ফটাঢোল

চাইকেল – অভিজিত কলিতা

প্ৰথমতে অচিন নম্বৰ এটাৰপৰা অহা মেচেজটো দেখি কাৰোবাৰ ধেমালি বুলিয়েই ভাবিছিলো।

“Please look out for a half open Post Box.”

কি আচৰিত মেচেজ! গুৰুত্ব নিদিওঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু তাৰপাছত একেটা মেচেজকে বাৰে বাৰে অহা দেখি অলপ গুৰুত্ব সহকাৰে ল’বলৈ বাধ্য হ’লোঁ। হোৱাটচ এপতো আহিছে। একেটা মেচেজকে আহি আছে, সদায়। পুৱা সাত বজাত অৱধাৰিতভাৱে মেচেজটো আহে, পঠাওঁতাৰ নাম বা নাম্বাৰ একো নাই। কোনোবাই কিবা হেকিং কৰাৰ চেষ্টা কৰিছে নেকি? মোক হেকিং কৰি কি পাব কোনে? কিয় কোনোবাই মোৰ পিছত লাগি সময় নষ্ট কৰিব? আৰু কি অদ্ভূত অনুৰোধ! আজিকালিও আৰু ক’ৰবাত পোষ্ট বক্স আছেনে? মই ওচৰ পাজৰৰ ঠাইবোৰ মনত পেলালোঁ, নাই কোনো পোষ্ট বক্স দেখা মনত পৰা নাই। কি হৈছে এইবোৰ? কাকো ক’বও নোৱাৰোঁ। মই বদনামী মানুহ, এইবোৰ কথা কৈ আৰু এবাৰ বদনাম হ’বলৈ ইচ্ছা নাই মোৰ। মেচেজটোৰ কথা পাহৰিবলৈ চেষ্টা কৰোঁ, কিন্তু মনৰপৰা আঁতৰাব নোৱাৰোঁ, নতুনকৈ ৰঙা ৰং কৰা পোষ্ট বক্স এটা মোৰ চকুত ভাঁহি থাকে।

আজি ৰাতিপুৱা আকৌ একেটা মেচেজ! কিন্তু মই যে পাগল হোৱা নাই, সেয়া ঠিক। কাৰণ বাকী কামবোৰ মই একেবাৰে ঠিক ঠাক কৈ কৰি আছোঁ। অফিচলৈ গৈছোঁ, বজাৰ কৰিছোঁ, খাইছোঁ, শুইছোঁ। মোৰ পৰিয়াল বা অফিচৰ মানুহবোৰৰপৰা সাধাৰণতে পাই থকা উপেক্ষাখিনিৰ বাদে অদ্ভূত একো হোৱা নাই। তেন্তে এয়া কি? কোনোবাই মোৰ লগত উপহাস কৰিছে নিশ্চয়, কাৰণ বাকী মানুহবোৰৰ মোৰ সৈতে কৰিব লগা সেইটো কামেই বাকী আছেগৈ।

কিন্তু কেতিয়াবা এনে লাগে, উপহাস নহয়! কিবা এটা গুৰুতৰ ঘটনা ঘটিবলৈ গৈ আছে মোৰ জীৱনত। হয়তো মই শেষ হোৱাৰ আগতে কিবা ভাল হ’ব, মনে কৈছে ভাল হ’ব। মই কেৱল পোষ্ট বক্সটো বিচাৰি পাব লাগে।

শংকাও নোহোৱা নহয়! মই মৰি যাওঁ ‍যদি? পোষ্ট বক্সৰ ভিতৰত ব’ম থাকে যদি! মোৰ কোনোবা অচিনা শুভাকাংক্ষীয়ে হয়তো ভাবিছে, মোৰ মৃত্যুৱেই মোৰ বাবে হ’ব পৰা সকলোতকৈ ভাল ঘটনা। কিন্তু মোৰ যে মৰিবলৈ ভয় লাগে। জীৱনলৈ মোহ নাই যদিও মৃত্যুৰ ভয়ে মোক এতিয়াও এৰা নাই, যেনেতেনে আৰু দুদিনমান জীয়াই থাকিবলে মোৰ বৰ আগ্ৰহ।

যোৱা পোন্ধৰদিন মই এনেকৈয়ে আছো, অদ্ভূত দ্বন্দৰ মাজত পেলাই দিছে মোক এই সদায় আহি থকা মেচেজটোৱে। বাটত ভয়ে ভয়ে খোজকাঢ়ো, কিজানি হঠাৎ ক’ৰবাত পোষ্ট বক্স এটা চকুত পৰি যায়। সযতনে মই মোৰ চকু ফুটপাথত গুজি ৰাখো, বাটৰুৱা কাৰো চকুলে নেচাওঁ, মানুহবোৰে পতা কথাবোৰ নুশুনিবলৈ যত্ন কৰোঁ, কোনোবাই যদি কৈ দিয়ে – সৌটো পোষ্ট বক্স চোৱা?

