লাগে। এদিন দেউতাকক পুত্ৰৰ সকলো সমস্যা ফোন কৰি বুজায়ো ক’লে।দেউতাকে ক’লে যে সি আগৰপৰাই বৰ অকৰা। ঘৰতো বৰ শান্তভাৱে থাকে। কিন্তু তবিবুৰ ৰহমানৰ ল’ৰাজন ইমান নিমাখিত যেন নালাগে। এনে লাগে যেন সি প্ৰয়োজনকৈ বহুত বেছি চয়তান। ছাত্ৰ-ছাত্ৰীৰ ওপৰত তেওঁৰ বহু বছৰৰ অভিজ্ঞতায়ো তাকেই কয়।কিন্তু সোতৰক একেৰে পূৰণ কৰিব নোৱাৰা বা বাৰক সাতেৰে পূৰণ কৰিব নজনা, দুইৰপৰা এক বিয়োগ কৰিব নজনা ল’ৰা এটাক কেনেকৈ নৱম শ্ৰেণীৰ গণিত শিকায়। তবিবুৰ ৰহমান মহা ধৰ্মসংকটত পৰিল।

এনেতে এটা ঘটনা ঘটিল। এদিন তবিবুৰ ৰহমানে বজাৰ কৰি থাকোঁতে পাণ দোকান এখনৰ পিছফালে কেইটামান ভদঙীয়া ল’ৰাই কথা পাতি থকা শুনিবলৈ পালে। এটাই কৈছে, “বুঢ়াক তামাম বিল্লা বনাই দিছোঁ বে। বুঢ়াই মোক এতিয়াও পঢ়াবলৈ চেষ্টা কৰি আছে।তবিবুৰ নামৰ মক্কেল এটাৰ ওচৰত পঢ়িবলৈ পঠাইছে।মাথা গৰম কৰি দিছোঁ তাৰ। চাল্লা একো নোৱাৰোঁৱেই।পঢ়াই লাভ কি! ঘৰত কিন্তু চাৰে তামাম ভাল পঢ়ায় বুলি কৈছোঁ। টিউচন গ’লে বুঢ়াই পঞ্চাশ টকামান দিয়ে।নহ’লে পুৰীয়া(ভাং) খোৰাকীটোও নোলায়(অবাইচ)

মাতটো চিনাকি যেন লাগি তবিবুৰ ৰহমানে অলপ জুমি চালে। প্ৰিয় ছাত্ৰজনে একান্তমনে চিগাৰেট হোপাত ব্যস্ত। খঙত পিন্ধি থকা টুপীটো খুলি মূৰটো খজুৱালে।তেওঁৰ মগজুত জ্ঞান আৰু কূটবুদ্ধি দুয়োটাই আল্লাই “কুট কুট কে ভৰ দিয়া হে।” দুষ্টক দমন কৰা নীতি তেওঁ ভালকৈয়ে জানে। মনতে ভাবিলে, “তই আহ বেটা কাইলৈ। তোক এনেকুৱা জ্বালা দিম যে তই জীৱন ভৰ নাপাহৰিবি। বাপেৰক বুঢ়া কোৱা আৰু মাষ্টৰক মক্কেল কোৱা, ফুলকুমলীয়া বয়সতে চিগাৰেট, ভাঙৰ নিচাসক্ত হোৱা তোৰ ধোঁৱা বাহিৰ কৰি দিম। সৌৰভ শৰ্মাকো যোগ্য প্ৰত্যুত্তৰ দিম।

পিছদিনা যথা সময়ত ছাত্ৰ ভাস্কৰ বৰডেকা ওলালহি।

মাষ্টৰ : পূৰণৰ নেওঁতাখন মুখস্থ হ’লনে? এসপ্তাহ আগতেই কৰিবলৈ কৈছিলোঁ নহয়?

