ফটাঢোল

গেদেং খানা খাবি আৰু – সদানন্দ দত্ত

তেওঁৰ নাম আচলতে নিতুল কোঁৱৰ,পিছে নিজৰ সৰবৰহী তিৰোতাগৰাকীক চিঞৰি ” ঐ গেদেং ” বুলি মাতে কাৰণে তেওঁৰ জোকোৱা নাম গেদেং।সাদৰী তিৰোতাগৰাকীক বাসন্তী নামেৰে সকলোৱে মাতে।আমাৰ ভাড়াঘৰতে থাকি এটি সন্তান জন্ম দিয়াৰ তিনিবছৰৰ পিছতে গেদেং নিজৰ ঘৰখনলৈ গ’লগৈ।মোৰ ঘৰৰ পৰা দুই কিলোমিটাৰমান দূৰৈত মাটি কিনি বাঁহ-কাঠেৰে ঘৰখন তৰি ল’লে। গেদেং কোম্পানীৰ চাকৰিয়াল, বহুবছৰ অস্থায়ীকৈ কৰি থকাৰ পিচত স্থায়ী হোৱা দুবছৰ হ’ল।

গেদেং আমাৰ ঘৰলৈ মাজে সময়ে আহে,চাহ-জলপান খাই কথা-বতৰা পাতি যায়গৈ।আহিলেই তেওঁৰ ঘৰলৈ নিমন্ত্ৰণী দিয়ে -“ঐ চাৰ,আপোনাৰ ঘৰতে মোৰ সম্পত্তিখোৱাটো জনম হ’ল,আপুনিয়েই মাটিখিনি জুখি-মাখি দিলেগৈ ,এতিয়া এদিনো নাযায় যে!! ঐ বাইদেউ, কিবা বেয়া পালে কাৰণে নাযায় ন?আমি সৰু মানুহ কাৰণে ঘিণায় ন?যাব আক’ ,গ’লেহে ভাল লাগে।অকল ময়েই আহি থাকোঁ। গেদেঙে কৈছে কিনো ডাঙৰ মানুহৰ ঘৰলৈ গৈ থাক।বেয়া পাই নহয়।আমনি পাই নহয়,তই নাযাবি।মই কওঁ পাওক বেয়া,ইয়াতে চাৰৰ ঘৰত তিনি বছৰ থাকিলোঁ, মৰম-চেনেহত।চাৰহঁতকো আহিব কৈছোঁ।ঐ বাইদেউ,কালিলৈ আমাৰ ঘৰলৈ ব’লক।যাম কওক ভাত খাবলৈ।”

গেদেঙৰ এনেকুৱা নেৰা নেপেৰা বান্ধোনত বান্ধ খাই যাম বুলি ক’লোঁ। তেতিয়া গেদেং উৎফুল্লিত হ’ল আৰু ক’লে -” ঐ চাৰ, মতা কুকুৰা এটা কিনি থৈছোঁ, চাৰহঁত গ’লেই মাৰিমেই তাক। তবে কালিলৈ তাক মাৰিম।চাৰ ভাত খোৱাকৈ দিনতে যাব।চাৰ কেইবজাত পাবগৈ কওক।”

অনেক আলোচনাৰ অন্তত ক’লোঁ যে সৰু ল’ৰা আছে।গতিকে দিনৰ এঘাৰ বজাত পামগৈ,সিহঁতক সোনকালে খাবলৈ দিব লাগিব।তেতিয়া তেওঁ ক’লে -“কোনো চিন্তা নাই চাৰ, গেদেং ঠিক আছে। তাই সোনকালে উঠে।আমাৰো ল’ৰাহঁতক সোনকালে খাবলৈ দিব লাগে। ভালেই হ’ব, আজৰি হৈ কথা পাতিব পাৰিব। তেনেহলে চাৰ কালিলৈ মতা কুকুৰাটো মৰিব। আপোনালৈকে আনি ৰাখিছোঁ। হ’ব চাৰ। মই বাকী বস্তুবোৰ বজাৰৰপৰা নিওগৈ।”সেইদিনা আমাৰপৰা বিদায় লৈ গেদেং গ’লগৈ। আমাৰ দুয়োটি সন্তানে ঘৰত থকা ছোৱালীজনীক কৈছেগৈ -” আমি কালিলৈ মতা কক খাবলৈ যাম। এতিয়া মাতিলেহি।”

