ফটাঢোল

ঘটিৰামৰ বৰতাল বাদন – খগেশ সেন ডেকা

ঘটিৰাম৷ আমাৰ অসম মুলুকৰ এখন ভিতৰুৱা গাঁৱত তাৰ ঘৰ৷ আজিৰ জগতৰ আওভাও বুজি নোপোৱা তেনেই সহজ-সৰল ল’ৰা৷ সৰুতেই বাপেক ঢুকাইছে৷ বাঁৰী দুখুনী মাকজনীয়ে বৰ কষ্টেৰে তাক ডাঙৰ-দীঘল কৰিছে৷ ঘৰুৱা জঞ্জালৰ বাবে প্ৰাইমেৰীৰ তিনিটা শ্ৰেণী পঢ়িয়ে সি শিক্ষা-জীৱন সামৰি খেতি-খোলাত ধৰিছে৷ হওঁতে বাপেকৰ দিনৰ ৰূপিত মাটি-বাৰী অলপ আছে৷ সেইখিনিকে চলাই মেলি মাক-পুতেকহাল কোনো ৰকমে চলি আছে৷ হালোৱা গৰু এহাল আৰু খীৰতী গাই এজনী আছে৷ মাকজনী কামিলা৷ বোৱা-কটাকে ধৰি সকলো বিদ্যাত পাকৈত৷ মুঠতে ঘটিৰামৰ বিশেষ আকালো নাই ভঁড়ালো নাই৷

ঘটিৰামৰ আচল নাম আকলু৷ আকলুৰাম বায়ন৷ সৰুতে তাৰ মূৰটো হেনো ঘটিটোৰ দৰে আছিল৷ সেই বাবে মানুহৰ মুখত পৰি তাৰ পোছাকী নাম আকলু গুচি ঘটিৰাম হ’লগৈ৷ আমাৰ গাঁৱলীয়া সমাজত এইটোৱে এটা ডাঙৰ সমস্যা৷ সৰুকালিৰ শাৰীৰিক অৱয়ব আৰু স্বভাৱলৈ লক্ষ্য কৰি মানুহবোৰে উপনাম এটা লগাই দিয়ে আৰু পাছলৈ গোঁজেই গছ হোৱাৰ দৰে ডাঙৰত সেই নামেৰেই জনাজাত হৈ পৰে আৰু আচল বেকত নামটো বা পোছাকী নামটো ক’ৰবাত হেৰাই যায়৷ যেনে—কাৰোবাৰ যদি সৰুকালিত বৰকৈ পানীলগা ৰোগ হৈছিল, ডাঙৰত তাৰ আচল নাম গুচি সি হৈ পৰে পানীলগা বা কামৰূপত তাৰো চমু ভাৰ্ছন পানলাগা/পাইনলাগা৷ তেনেদৰে প্ৰতিটো কথাতে আউল লগোৱাজন হ’য়গৈ বাহুল৷ বাতিৰাম, কাঁহীৰাম, হাঁচিৰাম, অজলা-আজলী, ফেঁচা-ফেঁচী, ক’লা-কলী, বগা-বগী, পেংটা-পেংটী, উপায় নোহোৱা, কোণাকটা, বেৰাভঙা, ভদীয়া, কতীয়া আদি আৰু কত কি? মহিলাসকলৰ ক্ষেত্ৰত যে আৰু বিড়ম্বনা৷ বহু কাল আগৰে পৰা আমাৰ গাঁৱলীয়া সমাজত চলি অহা এক অলিখিত নিয়মৰ হেতু মহিলাসকলে বিয়াৰ পাছত মাকৰ ঘৰত পোৱা পোছাকী নামেটো চিৰকাললৈ হেৰুৱায় আৰু শহুৰেকৰ গাঁৱত মাক-বাপেকৰ গাঁৱৰ নামেৰে নতুনকৈ পৰিচিত হয়৷ ধৰি লোৱা হ’ল বিয়াৰ আগেয়ে নলবাৰীৰ কোনোবা এজনী ছোৱালীৰ নাম আছিল পদুমী৷ বিয়া হ’ল বাইহাটা চাৰিআলি অঞ্চলৰ কোনোবা ল’ৰাৰ সতে৷ শহুৰেকৰ ঘৰলৈ আহি পদুমীয়ে প্ৰথমে হেৰুৱাব তাইৰ নামটো৷ মূল নামটো এৰি সকলোৱে তাইক মাতিব ‘নলবেৰেনী’ বা ‘নলবেন্নী’ বুলি৷ তেনেদৰে— ৰাধাকুছি—ৰাধাকুছিয়ানী (ৰাধাকুছেনী), শ’লমাৰী—শ’লমেৰেনী (শ’লমেন্নী), মাজগাঁও—মাজগেনী ইত্যাদি ইত্যাদি৷ (ইচ্ছা কৰিলে কোনোৱে মানুহৰ এনে উপনামবোৰক লৈ বিশ্ববিদ্যালয়ত পি এইচ ডি পৰ্যায়ৰ গৱেষণাও কৰিব পাৰে৷ অসমীয়া সংস্কৃতিলৈ ই এক আপুৰুগীয়া অৰিহণা হ’ব )৷ কৈ থোৱা উচিত হ’ব যে ঘটিৰামৰ মাকেও পিতৃ-মাতৃ প্ৰদত্ত অৰিজিনেল জানকী নামটো হেৰুৱাই সেই গাঁৱত ইতিমধ্যে নলবেন্নী হিচাপে প্ৰখ্যাত হৈ পৰিছে৷ কাৰণটো নিশ্চয় প্ৰসংগ-সংগতি দৰ্শাই পুনৰ ব্যাখ্যা কৰাৰ আৰু আৱশ্যক নাই৷ কাৰণ বুজোঁতাক কথাৰ গৰ্ভকাৰণ উলিয়াবলৈ সৰহ সময় নালাগে৷