কিন্তু কি যে বৈপৰীত্য, মই আকৌ আশাও কৰোঁ। কি আছেনো সেই আধা খোলা পোষ্ট বক্সটোত? চাবলৈ মন যায়। দ্বিধাভৰা আশাৰ পোখালি এটা মেলে। কি হ’ব?

আৰু এদিন সেয়াই হ’ল, ভয় আৰু আশা মিশ্ৰিত উৎকণ্ঠাৰ যৱনিকা পৰিল। মোৰ সমুখত এটা নতুনকৈ ৰঙা ৰং কৰা পোষ্ট বক্স, একেবাৰে ফুটপাথটোৰ ওপৰতে। এইফালেৰে এবাৰ দুবাৰ আহিছো মই, কিন্তু কেতিয়াও এই পোষ্টবক্সটো দেখা মনত নপৰে। কেতিয়াও নাছিল বুলিও নিশ্চিত নহয়। হয়তো মামৰ লাগি আছিল বাবে মোৰ চকুত পৰা নাছিল, এতিয়া কোনোবাই ৰং কৰি দিয়াত জিলিকি উঠিছে।

মই ইফালে সিফালে চালোঁ, নাই মানুহবোৰে পোষ্টবক্সটোক কোনো গুৰুত্ব দিয়া নাই, কাষেৰেই দ্ৰুতগতিত পাৰ হৈ গৈছে। কিন্তু মই পৰা নাই, কেইবাবাৰো চেষ্টা কৰিলো আঁতৰিবলৈ, কিন্তু সেই অদ্ভুত জিজ্ঞাসাটোৱে মোক আঁতৰি যাবলৈ দিয়া নাই। আনফালে ওচৰলৈ যাবলৈ সাহসো হোৱা নাই।

বহুদেৰি তাতে ঠিয় দি মই আকাশ পাতাল ভাবি থাকিলো। কি কৰা ভাল হ’ব? যদি ব’ম ফুটে? আৰু যদি নুফুটে?

এসময়ত ঠিৰাং কৰিলোঁ, নাই, ফুটিলেও ফুটক। ফুটিলে মোৰ মৃত্যু হ’ব। যিয়েই নহওক, আজি মই সাহস দেখুৱাবই লাগিব।

মই লাহে লাহে, সন্তৰ্পণে পোষ্টবক্সটোৰ ওচৰ পালোগৈ। হয়, বক্সটোৰ তলৰ চিঠি উলিওৱা ঢাকনিখন আধা খোলা, মেচেজত লিখাৰ দৰেই। আকৌ চাৰিওফালে চালোঁ, নাই মানুহবোৰে মোলৈ চোৱা নাই। মই চাই থাকিব লগীয়া মানুহ নহয়েই। তথাপিও যদি ব’ম ফুটে তেনে মোক দেখা মানুহ এটা নহয় এটা ওলাবই। সাংবাদিকক ক’ব মোৰ কথা। মোৰ তাকে লৈ চিন্তা নাই এতিয়া, কিন্তু যদি ব’ম নুফুটে, তেতিয়া কি হ’ব? কি আছে মোৰ বাবে পোষ্ট বক্সটোত?

এইবাৰ মই পোষ্টবক্সটোৰ আধাখোলা ঢাকনিখন পুৰাকৈ খুলি পেলালোঁ। ভিতৰখন একেবাৰে নতুন যেন পৰিষ্কাৰ। আৰু ভিতৰত এখন চিঠি। মাত্ৰ এখন। মই জানো চিঠিখন উলিয়াই চোৱা মোৰ অধিকাৰৰ ভিতৰত নপৰে, বে-আইনীও। কিন্তু মোলৈ যে মেচেজবোৰ আহিছিল, তাৰ উত্তৰ নিশ্চয় এই চিঠিখনতে আছে।

জীৱনত প্ৰথমবাৰ জানি শুনি বে-আইনী কাম এটা কৰিলোঁ, মই চিঠিখন তুলি ল’লোঁ হাতত। চিঠিখনৰ ওপৰত মোৰে নাম ঠিকনা লিখা আছে। আচৰিত নহ’লোঁ, এয়াই যেন হ’ব লগা আছিল। মোৰ নামটো দেখি মই যেন স্বস্তিহে পালোঁ।

কিন্তু চিঠিখন তাতে খুলি পঢ়িবলৈ মোৰ সংশয় হ’ল। মোলৈ শেষ চিঠিখন কোনে কেতিয়া দিছিল, বা কোনোবাই কেতিয়াবা দিছিল নে নাই, মোৰ মনত নাই। চিঠি পঢ়িনো কেনে লাগে মই নেজানো।

