ফটাঢোল

ঘটক পুৰাণ – অসমী গগৈ

মানুহজনৰ বিষয়ে কি বুলি কম! মানুহজন একেধাৰে এজন সু-বক্তা, শ্ৰোতা, সমাজকৰ্মী, পাঠেকী, ভকত সকলো। সৰু ঠাইখনত মানুহজন এজন অপৰিহাৰ্য মানুহ। তাতে মানুহজন খবৰৰ ভাণ্ডাৰ। আপুনি সোধকচোন নাজিৰাৰ অমুকক চিনি পায়? চৈধ্য গোষ্ঠী গায় দিব। আহোম বামুণ কোঁচ কলিতা সকলো তেওঁৰ মিতিৰেই কিবা নহয় কিবা প্ৰকাৰে। আকৌ সোধকচোন দুমাহৰ আগৰ ঘটনাৰ কথা। আপুনি  “লাইভ টেলিকাষ্ট” দেখি যাব। অমুকৰ জীয়েকৰ ৰিজাল্ট কওঁক… ছোৱালীজনীৰ দিনপঞ্জী গাই দিব।  ৰ’ব ৰ’ব মানুহজনৰ চিনাকি শেষ হোৱা নাই, তেওঁৰ নামৰ পাছত থকা উপাধি চাগে মানুহে পাহৰিলেই …অমুক ঘটক বুলিহে তেওঁ বিখ্যাত। কোনোৱে যদি কয় “মোৰ ল’ৰালৈ ঘৰ ধৰা ছোৱালী এজনী লাগিছিল”, তেওঁ এক চেকেণ্ডো নভবাকৈ  কৈ দিব “আছে”। দুদিন পাছত ল’ৰা ঘৰ ছোৱালীৰ ঘৰত হাজিৰ। তেনেদৰে ভাল চাকৰিৰ ল’ৰা বিচাৰক বা ভাল স্বভাৱৰ ল’ৰা বিচাৰক … একেটাই উত্তৰ “আছে”। কিন্তু আটাইতকৈ ডাঙৰ কথা আনৰ সংসাৰ পাতোতে পাতোতে ঘটক বাপুৱে নিজৰ সংসাৰখনহে পাতিবলৈ সময় নাপালে। অধিক মাছত বগলী কণা কথাষাৰ এওঁতে খাটে বৰ ভালকৈ।

সেইজন ঘটক বাপুৰে এদিন আমাৰ ঘৰলৈ আগমন ঘটিল। পঢ়া-শুনা সাং কৰি টলৌ টলৌ কৈ ঘূৰি ফুৰা বৰ দাদাক নাকী লগাবলৈ বুলি দেউতাই ঘটক বাপুক মতাই অনালে। খবৰ বাতৰি লৈ ঘটক বাপু হাজিৰ। গাত কথা নলগা, ঘৰৰ ভাতে নুসুজা, ওৱা বন দুৱা নকৰা, সাত ঘাটৰ চেঙেলী দাদাক দেউতাই ছোৱালী চাবলৈ পঠালে। লগত ঘটক বাপু। দেউতাৰ কথা পেলাব নোৱাৰি নিৰ্দিষ্ট দিনত তেল-টেঙা ঘঁহি দাদা সাজু। একেদৰে কাণৰ কাষেৰে বৈ যোৱাকৈ তেল ঘঁহি, নিজৰ বাবে ছোৱালী চাবলৈ যোৱাদি চিকচিকীয়া চোলা-পেন্ট পিন্ধি ঘটক বাপুও হাজিৰ। চাল দিবলৈ বুলি লগৰ ল’ৰাৰ পৰা খুজি অনা মটৰ চাইকেলত ঘটকক উঠাই ছোৱালী চাবলৈ যাত্ৰা দুয়োৰে। ওৰেটো বাট ঘটক বাপুৱে দাদাৰ কাণত ছোৱালীৰ গুণ বখানি গ’ল।  ছোৱালীৰ এশ এটা গুণ শুনি শুনি এটা সময়ত দাদাৰ মূৰৰ আটাইবোৰ তাঁৰ চিঙি গ’ল। পঢ়ি থকা দিনৰ সাত ঘাটৰ চেঙেলীটোৱে জাপ মাৰি উঠিল। বাইক ৰখালে দাদাই…

