ফটাঢোল

গৌৰৱ – তৃষ্ণা সোণোৱাল

লখেশ্বৰ বুঢ়া অৱশেষত গ’ল, গ’ল মানে একেবাৰে ওপৰলৈকে গ’ল। এসপ্তাহ ধৰি দিনে ৰাতিয়ে পৰ দিয়া ডেকাবোৰেও স্বস্তিৰ নিশ্বাস পেলালে, হওক তেওঁ বুঢ়াৰ নামত খৰচ কৰা সময়খিনি যে অথলে নগ’ল।

বুঢ়াৰ পুতেকহঁতো খুশ, বুঢ়া বাছি যোৱা হ’লে পৰ ৰখীয়াকেইটাৰ নামত খৰচ কৰা বটলৰ দাম এনেই যোৱা যেনেই লাগিলহেঁতেন।

: বুজিছে শৰ্মা, চাৰিহাজাৰ টকাৰ মাল খুৱাইছোঁ দীপুহঁতক। বৰুৱাই মাকৰ সময়ত বোলে দুহেজাৰ টকাও খৰচ কৰা নাই।

পিতৃৰ মৃত্যুৰ খবৰ কৰিবলৈ অহা বন্ধুৰ আগত বৰপুত্ৰ অভয় শইকীয়াই গৌৰৱেৰে কৈ উঠিল।

: হয় দিয়ক শইকীয়া। যোৱাজন গ’ল, এতিয়া জীয়াই থকাবোৰক সন্তুষ্ট কৰিলেহে আপোনাৰ পিতৃৰ আত্মাই শান্তি পাব। তাতে আপোনালোকৰ পৰিয়ালৰ ষ্টেটাছেই বেলেগ।

শৰ্মাই জানে, শইকীয়াক অলপ তেল মাৰিলেই তেওঁৰ ভাগতো কিবা এটা আহিবই।

: হাঃ হাঃ হাঃ! আহিব ৰাতিলৈ। বৰতীয়া সাঁজটো আমাৰ ঘৰতে খাই যাবহি, কেনেকৈনো খাইছোঁ এবাৰ চাবহিচোন।

গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত মহৰীবাবু লখেশ্বৰ শইকীয়াৰ আজি তৃতীয়া। পাঁচহাল পুত্ৰ বোৱাৰী, চাৰি জী-জোঁৱাই আৰু দুই ডজন নাতি পুতিৰে খদমদম লগা ঘৰখনত মৃতকৰ খবৰ কৰিব অহা মানুহৰো বিৰ দি বাট নোপোৱা অৱস্থা। জীৱিত অৱস্থাত পুতেক জীয়েকহঁতক একেলগে চাবলৈ হামৰাও কাঢ়ি থকা লখেশ্বৰ শইকীয়াৰ যোৱা থোৱা অৱস্থাৰ কথা শুনিয়েই বৰপুত্ৰ দৌৰি আহিছিল। ফোনাফোনি, খবৰ বাতৰি দিয়া হোৱাৰ পাছত এটা এটাকৈ আটাইবোৰ গোট খালেহি। মানুহৰ শেষ সময়ত বোলে আশা পূৰণ কৰাহে পুত্ৰৰ ধৰ্ম। আশানো কি? খাবলৈকেহে মানুহ জীয়াই থাকে, কাম কৰে, ধন আৰ্জে। খোৱাটোৱেই আশা, পুতেকহঁতেও তাকেই বুজিলে। সেয়ে পিতৃৰ ভালৰ দিনত যিমানবোৰ প্ৰিয় খাদ্য আছিল, আটাইয়ে মুখত দি পূণ্য অৰ্জন কৰিবলৈ হেতা ওপৰা লগালে।
খাদ্যনলীৰ কেন্সাৰত ভূগা লখেশ্বৰ শইকীয়াই জীৱনৰ শেষ সময়ছোৱাত প্ৰিয় হওক বা অপ্ৰিয় যি খাদ্য পেটত নিবলৈ অপাৰগ হৈছিল, মৃত্যুৰ সময়ত সেই খাদ্যৰে সীমাহীন মেলা। ভগৱানৰ যে কি অপাৰ লীলা!

: দেউতাই মোৰ হাতৰ বেচনৰ লাড়ু বৰ ভাল পাইছিল বুজিছেনে? সেইদিনা লাড়ুৰ সোৱাদ পাইহে চকু মুদিছে, বৰ আশাত আছিল জানে!

