ফটাঢোল

চাহনগৰী, প্ৰিয় ব্যক্তিৰ সান্নিধ্য, এটি উমাল গধূলিৰ কিছু কথকতা আৰু কিক্ শব্দটোৰ খেলা

আচম্বিতে ফোন নম্বৰটো পাইছিলো তেখেতৰ । প্ৰিয় ব্যক্তিগৰাকীৰ ফোন নম্বৰ হাতত পৰাটোৱেই আচলতে এটি পথৰ দুৱাৰ মুকলি । ময়ো যেন এটি পথৰ সন্ধান পালোঁ । নাম্বাৰটো লৈ সেউজীয়া বুটাম টিপিছিলো । এখন গ্ৰন্থৰেই অসমৰ চুকে কোণে বিখ্যাত হৈ পৰা প্ৰচাৰবিমুখ লেখকগৰাকীক লগ পোৱাটো আমাৰ বাবে এক সফলতা নুবুলি নোৱাৰি, কাৰণ তেখেতে ব্যৱহাৰ কৰা ছদ্মনামত আচল ব্যক্তিগৰাকীক লগ পোৱাটো ইমান মুখৰ কথা নহয় । প্ৰথম ফোনকলটোতে তেখেতৰ আপোনত্বৰে ভৰা কথা শুনি তবধ মানিছিলো, চিকুটি চাইছিলো, “সঁচাকৈনে, সঁচাকৈয়ে মই তেখেতৰ লগতে কথা পাতিলোনে ?”

আচৰিত হওঁ, এনে কি কথা আছিল তেখেতৰ মাজত যে আমাক পঁচিশ বছৰ ধৰি মোহাছন্ন কৰি ৰাখিছিল । এটাই নাম আছিল, ‘সীমান্ত’ । হয় । মই প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰচাৰ হোৱা ‘সীমান্ত’ নামৰ উপন্যাসখনৰ কথাই কৈছো । সেই ‘সীমান্ত’ৰে ৰচক শ্ৰদ্ধাৰ হিৰণ্য কাশ্যপ ছাৰৰ কথা কৈছো । তেখেতৰ কণ্ঠৰ সতে পৰিচিত হৈ লগ পোৱাৰ আশ্বাস পোৱাৰ পাছতে মগজুৰ সংকেত পৰিবাহী তাঁৰবোৰৰ মাজত কথাৰ ভীৰ লাগিল । ইমানবোৰ কথা, ইমানবোৰ জনাৰ হেঁপাহ অকলে কেনেকৈ চম্ভালো ? শিৱসাগৰৰ জীমণিক লগ ধৰিলো । হঠাতে হোৱা সিদ্ধান্তটোত কোনোমতেই মিলাব নোৱাৰি তাই কান্দি পেলালে । যোৰহাটৰ চবিনা ইয়াছমিন বাইদেউ জপিয়াই উঠিল,
“মই যাম পাৰবীন, ময়ো ছাৰৰ ওচৰলৈ যাম”।
“কি পাতিম ছাৰৰ লগত ?”, মই সোধো চবিনাবাক ।
“কি পাতিম?”, তাই ওলোটাই সোধে মোক ।
চাকৰিসূত্ৰে গুৱাহাটীত কৰ্মৰত ছাৰ ডিব্ৰুগড়ৰ বাসভৱনলৈ অহাৰ খবৰ ল’বলৈ আকৌ ফোন নম্বৰ ডায়েল কৰিলো, ক’লোঁ,
“ছাৰ আপোনাক লগ পাবলৈ আমি এক্সাইটেড হৈ আছো।”
“হয়নেকি ? এক্সাইটেড হৈ আছা নেকি ? মই পিছে ইমান এক্সাইটেড হ’ব লগা মানুহ নহওঁ দেই।”

বিশাল ব্যক্তিত্বৰ মানুহে ইমান আপোনত্বৰে কথা পাতিলে আমি আবেগ সম্বৰণ কৰিবলৈ অক্ষম হৈ পৰো । মগজুৰ তাঁৰবোৰৰ মাজত আকৌ সংঘৰ্ষ বাঢ়ে । সেই সংঘৰ্ষ ৰোধ কৰিবলৈ উচ্চ প্ৰাবল্যৰ পশ্চিমীয়া গীত বজাই গাড়ীৰ ষ্টিয়েৰিঙত হাত দিওঁ । চবিনাবায়ে কিছু ভয় খায়, স্পীড কমাবলৈকে হয়তো লাহেকৈ বুজায়, “হেই পাগলী, সীমান্তই গজলহে ভাল পাইছিল । গজল বজোৱা” ।

ঠিকেইতো । সীমান্ত আছিল গজলপ্ৰিয় । পেন ড্ৰাইভৰ পৰা গজলকেইটা বজাই লওঁ ।গজলৰ মৃদু লহৰত গাড়ীৰ গতি কিছু নিয়ন্ত্ৰণলৈ আহে । ছাৰৰ ঘৰ অভিমুখে আমাৰ গাড়ী আগবাঢ়ে । নিয়ন লাইটে চকু টিপিয়াই গধূলিটো সজাই তোলে । ছাৰৰ ঘৰ পোৱাৰ লগে লগেই দুয়োজনীৰে বুকু দুৰু দুৰুকৈ কঁপে । কি কথা পাতিম ছাৰৰ লগত ? কি কথা পাতিম আমি ? ইজনীয়ে সিজনীৰ মুখলৈ চাই লাহেকৈ ছাৰৰ ঘৰৰ গেট খোলো । কলিংবেলৰ বুটামত হেঁচা দিওঁ । অলপ পাছতেই আমি ছাৰৰ চিৰতৰুণ অৱয়ৱটোৰ সতে পৰিচিত হওঁ । কথাবোৰৰ পথ ৰুদ্ধ হৈ পৰে । ছাৰে পৰিবেশটো সহজ কৰি তোলে,
“আঁহা বহা,” চোফাখনলৈ আঙুলিয়ায়৷
ঘৰটো সাইলাখ পুতলা ঘৰ৷ ক’ত বহিম কি কৰিম ভাবি থাকোঁতেই চাৰে পুনৰ মাত লগালে,
“কি হ’ল? বহা৷ এই চোফাবোৰ বেয়া হ’ব বুলি ভাবিছা নেকি? একো নাভাবিবা৷ আঁহা বহা৷”
“কোৱাচোন, কেনেকৈ, কি উদ্দেশ্যত অহা হ’ল ?” আকৌ সোধে ছাৰে ।

