ফটাঢোল

গ্ৰাহক – ৰাজীৱ শৰ্মা

দোকানৰ জাপখন খুলি সাৰি-পুচি চাকি গছি এই জ্বলাও আৰু তেনেতে সদায় অহাৰ দৰে হেম খুড়া ওলালহি। হেম খুড়াক দেখি মোৰো খঙটো উঠি আহিল। মনতে বোলো চেহ্ এইজনাৰ পৰা ৰক্ষা নাই!পুৱাই মূৰটো গৰম কৰিবলৈ আহি ওলালহি।

হওঁতে এইখণ্ডত মোৰ দোকানখন ভালেই চলে। লাভ বৰ বেছি নহয় যদিও কোনোদিন অধিক লাভৰ পাছত দৌৰা নাই। গাঁৱৰে সকলো মোৰ দোকানৰ গ্ৰাহক।সকলোৱেই চিনাকি, সকলোৱেই ঘৰৰ। বেছি লাভ কৰিমনো কেনেকৈ! দোকানখনৰ পৰা টুকটাককৈ ঘৰখনহে চলাই থকাৰ দৰে হৈছে।

তাৰ মাজতে এই হেমখুড়াৰ দৰে মানুহবোৰ আছেই!যিমান কম দামত নিদিলেও বস্তুৰ দামবোলে মইহে বেছি লওঁ। একেদিনাই ধনী হ’বলৈ লাগে মোক! তাতে ভূতৰ ওপৰত দানহৰ দৰে বাকী খোৱাসকল আছেই।বস্তু নিয়াৰ পাছত পইচা দিয়াৰ নাম নলয় অথচ ক’লেও জগৰ। হেৰৌ তহঁতবোৰে এনে কৰিলে মই আকৌ বস্তু আনিম কাৰ পইচাৰে? কিন্তু নাই, কাৰো কাণসাৰ নাই। খালী বস্তু লাগে। বচ্। নহ’লে মাৰোৱাৰীৰ গোলাৰ ভয় দেখুৱাই।

কিবা ক’বলৈ গৈ কিবা ক’লোঁগৈ। কৈছিলোঁ হেম খুড়াৰ কথা। ক’লোঁগৈ দোকানৰ লাভ-লোকচানৰ কথা।আচলতে ইয়াৰ লগত খুড়াৰ নামটোও বৰ বেয়াকৈ সাঙোৰ খাই আছে। মই দোকানখন খোলাৰ দিন ধৰি এই খুড়া মোৰ দোকানৰ নিয়মীয়া গ্ৰাহক। সেই ফালৰপৰা চাবলৈ গ’লে এখেতক মই বেয়া পোৱাৰ কথাই নাহে। কিন্তু কি কৰিব! উপকাৰীকহে অজগৰে খায়।

খুড়াৰ ঘৰত যি বস্তুৰ যেতিয়াই দৰকাৰ নহওক নিবলৈ আহে সদায় এইখিনি সময়তে। মানে মই দোকানখন খুলি চাকিগছি জ্বলোৱাৰ সময়তে। হওঁতে বস্তু নিকিনাও নহয় কিন্তু বৰ দৰ দাম কৰে। প্ৰথম গ্ৰাহক বুলি ময়ো লাগি নাথাকোঁ। মন ভাল লগাবলৈ কেতিয়াবা জোখতকৈ দুটাবস্তু বেছিকৈও দিওঁ। দামো আনৰপৰা লোৱাতকৈ পাঁচ-দহ টকা কমকৈ লওঁ। পিচে এই কথাই কাল হ’ল মোৰ বাবে। হেম খুড়াই মোৰ এই সৰলতাক দুৰ্বলতা বুলি ভাবিলে।

খুড়া সদায়েই মোৰ দোকানৰ প্ৰথম গ্ৰাহক হোৱাৰ বাবেহে হেনো মোৰ দোকানৰ দোপত দোপে উন্নতি হৈছে। সেয়ে আজিকালি খুড়াক প্ৰত্যেকটো বস্তুকে যিয়েই নিকিনক ওজনত বেছিকৈ আৰু দামত কমকৈ দিব লাগে। তাকে নহ’লে গালি শপনি আৰম্ভ, মোৰ দোকান এৰি বেলেগৰ দোকানলৈ যোৱাৰ হুমকি।এনেদৰেই বহুদিন চলিল। কেউফালৰ ধাৰত মই পোত গ’লোঁ। কিন্তু কেইজনমানক বাদ দি বাকীসকলে পইচা দিয়াৰ নাম নলয়। সেয়ে আজিকালি অনবৰতে খং এটা উঠি থাকেই।

