ফটাঢোল

চক্ৰবেহু – ৰাজীৱ শৰ্মা

ফটা পোষ্টাৰ বেনাৰ প্ৰেজেণ্ট্চ

চক্ৰবেহু

প্ৰযোজনাঃ গীথিকা এছ

পৰিচালনাঃ ৰাজীৱ শৰ্মা

আৱহ সংগীতঃ ৰাজীৱ শৰ্মা

দৃশ্য সংযোজনঃ সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

এডিটিং এণ্ড গ্ৰাফীক্চঃ উৎপলা শইকীয়া

দৃশ্য (১)

কেমেৰা শ্লৌ’ লী ঘূৰিব…..পুৱতি নিশাৰ শ্বট থাকিব….লাহে লাহে কেমেৰা আহি আহি ঘৰ এটাৰ ভিতৰৰ দৃশ্যত দেখা যাব…বেডৰুমত এখন কিং চাইজৰ বিছনাত শুই থকা অৱস্থাত দুটি সন্তান, পতি-পত্নীৰ সৈতে এটি পৰিয়াল। শুই থকাৰ পৰা লাহে লাহে মানুহজন উঠি বহে।

হাতত সাৰে ভৰিত সাৰে মানুহজন, মূল চৰিত্ৰ অভিমন্যু শোৱাৰ পৰা উঠি টোপনিত লালকাল ল’ৰা-ছোৱালী দুটা আৰু মৰমৰ পত্নীৰ মুখখন শেষবাৰলৈ চাই লোৱা দেখুওৱা হয়। লগে লগেই তেওঁৰ অন্তৰভেদী এটা দীৰ্ঘ হুমুনিয়াহ কাঢ়ি তেওঁ মৃদু স্বৰত ক’বলৈ ধৰে,- এইয়াই শেষ। আজিৰ পৰা আৰু তোমালোকৰ মনত দুখ দিবলৈ এই অভিমন্যু জীয়াই নাথাকে । দূৰ হৈ যাব সি তোমালোকৰ পৰা। দূৰ, বহুদূৰ, য’ৰপৰা সি আৰু কাহানিও ঘুৰি নাহে, আহিব নোৱাৰে।

অজানিতে তাৰ খোজ দুৱাৰৰ ফালে নগৈ ল’ৰা-ছোৱালী হালৰ ওচৰলৈ ঘুৰিল। হয়তো তাহাঁতক শেষ বাৰলৈ চাই লোৱাৰ, চুই চোৱাৰ হেপাঁহ আৰু তেওঁৰ পত্নী, যিয়ে যোৱা পোন্ধৰটা বছৰে তেওঁৰ সাহচৰ্য দিলে, সুখ-দুখৰ সমভাগী হ’ল তেওঁক মনে মনে নমস্কাৰ কৰি অভিমন্যুৱে নিজকে নিজে ক’লে- “গোটেই জীৱন সুখে-দুখে,আপদে-বিপদে একেলগে থকাৰ কথা আছিল। কিন্তু মই নোৱাৰিলোঁ সেই কথা ৰাখিব। বিভিন্ন ঘটনাৰ পাকচক্ৰত পৰি আজি মই অসহায়, দুৰ্বল। আনকি তোমাৰ সন্মুখত ঠিয় হোৱাৰ যোগ্যতাও মই হেৰুৱাই পেলাইছোঁ। ক’ৰ পৰা যে কি হৈ গ’ল! আশা আছিল সুন্দৰ ভবিষ্যতৰ। কিন্তু তাক নিজহাতে ভাঙি ঠানবান কৰিলো মই, নহয় অদৃষ্টই। কিন্তু এতিয়া তোমাক বুজাও কেনেকৈ? বুজিবাই বা কিয় তুমি? পৰিবেশ, পৰিস্থিতি,সময় সকলো দেখো মোৰ বিপক্ষে”।

কেমেৰা লাহে লাহে অভিমন্যুৰ মুখত নিবদ্ধ হয়। মুখখন কৰুণ দেখুৱা হ’ব।

চকু দুটা সেমেকি আহিল অভিমন্যুৰ। মৰমৰ পৰিয়ালটোৰ পৰা আতঁৰিব লগাৰ শোকে তাৰ বুকুখন মুচৰি পেলালে। কি কৰোঁ নকৰোঁ এক দুধোৰ মুধোৰ অৱস্থাত দেখুওৱা হ’ব। এবাৰ উভতি বিছনাৰ ফালে গৈ ৰৈ দিয়ে….।
কিন্তু মুহূৰ্ততে সি মনটো বান্ধি পেলালে। নিজকে নিজে ক’বলৈ ধৰিলে,- মই এতিয়া দুৰ্বল হ’লে নহ’ব। এতিয়া মোৰ মৰাৰ বাদে আন বিকল্প নাই আৰু যেনিবা মই বাচি থাকিলোৱেই ,এক, ডেৰ ঘণ্টাৰ পাছত যেতিয়া পত্নীয়ে মোৰ কু কৰ্মৰ কথা গম পাব তেতিয়া মই কেনেকৈ ঠিয় হ’ম তেওঁৰ আগত? নাই নাই, চিনাকীৰ যোৱা বিশটা বছৰত তেওঁৰ মোৰ প্ৰতি গঢ়ি উঠা বিশ্বাসৰ সৌধটো খহি পৰাৰ আগতেই মই পলাব লাগিব, লাগিলে দোষ যাৰেই নহওঁক কিয়?

