ফটাঢোল

গুৱেহেটীক আৰু কেথানো নাযাওঁ – সদানন্দ ভূঞা

কিছুবছৰৰ আগৰ কথা৷ চাকৰি সম্বন্ধীয় বিশেষ কাৰণ এটাত গুৱাহাটীলৈ যাবলগীয়া হৈছিল৷ সেই কামটোৰ বাবে কোৰ্টৰ এফিদেফিট এখনৰো প্ৰয়োজন হৈছিল৷ মোৰ সৰু মামাৰ ডাঙৰ ল’ৰাটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা৷ ভাবিলোঁ- মোমাইৰ পুতেক হ’লেও ভাই এটা আছে যেতিয়া আনলৈ হাত মেলোঁ কিয়৷ সিয়েই সহজতে কম সময়ৰ ভিতৰত কামটো কৰি দিব পাৰিব৷ সেয়ে তালৈ ফোন কৰি সবিস্তাৰে সকলো কথা বুজাই ক’লোঁ৷ সিও বোলে-“আও, বহুদিনৰ পিছত আপোনাৰ মাতটো শুনিলোঁ দেই৷ আহক আহক, মই যিমান সোনকালে পাৰোঁ কামটো কৰি দিম৷” দুয়ো কিছু সময় ঘৰুৱা কথা-বতৰা পাতি পিছদিনাখন যাম বুলি কথা দিলোঁ৷

পিছদিনাৰ কথা ৷ ভাবিলোঁ-ৰে’লযাত্ৰাই কৰা যাওক৷ লিডুৰ পৰা গুৱাহাটীলৈ যোৱা কামাখ্যা ইণ্টাৰচিটিখন আবেলি ৩-১৫ বজাত গতি কৰে৷ জাগুনৰ পৰা লিডুলৈ বাছ, মেজিক আদিত গ’লে পঞ্চলিশ মিনিট সময় লাগে৷ কিবাকিবি কৰি থাকোঁতে ওলাই মেলি ৰাষ্ট্ৰীয় ৰাজআলি পাওঁ মানে ২-৩০ বাজিল৷ বেলেগ ৰাজহুৱা গাড়ীত গ’লে ৰে’লযাত্ৰা আধ্যা পৰিব বুলি ভাবি গুৱাহাটীলৈ যোৱা নৈশ বাছ এখনতে লিডুলৈ বুলি উঠি দিলোঁ৷ কিছুদূৰ যোৱাৰ পিছত মোৰ সাজ-সজ্জা আৰু জোলোঙাটো দেখি কণ্ডাক্টৰ বাপুৱে মই ক’লৈ যাম সুধিলে৷ ময়ো ৰে’লযাত্ৰাৰে গুৱাহাটীলৈ যাম বুলি ক’লোঁ৷ কণ্ডাক্টৰ বাপুৱে বোলে-“ছাৰ আপুনি ৰে’লেৰে কিয় যাব লাগে? এতিয়া ৰে’লৰ ৰিজাৰ্ভেচনো নাপায়৷ আমাৰ লগতে আৰামত ব’লক৷” মই কেঞা আঙুলিটো দেখুৱাই সমস্যাটোৰ কথা বুজাই দিলোঁ৷ কণ্ডাক্টৰ বাপুৱে চালকক মোৰ সমস্যাটোৰ কথা ক’লে৷ চালক বোপাই ক’লে,বোলে তেখেতে যেতিয়াই সেইফেৰা কৰ্ম কৰিবলৈ প্ৰয়োজন হয়, জনোৱাৰ লগে লগেই গাড়ী ৰখাই দিব৷ ময়ো ভাল পালোঁ৷ এনেদৰে তিনিবাৰ কেঞা আঙুলি দেখুৱাই যাত্ৰা কৰি কৰি নিশা ৮-০০ বজাত ডিব্ৰুগড় পালোঁগৈ৷ ডিব্ৰুগড়ত কেইজনমান ভদ্ৰলোক বাছখনত উঠিল৷ গাড়ী গৈ আছে, গৈ আছে আৰু ময়ো পুনৰ তিনিবাৰ কেঞা আঙুলি গমন কৰিবলগীয়া হ’ল৷ আমনিত গাড়ী ৰখাই কণ্ডাক্টৰ বাপুৱে আধাঘণ্টাৰ ভিতৰত যেয়ে যি খায় খাই ল’বলৈ ক’লে৷ ময়ো হোটেল এখনত সোমাই ৰুটি, তৰকাৰীৰ ফৰমাইচ দি সেইখিনি খাই পুনৰ কেঞা আঙুলিৰ কামফেৰা কৰি বাছত নিজৰ আসনত বহি ল’লোঁ৷ বাছে পুনৰ গতি কৰিবলৈ ল’লে৷ মাজবাটত আকৌ এবাৰ কেঞা আঙুলি৷ দ্বিতীয়বাৰ কৈছোঁহে, ডিব্ৰুগড়ত উঠা এজন ভদ্ৰলোক গৰজি উঠিল৷ বোলে-এনেকুৱা বেমাৰী মানুহ বাছত কিয় আহে জানো? আন এজনে বোলে-মেডিকেলৰ জোলোঙা থকা পাইপ সুমুৱাই আহিব লাগে৷ কণ্ডাক্টৰ বাপুৱে কিছু টান কথা শুনাই দিয়াত তেৰাসৱ মনে মনে থাকিল৷ ময়ো লাজতে মৰি যোৱা যেন পালোঁ৷ কি হ’ল জানো, তাৰপিছত মোৰ চকু দুটা জাপ খাই আহিল আৰু কেঞা আঙুলিৰ প্ৰতাপৰ পৰাও মুক্ত পালোঁ৷

