ফটাঢোল

চাহ চেনি চাহিত্য চংবাদ – চাও খুন শিৱ ডেকা

নিজৰ চেম্বাৰতে ৰাতিপুৱা দুই ঘণ্টা ক্লায়েন্টৰ নতুন কেচ লোৱাটো উকীল বিজয় মহাৰাজৰ নিত্য কৰ্ম। তাৰপাছতহে তেওঁ বেলেগ কামলৈ মন মেলিব পাৰে। গোটেই অসমতে নাম থকা উকীল হিচাপে তেখেতৰ ক্লায়েন্টৰ সংখ্যাও বেছি। সৰু সৰু ক্লায়েন্টবোৰ আনলৈ ঠেলি ভব্য-গব্য নেতা, বুদ্ধিজীৱী, ঠিকাদাৰ, নামী দালাল বোৰৰ কেচবোৰহে তেখেতে নিজে লয়।
আজি তেওঁৰ ক্লায়েন্ট সাংবাদিক বন্ধু, লেখক তথা বুদ্ধিজীৱি মনাই। কালিয়েই ফোন কৰি এপইন্টমেণ্ট লৈ থৈছে।
সময়মতে মনাই আহি পালেহি। তেওঁক দেখি বিজয়ে মোচকুছাত তাও দি বোলে,- “আপোনালোকৰ দৰে গণ্য মান্য লোকৰ কেচ থাকিব পাৰে বুলি ভাবিবই নোৱাৰি ।“
মনাইঃ “লাজ নিদিব আৰু বুজিছে, কেচ কোনেও দিয়া নাই, মইহে দিম বুলি ভাবিছোঁ।“
বিজয়ঃ “আৰে, কি কথা কৈছে, মিছামিছি কিয় ঝেঙত সোমাইছে! কাৰ ওপৰত কি কেচ দিব লগা হ’ল?”
মনাইঃ “আপুনিটো জানেই, সাহিত্য কৰা মানুহ, মাজে মাজে ভিন্ন ধৰ্মী লেখা বিচাৰে পাঠকে। ব্যস্ত জীৱন সদায় চিন্তা কৰিবও নহয় বেলেগকৈ কিবা। সেইবাবে মানুহৰ লগত কথা পাতোঁ। আজি কালি চেনেলৰ টক শ্ব’বোৰত যাবৰ পৰা মানুহৰ লগত য’তে ত’তে বহি কথাও পাতিব নোৱাৰা হলোঁ। প্ৰোগ্ৰা’মৰ ৰেটৰ কথা থাকেতো!“
বিজয়ঃ “আট্চা, তাতেনো কি হ’ল! মইও বাহিৰত লগ নহওঁ ক্লায়েন্টৰ লগত। আখিৰ ৰেট কা চৱাল হেই।“
মনাইঃ “মানুহৰ মনবোৰ বুজিবলৈ মই ফেচবুকত মানুহবোৰৰ লগত, মানে বিশেষ কৈ কাৰোবাৰ পত্নী, কাৰোবাৰ ভগ্নী, কাৰোবাৰ প্ৰেমিকাবোৰৰ লগত কথা পাতিব ল’লোঁ। পুৰুষ বিলাকৰ লগত কথা পাতি ভাল নালাগে, ফিলিংগ্চ বোৰ বুজি পোৱা টাইপ যে।“
বিজয়ঃ ‘তেওঁলোকে কথা পাতে নে, অপুনিহে হাই, হেল্ল কৰি থাকে?”
মনাইঃ “পাতে পাতে, কিছুমানে টো জীৱনৰ সমস্ত কথা কয়। পুৰণা প্ৰেমিকৰ প্ৰথম চিঠি খনৰ পৰা লাষ্ট চামাৰত যোৱা শ্বিলং ট্ৰিপলৈকে কয়।“
বিজয়ঃ “কি আচৰিত, কেনেকৈ সোধে এইবোৰ?”
মনাইঃ “ক’তনো মই পেঘেনিয়াই পেঘেনিয়াই সুধি থাকোঁ! তোমাৰ কথা লিখিম। কোৱা বুলি কলেই …! “
বিজয়ঃ “আচৰিত! চেনি খাইনে ?” ——- চাহ’ৰ কাপটো আগবঢ়াই দিবলৈ লৈ উকীল মহাৰাজে সুধিলে।
মনাইঃ “আপুনি জানেই চোন মিঠা মোৰ প্ৰিয়, অকণমান বেছিকৈ দিব। এই চেনি ন’হলে মোৰ নচলে, চাহত চেনি, মিঠা মিঠাই খাই খাই জিভা খন বেয়া হ’ল বুজিছে। মেছেজ ফোন বোৰতো চেনি বিচাৰি ফুৰোঁ, হে হে .. “