“মৰমী, ইহঁত দুটাক তোমাৰ হাতত গতালো।মোক ভুল নুবুজিবা।বিদায়”।বুকুলৈ উজাই অহা দুখখিনিক প্ৰশ্ৰয় নিদি অভিমন্যু কোঠাৰ বাহিৰ হ’ল। লক্ষ্য তাৰ বাৰীৰ চুকৰ পুখুৰিটো।(কেমেৰাই ঘৰৰ পৰা ওলাই বাৰীৰ দিশে অভিমন্যু গৈ থকা দেখুৱায়।)

দৃশ্য (২)

পুখুৰীৰ পাৰত থিয় হৈ পানীত জাপ দি জীৱনটো শেষ কৰি দিবলৈ অভিমন্যু সাজু হৈ কিবা এটা ভাৱি থাকোঁতে তাক আন এটা কথাই তাক ভবাই তুলিলে,-

“মই আত্মহত্যা কৰা বুলি প্ৰমাণ হ’লে মোৰ পৰিয়ালটোৱে জীৱন বীমাৰ টকাখিনি পোৱাত অসুবিধা হ’ব দেখোন! তেন্তে আত্মহত্যা কেনেকৈ কৰোঁ।“

অভিমন্যু পানীত জাপ মাৰিব লৈও ৰৈ গল।,-“গতিকে উপায় কি!! মই মৰিব লাগিব কিন্তু এটা দূৰ্ঘটনাৰ ৰূপ দিহে।“

অভিমন্যুৱে পুখুৰীৰ চাৰিওপাৰ ভালদৰে চালে, কিজানি কিবা উপায় ওলাই! কেমেৰাইও অভিমন্যু চকুৰ দৃষ্টি যিফালেই গৈছে সেইফালেই ঘূৰাই যোৱা দেখুওৱা হৈছে।

অৱশেষত উপায় ওলাল। সি দেখিলে কোনোবাই দলংখনেদি পানী নুতুলি পুখুৰীৰ পাৰেদি নামি গৈ পানী তোলাৰ এটা চিন আছে। সি উচ্চসিত হৈ পৰিল,- “আস! উপাই পালোঁ…. বচ,হৈ যাব।“

সি নিজকে নিজে কৈ থাকিল,- “এইটো চিনেৰেই মই পুখুৰীলৈ নামি যাব পাৰিম আৰু শেষ মুহূৰ্তত পিছল খাই পানীত পৰিমগৈ! তাৰ বাবে বাটটোত পানী অলপ চতিয়াই পিছল কৰি ল’ব লাগিব যাতে মই পানীত পিছলি পৰা বুলিয়েই সকলোৰে বিশ্বাস হয়।“

এইখিনিলৈ ভাবি সি স্বস্তিৰ নিশ্বাস এৰিলে আৰু লৰালৰিকৈ দলঙৰ কাষেদি পুখুৰীলৈ নামি গ’ল।কিন্তু পিছলি পানীলৈ যাবলৈ লৈ অভিমন্যু থমকি ৰ’ল,-

“মৰিবলৈ দেখোন মোৰ ভয় লাগিছে। মৰিম বুলিয়েই মৰি যোৱাটো তাৰমানে ইমান সহজ কথা নহয়।“

কৈ কৈ দুবাৰমান পিছলি যাবলৈ চেষ্টা কৰিও শেষমুহুৰ্তত সি পুনৰ দলংখনলৈ উঠি আহিল।

-“মই এনেকৈ পানীত পৰি মৰি গ’লে আনৰ লগতে মোৰ মানুহজনীয়েও আনকি মোৰ মৃত্যু সঁচাই এক দূৰ্ঘটনা বুলি ভাবিবলৈ বাধ্য হ’ব।কিন্তু যাৰ লগত মই ইতিমধ্যে জীৱনৰ পোন্ধৰটা বছৰ একেলগে পাৰ কৰিলো এতিয়া শেষ সময়ত তেওঁক আচল কাৰণটো নজনোৱাকৈ এই পৃথিৱীৰ পৰা গুচি যোৱাটো অন্যায় হ’ব”।

এতিয়াহে সি দ কৈ ভাবিবলৈ সময় পালে যে তাৰ অবিহনে ল’ৰা-ছোৱালী দুটাক ডাঙৰ কৰিবলৈ গৈ মানুহজনী ভীষণ সমস্যাত পৰিব। আচলতে সি আত্মহত্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা বিভিন্ন চিন্তাৰ ফলশ্ৰুতিত হে এনেকৈ ভাবিছিল।

দলংখনতে বহি এনেদৰে আকাশ পাতাল ভাবি থাকোতেই তাৰ একোবত পেণ্টৰ জেপলৈ হাত গ’ল আৰু মোবাইলটোত হাত লাগিল। অকস্মাত তাৰ মনত এটা ভাবে উকমুকালে।