সিদিনাখন ঘৰত খদমদম লাগিল।সোনকালে ল’ৰাহঁতক গা পা ধোৱাই তেল-টেঙা ঘঁহি গেদেংখানা খাবলৈ সাজু হ’লোঁ। মোৰ টি-ফাইভ ভেচপাখনত পাঁচোটাকৈ প্ৰাণী একেলগে নিবলৈ অসুবিধা হোৱাত প্ৰথমে ডাঙৰ পোনা আৰু ল’ৰা ওমলুৱা ছোৱালী হেমকান্তিক থৈ আহিলোগৈ। মই গৈ পোৱাৰ সময়ত গেদেং নাছিল। ল’ৰা-ছোৱালী কেইটিক নমাই ঘূৰি আহিবলৈ লওঁতেই দেখিলোঁ তেওঁ কৰবাৰপৰা চাইকেলেৰে আহি ঘৰ সোমাইছে। দুই-এষাৰ কথা পাতি ঘৰত থকা পৰিবাৰৰ সৈতে ইটো ল’ৰাকো আনিবলৈ যাওঁ বুলি ক’লোঁ। তেওঁ সোনকালে আহিবলৈ ক’লে। ময়ো কথাটোত হয়ভৰ দি আহিম বুলি ক’লোঁ।

এওঁক নি পোৱাৰ পিছতে বাসন্তীয়ে চাহপানী যোগালে। ল’ৰাহঁতে কাণে কাণে ভোক লাগিছে বুলি কথা কৈ থেনথেনাবলৈ ধৰিলে। পিছে চাহপানী যোগান দি বাসন্তীয়ে আমাৰ এওঁৰ লগত নানা কথা পাতিবলৈ ধৰিলে। মই লাহেকৈ ল’ৰাটিক বাহিৰলৈ নি ভাত খাবলৈ পাবা ৰ’বা কৈ বুজনি দিবলৈ লাগিলোঁ। বাহিৰত ইটো সিটো দেখি তাৰ ভোকৰ ভাৱটো কমিল। ভালেপৰ বাহিৰতে ঘূৰি আহিও আমাৰ এওঁ আৰু বাসন্তীয়ে কথা পাতি থকা দেখি বৰ অশান্তি লাগিল। সৰু ল’ৰাকেইটিক কি দৰে বুজনি দি পেটৰ ভোকৰপৰা পৰিত্ৰাণ পোৱাব পাৰি !ভাবি ভাবি অশান্তি বাঢ়িবলৈ ধৰিলে। বাসন্তীয়ে যিদৰে বহি লৈ কথা পতাত লাগিল যেন আমাক ভাতপানী খোৱাইহে কথা পাতি আছে।তেওঁৰ মুখৰপৰা ওলোৱা শব্দৰ আঁত ধৰি আন্দাজতে সিদ্ধান্ত কৰিব পাৰিলোঁ যে তেওঁলোকে ভাত-পানী খাই আজৰি হ’ল। এনেতে বাহিৰত দেখা গ’ল আমাৰ গেদেং মহাশয়ে হাতত লাঠি এডাল লৈ কুকুৰা খেদি ফুৰিছে। কুকুৰাবোৰ লৰ মাৰি ইফালে-সিফালে গৈছে আৰু গেদেং মহাশয়ে লাঠিডাল দলিয়াই চিঞৰিছে -“মৰ,মৰ; মতা কুকুৰাটো মৰ। হেইৎ নেলাগিল লাঠিটো।”

ভিতৰৰপৰা খিৰিকীৰে জুপি চাই বাসন্তীয়ে মাত লগালে -“ঐ মৰাটো, কুকুৰাখিনি কেলৈ খেদি ফুৰিছ। খাবলৈ দিলো, শুব দে সিহঁতক। কিহলৈ খেদাইছ হাঁ।”
তেতিয়া গেদেং মহাশয়ে চিঞৰি ক’লে –“ঐ গেদেং, তোক ক’বলৈকে নহ’ল। মতা কুকুৰাটো মাৰি ভাত খোৱাম বুলি চাৰক আৰু বাইদেউক কালি মাতিছিলোঁ। তয়ো মেলি দিলি। এতিয়া ধৰিব লাগে কুকুৰাটো।সি কেনেকৈ জানিলে আলহী আহিব বুলি।মাৰিম বুলি লাঠিডাল লওঁতেই পলাই সৌ সিহঁতৰ ঘৰ পালেগৈ।বৰ টেঙৰ দেই কুকুৰাটো।”
বাসন্তীৰ মূৰত যেন সৰগ ভাগি পৰিল।তেওঁ চিঞৰিলে–” অঅ মৰাটো তই ভাত খাবলৈ মাতি আহিলি। মোক নকলি। ভাত দিবলৈ একো নাই। খালি ভাত কেনেকৈ খোৱাম। যা তই বজাৰলৈ মাংস আনগৈ, মাছো আনিবি।খালি ভাত চাৰ-বাইদেউক মই খুৱাব নোৱাৰোঁ, ইমান ডাঙৰ মানুহক এনেকৈ মাতে নেকি মৰাটো।খালি তই। ছেঃ ,যা তই সোনকালে।”

এইবোৰ শুনি মূৰ ঘূৰাই গ’ল। এনেয়ে ল’ৰাহঁতৰ থেনথেননি আছিল, ভাতৰ ভটোও নহ’ব বুলি জানি পেটত ভোকৰ ভূত সোমাল। এওঁৰ লগত কথা পাতি লৰালৰিকৈ যাবলৈ ওলালোঁ। এনেকৈ বাসন্তীয়ে আহিবলৈ নিদি তুতি নিবেদন কৰিলে। জলপানকে খাব লাগিব বুলি প্ৰস্তাৱ দিলে। ভীষণ ভোকত আমনি কৰি থকা ল’ৰাহঁতৰ কথা চিন্তা কৰি আৰু বাসন্তীৰ অৱস্থাটো লক্ষ্য কৰি জলপানকে খাবলৈ ঠিৰাং কৰিলোঁ।

এওঁৰ সহযোগত ভিতৰত জলপান যোগাৰ কৰিলে। আমিও ল’ৰা-ছোৱালীহঁতে যাতে আৰু বেছিকৈ ভোকৰ অনুভূতিত বিতৎ হ’বলগীয়া নহয় তালৈ লক্ষ্য কৰি ভাতৰ সলনি জলপানকে সিহঁতক যাচিলোঁ। সিহঁতে বৰ অসন্তোষ মনে কমকৈ খালে। সিহঁতৰ কথা ভাবি আমিও নামমাত্ৰ গ্ৰহণ কৰিলোঁ। তাৰপিছত লৰালৰিকৈ বিদায় লৈ উভতনি যাত্ৰাৰ বাবে সাজু হ’লোঁ। পদূলিমুখলৈ স্কুটাৰখন থেলি আনি আটাইকেইটা বহুৱাই লৈ চলাই দিলোঁ।দুবাৰত যাবলগীয়া যাত্ৰী এবাৰতে কেনেকৈ স্কুটাৰখনত উঠালোঁ আৰু ঘৰ পালোগৈ গমকে নাপালোঁ। ঘৰত সোমায়েই প্ৰেচাৰ কুকাৰত যি যত পালোঁ সমস্ত সুমুৱাই দি কেইটামান হুইচেল বেচিকৈ মাৰিবলৈ দিলোঁ।তাৰপিছত পানী ঢালি প্ৰেচাৰটো ঠাণ্ডা কৰি খিচিৰিখিনি সকলোৱে পৰম তৃপ্তিৰে খালোঁ। ঘৰত থকা ছোৱালীজনীয়ে খাই উঠি ক’লে –“বৰতা, গেদেং খানাটো খাই বৰ ভাল লাগিল।”

তাইৰ এনে কথাত আমাৰ মুখত লাগি থকা তলাটো খোল খাই গ’ল। অতপৰে মৌন হৈ থকা আমাৰ মুখ কেইখন খোল খালে। এওঁ ক’লে-“হয় দেই।তইহে ঠিক কলি।সঁচা গেদেংখানা !এনেকুৱা মানুহে মাৰিব দেই। ভাল শিক্ষা পালোঁ।ছিঃ কতা।” ময়ো ক’লো -“ঠিক কলি অ’ হেমকান্তি, এনেকুৱা গেদেংখানা খাবি আৰু! এনেকুৱা গেদেংখানা খাবলৈ আকৌ নিম দেই।”

ডাঙৰ ল’ৰাটোৱে সুধিলে -“দে’তা, ককটো ধৰিব নোৱাৰিলে, সেইকাৰণে ভাত খাবলৈ নিদিলে ন?”
ময়ো ক’লো -“অ”
তাৰপিছত ক’লোঁ –“এতিয়া শুই থাকোঁ ব’লা। ভাইটিৰ টোপনি ধৰিছে চোৱা। পিছত কথা পাতিম দেই। ব’লা বিচনালৈ।”

☆★☆★☆

2 Comments

  • Rajib Sarma

    আপোনাৰহে সদায় এনেকুৱা হয়।কিয় বাৰু!

    Reply
  • সদানন্দ ভূঞা

    গেদেঙ খানা খাই বঢ়িয়া লাগিল চাগে ন ।

    Reply

Leave a Reply

Your email address will not be published.