আমি নিজৰ পৰিচয় দিওঁ। ফটা-ঢোলৰ উদ্দেশ্য ব্যাখ্যা কৰোঁ । অনলাইন আলোচনীৰ প্ৰসংগ উলিয়াওঁ । শুভ্ৰ বদনেৰে ধুনীয়া চেহেৰাৰ বাইদেউ এগৰাকী আহি ছাৰৰ ওচৰতে বহি ল’লে । ছাৰে চিনাকি কৰাই দিলে, “এয়া মোৰ সহধৰ্মিনী” ।
আনন্দতে কৈ পেলালো, “এয়া হিৰণ্য কাশ্যপ ছাৰৰ মন বাইদেউ, সীমান্ত বৰুৱাৰ পত্নী ৰাখী, অসীম চৌধুৰীৰ পত্নী প্ৰাপ্তি । হয়নে ছাৰ ?”
ফূৰ্তিবাজ মানুহজনৰ মুখখন উজলি উঠিল । তেখেতৰ তিনিওখন উপন্যাস ‘সীমান্ত’, ‘সময় আৰু ‘সংগীত’ত পত্নীৰ ভূমিকাৰ চৰিত্ৰকেইটি অত্যন্ত প্ৰেৰণাদায়ক ।বাইদেউক দেখি মূৰ দোঁ খাই গ’ল । প্ৰাৰম্ভিক চিনা পৰিচয়ৰ পাছত আমি কথোপকথন আৰম্ভ কৰিলোঁ, ক’লোঁ, “ফটাঢোল আলোচনীখনৰ লিখনিৰ খাতিৰত এতিয়া অলপ আনুষ্ঠনিকতা অৱলম্বন কৰিব লাগিব ছাৰ” ।
ছাৰে ধেমালি কৰিলে, “টান কথাবোৰ এওঁক সুধিবা দেই ।”

ছাৰৰ কথাবোৰ ৰসাল । ৰসাল কথাই আমাৰ সংকোচ-ভাৱবোৰ আঁতৰাই দিলে । ফটাঢোলৰ হৈ আমি আলাপ আৰম্ভ কৰিলোঁ,
অসমৰ পাঠক সমাজৰ বাবে হিৰণ্য কাশ্যপ এটা অতি চিনাকি নাম । ৰসাল সাহিত্যৰে যুৱ সমাজৰ উচ্ছৃংখলতাৰ পৰা আৰম্ভ কৰি গুৰু-শিষ্যৰ সম্পৰ্ক, অভিভাৱকৰ দায়িত্ববোধ তথা মানৱ সমাজৰ প্ৰতি আস্থাৰ বাণী বিলাবলৈ সক্ষম হোৱা কাশ্যপ ছাৰৰ সতে কিছু অন্তৰংগ আলাপৰ ভাগ ল’ব পৰাটো ফটা-ঢোলৰ বাবে এক গৌৰৱৰ কথা । ছাৰ, ফটা-ঢোলৰ তৰফৰ পৰা আপোনাক নমস্কাৰ জনালোঁ ।
ছাৰে ফটাঢোলৰ সমূহ সদস্যলৈ প্ৰতিনমস্কাৰ জনালে ।

এইবাৰ আমি ক’লো, “ছাৰ, আপোনাৰ ‘সীমান্ত’ উপন্যাসখন এখন চিৰপৰিচিত আৰু জনপ্ৰিয় উপন্যাস । আমাৰ প্ৰজন্মত এনে এজন পাঠক নোলাব, যি সীমান্তখন এবাৰ পঢ়িছে, দ্বিতীয়বাৰৰ বাবে নপঢ়াকৈ থকা নাই । ইমান ৰসাল উপস্থাপন যে বাৰে বাৰে পঢ়িও আমনি নালাগে । তথাপিও এইখন উপন্যাস নপঢ়া এজন পাঠকে যদি উপন্যাসখনৰ বিষয়ে জানিবলৈ বিচাৰে তেন্তে আপুনি কিদৰে বুজাব ?
কাশ্যপ ছাৰে ক’লে, “সীমান্ত মোৰ প্ৰিয় উপন্যাস । যথেষ্ট সন্তুষ্টি পাইছিলো সেইখন কিতাপ লিখি ।তিনিখন উপন্যাসৰ ভিতৰত সেইখনেই আটাইতকৈ প্ৰিয় উপন্যাস । এগ্ৰিকালছাৰ বিশ্ববিদ্যালয়ৰ বিষয়ে লিখিছিলো তাত । মোৰ বিষয় আছিল এগ্ৰিকালছাৰ” ।