আলহীৰ আগত মাজু বৌৱেক কাঞ্চনীৰ কথাত সৰু জীয়েক মাধুৰীয়ে মুখ বেঁকা কৰে।

: ইস নবৌ, দেউতাই লাড়ু খোৱাৰ পাছত দেখোন মই ৰন্ধা মাটিদাইলৰ জোলখন খাইছিল।

: এ’ হয় নেকি? যিয়েই হওক দেউতাৰ মুখত যে কিবা এটা দিব পাৰিলোঁ সেইটোতেই শান্তি।

কাঞ্চনীয়ে ননদেৱেকৰ কাট মৰা কথাত যথেষ্ট লাজ পালে। খবৰ কৰিবলৈ অহা আলহীৰ হাতে হাতে বৃহৎ একোটা মোনা। হাতত গাখীৰ, বিস্কুট, ফলমূল, চেনি, বুটৰ টোপোলা আৰু মুখত বিষাদৰ ছাঁ লৈ আলহী আহিছে আৰু গৈছে। সৰু মাজু পুত্ৰ অজিতৰ নিৰ্দেশ-কোনো আলহীয়ে যাতে শুদা মুখে উভতিব নোৱাৰে, খৰচ যিয়েই নহওক তেওঁ কৰিব। বৰতীয়া আলহীক সোধপোচ কৰি সৰু বোৱাৰীয়েক আইজনীৰ খং,

: কি মানুহ অ’ এইঘৰ, খবৰ কৰিবলৈ অহা আলহীকনো লুচি পুৰি মিঠাই খোৱাই নে? খাবলৈ অহা নাই নহয় কিবা তেওঁবিলাকে।

: আমাৰ ঘৰত এয়াই নিয়ম আইজনী। তোমালোকৰ গাঁৱৰ দৰে সকলোতে হ’লেতো আৰু নহ’ব ।

মাধুৰীয়ে ইতিমধ্যে ব্ৰতত উঠা বিস্কুটৰ পেকেটবোৰ বস্তা কেইটামানত বান্ধি পেলাইছে, বোলে ইয়াত বিস্কুটবোৰ পঁচি শেষ হ’ব। এনেয়ে পেলোৱাতকৈ লৈ যোৱাই ভাল। ওচৰৰ ল’ৰা ছোৱালীবোৰকে বিলাই দিব। আইজনীৰ ডাঙৰ জাকৰ মতে আকৌ কথাটো বেলেগ, মাধুৰীৰ গিৰিয়েকৰ গেলামালৰ দোকান আছে। ফ্ৰীতে পোৱা মাল বিক্ৰী কৰিলে দুপইচা এনেই আহিব, গতিকে তাইতো টোপোলা বান্ধি নিবই।

আইজনীয়ে ধোঁৱা-কোঁৱা দেখিলে, এইখন ঘৰলৈ তাই বিয়া হৈ অহা তিনিবছৰ হৈছে। বিয়াতে চকামকাকৈ লগপোৱা মানুহবোৰক এইবাৰহে তাই ভালকৈ লগ পাইছে। আইজনীৰ গিৰিয়েক বিপ্লৱ বাকীকেইজনতকৈ ভালেমান সৰু, সাধাৰণ ষ্টেচনাৰী দোকান এখনৰে চলি থকা সৰল আৰু সুখী মানুহ সি।
উকিল, ইঞ্জিনিয়াৰ, ফৰেষ্ট অফিচাৰ আৰু ঠিকাদাৰ ককায়েকহঁতৰ তুলনাত তেনেই সামান্য উপাৰ্জন তাৰ।
দেউতাকক বচাবলৈ বৰ কষ্ট কৰিছিল আইজনীৰ গিৰিয়েকে, শেষ সময়তো তাৰ কোলাত মূৰ দিয়েই দেউতাকে চকু মুদিছিল। মৰাৰ আগলৈকে অকলশৰেই বহুতখিনি কষ্ট কৰিছিল বিপ্লৱে, এতিয়া পাছৰখিনি যিয়েই নকৰক ককায়েকহঁতকে এৰি দিলে সি।

আইজনীৰ সহ্য নহয় মানুহবোৰৰ কথা কাণ্ডবোৰ, তাই উচপিচাই থাকে বিপ্লৱৰ ওচৰত।

: শুনিছানে, ডাঙৰদাই বৰতীয়া ভাত খাবলৈ ইমানবোৰ আলহী মাতিছে চোৱাচোন। মই ইফালেই চামনে সিফালেই চাম। বাইদেউহঁতে দেখোন পাকঘৰৰ ওচৰেই নাচাপে। বাইদেউহঁতে দেখোন নিজৰ নিজৰ ঘৰলৈ সব বস্তুৰ টোপোলা বান্ধি লৈছে। আলহীকে খাবলৈ উলিয়াই দিওঁ তাতো তেওঁলোকৰ বাধা, কি কৰোঁ হয়নে? মই নোৱাৰিছোঁ বুজিছা, গোটেইবোৰৰে অকল ইটো খাওঁ সিটো খাওঁ। কৰাৰ সময়ত কোনো নাই খাবৰ সময়ত হ’লে সব হাজিৰ।