মাকৰ প্ৰসংগ এহিমানে থৈ পুনৰ ঘটিৰামৰ কাষলৈ আহোঁ৷ গজলীয়া ডেকা ঘটিৰাম এতিয়াও ডঙুৱা হৈ আছে৷ মাকৰ ইচ্ছা এইবাৰ ব’হাগতে কাম ফেৰা শেষ কৰাৰ ৷ হওঁতে ঘটিৰামৰো এইটো বিষয়ত বৰ এটা আপত্তি নাই৷ কাষৰ গাঁৱৰ মালতীক কথা দি থোৱা আছেই৷ মাকেও জানে কথাটো৷ আপুতৰ পুত এটাই ল’ৰা৷ গতিকে মাকৰো ছোৱালীক লৈ বিশেষ আপত্তি নাই৷ মুঠতে আশা কৰা গৈছে ঘটিৰাম অতিশীঘ্ৰে এডাল এৰালৰ গৰাকী হ’ব৷

ব’হাগ পৰোঁ পৰোঁ৷ ব’হাগ বুলিলে অসমীয়াৰ যে গা সাতখন আঠখন হয়, সেই কথা দোহাৰি ফুৰাৰ প্ৰয়োজনেই নাই৷ নাহৰ, তগৰ, কপৌ, কেতেকী ফুলাৰ কথা, তাঁতত বৈ থকা গামোচাৰ কথা বাদ দি আজিকালি অসমীয়াই ব’হাগ সোমোৱাৰে পৰা আহাৰ পৰ্যন্ত দুই-তিনি মাইলৰ মূৰে মূৰে অসমীয়াই একোখনকৈ বিহু পাতিবলৈ লৈছে৷ বিহু পতা মানে নাচ-গান আদিৰ ভেৰাইটি শ্ব’ মানে বিচিত্ৰানুষ্ঠান৷ হয়োতো, বাপতি সাহোন বিহুটি এনেই যাব দিব পাৰি নে? টি ভি চেনেলবোৰে অসমীয়াৰ এই বিহু নামৰ সম্পদটি হেৰাই যোৱাৰ ভয়ত সেই বাবেই মাঘতে ব’হাগ, মানে ভোগালীতে ৰঙালী পাতিবলৈ আৰম্ভ কৰিছে ৷

