ফটাঢোল

গৌৰৱৰ ৰত্নেদা – বি এন ৰূপম

আন্তৰ্জাতিক লুডু প্ৰতিযোগিতাত ৰত্নে বৈশ্যই চেম্পিয়ন হোৱাত দেশৰ বাতৰিত ৰত্নেদাৰ নাম ৰত্ন হৈ জিলিকিল৷ সকলোৱে ক’লে “দেশৰ গৌৰৱ ৰত্নেদা৷” ‘দেশৰ গৌৰৱ’ বুলি কোৱাৰ লগে লগে অসমৰ পৰা ক’লে “অসম গৌৰৱ ৰত্নে” —অসমৰহে গৌৰৱ যদি দেশে গৌৰৱ কৰিব এৰিলে৷

অসমৰ গৌৰৱ বুলি কোৱাৰ লগে লগে ৰত্নেদাৰ জন্ম জিলাৰখিনিয়ে ক’বলৈ ধৰিলে: “আমাৰ জিলাৰ গৌৰৱ ৰত্নেদা”—–হাঁ তহঁতৰ জিলাৰহে গৌৰৱ যদি তহঁতেই গৌৰৱ কৰ৷

আমাৰ সমষ্টিৰ বিধায়কক মন্ত্ৰীৰ পদ নিদিলে তাৰপিছত আকৌ আমাৰ সমষ্টিৰ ৰত্নেদাক জিলাৰ গৌৰৱ বুলি কৈ বাহাদুৰী মাৰিব দিম? ৰহ একো জিলাৰ গৌৰৱ নহয়৷ “আমাৰ সমষ্টিৰ গৌৰৱ ৰত্নেদা”৷

এ সমষ্টিৰ গৌৰৱ বুলি কৈ কি লাভ! ৰত্নে বৈশ্য আমাৰ দলৰ মানুহ৷ “ভাৰতীয় খাৰ-চাবোন দলৰ অমুক ব্লকৰ গৌৰৱ ৰত্নে বৈশ্য”৷

এ এইটো আৰু কথা হ’ল নে আমাৰ গাঁৱৰ ল’ৰা ৰত্নে তাক আৰু ৰাজনৈতিক দলৰ গৌৰৱ বুলি গৌৰৱ কৰিবলৈ দিম নে! “ৰত্নে আমাৰ গাঁৱৰ গৌৰৱ৷”

এতিয়াহে গাঁৱৰ গৌৰৱ বুলি ক’ব আহিছে! ইমান দিনে এই বৈশ্য চুপাক গোটেই গাঁওখনে অৱহেলা কৰি আহিছে এতিয়া ৰত্নে গাঁৱৰ গৌৰৱ ক’ব দিম৷ “ৰত্নে বৈশ্য, বৈশ্যচুপাৰ গৌৰৱ”৷

ইইই…… চুপাৰ গৌৰৱ৷ সেই শংকৰী কেইঘৰে একে চুপাৰ হৈ আমাৰ বামুণীয়া কেইঘৰৰ কাজত ভাত খাব নাহে এতিয়া চুপাৰ গৌৰৱ ক’ব আহে চোৱা৷ “বৈশ্য চুপাৰ বামুণীয়াৰ গৌৰৱ ৰত্নে”৷

হাঃ হাঃ আমাৰ ভাগিৰহে ৰত্নে৷ “আমাৰ ভাগিৰ গৌৰৱ”৷

ইহ বেটা আজি ভাগিৰ হ’লোঁ! চতিনৰ ল’ৰাৰ বিয়াৰ জোৰণত নিনিলে আমাক! “আমাৰ ঘৰৰ গৌৰৱ ৰত্নে”৷

ঘৰৰ গৌৰৱ! বেলেগ হোৱাৰ দিনা ৰত্নেৰ নামত মাটি অলপ এৰি নিদিলে এতিয়া ঘৰৰ গৌৰৱ হ’ল৷ “ৰত্নে দিনেশ বদ্দেকাৰ গৌৰৱ”৷

ইয়াৰ পিছত দিনেশ বদ্দেকাৰ ঘৈণী মানে ৰত্নেদাৰ মাকে ৰত্নে বৈশ্যক ড্ৰয়িং ৰুমৰ শ্বোকেছত ভৰাই পুৱা-গধূলি এবাৰকৈ গৌৰৱ কৰিবলৈ ধৰিলে৷

☆★☆★☆

3 Comments

  • হেমন্ত কাকতি

    মজা ৰুপম৷

    Reply
  • প্ৰীতম

    মজ্জা মজ্জা ।
    তুমি পাছে আমাৰ সৌৰজগতৰ গৌৰৱ ।

    Reply
  • জয়ন্ত দাস

    মজা

    Reply

Leave a Reply

Your email address will not be published.