চিঠিখন ভালদৰে সামৰি মই আকৌ গৈ থাকিলো, জেপৰ ভিতৰত থকা চিঠিখন অনুভৱ কৰি থাকিলোঁ। বাৰে বাৰে খেপিয়াই চাওঁ। এবাৰ খুলি পঢ়োঁ বুলি ভাবো, আকৌ ইচ্ছা সম্বৰণ কৰোঁ। আকৌ চুই চাওঁ কাপোৰৰ ওপৰেৰে। জেপৰ ভিতৰত চিঠিখনৰ অস্তিত্ব অনুভৱ কৰি ভাল লাগিল, হেৰাই যাব বুলি আশংকা হয়। আকৌ এবাৰ চুই নিশ্চিত হওঁ। চিঠিখন হেৰুৱাব খোজা নাই মই সদ্যহতে।

দিনৰ দিনটো চিঠিখনৰ চিন্তাতে গ’ল। ৰাতি খোৱা বোৱা কৰি মোৰ কোঠাটোত সোমালোগৈ, দু্ৱাৰখন বন্ধ কৰি দিলো। এইখনি সময়তে মই চিঠিখন পঢ়িম বুলি আগতেই পৰিকল্পনা কৰি থৈছিলোঁ। বিচনাত বহি আলফুলে খামটো খুলি চিঠিখন উলিয়ালোঁ। ধুনীয়া গোট গোট আখৰকেইটাই মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। পঢ়িবলৈ আৰম্ভ কৰিলোঁ,

“আমি জানো আপুনি বহুদিনৰ পৰাই চাইকেল এখন ল’বলৈ বিচাৰি আছে, কিন্তু কিনিব পৰা নাই। বা আজিকালি ইমানবোৰ চাইকেল ওলাইছে, তাৰ মাজত কোনখন আপোনাৰ বাবে উপযুক্ত হ’ব সিদ্ধান্ত ল’ব পৰা নাই। ৰ’ড বাইক নে MTB,  অথবা হাইব্ৰিড? বিটুইন নে ফায়াৰ- ফক্স নে হিৰো বা হাৰৰকিউলিছ? মই আপোনাক এখন ভাল চাইকেল দিম, মই জানো আপোনাক আচলতে কেনেকুৱা চাইকেল লাগে। আপোনাক আপুনি বিচৰা চাইকেলখন দিব পাৰিলেই মোৰ শান্তি। চিঠিখনৰ লগতে আপুনি চাইকেলখন কেনেকৈ পাব, সেয়া সবিস্তাৰে, ষ্টেপ বাই ষ্টেপ লিখা আছে। ষ্টেপবিলাক সঠিককৈ অনুসৰণ কৰিব। ভগৱানে ইচ্ছা কৰিলে আপুনি সোনকালেই আপুনি মনে বিচৰা চাইকেলখন পাব।”

কি আচৰিত কথা! আৰু মোক চাইকেল লাগে বুলি মই কেতিয়া, কাক ক’লোঁ? আচলতে মই চাইকেল কিনাৰ কথাও ভবা নাই, বা চাইকেল চলোৱাতো ইমান আগ্ৰহ নাই! হয় বাটত দেখা তীব্ৰবেগী অত্যাধুনিক চাইকেলবোৰ দেখি ভাল লাগে, কিন্তু বচ সিমানেই! নিজে দামী আধুনিক চাইকেল লোৱাৰ কথা আজিলৈকে ভবা নাই! ক’ৰবাত কিবা এটা ভুল হৈছে, হয় কোনোবাই মোক উপহাস কৰিছে। চিঠিখনৰ বাকীখিনি পঢ়াৰ ইচ্ছা নহ’ল। চিনাকী হতাশাই মোক আকৌ আৱৰি ধৰিলে। পোষ্টবক্সটো নোপোৱা হ’লেই ভাল আছিল, কিবা এটা উৎকণ্ঠা, কিবা অলপ অনিশ্চয়তা আছিল।

বিচনা চাদৰখন টানি, গাৰুটো পোনাই লৈ মই শুই গ’লোঁ।

সেই ৰাতি মই এটা সপোন দেখিলো। মোৰ কোঠাটোলৈ এটা ডাঙৰ ক’লাবৰণীয়া পখিলা সোমাই আহিছে। তাৰ পাখিত মানুহৰ চকুৰ দৰে দুটা চকু। সপোনতে সি মোক সুধিলে –

“আপোনাক চাইকেল লাগে যদি সোনকালে মোক বচাওক, মই বৰ বিপদত পৰি আছো। সোণালী পোকবোৰে মোক বিচাৰি ফুৰিছে, পালেই মোক কামুৰি মাৰি পেলাব। কি শুই শুই সপোন দেখি আছে। বচাওক,  মোক ৰক্ষা কৰক।”

“কি? কোন তুমি? কিয় আহিছা, কি চাইকেল?”