আগতেই কৈছোঁ ঘটিৰামহঁতৰ ঘৰ ভিতৰুৱা গাঁৱত৷ ভিতৰুৱা হ’লেও গাঁওখনত এখন প্ৰাইমেৰী স্কুল আছে৷ গাঁৱৰ ডেকাখিনিয়ে এদিন গধূলি স্কুলঘৰতে মিটিং পাতি ঠিক কৰিলে যে এইবাৰ সিহঁতে নিজৰ গাঁৱতে বিহু ফাংচন পাতিব৷ সেই কথাত ওচৰৰ গাঁওকেইখনৰ ডেকাহঁতেও হয়ভৰ দিলে৷ হওঁতে সিহঁতৰ গাঁৱৰ পৰা দহ কিলোমিটাৰ দূৰৈৰ চাৰিআলিটোত মহা আৰম্বড়েৰে প্ৰতি বছৰে ব’হাগৰ শেষত নহ’লেও জেঠৰ আগপষত তিনি দিন জুৰি বিহু পাতে৷ বিহু পাতে মানে প্ৰতিদিনে বিহুৰ নামত সন্ধিয়াৰ পৰা পাছদিনাৰ প্ৰায় পূবে পোহৰ দিয়ালৈ নাচ-গানৰ অনুষ্ঠান চলে৷ পিছে এইবেলি ঘটিৰামহঁতৰ গাঁৱৰ ডেকাসকলে মন বান্ধিলে যে চাৰিআলিৰ বিহুৰ আগে আগে এদিনীয়াকৈ হ’লেও সিহঁতেও নিজৰ ঠাইত বিহু-ফাংচন পাতিব৷

কথা মতে কাম৷ প্ৰথমে সেই সভাত এখন ‘শক্তিশালী কমিটি’ গঠন কৰা হ’ল৷ অনুষ্ঠানটোৰ নাম দিয়া হ’ল “সাত পথাৰ ৰঙালী বিহু সন্মিলন”৷ কাৰণ যি ঠাইত বিহু পতা হ’ব তাৰ দাঁতিতে আছে সাতখন গাঁৱৰ ৰাইজৰ খেতি পথাৰ—সাত পথাৰ৷ দিন ঠিৰাং হ’ল—জেঠ মাহৰ পঁচিশ তাৰিখ৷ এইবেলিলৈ বিহু এদিনীয়াকৈ পতা হ’ব৷ পাছৰ বছৰৰ পৰা দুদিনীয়া বা তিনিদিনীয়া কৰিব পাৰি নেকি ভাবি চোৱা হ’ব৷ এনেদৰে দিন-বাৰ ঠিক হোৱাৰ পাছত ৰচিদ বহী ছপাই লৈ চান্দা তোলা পৰ্ব আৰম্ভ হ’ল৷ ফাংচনত একেবাৰে মুধাফুটা আৰ্টিষ্ট নহ’লেও, কমচে কম চেকেণ্ড কেটিগ’ৰিৰ আৰ্টিষ্ট এজনতো মাতিব লাগিব! নহ’লে কিডাল বিহু হ’ব! গতিকে গাঁৱৰ মাজেৰে যোৱা গড়কাপ্তানী বিভাগৰ পথটোত দুখন বেঞ্চ পাৰি গাড়ী-মটৰ আগুৰি জবৰদস্তিৰে টকা আদায় কৰাৰ ব্যৱস্থা কৰা হ’ল৷ আনকি হস্পিতেললৈ ৰোগী নিয়া গাড়ীও সাৰি নগ’ল৷

যি নহওক, সময়ত বিহুৰ কাৰ্যসূচী প্ৰস্তুত কৰা হ’ল৷ সেই মতে অইন বিহুতলীৰ দৰে পুৱা পতাকা উত্তোলন হ’ব৷ তাৰ পাছত সৰু সৰু ল’ৰা-ছোৱালীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু পৰিশেষত সন্ধিয়া আঠ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান৷ সেই গাঁৱৰে ডেকা বিনয়ে ‘সাংস্কৃতিক’ শব্দটোক লৈ বৰকৈ আপত্তি কৰিছিল৷ তাৰ যুক্তি, দিনত হ’বলগীয়া অনুষ্ঠানবোৰ সাংস্কৃতিক নহয় নেকি, অকল ৰাতিৰ নাচ-গানবোৰহে সাংস্কৃতিক! পিছে আজি কালি সজ কথাত গুৰুত্ব দিয়াৰ দিন উকলিল৷ গতিকে বিনয়ৰ কথাত গুৰুত্ব দিয়াৰ কোনেও প্ৰয়োজন বোধ নকৰিলে৷