আমি তিনি নম্বৰ প্ৰশ্নটো উত্থাপন কৰিলোঁ,
“আকৌ আমি ‘সীমান্ত’ৰ কথাকে পাতিম । সীমান্ত মানেই নীতিৰ বাহিৰত নোযোৱা স্বভাৱৰ ল’ৰাটো, সীমান্ত মানেই খং উঠিলে ঘূচিয়াই দিয়া ল’ৰাটো, সীমান্ত মানেই কালৈকো কেৰেপ নকৰা ল’ৰাটো, সীমান্ত মানেই বুকুত এসোপা মৰম আৰু বিশ্বাস কঢ়িয়াই ফুৰা ল’ৰাটো । সেই সময়ৰ সীমান্ত বৰুৱা আছিল আমাৰ যুৱ সমাজৰ আদৰ্শ । সীমান্তখন বহুতৰ বাবে বেদৰ নিচিনা আছিল ।যুৱ-উচ্ছৃংখলতাৰ বিৰুদ্ধে বহুতেই চিঞৰি থাকে, আচল কাৰণবোৰ জানিবলৈ নিবিচাৰে । ‘সীমান্ত’ নামৰ কিতাপখনে সেই কাৰণসমূহ ফঁহিয়াই দেখুৱাইছে । তাৰ বাবে লেখকৰ মানুহৰ ওপৰত আস্থা আৰু বিশ্বাস থাকিব লাগিব । মানুহৰ প্ৰতি এই বিশ্বাস আৰু আস্থাৰ শিক্ষা আপুনি ক’ত আয়ত্ব কৰিছিল ? এককথাত আমি আপোনাৰ শৈশৱ-কৈশোৰৰ বিষয়ে জানিবলৈ বিচাৰিম” ।
হিৰণ্য কাশ্যপ ছাৰে উৎসাহেৰে উত্তৰ দিলে,
“মোৰ শৈশৱ বৰ সুন্দৰ শৈশৱ । দেউতাই অৰুণাচলত চাকৰি কৰিছিল । সৰুৰে পৰা দেউতাৰ সতে পাহাৰে পৰ্বতে, বৰফে বৰফে ঘূৰি ফুৰিছিলো । দেউতাই চাকৰিৰ খাতিৰত টুৰত যাব লগা হয় । মোক অংক কেইটামান কৰিবলৈ দিয়ে আৰু কয়, ‘শুদ্ধ হ’লে তোমাকো টুৰত লৈ যাম’ । এনেকৈ দেউতাৰ লগত ঘূৰি ফুৰি সুন্দৰ অভিজ্ঞতা অৰ্জন কৰিছিলো । অৰুণাচল মানে পুৰণি নাম নেফাৰ প্ৰায়ভাগ অঞ্চললৈ গৈছো মই । এতিয়াও অৰুণাচল বুলি ক’লে মোৰ বেলেগ এটা আকৰ্ষণ অনুভূত হয় ।
দেউতাৰ সঘনাই বদলি হৈ থকা চাকৰি । আমি গোটেই পৰিয়ালটো মানে মা, বাইদেউ, ভাইটি, ভণ্টী সকলোৱে দেউতাৰ লগে লগে ভ্ৰমি ফুৰিব লগা হোৱাৰ বাবে আমিও লগে ভাগে ঘূৰি ফুৰিছিলো । মোক দেউতাই বিশেষ গুৰুত্ব প্ৰদান কৰিছিল যেন লাগে । সেয়ে দেউতাই মোক প্ৰকৃতিৰ বিশাল সম্পদবিলাকৰ সৈতে সৰুতেই চিনাকি কৰি দিছিল । ইতিমধ্যে আমি ছিলঙলৈ আহিলো । তেতিয়া ইংৰাজী কিতাপ খুব পঢ়িছিলো । বন্যপ্ৰাণীৰ বিষয়ে পঢ়িছিলো ।দহবছৰ বয়সতে দেউতাই মোক ৰ’দালি নামৰ শিশু আলোচনীখন আনি দিছিল আৰু মোক কৈছিল, ‘এইখনত কিবা এটা লিখিবি’ । সেইমতে দেউতাৰ উৎসাহতে মই প্ৰথমবাৰৰ বাবে ‘সিংহ’ নামৰ প্ৰবন্ধ এটি ৰ’দালিত লিখি উলিয়াইছিলো ।
তেতিয়া বয়স আছিল দহবছৰ ছমাহ । ৰ’দালিত বয়সটো উল্লেখ কৰিব লাগে । সেয়ে বয়সৰ কথাটো ভালকৈ মনত থাকি গ’ল। তাৰ পাছত সেই আলোচনীখনতে এটাৰ পাছত এটাকৈ লিখি গ’লো । তাতে মই ‘কামেং সীমান্ত’ লিখিলো । বেছিভাগ মই বন্যপ্ৰাণীৰ ওপৰতে লিখিছিলো । মই চাৰে পাঁচ বছৰ বয়সত স্কুললৈ গৈছো । তেতিয়া ক, খ, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী । তাৰ পাছতহে ৱান, টু ৰে আৰম্ভ হয় । ছিলঙৰ পৰা আহি ক্লাচ চেভেনত ডিব্ৰুগড় গভট বয়জত নাম লগালো আৰু হায়াৰ চেকেণ্ডেৰীলৈকে তাতে থাকিলো ।তাৰ পাছত যোৰহাট কৃষি বিশ্ববিদ্যালয়লৈ গ’লো” ।

ফটাঢোলৰ হৈ আমি নতুন প্ৰশ্নটো আৰম্ভ কৰিলো,
“সীমান্ত বৰুৱাৰ ওচৰত ৰুমমেটৰ ভাষ্য দাঙি ধৰিছিল ৰূপাঞ্জলিয়ে, ‘আপোনালোক হেনো মেড ফৰ ইচ আদাৰ । আপোনালোকৰ পৰিয়ালটো বৰ সুখী, দেখিলেই ধৰিব পাৰি হেনো’ । আমিও আপোনাৰ বৈবাহিক জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিম ।“
পৰিয়ালটোৰ বিষয়ে ক’বলৈ লৈ ছাৰৰ মুখখন আকৌ হাঁহিৰে ভৰি পৰিল, মাজতে বাইদেউৰ ফালে চাই সুধিলে, “হৌৰা গাজাটো ফুটাই দিওঁ নেকি ?”
বাইদেউৱে বোলে, “হেই ৰবা । সৱ সময়তে গাজা নুফুটাবা ।“
আকৌ ছাৰৰ প্ৰশ্ন বাইদেউলৈ বুলি, “আমি কোন চনত বিয়া হৈছিলোহে ?”, বাইদেউৱে উত্তৰ দিলে, “১৯৮৫” । ছাৰে হাঁহি এটা মাৰি ক’লে, “মোৰ মনত আছে । এনেই জোকাইছোহে ।“
অলপ দেৰি হাঁহিৰ ৰোল । এইবাৰ বাইদেৱে উত্তৰ দিলে, “এওঁ মিছাতে এটা গাজা ফুটাই থাকে যে আমি ক্লাছ চেভেনৰে পৰা চিনাকি । আচলতে বিয়াৰ আগতে তেওঁ মোক লগেই পোৱা নাছিল । বিয়াৰ আগতে ফটোহে দেখিছিল । ফটোত মোক বৰ এটা পছন্দ কৰা নাছিল হেনো ।“
এইবাৰ ছাৰে মাত মাতিলে, “অ’ ফটোত তেওঁক বৰ খীণ যেন লাগিছিল ।“
বাইদেউৰ ঘৰ তেজপুৰত । ঊষানগৰীৰ মানুহগৰাকীক বৰ সাদৰী যেন লাগিল । ছাৰে কৈ গ’ল, “তেতিয়া দলংখন নাছিল । গতিকে তেজপুৰৰ ছোৱালীজনীক মই গুৱাহাটীৰ পৰা বিয়া পাতিব লগা হ’ল । বিয়াৰ দিনা যেতিয়া আঙুলিকেইটা দেখিলো, তেতিয়াই প্ৰথম প্ৰেমত পৰিলো । তাৰ পাছত আমাক আঙুঠি বিচৰা খেললৈ লৈ গৈছিল, মই তেওঁৰ কান্ধত ধৰি লৈ যাব লগা হৈছিল ,তেতিয়াই এক দায়িত্ববোধে গা কৰি উঠিল যে, মই এই ছোৱালীজনীৰ চাৰ্জ লৈছো, মোৰ দায়িত্ব বাঢ়িল ।“
বিয়াৰ সুন্দৰ পৰম্পৰাখিনিলৈ মনত পৰিল । সৰু সৰু কথাবোৰে কেনেকৈ আবেগিক কৰি তোলে, সেয়া মনত পৰি চকুলো ভৰিল মাত্ৰ, ছাৰে ক’লে, “সেই আঙুঠি বিচৰা খেলটোত আকৌ মই আঙুঠিটো পাইও এৰি দিলো, তেঁৱেই জিকক বুলি” ।
আসঃ কি যে ভাল লগা কথা ! এনে কথা কেৱল হিৰণ্য কাশ্যপ ছাৰৰ দৰে সূক্ষ্ম অনুভূতিসম্পন্ন মানুহেহে অনুভৱ কৰিব পাৰে ।
এইবাৰ বাইদেউৱে থোৰতে ক’লে, “মোৰ ভাল নাম অনামিকা । মাৰ ঘৰ তেজপুৰত ।“ দৰং কলেজৰ পৰা বিজ্ঞানৰ স্নাতক তেখেত । তেওঁলোকৰ একেটিয়ে সন্তান, নাম অভিনৱ । ১৯৮৮ চনত অভিনৱৰ জন্ম ।
ছাৰে এইবাৰ অলপ গহীন হৈ ক’লে, “আমাৰ তিনিওৰে মাজত খুব বন্ধুত্বসুলভ সম্পৰ্ক । ঘৰতে সেই পৰিবেশ পোৱাৰ কাৰণে ল’ৰাটোৱেও লগ-সংগৰ অভাৱ কোনোদিনেই অনুভৱ নকৰিলে ।“