“এটা কাম কৰিলে কেনে হয়…? মই বৰ্তমান যিটো পৰিস্থিতিত পৰি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লবলগীয়া হৈছে সেই ঘটনাটো পত্নীক জনোৱাটো উচিত হ’ব। যিহেতু মুখামুখিকৈ সেইটো অসম্ভৱ গতিকে এই মোবাইলটোৰ সহায়তে সেই সুবিধাটো ল’ব লাগিব। যদি তেওঁ কথাটো বুজি পায় তেন্তে মই আত্মহত্যাৰ সিদ্ধান্ত পৰিহাৰ কৰিম অন্যথা নিজকে এই পুখুৰীতে নিঃশেষ কৰি ম”মৃত্যুৰ পৰা বাচিবলৈ কি যে চেষ্টা মোৰ”- নিজকে নিজে কৈ সি পত্নীলৈ ফোন লগালে।

দৃশ্য (৩)

দুবাৰমান ৰিং হোৱাৰ পাছতে পত্নীয়ে টোপনিৰ পৰা খকমককৈ ফোনটো ৰিছিভ কৰিলে,-“হে…ল্লো…হে…ল্লো…”

কিন্তু আনটোমুৰৰ কোনো সঁহাৰি নাপাই বিৰক্তিত বিচনাৰ পৰা উঠি হেল্ল’ হেল্ল’ বুলি এইবাৰ ডাঙৰকৈ মাতিলে।

ইপিনে অভিমন্যুৱে মোবাইলটো কাণতে লৈ শিল পৰা কপৌৰ দৰে দলঙত নিচ্ছল হৈ কিছুদেৰি ৰ’ল। দুচকুত ভৰ বাৰিষাৰ ঢল। বুকুখন যেন কিহবাই হেঁচা মাৰিহে থৈছে যাৰবাবে তাৰ মুখেৰে মাত ওলোৱা নাই। নতুনকৈ খোজকাঢ়িবলৈ শিকা শিশু এটাই যেনেকৈ ভয়ে ভয়ে খোজ আগবঢ়াই ঠিক তেনেকৈ সি মুখেৰে মাত্ৰ হেল্ল’ বুলি উচ্চাৰণ কৰিলে।

টোপনিৰ জালত থকা তাৰ পত্নীয়ে নিশ্চয় ইমান সময়ে কোনেনো ব্ৰহ্মপুৱাতে ফোন কৰিছে চোৱাই নাছিল। এতিয়া ফোনৰ আনটো মুৰে অভিমন্যুৰ মাত শুনি তেওঁ যেন আশ্চৰ্যত ফাটিহে পৰিল,-

“তুমি, ক’ৰপৰা ফোন কৰিছা আৰু কিয়? কি হ’ল তোমাৰ? কেতিয়া বিচনাৰ পৰা উঠি গ’লা?

উহ্ তেওঁৰ প্ৰশ্নৰ যেন শেষ নাই! অৱশেষত হাজাৰ চেষ্টাৰ মুৰত সি নতুনকৈ কথা ক’বলৈ লোৱা শিশুৰ দৰে হেনাহুচাকৈ ক’বলৈ আৰম্ভ কৰিলে।

“মই অভিয়ে কৈছো, জীৱনত মই এটা বৰ ডাঙৰ ভুল কৰি পেলালোঁ। চিনাকী তথা বিবাহৰ পিছতে তোমাক দিয়া নিৰাপত্তা আৰু বিশ্বাসৰ সকলো আশ্বাস ভংগ কৰি মই এতিয়া মৃত্যু পথৰ যাত্ৰী। হয়তো এইটো তোমালৈ মোৰ শেষ ফোন কল।“

তেওঁ অধৈৰ্য্য হৈ উঠিল- “কি কথা, কি দোষ কৰিলা তুমি মোৰ ওচৰত আৰু ক’ৰ পৰা ফোন কৰিছা!সোনকালে ঘৰলৈ ঘুৰি আহা।“

শেষলৈ তেওঁৰ মাতটোও যেন কান্দোনলৈ পৰিৱৰ্তিত হৈ পৰিল। অভিমন্যু এক মুহুৰ্তৰ বাবে স্হানুৰ দৰে থৰ হৈ ৰ’ল আৰু একে উশাহে ক’ল–“পবিত্ৰ হোমৰ জুই আৰু ৰভাতলত উপস্থিত থকা সমুহ ৰাইজক সাক্ষী কৰি মই তোমাক লৈ যি সুখী আৰু সুন্দৰ জীৱনৰ প্ৰতিজ্ঞা কৰিছিলো সেইটো মই পালন কৰিব নোৱাৰিলো। তুমি শুনি নিশ্চয় হতবাক হ’বা, আমাৰ ঘৰত কাম কৰা বাইজনীয়ে মোৰ ওপৰত ধৰ্ষণৰ চেষ্টা চলোৱা বুলি থানাত এটা কেছ দিছে।”

ইমানখিনিলৈকে কৈ অভিমন্যুয়ে পত্নীৰ প্ৰতিক্ৰিয়া জানিবলৈ ৰ’ল। অভিমন্যুৱে কথা ক’বলৈ বন্ধ কৰাৰ লগে লগেই তেওঁ ছিঃ বুলি চিঞৰি উঠিল। কিন্তু পাছমুহুৰ্ততে হিম শীতল নিৰৱতাৰে সুধিলে–“ক’ত, কিয় আৰু কেতিয়া”?