আৰম্ভণিতে যে ঘটিৰামৰ কথা উল্লেখ কৰিছিলোঁ, নিশ্চয় মনত আছে৷ কাৰণ নহ’লে কাৰ্য হ’ব নোৱাৰে৷ ঘটিৰামৰ নাম লোৱাৰো নিৰ্দিষ্ট কাৰণ আছে৷ নতুনকৈ আৰম্ভ হ’বলগীয়া এই বিহু উছৱৰ সাংস্কৃতিক অনুষ্ঠানত তাৰ এক বিশেষ কাৰ্যসূচী থাকিব বুলি ইতিমধ্যে বিহু সমিতিৰ তৰফৰ পৰা তাক জনোৱা হৈছে৷ কাৰ্যসূচীৰ নাম হ’ব “বৰতাল বাদন”৷ এইবিধ তাল বাদনৰ কথা বুজিবলৈ উত্তৰ কামৰূপত বিশেষভাৱে প্ৰচলিত “নাগাৰা নাম”-ৰ বিষয়ে খৰচি মাৰি জনা আৱশ্যক৷ নাগাৰা নামৰ নাম একোটাত বৰ্ণিত কাহিনী ভাগ মূল পাঠকগৰাকীয়ে পালিসকলৰৰ সহায়ত গাই শেষ কৰাৰ শেষত তাল আৰু নাগাৰাত প্ৰথম ‘ঘেটা’ পৰে৷ তাৰ পাছত চাপৰি খৰ হয় আৰু এটা দিহা গোৱাৰ পাছত দ্বিতীয় ঘেটা পৰে৷ তাৰ পাছত তৃতীয় ঘেটাত এজন তালুৱৈ উঠি নাচি-বাগি তাল বজোৱাৰ নানান কৌশল প্ৰদৰ্শন কৰে৷ ঘটিৰামহঁতৰ গাঁৱৰ নাগাৰা নামৰ দলটোৰ সি আগ তালুৱৈ৷ নাগাৰাত বজোৱা তৃতীয় ঘেটাৰ লগে লগে সি সৰু সৰু বগা আৰু ৰঙা ফোঁটেৰে ভিতৰ অংশ ঘুৰণীয়াকৈ বোলাই লোৱা চাৰে তিনি সেৰীয়া ওজনৰ তাল যোৰ লৈ উঠে আৰু তালযোৰেৰে সমজুৱাক নমস্কাৰ কৰি ঘেটাটোৰ লগে লগে বঢ়িয়াকৈ তাল মিলাই তালযোৰ নচুৱাই নচুৱাই বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰে৷ সেইখিনি সময়ত নাম গোৱা বন্ধ থাকে৷ ঠিক এইখিনিকে ঘটিৰামে বিহু মঞ্চত প্ৰদৰ্শন কৰিব লাগিব৷ কথাটো জানি ঘটিৰামৰ বৰ স্ফূৰ্তি৷ এতিয়া৷ অইন নহ’লেও মালতীৰ সমুখত সি যে অলপো পৰিমৰা নহয়, সেই কথা প্ৰমাণ কৰাৰ এটা সুযোগ পাব৷

জেঠ মাহৰ পচিশ তাৰিখ৷ স্থানীয় এল পি স্কুলৰ বাকৰিত বিহু৷ মঞ্চকে ধৰি সকলো ৰেডি৷ বাটৰ কাষৰ বিদ্যুতৰ খুঁটাটোৰ পৰা মঞ্চলৈ তাঁৰেৰে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি লোৱা হৈছে৷ পুৱাৰে পৰা বিহুতলী উদুলি মুদুলি৷ চাউণ্ড বক্সত বিহুৰ নামত আটাহ৷

স্থানীয় স্কুলখনৰ শিক্ষক ৰজনী মাষ্টৰে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰা দিনৰ ভাগৰ অনুষ্ঠানবোৰ যেনে তেনে পাৰ হ’ল৷ এতিয়া ৰাতিৰ ফাংচনৰ চিন্তা৷ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ বিশিষ্টা গায়িকা সোণালী বৰুৱা৷

