ফটাঢোল

গোলাৱী দৰ্দ – উত্তৰা শৰ্মা বৰুৱা

“বক্ৰতুন্দ মহাকালে সূৰ্য্যাকৌটি সমপ্ৰভঃ,
নিৰ্ভিঘ্নে কুৰ্মে গৌৰী নাৰায়ণে নমো নমঃ”

–পৰ্দাত গণেশৰ মূৰ্তি দেখুওৱাৰ লগে লগে বাজি উঠিল গণেশ বন্দনা…..

(তাৰ পিছতেই পৰ্দাত দেখা যাব…)

“ফটাঢোল” ক্ৰিয়েচনৰ নিবেদন ….

 

গোলাৱী দৰ্দ

 

প্ৰথম দৃশ্যঃ

এগছি বন্তিত নিবদ্ধ কেমেৰা লাহে লাহে ৱাইদ এংগোলত যায়.. কেমেৰা ফ’কাছ হয় এক বৃহৎ কালী মূৰ্তিৰ মুখখনত… বেকগ্ৰাউণ্ডত বাজি আছে,-

“য়া দেৱী সৰ্ব্ব ভূতেস্যু শক্তি ৰূপেনঃ সংস্থিতা……..“

কালী মূৰ্তিৰ পৰা কেমেৰা এইবাৰ ঘূৰে, দৃষ্টিগোচৰ হ’ল লাল শাড়ী পিন্ধি ওৰণিৰে মূৰ ঢাকি তললৈ মূৰ কৰি ধ্যানত মগন নাৰীৰ ওপৰত…। লাহে লাহে মূৰ দাঙি ধ্যানমগ্ন নাৰীয়ে চকু মেলিলে.। সেয়া চৰ্দাৰণী, গোলাৱী গেঙৰ আটাইৰে মৰমৰ “বাইটি”। কাষতে থিয় হৈ হাতত আৰতিৰ থালি আগবঢ়াই দিছে সেয়া গেঙৰ নাজুক কলি পুৰ্বী। পাছফালে হাতযোৰ কৰি, মিতালি, ধৰিত্ৰী, সংগীতা, তৃপ্তী, ইণ্ডিমা, ববিতা, পৰিস্মিতা আদি কৰি গোলাৱী গেঙৰ সমুহ সদস্য।

দেৱী মাৰ সন্মুখত আগবঢ়াই দিয়া থালিৰ পৰা হাতৰ বুঢ়া আঙুলীৰে আটায়ে কপালত ল’লে এটা এটা দীঘল ফোঁট। মিতালী চৰ্দাৰণীৰ সোঁহাত বুলি জানে আটায়ে। চৰ্দাৰণীয়ে মৰমতে মিঠালী বুলি মাতে। মিঠালীৰ ইংগিতত সকলোৱে হাত মুঠি মাৰি ওপৰলৈ কৰি চিঞৰিলে,-গোলাৱী গেং জিন্দাবাদ’- সমস্বৰে এইদৰে কৈ উঠিল জিন্দাবাদ।

দ্বিতীয় দৃশ্যঃ

ঘন অৰণ্যত এটা খুফীয়া আড্ডাৰ থলি। এজোপা গছত বান্ধি থোৱা আছে দুটা মানুহ। হাতত চাবুক এডাল লৈ সেয়া মিঠালী। পিন্ধনত জিন্চ, গুলপীয়া ৰঙৰ টপ আৰু ভৰিত বুতজোতা। মিঠালীয়ে চাবুকডালেৰে সাৰৌপ সাৰৌপ কৈ চাট দিছে বান্ধি থোৱা মানুহ দুটাক। আটাহ পাৰি আছে দুইটাই।

(কেমেৰা ঘূৰে)