বাছখন আহি খানাপাৰা পালেহি৷ সকলো যাত্ৰীৰ লগতে ময়ো নামি দিলোঁ৷ এখন মেজিকত উঠি পল্টন বজাৰ পালোঁহি৷ এখন অট’ৰ কাষলৈ আহি সুধিলোঁ-উচ্চ ন্যায়ালয়লৈ যাব নেকি? তেওঁ বোলে-“যাম, তিনিশ টকা ভাড়া লাগিব৷” মই “হ’ব” বুলি উঠি দিলোঁ আৰু অট’ কু-কুৱাই চলিবলৈ ধৰিলে৷ তেওঁ ওখ পাহাৰ এটাৰ অকোৱা-পকোৱা ৰাস্তা এটাৰে নি বোলে-“দাদা, এয়াই উচ্চ ন্যায়ালয়৷” ময়ো নামি দিলোঁ৷ নামি ভাইটোলৈ ফোন লগালোঁ৷ সি শুই উঠাই নাই৷ টোপনিৰ জালত মই ক’ত পালোঁ সুধিলে৷ মই বোলোঁ-“জানো, অট এখনে আনি নমাই দিলে৷ ৰ’বাচোন মই সুধি লওঁ৷” এজনক সুধোতে ক’লে বোলে-“এয়া কামাখ্যা মন্দিৰ৷” ভাইটোক কথাটো কলোঁ৷ সিও বেলেগ এখন অট’ত উভতি আহিব ক’লে৷ ময়ো অট’ এখনত উঠি ঠিকনাটো ক’লোঁ৷ অট’চালকে তিনিশ টকাৰ বিনিনয়ত এনেকুৱা এঠাইলৈ আনি নমাই দিলে, সেয়াও বোলে বশিষ্ঠ৷ আকৌ বেলেগ এখন অট’ক দঢ়াই দঢ়াই বুজাই কৈ দুশ টকাত মান্তি কৰি উঠি আহিলোঁ৷ অট’ আহি এঠাইত ৰখাই নমাই দি ক’লে-এয়াই উচ্চ ন্যায়ালয়৷ ময়ো নামি এখন গেট পালোঁ৷ তাত বোলে টিকট নল’লে সোমাব নিদিয়ে৷ ৫০ টকা ভৰি টিকট এটা লৈ সোমাই গ’লোঁ৷ হে হৰি, এইখনচোন গোটেই সাপ, চৰাই-চিৰিকতি, বাঘ-ভালুকৰ ৰাজ্য৷ এজনক সোধাত তেওঁ ক’লে বোলে-এইখন চিৰিয়াখানা৷ মোৰ হাঁহিম নে কান্দিম অৱস্থা৷ দৰ্শক এজনে মোৰ অৱস্থাটো দেখি সকলো বুজি মোক ক’লে-আপুনি উচ্চ ন্যায়ালয় বুলি কৈ ভুল কৰিলে৷ আপুনি হাই কৰ্ট বুলি ক’ব লাগিছিল৷ তেখেতেই অট’ এখনৰ চালক এজনক বুজাই মেলি ৫০ টকাত ভাড়া ঠিক কৰি মোক সহায় কৰি দিলে৷ অট’চালকে মোক উচ্চ ন্যায়ালয় অ’হ ছ’ৰি হাই কৰ্টত নমাই দিলে৷ ভাইটোলৈ ফোন লগালোঁ৷ ভাইটোৱে বোলে-‘দাদা আপুনি জিৰণি চ’ৰাতে বহক, মই আধা ঘণ্টাত পাই আছোঁ৷’ এক ঘণ্টাৰ বিৰতিত ভাইটো আহি ওলাল৷ সি বোলে-‘দাদা কিবা কষ্ট পালে নেকি?’ মইনো আৰু কি ক’ম৷ নাই পোৱা বুলি ক’লোঁ৷ মই কি কাৰণে এফিদেফিট বিচাৰিছোঁ-সকলো মোৰ পৰা বুজি মেলি এখন দহ টকীয়া দলিল কিনি আপুনি অলপ সময় ইয়াতে বহি থাকক বুলি কৈ কৰ্ট’ৰ ভিতৰলৈ সোমাই গ’ল৷ প্ৰায় এঘণ্টা মানৰ পিছত সি আহি ক’লে বোলে-“দাদা,ডাঙৰ কথা এটা হ’ল৷ মোৰ চিনাকি মেজিষ্ট্ৰেটজন আজি নাহে বোলে৷ বেলেগ এজনৰ দ্বাৰা কামটো কৰাব লাগিব৷ তেখেত আকৌ একাচেকা মানুহ৷ ধন নহ’লে একো কামেই নকৰে৷ তেখেতে দুহেজাৰ বিচাৰিছিল৷ মই যেনে-তেনে মনাই মেলি পোন্ধৰশ কৰিলোঁ৷ মোৰ মান সন্মানৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া আপুনি কি কৰে৷” মই বোলোঁ-“এনেকুৱা এফিদেফিট মাৰ্ঘেৰিটা কোৰ্টত দুশ টকাতে উলিয়াব পাৰিলোঁ হয়৷ হ’ব আৰু, তোমাৰ মান-সন্মানৰ কথা আছে যেতিয়া লোৱা আৰু৷ মই পোন্ধৰশ টকা দিয়াৰ পিছত তেওঁ পুনৰ কৰ্ট’ৰ ভিতৰলৈ সোমাই গৈ ক্ষন্তেক পিচতে ওলাই আহি এফিদেফিটখন মোক দি ক’লে বোলে-“ব’লক চাহ খাওঁ৷” মই মনৰ দুখত থেৰোঁ-গেৰোঁ কৰিছিলোঁ যদিও মোক সি টানি-আজুৰি লৈ গ’ল৷ সৰু চাহ দোকান এখনৰ প্লাষ্টিকৰ টুলত বহিবলৈ দি চাহ আৰু বিস্কুটৰ অ’ৰ্ডাৰ দিলে৷ চাহকাপ গাখীৰ চাহ যদিও ৰংটো কিবা ক’লা-ক’লাধৰণৰ৷ বিস্কুটখিনিও অলপ অলপ ভেঁকুৰা৷ চাহ এঢোক মুখত দিয়েই গম পালোঁ-চাহখিনি দুই-তিনি দিন আগৰ৷ এনেই এঢোক খাই মই বিস্কুট নাখাওঁ বুলি কৈ ভাইটোৰ পৰা বিদায় ল’লোঁ৷ ভাইটোৰ পৰা বিদায় লৈ আদাবাৰীত থকা আমাৰ পশু চিকিৎসা বিভাগৰ ডিৰেক্টৰ অফিচলৈ ৰাওনা হ’লোঁ৷ তাতো বৰবাবুৱে টোপোলাৰ বিনিময়ত মোৰ কামটো কৰি দিলে৷