আকৌ আমি আমাৰ সুধিবলগীয়া প্ৰশ্নলৈ আহিলো,
“সীমান্তত ‘ৱাহিদা’ নামৰ এটা চৰিত্ৰ আছে । আজিৰ সমাজত বহুতকে এনে ৱাহিদাৰ কবলত পৰা দেখা যায়, যিয়ে পতি পত্নীৰ মাজৰ সম্পৰ্কবোৰ তিক্ত কৰি তুলিছে, এনে ৱাহিদাৰ কাৰণে বহুতৰে সংসাৰ ভাগি গৈছে, সংসাৰ ভগাৰ সমান্তৰালভাৱে সমাজ আৰু স্বাস্থ্যৰ অপকাৰী নিচাত আক্ৰান্ত হৈছে, যি নিচাই আজিৰ যুৱপ্ৰজন্মক কৰ্মবিমুখ কৰি তুলিছে । ইয়াৰ পৰা সমাজক বচোৱাৰ কোনো উপায় নাইনে” ?
অলপ সময় চিন্তা কৰি কাশ্যপ ছাৰে মাত লগালে, “আচলতে পতি পত্নীৰ মাজত বুজা পৰা থকাটো খুব প্ৰয়োজনীয় কথা । ইজনে সিজনক পৰ্যাপ্ত সময় দিব লাগিব । দুয়োৰে মাজত বন্ধুত্বসুলভ সম্পৰ্ক থাকিব লাগিব । দুয়ো দুয়োকে গুৰুত্ব দিব লাগে । ইজনে সিজনৰ দৃষ্টিভংগীক সন্মান জনাব লাগে ।পতি-পত্নীৰ মাজত হোৱা তিক্ত সম্পৰ্কৰ প্ৰকৃত কাৰণ উলিয়াবলৈ যথেষ্ট বিশ্লেষণ কৰিব লাগিব । কিন্তু এটা প্ৰধান কাৰণ, পৰস্পৰে মুকলিকৈ কথাৰ বেকত নকৰাটো । আমাৰ মাজৰ তেতিয়াৰে পৰা এতিয়ালৈকে সম্পৰ্ক যিটো, বিয়াৰ আগলৈকে দেখা নাছিলো তেওঁক, কিন্তু বিয়াৰ তেত্ৰিশ বছৰ হোৱাৰ পাছতো আমাৰ সম্পৰ্কটোক লৈ মইতো এতিয়া বাহাদুৰি কৰিয়ে ক’ব পাৰোঁ, “এনে পত্নী পাবলৈ অলপ দিগদাৰ আছে” ।
কথাষাৰ কৈয়ে ছাৰে স্বভাৱসিদ্ধ ধেমালিৰে বাইদেউৰ মুখলৈ চাই জোকালে, “সেইবুলি তুমি কান্দি দিব নালাগে।“
আনুষ্ঠনিকতাৰ পৰা আমি অলপ আঁতৰি পৰিলো । হাঁহিৰ গিৰ্জনি উঠিল । ছাৰৰ কথাত যে মৌ নিগৰে, প্ৰতিখন কিতাপৰ পাতত সেই কথাৰ ইংগিত পাইছিলো । আজি সেই ৰসৰ প্ৰমাণ পালোঁ ।

পিছৰ প্ৰশ্নৰ সাজু হ’লো আমি,
“চৰকাৰী চাকৰিয়ালৰ প্ৰতি সৰ্বসাধাৰণৰ এক দুৰ্নীতিৰ অভিযোগ থাকে । সাধাৰণীকৰণ কৰাৰ বাবে সীমান্ত বৰুৱাৰ খং উঠে । সীমান্তৰ প্ৰতি পাঠকৰো এইখিনিতে সন্মান বাঢ়ে । প্ৰতিখন উপন্যাসতে আপোনাৰ দুৰ্নীতিৰ লগত আপোচ নকৰা মনটো প্ৰতিফলিত হয় । আপোনাৰ দুয়োখন উপন্যাস ‘সীমান্ত’ আৰু ‘সময়’ত এই কথা উল্লেখ কৰিছে ।আপুনি অনুভৱ কৰেনে যে, আজিৰ দিনত যিকেইজন সৎ আৰু দুৰ্নীতিমুক্ত বিষয়া আছে, তেওঁলোকৰ জীৱনত ‘সীমান্ত’ৰ দৰে কিতাপৰ প্ৰভাৱ আছে ? একোখন গ্ৰন্থই বিবেকৰ বাট মুকলি কৰে । আপোনাৰ জীৱনত গ্ৰন্থৰ প্ৰভাৱ কেনেধৰণৰ সেয়া শুনিবলৈ বিচাৰিম ।
গভীৰ শ্ৰদ্ধামিহলি কণ্ঠেৰে ছাৰে মাত লগালে, “দেউতা মোৰ বাবে এখন বিশাল গ্ৰন্থ । মূৰ তুলি থাকিবলৈ শিকাইছিল তেওঁ । দেউতাইয়ো বহুত ডাঙৰ চাকৰি কৰিছিল । তথাপি কৈছিল তেওঁ, “ওপৰলৈ যোৱাৰ কোনো সহজ পথ নাই” ।
বেলেগ কিতাপ মই বহুত পঢ়িছো । ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰ মোৰ আটাইতকৈ প্ৰিয় ব্যক্তি ।ছাৰক মই এতিয়াও ভৰি চুই মনে মনে সেৱা কৰোঁ । তেখেতৰ আদৰ্শ সদায়েই মানি চলিবলৈ চেষ্টা কৰোঁ ।
কৈ গ’ল তেখেতে, “দুৰ্নীতিৰ বিৰুদ্ধে যিখিনি কথা লিখিছিলো, সেইখিনি চকুৰ আগত ঘটা কথা । তেনেকুৱা কথা বহুত পাইছো চাকৰিকালত । অন্যায় দেখিলে মোৰ সহ্য নহয় । মানুহটো অলপ খঙালো আছিলো । মুখেৰে বুজোৱাতকৈ হাতখনেই উঠি যায় । এতিয়া পিছে সেই জোৰ নাই, সেই মনো নাই । এতিয়া ঠাণ্ডা হ’লো ।“

