ফটাঢোল

ঘোঁৰা বাগৰাসন – ডলী তালুকদাৰ

অ’ আইজনী! তুমি বোলে কালি আমাৰ ইয়াৰ লগত কথা পাতোতে কিবা যোগাসন কৰি আছিলা। সেইকাৰণে সি বেছি কথা নাপাতিলে ফোনত। মই আকৌ গমেই নাপাওঁ নহয় তুমি যে যোগকৰা বুলি। ই মোক সুধিছে তোমাৰ যোগাসনৰ স্কুল আছে নেকি? কিবা বোলে ‘ঘোৰা বাগৰাসন’ নামৰ আসন কৰি আছিলা।সেইবাবে কথা নাপাতিলে বেছি।

হ’বলগীয়া শাহু মায়ে কি কৈছে মই একো বুজা নাই।আৰু মইয়ে বা যোগ গুৰু কেতিয়াৰ পৰা হ’লো! মোৰ দৰে এলেহুৱা এজনীয়ে যোগাসন কৰিম? একো বুজি পোৱা নাই? কি কৈছে হ’ব লগীয়া শাহু মাই?

খঙো উঠিল পুতেকৰ ওপৰত। ইমান মিছা কথা কৈছে।

‘ঘোৰা বাগৰাসন’ মইয়ো প্ৰথম শুনিছো নামটো। তাকো মই কৰিছো? যোগা কৰাৰ ভিতৰত মই শৱাসনটোহে ভালকৈ জানো। মোৰ দৰে এলেহুৱাৰ বাবে সেইটোৱে বেষ্ট আসন।

চাটকৈ মনত পৰি গ’ল আগদিনাৰ কথা।

জীৱনত অমুকীৰ যে লটি-ঘটিৰ সীমা নাই সেই কথাৰ চাক্ষুস প্ৰমাণ দিবলৈকে এগাল মানুহ ওলাব। নিজেই নিজৰ কথাত পাক খাই কেতিয়াবা অনেক অবাঞ্ছিত লটি-ঘটি হয়। কিবা ক’বলৈ ওলালেই মনৰ ভিতৰৰ কথা জিভাত পাক খাই বেলেগ ৰূপত ওলাই সমুখৰজনক এনেদৰে বিপাঙত পেলায় যে পিছত মই নিজেই হায়ৰাণ হৈ যাওঁ। তাৰপিছত আকৌ যেতিয়া সেই মুখধ্বনি গৈ শ্ৰোতাৰ মনত বেলেগ অৰ্থৰ সৃষ্টি কৰে, তেতিয়া ঘটনাৰ পাকচক্ৰ কোনফালে গতি কৰে তাক ঠাৱৰ কৰাই টান হৈ পৰে।

কিন্তু তাত অমুকীৰ দোষ কি? মই যি শিকিছোঁ সেয়া মোৰ আইৰ পৰা,আইৰ মাকৰ পৰা,পিতাৰ পৰা,পিতাৰ মাতাৰ পৰা। গতিকে প্ৰচলিত পৰম্পৰাৰ ধাৰাৰপৰা ফালৰি নাকাটি যি দেখো বা শুনো তাকেই কওঁ। আৰু সেইবোৰৰ অৰ্থ জানি-বুজি লৈহে অমুকীয়ে সেই বোপা-ককাৰ শব্দচয়নৰ চৰ্চা কৰে। দেখাক দেখি কণাৰ ফৰ্মুটি চলাবলৈ আমি শিকাও নাই দেও।