আঁতৰত শিল এটাৰ ওপৰত বহি আঠুলৈকে শাড়ী কোচাই এটা আঠুত হাত এখন থৈ এহাতেৰে এটা বিড়ি টানি আছে গোলাৱী গেঙৰ চৰ্দাৰণীয়ে। কিছু দুৰৈত এজাক ঘোঁৰাৰ পৰিচৰ্যাত ব্যস্ত গেঙত নতুনকৈ এন্ট্ৰি মাৰা কেইজনীমানে। সংগীতা, যাক মাতে চৰ্ডাৰনীয়ে সংগো বুলি, চৰ্দাৰণীৰ ওচৰতে ৰৈ আন এডাল চাবুক হাতত লৈ থিয় হৈ আছে। চাবোক মাৰি মাৰি ভাগৰি পৰা মিঠালিলৈ চাই এইবাৰ শিলৰ পৰা জাপ মাৰি নামিল চৰ্ডাৰণী। হাতৰ বিড়ী মাটিত পেলাই কোলহাপুৰী জোতাৰ আগেৰে জ্বলি থকা বিড়ীৰ আধাফালটো মোহাৰি থাকিল। এইবাৰ আগবাঢ়ি গ’ল মানুহকিটাৰ ওচৰলৈ, কঁকালৰ পৰা ছয় ইঞ্চি দীঘল খুকুৰীপাত উলিয়াই বান্ধি থোৱা মানুহ দুটাৰ এটাৰ কপালৰ পৰা থুঁতৰিলৈকে আঁচ টানি সুধিলে,- ’কৈ দে বাচা, ক’ত সেই ল’ৰাটো, কি কৰিলে তাক মহাজন কুত্তাই। ভালেৰে ক’লে বাছি যাবি, নহ’লে এই নদীৰে লাচ বনি উটি যাবি।’
এইবাৰ মিতালীক উদ্দেশ্যি,- ’ ’মিঠালী, খোল দৌ এইদুটাক।’’

খুলি দিলে মিতালীয়ে, সংগীতাই আগবঢ়াই দিয়ে হাতৰ চাবুকডাল। চৰ্দাৰণীয়ে বিশেষ কায়দাত চাবুকদালেৰে চাটৌপ কে শূণ্যতে শব্দ কৰি আগবাঢ়ি গ’ল। লগে লগে ভৰিত লুটি খাই পৰিল দুইটা,- আমাক মাৰি নেপেলাব চৰ্দাৰণী, ক’ম, সকলো ক’ম আমি…..।

চৰ্দাৰণীৰ মুখত এটা বক্ৰ হাঁহিয়ে খেলি যায়। শাৰীৰ খোঁচনিৰ পৰা বিড়িৰ মুঠা এটা উলিয়াই এটা বিড়ী ওপৰলৈ দলিয়াই দিয়ে, বিড়ী ঘূৰি ঘূৰি আহি চৰ্দাৰণীৰ ওঁঠত বিৰাজমান হয়। কাষতে থকা সংগীতাই লাইটাৰটো অন কৰি চৰ্দাৰণীৰ ওঠৰ বিড়ীটো জ্বলাই দিয়ে। দীঘল কৈ হোপা এটা মাৰি এসোপা ধোঁৱা উলিয়াই চৰ্দাৰণীয়ে কৈ উঠে,-
“চল মিঠালী, আকৌ এবাৰ ধূৰ্ত মহাজনে পৃথক কৰা প্ৰেমৰ নাও দুখন লগ লগাই দিওঁ।“

তৃতীয় দৃশ্যঃ (১)

(সামান্য ফ্লেছবেক) পৰ্দাত জিলিকি উঠে এটা ৰোমান্টিক গান। গাঁৱৰ খেতিৰ মাজে মাজে কাজল প্ৰিয়া আৰু ৰূপমৰ প্ৰেমৰ গীত। হাতত হাত থৈ মচগুল প্ৰেমীক যুগল। গানৰ শেষত দেখা গ’ল এজাক মানুহৰ হাতত বন্দী ৰূপম। কাজলৰ গগনফলা চিঞৰ, ককায়েক ৰক্তাভ আৰু ঘৰৰ পৰা কাজলৰ বিয়াৰ বাবে ঠিক কৰা ল’ৰা চাও খুনৰ উপস্থিতিত আঁজুৰি অনা হ’ল কাজলক প্ৰেমিক ৰূপমৰ পৰা।

তৃতীয় দৃশ্যঃ (২)

প্ৰকাণ্ড হাউলীটোত দেখা যায় মহাজন ৰিন্টুমনি ইফালৰ পৰা সিফালে খঙত ঘুৰি ফুৰিছে, ৰিন্টু মহাজনৰ পত্নীয়ে কিবা এটা ক’বলৈ বাৰে বাৰে চেষ্টা কৰিও মহাজনৰ তীব্ৰ চাৱনিত ভয়তে তাপ মাৰিছে।
ক্ৰেএএএএএছছছছ… গাড়ীৰ ব্ৰেকৰ শব্দ। ভনীয়েকক হাতত ধৰি চোচৰাই আনিছে ৰক্তাভে, পাছে পাছে গাড়ীৰ চাবি আঙুলিত ঘূৰাই ঘূৰাই চাও। দৌৰি গৈ মাকক সাৱতি কান্দোনত ভাগি পৰে কাজল, দেউতাকৰ হুংকাৰ,- “বন্ধ কৰি থ তাইক ৰূমত।“