“অহ, তাৰমানে আপুনি চিঠিখন পুৰাকৈ পঢ়াই নাই। লৰালৰি কৰক, পঢ়ক! সোণালী পোকবোৰ আহিলেই, মই সিহঁতৰ পাখিৰ গুমগুমনি শুনিছো।”

মই জঁপিয়াই উঠিলোঁ টোপনিৰপৰা, পখিলাটো নেদেখিলোঁ। কিন্তু বাহিৰত কিবা পোক এসোপা একেলগে উৰাৰ শব্দ, মৌ মাখিৰ বাহ উৰাৰ দৰে। কি হৈ আছে এয়া? মই বেড চুইছেৰে লাইটটো জ্বলাই, গাৰুৰ তলত ৰখা চিঠিখন উলিয়াই আনিলোঁ। যিখিনিত এৰিছিলোঁ তাৰ তলতে লিখা আছে।

“আজি ৰাতি এটা ক’লা বৰণীয়া পখিলা আহিব আপোনাৰ কাষলৈ, সিয়ে চাইকেলখন দি যাব। তাক পিছে সোণালী পোকবোৰে বৰ বেয়া পায়, আপুনি পখিলাটোক পোকবোৰৰ আক্ৰমণৰপৰা ৰক্ষা কৰিব লাগিব।”

তাৰ পিছৰখিনি পঢ়িবলৈ পোৱাৰ আগতেই মোৰ আধাখোলা খিৰিকীখনেৰে এগালমান সোণালী বৰণৰ সৰু সৰু উৰণীয়া পোক সোমাই আহিল। চিনি পাইছো মই পোকবোৰ, সেইবোৰেৰে আমি সৰুতে কপালত ফোঁট লৈছিলো। আহিয়েই সিহঁতে মোক বেৰি ধৰিলে। পোকবোৰৰ ক্ৰুদ্ধ চকুবোৰ মোৰ ওপৰতে নিৱদ্ধ নাছিল কেৱল, সিহঁতে যেন আৰু কিবা এটা বিচাৰি আছিল। গোঁ-গোঁৱাই আছিল গোটেইবোৰ, মোৰ কাণ তাল মাৰি যোৱাকৈ। মই দুই হাতেৰে পোকবোৰ মোৰ ওচৰৰপৰা আঁতৰাব খুজিলোঁ।

হঠাৎ দেখিলো, মোৰ পিঠিৰ ফালৰপৰা সেই ক’লা বৰণীয়া পখিলাটো তৰধৰণি খাই ওলাই আহিল। তাৰমানে পখিলাটো সপোন নাছিল, সি সঁচা। সোণালী পোকবোৰে তাক দেখি খেদি গ’ল, সি অভিজ্ঞ ফুটবলাৰৰ দৰে পোকবোৰক বাগি দি ইফাল সিফাল কৰি থাকিয়ে মোক চিঞৰিলে-

“মোৰ কণী পাৰিব লগা আছে, আপোনাক চাইকেল নেলাগে নেকি? এইসোপাক অলপ সময়ৰ বাবে আঁতৰাই ৰাখিব নোৱাৰে নে?

মই জঁপিয়াই উঠিলো। পৰি থকা বাতৰিকাকত এখন গোল কৰি লাঠি এডালৰ দৰে ধৰি লৈ মই সোণালী পোকবোৰক খেদিবৰ চেষ্টা কৰিলোঁ। বাতৰি কাকতৰ গদাৰ কোব খাই পোকবোৰ দুই এটা মাটিত বাগৰি পৰিল, পখিলাটো অলপ মুকলি হ’ল। মুকলি হৈয়ে সি মোৰ কোঠাটোৰ চুকত থকা ষ্টীলৰ কাঁহীখনৰ ওচৰলৈ উৰা মাৰিলে। সেইখিনিতে বৰষুণ দিলে চালৰপৰা এটোপ দুটোপ কৈ পানী পৰে। গতিকে মই ভাত খাই উঠি কাঁহীখন তাতে থৈ দিওঁ, পখিলাটোৱে হয়তো কথাটো জানে।

সি যি কি নহওক, মই বাতৰি কাকতখনেৰে পোকবোৰক কাঁহীখন আৰু পখিলাটোৰপৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিলো। মই কিয় জানো ভাবিলোঁ, পখিলাটো মোৰ বন্ধু আৰু পোকবোৰ মোৰ শত্ৰু। কথাটো ভাবিয়েই মই সমস্ত শক্তিৰে পোকবোৰক আক্ৰমণ কৰিলোঁ। কিন্তু কিমান কৰিম, লাখ লাখ পোক। সিহঁতৰ সোণালী দেহাবোৰে মোৰ চকু চাত মাৰি ধৰিছে।

আঁৰ চকুৰে পখিলাটোৰ ফালে চালোঁ, দেখিলোঁ, সি কাঁহীত জমা হৈ থকা বৰষুণৰ পানীখিনিতে বহি দিছে, আৰু তাৰ পৃষ্ঠাংগৰপৰা হালধীয়া আৰু ক’লা বৰণৰ আধা জুলীয়া বস্তু এখিনি ওলাই পানীৰ ওপৰত জমা হৈছে। এয়া চাগে কণী পাৰিছে সি; সি নহয় তাই। কণী পাৰিছে যেতিয়া মাইকী পখিলাই হ’ব। মই জীৱনত কেতিয়াও পখিলাই কণী পৰা দেখা নাই, এনেকৈয়ে পাৰে চাগে।

