ফটাঢোল

গোলাপী গেং – তবিবৰ ৰহমান

ৰাজশ্ৰী প্ৰডাকচন

কাহিনী, চিত্ৰনাট্য, পৰিচালনা : তবিবৰ ৰহমান
কাৰিকৰী নিৰ্দেশক : ৰিণ্টুমণি দত্ত

অভিনয়ত:
মিতালী চহৰীয়া
মৌচুমী গগৈ
তৃষ্ণা ভূঞা
গীতিমল্লিকা গগৈ
নীলাক্ষি কাকতি
কমলা দাস
প্ৰমুখ্যে নাৰীবাহিনী
সদানন্দ ভূঞা
অঞ্জন সাধনীয়াৰ
অনুৰূপ মহন্ত
মাধুৰ্য্য গোস্বামী
হিতেশ বৰুৱা
প্ৰমুখ্যে পুৰুষ বাহিনী

আৰম্ভণীত দুডাল ধূপ জ্বলি উঠে, আৰু ধূপৰ ধোঁৱাত গোটেই স্ক্ৰীণ ধোঁৱাময় হৈ পৰে। ধোঁৱা কাটি যোৱাৰ লগে লগে এটি গীত বেকগ্ৰাউণ্ডত বাজি উঠে।

টু জবু জবু মুঝুকো পুকাৰে
মই দৌৰি যাম তোমাৰ কাষলৈ

দৃশ্য ১ : নীলাক্ষি কাকতিয়ে “কুৰবান” ফিল্মৰ গানটো মৌচুমীৰ লগত মিলাই গায়‌। তাৰ পিছত শিলৰ ফাঁকে ফাঁকে তেওঁলোকৰ ফালে আহি থকা মৌচুমীৰ ফালে চাই ওমৰেশ পুৰিয়ে “দিলজ্বলে” ফিল্মত সোধাৰ দৰে সুধিলে, দিলজ্বলে ক্যা খবৰ লায়ে হো? লগে লগে চৰ্দাৰণীক মাজত ৰাখি “শ্বোলে” ফিল্মৰ আমজাদ খানৰ চাৰিওফালে নিৰ্দিষ্ট দূৰত্বই দূৰত্বই সাজ সজ্জাৰে শিলৰ ওপৰত বহি থকা সদস্য সকলৰ দৰে ডলী তালুকদাৰ, ৰিমঝিম আৰু সমান দূৰত্বত ভাত ৰান্ধি থকা কান্দুৰী তৃষ্ণা ভূঞাই খিলখিলাই হাঁহিলে। কিন্তু এই খিলখিলিয়া হাঁহিত সকলোৱে ডিছ ব্ৰেক লগাই দিলে। কাৰণ তেওঁলোকৰ চৰ্দাৰণীয়ে এই হাঁহিত ভাগ লোৱা নাই। সকলোৱে চৰ্দাৰণীৰ মুখৰ ফালে শংকাৰে চাই পঠিয়ালে।

জৱ তুম চাহো, পাছ আতে হো
জব তুম চাহো, দূৰ জাতে হো

এইবাৰ দল চৰ্দাৰণী মিতালী চহৰীয়াই “প্ৰেম ৰতন ধন পায়ো” চিনেমাৰ গান ফাঁকি মৌচুমীৰ ফালে চাই গোৱাৰ লগে লগে চৰ্দাৰণী-মৌচুমীকে ধৰি সকলোৱে এনেকৈ হাঁহিলে যে সেই হাঁহি পাহাৰে-ভৈয়ামে আকাশে-বতাহে ভাহি ফুৰিল।এনেদৰেই কাৰোবাৰ কিবা কথাক লৈ সকলোৱেই প্ৰাণখুলি হাঁহি হাঁহি নিজৰ নিজৰ দুখবোৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে।

দৃশ্য ২: ফ্লেছবেকত এখন পুৰণি কলেজ দেখা যাব। মৌচুমী গগৈ এজনী তীক্ষ্ণ মেধাৱী ছাত্ৰী আছিল, লাইব্ৰেৰীত কিতাপ লৈ পঢ়ি থকা দেখিবলৈ পোৱা যাব। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁতকৈ এবছৰ ছিনিয়ৰ ল’ৰা এজনৰ প্ৰেমত পৰিছিল। দুবছৰ সেই প্ৰেম ঠিকে-ঠাকেই চলিছিল যদিও তাৰ পিছৰ বছৰত মৌচুমীৰ হিয়াখন আইনা ভঙাদি ভাঙিছিল, যেতিয়া ল’ৰাজনে মাক-দেউতাকৰ অবাধ্যত তাইক বিয়া পাতিব নোৱাৰে বুলি কৈছিল। দেখাই-শুনাই সাইলাখ ছাৰ্বিয়ান টেনিছ সুন্দৰী “আনা ইভানভিক”ৰ দৰে যেন লগা মৌচুমী বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি মোটা দৰমহাৰ চাকৰিও কৰিছিল। তাৰ পিছতো তাই দুবছৰলৈ ল’ৰাজনৰ আশা এৰা নাছিল, কিজানি আকৌ মন ঘূৰেই। কিন্তু যেতিয়া ল’ৰাজনে ঘৰৰ পচন্দ অনুসৰি বেলেগ এজনীক বিয়া কৰালে তেতিয়া তাই চাকৰি, পৰিয়ালৰ মোহ এৰি সন্ন্যাসী হোৱাৰ মন মেলি মিতালীৰ দল থকা জংঘলৰ পিনে আহি আছিল। সেই সময়তে ডলী আৰু নীলাক্ষি এনেয়ে ঘোঁৰাৰে চাৱাৰি কৰি আছিল আৰু মৌচুমীক লগ পাই এবছৰ আগতে নিজৰ দলত চামিল কৰি লৈছিল।

সেই সমস্ত ঘটনা তাই দলৰ সকলোৰে আগত বিৱৰি কৈছিল। তাই কিন্তু ল’ৰাজনলৈ তেতিয়াও আশা এৰি দিয়া নাছিল, তাইৰ বিশ্বাস আছিল যে এদিন হ’লেও সি তাইক বিচাৰি ওলাবহি। মৌচুমী দলৰ সকলোতকৈ সৰু আৰু মৰমীয়াল হোৱা কাৰণে চৰ্দাৰণী আৰু আন ছাথিসকলে এনেদৰেই মাজে মাজে তেওঁক জোকাই সকলোৱে হাঁহি থাকে। ফ্লেছবেক শেষ।