বিজয়ঃ “এইবোৰ দেখিলে শুনিলে নিজৰো চাহিত্যিক হ’বৰ মন যায় হে!”
মনাইঃ “সেইবোৰেই কাল হ’ল বুজিছে। সুন্দৰী নাৰী এগৰাকীৰ লগত চেনি খোৱা বেছি হৈছিল। অৱশ্যে অকল মইয়ে নহয়, তেৱোঁ সুবিধা বুজি খাইছিল অলপ। এতিয়া তেওঁৰ পতিয়ে সেইবোৰ পাই স্ক্ৰীন শ্ব’ট লৈ মোক সামাজিক ভাৱে শ্বুট কৰাৰ দৰে কৰি ফুৰিছে। তাৰেই কেচ এটা দিওঁ বুলি ভাবিছোঁ।“
বিজয়ঃ “আপুনি চিন্তা নকৰিব, মই আপোনাৰ কেছ চাম। আপোনাৰ পৰা শিকিব লগা ঢেৰ আছে। আপুনি মাত্ৰ নিজৰ কাম কৰি যাওক।“
মনাইঃ “আপুনি নাম থকা মানুহ, আপোনাৰ কথাই আশ্বস্ত কৰিলে।“
বিজয়ঃ “এই লিখা মেলাবোৰ শিকাবচোন অলপ মান, পেপাৰে পত্ৰই নিজৰ নামটো চাবৰ মন যায়।“
মনাইঃ “কোনে মানা কৰিছে লিখক না, মই পাব্লিশিং কৰাই দিম নহয়।“
বিজয়ঃ “কিযে কয় আৰু আপুনি, ৰাতিপুৱা চাহ কিহেৰে খালোঁ, দুপৰীয়া পাহৰি যাওঁ, দুপৰীয়া ভাত খালোঁনে নাই ৰাতিলৈ পাহৰি যাওঁ, আকৌ ৰাতি পুৱাৰ চাহকাপ কিহেৰে খাম চিন্তা কৰিব হয়েই।“
মনাইঃ “বঢ়িয়া, বঢ়িয়া আইদিয়া, এইখিনি কথাকেই কবিতা বনাই লিখক।“
বিজয়ঃ “নাই নাই, মোৰ দ্বাৰা কবিতা, ন’হব দেই।“
মনাইঃ “আপুনি কৈ যাব, ধুনীয়া এছিষ্টেণ্ট এগৰাকী পঠাই দিম, তেওঁ টাইপ কৰি নিব।“
বিজয়ঃ “বাৰু যত্ন কৰি চাম।“
ৰাতিলৈ এছিষ্টেণ্ট আহিল আৰু বিজয় চাৰে দুৰুল খোৱা জিভাৰে কবিতা গাই গ’ল, ধুনীয়া এ্ছিষ্টেণ্টে টাইপ কৰি গ’ল, পিছদিনা বাতৰি কাকতত কবিতাটো প্ৰকাশ হ’ল,-
#আজি কালি অহাকালি যোৱাকালি
“চাহ খালোঁ
ভাত খালোঁ
ফু ফু গ’লো
কি খালোঁ
কি নাখালো ,
পাহৰিলো।
কি খাওঁ
ভাবি আছোঁ।“

(কাহিনীত উল্লেখিত চৰিত্ৰ সমূহ সম্পূৰ্ণ কাল্পনিক।)

☆★☆★☆

6 Comments

  • Mridula gogoi

    মজ্জা

    Reply
  • Gitanjali Borah

    ৱাহ….কি মজ্জা লাগিছে….

    Reply
  • Bitupansaikia

    মজা

    Reply
  • Manash Saikia

    বঢ়িয়া৷এনেকুৱা চাহিত্যিক ময়ো হ’ব খোজো৷

    Reply
  • ৰাস্না বৰা

    চেনিৰাম সাহিত্যিক। ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    মজা মজা শিৱ৷

    Reply

Leave a Reply

Your email address will not be published.