আমি মূলত: নামনিৰ মানুহ অৰ্থাৎ মা-দেউতা গুৱাহাটী নিবাসী যদিও দৰাচলতে তেওঁলোকৰ ঘাইশিপা নামনি। মোৰ জন্ম তথা লালন-পালন, পঢ়ন, ভ্ৰমণ আদি সমষ্ট গুৱাহাটীত। মানে এক কথাত মই গুৱাহটীয়নী বা নামনিৰ ভাষাত “গুহেইটেনী”। কিন্তু ঘৰত আমাৰ কথা-বতৰাত ব্যৱহৃত অধিকাংশ শব্দ তথা সুৰেই নামনিৰ। তাৰ ভিতৰত এটি শব্দ যিটো আমাৰ আইতা, মাহঁতৰ মুখত সঘনে উচ্চাৰিত হয় সেইটো হ’ল ‘ঘোঁৰা বাগৰ’।
সাধাৰণতে দুপৰীয়া যিটো ভাত ঘুমতি মানুহে মাৰে সেইটোকে মোৰ মা,আইতাহঁতে ‘ঘোঁৰা বাগৰ’ বুলি কয়।অৰ্থাৎ টোপনি নহাকৈ বিচনাত কিছু সময় দুপৰীয়া ভাত খাই জিৰণী লোৱা পৰ্ব বা আবেলিলৈ কামত ধৰাৰ আগতে ভাত খাই মাৰি লোৱা চিলমিলিয়া টোপনী বিশেষ।

এতিয়া আহো মোৰ ‘ঘোঁৰা বাগৰ’ৰ কাহিনীক লৈ। তেতিয়া মোৰ বিয়াৰ কথা বতৰা চলি আহিছিল মোৰ বৰ্তমানৰ শাহুৰ পুতেক মানে মোৰ পতিদেৱৰ লগত। শাহু আৰু দেওৰে মোক এদিন ঘৰত চাই পচন্দ কৰি থৈ গৈছিল। পুত্ৰধন অৰ্থাৎ মানুহজন পিছত এদিন আহি চাই যোৱা কথা। কথা-বতৰাৰপৰা বুজিব পাৰিলো মাকৰ পচন্দই তেওঁৰো পচন্দ। প্ৰথমতে মাকে পচন্দ কৰি যাওঁক তাৰপিছত তেওঁ আহিব।

বচ! কথামতে কাম।মাকে আহিয়ে মোক দেখাৰ পিছত পচন্দ কৰিলে।মাকৰ কোনো আপত্তি নাই। এতিয়া পুতেকে আহি এদিন ছোৱালীৰ লগত কথা বতৰা তথা দেখা কৰিলেই পিছৰ পৰ্যায়লৈ গতি কৰিব পাৰে।
পিছে শাহুআইৰ চিন্তাৰ আগত দৌৰি (এইটোকো ঘোঁৰাদৌৰেই বুলিব পাৰি) দেউতাৰ হ’বলগা জোঁৱায়েকে ক’লে যে তেওঁ এবাৰ মোৰ লগত কথা পাতি চাব বিচাৰে ঘৰলৈ অহাৰ আগত। যিহেতু অমুকীৰ বিয়াৰ আগত প্ৰেমসাগৰত উটি-ভাঁহি পুৱতিনিশালৈ প্ৰেমালাপ কৰাৰ অভিজ্ঞতা নাই, গতিকে ডাঙৰীয়াৰ প্ৰস্তাৱটোত মোৰ ডিঙি শুকাই গ’ল। হওঁক তেওঁ, মাতটো নুশুনাকৈনো কেনেকৈ বিয়া পাতিব তেওঁ। যিটো মাতৰ কেটেৰা-জেঙেৰা জীৱনটো খাব লাগে, সেইটো মাত বিয়াৰ আগত এবাৰ শুনি লোৱাতনো কি আপত্তি? কেতিয়াবা ভাবো বোলো এই কোকিলকণ্ঠী নাইটিংগেল যেন গায়িকাবোৰে গিৰিয়েকক গালি দিলেও চাগে কিমান সুমধুৰ লাগে! সি যি কি নহওঁক, শাহুমায়ে মোক দুদিন আগত ফোন কৰি জনালে যে পৰহি তেওঁলোকৰ ল’ৰাটোৱে ফোন কৰিব। লগতে জনালে যে যিকোনো সময়তে কৰিব পাৰে তেওঁৰ নিজৰ সুবিধা মিলাই।গতিকে মই ফোনটোৰ কাষত থাকিব লাগে সিদিনা অলপ। খা বাপেক্কে, থাক এতিয়া শাহুৰ পুতেকলৈ বোন্দাপৰ দি।