ইফালে আনন্দত সাতখন আঠখন লাগি থকা ঘটিৰামৰ সেইবোৰক লৈ কোনো চিন্তা নাই৷ পুৱাৰে পৰা সি তাৰ বাপতি সাহোন কাঁহৰ তালযোৰকলৈ ব্যস্ত৷ সেইযোৰ টেঙেচি শাকেৰে ঘঁহি মাজি ভিতৰৰ ফালে ঘূৰণীয়াকৈ ক’লা আৰু ৰঙা ৰঙৰ ফোঁট দি ৰ’দ শুকুৱাওঁতে ভালেমান সময় পাৰ হ’ল৷ মাজতে বিহুতলীতো ভুমুকি এটা মাৰি আহিল৷ ইফালে আকৌ গৰু-গায়ো চাব লাগে৷ মুঠতে লাক-পাক কৰোঁতেই সাজ লাগিল৷ গোহালিত গৰু বন্ধাকে ধৰি সকলো কাম সামৰি তালযোৰ নিৰ্দিষ্ট মোনাখনত ভৰাই মাকক মাত লগাই সি বিহুতলীলৈ বুলি খোজ ল’লে৷

বিহুতলীত তেতিয়াও বৰকৈ মানুহ গোট খোৱাহি নাই৷ আনকি ডেকা ল’ৰা কেইজনমানক বাদ দি বিহু উদযাপন কমিটিৰ মূল মানুহবোৰো উপস্থিত হোৱাহি নাই৷ এনেয়েও অসম মুলুকত কোনো কাম সময় মতে নহয়৷ বাৰ বজাৰ সভা চাৰি বজাত আৰম্ভ হোৱাটোৱেই ইয়াৰ নিয়ম৷ সাত পথাৰ ৰঙালী বিহু তাৰ ব্যতিক্ৰম কেনেকৈ হ’ব !

ঘটিৰাম বিহু মঞ্চৰ সোঁফালে উপস্থিত হ’ল৷ কাৰণ সেইফালে থকা পূৰ্বৰ আয়ুৰ্বেদিক দাতব্য চিকিৎসালয়ৰ ঘৰটোকে বিহু কমিটিয়ে গ্ৰীণ ৰুম হিচাপে ব্যৱহাৰ কৰিছে৷ ঘৰটোত সোমাই ভগা খিৰিকিৰে সি দেখিলে পিছফালে থকা জোপোহাকেইটাৰ আঁৰত ডেকা ল’ৰাকেইটামানে কিবা কৰি আছে৷ সিহঁতে হাত বাউল দি তাকে মাতিলে৷ ঠাইখিনিত পোহৰ তেনেই কম৷ তাৰ মাজতে ঘটিৰামে দেখিলে এখন কাগজৰ প্লেটত এগালমান ভজা বুট আৰু কাষত গিলাছ আৰু বটল৷ সৰহভাগ যুৱকেই বিহু সমিতিৰ সদস্য৷ তাৰ বুজিবলৈ বাকী নাথাকিল৷ সি উভতিব খোজোঁতে কামিনী ঠিকাদাৰৰ পুতেক ৰঞ্জনে তাক হাতত ধৰি সিহঁতৰ ওচৰলৈ লৈ গ’ল৷ গিলাচ এটাত বটলৰ বস্তুবিধ ঢালি তাক খাবলৈ দিলে৷ ঘটিৰামে প্ৰথমে আপত্তি কৰিছিল যদিও সিহঁতৰ জোৰত সি পিবলৈ বাধ্য হ’ল৷ সেই গিলাচৰ পাছত আৰু দুগিলাছমান৷ ভজা বুটো খালে এগালমান৷ তাৰ পাছত সি মঞ্চৰ দাঁতিত বহিলহি৷ লাহে লাহে তাৰ গাটো কিবা ৰঞ্জিত ৰঞ্জিত লাগিবলৈ আৰম্ভ কৰিলে৷ সময় বাগৰিল৷ ইতিমধ্যে তাৰ কাৰ্যসূচীৰ সময় হ’ল৷ গাঁৱৰ নামপাৰ্টিৰ নাগৰু পৰীক্ষিত নাগাৰা সহ মঞ্চৰ দাঁতিত বহিল৷ ঘোষকে “এইবাৰ আগবঢ়োৱা হৈছে ঘটিৰামৰ বৰতাল বাদন” বুলি কোৱাৰ লগে লগে ঘটিৰামে তালযোৰ লৈ নমস্কাৰৰ ভংগীৰে মঞ্চত প্ৰৱেশ কৰিলে৷ মনটো তাৰ বেয়া লাগিল৷ অন্ততঃ আজিৰ এই অনুষ্ঠানত তাক ঘটিৰাম বুলি নকৈ ভাল নামটো, মানে আকলু বুলি চিনাকি দিয়া হ’লে! যি হওক, নাম যিহেতু ‘এলাউঞ্চ’ কৰিলেই কামটোতো এতিয়া বাদ দিব নোৱাৰি৷ ইফালে খোজ তাৰ থৰক বৰক৷ মঞ্চৰ পৰা দৰ্শকলৈ চাই মালতীক সি মহিলা সমাজৰ প্ৰথম শাৰীতে বহি থকা দেখা পালে৷ মনটো তাৰ উগুল থুগুল লাগিল৷ মাজৰ ফালে চুবুৰীয়া খুৰীয়েক দুজনীৰ সৈতে মাককো দেখিলে৷ ইতিমধ্যে পৰীক্ষিত নাগৰুৱে নাগাৰত ‘ঘেটা’ বজোৱা আৰম্ভ কৰিলে৷ ঘেটাৰ তালে ঘটিৰামে নাচি নাচি তাল নচুওৱা আৰম্ভ কৰিলে৷