দৃশ্য (৪)

“অভি, ইমান এটা ডাঙৰ ঘটনা কালিৰে পৰা লুকুৱাই থৈ এতিয়া মোক কিয় শুনালা? মই তোমাক একো নোকোৱাকৈ থকাৰ বাবে যে গালি পাৰিবলৈ কৈ আছা তাৰ কাৰণ কি? মই গালি পাৰিলেই কি তোমাৰ সকলো দোষ নাইকিয়া হৈ যাব? তুমি এবাৰ ভাবি চাইছানে এই ঘটনাটোৱে মোৰ ওপৰত কি ক্ৰিয়া কৰিব পাৰে? ছিঃ ছিঃ অভি, আজি তুমি মোক আমাৰ ঘৰত কাম কৰা বাইজনীতকৈও নিঃকিন কৰি পেলালা। তোমাৰ পৰা অন্ততঃ মই এই আশা কৰা নাছিলো। তুমি ভাবিছিলা মই যোৱা দুদিন মাৰ ঘৰত থকাৰ বাবে ঘটনাটো গম নাপাম। কিন্তু তোমাক নক’লেও মই কালি গধুলি ইয়ালৈ অহাৰ পাছতে কথাটো গম পাওঁ। মই মাত্ৰ বাট চাই আছিলো তুমি কেতিয়া কোৱা তালৈ। তুমি নোকোৱা হ’লেও আজি মই নিজেই এইবিষয়ে তোমাক সুধিলোহেঁতেন। মোক উত্তৰ দিয়া অভি, এতিয়া আৰু এইখন ঘৰত মোৰ স্হান ক’ত? সমাজত মোৰ মুখ উলিয়াব নোৱাৰা অৱস্থা কৰি নিজৰ চাফাই গাবলৈ এতিয়া তোমাৰ অলপো লাজ লগা নাই ?-“

এইখিনিলৈকে কৈ তেওঁ অলপপৰ ৰ’ল। হয়তো ইয়াৰ পাছত কি ক’ব তাৰে চিন্তা কৰিছে। (কেমেৰাই এবাৰ অভিমন্যুক আৰু এবাৰ পত্নীক দেখুৱাই থাকিব।)

অভিমন্যু আচৰিত হ’ল। এই অবাঞ্ছিত ঘটনাটোৰ বিষয়ে তাতকৈ এওঁ আগতে জনাৰ ৰহস্যটো ক’ত? কালি ৰাতি ভাত খাই উঠাৰ পাছত হে থানাৰ অ চি জনে তালৈ ফোন কৰি তাৰ নামত ৰুজু হোৱা গোচৰটোৰ কথা কৈ পুৱা থানালৈ মাতিছিল। তেন্তে এওঁ ঘটনাটো গধুলিতে জানিলে কেনেকৈ! তাকো কেছ ৰুজু হোৱাৰ আগতেই!

“নাই, ইয়াত কিবা এটা ডাঙৰ গণ্ডগোল আছে। হয়তো, কোনোবাই জানিবুজি মোক বিপদত পেলাবলৈ কৰা এটা ষড়যন্ত্ৰৰ অংশ মাথোঁ কালি পুৱাৰ ঘটনাটো।“

সি দলঙত বহি থকাৰ পৰা জাপমাৰি উঠি পত্নীক সুধিলে- “কোনে? কোনে তোমাক গধুলিতে ঘটনাটোৰ কথা জনাইছিল”?

একে উশাহে প্ৰশ্নটো কৰি অভিমন্যুৱে পুখুৰীৰ ফালৰ পৰা দৌৰি আহি ঘৰৰ ভিতৰ সোমাই বেডৰুমত প্ৰবেশ কৰিলে। তেতিয়ালৈকে হতভম্ব হৈ থকা পত্নীৰ মুখলৈ চালে। তেতিয়ালৈ পত্নীৰ খঙত ৰঙাপৰি থকা দুচকু আশ্চৰ্যত ডাঙৰ হৈ পৰিছে। আৰু অভিমন্যু- সি কালি পুৱা তাহাঁতৰ ঘৰত কামকৰা বাইজনীয়ে তাৰ লগত কৰা আচহুৱা ব্যৱহাৰবোৰ এটা এটাকৈ যেন মনত পেলাবলৈ চেষ্টা কৰিলে। (ফ্লেছবেক….শ্টাৰ্ট…..)