তেতিয়া আমাৰ ঘৰত লেণ্ডলাইন ফোন আছিল (বৰ পুৰণি দিনত বিয়া হোৱা বুলি ভাবি ৰাইজে বুঢ়ী নোবোলেতো?)। যাহওঁক, মোৰ মোবাইল নথকাতো সেইকাৰণে স্বাভাৱিক আছিল। ৰাতিপুৱাই উঠি গা-পা ধুই মন্দিৰত চাকি-ধূপ জ্বলাই মই ফোনটোৰ ওচৰত পূৰা ৰেডী। নিজকে সেই সময়ত কিবা “ফিৰ হেৰাফেৰী”ৰ পৰেশ ৰাৱাল যেন লাগিছিল। তাৰ লগতে মনতে প্ৰেক্টিছ কৰি আছো মাতটো কিমান মিঠাকে উলিয়াম (ফাৰ্ষ্ট ইম্প্ৰেচন ইজ দ্য লাষ্ট ইম্প্ৰেচন), কিমান ভলিউমত উলিয়াম(কিয়নো মই কথা ক’লে তেতিয়া বহুতে ওচৰৰ ঘৰত কিবা কথা বা বস্তুৰ আদিৰ কথা সোধা বুলি ভাবিছিল)। কি কি সুধিম তেওঁক আৰু তেওঁ সুধিলে কেনেকৈ ক’ম? মানে ফুল প্ৰেক্টিচ কৰি নাটকৰ স্ক্ৰিপ্ট মুখস্থ কৰাদি ৰিহাৰ্চেল কৰি মই ষ্টেজত উঠিবলৈ সাজু। তাতে মায়ে মাজে মাজে ট্ৰেইনিং দিয়ে বোলে তই বেছি প্ৰশ্ন নুসুধিবি তেওঁক। তোক যদি কিবা কিবি সোধে,কি ইমান প্ৰশ্ন কৰি থাকে বুলি খং নাখাবি। বিশেষকৈ এটা কথা মায়ে ভাটৌৰ দৰে মোক শিকাইছে যে তই কিন্তু মই ভাত বনাব বেয়া পাও,বিয়াৰ পিছত কিন্তু আপুনিও বনাব লাগিব আদি নুশুনাবি। কিয়নো মই সকলো কাম কৰিব পাৰো কিন্তু ভাত বনোৱা কামটো বৰ বেয়া পাইছিলো(এতিয়াও ইমান ভাল নাপাওঁ)। আগতে মাজে মাজে মাক কৈছিলো যে মোক যিয়ে বিয়া কৰাব তাক কিন্তু মোক চাবলৈ অহাৰ দিনাই কৈ দিম যে মই অকলে ভাত নবনাও। সিও বনাব লাগিব। গতিকে মাৰ সেই কথাটোত অলপ ভয় লাগি আছিল। তাতে খাৰাংখাচ কথা কোৱা বুলি মোৰ বদনাম এটা আছেই।ইফালে শাহু মায়েও কৈ থৈছে আমাৰ সি অলপ একা চেকা।বেছি কথা নকয় অাৰু অলপ হাঁহি ধেমালি কম কৰে।মানে শাহু মায়ে পুতেকক লৈ লেবেল এটা দিছে বুজিলো।মুঠতে সাতে-সোতৰই মিলি দুই মাৰ চেপাত মোৰ প্ৰাণবায়ু বাজ হওঁ হওঁ অৱস্থা।

