ফটাঢোল

চাহ বাগিছাতে আমাৰ মন – ডলী তালুকদাৰ

দুহেজাৰ দহ চনৰ পৰা দুহেজাৰ সোঁতৰ চনলৈকে আমি চাহ বাগানৰ সেউজীয়াবোৰৰ মাজত আছিলোঁ।মোৰ স্বামীয়ে ‘টাটা টি’ৰ অন্তৰ্গত চাহ বাগানত চিকিৎসক হিচাপে নিযুক্ত হৈ আছিল। বহুতো সেউজীয়া অভিজ্ঞতাৰ লগতে লটিঘটিও হৈছিল প্ৰথমাৱস্থাত।

প্ৰথমে মোৰ স্বামী ডিগবৈৰ অন্তৰ্গত ‘পাৱৈ চাহ বাগান’ৰ চেণ্ট্ৰেল হস্পিতালত চিকিৎসক হিচাপে কাম কৰিছিল।বাগানত থকা আমাৰ দুয়োজনৰে প্ৰথম অভিজ্ঞতা।ইয়াৰ আগতে চাহ বাগান ইমান ওচৰৰ পৰা দেখা নাছিলোঁ। গতিকে বাগানৰ থলুৱা ভাষাটো বৰকৈ মই বুজি পোৱা নাছিলোঁ। আমি কোম্পানীৰ ফালৰ পৰা বাংলো পাইছিলোঁ আৰু বাংলোত সহায় কৰিবলৈ মালিৰ পৰা ৰান্ধনী, আয়ালৈকে পাইছিলোঁ। কিন্তু মই কওঁ কিবা সিহঁতে বুজে কিবা আৰু সিহঁতে কয় কিবা মই বুজোঁ কিবা। মানুহজনৰো একে গতি। তথাপি তেওঁ সৈনিক স্কুলত পঢ়োঁতে লগৰ দুজন মান সহপাঠী উত্তৰাঞ্চল, ঝাৰখণ্ডৰ আছিল গতিকে তেওঁ কিছু কিছু বুজিছিল।

প্ৰথম লটিঘটি হ’ল মোৰ ৰান্ধনিজনৰ পৰা। তাক ৰান্ধিবলৈ কওঁ কিবা ৰান্ধে কিবা এটা। এদিনৰ কথা।মই কিবা কামত বজাৰলৈ যাবলৈ ওলালোঁ। তাক ক’লোঁ,

: বিলাহীৰে মাছ ৰান্ধিবা আৰু বন্ধাকবি, আলু মিহকৈ কাটি ভাজিবা। আমি আহি খাম। বুজিছা নহয়।

সি ক’লে,

: মেমচাহাব বুজিছোঁ।

আয়াজনীক ক’লোঁ,

: তই তাক সহায় কৰি দিবি।

আমি বজাৰলৈ গ’লোঁ। দুপৰীয়া আঢ়ৈটামানত ঘূৰি আহিলোঁ। দেখিলোঁ যে ৰান্ধনিজন আৰু আয়াজনী মন চন মাৰি বহি আছে। আমি ভিতৰলৈ গৈ দেখিলোঁ যে সুদা ডালি ভাত বনাই থোৱা আছে। ৰান্ধনিজনৰ নাম কুশ আছিল। মই ক’লোঁ,

: কুশ বিলাহী মাছৰ আঞ্জা আৰু কবি ভাজি ক’ত?

সি ক’লে,

: বাইদেউ গোটেই পাকঘৰ আৰু ফিৰিজত (ৰেফ্ৰিজাৰেটৰ) চালোঁ বন্ধাকবি আৰু বিলাহী নাপালোঁ।

মোৰ বৰ খং উঠিল আৰু ফ্ৰীজ খুলি দেখুৱাই ক’লোঁঁ,

: এয়া কি বন্ধাকবি আৰু বিলাহী।

তেতিয়া সি ক’লে,

: হা এইটো হামি চিনি! এইটাতো পাতকপি লাগে। কিন্তু আপুনি কৈছে বান্ধাকপি তো আমি বান্ধি থোৱা কপি নেদেখিলোঁ যে। সেইকাৰণে নাভাজিলোঁ।