দৃশ্য ৩: দলটোৰ নীলাক্ষি কাকতি, ডলী তালুকদাৰ, ৰিমঝিম বৰঠাকুৰ আৰু তৃষ্ণাও তেনেকুৱা প্ৰেমজনীত, সাংসাৰিক বা সমাজৰ অন্যায় অবিচাৰৰ বলি হৈছিল। চৰ্দাৰণীয়ে তিনি বছৰ আগতে অ’ৰ ত’ৰ পৰা এজনী এজনীকৈ বুটলি আনি এই দলটো গঠন কৰিছিল। আৰু চৰ্দাৰণী, যি এটা সময়ত এখন জিলা প্ৰশাসনৰ মুৰব্বী আছিল। টকাৰে কিনিব নোৱাৰা কাৰণে দুৰ্নীতি পৰায়ন মন্ত্ৰী সদানন্দ ভূঞাই ষড়যন্ত্ৰ কৰি জেইলৰ ভাত খুৱাইছিল। দলটোৰ চৰ্দাৰণী সকলোতকৈ উচ্চ শিক্ষিত। নীলাক্ষি, ডলী, ৰিমঝিম কলেজ উত্তীৰ্ণ কেৱল তৃষ্ণাইহে এল পিৰ পৰা লাভ লাভ খেলা কাৰণে চাৰিবাৰ দিও মেট্ৰিকৰ দেওঁনা পাৰ হ’ব নোৱাৰিলে। দলটোৰ সকলোৱে দেখাত “হম দিল দে চুকে চনম” ৰ ঐশ্বৰ্য্যৰ দৰে নহলেও “হাম আপকে হ্যে কোন” ৰ মাধুৰীতকৈ কোনো গুণে কম নহয়।

এতিয়া এই দলটোৰ কেৱল এটায়ে উদ্দেশ্য, সমাজৰ পৰা অন্যায় অবিচাৰ দূৰ কৰা আৰু ক’লাধনৰ মালিক, ঘোঁচখোৰ বিষয়া সকলক ভয় ভাবুকি দেখুৱাই তেওলোকৰ পৰা টকা লুট কৰা। লুট কৰি অনা আধা টকা তেওঁলোকৰ ওচৰে পাঁজৰে থকা চাৰি পাঁচখন গাঁৱৰ শিক্ষা, স্বাস্থ্য, খোৱা পানী, অনাময় ব্যৱস্থা আদিত ব্যয় কৰা আৰু আধা টকা নিজৰ নিজৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সঞ্চয় কৰা।

দৃশ্য ৪: চৰ্দাৰণীৰ গোপন উদ্দেশ্য দলটোৰ আগত ক’ব, মন্ত্ৰী সদানন্দ ভূঞাক সুবিধা পালেই হত্যা কৰা যিটো আদালতৰ ৰায় হোৱাৰ পিছত ভূঞাক বুকুত খামুচি ধৰি কৈছিল। দলটোৱে সেই গাঁও কেইখনৰ পৰা সহাৰি পাই আছে যাৰ কাৰণে পুলিচেও এতিয়ালৈ কৰায়ত্ত কৰিব পৰা নাই। মাত্ৰ এবাৰ দলটোৱে পুলিচৰ চক্ৰবেহুত সোমাই পৰিছিল যদিও চৰ্দাৰণীয়ে চমৎকাৰী কৌশল আৰু শক্তি খটুৱাই নিজৰ লগতে আন তিনি গৰাকী সদস্যক কৰায়ত্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল।

মৌচুমী যদিও সাংঘাটিক ভয়াতুৰ তথাপিও চোকা ব্ৰেইনৰ কাৰণে চৰ্দাৰণীয়ে তেওঁক চোৰাংচোৱাৰ কামত নিয়োজিত কৰিছিল। যোৱা এবছৰে মৌচুমীয়ে যি পাঁচ ছয়টা খবৰ আনিছিল আটাইকেইটা শুদ্ধ আছিল। আটাইয়ে হাঁহি সামৰাৰ পিছত তাই চৰ্দাৰণীৰ ওচৰত হাজিৰ হৈ সেই দুমাহৰ পৰা অপেক্ষাত থকা সুমধুৰ খবৰটো দিলে। মৌচুমীয়ে খবৰ দিলে যে তেওঁলোকৰ পৰা ১৫-২০ কিলোমিটাৰ দূৰত থকা পাঞ্চালী গাঁৱৰ সৌৰভ শৰ্মা নামৰ শ্বেঠ এজনে প্ৰায় চাৰি কোটি টকা বেংকত জমা কৰিবৰ বাবে অহা সোমবাৰে ১:০০ বজাত চহৰলৈ ৰাওনা হ’ব।

দৃশ্য ৫: মৌচুমীৰ খবৰ শুনি চৰ্দাৰণীয়ে উৎফুল্লিত হৈ ডলীৰ পিনে চাই ক’লে– “য়্যে ডলী, মৌচুমী নে বহত হি খুচ খবৰি লায়া হ্যে, ইছ খুচি ম্যে থোৰা গানা বজাওঁ ৰে”। জংঘলত থকা সময়ত ডলীয়ে টেপটো সদায় কাষতে লৈ থাকে। ডলীয়ে জি হুজুৰ বুলি কৈ গান বজালে।

ইলু ইলু, ইলু ইলু, য়্যে ইলু ইলু ক্যা হ্যে, য়্যে ইলু ইলু
ইলু কা মতলব আই এল ইউ, হ্যে আই লাভ ইউ
ই ই ই ই লু উ উ উ উ উ উ উ উ উ উ উ উ উ উ উ
ই ই ই ই লু উ উ উ উ উ উ উ উ উ উ উ উ উ উ উ

“চৌদাগৰ” ফিল্মৰ এই গানটো বাজি উঠাৰ লগে লগে সকলোৱে নিজৰ নিজৰ ঠাইত থিয় হৈ পৃথিৱীৰ সমস্ত চিন্তা ভাৱনা এৰি গানৰ তালে তালে নাচিবলৈ ধৰিলে। তৃষ্ণাইটো ভাত যে লুথুৰি হৈছে পাহৰিয়েই গৈছে।