দৃশ্য (৫)

কেমেৰাত প্ৰথমে এটা সুসজ্জিত ড্ৰয়িং ৰুম দেখা যায়….সৰু ল’ৰা-ছোৱালীৰ হাই উৰুমি, হাঁহি-খিকিন্দালি শুনা যায়। লাহে লাহে ল’ৰা-ছোৱালী চাৰিটা দৌৰি ফুৰা দেখা যায়…কেমেৰা ডাইনিং ৰুম পায়… ডাইনিঙত অভিমন্যু তথা আন দুজন মানুহে বহি ভাত খাই আছে। তাৰে এজন যথেষ্ট বয়সীয়াল। সেয়া মৰমীৰ দেউতাক, অভিমন্যুৰ শহুৰ, ইকাষৰ জন মৰমীৰ ককায়েক, তেওঁ এগৰাকী প্ৰসিদ্ধ এডভোকেট। একাষত শাহুয়েকেও বহি ইটো সিটো যাছি আছে….।

অলপ পিছতে অভিমন্যু যাবলৈ ওলায়। শাহুৰ অভিযোগ,- “আজি ৰাতিটো থাকি যোৱা নহ’লে। ঘৰত অকলে অকলে থাকিব লাগিবগৈ! কাইলৈ পুৱাতেই গুচি যাবা।“

অভিমন্যুঃ মা, থাকিব পৰা হ’লেতো ভালেই পালোঁহেতেন! ডাঙৰ এটা প্ৰজেক্টৰ কাইলৈ ছাবমিট কৰিবই লাগে। ইয়ালৈ অহাৰ ৰাস্তাও ভালেডোখৰ, কিবা কাৰণত সময় মতে গৈ নাপালে মোৰ চাকৰিতে সমস্যা আহি যাব পাৰে।“

শহুৰঃ “হ’ব দিয়া, যাওক তেওঁ। কামৰ প্ৰেছাৰ কম হ’লে আহিব থাকাকৈ!”

হাঁহি এটা মাৰি অভিমন্যুয়ে ল’ৰা-ছোৱালী দুটাক মাতে। মামাকৰ ল’ৰা-ছোৱালী দুটাৰ লগত খেলিবলৈ পাই সিহঁত ফূৰ্তিতে আছে। পিছে ছোৱালীজনীয়ে তাৰ মাজতো দৌৰি আহিল,-

“দেদী, তুমি সোনকালে আহিবা। আৰু আহোঁতে ডাঙৰ চকলেট লৈ আহিবা দেই…”-বুলি অভিমন্যুৰ গালত চুমা এটা দিলে।

মৰমীয়ে অভিমন্যুক ঘৰৰ ক’ত কি আছে আকৌ এবাৰ সোঁৱাই দি ক’লে,- “ৰাতি শোৱাৰ আগতে মূল দুৱাৰখন মাৰিবলৈ নাপাহৰিবা। ঘৰ গৈ পায়েই গাড়ীখন গেৰেজত থৈ গেটত তলা লগাই দিবা। পুৱা কাম কৰা মানুহজনী আহিলে খুলিলেই হ’ল।“

সকলোকে মাত লগাই অভিমন্যুয়ে গাড়ী ষ্টাৰ্ট দিলে। গাড়ী চলিবলৈ লয়।

(এইখিনিতে অলপ ঘাইপথৰ চিন থাকিব। গাড়ীৰ ভিতৰত মৃদু স্বৰত বাঁহীবাদনৰ সংগীত চলি থাকিব। অভিমন্যুৱে গাড়ী চলাই থকাৰ পৰাই পথৰ কাষৰ ডাঙৰ ডাঙৰ গছ, ডিভাইদাৰত লগোৱা ৰং-বিৰঙী ফুলবোৰ চোৱা দেখুওৱা হয়। দুই-এঠাইত পথৰ কাষত গাড়ী ৰখাই মোবাইলৰ কেমেৰাৰে ফটো উঠোওৱাও দেখুৱা হয়। এসময়ত গাড়ী গৈ অভিমন্যুৰ ঘৰ পোৱা দেখুওৱা হয়। তেতিয়ালৈ সন্ধিয়া হ’বৰ হয়। কেমেৰাই লাহে লাহে সূৰ্যাস্তৰ দৃশ্য দেখুৱাই ৰঙা আকাশখনত ক্লোজ্ড হয়।)

দৃশ্য (৬)

কেমেৰাই প্ৰথমে পুৱাৰ সুৰুয দেখুৱাই লাহে লাহে কেমেৰা সৰু বৰ গছ-গছনি দেখুৱাই অভিমন্যুৰ ঘৰৰ চোতালত ৰয়। চোতালত জপিয়াই থকা শালিকী কেইজনীক দেখুওৱা হয়। তেনেতে গেটত মানুহ এজনীক দেখা যায়। গেটত তলা লগোৱা আছিল। মানুহজনীয়ে কাৰোবালৈ ফোন লগোৱা দেখা যায়, অলপ পিছত,- “হেল্লো বাইদেউ, গেটৰ তলা খোলাই নাই…”

মৰমীঃ “ৰ ৰ আমি ঘৰত নাই। এওঁ বোধহয় শুৱেই আছে, মই ফোন কৰি দিওঁ….”

