ফটাঢোল

চমুটোকা-শহুৰবাৰী — সোণটো ৰঞ্জন বৰুৱা

শহুৰবাৰী, প্ৰায় প্ৰতিজন জোঁৱাইৰ বাবে ভোগালী ঠাই। যেতিয়া পত্নীয়ে হেতা চৰুৰ ওপৰত বিৰক্ত হৈ দুদিনমান ছুটি উপভোগ কৰিবলৈ মাকৰ ঘৰলৈ নাক পোনাই তেতিয়া চতুৰ জোঁৱায়েও শহুৰেকৰ ঘৰলৈ বুলি টোপোলা বান্ধে। গোটেই বিশ্বত শহুৰবাৰীহীন জোঁৱাই খুব কাচিতহে দেখা যায়। কেতিয়াবাতো এনে জোঁৱাইও দেখা যায় যাৰ এন আৰ ছিৰ কোনো ঠিকনা নাথাকে কিন্তু শহুৰবাৰী এখন থাকে।

এটা কথা ভাবিলে আচৰিত হওঁ, পৌৰাণিক গ্ৰন্থসমূহত শহুৰবাৰীৰ বিষয়ে বিশদ বিৱৰণ দেখা নাযায়। নাজানো কিয় অতীতৰ মহান মহান লেখকসকলে এই বিষয়টো ইমান অৱজ্ঞা কৰি চলিলে। এনে উপেক্ষিত বিষয় হ’লেও, এটা কথা সত্য যে এজন জোঁৱাইৰ বাবে এক বা একাধিক শহুৰবাৰী থাকিব লাগিবই। শহুৰবাৰী যেনেকুৱাই নহওক, প্ৰায় প্ৰতিজন জোঁৱাইৰ বাবে অতি প্ৰিয় ঐতিহ্যপূৰ্ণ স্থান যেন লাগে। কিন্তু কিয় লাগে বাৰু? তেওঁৰ পত্নীৰ জন্মস্থান বাবে নে আন কিবা কাৰণ থাকিব পাৰে? মোৰ মতে শহুৰবাৰীৰ চোতালতে তেওঁ নিজ স্বাধীনতা পত্নীৰ আগত ত্যাগ কৰি নিজৰ দাসত্বক সমাজৰ আগত স্বীকৃতি দিয়াৰ বাবেই পাহৰিব নোৱাৰা স্থান হৈ পৰে। অৱশ্যে এইটো মোৰহে মত দেই, আপোনাসবৰ বেলেগো হ’ব পাৰে।

জোঁৱাইৰ শহুৰবাৰীলৈ অহা যোৱা হৈয়ে থাকে। প্ৰথম অৱস্থাত তেওঁলোকে শহুৰবাৰীলৈ আহিবলৈ যিমান ভাল পায় তাৰ পৰা তেখেতৰ পত্নীৰ শহুৰবাৰীলৈ ঘূৰি যাবলৈ সিমানেই বেয়া পায়। তাৰ কাৰণো আছে অৱশ্যে। প্ৰথম অৱস্থাত জোঁৱায়েকে আদৰ ৰজাৰ দৰে পায়। জোঁৱাই এইটো খোৱা, এহ এইটোহে খোৱা সেইটো নালাগে খাব, মুঠতে পানী বিচাৰিলে গাখীৰ পায় আৰু গাখীৰ বিচাৰিলে সোমৰস পায়। কিন্তু পত্নীৰ শহুৰৰ ঘৰততো তাৰ সম্পূৰ্ণ ওলোটা, গাখীৰ বিচাৰিলে পানী, আৰু সোমৰস বিচাৰিলেতো ক’বই নালাগে কি হ’বগৈ। গতিকে এনে ভোগালী ঠাই এৰি আহিবলৈ কোনেনো বিচাৰিব!

শহুৰবাৰীত থকা এবিধ সদস্য হ’ল শাহু, মানে সেই স্বামীজনৰ পত্নীৰ মাক। শাহু শহুৰবাৰীৰ মূল চালিকাশক্তি। কিছুমান জোঁৱাইতো এনেকুৱাও পোৱা যায় যি শাহুৱেককে মাক জ্ঞান কৰি আপোন মাকক পাহৰি শহুৰবাৰীতে নিগাজিকৈ বাস কৰিবলৈ লয়। কিছুমান শাহু পোৱা যায় যি বাৎসল্য ৰসেৰে ভৰপূৰ হৈ থাকে। তেনে শাহুৱে জোঁৱাইক পুৰুষৰ ঠাইত কেচুৱা ল’ৰা বুলি আটোলটোলকৈ ব্যৱহাৰ কৰে। আনহাতে কিছুমান শাহু পোৱা যায় যি পত্নীৰ একেবাৰে কাৰ্বন কপিৰ দৰে। এনে শাহু পোৱা জোঁৱাইৰ অৱস্থা চুৱাপাতনিৰ কুকুৰৰ দৰে হয়।

শহুৰবাৰীত বাস কৰা আন এবিধ সদস্য হ’ল খুলশালী। এইবিধক দুয়োটা লিংগতে পোৱা যায়। ইয়াৰ সংখ্যা কিমান হ’ব পাৰে সঠিককৈ ক’ব নোৱাৰি। যিকোনো ভিনিহিৰ বাবে খুলশালী থকাটো আৱশ্যকীয়, কিয়নো খুলশালী থাকিলেহে ভিনিহিৰ নামটো পায়। ছোৱালী খুলশালী ভিনিহিৰ বাবে প্ৰায়েই বন্ধুৰ দৰে হয়। কেতিয়াবা কেতিয়াবা এই বন্ধুত্ব অৱশ্যে পত্নীৰ বাবে অহিতকৰো হোৱা দেখা যায়। আনহাতে খুলশালী মতা হ’লে থকা নথকা সমান হয়। তাক কামৰ সময়তহে মনত পেলোৱা হয় আন সময়ত প্ৰায়ে উহ্য হৈ থাকে।

শহুৰ শব্দটোৰ পৰা শহুৰবাৰী শব্দটো হৈছে। যাৰ অৰ্থ শহুৰ থকা বাৰী মানে য’ত শহুৰে বাস কৰে। কিন্তু দুখলগা কথাটো হ’ল তেওঁ ইমানেই শান্ত শিষ্ট নিমাত প্ৰাণী যে তেওঁৰ বিষয়ে লিখিবলৈ একো বিচাৰিয়েই নাপালোঁ দেখোন৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.