ওপৰ মহলালৈ লৈ যায় মাকে কাজলক। লগে লগে দেখুওৱা হয় বাপেক, পুতেক আৰু চাওৰ গোপন আলোচনাৰ এটা দৃশ্য। ফুটি উঠে তিনিওৰে মুখত এক কুটিল হাঁহি।
দেখা যায় নিশাৰ দৃশ্য, ছাঁ-পোহৰৰ খেলাত ভাঁহি আহে আৰ্তচিৎকাৰ। শুনা যায় মহাজনৰ মাত,- ’ ’যা তাক দফনাই দে।’’

সেয়া ৰূপম, কাজলৰ প্ৰেমিক। সঘনাই পাৰ হয় কেবাটাও দৃশ্য। বিৰহী কাজল, নোহোৱা হোৱা ৰূপমৰ বিচাৰ, গোলাৱী গেঙত ৰূপম নোহোৱা হোৱাৰ বতৰা, মহাজনৰ চিৰশত্ৰু ৰপে গোলাৱী গেঙ আদি।

চতূৰ্থ দৃশ্যঃ (১)

কেমেৰা বেক টু গোলাৱী গেঙৰ আড্ডা। চৰ্দাৰণীয়ে বিচৰা মতে বান্ধি থোৱা মানুহ দুটাই সৈ কঢ়াৰ পিছত দুইটাকে পিঠিত ঠপৰিয়াই এৰি দিয়ে চৰ্দাৰণীয়ে! গম পোৱা নগ’ল কিহৰ বাবে এই দয়া।

চতূৰ্থ দৃশ্যঃ (২)

মহাজনৰ হাউলী। এইবাৰ কাজলৰ বিয়াৰ আয়োজনত ব্যস্ত দেখুওৱা হয় মহাজনৰ হাউলীটো। কাম কৰা মানুহবোৰ ইফালৰ পৰা সিফাললৈ হাতত কিছুমান বস্তু, ফুল, ফুলৰ মালা লৈ দৌৰা-দৌৰি কৰি থাকে। এটা ৰুমত বহি থকা দেখা যায় চাওৰ বাপেক প্ৰকাণ্ড পেটৰ বিজয় আৰু ৰিন্টুমনিক, সন্মুখত মদৰ গিলাচ লৈ দুয়ো আলোচনা কৰি আছে,-

ৰিন্টু মহাজনঃ “মোৰ একো চিন্তা নাই, মাত্ৰ এই গোলাৱী গেঙক লৈ চিন্তা। সিহঁত মোৰ পুৰণি দুচমন। আটাইতকৈ ডাঙৰ কথা এই অঞ্চলত যিমান প্ৰেম বিবাহ হৈছে চব এই গেঙটোৰ বদৌলতে হৈছে। প্ৰেমৰ নামত এই গেঙটোৱে কাকো কেয়াৰ নকৰে।“

বিজয় পেটুৱাঃ “আৰে, ম‌ই থাকোঁতে আপুনি কিয় চিন্তা কৰিছে। আখ্খা পুলিচ বাহিনী আছে মোৰ হাতত আৰু সেই ডি জি পি কুশল সি মোৰ সকলোবোৰ অন্ধকাৰ গলিৰ কাম-কাজৰ পাৰ্টনাৰ। তৌ আপুনি বিনদাচ থাকক, পুৰা পুলিচ ফৰ্চ পহৰাত থাকিব।“