আইজনীয়ে জানে প্ৰতিটো ওজৰৰ বিপ্লৱৰ ওচৰত এটাই উত্তৰ,

: হ’ব দিয়া কিমান দিননো থাকিব সিহঁত। যি কৰে কৰক তুমি একো নক’বা।

আইজনীয়েও বুজে কথাটো, তথাপিও! তাই ভোৰভোৰাই আপোনমনে প্ৰত্যেকৰে আব্দাৰবোৰ পূৰ কৰি যায়।

পঞ্চম দিনা ৰাতিলৈ ঘৰখনত এখন মেল বহিল, বিষয়: আদ্যশ্ৰাদ্ধৰ নিমন্ত্ৰণ পত্ৰৰ আলোচনা।

: মোৰ মতে কাৰ্ডখন বগাত সোণালী ৰং হ’লে ভাল। আখৰবোৰো উজ্জ্বল হয় আৰু দেখিবলৈও পবিত্ৰ পবিত্ৰ লাগে। সৰু খুৰাৰ বিয়াৰ কাৰ্ডখন যে কি তেল বনিছিল, ৰঙা বেকগ্ৰাউণ্ডত নীলা আখৰনো দিয়ে নে কোনোবাই।

ডাঙৰ নাতিনী লিপ্সাৰ কথাত আটাইয়ে সমৰ্থন জনালে, তাই প্ৰেছৰ পৰা কাৰ্ডৰ চেম্পল কেইবাটাও লৈ আনিছে।

: লাগিলে যি ৰঙেই দিয়ক মুঠতে চকুত লগা কাৰ্ড এখন হ’ব লাগে। দহে কওক অমুকৰ দেউতাকৰ আদ্যশ্ৰাদ্ধৰ কাৰ্ডখনেই ইমান দামী।

দহে এইটোও কয় যে লখেশ্বৰ শইকীয়াৰ ইঞ্জিনিয়াৰ বৰপুত্ৰৰ লেভেল সদায় ওপৰত, নাও বুৰিলেও টিঙৰ পৰা ননমা লেভেল ।

: মোৰ এজন কবি বন্ধু আছে, শ্ৰদ্ধাঞ্জলি আৰু নিমন্ত্ৰণৰ কথাখিনি সিয়েই লিখি দিব। পাছত ভাল চাই দাম এটা দি দিলেই হ’ল।

লখেশ্বৰ শইকীয়াৰ দ্বিতীয় পুত্ৰ এডভোকেট অজিত শইকীয়াৰ নিজে লিখা মেলা নকৰিলেও সাহিত্য চৰ্চা কৰা লোকৰ লগত উঠা বহা আছে। লেখত ল’বলগীয়া শিল্পী সাহিত্যিকৰে সৈতে তেওঁৰ ভাল চিনাকি।

: ককাইদেউ আৰু এটা কাম কৰিলে কেনে হয়? বিনয়াবনত পৰিয়ালৰ সদস্যবোৰৰ নামৰ লগতে আমাৰ সকলোৰে প্ৰফেচনটোও ইনক্লুড কৰি দিব লাগে। আফটাৰ অল উই আৰ এ হাই এডিউকেটেড ফেমিলী।

অজয় শইকীয়াইও নিজৰ মতামত প্ৰকাশ কৰিলে, অভয় শইকীয়াৰ ভায়েক বুলি এইখিনিতে চিনাকি এইজনাৰ। মই বৰ ভাৱ এটা অনবৰতে মুখত বিৰাজমান হৈয়ে থাকে অজয় শইকীয়াৰ।

: বঢ়িয়া বঢ়িয়া, কাৰ্ডৰ এটা কপি নিউজ পেপাৰলৈ পঠিয়াম মই। দেউতাৰ নাম এবাৰ পেপাৰত উলিওৱাটো তেওঁৰ ডাঙৰ আশা আছিল।

: বাঃ মামা, আমাৰ নামো পেপাৰত উঠিব নে?

নাতিসকলে কথাটোত যথেষ্ট আনন্দিত হ’ল।

: নিশ্চয়, পৰিয়ালৰ আটাইবোৰ সদস্যৰে নাম উঠিব।

: আপোনালোকৰ কথা বাৰু বেলেগ পিচে সৰুৰ প্ৰফেচনটো কি বুলি দিব?