গধূলি পাঁচটামান বজাত দুপৰীয়াৰ ভাতসাঁজ খাই লওঁ বুলি হোটেলত সোমাই ভাত-পানী খাই ল’লোঁ৷ বাছ-যাত্ৰা কৰি আৰু জুৰুলা নহওঁ বুলি মনতে ৰে’লযাত্ৰাই ঠিক হ’ব বুলি সিদ্ধান্ত ল’লোঁ৷ সিদ্ধান্তমৰ্মে পোনে পোনে ৰে’ল ষ্টেচনলৈ যাত্ৰা কৰি ষ্টেচন পালোঁগৈ৷ গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা লিডুলৈ যাত্ৰা কৰিবলগীয়া ৰে’লখনৰ সময় নিশা ৯-৪৫ বজাত৷ ৰিজাৰ্ভেচন টিকট নাপালোঁ, উপায় নাই৷ জেনেৰেল টিকট এটাকে লৈ সন্ধিয়া ছয় বজাৰ পৰা কামাখ্যা ষ্টেচনত মহৰ কামোৰ খাই ষ্টেচনৰ বেঞ্চত বহি থাকিলোঁ৷ নিৰ্দিষ্ট সময়তকৈ আধাঘণ্টা পলমকৈ ৰে’লখন আহি ষ্টেচনত ৰ’ল৷ ইফালে-সিফালে চাওঁতে টিটিচি এজন চকুত পৰিল৷ তেখেতক ৰিজাৰ্ভেচন নোপোৱা কথাটো ক’লোঁ৷ তেখেতে ক’লে-“এচ-২ শ্লিপাৰৰ ৩২ নম্বৰ বাথটো খালি আছে৷ মই তিনিজন টি টি চি’ৰ বাবে ১৫০ টকা দিব লাগিব৷” মানে তেখেত লামডিংলৈ, লামডিংৰ পৰা মৰিয়নিলৈ বেলেগ এজন আৰু মৰিয়নিৰ পৰা তিনিচুকীয়ালৈ বেলেগ এজন৷ মই ১৫০ টকা দি চিটতো দখল কৰি ল’লোঁ৷