সকলো ঠিকেই আছিল৷ নাগাৰৰ বোল খৰ হৈ উঠাৰ মাজতে হঠাৎ কি হ’ল জানো! নিচাৰ কোবত ঘটিৰামৰ তাল নৃত্যই ছন্দ হেৰুৱালে৷ সি মঞ্চৰ ওপৰত বাগৰি পৰিল৷ সোঁহাতৰ তৰ্জনী আঙুলিত মেৰাই লোৱা তালৰ ৰচি সুলকি গৈ তালপাত উফৰি ক’ৰবাত পৰিলগৈ৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ মঞ্চৰ পৰা তুলি তাক ঘৰলৈ লৈ যোৱা হ’ল৷ কোনোবাই মূৰত পানী দিলে, কোনোবাই নেমু চেপি খুৱালে৷ তাৰ মাজতে মাকে দিনৰে কৰ্কৰা এমুঠি আনি খুৱাই তাক শুবলৈ দিলে৷ ঘটিৰাম নাক বজাই শুই পৰিল৷ বিহু ফাংচনৰ কি হ’ল সি একোকে গম নাপালে৷

পিছদিনা সাৰ পাইহে আচল ঘটনাটো জানিবলৈ পালে৷ তাক কোৱা মতে গেলা পানী খোৱা মখাই হেনো বিহুৰ পৰৱৰ্তী কাৰ্যসূচীতো হেনো বিসংগতি লগালে৷ কিবাকৈহে কাজিয়া-পেচাল নোহোৱাকৈ অনুষ্ঠান শেষ কৰা হ’ল৷

ইফালে এই যে তাৰ হাতৰ পৰা উফৰি যোৱা বৰতালপাত! সেইপাত হেনো দৰ্শকৰ প্ৰথম শাৰীত পৰে আৰু সেই শাৰীত বহি থকা তাৰ ভাবীপত্নী মালতীৰ মুখত খুন্দা মাৰি নাকটিৰ এচকলা বখলিয়াই নিয়ে৷ ঘৰৰ মানুহে লগে লগে বিপিন ফাৰ্মাচিষ্টৰ হতুৱাই চিকিৎসা কৰাইছে৷ বৰ্তমান তাই ঘৰতে৷ সকলো শুনি ঘটিৰাম পুনৰ বিচনাত পৰিল৷

☆★☆★☆

2 Comments

  • ৰিণ্টু

    চাৰ, আপোনাৰ তথ্যসমৃদ্ধ প্ৰবন্ধবোৰে ইতিমধ্যেই ফটাঢোল ই-আলোচনীৰ মজিয়া শুৱনি কৰি থৈছে। এইবাৰ এটা সুন্দৰ ৰসাল গল্প পঢ়িবলৈ পালো। অশেষ ধন্যবাদ চাৰ

    Reply
  • Himasree

    Khub Val lagil ..

    Reply

Leave a Reply

Your email address will not be published.