দৃশ্য ৬: সৌৰভ শৰ্মা সেই অঞ্চলৰ কড়োৰপতি বুলি জনাজাত। তেখেত বিশাল সাম্ৰাজ্যৰ অধিকাৰী। কেমেৰা ৱাইড এংগলত ঘূৰি ঘূৰি দেখুৱাব ১০-১২টা ইটা ভাটা। এটা ভাটাত দুজনী মহিলা বনুৱাক শৰ্মাই এচাৰিৰে পিতি থকা দেখুৱাব। তাৰ পিছত দেখুৱাব ৪-৫ খন চাহ বাগান, দুই-তিনিখন গাঁৱৰ মানুহে খেতি কৰিও চন পৰি থকা মাটি, শিল-বালিৰ মহল, কয়লা ব্যৱসায়,অজস্ৰ গাড়ী- ঘোঁৰা, লগুৱা কৰ্মচাৰী, কাঠৰ মিল। লগতে দুই এক মানুহে নজনা নিষিদ্ধ ব্যৱসায়ও আছে।

সৌৰভ শৰ্মাৰ এই সমস্ত ব্যৱসায়ৰ হিচাপ- নিকাচ ৰাখে মুনিম অনুৰূপ মহন্তই। আৰু বডীগাৰ্ড হিচাপে থাকে সাপ্তাহিক বজাৰত কুকুৰাৰ লগত মল্লযুঁজ দি পাঁচবাৰ সাপ্তাহিক চেম্পিয়ন হোৱা হিতেশ বৰুৱাই । ইমানবোৰ মাটি সম্পত্তিৰ গৰাকী হৈও অঞ্চলটোৰ উন্নতিৰ কাৰণে খেৰ কুটা এটা নকৰা সৌৰভ শৰ্মাই চৰকাৰৰ ঘৰতো কৰ ফাঁকি দিয়ে। আৰু শৰ্মাক এই ক’লা টকা বগা কৰাত সহায় কৰে ঘোঁচখোৰ বিষয়া জিতু শৰ্মাই। বাটত লুট হোৱাৰ ভয় আৰু চহৰলৈ দূৰ হোৱা বাবে ৫-৬ মাহৰ মূৰত হে তেখেতে বেংকত পইচা জমা কৰে।

দৃশ্য ৭: অহা সোমবাৰে ১:০০ বজাত বেংকত প্ৰায় চাৰি কোটি টকা জমা কৰিব যাব বুলি সেই এলেকাৰ থানাৰ বিষয়া অঞ্জণ সাধনীয়াৰ আৰু বেংক বিষয়া বিপুল শৰ্মাক আগতীয়াকৈ ফোন কৰি জনাই থ’লে সৌৰভ শৰ্মাই। বেংক বিষয়া বিপুল শৰ্মাক নাকৰ ভিতৰত আঙুলি সুমুৱাই সুমুৱাই সৰু সৰু বল বনাই থকা দেখা যাব, সেই আঙুলি জিভাত তিয়াই আকৌ টকাৰ বাণ্ডিল গণিবলৈ ধৰিব।

দৃশ্য ৮ : আজি দুই-তিনি বছৰে বিষয়া সাধনীয়াৰক এই মহিলা লুটাৰু দলটোৱে নাকত ধৰি চাকত ঘূৰাই ৰাখিছে। সাধনীয়াৰে এবছৰ আগতে লেডী কনিষ্টবলসহ বিশাল বাহিনী এটা লৈ লুটাৰু দলটোক চক্ৰবেহুত সোমাই লৈছিল। কিন্তু লুটাৰু দলটোৰ চৰ্দাৰণীৰ অসাধাৰণ দক্ষতাৰ বাবে কৰায়ত্ত কৰিব নোৱাৰিলে।

তেতিয়াৰ পৰা ওপৰ মহলত সাধনীয়াৰ খলনায়ক ৰূপে পৰিগণিত হৈছে। দলটোৰ চোৰাংচোৱা চি বি আইতকৈও ওপৰত। ইমান টকা বেংকত জমা কৰাৰ খবৰ লুটাৰু দলটোৱে যে লাভ নকৰিব সেয়া তেখেতে বিশ্বাস কৰা নাছিল। সেয়েহে দলটোৰ চৰ্দাৰণীক এসেকা দিবলৈ আৰু কৰায়ত্ত কৰি হেৰুৱা সন্মান পুনৰুদ্ধাৰ কৰিবলৈ আগতীয়াকৈ আৰক্ষী অধীক্ষক কাবেৰী মহন্তক ফোনত খবৰটো জনালে। অধীক্ষকে এইবাৰ তেখেতে নিজেই অপাৰেচনত নামিব বুলি কৈ সাধনীয়াৰক নাকত তেল দি শুই থাকিবলৈ ক’লে। সাধনীয়াৰে লাজে-অপমানে টেবুলত মূৰ থৈ মোবাইলত ফুল ভলিউমত গান বজালে।

নায়ক নেহী খলনায়ক হু মে, নায়ক নেহী খলনায়ক হু মে
জুলমি বৰা দুখ দায়ক হু মে,——- বছ য়্যাৰ নাফৰাত কি লায়ক হু মে,

খলনায়ক ফিল্মৰ এই গানটো শুনি তেখেতৰ কেতিয়া টোপনি আহিল ক’বই নোৱাৰিলে।

এই মহিলা লুটাৰু দলটো, আৰক্ষী অধীক্ষক মহন্তৰো মূৰৰ কামোৰণি হৈ পৰিছে। ইয়াৰ কাৰণে উপায়ুক্ত কমলা দাসৰ পৰা কেইবাবাৰো কটু কথাও শুনিব লগা হৈছে। এইবাৰ দলটোক কৰায়ত্ত কৰিব নোৱাৰিলে কি হ’ব পাৰে সেয়া তেখেতে ভালদৰে উপলব্ধি কৰিছে। আৰক্ষী সঞ্চালক অতুল নাথেটো সাৱধান বানী শুনাই থৈছে। সেয়েহে তেখেতে এন এছ জি কমাণ্ডাৰৰ নিচিনা ৫ জনীয়া বীৰাংগনাৰ টিম এটা আগতীয়াকৈ বনাই থৈছে। আৰু এইবাৰ সুবিধা পালেই সাধনীয়াৰ আৰু তেখেতৰ ফৌজৰ ঠাইত এই বীৰাংগনাৰ টিমটোক অপাৰেচনত নমাব বুলি ঠিৰাং কৰি থৈছে, আৰু তেখেতে নিশ্চিত হৈ আছে যে এই টিমে লুটাৰু দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব।

দৃশ্য ৯ : অধীক্ষক মহন্তই আলপৈচনধাৰী হাফ পেণ্টৱালা হাৱালদাৰ দিপাংকৰক, বীৰাংগনাৰ কেপ্তেইন ৰাজশ্ৰী শৰ্মাক মাতিবলৈ ক’লে। ৰাজশ্ৰীয়ে বিশাল শৰীৰটো কোনোমতে দাঙি আনি কঁকালৰ বেল্ট উজাই উজাই উপস্থিত হোৱাত সকলো কথা বিৱৰি কৈ দলৰ আন সদস্য মৃদুলা গগৈ, ৰিকুমণি বৰা ফুকন, বিউটি হালৈ আৰু গীতিমল্লীকা গগৈক সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দি বিদায় দিলে। ময়ো বীৰাংগনা হম মেডাম, হাৱালদাৰ দিপাংকৰে ভয় ভয়কৈ মহন্তৰ পিনে চাই ক’লে। সদায় ৰাতিপুৱা কিমান দৌৰা কোৱাচোন? মহন্তই চশমাৰ ওপৰেৰে কেৰাহিকৈ দিপাংকৰৰ ফালে চাই সুধিলে। এদিনো মিছ নোহোৱাকৈ ৫০ মিটাৰকৈ দৌৰা বুলি কৈ, দিপাংকৰে এনেকুৱা ভাবত থাকিল যেন তিনিবাৰ মান অলিম্পিকত সোণৰ পদক হে লাভ কৰিছে। মহন্তই পুনৰ কেৰাহিকৈ চাই লাল চাহ আৰু কুকিজ বিস্কুট আনিবলৈ ক’লে।

অৱশেষত সেই নিৰ্দিষ্ট দিনটোত লুটাৰু দলটোৱে বন্দুক, বাটলুগুটি, চোকা চুৰি, বেহুচ কৰিব পৰা ঔষধ সকলো টালি- টোপোলা বান্ধি ৰণলৈ সাজু হ’ল। কান্দুৰী তৃষ্ণা আৰু হাঁহৰ কলিজা মৌচুমীক কেম্পত থৈ বাঘৰ কলিজা তিনিজনীক লগত লৈ সিংহৰ কলিজাই সেই নিৰ্দিষ্ট ঠাইলৈ ঘোঁৰা দৌৰালে। য’ত মৌচুমীয়ে কোৱা অনুযায়ী সৌৰভ শৰ্মাৰ পৰা টকা লুট কৰিবলৈ সুবিধা হ’ব। বেক গ্ৰাউণ্ডত “ফুল বনে অংগাৰা” ফিল্মৰ এটি গান বাজি থাকিল ।

ফুল কভি জৱ বন যায় অংগাৰা, ফুল কভি জৱ বন যায় অংগাৰা
বিজলী বনকে গিৰে ৱো, একপল মে থুক দে ঝো,
জুলমো কি ঝালিম সমাজ কো

ইফালে আৰক্ষী অধীক্ষক মহন্তই সাধনীয়াৰৰ ঠাইত দ্বিতীয় বিষয়া মাধুৰ্য্যক বীৰাংগনাৰ দলটোক অপাৰেচনত সহায় কৰিবলৈ পঠালে। আৰু সাধনীয়াৰক আন এটা বাহিনী লৈ তেওঁলোকক অনুসৰণ কৰিবলৈ দায়িত্ব দিলে। ৰাজশ্ৰীৰ নেতৃত্বত বীৰাংগনাৰ দলটোৱে মাধুৰ্য্যৰ পৰামৰ্শ অনুযায়ী য’ত লুট হোৱাৰ সম্ভাৱনা বেছি সেই ঠাইত উপস্থিত হ’ল। অধীক্ষকৰ কাঢ়া নিৰ্দেশ আছিল যে দলটোৰ সকলোকে যিকোনো প্ৰকাৰে কৰায়ত্ত কৰা। দলটোৱে সেই বিশেষ ঠাইত উপস্থিত হৈ লুটাৰু দলটোলৈ অপেক্ষা কৰি থাকিল।

দৃশ্য ১০ : আনফালে সৌৰভ শৰ্মাই মাধুৰ্য্যলৈ ফোন কৰি সকলো ফিটিং হৈ থকা বুলি জানি ১:০০ বজাৰ লগে লগে বডীগাৰ্ড হিতেশ আৰু মুনিম অনুপমক লৈ চাৰি কোটি টকা বেংকত জমা কৰিবলৈ চহৰলৈ ৰাওনা হ’ল।

হো চুবহ চে লেকৰ শ্যাম তক, শ্যাম চে লেকৰ ৰাত তক
ৰাত চে লেকৰ চুবহ তক, চুবহ চে ফিৰ শ্যাম তক
মুঝে প্যাৰ কৰো ও ও, মুঝে প্যাৰ কৰোঁ।

অনুৰূপে ” ম’হৰা” ফিল্মৰ গানটো বজোৱাৰ লগে লগে শৰ্মাই একেৰাহে দুবাৰ তিনিবাৰ ধমক দি ক’লে, বন্ধ কৰা বন্ধ কৰা। বুঢ়া হ’লা এতিয়ালৈ এজনী গোটাব পৰা নাই আৰু আজি পুৱাৰ পৰা কালি ৰাতিলৈ কুম্বা প্যাৰ কৰিবলৈ আহিব, চাল্লা। গান শুনা যদি এইবোৰ গান শুনিব লাগে, দেহা মন সকলো তাজা হৈ থাকিব। এইবুলি কৈ শৰ্মাই মোবাইলটো উলিয়াই “চুপা ৰুস্তম” ফিল্মৰ গানটো বজাই দিলে।

য়্যে চান্দ ক’ই দিৱানা হ্যে
ক’ই আচিক বৰা পুৰাণা হ্যে

শৰ্মা আৰু অনুৰূপে গানৰ তালে তালে মূৰ হিলাই থাকিল। বডীগাৰ্ড হিতেশে “বডীগাৰ্ড” ফিল্মৰ চলমান খানৰ দৰে দৰে একান্ত মনেৰে গাড়ী চলাই গৈ থাকিল।

সৌৰভ শৰ্মাই বিন্দাছ গানৰ মজা লৈ গৈ থাকিল। কিন্তু শৰ্মাক হতভম্ব কৰি বীৰাংগনা টিম থকা ঠাই নোপোৱাৰ ৩ কিলোমিটাৰ মান আগতে অন্য এটা ৰাস্তাৰ পৰা মুখত কলা কাপোৰ মেৰিয়াই থকা চাৰি জনীয়া দল এটাই ঘোঁৰাৰ সৈতে গাড়ীৰ সন্মুখত বন্দুক টোৱাই থিয় হ’ল। আৰু হিতেশে একো উৱাদিহ নাপাই গাড়ী বহু জোৰত ব্ৰেক মাৰিলে। শৰ্মাই তৎক্ষণাৎ ফোন যোগে মাধুৰ্য্যক জনালে। মাধুৰ্য্যই তৰাতাৰি কেপ্টেইন ৰাজশ্ৰীক কথাখিনি অৱগত কৰি গাড়ী বেক কৰি বীৰাংগনাৰ দলটোক লৈ তুৰন্তে সেইখিনি ঠাইলৈ গাড়ী চলালে।

দৃশ্য ১১: কেমেৰা ড্ৰনৰ সহায়ত ওপৰৰ পৰা ফকাছ হ’ব ঘোঁৰাৰ ওপৰত। লুটাৰু দলটোৱে গাড়ীৰ চাৰিওফালে ঘোঁৰাৰে চাৱাৰি দি থাকিল। যদি জীয়াই থাকিবলৈ ইচ্ছা আছে টকাৰ বেগৰ সৈতে গাড়ীৰ পৰা নামি আহক শ্বেঠ, চৰ্দাৰণীয়ে সৌৰভ শৰ্মাৰ ফালে বন্দুক টোৱাই ক’লে। হিতেশ প্ৰথমে, তাৰ পিছত শৰ্মা আৰু অনুৰূপে শৰ্মাৰ কুৰ্টাটো টানি টানি লুকুৱাবলৈ চেষ্টা কৰি গাড়ীৰ পৰা নামিলে। এইবাৰ দলটোৱে তিনিওকে মাজত ৰাখি চাৰিও ফালে চাৱাৰি দি থাকিল। হিতেশে গেঞ্জীৰ ফিটা দুডালত দুয়োখন হাতেৰে চোঁচোৰাই চোঁচোৰাই এবাৰ তল এবাৰ ওপৰ কৰি দলটোৰ ফালে পিৰিক-পাৰাককৈ কিছু সময় চাই থাকিল। মুহুৰ্ততে নীলাক্ষিৰ ফালে চোঁচা লওঁতে নীলাক্ষিয়ে ঘোঁৰাৰ পৰা চিলনীৰ দৰে আহি হিতেশক দুই হাতেৰে “খিলাড়ীও কা খিলাড়ী” ফিল্মত অক্ষয় কুমাৰে আণ্ডাৰটেকাক দাঙি ধৰাৰ নিচিনাকৈ ধৰি হাঠা দলিওৱা দিলে। হিতেশ ৫০ ফুট মান দূৰত গছৰ মাজত পৰি কেঁকাই কেঁকাই উঠিব নোৱাৰা হ’ল। এই দৃশ্য দেখি অনুৰূপৰ ভৰিৰে চৌ চৌ কৈ ওপৰৰ পৰা পানী বৈ আহিল। তেনেকৈ নীলাক্ষি ভৰিত উবুৰি খাই পৰি “মুঝে মত মাৰো ৰাণী, মত মাৰো, মেৰে চোটে চোটে বিবি বচ্চে হ্যে” বুলি কৈ ইনাই বিনাই কান্দিবলৈ ধৰিলে। সেই মুহুৰ্ততে ডলীয়ে শৰ্মাৰ হাতৰ পৰা টকাৰ বেগটো কাঢ়ি লৈ চৰ্দাৰণীক দলিয়াই দি আটাইকেইজনে তাৰ পৰা তুৰন্তে উধাও হ’ল। শৰ্মাই মাথা ঘূৰাই পৰি থাকিল আৰু অনুৰূপে নিজৰ চামৰাৰ চেণ্ডেল শৰ্মাৰ নাকত লগাই লগাই হুচ আনিবলৈ চেষ্টা কৰিলে।

দৃশ্য ১২: বীৰাংগনাৰ টিম আহি দেখে যে লুটাৰু দলটোৱে সৌৰভ শৰ্মাৰ টকা লুটি লৈ গ’ল। দলটোৱে যদিও বহু দূৰ গৈছে পোন ৰাস্তাৰ কাৰণে তেতিয়াও বীৰাংগনাৰ নজৰৰ পৰা আঁতৰ হ’ব পৰা নাই। কেপ্টেইন ৰাজশ্ৰীয়ে মাধুৰ্য্যক দলটোৰ পিছে পিছে ফুল স্পীডত গাড়ী চলাবলৈ নিৰ্দেশ দিলে। মাধুৰ্য্যই সাধনীয়াৰক খবৰতো জনাই দুৰন্ত গতিত পিছ ল’লে। সাধনীয়াৰেও বিশাল বাহিনীটো লৈ মাধুৰ্য্যহঁতৰ ফালে গাড়ী দৌৰালে। ৰাজশ্ৰীয়ে মাধুৰ্য্যক ফাষ্ট ফাষ্ট কৈ চিঞৰি থাকিল । লুটাৰু দলটোৱে দুৰন্ত গতিত ঘোঁৰা দৌৰাইছে। কিছুদূৰ যোৱাৰ পিছত লুটাৰু দলটোৰ প্ৰায় সমানে সমানে মাধুৰ্য্যৰ গাড়ী চলি থাকিল। বীৰাংগনা বিউটি হালৈ, গীতিমল্লীকা, মৃদুলা গগৈ আৰু ৰিকুমণিয়ে লুটাৰু দলটোক কেইবাবাৰো আক্ৰমণ কৰোঁ কৰোঁ কৈ প্ৰতি মুহুৰ্ততে চেষ্টা চলাই থাকিল। সেই মুহূৰ্তত চৰ্দাৰণী কিছু পিছ পৰি আছিল।

তিনি চাৰিটা কেমেৰা সোঁ, বাওঁ আৰু সন্মুখৰ পৰা লাগিব এইখিনিতে।

সুবিধা বুজি বীৰাংগনা বিউটিয়ে চলন্ত গাড়ীৰ পৰা চৰ্দাৰণীৰ ঘোঁৰাৰ ওপৰত জপিয়াওঁৱাৰ লগে লগে, চৰ্দাৰণীয়ে নেইমাৰৰ তীব্ৰ শ্বট বেলজিয়ামৰ কিপাৰে অ’ভাৰ কৰি দিয়াৰ দৰে বিউটিকো এখন হাতেৰে ওপৰতে অ’ভাৰ কৰি দিলে। বিউটিয়ে ৰাস্তাৰ পৰা বহু আঁতৰত থকা গছৰ ডাল এটাত কিছু সময় ওলমি থাকি অ’ত ত’ত খুণ্ডা খাই খাই তললৈ সৰি পৰিল।

এইবাৰ লুটাৰু দলটোৰ পিছ পৰি আছে ৰিমঝিম । মাধুৰ্য্যৰ গাড়ী এবাৰ ৰিমঝিমৰ কাষ পায় এবাৰ পিছ পৰি ৰয়। তেনেকৈয়ে কিছুদূৰ অতিক্ৰম কৰিছে। এবাৰ ৰিমঝিমৰ কাষ পোৱাৰ লগে লগে বীৰাংগনা মৃদুলাই গাড়ীৰ ওপৰৰ পৰা ঘোঁৰাত জাপ মাৰি ঘোঁৰাৰ সৈতে চুঁচৰি চুঁচৰি গৈ আছে আৰু ৰিমঝিমক পেলাবলৈ চেষ্টা কৰি আছে। এনেদৰে যুঁজি যুঁজি কিছুদূৰ যোৱাৰ পিছত ৰিমঝিমে মৃদুলাক ঘোঁৰাৰ পৰা পেলাই দি পূৰ্ণ গতিত ঘোঁৰা দৌৰালে। মৃদুলা ৰাস্তাৰ কাষৰ বোকা পানী সমানে থকা খাল এটাত পৰি ডুব গৈ গোটেই গা মূৰ বোকাময় হ’ল।

এইফালে সাধনীয়াৰেও দূৰৰ পৰাই তেওঁলোকক দেখা পাই ড্ৰাইভাৰক আৰু স্পীডত চলাবলৈ দিলে যদিও ড্ৰাইভাৰে ফুল স্পীডতে গাড়ী চলাই আছিল। ৰাজশ্ৰীয়ে মাধুৰ্য্যক পুনৰ ফাষ্ট ফাষ্ট কৈ চিঞৰি থাকিল। লুটাৰু দলটোৱে যিমান পাৰে সিমান বেগেৰে ঘোঁৰা দৌৰাইছে যদিও এইবাৰ ডলী কিছু পিছ পৰিল। মাধুৰ্য্যই বাৰে বাৰে ডলীৰ কাষ চাপিব চেষ্টা কৰি আছে। এনেদৰেই অগা পিছা কৰি থাকোতে গাড়ীৰ পৰা এইবাৰ আন এজনী বীৰাংগনা গীতিমল্লীকাই গাড়ীৰ পৰাই চলন্ত ঘোঁৰাৰ ওপৰত জপিয়াই পৰিল। দুয়োৰে বহু সময় টনা আজোৰাৰ পিছত ডলীয়ে গীতিমল্লীকাক ঘোঁৰাৰ পৰা পেলাই দিবলৈ সক্ষম হ’ল। গীতিমল্লীকাই ৰাস্তাৰ ওপৰতে পৰি কাষতে থকা ডাঙৰ গছ এডালত খুণ্ডা খাই অচেতন হ’ল।

দৃশ্য ১৩: লুটাৰু দলটোৰ আটাইয়ে সমান গতিত ঘোঁৰা দৌৰাইয়ে থাকিল। ৰাজশ্ৰীয়ে মাধুৰ্য্যক পিছ লবলৈ কৈয়ে থাকিল। লুটাৰু দলটোতকৈ বীৰাংগনাৰ টিমটো ৩০-৪০ মিটাৰ মান পিছ পৰি থাকিল। এইবাৰ চৰ্দাৰণীয়ে লক্ষণ ভাল নেদেখি বাটলুগুটি উলিয়াই ল’লে। চৰ্দাৰণীয়ে ” আজ কা অৰ্জ্জুন ” ফিল্মৰ অমিতাভ বচ্চনৰ দৰে দৌৰি থকা ঘোঁৰাৰ ওপৰতে পিছমুৱা হৈ বাটলুগুটি লৈ ড্ৰাইভাৰক লক্ষ্য কৰি মাৰি দিলে। লগালগ গ্লাছ ভাঙি গুটিয়ে ৰিকুমণিৰ মাথাত পৰিল আৰু গোটেই গা মূৰ তেজই তেজ হৈ ঢলি পৰিল। মাধুৰ্য্যক গাড়ী চলাই থাকিবলৈয়ে নিৰ্দেশ দি ৰাজশ্ৰীয়ে এইবাৰ পিষ্টল তেওঁলোকলৈ পোনালে।

এইফালে সাধনীয়াৰৰ গাড়ীও মাধুৰ্য্যৰ গাড়ীৰ ওচৰ পাইছিল। ৰাজশ্ৰীয়ে প্ৰথমে ৰিমঝিমৰ ঘোঁৰালৈ গুলি কৰিলে। লগালগ ৰিমঝিমৰ ঘোঁৰাই এটা চিঞৰ মাৰি উলটি গ’ল। ৰিমঝিমেও ঘোঁৰাৰ পৰা পৰি কিছু দূৰ উফৰি গ’ল। মাধুৰ্য্যই গাড়ী নৰখাই দলটোৰ বাকী সকলৰ পিছ লৈয়ে থাকিল। এইফালে ৰিকুমণিয়ে চকুৰে ধোঁৱা ধোঁৱা দেখিবলৈ লৈছে।

পিছৰ পৰা আহি থকা সাধনীয়াৰৰ বাহিনীয়ে ৰিমঝিমক কৰায়ত্ত কৰি গাড়ীত ভৰাই আকৌ ৰাজশ্ৰীৰ পিছ ল’লে। এনেকৈয়ে ৰাজশ্ৰীয়ে ডলীৰ ঘোঁৰাক তাৰ পিছত নীলাক্ষিৰ ঘোঁৰাক গুলিয়াই বগৰাই দিলে। এই সকলো দেখি চৰ্দাৰণীয়ে ঘোঁৰা নীলাক্ষিহঁতৰ ফালে ওভটাব খুজিছিল যদিও নীলাক্ষিয়ে চিঞৰি চিঞৰি মন্ত্ৰীৰ পোতক তোলাৰ কথা সোঁৱৰাই দি পলাই যাবলৈ কোৱাত চৰ্দাৰণী আৰু বেগেৰে ঘোঁৰা দৌৰালে।