কেমেৰা ঘৰৰ ভিতৰলৈ নিয়া হয়। বিছনাৰ কাষৰ চাইড টেবুল খনত থকা মোবাইলটো বাজিবলৈ ধৰে। কেইবাবাৰু বজাৰ পিছত শুই থকা অভিমন্যুয়ে খকমককৈ উঠি অলপ সময় তভক মাৰি ৰয়। মোবাইলটো বাজি বাজি বন্ধ হয়। ড্ৰয়িং ৰুমৰ লেণ্ড লাইন ফোনটো ক্ৰিৰি ৰিং কৈ বাজি উঠে। অভিমন্যুৱে বিছনাৰ পৰা উঠি ড্ৰয়িং ৰুমলৈ গৈ ফোনটো ৰিচিভ কৰি টোপনিৰ জালতে কয়,-

“হে…ল্লৌ….”

সিফালৰ পৰা মৰমীৰ মাত,- “কি হ’ল, শুই উঠাই নাই নেকি…? আজি অফিচো সোনকালে যাব লাগিব দেখোন! ফাৰ্ষ্ট গেটৰ তলাটো খুলি দিয়া। কাম কৰা মানুহজনী ৰৈ আছে।“

অভিমন্যুৱে ফোনটো থৈ ডাইনিং ৰুমৰ একাষত থকা শ্ব’কেছৰ ওপৰত থোৱা চাবিকোঁছা লৈ আকৌ ড্ৰয়িং ৰুমৰ ফালে আহি মূল দুৱাৰখন খুলি গেটৰ ফালে যায়।

তলাটো খুলে মানে মানুহজনীয়ে ক’বলৈ ধৰিলে,-“দাদা, বৌ ঘৰত নাই দেখি দেৰিলৈকে শুই আছিল নহয়”?

অভিমন্যুয়ে একো নকৈ চাবিকোঁছা সহ তলাটো লৈ ঘৰৰ ভিতৰলৈ গৈ থাকে। তাৰ আগেদিয়েই কাম কৰা মানুহজনীয়ে গৈ ঘৰৰ ভিতৰ সোমাইগৈ!

কেমেৰা লাহে লাহে ঘৰৰ ভিতৰলৈ যায়। অভিমন্যুয়ে প্ৰথমে দাঁত ব্ৰাছ কৰি মুখখন ধুই লয়। এনেই সি ইমান সময়লৈ শুই নাথাকে কিন্তু ঘৰত কোনো নথকাত, তথা ৰাতি দেৰিলৈকে অফিচৰ কামখিনি কৰি চিজিল লগাই শুইছিল। পুৱা এবাৰ সাৰ পাই উঠিনো কি কৰিম ভাৱত বিচনাতে দেৰিলৈকে পৰি আছিল। মনে মনে ল’ৰা-ছোৱালীদুটালৈ মনত পেলাই হাঁহিছিলোঁ। ইমান উৎপতীয়া হৈছে ! কেতিয়াবা খঙত গালি পাৰিলেও সিহঁত নাথাকিলে ঘৰখন উৰুঙা হৈ পৰে, থাকি ভাল নালাগে।

অভিমন্যুৱে চাহ একাপ বনাবলৈ পাকঘৰলৈ গ’ল। পাকঘৰত ইতিমধ্যে বাছন ধুই থকা মানুহজনীয়ে উপযাচিয়েই ক’লে,-

“দাদা, চাহকাপ ময়েই কৰোঁ দিয়ক। লৰালৰিকৈ আহোঁতে ঘৰত মোৰো চাহখোৱা নহ’ল”।

সিও আপত্তি নকৰিলে কথাটোত। পৰিবাৰ থাকিলে আগতেও বাইয়ে কেতিয়াবা এনেকৈ চাহ বাকে, নিজেও একাপ খাই। গতিকে সি বাতৰিখন লৈ বাৰান্দাত বহিলহি।

চাহকাপ দিবলৈ আহি তাই ঘপহকৈ সুধি দিলে,- “দাদা,আপুনি দত্ত দাক কিয় বেয়া পায়….?”

এইটো একপ্ৰকাৰৰ নুসুধিবলগীয়া প্ৰশ্ন। অভিমন্যুয়ে একো নমতাত তাই নিজেই ক’লে,-

“তেখেতে বোলে তাইক লগ পালে কেতিয়াবা তাৰ কথা সোধে। দাদাজন কেনে, তাইক গালি দিয়ে নেকি ইত্যাদি। আজিও তাই ইয়ালৈ আহোঁতে দত্তই বোলে হাঁহি মাৰি সুধিছে,-” তই অভিমন্যু ঘৰত অকলে থাকিলেও কাম কৰ নেকি”?

এই কথাটোতো কোনো গুৰুত্ব নিদি চাহকাপত সোহা মাৰিছিল সি। নিজৰ ঘৰত কামকৰা ছোৱালীজনীক বৰকৈ মৰিয়াওঁতে অভিমন্যুয়ে দত্তক এদিন বেয়াকৈ কৈছিল। তেতিয়াৰে পৰা তেওঁৰ লগত মাতবোল প্ৰায় নথকাৰ দৰেই। ওচৰ চুবুৰীয়া বুলিহে ওলাওঁতে সোমাওঁতে মুখামুখি হ’লে মাতষাৰ দিয়ে। এতিয়া সেই দত্তই এইক তাৰ কথা সুধি ভাল বুলি কয়!