প্ৰায় তিনিমিনিটমান সময় তাই কণী পাৰিলে, সেইখিনি সময় মই যেনেতেনে সোণালী পোকবোৰক পখিলাজনীৰপৰা আঁতৰাই ৰাখিলো। মোৰ ফোঁপনি উঠিলগৈ। ক’ত সোমালোহি এইখন মই? নিজৰ কাৰণেই যুদ্ধ কৰা নাই আজিলৈকে, এতিয়া পখিলা আৰু সোণালী পোকৰ যুঁজত বাতৰি কাকতৰ গদা ঘুৰাই আছো!

কণী পাৰি হোৱাত পখিলাজনী আকৌ উৰি আহিল, পোকবোৰক বাগি দি দি তাই আকৌ মোক ক’লে,

“মোৰ কাম হৈ গ’ল। চিঠিখন ভালকৈ পঢ়ি ল’ব, তাতে সকলো লিখা আছে। ষ্টেপ বাই ষ্টেপ। ভুল নকৰাকে ষ্টেপবোৰ কৰিব পাৰিলে আপুনি ভাল চাইকেল এখন পাব। আৰু এই আপদীয়া পোকসোপাক মই চাই ল’ম, এতিয়া বাই বাই।”

কথাখিনি কৈয়েই তাই খিৰিকীৰে বাহিৰলৈ উৰা মাৰিলে, আৰু যাওঁতে খিৰিকীখন বন্ধ কৰি থৈ গ’ল। পিছে পিছে খেদি যোৱা সোণালী পৰুৱা কেইটামান বন্ধ আইনাত খুন্দা খাই উফৰি পৰিল। বাকীবোৰে আকৌ গোঁ-গোৱাই পখিলাজনীক খেদি গ’ল।

হুলস্থূলবোৰ শাম কটাৰ পাছত মই বহুদেৰি একে ঠাইতে বহি ৰ’লোঁ। এইবোৰ কি হৈ আছে? সপোন আৰু দিঠকৰ মাজত পাৰ্থক্যই নাইকিয়া হৈ গৈছে দেখোন। নে মই সঁচাকৈয়ে পাগল হৈ গ’লোঁ? কিন্তু কেনেকৈ? চিঠিখন, কাঁহীৰ পানী, পোষ্টবক্স এইবোৰতো সকলো সঁচা। নে কেৱল মোৰ কল্পনা! মই ধহমহাই কাঁহীখনৰ ফালে চালো।

কাঁহীখনত বহলকৈ থকা পানীখিনিৰ মাজত হালধীয়া আধা জুলীয়া অলপ পদাৰ্থ, তাৰ মাজত আকৌ ক’লা বৰণীয়া সূতাৰ দৰে কিবা কিবি। ক’লা কোমল সূতাবোৰে যেন কিবা এটা চিনাকী ৰূপ লৈছে। হয়, মই ঠিকেই দেখিছো। এখন চাইকেলৰ ৰূপ।

××××××

চিঠিখন অবিশ্বাস কৰিবৰ আৰু একো থল নেথাকিল। তাত লিখা মতেই কথাবোৰ হৈছে। পখিলা, সোণালী পোক, ষ্টীলৰ কাঁহী, চাইকেলৰ ভ্ৰুণ, সকলো। আৰু চাইকেলখন পৰিপূৰ্ণ কৰিবলৈ মই কি কি কৰিব লাগিব তাকো স্পষ্টকৈ লিখা আছে। একেবাৰে ষ্টেপ বাই ষ্টেপ। যিমানে সঠিককৈ মই এয়া কৰিব পাৰিম, সিমানে সোনকালে মোৰ চাইকেলখন ডাঙৰ হ’ব, মই চলাব পাৰিম।

চাইকেলৰ প্ৰতি মোৰ কোনোকালে ইমান হাবিয়াস নাছিল, কিন্তু সেইদিনাৰপৰা মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰিল চাইকেলখনৰ যত্ন লোৱা। আলফুলে মই কাঁহীখন ৰ’দত দিওঁ, ৰ’দ টান হোৱাৰ আগতেই আকৌ সুমুৱাই থওঁ, পানী যাতে কমি নেযায়, তাৰ প্ৰতি লক্ষ্য কৰো। আৰু এইবোৰ একো কৰিবলৈ নেথাকিলে মই অকণমানি চাইকেলখন চাই থাকোঁ। কাঁহীৰ অভাৱত মই সিদিনাৰপৰা ভাতেই খোৱা নাই, অফিচতে চাহ আৰু কিবা এটা খাওঁ, তথাপিও ভোক নেলাগে। চাইকেলখনৰ বাদে মই একো ভাবিব নোৱাৰোঁ আজিকালি।