ৰাতিপুৱাৰ পৰা চোতালত মেলি দিয়া ধান ৰখাদি ৰখিলোহে ৰখিলো, নাই, শাহুৰ পুতেকৰ ফোন নাহিল। মাক ক’লো ভাত দিয়া, ভোক জলাঞ্জলি দি ফোনলৈ ৰৈ থকাত নাই; শাহুৰ পুতেকে যেতিয়া কৰে কৰিব ফোন। এইবুলি পূৰা ডেমকেয়াৰ হৈ ভাত পানী খাই বিচনাত পৰিলোঁ।
ঠিক দহ/পোন্ধৰ মিনিট মান পিছতে এওঁৰ ফোন আহিল। কি যে বিমংগলীয়াকৈ ৰিং কৰিলে ঐ, যেন ভাতঘূমটিত পৰা গোটেই চুবুৰীটোকে জগাব সেইটোৱে। চিলমিলকৈ মোৰো অলপ টোপনি আহিবলৈ লৈছিল তেতিয়া।প্ৰথম বাৰত গমকে নাপালো, গতিকে ভাবক কিমান চিকুণ টোপনি আছিল মোৰ সেইটো। দ্বিতীয় বাৰতহে খকমককৈ উঠি ফোনটো ধৰিলো। হেল্ল’ কোন বুলি সোধাত মই বুলি মাত দিলে। টিঙিচ্‌কৈ উঠিছিলেই আৰু খংটো। এনেই ৰাতিপুৱাৰ পৰাই ৰখি মৰিছো এজনক আৰু এতিয়া দুটা বজাত কোন ‘মই ‘ওলাল এইজন? অলপ জোৰকৈ ক’লো ,”কোন মই”? নামটো কওঁক। দৰাই সিফালে থত্‌মত্‌ খালে যেন পাও। অলপ কোমলকৈ ক’লে মই মানে অমুক, শ্বিলঙৰ পৰা কৈছো।তেতিয়াহে মোৰ টোপনীৰ জাল কমিল। হাজাৰ হওঁক, ৰিহাৰ্চেল কৰা স্ক্ৰিপ্টৰ ডায়লগ মিছ কৰিব নোৱাৰি।

লাজো পালো,ভয়ো লাগিল।ইফালে বুকু ঢপ ঢপ মাৰিছে, যেন ধান বনা মিলটোহে। লাহেকৈ নমস্কাৰ দি মই ডলীয়ে কৈছো বুলি ক’লো। তেওঁ ক’লে বেয়া নাপাবা ৰাতিপুৱা অলপ ব্যস্ত আছিলো। এতিয়াহে সময় পালো আৰু লগে লগে তোমাক ফোন কৰিলো। কথাৰ মাজে মাজে লক্ষ্য কৰিলো সিটোপাৰৰ পৰা ভাবি ভাবিহে প্ৰশ্ন সুধিছে। ভাবটো দেখি এনে লাগিল যেন কইনাৰ প্ৰশ্ন অপচন্দ হ’লেই তেওঁক ৰিজেক্ট কৰিব।মোতকৈ বেছি সেইফালেহে লাজে নাকত ধৰিছিল যেন পাও।বুজিলো দৰাইও ফুল প্ৰেক্টিছ কৰিছে।কি ঠিক হাতত স্ক্ৰিপ্ত খন লৈয়ে আছে বা?

ভাত খালানে,মাহঁতৰ ভালনে, তোমালোকৰ ঘৰত যাম বুলি ভাবিছো জাতীয় কথাৰহে পয়োভৰ বেছি তেওঁৰ। মইও উৎসাহিত হৈ গৈ আছো বোলো যিয়েই নহওঁক ইমান ভয় কৰিবলগীয়া তেখেত নহয়, মানে যিটো ভয় মোৰ মনত লগাই থৈছিল।

এনেই মই ভীষণ কথাচহকী। পিছে সেইদিনা বেছিভাগ সময় দুয়োফালে নিৰবতাই বিৰাজ মান। মইও ভাত খালেনে,ৰাতিপুৱা ব্ৰেকফাষ্ট কিহেৰে কৰিলে বুলি সুধিলো।হেজাৰ হওঁক বেয়া দেখি ন?মোক ইমান ধুনীয়াকৈ ভাত খোৱাৰ কথা সুধিছে। গতিকে মই যদি তেওঁক ব্ৰেকফাষ্ট খোৱাৰ কথা নোসোধো কেনেকুৱা হ’ব? তথাপিও মনত চেগা-চোৰোগাকৈ ভাব আহিল বোলো ভাত-চাহ খোৱাৰ কথাও ইমান ভাল হয়নে? হাজাৰ হওঁক, লেণ্ডলাইন ফোনত বিয়নী মেল কমেই হৈছিল। অতগাল পইছা খৰচ কৰি ভাত-চাহ খোৱা পাতিবলৈ কাৰ কি গৰজ পৰিছে?

তেনেকৈ কিছু সময় পিছত এপাকত তেওঁ মোক সুধিলে – বৰ্তমান তুমি কি কৰি আছা?