আমি পিছৰ প্ৰশ্নটো তুলি ধৰিলো,
“সময় উপন্যাসখন অসমৰ এটা জটিল সময়ৰ সাক্ষী হৈ ৰৈছে ।নেলীৰ হত্যাকাণ্ডৰ পৰা বজৰং অপাৰেচনলৈকে, মুক্তিবাহিনীৰ আত্মসমৰ্পণ আচনিলৈকে অসমৰ এছোৱা সময়ক প্ৰতিনিধিত্ব কৰিছে উপন্যাসখনে । মূল্যবোধৰ চূড়ান্ত অধোপতন হোৱা সময়খিনিক ধুনীয়াকৈ প্ৰকাশ কৰিছে সময়ৰ পাতত । সেই সময়ছোৱাতে অসমে বহু কিছু হেৰুৱাবলগা হ’ল । আপুনিও নিশ্চয় নেহেৰুৱাকৈ থকা নাই । আপোনাৰ মুখেৰে শুনিব পাৰিমনে ?”
ছাৰে ক’লে, “নিশ্চয়কৈ হেৰুৱাইছিলো । কেৱল ময়েই নহয়, সমগ্ৰ অসমে বহুত কিবাকিবি হেৰুৱাব লগা হৈছিল । ছাত্ৰসকলে এটাকৈ শিক্ষাবৰ্ষ হেৰুৱাইছিল । ময়ো ব্যতিক্ৰম নাছিলো” ।

আমি সুধিলো,
“ছাৰ, আপোনাৰ আন এখন উপন্যাস হ’ল ‘সংগীত’, য’ত পিতা-পুত্ৰৰ মাজৰ এক বন্ধুত্বসুলভ সম্পৰ্ক দেখুওৱা হৈছে, যিটো আজিৰ সময়ৰ পৰিপন্থী যেন অনুভৱ হয় । আজিৰ সময়ত পিতৃ-মাতৃ উভয়ে কৰ্মত ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত সন্তানক সময় দিয়াৰ সুযোগ নাপায় । যাৰ ফলত হতাশগ্ৰস্ত সন্তানসকল প্ৰায়ে বিপথগামী হোৱা দেখা যায় । যিসময়ত নাৰীশিক্ষা তথা মহিলা সবলীকৰণৰ যুগ চলিছে, সেই সময়ত সময়ৰ নাটনিৰ অভাৱত শিশুসকলো একাকীত্বত ভূগিছে । কথাটো ইমানে পৰস্পৰবিৰোধী যে, আমি মাতৃসমাজ সঁচাকৈ চিন্তিত, মাতৃ এগৰাকীৰ বাবে প্ৰথম পছন্দ কি হোৱা উচিত, চাকৰি নে সন্তান ? আপোনাৰ মতামত কেনেধৰণৰ ?”
ছাৰে কিছু সময় চিন্তা কৰি ক’লে, “পিতৃ-মাতৃয়ে সন্তানক সময় দিবই লাগিব । একে সময়তে মাতৃ এগৰাকীৰো কৰ্মসংস্থাপন খুবেই প্ৰয়োজন । চাকৰি আৰু সন্তান দুয়োটাই মেনেজ কৰিব লাগিব । পিতৃ-মাতৃ উভয়ে সন্তানক গুণগত সময় দিব লাগিব । সন্তানৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলিব লাগিব । সন্তানে মাক-দেউতাকৰ আগত সকলো ধৰণৰ কথা ক’ব পৰা পৰিবেশ এটা গঢ়ি তুলিব লাগিব । সমস্যাবোৰ মুকলিকৈ ক’ব নোৱাৰিলেহে ল’ৰা-ছোৱালীয়ে ওলোটা-পোলোটা কামবোৰ কৰে” ।
(এইখিনিতে আমি অলপ ৰৈ কথাখিনি অনুভৱ কৰিলো, আচৰিত হৈছিলো, চকুৰ আগত ইমান পৰিপক্ক এখন সংসাৰ দেখি তবধ মানিছিলো ! ঘৰ নহৈ যেন হাঁহিৰ ৰহঘৰাহে । সমস্যাবোৰ যেন সমস্যাই নহয় । সংসাৰ চলোৱাৰ সেই ট্ৰেইনিং কোনে দিছিল বুলি সুধি পেলালো বাইদেউক । বাইদেউৱে কিবা কোৱাৰ আগতেই ছাৰৰ গহীন উত্তৰ, “মই তেওঁক দিছিলো প্ৰশিক্ষণ”) ।