মোৰ চিটটো একেবাৰে ওপৰৰ বাথ এটা আছিল৷ ৰে’লখনে জোঁকাৰণি এটা মাৰি যাত্ৰা আৰম্ভ কৰিলে৷ ডবাটোত পেছেঞ্জাৰৰ সংখ্যা কম আছিল যদিও গুৱাহাটী ষ্টেছন পোৱাৰ পিছত বহু মানুহ ডবাটোত উঠি নিজৰ নিজৰ আসন গ্ৰহণ কৰি ল’লে৷ ৰেলে পুনৰ গতি কৰিবলৈ ধৰিলে৷ ডবাবোৰত ভাত,পৰঠা,পুৰি দিয়া বিলাকৰ গ্ৰাহক সংগ্ৰহৰ কাৰ্য আৰম্ভ হৈ গ’ল৷ মই ভাত আৰু মাংসৰ অৰ্ডাৰ দিলোঁ৷ মোৰ তলৰ বাথ দুটা আৰু আনটো ফালৰ তলৰ বাথটোত পাঞ্জাৱী পৰিয়াল এটা আৰু আনটো ফালৰ ওপৰৰ বাথটো আৰ্মী এজনৰ আৰু মাজৰটো তেওঁৰ পত্নীৰ৷ এক ঘণ্টামান পিছত পেকেট লাঞ্চৰ ভাত হাজিৰ৷ দাম ল’লে ১৫০ টকা৷ উপাই নাই, অৰ্ডাৰ দিলোঁ যেতিয়া লৈ ল’লোঁ৷ ভাত খাই মই ওপৰৰ বাথত টোপনি নধৰিলেও বাগৰিবলৈ উঠি দিলোঁ৷ ৰে’লখনে গৈ গৈ এটা ষ্টেচনত ৰখি দিলে৷ নাকত ভেকেটকৈ শুকান মাছৰ উৎকট গোন্ধ এটাই উশাহ বন্ধ কৰাৰ উপক্ৰম কৰিলে৷ গম পালোঁ জাগীৰোড ষ্টেচন৷ তাতে এজন ভদ্ৰলোকক লৈ টি টি চি মহাশয় হাজিৰ৷ মোক ক’লে-“দাদা, আপুনি বেয়া নাপাব৷ এখেত তিনিচুকীয়া যাব৷ মিলিজুলি দুয়োজন একেলগে যাব আৰু৷” গম পালোঁ, তেৱোঁ ১৫০ টকীয়া হ’ল৷ মই অলপ চাপি দিয়াত সেইজনে ওপৰলৈ উঠি আহিল৷ তেৰা উঠি অহাৰ পিছতহে গম পালোঁ, মহাশয় একেবাৰে ঘটং৷ মুখৰ পৰা পৃথিৱীৰ সমস্ত ফুলৰ মলমলোৱা গোন্ধ নিগৰি আহিছে৷ মোৰ উশাহত টনাটনি অৱস্থা৷ বিপৰীত ফালে মুখ কৰি যেনে তেনে জীয়াই আহি আছোঁ৷ মুখ ঘূৰালেই আওমৰণে মৰা৷ তেওঁৰ স্বৰ্গসুখ৷ বিপৰীত দিশে শোৱা আৰ্মী পত্নীৰ চাক্ষুস দৰ্শন৷ আৰ্মী পত্নীৰ অশান্তি৷ মহাশয়ে বোলে-চকুপতা লৰাবলৈয়ে পাহৰি থাকিলে৷ তাকে চাই চাই আৰ্মী ডাঙৰীয়াৰ জ্বলন৷ এপাকত উঠিল গৰজি৷ “ক্যা দেখ ৰহা হেয়? আখ ফোৰ দু ক্যা?” সিমানতে তেৰাই তাপ মাৰি দিলে নহয় মোৰ ফালে মুখ ঘূৰাই৷ এতিয়াহে মিলিল ফৰিঙৰ মৰণ৷ উপাই নাপাই মই বেলেগ দিশে মূৰ কৰি শুবলৈ চেষ্টা কৰিলোঁ৷ মানে মোৰ মূৰটো যিফালে, তেওঁৰ ভৰি দুখন সেইফালে৷ প্ৰভুৰ চৰণযুগলেও সুগন্ধ বিলোৱাত কৃপণালি কৰা নাই৷ এনেদৰে শান্তিৰ ৰে’লযাত্ৰা কৰি গৈ আছোঁ৷ ক’ৰ পৰা উঠিল জানো, হঠাতে আহিল নহয় হাত চাপৰি বজোৱা কেইজনীমান৷ ‘তাক্ তাক্’ হাত চাপৰি বজাই আৰু খুচি খুচি মানুহ উঠাই টকা বিচাৰে৷ মোকো খুচি আছিল, আমনি পোৱাত ‘মৰ গয়া ক্যা’ বুলি কৈ গুচি গ’ল৷ ইফালে কেঞা আঙুলিৰো উৎপাত৷ উঠি গ’লেই সহযাত্ৰীয়ে গোটেই আসনখনকে ল’বলৈ বিচাৰে৷ ডিমাপুৰ ষ্টেচন পাৰ হোৱাৰ পিছত কেঞা আঙুলিৰ উৎপাত সহ্য কৰিব নোৱাৰি উঠি গ’লোঁ৷ পিছে কি দেখিছোঁ এয়া, টয়লেটৰ ভিতৰ সোমাব নোৱাৰাকৈ গোটেই টালি-টোপোলা৷ হায় হৰি, গোটেইকেইটা টয়লেটৰে একে অৱস্থা৷ দৰ্জাৰ কাষত এগালমান থিয় হৈ ভাষণ দিয়াত ব্যস্ত৷ মই সুধিলোঁ, “বোলোঁ,এইবোৰ কাৰ?” এজনে তপৰাই উত্তৰ দিলে, “আমাদেৰ, কেন?” মই বোলোঁ-“হেৰ মাউৰত মৰাহঁত, এতিয়া চু চু কি তোৰ মূৰত কৰিম?” আন এজনে বোলে,“আমৰা তিনচুকীয়া পৰ্যন্ত যাব৷ এৰপৰে কৰবেন৷” মই বোলোঁ-“হেৰৌ খেকাৰ খোৱা, তহঁতে তিনিচুকীয়া পোৱালৈ মোৰ চু চু ৰৈ থাকিব নেকি? ৰহ, মই ইয়াতে কৰি দিওঁ” বুলি পেণ্টৰ চেইন খুলিবলৈ লওঁতেই এটাই চিঞৰি উঠিল, “না না আপনে এইৰকম কৰবেন না৷ দাৰাণ, আমৰা জিনিচগুলো হাতিয়ে দিচ্চি৷”