ৰাজশ্ৰীয়ে পিছ লৈ কেইবাটাও নিচানা লগাইছিল যদিও চৰ্দাৰণীৰ ঘোঁৰাত লগাবলৈ সক্ষম নহ’ল। চৰ্দাৰণীয়ে ৰাজশ্ৰী, সাধনীয়াৰৰ পৰা বহু দূৰ আঁতৰি গ’ল। ৰাজশ্ৰীয়েও আন্ধাৰ হোৱাৰ কাৰণে বেছি ৰিক্স লবলৈ ইচ্ছা নকৰিলে। সাধনীয়াৰে ডলী, ৰিমঝিম, নীলাক্ষিক কৰায়ত্ত কৰি আনি লকাপত ৰাখিলে আৰু বিউটি, ৰিকুমণি, গীতিমল্লীকাক মেডিকেলত ভৰ্তি কৰালে।

দৃশ্য ১৪: এইফালে মিতালীয়ে ছাথীসকলক হেৰুৱাৰ দুখত আৰু অকলশৰীয়া হৈ দিক-বিদিক হেৰুৱাই পেলাইছে। মিতালীয়ে বিশ্বস্ত এঘৰৰ তাত সোমাই নানা ধৰণৰ চিন্তাত পৰিল। এফালে ছাথীসকলক মোকোলোৱা, কেম্পত এৰি থৈ অহা কান্দুৰী তৃষ্ণা আৰু ভয়াতুৰ মৌচুমীৰ চিন্তা আনফালে মন্ত্ৰী সদানন্দ ভূঞাক হত্যা কৰাৰ চিন্তা। ভূঞাক হত্যা কৰাৰ পণো চুৰমাৰ হোৱাৰ পথত। সকলো চিন্তা বাদ দি মিতালীয়ে চিঠি এখন লিখি টকাৰ বেগটোৰ সৈতে বিশ্বস্ত মহিলাজনীক দি চিঠিখন যিকোনো উপায়েৰে মৌচুমীৰ হাতত দিবলৈ আৰু টকাৰ বেগটো মৌচুমীয়ে আহি লৈ যাব বুলি ক’লে।

তাৰ পিছত সেইদিনা ৰাতিয়েই মন্ত্ৰী ভূঞাক হত্যা কৰাৰ পণ লৈ চহৰৰ ফালে ঘোঁৰা দৌৰালে। চহৰলৈ প্ৰায় ত্ৰিশ কিলোমিটাৰ মান দূৰ হ’ব। চহৰ পাবলৈ পাঁচ কিলোমিটাৰ মান পোৱাৰ আগতে ঘোঁৰাৰ পৰা নামি ঘোঁৰাটোক সাৱতি ধৰি কেইবাটাও চুমা খাই বিদায় দি এখন ট্ৰাকত চহৰলৈ গ’ল। চহৰ পাওঁতে নিশা প্ৰায় দহ মান বাজিছিল।

ট্ৰাকৰ পৰা নামিয়ে ভাৰা দি ৰিক্সাত উঠি মন্ত্ৰীৰ বাসভৱনলৈ গ’ল। এইটো বাসভৱনলৈয়ে মিতালীয়ে কেতিয়াবা ওপৰৱালা বিষয়াৰ লগত কৰ্ত্তব্যৰ খাটিৰত আহিব লগাত পৰিছিল। বাসভৱনৰ সন্মুখত পুলিচৰ কাঢ়া পহৰা দেখি মিতালীয়ে পিছফালেৰে ভিতৰত সোমাবলৈ চেষ্টা কৰিলে। ওখ দেৱালৰ কাৰণে কিছু অসুবিধা হৈছিল যদিও পাহাৰত বগোৱা কঠিন অনুশীলন কৰা কাৰণে কাঠৰ বাটাম এটুকুৰাৰ সহায়ত মিতালীয়ে ভিতৰত সোমালে। ভিতৰৰ পৰা পুৰুষৰ নিচা ভৰা কণ্ঠ আৰু মহিলাৰ চঞ্চলা কণ্ঠ মিতালীৰ কাণত পৰিল। কাণত পৰাৰ লগে লগে মিতালীৰ বুজিবলৈ বাকী নাথাকিল যে মন্ত্ৰী ভূঞাই কোনোবা নৰ্তকীৰ লগত লিলিমাই কৰাত ব্যস্ত। মিতালীয়ে মনতে ভাবিলে যে এয়াই সোণালী সুযোগ মন্ত্ৰী ভূঞাক হত্যা কৰাৰ। এই সুযোগ অথলে যাব দিব নোৱাৰি।

লাহে লাহে আগুৱাই গৈ দেখিলে যে এজন পুলিচে ৰুম এটাৰ দৰ্জাৰ মুখৰ পৰা মিতালীৰ কাষলৈ পাইচাৰি কৰি আছে। মিতালীৰ ফালৰ পৰা মন্ত্ৰী থকা ৰূমলৈ গতি কৰাৰ লগে লগে ভুমুকি মাৰি দেখিলে যে এখন দৰ্জা সাধাৰণ ভাৱে খোলা আছে য’ত পুলিচ জনৰ পাইচাৰি কৰা শেষ হয়। কিছু দূৰত দুজনে গেটৰ সন্মুখত সা সজ্জাৰে সষ্টম হৈ আছে আৰু বাকী পুলিচ তিনিজন মানে গেটৰ সন্মুখত মোবাইলত কিবা চাই ফুচফুচাই কথা পাতি আছে।

মিতালীয়ে কঁকালৰ খোচৰ পৰা বেহুঁচ কৰিব পৰা ঔষধ কাপোৰ এখনত মিহলাই লৈ পুলিছজনে পাইচাৰি কৰি ৰূমৰ ফালে গতি কৰাৰ লগে লগে পিছফালৰ পৰা গৈ মুখত গাৰ সমস্ত জোৰেৰে হেঁচা মাৰি ধৰিলে। পুলিছজনে মুখৰ পৰা কিছু সময় হাত এৰুৱাব চেষ্টা কৰি ধৰফৰাই ঢলি পৰিল। মিতালীয়ে লাহেকৈ বগৰাই থৈ খোলা দৰ্জাখনেৰে ভিতৰলৈ সোমাই গ’ল। ভিতৰত সোমোৱাৰ লগে লগে ওপৰৰ পৰাই প্ৰথমে শুনা মাত আকৌ শুনিলে। ওপৰত গৈ দৰ্জাৰ ফাঁকেৰে দেখিলে নৰ্তকী এজনীয়ে অৰ্ধনগ্ন হৈ গিলাচত পেগ ঢালি আছে আৰু মন্ত্ৰী ভূঞাই চকীত বহি নিচাত ডুবি আছে।