মোৰ সৌভাগ্য হ’ল, মোৰ এই অদ্ভূত ব্যৱহাৰে কাকো আচৰিত নকৰিলে। মই আগৰপৰাই বদনামী মানুহ, গতিকে সকলোৱে মোৰ ব্যৱহাৰ একেই আছে বুলি ধৰিলে। মোৰ চকুৰ আগতে তিল তিলকৈ চাইকেলখন ডাঙৰ হৈ আহিল। এদিন কাঁহীত নধৰা হোৱাত মই মাটিলৈ নমাই দিলো। চাইকেলখন ডাঙৰ হৈ আহিল। আৰু এসময়ত মই উঠি চলাব পৰা ২০ ইঞ্চিৰ এখন পূৰ্ণাংগ চাইকেল হ’লগৈ। বৰ ধুনীয়া ডিজাইনৰ চকুত লগা চাইকেল এখন। গিয়েৰ থকা।

তাৰ পাছতেই আছিল চিঠিত লিখা সকলোতকৈ কঠিন ষ্টেপটো। সেই কামটো শুদ্ধকৈ কৰিব পাৰিলেহে মই চাইকেলখন চলাব পাৰিম, আৰু চাইকেলখনৰ লগত কথাও পাতিব পাৰিম। মোৰ জীৱনৰ সংগী হ’ব মোৰ চাইকেলখন, যদিহে মই কামটো ভুল নোহোৱাকৈ, একো আঁসোৱাহ নথকাকৈ কৰিব পাৰো। পিছে কামটো কঠিন, চিঠিখন পঢ়ি পঢ়ি মই ভাবিলোঁ।

মই চাইকেলখনৰ ওঁঠত চুমা এটা খাব লাগিব, য’ত ত’ত খালে নহ’ব। একেবাৰে ওঁঠত ওঁঠ মিলাই খাব লাগিব। তাত অলপ হীন ডেঢ়ি হ’লেই মোৰ চাইকেলখন মৰি থাকিব। মোৰ ইমান দিনৰ চেষ্টা বিফলে যাব।

চাইকেলৰ ওঁঠ থাকেনে? মই চাইকেলৰ ওঁঠ বিচাৰি কেনেকৈ চুমা খাম, অভিজ্ঞ কোনোবা হ’লে কথা বেলেগ আছিল। মই মানুহকে চুমা খাই পোৱা নাই আজিলৈকে। মোৰ বৰ চিন্তা হ’ল। তাতে আকৌ চিঠিখনত চুমা খোৱাৰ সময়টোও লিখা আছিল, সেই সময়ত নেখালে কাম নহ’ব। মোৰ উদ্বিগ্নতা বাঢ়িবলৈ ধৰিলে। যদি চাইকেলখন মৰি যায়, মোৰ কি হ’ব? এইকেইটা মাহ মোৰ কৰিবলৈ কাম আছিল, মই ব্যস্ত হৈ আছিলোঁ। চাইকেলখন নোহোৱা হৈ গ’লে মই আকৌ সেই আগৰ জীৱনটোলৈ ঘূৰি যাব লাগিব। মই নোৱাৰোঁ। মই সলনি হৈ গ’লোঁ, আকৌ আগৰ দৰে হ’ব নোৱাৰোঁ মই। মই চাইকেলৰ ওঁঠখন বিচাৰি পাবই লাগিব।

নিৰ্দিষ্ট সময়টো আহি পালে, উদ্বিগ্ন হ’লেও মই সাহসী হৈ পৰিছোঁ আজিকালি, দৃঢ়তা আহিছে মনলৈ। পাৰিম মই, চুমা খাব পাৰিম।

মই চাইকেলখনৰ আগত আঠুকাঢ়ি বহি ল’লোঁ। মই বুজিছোঁ, মই মোৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কামটো কৰিবলৈ ওলাইছোঁ। মোৰ জীৱনৰ হয়তো একমাত্ৰ অৰ্থবহ কাম এইটো। চাইকেলখনক জীৱন দিয়া।

চকু দুটা মুদি দিলোঁ, চকু মুদিয়েই চাইকেলখনৰ ওঁঠকেইটা ক’ত হ’ব পাৰে অনুমান কৰিবলৈ চেষ্টা কৰিলোঁ। হয় এইখিনিতে হ’ব লাগে, চাইকেলখনৰ এইখিনি মানুহৰ চকুৰ দৰে, তাৰ তলৰখিনি নাকৰ লগত মিল আছে, গতিকে ইয়াতেই হ’ব ওঁঠ দুটা। মই নিশ্চিত নহয়, কিন্তু আন ক’ৰবাত হ’ব পাৰে বুলি মোৰ ধাৰণা হোৱা নাই। ইয়াতেই হ’ব।