ঘৰখন সাৰি-মচি তাই চাহৰ কাপটো নিবলৈ আহিল। কিন্তু তাই যেন তাক কিবা এটা ক’ব খুজিছে এনে ভাৱত উচপিচাই থকাত অভিমন্যুৱে নিজেই সুধিলে,-

“কিবা ক’বলৈ আছে নেকি”?

“মানে দাদা, বাইদেউ থাকিলে কেতিয়াবা মই আপোনালোকৰ ঘৰতে গা ধোওঁ । আজি ধুব পাৰিম নি বাৰু?”

অভিমন্যুয়ে বাতৰিখন পঢ়ি থকাৰ পৰাই উত্তৰ দিলে-“যা কি কৰ কৰগৈ, বাথৰুম লেতেৰা নকৰিবি কিন্তু”।

বাতৰিকাকত খন তাৰ পঢ়ি শেষ হৈছিলেই, কিন্তু সি বাই নোযোৱালৈকে সময় খিনি পাৰ কৰিবলৈ উৰাই ঘুৰাই কাকতখনকে চাই আছিল। ঠিক এনেতে বাথৰুমত কিবা এটা পৰাৰ শব্দ, লগতে বাইৰ চিঞৰ। কাকতখন চকিতে দলি মাৰি থৈ ভিতৰলৈ দৌৰিল সি। মনতে ভাবিলে এইজনী বাথৰুমত পৰিল হ’বলা। অভিমন্যুৱে বাথৰুমৰ দুৱাৰখন ঢকিয়াই ঢকিয়াই ঐ পৰিলি নেকি বুলি চিঞৰি উঠিল। কিন্তু ই কি, তাই যেন এই মুহুৰ্তলৈকে ৰৈ আছিল। তাই বাথৰুমৰ দুৱাৰখন খুলি ‘বচোৱা’ ‘বচোৱা’ বুলি পিন্ধি থকা তিতাকাপোৰৰে সৈতে বাহিৰলৈ দৌৰ মাৰিলে আৰু সি কিংকৰ্তব্যবিমুঢ় হৈ ঠাইতে বহি ইয়াৰ পাছত হ’ব পৰা পৰিস্থিতিৰ অনুমান কৰি চমকি উঠিল।

(ফ্লেছবেক শেষ….কেমেৰাত পত্নীৰ মুখৰ অভিব্যক্তিৰ প্ৰকাশ দেখুৱাবলৈ বিভিন্ন এংগোলত কৰা হৈছে, সন্মুখত থিয় হৈ বিমোঢ় অৱস্থাত অভিমন্যু।)

দৃশ্য (৭)

কেমেৰাই এইবাৰ ইতিমধ্যে কাহিনী কৈ শেষ কৰা অভিমন্যুৰ মুখৰ ওপৰত ক্লোজ আপত দেখুওৱা হয়। বৰ আশাৰে পত্নীৰ মুখলৈ চাই অভিমন্যুয়ে ক’লে,-

“তুমি মোক বিশ্বাস কৰিবানে…? ঠিক এয়াই হৈছিল সেইদিনা। তাতকৈ বেছি একো নাছিল।“

অলপ দেৰি মৰমীয়ে একো নক’লে। চিনাকী তথা বিয়াৰ ইমান দিনৰ পাছত আজি অভিমন্যুয়ে কোৱা কথাখিনিত যেন তাই দোধোৰ-মোধোৰত পৰিছে। কোন সঁচা কোন মিছা তাৰ প্ৰমাণ কেনেকৈ কৰা হ’ব তাৰ চিন্তাত যেন তেওঁ বিভোৰ হ’ল। মাত্ৰ অলপ সময় এনেদৰে থাকি তেওঁ যেন কিবা এটা উপায় ভাবি উলিয়ালে আৰু কাৰোবালৈ ফোন লগালে।

পত্নীয়ে অলপ দেৰি ফোনতে কথা পাতি থাকিল। কথা পাতি থাকোঁতেও তেওঁ যথেষ্ট গহীন হৈ থাকিল। অৱশ্যে ফোনটো থৈয়েই মুখত কিবা এক হাঁহিৰ আভাস বিয়পি পৰিল। কেমেৰা ফেদ আউট হয়।

দৃশ্য (৮)

পুৱাৰ সময়, গছৰ ফেৰেঙণিদি বেলিটো দেখুৱাই কেমেৰা অভিমন্যুৰ ঘৰৰ চোতাল পায়। চৰাইৰ কিচিৰ মিচিৰ শুব্দ শুনা যায়, দূৰৈদি উৰি যোৱা চৰাইৰ দৃশ্য… লাহে লাহে কেমেৰা চোতালৰ পৰা ঘৰৰ ভিতৰ পায়। কেমেৰা ঘড়ীত নিবদ্ধ হয়… দহ বাজিছে।

অভিমন্যু থানালৈ যাবলৈ সাজু হৈছে। কিন্তু অকলে নহয়, লগত তেওঁৰ পত্নী মৰমীও ওলাইছে। মৰমীৰ মুখত সংলাপঃ “সোনকাল কৰা। বাইজনীও থানালৈ আহিবলৈ মান্তি হৈছে। থানালৈ দাদা আহি পাইহে লাগে।“

অভিমন্যুঃ “তুমি তোমাৰ দাদাকো ক’লা!”