কেমেৰা ক্লজ আপ হ’ব মিতালীৰ মুখত। “আজি ক’ত সাৰিবি বোপা? মনত পৰিছেনে নে নাই আদালতৰ বাহিৰত যে হত্যা কৰিম বুলি কৈছিলোঁ” বুলি মিতালীয়ে চোকা চুৰিখন হাতত লৈ মন্ত্ৰীৰ সন্মুখত ৰুদ্ৰমূৰ্তী ধৰি কৈ উঠিল। মন্ত্ৰীয়ে একো তলকিবই নোৱাৰিলে। নৰ্তকীজনীয়ে ভয়তে চিঞৰিব খুজিছিল যদিও মিতালীয়ে কাণতলীয়া চৰ এটা সোধাই মনে মনে থাকিবলৈ ক’লে। নহ’লে চুৰিখন পেটত ভৰাই দিম বুলি ভাবুকি দিলে। চৰ খাই ধোঁৱা ধোঁৱা দেখি নৰ্তকীজনীয়ে ভয়তে ৰূমৰ কোণত কুচিমুচি বহি মিতালীৰ ৰুদ্ৰমূৰ্তী চাই থাকিল। মন্ত্ৰী ভূঞাই গাৰ্ড গাৰ্ড বুলি চিঞৰিব ধৰোঁতে মিতালীয়ে “ফুল বনে আংগাৰা”ৰ ৰেখাৰ ষ্টাইলত প্ৰচণ্ড শক্তিৰে কিক এটা সোধালে। মন্ত্ৰী ভূঞাই বহী থকা চকীখনৰ সৈতে গিলাচ থকা টেবুলৰ ওপৰত লুটি খাই পৰিল। ৰূমৰ ভিতৰত গিলাচ ভঙাৰ শব্দ বাহিৰত পহৰা দি থকা পুলিচৰ কাণত পৰিল। “মোক ক্ষমা কৰি দিয়া মিতালী, মই বহুত ভুল কৰিছোঁ, মোৰ বিবি-বচ্চেক বিধৱা নকৰিবা” বুলি মুখত যি আহে তাকেই কৈ ভূঞাই মিতালীৰ ভৰিত উবুৰি খাই পৰিল।

“বিবিৰ কথা চিন্তা কৰিলে নৰ্তকীৰ লগত লিলিমাই কৰি নাথাকিলি হয়” বুলি কৈ মিতালীয়ে ভূঞাক দুই হাতেৰে ডাঙি বেৰলৈ দলিয়াই দিলে। ভূঞাই ‘আঐ মৰিলোঁ ঐ’ বুলি চিঞৰ মাৰিলে। এইবাৰ মিতালীয়ে চুৰিৰে খুঁচিবলৈ খোজোতে পুলিচে আহি মিতালীক কৰায়ত্ত কৰিলে। পুলিচৰ লগত টনা আজোৰা কৰিও মিতালীয়ে ভূঞাক আৰু এটা কিক সোধালে। এইবাৰ আটাইকেইজন পুলিচে মিতালীক লৰিব নোৱাৰাকৈ ধৰি বাহিৰলৈ উলিয়াই লৈ গ’ল।

দৃশ্য১৫: গাঁৱে ভূঞে সকলোতে মন্ত্ৰী ভূঞাক আক্ৰমণ কৰা আৰু লুটাৰু দলটোক কৰায়ত্ত কৰাৰ খবৰ বিয়পি পৰিল। ক’লা ধনৰ মালিক, ঘোঁচখোৰ বিষয়া আৰু দুৰ্নীতি পৰায়ন মন্ত্ৰী বিধায়ক সকলে স্বস্তিৰ নিশ্বাস এৰিলে। মিতালীৰ দলটোৱে সহায় কৰা গাঁওখনৰ সকলো লোক দুখত ম্ৰিয়মান হ’ল। গাঁও কেইখনৰ আবাল বৃদ্ধ-বনিতা সকলোৱে প্ৰিয় দলটোক শেষবাৰৰ বাবে দেখা কৰিবলৈ যিয়ে যেনেকৈ পাৰে চহৰৰ আদালতলৈ ৰাওনা হ’ল।

আনফালে আৰক্ষী অধীক্ষক কাবেৰী মহন্তই কিদৰে দলটোক কৰায়ত্ত কৰিবলৈ যোৱা কেইবামাহৰ পৰা পৰিকল্পনা কৰিছিল এই সকলো সাংবাদিক সকলৰ আগত বিৱৰি কৈ আছিল। লগতে বীৰাংগনা দলটোৰ নেত্ৰী ৰাজশ্ৰী শৰ্মা আৰু আন সদস্যসকলক প্ৰশংসাৰে ওপচাই পেলাইছে। যথা সময়ত মিতালীকে ধৰি দলটোৰ সদস্য সকলক আদালতলৈ অনা হ’ল। আদালতৰ বাহিৰত হাজাৰ হাজাৰ জনতাই মিতালীৰ দলটোক দেখা কৰিবলৈ হেতা ওপৰা লগাইছে আৰু এৰি দিবলৈ ধ্বনি দি আছে। আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ মাজেৰে জনতাৰ ভিৰ ফালি আদালতত হাজিৰ কৰালে।

দৃশ্য ১৬: জনতাৰ ধ্বনি বাজিয়ে থাকিল। আদালতে মিতালীৰ দলটোক তিনি মাহৰ বাবে ন্যায়িক জিম্মাত ৰাখিবলৈ হুকুম জাৰি কৰিলে। লগে লগে আদলতৰ ভিতৰে বাহিৰে এটি শোকাকুল পৰিবেশৰ সৃষ্টি হ’ল। পুনৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ মাজেৰে জনতাৰ ভিৰ ফালি আদালতৰ পৰা গাড়ীলৈ লৈ আহিল। দলটোৰ সদস্য সকলক হাতেৰে সম্ভাষণ জনাবলৈ তাত থকা জনতাই আৰক্ষীৰ লগত ঠেলা হেঁচা লগালে। শেষত উপস্থিত জনতাই চকুপানী টুকি টুকি দলটোৰ সকলো সদস্যকে বিদায় দিলে।
কেমেৰা লাহে লাহে ফেড অফ হয় আকাশত।

জিন্দেগী কা চফৰ
হে য়ে কেইছা চফৰ
কোই চমঝা নেহি
কোই জানা নেহি।।

☆★☆★☆

10 Comments

Leave a Reply

Your email address will not be published.