ইতিমধ্যে সেই সময়কণো আহি পালে, এয়াই সেই মুহূৰ্তটো। এতিয়াই সিদ্ধান্ত হ’ব, মই কিমান কামৰ মানুহ। অলপ লাজো লাগিল, কিবা যেন অবৈধ অভিসাৰহে কৰিছো। লোকচক্ষুৰ আঁৰত। কিন্তু সেইবোৰ ভাবিবৰ সময় নহয় এতিয়া।

মই এবাৰ দীঘলকৈ উশাহ ল’লোঁ, মোৰ বুকুৰ ঢপঢপনি শুনিছোঁ মই, বিচলিত হ’লে নহ’ব এতিয়া। মই মোৰ ওঁঠযোৰ জোঙা কৰি চাইকেলখনৰ ওঁঠ বুলি মই ভাবি লোৱা অংশটোত স্পৰ্শ কৰিলোঁ। তীখাৰ শীতল স্পৰ্শ।

কিন্তু ক’তা, একো নহ’ল দেখোন! মই তাৰমানে ভুল ঠাইত চুমা খালো। হে ভগৱান কি হ’ব এতিয়া। ক’ত ওঁঠযোৰ। এইখিনিত? হ’বও পাৰে, চেষ্টা কৰা যাওক। নাই নহয়, এইখিনিত হ’ব পাৰে। নাই ইয়াতো নহয়। কি কৰিম এতিয়া। সময় উকলি গৈছে, মোৰ বুকুখন বিষাই উঠিছে। শৰীৰ অৱশ হৈ আহিছে, তথাপি মই চাইকেলখনৰ য’তে ত’তে চুমা খাই আছো। জী উঠ, জী উঠ তই। মোৰ এনেকৈ আধৰুৱা নকৰিবি।

××××

প্ৰিয় পাঠক! আপুনি কি ভাবিছে, মই চাইকেলখনৰ ওঁঠযোৰ বিচাৰি উলিয়াব নোৱাৰিলোঁ, গতিকে চাইকেলখনৰ লগতে মোৰো মৃত্যু হ’ল। আপুনি তেনেদৰে ভবাত আচৰিত হ’ব লগা একো নাই, কাৰণ ময়ো তেনেকৈয়ে ভাবিছিলোঁ।

কিন্তু আচলতে তেনে হোৱা নাছিল। মই ওঁঠযোৰ বিচাৰি পাইছিলোগৈ, অহৰহ চেষ্টাৰ মূৰত আৰু বিশ্বাস কৰক মোৰ চাইকেলখনে সাৰ পাই উঠিছিল। মোৰ চকুলৈ চাই চকু টিপিয়াইছিল আৰু সেইদিনাৰপৰাই চাইকেলখন মোৰ চিৰসংগী।

আশাকৰা মতেই মোৰ খঙাল পত্নীয়ে মোৰ চাইকেলখন ভাল নেপায়, ঘৃণা কৰে। মোৰ ল’ৰা-ছোৱালীকেইটাইয়ো অকণো আদৰ নকৰে, ৰ’দত পৰি থাকিলেও কোনেও ছাঁলৈ লৈ নেযায়। কাপোৰ এখন লৈ মচিও নিদিয়ে।

সেইবোৰত মোৰ আপত্তি নাই, কাৰণ মোৰ চাইকেলখন জীৱন্ত। মোলৈ চাই দুষ্টামিৰ হাঁহি মাৰে। মই উঠিলেই চাইকেলখন নিজে চলি যায়। মোৰ ধাননিৰ মাজে মাজে, চেগুন গছৰ হাবিৰ মাজেৰে ফুৰাই আনেগৈ। মোক কোনেও কোৱা নাই যদিও মই জানো চাইকেলখন মোৰ বিপৰীত লিংগৰ। মই চাইকেলখন বৰ ভাল পাওঁ, আৰু মোৰ দৃঢ় বিশ্বাস মই সমলিংগিক নহয়। সেয়ে মই চাইকেলখনৰ কথা ‘তাই’ বুলি কওঁ। তাই অনৰ্গল কথা কয়, জেদ কৰে, অভিমান কৰে, মোক শাসন কৰে। আৰু কেতিয়াবা পাখিত মানুহৰ চকু থকা পখিলা মাকৰ কবৰৰ ওচৰলেও মোক লৈ যায়।  সোণালী পৰুৱাৰ লগত যুঁজি যুঁজি মাক মৰিল। মাকে জানিছিলেই তেওঁ আৰু বেছিদিন জীয়াই নেথাকে, সেয়ে তাইক মোৰ হাতত গতাই থৈ গ’ল আৰু মোক তাইৰ হাতত।