পুনৰ আমাৰ প্ৰশ্ন এইবাৰ তেওঁৰ লিখনিৰাজিৰ প্ৰতি, “সীমান্ত, সময়, সংগীত-আপোনাৰ উপন্যাসসমূহ ‘স’ৰে আৰম্ভ হোৱাৰ কিবা বিশেষত্ব আছে নেকি” ?
ছাৰে একে আষাৰে না কৰি ক’লে, “নাই । নাই । সেয়া একান্তই কাকতালীয় । সেইটো নিজে নিজেই হৈ গ’ল । প্ৰথমতেই মই উপন্যাসখনৰ নামটো লিখি তাৰ তলতে নিজৰ চহীটো কৰোঁ । তাৰ পাছত লিখি যাওঁ । চাকৰি কৰি থকাৰ মাজতে ডেপুটেচনত পিজি কৰিবলৈ যোৰহাটলৈ আহিলো ।সীমান্তখন তেতিয়াই আৰম্ভ কৰিছিলো । সেয়া ১৯৯১-১৯৯২ চনৰ কথা । ‘সীমান্তৰ শেষত’ বুলি এটা পেৰাগ্ৰাফ লিখিছিলো । ঠিক কি লিখিছিলো সেয়া পাহৰিছো । মোৰ ব্ৰেইনটো মানে, হাৰ্ড ডিস্কটো বেয়া হৈছে বুজিছা । এওঁ পঢ়ি লৈ ক’লে, ‘তুমি দেখোন এইখন এখন উপন্যাসেই কৰিব পাৰা’ । ময়ো ভাবিলো, ‘হয়তো । পৰা যায়’ । তাৰ আগলৈকে গল্পহে লিখি আছিলো । ভাবিলো মাত্ৰ । তেনেকৈয়ে পেলাই থ’লো । কামৰ আগতেই কথা কোৱাত মই বৰ ভাল । সেই পেৰাগ্ৰাফটো লিখিয়েই প্ৰান্তিকলৈ চিঠি লিখিলো, জনালোঁ যে, মই এখন উপন্যাস আৰম্ভ কৰিম । প্ৰান্তিকৰ হৈ প্ৰদীপ বৰুৱাদাই মোলৈ লিখিলে, ‘ভাল কথা । লিখা’।
পিজি শেষ কৰি আকৌ চাকৰি সূত্ৰে তেজপুৰ পালোগৈ । তেজপুৰত থাকোতেই প্ৰদীপদাই এদিন ফোন কৰিলে, ‘তোমাৰ উপন্যাসখন দিয়া ।মোক লাগে এতিয়া ।‘
মইতো লিখাই নাই । প্ৰদীপদাই আকৌ সুধিলে, ‘কেতিয়া দিবা ?’
মই প্ৰদীপদাক ওলোটাই সুধিলো, ‘আপোনাক কেতিয়া লাগে ?’
প্ৰদীপদাই বোলে, ‘এমাহমানৰ ভিতৰতে দিয়া । সদ্যহতে চাৰিটাখণ্ড আৰু ছিনপছিছটো দিয়া ।‘
মই ক’বলৈ বাধ্য হ’লো যে, মই আচলতে একো লিখাই নাই ।
প্ৰদীপদাই বোলে, ‘মোক চাৰিটা খণ্ড দিয়া আৰু ছিনপছিছটো দিয়া’ ।
চাৰিটা খণ্ড লিখিলো । কিন্তু ছিনপছিচ কি দিওঁ ? মইতো আগতীয়াকৈ প্লেন কৰি নিলিখো । এটাৰ পাছত এটাকৈ চিন্তা কৰিহে লিখি গৈ থাকো । কিন্তু প্ৰান্তিকৰ সেইটো এটা নিয়ম আছিল, মই পিছতহে গম পালোঁ । প্ৰদীপদাই শইকীয়া ছাৰক ক’লে কথাটো যে, মই ছিনপছিচ দিব নোৱাৰো, চাৰিটা খণ্ড দিছো । ভৱেন্দ্ৰ শইকীয়া ছাৰে নিয়ম কেতিয়াও নাভাঙে । মোৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে নিয়ম ভাঙি কৈছিল যে, ‘নালাগে দিয়া তেওঁৰ ছিনপছিচ । তেওঁ লিখিলে এনেও ভাল হ’বই’ । মই জীৱনৰ আটাইতকৈ ডাঙৰ কম্প্লিমেণ্ট পাইছিলো তেতিয়াই, ‘তেওঁ লিখিলে উপন্যাস ভাল হ’বই।‘
ছাৰে আৰু এটা কাম কৰিলে । প্ৰান্তিকত আগতে কোনো উপন্যাসৰ বিজ্ঞাপন নিদিয়ে । কিন্তু সীমান্ত প্ৰকাশ কৰাৰ আগতে প্ৰান্তিকত এটা পেৰাগ্ৰাফৰ  বিজ্ঞাপন দিলে, লগতে টোকা এটা লিখি দিলে, আচলতে সীমান্তখন কেনেধৰণৰ হ’ব । সেই যে অকণমান টোকা লিখি দিলে, মই তেতিয়াই আইডিয়াটো পাই গ’লো । তাৰ পাছত আৰু মোৰ ৰক্ষা নাই । শইকীয়া ছাৰ তেনেধৰণৰ মানুহ আছিল ।বৰ প্ৰেৰণাদায়ক আছিল তেখেত”।

আমি পিছৰ প্ৰশ্নটো সুধিলো, “এটা অভিযোগ সততে শুনা যায়, আপোনাৰ লিখনিত ইংৰাজী শব্দৰ বহুল প্ৰয়োগ হয় । সেই কথা আপুনি ‘সংগীত’ কিতাপখনৰ পাতনিতে উল্লেখ কৰিছে । ইয়াৰ কিবা বিশেষ কাৰণ?”
ইংৰাজী শব্দৰ প্ৰয়োগৰ কথাটো লৈ ছাৰ যেন অলপ আহত, তেনে ভাৱত কৈ গ’ল, “সংগীতখন লিখোতে মই যথেষ্ট কষ্ট পালোঁ । বহুতৰে পৰা এই অভিযোগ আহিছে । কিন্তু মই আচলতে সাহিত্য হিচাপে ভবা নাছিলো, আমি যিদৰে কথা পাতোঁ, উপন্যাসত হুবহু তেনেধৰণেৰেই তুলি দিব বিচাৰিছিলো ।“

প্ৰতিখন কিতাপৰ পাতনিত উল্লেখ থকা প্ৰেৰণাৰ নাৰীগৰাকীৰ বিষয়ে সুধিলো আমি,
“আপোনাৰ জীৱনৰ আটাইতকৈ ধুনীয়া উপহাৰটি হৈছে আপোনাৰ লিখনিৰ প্ৰথম পাঠক ‘মন’ । তেখেতৰ বিষয়ে জানিব বিচাৰিম” ।
বাইদেউলৈ চাই ছাৰে কৈ গ’ল, “মন মোৰ পত্নী । মোৰ প্ৰতিটো লিখনিৰ প্ৰথম পাঠিকা ।ভাল নাম অনামিকা ।“ (কথাখিনি বাইদেৱে ইতিমধ্যেই ওপৰৰ বাৰ্তালাপত কৈ আহিছিল বাবে প্ৰশ্নটো সামৰি থ’লো)

আমি সুধিলো, “ছাৰ,আপোনাৰ প্ৰিয় লেখক ?”
ছাৰে একে আষাৰে ড০ ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ নাম ল’লে ।

আমি আকৌ ছাৰৰ জীৱনৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ল’লো, “আপুনি ছাত্ৰ জীৱনৰ বিষয়ে লিখিলে ।কৰ্মজীৱনৰ বিষয়েও পঢ়িলো । লেখক জীৱনৰ দুটি স্মৰণীয় ঘটনাৰ বিষয়ে শুনিবলৈ বিচাৰিম” ।
ছাৰ কিছুপৰ ভাৱত বিভোৰ হ’ল । তাৰ পিছত ক’লে, “এটা ঘটনা সীমান্তৰ সময়ৰ, যিটো মই আগতে কৈ আহিছো । ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে প্ৰদীপ বৰুৱাক সীমান্তৰ বিষয়ে কৈছিল,“হিৰণ্যই লিখিছে যেতিয়া ভাল হ’বই” ।সেই বাক্যশাৰী মোৰ কলমৰ অন্যতম বাটকটীয়া । অত্যন্ত প্ৰেৰণাদায়ক, অত্যন্ত ভাল লগা কথা সেইটো ।
আৰু এটা কথা মনত পৰিছে, ‘কৃষি বিশ্ববিদ্যালয়ৰ এলুমনি মিটলৈ গৈছিলো  সিদিনা । মোৰ পুত্ৰৰ বয়সৰ ল’ৰাবোৰ আহি মোক ইমান সন্মান দিলে, তাকে ভাবি আচৰিত হৈছো । এইটো প্ৰজন্মই ইমান বছৰৰ আগৰ কিতাপ এখন পঢ়াটো মোৰ বাবে বৰ ডাঙৰ কথা” ।