লগে লগে “গলে লাগ যাও বিয়ৈ” বুলি দুয়ো আলিংগন কৰে।

হাউলীত বিয়াৰ আয়োজন দেখুৱাই দৃশ্য শেষ হয়।

পঞ্চম দৃশ্যঃ

গোলাৱী গেঙত খুবেই ব্যস্ততা দেখুওৱা হয়, চৰ্দাৰণীৰ হুকুমত সকলো হাথিয়াৰ, ঘোঁৰা, বিশেষ একচন বাহিনীৰ নিৰ্বাচিত গোলাৱী কেইজনীয়ে সকলোবোৰ ব্যৱস্থা সূচাৰুৰূপে কৰিছে। মিতালীৰ নেতৃত্বত তদাৰক হৈছে সকলো। কাৰণ ৰূপমৰ খবৰ পাইছে গোলাৱী গেঙে। ৰিন্টুমহাজনে দফনাবলে দিয়া ৰূপমক মহাজনৰ গুণ্ডা ভাস্কৰ আৰু হতশ্ৰীয়ে সৰুকালৰ বন্ধুত্বৰ খাতিৰত দফনাব নোৱাৰি এৰি আহিছিল এক গোপন স্থানত। সেই গোপন স্থানৰে খবৰ আচলতে সিহঁতে চৰ্দাৰণীক দিছিল যাৰ বাবেই চৰ্দাৰণীয়ে সিহঁতৰ পিঠিত ঠপৰিয়াই প্ৰাণে নামাৰি যাবলৈ দিছিল।

মিতালীৰ মুখেদি বাকী কামাণ্ডাৰ কেইগৰাকীক কাজল-ৰূপমৰ মিলনৰ অভিযানৰ বিষয়ে দেখুওৱা হয়।

মিঠালীঃ “অভিযানৰ সকলোবোৰ ভালকৈ বুজি লোৱা দেই! গোলাৱী গেঙৰ সকলোকে নিজৰ শক্তিৰে শক্তিবান হোৱাটো বিচাৰিছে চৰ্দাৰণীয়ে। নহ’লে তেওঁ অকলেই হাজাৰটাৰ বিপক্ষে যুঁজিব পাৰে। আৰু এটা কথা, গোলাৱী গেঙৰ কাৰো যাতে হানি-বিঘিনি নহয় সেইটো বিশেষভাৱে চকু ৰাখিবা। নহ’লে চৰ্দাৰণীয়ে বিপক্ষৰ মাজত তেজৰ নৈ বোৱাই দিব। আমি গোলাৱী গেঙত কাৰোৰেই মৃত্যু কামনা নকৰোঁ। আমি সকলোকে জীয়াই থাকিবলৈ, সন্মানেৰে জীয়াই থাকিবলৈ উত্সাহ যোগাওঁ, সেইটো মনত ৰাখিবা।“

কমাণ্ডাৰ সকলৰ এগৰাকী ধৰিত্ৰীয়ে কৈ উঠিল,-

“চিন্তা নকৰিবা। আমি সকলোফালে চকু ৰাখিম। চৰ্দাৰণীয়ে অতবছৰে এনেয়ে আমাক স্বয়ংসম্পূৰ্ণ কৰি তোলা নাই।“

মিঠালীঃ “ধৰিত্ৰী, তুমি ঠিকেই কৈছা। সকলো হেৰুৱাই নিস্ব হৈ শূণ্যৰ পৰা আৰম্ভ কৰি আজিৰ শক্তিশালী গোলাৱী গেঙৰ গঠন কৰা চৰ্দাৰণীয়ে আমাক সকলোকে শক্তিশালী কৰি তুলিছে। নাৰীৰ কিমান শক্তি আছে সেইয়া দেখুৱাই দিছে।“ অলপ ৰৈ..পুনৰ ক’লে,-

“এতিয়া গোলাৱী গেঙৰ অভিযান হ’ল বিয়াৰ দিনা কাজলক মহাজনৰ ঘৰৰ পৰা উঠাই আনি ৰূপমৰ লগত বিয়া পাতি দিয়া। এনেধৰণৰ কাম গোলাৱী গেঙে সদায়েই কৰি আহিছে। মদাহী সন্থাক ঠিকানা লগোৱা, নিশা হ’লেই হুদুৰ ৰূপ লোৱা মখাক চিজিল কৰাৰ লগতে প্ৰেমৰ ৰক্ষক হিচাপে বিশেষ ভাৱে কাম কৰি আহিছো গোলাৱী গেঙে। আইনৰ বাহিৰত কাম কৰিলেও যুৱক-যুৱতীৰ নয়নৰ মণি আমাৰ এই গোলাৱী গেং।“

সকলোৰে উত্তেজিত মুখ দেখুৱাই কেমেৰাই এইবাৰ চৰ্দাৰণীক দেখুৱায়…..

শান্ত হৈ বহি আছে চৰ্দাৰণী “বাইটী”। সকলোৱে জানে এম্বুশ্বৰ আগে আগে এই শান্ত ৰূপ বাইটীৰ এম্বুশ্বত হৈ পৰে আঁহত বাঘিনীৰ দৰে।

ষষ্ঠ দৃশ্যঃ (১)

দৃশ্যপট আকৌ সলনি হয়। দেখা যায় আশ্ৰম সদৃশ এখন ঘৰ, চৌপাশে মাথোঁ সেউজীয়া আৰু সেউজীয়া। প্ৰকৃতিয়ে যেন প্ৰাণঢালি সিঁচি দিছে সেউজীয়াবোৰ, দেখা গ’ল এজন ব্যক্তি কেমেৰালৈ পিঠি দি বাহিৰতে চকীত বহি একান্ত মনেৰে লেপটপত কাম কৰি আছে।

এইবাৰ কেমেৰা ঘুৰি ঘৰৰ ভিতৰত দেখুৱায়… বিছনাত পৰি আছে ৰূপম, কাষত থিয় হৈ আছে দুজন ল’ৰা। হঠাৎ শুনিবলৈ পোৱা যায় ঘোঁৰাৰ খটলক খটলক শব্দ। থিয় হৈ থকা ল’ৰা দুজনৰ সহায় লৈ লাহে লাহে ৰুমটোৰ পৰা ওলাই আহিল ৰূপম, ইতিমধ্যে ঘোঁৰাত উঠি অহা আগন্তুকে ঘোঁৰা ৰখাই নামি আহে। আগন্তুকক দেখি ৰূপমে চিঞৰি উঠে,-

“মিতালী ত‌ই???”

সাৱতি ধৰিলে ইটোৱে সিটোক। তৰিৎ গতিত আলোচনা হ’ল মিতালী আৰু ৰূপমৰ। ৰূপম আৰু মিতালী আগবাঢ়ি গ’ল লেপটপত ব্যস্ত আগন্তুকৰ কাষলে…. কিন্তু ব্যক্তিজনক সম্পূৰ্ণকৈ এতিয়াও দেখুওৱা নহয়। কেৱল অফভ‌ইচত দেখা গ’ল ব্যক্তিজনে এবাৰ ঠিয় হৈ হঠাৎ আকৌ বহি পৰিছে।
ৰপমক লৈ মিতালী উভতি গ’ল…

ষষ্ঠ দৃশ্যঃ (২)

কেমেৰাৰ ফ’কাচত দেখা যায় ব্যক্তিজনৰ দৃষ্টি নিবদ্ধ লেপটপত দেখুওৱা এগৰাকী নাৰীৰ ছবিৰ ওপৰত…

(ফ্লেছবেক আৰম্ভ হয়)

ব্যক্তিজনৰ ইমাজিনেচনত লাহে লাহে তাৰ পৰা ওলাই আহিল সেই নাৰী মূৰ্তি… দুয়োহাত প্ৰসাৰিত কৰিলে ব্যক্তিজনলৈ… আৰম্ভ হ’ল এটি ৰোমাণ্টিক গীতৰ….. “প্যাৰ কভী কম নেহী কৰণা ক‌ই চিতম কৰলেনা..।“
গান শেষ হয়… সাগৰৰ পাৰৰ দৃশ্য…ব্যক্তিজনৰ কান্ধত মুৰ থৈ নাৰীমুৰ্তি.. ব্যক্তিজনে এহাতেৰে সাৱতি ধৰি থকা দেখুওৱা হয়..

ষষ্ঠ দৃশ্যঃ (২)

ৰিন্টুমনি মহাজনে অট্টহাস্য কৰি এটি নাৰীমুৰ্তিক হাতত ধৰি টানি থকা দেখুওৱা হয়। সন্মুখত সেই অভাগা নাৰীৰ মাক দেউতাক, একো কৰিব নোৱাৰি বিৱশ হৈ পৰা অৱস্থাত। এহাতত সেন্দুৰৰ টেমা লৈ আগবঢ়াই দিছে বন্ধু বিজয়ে। হাতত সেন্দুৰ লৈ নাৰীগৰাকীৰ শিৰত দিবলৈ ধৰি প্ৰচণ্ড টনা আঁজোৰা। হাতত উদ্যত ৰিভলভাৰ লৈ ৰিন্টুমনি.. টনা আঁজোৰাত গুলিৰ শব্দ.. চিৎকাৰ । হঠাৎ ধৰি থকা হাতখনত কামোৰ মাৰি নাৰীমুৰ্তিৰ দৌৰ আৰু দৌৰ….।

হাঁহি হাঁহি সোমায় অহা এজন আগন্তক জড় হৈ ৰৈ যায়। দুটা মৃতদেহ হৈ নাৰীমূৰ্তিৰ মাক-দেউতাক পৰি ৰ’ল হাউলীৰ মজিয়াত…। কোনেও গম নাপালে আচলতে কি হ’ল!