☆★☆★☆

32 Comments

  • ৰিণ্টু

    বাপ্পা ঐ, কি সাংঘাতিক। কাফকাৰ গল্প যেন লাগিল দাদা

    Reply
    • অভিজিত কলিতা

      গল্পটো লিখাৰ আগদিনা মেটামৰফছিচ আকৌ এবাৰ পঢ়িছিলো। পুৰাকে নহয় অৱশ্যে

      Reply
      • গীতিকা শইকীয়া

        তাকেই ভাৱি আছো মই! পঢ়ি থাকোঁতে মেটামৰফছিচলৈ বাৰে বাৰে মনত পঢ়িছিল। হ’লেও এক নতুনত্বৰ সোৱাদ পালোঁ ।

        Reply
  • Bijoy Mahanta

    মজ্জা

    Reply
  • Manisha Kakati

    অভিজিতদা, কি কওঁ? একো নকওঁ! নিজেই ভাবি লওক।

    Reply
  • তৃষ্ণা

    ব্যতিক্ৰম। আপ্লুত হলো।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    হেটছ অফ ককাইদেও৷

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    বন্ধু, বঢ়িয়া! টুপী খুলি দিলোঁ‌।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সাংঘাটিক

    Reply
  • নকওঁ একো। বুজি ল’ব।

    Reply
  • Mitali saharia

    বহুত ধুনীয়া লাগিল।

    Reply
  • অভিজিত কলিতা

    গল্পটোত নতুন কিছু প্ৰচেষ্টা কৰা হল, চাৰিয়েলিজমৰ লগতে জোখতকৈ বেছি দ্ৰুত গতি দি চোৱা হল। কিবা অলপ নতুন হয় যদি হওক।
    পঢ়ি ভাল পোৱা সকললে বহুত ধন্যাবাদ। উৎসাহ পাই থাকিলে আকৌ নতুন সোৱাদৰ অনুসন্ধান হব।
    Thanks a lot

    Reply
    • ৰিণ্টু

      চাৰিয়েলিজম মানে অসমীয়াত অতীন্দ্ৰিয়বাদ নেকি দাদা??

      Reply
      • অভিজিত কলিতা

        নহয়, অদিবাস্তৱবাদ

        Reply
  • পঢ়ি ভাল লাগিল।

    Reply
  • SOMESWAR BORAH

    মই ভাল পালো

    Reply
  • Anjan Sadhanidar

    পঢ়ি ভাল পালো। ইমান টান।গল্প প্ৰথম বাৰ পঢ়িলো

    Reply
  • সাংঘাটিক। আকৌ এবাৰ পঢ়িম। কল্পনা শক্তিক চেল্যুট।

    Reply
  • Suntu

    মন্তব্য কৰিবলৈ শব্দৰ অভাব হল

    Reply
  • Manash Saikia

    যথেষ্ট কঠিন৷ দুবাৰ পঢ়িলোঁ৷ ভাল লাগিল৷

    Reply
  • গীতিকা শইকূয়া

    সাংঘাতিক ইমাজিনেছন! কাফকাৰ গল্প পঢ়াৰ দৰে আৰু চালভাদো’ৰ দালিৰ পেইণ্টিং চাই থকা যেন লাগিল। কথাটো উল্লেখ তুলনা কৰিবলৈহে কোৱা হৈছে যদিও গল্পটো পঢ়ি সঁচাকৈয়ে বহুত ভাল লাগিল।

    Reply
  • অবিনাশ

    বঢ়িয়া লাগিল পঢ়ি ৷

    Reply
  • উত্তৰা

    মুঠতে চাৰে তিনিবাৰ পঢ়িলো সম্পূৰ্ণকৈ তিনিবাৰ আৰু পখীলাজনীয়ে কনী পৰাৰ পৰা আকৌ এবাৰ। প্ৰথম বাৰ ওপৰেদি পাৰ হৈ গল। দ্বিতীয়বাৰ অলপ বুজিলো তৃতীয়বাৰত নতুনত্বৰ সোৱাদ ললো।

    Reply
  • বিশ্ব মোহন চুতীয়া

    গল্পৰ যেন এটা আধুনিক ধাৰাৰ আৰম্ভ ।

    Reply
  • অভিজিত কলিতা

    সকলোকে ধন্যবাদ

    Reply
  • parishmita

    বাপৰে অভিজতদা। নকও একো। A big salute to you.

    Reply
  • প্ৰাঞ্জল অনুভৱী

    বৰ ভাল পালোঁ পঢ়ি। ধন্যবাদ কলিতা ডাঙৰীয়া ।

    Reply
  • parishmita

    একো নকও অভিজিতদা। বুজি লওক দেই নিজে নিজে।

    Reply
  • দিম্পল

    দুইবাৰ পঢ়ি শেষত কলো সাংঘা সাংঘা সাংঘা দাদা

    Reply
  • ছয়নিকা বৈশ্য

    কল্পনা শক্তিক চেলুট দাদা .. বহুত ভাল লাগিছে ..

    Reply
  • Jayanta das

    খুুব ভাল লাগিল৷ ব্যতিক্ৰমী৷

    Reply
  • অভিজিত কলিতা

    সকলোকে অশেষ ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published.