: চাহ খাওঁগৈ ব’লক।

: হয় হয়। ব’লা ব’লা।

: আপুনি বহকগৈ, মই তেল অলপ ভৰাই আহোঁগৈ।

: অ যোৱা যোৱা।

দাদা গ’ল যি গ’লেই, পাচঁ মিনিট, দহ মিনিট, বিশ …… দাদাৰ খবৰ নাই। চল্লিশ মিনিটৰ পাছত দাদা হাজিৰ।

: বাইকখন বেয়া হৈছিল বুজিছেনে। ব’লক ব’লক।

: ব’লা ব’লা , তেওঁলোকৰো চাগে ৰৈ ৰৈ আমনি লাগিছে। দাদাৰ মুখেৰে দুৰ্বোধ্য হাঁহি  এটা পাৰ হৈ গ’ল।

ছোৱালীৰ ঘৰ পাবলৈ দুই ফাৰ্লঙ মান থাকোতেই ঘটক বাপুৱে বাইক ৰখাবলৈ ক’লে-

: কি হ’ল নো?

: ৰ’বাহে চুলি কেইডাল আচুৰি লওঁ, মুখখন মচি লওঁ। জধে-মধে ছোৱালীৰ ঘৰলৈ যাব নোৱাৰি নহয়!

মুখ মেলি দাদাই ভাবি থাকিল কোনে কাৰ বাবে ছোৱালী চাবলৈ আহিছে!!!

: অ এটা কথা হ’ল নহয়, মিঠাই দুটামান অনা নহ’ল নহয়! শুদা হাতে কেনেকৈ যাম? এটা কাম কৰো নহলে, আপোনাক নমাই মই লৈ আহোঁগৈ।

: ভাল হ’ব, ভাল হ’ব। সেইমতেই কৰা বুজিছা।

কথা মতেই পদূলি মুখত ঘটক বাপুক নমাই দাদা মিঠাই আনিবলৈ গ’ল। পাঁচ মিনিটমানৰ পাছতে বাঘে খেদা গৰুৰ দৰে ঘটক বাপুৰ দৌৰ। বাটতে দাদাৰ সৈতে ভেটাভেটি।

: হেই হেই খুড়া … খুন্দাই মাৰে দেখোন।

: ঘূৰোৱাহে ঘূৰোৱা…

: কি হ’ল নকয় কিয়?

: কি ক’বাহে, বৰ সাংঘাটিক এঘৰত হাত দিছিলোহে!

: কথা কি ?

: চোৱাচোন ধুনীয়া ছোৱালী দেখি বোলে মই নিজলৈহে পচন্দ কৰিছিলো। অলপ আগতে আহি কোনোবাই বোলে কৈ গৈছেহি। সেয়ে হেনো মই অকলে গৈছিলো।

: মোৰ কথা নক’লে নেকি?

: ক’লো ক’লো মোক চুই কিলাবলৈহে বাকী। গতিয়াই উলিয়াই দিলে বুজিছানে।

: কি কৈছে হয়?

: সঁচাকৈ কৈছো, ইমান অপমান পোৱা নাই কাহানিও বুজিছানে ! ব’লা যাওঁগৈ। ঘটকালিৰ ইমানতে ইতি।

বাইকৰ পাছত ওন্দোলা মুখেৰে ঘটক বাপু। আৰু দাদাৰ মুখত যুদ্ধ জয়ৰ আনন্দ। আধা ঘণ্টা সময়ে কেনেকৈ দাদাক সংসাৰ বন্ধনৰ পৰা বচালে ঘটক বাপুৱে কাহানিও নাজানিলে।

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published.