(ফ্লেছবেক শেষ)

সপ্তম দৃশ্যঃ (১)

বৰ্তমানৰ কাজলৰ পিতৃ ৰিন্টু মহাজনৰ ঘৰত বিয়াৰ পৰিবেশ… কান্দোনত ভাগি পৰি থকা কাজল, বিমুঢ় ৰূপত মাক।

নিশাৰ দৃশ্যঃ দৰা অহাৰ সময়… বেণ্ড-পাৰ্টি, মিউজিকেৰে গোটেইখন উখল মাখল। ছদ্মবেশেৰে কঠোৰ চিকিউৰিটি পাৰ হৈ প্ৰৱেশ কৰে হাউলীত গোলাৱী গেঙৰ একচন গেং। কাপোৰৰ তলত লুকুৱাই আনিছে মাৰণাস্ত্ৰ। প্ৰৱেশ কৰিলে মিতালী, ধৰিত্ৰী নসহিতে বহুকেইজনী গোলাৱী গেঙৰ কমাণ্ডাৰ। কাজলে চিঞৰিব ল‌ওঁতেই মুখত সোপাদি কৈ যায় তেওঁলোকৰ উদ্দেশ্য। লগে লগে হাঁহিৰে উজ্জ্বলি পৰে কাজলৰ মুখ, হাতত ধৰি উলিয়াই আনে কাজলক দুৱাৰৰ ওচৰত ইতিমধ্যে ৰৈ থকা চৰ্দাৰণীয়ে। এহাতেৰে কাজলক ধৰি আনখন হাতত উদ্যত ৰিভলভাৰ লৈ দপদপাই নামি আহে তললৈ। পিছে পিছে বাকী গেং। আগছি ধৰে ৰিন্টুমনিৰ গুণ্ডাবাহিনীয়ে। আৰম্ভ হয় প্ৰচণ্ড ফাইট। এহাতেৰে কাজলক ধৰি থাকিয়ে এটা এটা কিকেৰে পেলাই যায় একোটাক। ইতিমধ্যে ছদ্মবেশত হাউলীত সোমাই থকা গোলাৱী গেঙৰ সাহসী গোলাৱীহঁতো জপিয়াই পৰে মহাজনৰ গুণ্ডাবাহিনীৰ ওপৰত। চৰ্দাৰণীক আগচি ধৰে উদ্যত ৰিভলভাৰ লৈ ৰিন্টু মহাজনে। সন্মুখত পুৰণি দুচমনক দেখি চৰ্ডাৰণীয়ে গুচাই দিয়ে মুখৰ কলা কাপোৰ, উচপ খাই উঠে মহাজন।

চৰ্দাৰণীঃ “চিনি পাইছ নৰাধম, ময়ে সেই জনী যাক ত‌ই পাবলৈ শেষ কৰি দিলি মোৰ সমস্ত পৰিয়াল । মোৰ প্ৰেম, মোৰ ভালপোৱা হেৰুৱালো তোৰ বাবেই! গোলাৱী গেং বনালোঁ তোৰ বাবে। আজি তোৰ জীয়েৰক তোৰ চকুৰ আগতে তাইৰ প্ৰেমাস্পদৰ হাতত তুলি দি পূৰণ কৰিম মোৰ ক্ষোভ।“
হতচকীত মহাজনে থৰ হৈ ৰৈ থাকিল।

সপ্তম দৃশ্যঃ (২)

এইবোৰৰ মাজতে বাহিৰত উপস্থিত হৈছিল দৰাৰ সাজত পুতেক চাওক লৈ বিজয়। তাৰ বাহিৰেও আহিছিল আন এজন বিশেষ ব্যক্তি, ৰূপম আৰু গোলাৱী গেঙৰ আন দুজনী মানৰ লগত। সোমাই আহি আটাইবোৰ একেখন চাদৰ তলত। ওপৰলৈ এজাঁই গুলি ফুটাই চৰ্দাৰণীয়ে চিঞৰিলে,-