এইদৰে পিছদিনাখন দিনৰ ১১-৪৫ বজাত লিডু ষ্টেচন পাই বাছেৰে ১২-৩০ বজাত পুনৰ জাগুন পালোঁহি৷

পিচে প্ৰভুসকল, বাপসকল, আইসকল, মাইসকল, শইত শইত শইত তিনি শইত খাই ক’লোঁ আৰু দেই… … …

গুৱেহেটীক আৰু কেথানো নাযাওঁ ৷ গুৱেহেটীক নমইস্কাৰ৷

☆★☆★☆

7 Comments

  • Anjan Sadhanidar

    কৃষ্ণ হে বুলিলো ।

    Reply
  • অনুৰূপ মহন্ত

    তামাম লটি ঘটি। হি হিঃ

    Reply
  • বাপ্পা ঔ! লেথাৰি নিছিগা লটিঘটি।

    Reply
  • Gitika Saikia

    ইচ ইচ…… লটিঘটিৰ শেষ নাইকিয়া হ’ল দেই! যিনহওক, বৰ সাৱলীল বৰ্ণনা। পঢ়ি ভাল লাগিল।

    Reply
  • ৰাজদ্বীপ বৰা

    বৰ ভাল লাগিল ! লিখনিটোহে দেই , আপোনাৰ লটিঘটিখিনি নহয় আকৌ !

    Reply
    • Ritumoni Saikia

      হাঁহি উঠিল যিমান সিমান দুখো লাগিল দাদা ৷

      Reply
  • Ritumoni Saikia

    হাঁহি উঠিল যিমান সিমান দুখো লাগিল দাদা ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *