ফটাঢোল

গেৰেলীৰ পৰা গঙ্গালৈ যাত্ৰা – নীতুমণি বৰঠাকুৰ

বহুত দিনৰ আগতে আমাৰ গাঁৱত পদ্মনাথ নামৰ এজন মানুহ আছিল। তেওঁ বৰ সহজ-সৰল, কোমল অন্তৰৰ আছিল। খেতি বাতি কৰিয়েই কোনোমতে পেট প্ৰৰ্ৱতাই আছিল ।

তেওঁৰ আকৌ পৰিয়াল বুলিবলৈ একমাত্ৰ পত্নী গোলাপী। গোলাপী সৰুৰে পৰা শকত-আৱত আৰু পেটটো ওলোৱা আছিল বাবে মানুহে তাইক গেৰেলী বুলি মাতিছিল। গেৰেলী বুলি মাতোঁতে মাতোঁতে গোলাপীৰ জেগাত গেৰেলী বুলি সকলোৰে মাজত জনাজাত হ’ল। সুখে দুখে দুয়ো দিনটো কাম বন কৰি পাৰ কৰি নিছিল।

ৰাতি শোৱাৰ সময়ত পদ্মনাথে সদায় ভগৱানৰ নাম লৈ টোপনি যায়। ৰাতি শোৱাৰ সময়ত তেওঁ সদায়েই ‘শয়নে পদ্ম না ভণএ’ বুলি টোপনিত ঢলি পৰে। গেৰেলীয়ে সদায়ে ভাবে, “ইনো কিয় নিজৰ নামটো মাতি শোৱে। আজি ময়ো মোৰ নামটো মাতি শুম।” সেইকাৰণে এদিন শুবৰ সময়ত তায়ো শয়নে গেৰেলী নাম ভণএ বুলি শুবলৈ ধৰিলে। এদিন দুদিনকৈ সদায় গেৰেলীয়ে নিজৰ নামটো লৈ শুবলৈ ধৰিলে। ৰাতি ভাত খাই বাচন-বৰ্তন ধুই গেৰেলী আজৰি হৈ আহি শুয়ে মানে সিফালে গিৰিয়েক পদ্ম টোপনিত ঢলি পৰে।

এদিন ৰাতি বহুত দেৰিলৈকে গেৰেলীৰ টোপনি নহাত নিজৰ নামটো লৈ লৈ শুবলৈ চেষ্টা কৰি আছিল। ইফালে গিৰিয়েকে সৰুপানীকণ চুবলৈ সাৰ পাই উঠি শুনিলে গেৰেলীয়ে নিজৰ নাম লৈ মুখৰ ভিতৰত কিবাকিবি বিৰবিৰাই আছে। গিৰিয়েক পদ্ম আচৰিত হৈ সুধিলে, “এই ৰাতিখন নিজৰ নামটো লৈ আছ যে? গেৰেলী নামটো বৰ ভালপাৱ নেকি ঐ?”

গিৰিয়েকৰ মাত শুনি গেৰেলীয়ে ক’লে, ”তুমি যদি নিজৰ নাম লৈ টোপনি যাব পাৰ মইনো মোৰ নাম কিয় ল’ব নোৱাৰিম?” গেৰেলীৰ কথা শুনি গিৰিয়েক পদ্ম হাঁহিত ৰ’ব নোৱাৰিলে। গিৰিয়েকে হাঁহি হাঁহি আজলী ঘৈণীয়েকক ক’লে, “হেৰৌ মই ভগৱানকহে মাতো ভগৱানক পদ্মনাভ নামেৰেও জনা নাযায় জানোঁ। নামে নামে মিলি যায় কাৰণে তই হবলা মই মোৰ নিজৰ নামটো লওঁ বুলি ভাবিছ আকৰীজনী। শুই থাক এতিয়া পুৱাই হাললৈ যাব লাগিব।” গিৰিয়েকৰ এই কথা শুনি গেৰেলী হতভম্ব হ’ল আৰু নিজৰ নামটো গেৰেলীৰ পৰা গঙ্গা কৰাৰ মন মেলিলে। তাই জনাত গঙ্গাও কোনোবা ভগৱানৰে আন এটা নাম।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.