এইবাৰ আমি ছাৰৰ কলমৰ বিৰতিৰ কাৰণ জানিব বিচাৰিলোঁ,
“সংগীত’ উপন্যাসখনৰ পাছত আপুনি যেন অজ্ঞাতবাসলৈ গুচি গ’ল । ডিব্ৰুগড়ৰ বাগানৰ গলিত অসীম চৌধুৰীৰ পৰা লগৰ বন্ধু ৰাজে প্ৰতিশ্ৰুতি আদায় কৰিছিল, আজীৱন কলম থমাই নিদিয়াৰ । তেনেদৰেই আমিও আশা কৰিম, শেষ হওক আপোনাৰ সাময়িক বিৰতিৰ । নতুন কিবা পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম ।এককথাত আমি আপোনাক অনুৰোধ কৰিম, পুনৰবাৰৰ বাবে আপোনাৰ কলমৰ সোৱাদ দিবলৈ ।
ছাৰে আমাৰ অযুত হেঁপাহক সঁহাৰি জনাই জনালে যে, “মাজে মাজে মই কলম এৰি দিয়াটো নতুন কথা নহয় । সেই দহবছৰ বয়সতে ৰ’দালি নামৰ আলোচনীখনত লিখাৰ পাছতে এটা ব্যৱধান আহি পৰিছিল । তাৰ পাছত আকৌ বিস্ময়, মনোৰঞ্জনত লিখিবলৈ ল’লো । তাৰ পাছত প্ৰায় দহবছৰ ব্যৱধান । বিয়াৰ পাছত এবাৰ এওঁলোক ঘৰলৈ গ’ল । মই ঘৰত অকলে আছিলো । বিছনাখনত বাগৰোঁতেই মোৰ মগজুত এটা কিক্(kick) আহিল । কলমটো ধৰিব লাগিব আকৌ । গল্প আৰম্ভ কৰিলো আকৌ । প্ৰান্তিকত নিয়মীয়াকৈ প্ৰকাশ হ’ল । তাৰ পাছত সীমান্ত, সময়, সংগীত- তিনিখন উপন্যাস । তাৰ পাছত আকৌ দীঘলীয়া গেপ । মোক লিখিবলৈ আচলতে এটা কিক্(kick) লাগে৷ যিটো মই পোৱা নাছিলো৷ এতিয়া হঠাতে মগজুত কিক্(Kick) এটা হৈছে । কলম তুলি লোৱাৰ প্ৰয়াস জাগিছে । নতুনকৈ উপন্যাস এখন লিখিম বুলি পৰিকল্পনা এটা কৰিছো । তোমালোকক নামটোও কৈ দিছো বাৰু । কিন্তু এইখন কোনো আলোচনীত প্ৰকাশ নকৰোঁ । একেবাৰে কিতাপ আকাৰেই উলিয়াম ।“
(কাকতালীয়ভাৱে এই নতুন উপন্যাসখনৰ নামো আৰম্ভ হৈছে ‘স’ আখৰেৰে)

এইবাৰ আমি ফেচবুকৰ সাহিত্য চৰ্চাৰ বিষয়ে জানিব বিচাৰিলোঁ,
“কেৱল নিচাৰ খাতিৰতে লিখা মেলা কৰিব বিচৰাসকলে ফেচবুকক মঞ্চ হিচাপে লোৱাত আপোনাৰ মনোভাৱ কেনেধৰণৰ ?”
মিচিকনি এটাৰে ছাৰে চমুকৈ সামৰিলে উত্তৰটো, “এতিয়ালৈকে ফেচবুকৰ লগত সম্পৰ্ক হোৱা নাই মোৰ । মানে হোম মিনিষ্টাৰে কথাটোত অনুমোদন জনোৱা নাই । সেয়ে ক’ব নোৱাৰিম এই বিষয়ে”।

আমি সাহিত্যৰ কথা পাতিলোঁ, সুধিলোঁ,
“হাস্য-ব্যংগৰ সাহিত্য চৰ্চা আমাৰ মাজত যথেষ্ট কম । ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে আপোনাৰ মতামত জানিবলৈ বিচাৰিম” ।
ছাৰে ক’লে “ব্যংগ সাহিত্যৰ প্ৰয়োজন বৰ্তমান খুবেই বেছি৷ যিহেতু ব্যংগৰ দ্বাৰা সমাজ শুধৰাব পৰা যায়, গতিকে বৰ্তমানৰ সমাজখনৰ অৱস্থা দেখি মই ব্যংগ সাহিত্যৰ প্ৰয়োজনীয়তা অতি বেছি বুলিয়েই ভাবোঁ৷ ইনফেক্ট মই নিজেই লাহে লাহে ব্যংগ লিখিবলৈ ল’ম এতিয়া৷ গুৱাহাটীত দেখা এনে বহু কাহিনী আছে মোৰ, যিবোৰ মই ব্যংগৰ দ্বাৰা ৰাইজলৈ আগবঢ়াম৷”

ছাৰৰ বিবাহ-পূৰ্বক প্ৰেমৰ বিষয়ে জানিবলৈ মন গ’ল, সুধিলো সেয়ে,
“ছাৰ, আমাৰ আলোচনীত ফটা-প্ৰেম বুলি শিতান এটা আছে । সফল নোহোৱা প্ৰেমক লৈ নিৰ্দোষ ধেমালিয়েই ইয়াৰ মূখ্য আকৰ্ষণ । আপোনাৰ জীৱনৰ তেনে কোনো ৰসাল ঘটনা জনাব পাৰিব নেকি” ?
প্ৰশ্নটো শুনিয়েই চাহ কৰিবলৈ বুলি উঠি যোৱা মন বাইদেউক মাতিলে ছাৰে, “হৌৰা এইফালে আহাচোন । বৰ ডেঞ্জাৰাচ প্ৰশ্ন এটা সুধিছে দেখোন ।“
আমি হাঁহি ৰখাব নোৱাৰিলো । সময় উপন্যাসখনৰ নায়ক অসীম চৌধুৰীৰ কথা মনত পেলাই ছাৰক সুধিলো, “অসীম চৌধুৰীয়ে ডিব্ৰুগড়ৰ এটা গলিত খুব পাক মাৰিছিল বুলি পঢ়িছিলো” ।
ছাৰে হাঁহি হাহি ক’লে, “মই সেইটোকে ক’ব বিচাৰিছিলো । চকুৰ আগত আহিয়েই গ’ল নহয় দৃশ্যটো।“

