ফটাঢোল

গোঁসানী অ’ -পাৰ্থ প্ৰতিম শৰ্মা

মই ধেমালি কৰি থাকি ভাল পাওঁ। অৱশ্যে সকলো সময়তে ধেমালি কৰি থকাও নহয়। কিন্তু কেতিয়াবা এনেকুৱা কিছুমান মুহূৰ্ত্তত ধেমালি কৰা যায় যে পিছত ভাবিলে নিজৰেই আচৰিত লাগে।

তাৰিখ- ১১ নৱেম্বৰ ২০১৭। ঘৰত দেউতা-ভনী সকলোৰে বেমাৰ। ৰাতিপুৱা দৌৰা-দৌৰিকৈ টিকট কাটি দিল্লীৰপৰা ঘৰলৈ বুলি বিমানত বহিছোঁ। দৌৰা-দৌৰিৰ কোবত একো খাবলৈও নহ’ল। তদুপৰি বিমানত বহিলে কিয় নাজানোঁ, মোক ভোক-পিয়াহে আগুৰি ধৰে। ভাবি-চিন্তি অলপ গধুৰ খানা এটাই খাওঁ বুলি ফ্ৰাইড ৰাইচ আৰু জুচৰ অৰ্ডাৰ দিলোঁ। ধুনীয়া বিমান পৰিচাৰিকাগৰাকীয়ে মোক ফ্ৰাইড ৰাইচ আৰু জুচৰ পেকেটটো হাতত তুলি দি ক’লে-

– “ফ’ৰ ফিফটি অনলী চাৰ।”

মই পাৰ্ছ খুলি দেখিলোঁ- মোৰ তাত কেৱল ২০০০ টকীয়া নোট এখনহে আছে। বেলেগ খুচুৰা নোহোৱা দেখি মই ২০০০ টকীয়া নোটখনেই আগবঢ়াই দিলোঁ। বিমান পৰিচাৰিকাগৰাকীৰ হাততো খুচুৰা নোহোৱা দেখি তেওঁ মোক পিছত খুচুৰা দিম বুলি ২০০০ টকীয়া নোটটো লৈ গ’ল।
খোৱা-বোৱা হোৱাৰ পিছত মই গান শুনি শুনি পাতল টোপনিৰ মজা ল’লো।

গুৱাহাটী পাবলৈ আৰু ২০ মিনিটমান বাকী আছে। পিছে তেতিয়ালৈ মোক বাকী থকা ১৫৫০ টকা ঘূৰাই দিয়া নাই। ইফালে মই যিমানহে পাহৰোঁ, ক’ৰবাত টকাখিনি ল’বলৈ পাহৰিলে হৈছে আৰু। ইফালে খুজিবলৈও লাজ লাগেচোন এতিয়া। অৱশেষত লাজ-মান কাটি কৰি বিমান পৰিচাৰিকাগৰাকীক ক’লো-

– “এক্সিউজ মি, আই ছুড বি গেতিং চাম মানী ফ্ৰ’ম ইয়ু ৰাইট?”

– “য়েছ চাৰ। বাট দেয়াৰ ইজ এ প্ৰ’ব্লেম।”

তাৰ পিছত বিমান পৰিচাৰিকাগৰাকীয়ে অকণমান হাউলি নিজৰ কান্ধলৈকে পৰা চুলিখিনি সোঁহাতেৰে মুখৰপৰা আঁতৰাই গালত টোল পৰা মিচিকিয়া হাঁহি মাৰি ক’লে-

– “চাৰ, এক্সুৱেলী আই ড’ণ্ট হেৱ চেঞ্জ। কেন ইয়ু প্লিজ প্ৰ’ভাইড মি উইথ চেঞ্জ?”

তেওঁৰ মুখৰ ভাঁজটো বৰ মৰমলগা হৈছে। লগতে বাগৰি অহা চুলি, গালত টোল পৰা হাঁহি… অপৰূপ। পিছে মোৰহে কিয়বা তেওঁলৈ মৰম নালাগি হাঁহিহে উঠিল-হাঁহি বিক্ৰী কৰি দৰমহা লৈ আছে অ’ এইজনীয়ে। মনৰ খুহুতীয়া ভাগটো জাগি উঠিল। তেওঁ অনা-অসমীয়া বুলি জানি অসমীয়াতেই কৈ দিলোঁ-

– “গোঁসানী অ’, মোক এইটো হাঁহি মাৰি লাভ নাই। আই ড’ণ্ট হেভ চেঞ্জ।”

কাষৰ খিলখিলনিতহে গম পালোঁ-ইমানদেৰি ওচৰতে বহি অহা ছোৱালীজনী অসমীয়া। ধেৎতেৰি!

☆★☆★☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    কাষৰ গোসাঁনী জনীয়ে দিলেনে খুচুৰা পইচা কেইটা?

    Reply

Leave a Reply

Your email address will not be published.