আজিও দোকানত ভৰি দিয়েই খুড়াই কি কি লাগে মোক কৈ গ’ল। লগতে এইটোহে বেয়া, সেইটোহে ভেঁকুৰা, সেইটো নিগনিয়ে খোৱা আদিবোৰ আছেই।শেষত দিনটোৰ প্ৰথম গ্ৰাহক হোৱাৰ সুবাদত দাম কমকৈ ল’ব লাগে। ইপিনে মোৰ বেপাৰত লালবাতি জ্বলিছে। দিনটো ভাল হোৱাৰ আশাত কাৰোবাক বেছিকৈ দিয়াৰ অৱস্থা নাই বৰ্তমান। সেয়ে এই নিয়মীয়া গ্ৰাহকজনকো মোৰ দোকান এৰোৱাৰ চিন্তা কৰিছোঁ।

বহু খট বান্ধ, ভাল-বেয়া আদি কথা কৈ খুড়া গ’লগৈ।ময়ো স্বস্তিৰ নিশ্বাস পেলালোঁ দিনটোলৈ ৰক্ষা বুলি।পিচে আলচা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।অলপপৰৰ পাছতে টোপোলা কেইটাৰে সৈতে খুড়া পুনৰ ওলালহি। মুখত অবাইচ মাত। বোলে তই মোক এনেকুৱা কৰ? মই নজনাৰ ভাৱত সুধিলোঁঁ,

: কি হ’ল খুড়া। কিবা গণ্ডগোল?

প্ৰশ্ন শুনি তেখেত জাঁপ মাৰি উঠিল। লগতে আটাহ তই মোকো ঠগিবলৈ ল’লি। বস্তু ওজনত কমকৈ দি লাভ ঘটিছ? মই বোলো ধৰা পৰিলোৱেই দেখোন। কিন্তু বস্তু ওজনত কম দিয়া বুলি খুড়াই গম পালে কেনেকৈ? পিচে তাৰো উত্তৰ নোসোধাকৈয়ে তেখেতে মোক দিলে।অসমীয়া ল’ৰাৰ ওপৰত বোলে তেখেতৰ আগৰেপৰাই বিশ্বাস নাই, সেয়ে ঘৰলৈ দগা-পাল্লা এযোৰ আনি থৈছে। দোকানৰ পৰা অনা বস্তু প্ৰথমে তেখেতে জুখিহে ভিতৰত দিয়ে।

পিচে আজি ময়ো সপ্তমত আছোঁ। এখেতক বলাব লাগিবই। সেয়ে মুখত এমোকোৰা হাঁহি লৈ তেখেতৰ অস্ত্ৰকে তেখেতৰ গালৈ মাৰি পঠিয়ালো।

: খুড়া, আপুনি সদায় বোৱাৰী পুৱাতে মোৰ দোকানলৈ আহি প্ৰথম গ্ৰাহক কিয় হয়? নিশ্চয় দুটকা লাভ কৰিবলৈ নহয় জানো! আপোনালোকেই মোৰ বাবে ভগৱান। পিচে এটা কথা কওকচোন এই যে প্ৰথম গ্ৰাহক বুলি মই আপোনাৰ তাত সদায় ঠগ খাওঁ তাৰবাবে মোৰো দিনটো বেয়া কৈ পাৰ হয়। পুৱাৰ প্ৰথম গ্ৰাহকজনকে ঠগিব নোৱাৰিলোঁ যেতিয়া পাছৰবোৰক কেনেকৈ ঠগিম? ইপিনে মোৰ ব্যৱসায়ো পৰি আহিছে। সেয়ে আপুনি বেয়া পালেও মই আপোনাক জোখত মাৰি বস্তু দিছোঁঁ৷ এইভাবি যাতে আপোনাৰ দৰে মোৰো প্ৰথম বিক্ৰীটো ভাল হয়। দিনটোৰ সকলো গ্ৰাহককে যেন ধৰা নপৰাকৈ মই ঠগিব পাৰোঁ। কথাতে কয়েই নহয় বোলে-আদি ভালেই সকলো ভাল।

খুড়াই কি ভাবিলে নাজানো,

: আজিৰপৰা পুৱাতে তোৰ দোকানত প্ৰথম গ্ৰাহক হৈ ময়ো লাভ উঠাবলৈ নাহোঁ বুলি মোৰ দোকানৰ পৰা কোঁ-কোঁৱাই ওলাই গ’ল।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.