ছাৰক পুনৰ সুধিলো, “ছাৰ আপুনি লেখক জীৱনত আৰম্ভণিৰে পৰা ছদ্মনাম ব্যৱহাৰ কৰাৰ কিবা বিশেষ কাৰণ আছে নেকি ?”
ছাৰে উত্তৰ দিলে, “বিশেষ কাৰণ মানে আচলতে মই কোনো বিবাহ অনুষ্ঠান, সভা-সমিতি, মেল-মিটিং আদিলৈ গলে যদি কোনোবাই মোৰ লেখনিৰ প্ৰশংসা কৰে শুনি ভাল লাগে। মোৰ সন্মুখতে তেওঁলোকে হিৰণ্য কাশ্যপৰ লেখনিৰ আলোচনা কৰে। সেয়া হয়তো মোৰ প্ৰকৃত নামেৰে নিজে শুনিবলৈ অসজা লাগিলহেতেন। গতিকে ছদ্মনাম লৈ লিখাৰ এয়া এক কাৰণ। তদুপৰি মই মুখৰ আগত নিজৰ প্ৰশংসা বৰ এটা শুনিবলৈ অসুবিধা পাওঁ। এইবোৰেই কাৰণ। আৰু বৰ্তমান এই ছদ্মনামেৰেই ৰাইজে মোক জনাটো বিচাৰোঁ।” এজন প্ৰতিভাৱান আৰু প্ৰচাৰবিমুখ ব্যক্তিৰ এনে বক্তব্যই তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা দুগুণে বৃদ্ধি কৰিলে।

এইবাৰ আমি শেষ প্ৰশ্নটো উত্থাপন কৰিলো ছাৰক,
“ছাৰে ঈশ্বৰ বা তেনে কোনো শক্তিক ভয় কৰেনে” ?
আখলৰ ফালে উঠি যোৱা বাইদেউলৈ আঙুলিয়াই ছাৰে ক’লে, “তেওঁহে ঈশ্বৰক ভয় কৰে ।মই তেওঁকেই ভয় কৰোঁ ।“
আকৌ ৰসিকতা, “তোমালোকে আকৌ বাইদেউক কৈ নিদিবা দেই।“

হাঁহিত ফাটি পৰিছিল ছাৰৰ ডাইনিং টেবুল । হাঁহিৰ কাৰণেই চাগৈ ছাৰ আৰু বাইদেউ এগৰাকীৰো শৰীৰত বয়সৰ চাপ পৰিবলৈ সক্ষম হোৱা নাই ।
এগাল সুখানুভৱ, এগাল আনন্দ লৈ ছাৰৰ চৰাঘৰ এৰিছিলো । বাইদেৱে দেখুৱাইছিল গোঁসাই ঘৰটো । ঘৰখনৰ চুকে-কোণে লখিমী হাতৰ পৰশ অনুভৱ কৰা যায় । এগৰাকী নাৰীৰ হাতত কিদৰে ন্যস্ত থাকে সুখৰ এধানি পৃথিৱী, সেয়া অনুমান কৰি গেট খুলিছিলো । ছাৰ কিছু আবেগিক হৈছিল যেন । হঠাতে আমাৰ মনত পৰিল, “ছাৰৰ হাতৰ আখৰটো আমি লৈ আহিবলৈ পাহৰিছোঁ “।

ছাৰৰ ফালে আমি দুয়ো দুখন ডায়েৰী আগবঢ়াই দিলো । ছাৰে প্ৰথমে চবিনাবাৰ ডায়েৰীখন হাতত তুলি লৈ তিনিশাৰীৰ বাক্য এটা লিখি দিলে । তাৰ পাছত মোৰখনতো লিখি দিলে ধুনীয়া বাক্য এশাৰী । মই মৃদু আপত্তি কৰিলোঁ, “ছাৰে চবিনাবাক বেছিকৈ লিখি দিলে । মোক কমকৈ লিখিলে” ।
ছাৰে মৰমমিহলি ধমকি মাৰিলে, “সেইখন ডায়েৰী সৰু নহয় নেকি ? সেইকাৰণেহে তিনিশাৰী হৈছে । এইকণ হিচাপো নাজানে তাই, ইঞ্জিনিয়াৰিং পঢ়িছে আকৌ !”

হাঁহি হাঁহি এইবাৰ সঁচাকৈ বিদায় ল’লো । ছাৰৰ নতুন কলমত ডুব যোৱাৰ মধুৰ সপোন আৰু ভাললগা এসোপা প্ৰতিশ্ৰুতিৰে ওভতনি যাত্ৰা আৰম্ভ কৰিলো । ওভতনি যদিও এই যাত্ৰাই বৰ সুখ দিলে । কাৰণ ছাৰে কৈছিল, “কিবা এটাই মগজুত কিক মাৰিছে । কলম ধৰিম” ।

সঁচাকৈ ।
‘কিক’ এনে এটা শব্দ যাৰ তাড়নাত সৃষ্টি হয় কালজয়ী গ্ৰন্থ ।
(সমাপ্ত)

☆★☆★☆

5 Comments

  • যাজ্ঞবল্ক্য

    মোৰ প্ৰিয় ঔপন্যাসিকজন! সম্পাদিকাক অশেষ ধন্যবাদ চিনাকি কৰাই দিয়াৰ বাবে।

    Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল, আকৌ এবাৰ পঢ়িলোঁ।

    Reply
  • ডিম্পী বুঢ়াগোহাঁই

    প্ৰিয় সাহিত্যিকজনক প্ৰথমবাৰৰ বাবে এনেদৰে লগ পালোঁ। ‘ফটাঢোল’লৈ অশেষ ধন্যবাদ।

    Reply
  • সীমান্ত কলিতা

    ‘সীমান্ত ‘আজিৰ পৰা প্ৰায় ২৪বছৰৰ আগতেই পঢ়িছিলো। মোৰ এখন অতি প্ৰিয় গ্ৰন্থ। লেখক জনৰ বিষয়ে ইমানখিনি কথা জানিবলৈ পাই আপ্লুত হলো

    Reply
  • Anonymous

    ছাৰৰ লগত মই কথা পাতিছিলো প্ৰান্তিকতৰে এটা গল্পৰ তলত তেওঁৰ ফোন নম্বৰটো পায় ৷ ২০১১ ৷মই তেওঁক মামা বুলি মাতিবলৈ ললো ৷ তেওঁ মোক কৈছিল নতুন উপন্য়াস এখনৰ চাৰিটা খন্ড লিখা হৈছে বুলি ৷

    Reply

Leave a Reply

Your email address will not be published.