“খবৰদাৰ কোনো আগনাবাঢ়িবি! নহ’লে শেষ কৰি দিম তোৰ পুতেৰক।“

দেখা গ’ল ৰক্তাভৰ মুৰত বন্দুক লগাই পুৰ্বী আৰু তৃপ্তী।

আগবাঢ়ি গ’ল চৰ্দাৰণী, কিন্তু বিজয়ে কাৰো চকুত নপৰাকৈ কোন তলকত চাইড হৈছিল কোনেও ধৰিব নোৱাৰিলে। চৰ্দাৰণীয়ে, ৰূপমৰ লগত অহা সেই ব্যক্তিজনক দেখি এপলকৰ বাবে তেওঁৰ চকুত চকু পৰি বিহ্বল হৈ পৰোঁতেই বিজয়ে সুবিধা ল’লে সেই পল সময়ৰ। চিকিউৰিটিৰ পৰা কাঢ়ি লোৱা বন্দুক পোনালে বিজয়ে আগন্তুকৰ ফালে, লগে লগে চৰ্দাৰণীৰ চকু পৰিল বিজয়ৰ ওপৰত….

“অৰ্জুউউউউন”- বুলি চিঞৰ মাৰি দৌৰ গৈ থেলা মাৰি দিলে আগন্তকক। মাটিত পৰি গ’ল আগন্তুক। চৰ্দাৰণীৰ বুকুৰ একাষেদি পাৰ হৈ গ’ল বিজয়ে মৰা বন্দুকৰ গুলিটো। ব্যক্তি, মানে অৰ্জুনে ’উত্তু’ বুলি চিঞৰি উঠি সাৱতি ধৰিলে গুলিবিদ্ধ চৰ্দাৰণীক। হতভম্ব হৈ পৰিল সকলো। দৌৰি আহিল গোলাৱী গেং। ’বাইটী ’- বুলি চিঞৰী ভাগি পৰিল গোটেই গেং। অৰ্জুনৰ কোলাত শুই থকা সিহঁতৰ বাইটীয়ে সেহাই সেহাই ক’লে,-

“মিঠালি, আজিৰ পৰা গেঙৰ দায়িত্ব তোৰ। আগৰ দৰেই চলি থাকিব গেং, নহলে জুমদাৰৰ দৰে নাৰী বিদ্বেষীয়ে ছানি ধৰিব। আৰু ত‌ই সদায় সোধ নহয়, ম‌ই দিনটোৰ এবাৰ কিছুসময়ৰ বাবে কিয় নোহোৱা হৈ যাওঁ? এই অৰ্জুনৰ বাবে কান্দিবলৈ যাওঁ। মোৰ ভালপোৱা আছিল কিন্তু … “

বিহ্বল হৈ অৰ্জুনে চিঞৰি উঠিল,-“কোনোবাই ডাক্তৰ মাতা, এম্বুলেন্স মাতা….”

চৰ্দাৰণীলৈ চাই….

“ম‌ই তোমাক একো হ’বলৈ নিদিওঁ উত্তু, তোমাক ম‌ই বিচাৰি ফুৰিছিলোঁ”

ম্লান হাঁহি এটাৰে চৰ্দাৰণীয়ে অৰ্জুনৰ মুখত হাত ফুৰাই কিবা ক’ব খুজিলে যদিও অচেতন হৈ পৰিল। ইতিমধ্যে মিতালীৰ নিৰ্দেশত গোলাৱী গেঙৰ দুজনীমানে এম্বুলেন্স মাতি লৈ আনিছিল।

অৰ্জুনে চৰ্দাৰণীৰ তেজেৰে ৰাঙলী হোৱা অচেতন দেহাটো দাঙি লৈ দৌৰি দৌৰি এম্বুলেন্সত উঠিলেগৈ। এম্বুলেন্সৰ চাইৰেণৰ মাত জোৰ জোৰকৈ বাজি লাহে লাহে কমি যায়…লাহে লাহে আকৌ চাইৰেণৰ শব্দ শুনা দেখা যায়। চাইৰেণৰ শব্দ কৰি পুলিচৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱা দেখুওৱা হয়।