ছাত্ৰ : হৈছে ছাৰ। মাজে মাজে অলপ পাহৰি যাওঁ।

মাষ্টৰ : গাই যা।

ছাত্ৰ: এক একগুণ এক, এক দুইগুণ তিনি…

মাষ্টৰ: (হঠাৎ চোফাৰ তলৰপৰা চিটিপণি এছাৰীডাল উলিয়াই চেটেপ চেটেপ)চাল্লা সদায় নপঢ়।

হঠাৎ সদায় মৰমেৰে কথা কোৱা তবিবুৰ ৰহমানৰ টিঙিৰি তুলা খং দেখি আৰু বেটৰ কোব খাই ভাস্কৰ বৰডেকা হতভম্ব হ’ল। সেইদিনা এচাৰিডাল বেছি ব্যৱহাৰ নকৰি মাত্ৰ লপা-থপাৰে এক ঘণ্টাত প্ৰথমঘৰ নেওঁতা মুখস্থ কৰাইহে এৰিলে। সম্পূৰ্ণ দুই ঘণ্টা ক্লাছ চলিল। পিছদিনা ঘৰত দুই আৰু তিনিৰ ঘৰ মুখস্থ কৰি নাহিলে আজিতকৈ বেছি ধুলাই পৰিব বুলি সকিয়াই দিলে। লগতে কোনো সোধ-পোচ নকৰাকৈ পকেটত হাত ভৰাই পঞ্চাশ টকাও জব্দ কৰি থ’লে। এনেদৰে প্ৰায় চাৰি-পাঁচদিন অপাৰেশ্যনৰ অন্তত ছাত্ৰ ভাস্কৰ বৰডেকাৰ পাঁচ ঘৰলৈকে মুখস্থ হ’ল। তাৰ পিছত তবিবুৰ ৰহমানৰ প্ৰিয় ছাত্ৰ ভাস্কৰ বৰডেকা আৰু নহা হ’ল। শেষৰ দিনা ভাস্কৰ বৰডেকাক এনেদৰে ধমকি মাৰিছিল আৰু লপা থপা দিছিল যে ভাস্কৰ বৰডেকাই পেনে চেনে…..।

তদুপৰি সেইদিনা খঙতে তবিবুৰ ৰহমানৰ মুখেৰে ওলোৱা কথাকেইষাৰ আছিল এনেধৰণৰ-“চাল্লা দুমুখীয়া সাপ, সেইহেন অজলা বাপেৰটোৰ আগত নিমাখিত দেখুৱাই টকা আনি ভাং খাৱ। মাষ্টৰক মক্কেল কৱ। ছয় সাতগুণ কিমান ক’ব নোৱাৰ। মস্তি কৰ চাল্লা গোট গৰু………(চেটেপ চেটেপ চেটেপ…..)

বচ। সমস্যা শেষ। ভাস্কৰ বৰডেকা সেইদিন ধৰি গায়ব।অৱশ্যে সেইদিনাৰ আগলৈকে ভাস্কৰ বৰডেকাই জনাই নাছিল যে তাৰ দ্বিতীয়খন মুখ মাষ্টৰে চিনি পালে। সি ঘৰত কি ক’লে কোনেও গম নাপায়। এনে ছাত্ৰ ঘৰত মেনেজ কৰাত ওস্তাদ বুলি তবিবুৰ ৰহমানে জানে। মনে মনে বিচাৰি আছিল সি টিউচনলৈ নাহক আৰু আহি থাকিলে হয়তো সি “ধুবী কী ধুলাই”ত গাধৰপৰা মানুহ বনি গ’লহেঁতেন। মাষ্টৰে ভালেই পালে নহাৰ বাবে। ঘৰত কি কেনেকৈ মেনেজ কৰিলে সেয়াও জনাৰ চেষ্টা নকৰিলে। এদিন সৌৰভ শৰ্মই লগ পাই সুধিলে-“বন্ধু, ছাত্ৰ কেনে পাইছা?”

তবিবুৰ ৰহমানৰ উত্তৰ-“তোমাৰ কাষ্টমাৰৰ সুপুত্ৰ দেখোন নহাই হ’ল। কি হ’ল বা!”

সৌৰভ শৰ্মাই বুজিলে, চতুৰ তবিবুৰ ৰহমানে নিগনীৰ দৰে ক্ষুদ্ৰ ছলনাময়ী ৰূপ ধাৰণ কৰি সৌৰভ শৰ্মাৰ জাল কুটি সাৰিল।

সৌৰভ শৰ্মাই তবিবুৰ ৰহমানক ক’লে-

: চালাম মীয়া! আপ জেইছা না ক’ই থা, না হে, না আগে হ’গা।

☆★☆★☆

2 Comments

  • সৌৰভ শৰ্মা

    👌🏾👌🏾👌🏾😁😁😁😜😜😜😜মজ্জা😜😜😜😜😜

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published.