নিমন্ত্ৰণী পত্ৰখনক লৈ মাধুৰীৰ যেন বিৰাট চিন্তা।

: তাৰ নাম শেষতহে থাকিব, বিপ্লৱ শইকীয়া ব্ৰেকেটত সৰু বুলি দি দিলেই হ’ব দে।

আইজনী আৰু বিপ্লৱে একো নামাতিলে। এপাকত অতিষ্ঠ হৈ আইজনী উঠি আহিল শাহুৱেকৰ ওচৰলৈ৷ কেইবাদিনীয়া ভাগৰ আৰু টোপনী ক্ষতিৰ প্ৰতিক্ৰিয়াস্বৰূপে শাহুৱেকো আজি সোনকালে বিছনাত পৰিল। টোপনীত লালকাল মুখখনি চাই আইজনীয়ে হুমুনিয়াহ এটা এৰিলে। পিছদিনালৈ নিমন্ত্ৰণী পত্ৰবোৰ ছপা হৈ ওলাল। শৰাই এখনৰ ওপৰত কলপাতেৰে সৈতে তামোল পাণৰ ছবি থকা খামবোৰৰ ভিতৰৰ বগা কাৰ্ডবোৰ প্ৰকৃততে চকুত লগা হৈছিল। পাওঁতা সকলে কাৰ্ডখন চাই নয়ন সাৰ্থক কৰিলে, অভয় শইকীয়াই ঘৰখনৰ সঁচাকৈয়ে মান ৰাখিবলৈ সক্ষম হ’ল। ৰাইজে কোৱাকুই কৰিলে,

: কাৰ্ডখনে যদি অতীৱ সুন্দৰ, তেনে আদ্যশ্ৰাদ্ধৰ খানা কেনে হ’ব সহজেই অনুমান কৰিব পাৰি।

লখেশ্বৰ শইকীয়াৰ সু-যোগ্য পুত্ৰসকলে কাকো নিৰাশ নকৰে। চহৰৰ আটাইতকৈ নামী টেণ্ট হাউচক ভোজৰ অৰ্ডাৰ দিয়া হ’ল। পৰিয়ালৰ আটাইবোৰ সদস্যই সোনালী আৰু বগা ৰঙৰ সংমিশ্ৰণ থকা সাজ পিন্ধি অভ্যাগতসকলক অভ্যৰ্থনা কৰিলে। আশা কৰামতেই ভোজৰ দিনা কাঁহীত নধৰাকৈ আইটেম ৰন্ধা হ’ল। বুটৰ দালি, লুচি, পায়স, পোলাও, মাটি দাইলেৰে খাহী মাংস, মটৰ-পনীৰ, লাৱৰ কোপ্তা, ফুলকবি বিলাহীৰ তৰকাৰী, বিলাহীৰ অম্বল, মুৰিঘণ্ট, বেঙেনাৰ বৰ, দৈ, ৰসগোল্লা আদিৰে ৰন্ধা ভোজ। মুঠতে এক ইলাহী কাৰবাৰ, লখেশ্বৰ শইকীয়াৰ লগৰ ৰাজেন বুঢ়া, যাদৱ বুঢ়াই টকালি পাৰি খাই গৈ পুতেকহঁতক বকিলেগৈ,

: শইকীয়াৰ পুতেকহঁতক দেখিছনে বুৰ্বকহঁত। কি ভোজ খুৱাইছে ৰাইজক। ৰাইজেই ৰজা, ৰাইজক সন্তুষ্ট কৰিলেহে পূণ্য অাৰ্জে। শইকীয়াৰ আত্মাই স্বৰ্গত ঠাই নাপাই কোনে পাব। আমাৰহে কপাল এয়া।

পুতেকহঁতো কম নহয়, বোলে,

: আগতে এবাৰ মৰি লচোন, তাৰ পিছত কি কৰোঁ চাই থাক।

নিশা গভীৰ হৈ আহিল। খোৱাঘৰত মানুহ কমিবলৈ ল’লে, কিন্তু পিছফালৰ চোতালত মানুহৰ ভিৰ বাঢ়ি আহিল। ফৰেষ্টাৰ পুতেক অৰ্ণৱে অামদানি কৰা হাজাৰটকীয়া বটলবোৰে পাছফালৰ টেবুলবোৰ শুৱনি কৰি তুলিলে।