মইও একো নাভাবি টপককৈ ক’লো নাই তেনেকুৱা বিশেষ একো নহয়, “ভাত কিটা খাই মাত্ৰ ‘ঘোৰাঁ বাগৰ’ দিছো”। এক, দুই, তিনি দণ্ডমানৰ নীৰৱতা আৰু হঠাৎ “মই থওঁ দিয়া”।

মই আচৰিত! হাৰে কথা নাই বতৰা নাই ফোন কাটি দিলে।কি আচৰিত মানুহ। নহওঁ মই এইডালৰ লগত বিয়া। ইহ্ ডাক্তৰ হ’ল কিবা দায় লাগিল নেকি? কিহৰ নোহোৱা কামডাল কৰিছে? মাক ক’লো অভং নে কথাই ক’ব নেজানে নে অহংকাৰীয়ে এইটো।নহওঁ বিয়া মই। মা হঁতো আচৰিত হ’ল। মোক ক’লে তই একো বেয়াকে কোৱা নাইতো?

সন্ধিয়া শাহু আইৰ ফোন আহিল। মোক ক’লে আইজনী ভালকৈ কথা পাতিলা নে? হেৰি কথা এটা কোৱাচোন? তুমি কিবা যোগাসন কৰা নেকি?মই বোলো কিয় সুধিলে মা। আৰু আপোনাৰ ল’ৰাই ব্যস্ত আছিল নেকি বেছি কথা নাপাতিলে(তেতিয়ালৈকে মই শাহুৰ লগত মুকলিকে কথা পাতিব পৰা হৈছিলো)।
শাহুৱে লগে লগে ক’লে নহয় মাজনী আচলতে তোমাক দিগদাৰ নিদিলে। তুমি তেতিয়া বোলে কিবা আসন কৰি আছিলা “ঘোৰাঁ বাগৰাসন” নে কি সেইকাৰণে। সি বোলে অহাকালিলৈ আকৌ ফোন কৰিব ৰাতিলৈ।
কৃষ্ণ কৃষ্ণ। ক’তে মৰো মই!ক’ত মই ক’লো ‘ঘোৰাঁবাগৰ’ দিয়াৰ কথা আৰু শহুৰৰ পুতেকে শুনিলে ‘ঘোৰাঁ বাগৰাসন’ৰ কথা।

আচলতে মোক তুমি বৰ্তমান কি কৰি আছা বুলি সোধাৰ অৰ্থ হ’ল যে মই কিবা কাম বা চাকৰিজাতীয় কিবা কৰি আছো নেকি। আৰু মই মহামতিয়ে ভাবিলো দুপৰীয়া সেই সময়ত কি কৰি আছো সুধিছে নেকি।
ডাঙৰ কথাটো হ’ল বিয়া হৈ তেওঁৰ ঘৰত প্ৰবেশ কৰি বিয়াৰ আঠ মঙলা খোৱা দিনলৈ তেওঁ মোক যোগ গুৰু বুলিয়ে ভাবি আছিল, যোগাসনৰ ট্ৰেইনিং লোৱা বুলিয়ে ভাবি আছিল। যাহওঁক, অৱশেষত কোনো হানি-বিঘিনি নোহোৱাকৈয়েই শাহুৰ পুতেকে মোক বিয়া পাতি নিলে।

☆★☆★☆

7 Comments

  • কাবেৰী মহন্ত

    মজা লাগিল ডলী ৷ এতিয়া পিছে ঘোঁৰা বাগন দিয়াৰ সময় নাই ন ?

    Reply
    • ডলী

      ধন্যবাদ বা।এতিয়া অাগৰ সেই দিন নাই।

      Reply
  • মাধু

    বাপৰে বাপ !! ঘোঁৰা বাগৰাসন। ময়ো প্ৰক্টিছ কৰিব লাগিব ৰ।

    Reply
  • Arabinda Goswami

    “যোগগুৰু বাবা কি জয়”——দিল খুচ।মজা।

    Reply
  • হেমন্ত কাকতি

    ঘোৰা বাগৰাসনটো মোকো অলপ শিকাই দিবাচোন৷ মজা লাগিল ডলী৷

    Reply
  • হিৰণ্যজ্যোতি দাস

    হা হা হা ৷ এতিয়া বোধহয় সেইটো কথা লৈ খুব জমি থাকে ৷

    Reply

Leave a Reply

Your email address will not be published.