কেমেৰা আকৌ এম্বুলেন্সৰ ভিতৰত দেখুওৱা হয়। অক্সিজেনৰ মাস্ক লৈ জোৰে জোৰে উশাহ লৈ থকা দেখা যায় চৰ্দাৰণীক। চৰ্দাৰণীৰ হাতখনত ধৰি অৰ্জুনে বাৰে বাৰে কৈ থাকে,-

“উত্তু, তোমাৰ একো নহয়। চিন্তা নকৰিবা। মই যে তোমাকেই বিচাৰি ফুৰিছিলোঁ। আজিও মই তোমাৰ বাবেই ৰৈ আছোঁ।“

বেকগ্ৰাউণ্ডত পুনৰ বাজি উঠিল সেই গীত “প্যাৰ কভী কম নেহী কৰণা…..”

অন্তিম দৃশ্যঃ

দেখা গ’ল পুলিচে বিজয়ক গ্ৰেপ্তাৰ কৰি হাতত হাথকৰী লগাই লৈ গৈ আছে, মূৰে কপালে হাত দি মাটিতে বহি আছে ৰিন্টু মহাজন… হাতত হাত থৈ কাজল আৰু ৰূপমক মাকৰ কাষত দেখা যায়।

আঁতৰৰ পৰা চাই থকা চাওৰ বেদনাক্লিষ্ট মুখ…..

কেমেৰা পুনৰ হস্পিতেলৰ আইচিইউত…. ৰুমৰ দুৱাৰত থকা সৰু গ্লাছখনেদি অৰ্জুনে চাই থাকে। শৈশৱৰ লগৰী, কৈশোৰ-যৌৱনৰ প্ৰেমিকা উত্তুক আইচিইউত মৃত্যুৰ লগত যুঁজি থকা চাই থাকোঁতে অৰ্জুনৰ চকুৰ পৰা লোতক নিগৰি থাকে। চকুৰ পানী মচি মচি অৰ্জুনে দুৱাৰখনৰ পৰা আঁতৰি আহে….

কেমেৰা নিবদ্ধ হস্পিতেলৰ একোণত থকা ভগৱানৰ ফটোখনৰ আগত…কেমেৰা লাহে লাহে জ্বলী থকা চাকিগছিত নিবদ্ধ হয়… সন্মুখত মাটিত বহি অৰ্জুনে ভগৱানক প্ৰাৰ্থনা কৰি থকা দেখা যায়…সেৱা কৰি উঠি আহিব খোজোঁতে মিতালীয়ে অৰ্জুনৰ হাতত উত্তুৰ ডায়েৰী এখন আনি দিয়েহি…

অৰ্জুনে ডায়েৰীখন মেলি লয়, চৰ্দাৰণীৰ ডায়েৰী…. ডায়েৰীৰ পাত লুটিয়াই গৈ থাকি এঠাইত থমকি ৰয়। কেমেৰা ক্ল’জ আপলৈ আহে… ডায়েৰীৰ এখিলা পাতত দেখা যায় অৰ্জুনৰ এখন ফটো… তলত লিখা আছিল, বাট চাই আছোঁ তোমালৈ……।

কেমেৰা তাতেই স্থিৰ হৈ যায়।

ট্ৰিৰিৰিৰিং বাজি উঠে সমাপ্তিৰ বেল। নেম কাষ্টিং আৰম্ভ হয়।

কাহিনী, চিত্ৰনাট্য, পৰিকল্পনা, পৰিচালনা তথা মুখ্য ভূমিকাতঃ উত্তৰা শৰ্মা বৰুৱা….
অন্যান্য অভিনয় শিল্পী, কাৰিকৰী কলা-কুশলী, সম্পাদনা, ফাইটিং, সংগীত ইত্যাদিৰ লগত জড়িতসকলৰ নেম কাষ্টিঙেৰে শেষ হয়। বেকগ্ৰাউণ্ডত বাজি থাকে “প্যাৰ কভী কম নেহী কৰণা….।“

(সমাপ্ত)

☆★☆★☆

3 Comments

  • গীতিকা শইকীয়া

    সুন্দৰ কাহিনী, তাতোকৈ সুন্দৰকৈ সজোৱা হৈছে। পঢ়ি ভাল লাগিল।

    Reply
  • সদানন্দ ভূঞা

    অত্যন্ত সুন্দৰ কাহিনী । বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.