: পুত্ৰ হৌ তৌ এইচা।

লখেশ্বৰ শইকীয়াৰ পুত্ৰসকলৰ প্ৰশংসাত বন্ধুবৰ্গ গদগদ হৈ উঠিছিল সেই সময়ত ।

সেই সময়তে লখেশ্বৰ শইকীয়াৰ জী-বোৱাৰীসকলেও দহখন গাঁৱৰ ৰাইজক দেখুৱাই আদ্যশ্ৰাদ্ধ কৰাৰ গৌৰৱেৰে গৌৰৱান্বিত হৈ বিছনাত উঠিছিল, ভাগৰত লগে লগেই চকু জাপ খাইছিল আটাইৰে। আৰু সেই সময়তেই ভকতক সেৱা সৎকাৰ কৰি ভৰিৰ বিষত থাওনি নোপোৱা মাকক লৈ লখেশ্বৰ শইকীয়াৰ সৰুহাল পুতেক বোৱাৰীয়েক অ’টত উঠিছিল,
নিশাৰ কুঁৱলী ফালি মেডিকেল অভিমুখে অ’টখনে তীব্ৰ গতিৰে বাট বুলিছিল সেই সময়ত।

☆★☆★☆

20 Comments

  • ৰিণ্টু

    অতি উন্নত মানৰ ব্যংগ, বৰ ভাল লাগিল পঢ়ি তৃষ্ণা।

    Reply
  • খুব ভাল লাগিল পঢ়ি

    Reply
  • বহুত ভাল লাগিল । 💚

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল তৃষ্ণা!

    “আগতে মৰি ল চোন, তাৰ পিচত কি কৰো চাবি!”

    আস কি যে সুন্দৰ ব্যংগ৷ আপ্লুত হলো৷

    Reply
  • কমল তালুকদাৰ

    সুন্দৰ , কেবল ব্যংগ ই নহয় বস্তুবাদী মানুহৰ প্ৰতিযোগিতা মুলক ভাবধাৰাৰ সুন্দৰ চবি ।

    আপ্লুত হলো গল্পটি পঢ়ি ।

    Reply
  • কবলৈ ভাষাৰ অভাব অনুভৱ কৰিছো তৃষ্ণা ।সুন্দৰ ।

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ ব্যংগ ৷ সমাজৰ দাপোণ আজিকালি ..বৰ ভাল লাগিল

    Reply
  • বহুত ভাল লাগিল ৷

    Reply
  • অতি সুন্দৰ বাস্তৱৰ এখন ছবি গল্পটোৰ মাজেৰে ফুটাই তুলিছা। উচ্চমানৰ ব্যংগাত্মক গল্প। বৰ ভাল লাগিল।

    Reply
  • Madhurjya Goswami

    ধুনীয়া লিখিছা। সূন্দৰ ব্যংগ।

    Reply
  • উষা মহন্ত

    ভাল পালো পঢ়ি ‌‌।

    Reply
  • MITALI Saharia

    খুব ধুনীয়া তৃষ্ণা।

    Reply
  • ৰাজীৱ

    তামাম লিখিছা।বৰ্তমান সময়ৰ অপ্ৰিয় কিন্তু সত্য ঘটনা এইবোৰ।

    Reply
  • mridula

    বৰ ভাল লাগিল

    Reply
  • Anonymous

    ভাল লাগিল। এহাল হলেও ভাল পুত্ৰ-বোৱাৰী ঘটিছিল লখেশ্বৰ বুঢ়াই।

    Reply
  • নিভা

    বাস্তৱ এয়া।বৰ ভাল লগিছে

    Reply
  • অভিজিৎ কলিতা

    বুকু বিষাই যোৱা কাহিনী, এই স্ংখ্যাৰ অন্যতম শ্ৰেষ্ঠ লেখনি। ব্যংগ ইয়াকহে কয়
    । এই সুন্দৰ লেখাটোৰ বাবে ধন্যবাদ তৃষ্ণা।

    Reply
  • অভিজিৎ কলিতা

    বুকু বিষাই যোৱা কাহিনী, এই স্ংখ্যাৰ অন্যতম শ্ৰেষ্ঠ লেখনি। ব্যংগ ইয়াকহে কয়
    । এই সুন্দৰ লেখাটোৰ বাবে ধন্যবাদ তৃষ্ণা, বৰ ভাল লাগিল।

    Reply
  • জাহ্নৱী

    উফ্‌….

    Reply
  • জয়ন্ত দাস

    পলমকৈ পঢ়িলো৷ বৰ উৎকৃষ্ট মানৰ হৈছে৷ ব্যংগৰ মাজেৰে সমাজৰ সচা ছবি এখন ফুটাই তুলিলে৷

    Reply

Leave a Reply

Your email address will not be published.