মৰমীঃ দাদাক নকৈ কাক ক’ম…? টকা-পইটা বুলি নহয়, দাদা নিজে এডভোকেট, সি ভালকৈ চাব পাৰিব কেছটো। আৰু কি জানা, তোমাৰ ওপৰত দাদাৰ মোতকৈ বেছি বিশ্বাস। মই তোমাৰ কথা বিশ্বাস নকৰা যেন অনুমান কৰি সিহে মোক গালি পাৰিলে।“

অভিমন্যুয়ে অকনমান সকাহ পোৱা যেন লাগিল,- “অৱশ্যে এই লাইনত দাদাতকৈ ভাল এডভোকেট সমগ্ৰ ৰাজ্যখনতে নাই। ব’লা, সোনকালে যাওঁ…”

এইবুলি কৈ অভিমন্যু আকৌ ৰৈ দিলে,-

“মৰমী, তুমি সঁচাকৈয়ে কোৱাচোন, তোমাৰ মনত কিবা সন্দেহ আছে নেকি…? যদি এই কেছটোত মই জিকিও যাওঁ তথাপিও যদি তোমাৰ মনত সন্দেহ থাকে তেন্তে মই জীৱনলৈ সুখী হ’ব নোৱাৰিম। মোৰ অজানিতেও তোমাৰ মনত দুখ দি মই শান্তি কেতিয়াও নাপাম।“

মৰমীঃ (হাঁহি এটা মাৰি) “কি জানা অভি, আন কিছুমান নাৰীৰ দৰেই ময়ো তোমাক আমাৰ ল’ৰা-ছোৱালীদুটিৰ মূৰত ধৰি শপত খাবলৈ ক’ব পাৰিলোহেঁতেন! কিন্তু তেনে কৰিলে মোৰ নিজৰ ওপৰতে বিশ্বাস হেৰাই যাব। সিহঁতদুটাক তুমি হিয়া উজাৰি ভাল পোৱা। সেই ভালপোৱাৰ শপত দিব পাৰি জানো…? আৰু তুমি মোকোতো ভাল পোৱা! তোমাৰ সেই ভালপোৱাক জুখিব নিবিচাৰোঁ। আমাৰ ভালপোৱাই আমাৰ বিশ্বাসৰ ভেঁটি। ব’লা এতিয়া….।”

মৰমীয়ে আকৌ কৈ উঠিল,-

“বাইজনীও থানা গৈ পাইহিয়েই লাগে। তাইক মোৰ দাদাৰ কথা ক’লোঁ। তাই সকলো কথা মোক কৈছে, দত্তই তাই এইদৰে তোমাক ফচালে কিমান টকা দিছে আৰু দিবলৈ আছে সকলো কৈছে। তাই কেছটো উঠাই লোৱাৰ লগতে দত্তৰ আচল চৰিত্ৰ উদঙাবলৈয়ো আমাৰ লগত থাকিব।“

অভিমন্যুৱে স্বস্তিৰ নিশ্বাস এৰিলে। সি আশ্বস্ত হ’ল এই যুঁজত সি মহাভাৰতৰ অভিমন্যুৰ দৰে অকলশৰীয়া নহয়। দত্তৰ দ্বাৰা ৰচিত বেহুভাঙি ওলাই আহিবলৈ আজি তাৰ কাষত পত্নী, প্ৰসিদ্ধ এডভোকেট তথা পত্নীৰ দাদাক আৰু বাইজনীও ঠিয় দিছে।

গাড়ীত অভিমন্যু আৰু মৰমী…. গাড়ী চলিবলৈ ধৰে…. কেমেৰা ৱাইড এংগোলত যায়…. পিট্চ দিয়া ৰাস্তাটোৰে গৈ থকা গাড়ীখন তথা ৰাস্তাটোতে কেমেৰা স্থিৰ হয়।

☆★☆★☆

3 Comments

  • সৌৰভ শৰ্মা

    এইখন সচাকৈ চিনেমা বনাব লাগে।👌🏾👌🏾👌🏾👌🏾👌🏾👌🏾

    Reply
    • Rajib Sarma

      ভাল কথা এটা উনুকিয়ালা সৌৰভ।কিন্তু বৰ্তমান পৰিস্থিতিত এইটো অসম্ভৱ। বহুত বহুত ধন্যবাদ।

      Reply
  • Kamala das

    বিস্বাসৰ ওপৰতে সংসাৰ চলে ।সত্য ৰ সদায় জয় ।

    Reply

Leave a Reply

Your email address will not be published.