বিলাহীটো দেখি ক’লে,

: হাৰে এইটাটো বিলাতী লাগে। মেমচাব তুই একো নাজান ৰে।

দ্বিতীয় লটিঘটি মোৰ মানুহজনৰ লগত। আমি দুজন মালি পাইছিলোঁ। ফুলনি আৰু মালিবাৰী অৰ্থাৎ শাক পাচলিৰ খেতি কৰাৰ লগতে বাংলোটো চাফ চিকুনাই ৰাখিবলৈ। মালি দুজনৰ সৰু মালিজনৰ নাম ৰাজু। গোটেই দিন কাম কৰে কিন্তু কামৰ কোনো সাৰ গোবৰ নাই তাৰ। অতিশয় হোজা কিন্তু প্ৰকৃতাৰ্থত মহা বুৰ্বক সি। এদিন মানুহজনৰ আৰু মোৰ কিবা সৰু কথাত কাজিয়া লাগিল। তেওঁ মুখ ফুলাই বাৰাণ্ডাত বহি আছে। ৰাজুৱে বাহিৰত ফুলৰ গুৰি আৰু লনৰ ঘাঁহ কাটিছে। ডাঙৰ মালিজন ভাত খাবলৈ গৈ আহি পোৱা নাছিল। ৰাজু অতি স্বামী ভক্ত। গতিকে এওঁৰ ওচৰলৈ আহি সুধিলে,

: চাৰ ঘাচ গিলা ক’ত ৰাখিম?

এওঁ ক’লে,

: আগে পিছে য’ত থৱ তাত ৰাখগৈ।

সি ক’লে,

: আগত না পিছত ৰাখিম বাংলোৰ?

এওঁ ক’লে,

: চুকত থৈ দে কোনোবাফালে।

ইমান ডাঙৰ প্লট। সি আকৌ সুধিলে,

: কোনটা চুকত দাহিনে চাইদ না বাই তৰফ?

এওঁৰ এনেই খং উঠি আছিল গতিকে ক’লে,

: তোৰ যদি জাগা নাই থ’বলৈ তেন্তে মোৰ মূৰৰ ওপৰতে থ।

বচ লগে লগে ৰাজুৱে দৌৰি ঘাঁহ কাটি থোৱা প্লাষ্টিকৰ বস্তাটো দাঙি লৈ আহিল আৰু এওঁৰ ওচৰলৈ আহিল। ঠিক সেই সময়তে মই কথা বিষম দেখি বাৰাণ্ডালৈ ওলাই গ’লোঁ আৰু,

: ঐ বুৰ্বক কি কৰিছ? যা পিছফালে যে গাঁতটো আছে তাত থগৈ৷

বুলি ধমকি দিলোঁ। আমি দুয়ো হাঁহিত বাগৰি গ’লোঁ।এওঁ ক’লে,

: বাপৰে কি ভয়ানক বস্তু অ’ ই! ইয়াৰ লগত একো ধেমালি বা খং কৰিব নোৱাৰি। ভাল বাচিলোঁ আজি।

তৃতীয় লটিঘটি হ’ল পাৱৈৰ পৰা আমি শিৱসাগৰৰ বৰহাট বাগানলৈ বদলি হৈ অহাৰ পিছত। আগৰ বাগানৰ মানুহকেইটাক শিকাই বুজাই লৈছিলোঁ কোনোমতে। কিন্তু এইখন বাগানৰকেইটা আৰু ওপৰত।

ইয়াত ৰান্ধনি হিচাপে পালোঁ অমৰ বুলি এজনক। মাছ মাংসতো বেলেগ সি ভাত কেনেকৈ ৰান্ধে তাকো নাজানে। ছোৱালী এজনী দিছে যদিও তায়ো ডালি ভাতহে ৰান্ধিব পাৰে। নতুনকৈ কাম পোৱা ছোৱালী। প্ৰথম এমাহ মই ৰান্ধিম বুলি ক’লোঁ আৰু অমৰে মোক সব্জী কটাৰ পৰা মছলা পিচালৈকে সহায় কৰিব আৰু শিকিব খানা বনোৱা।

এদিন গধূলি মাছ ৰান্ধিছোঁ। ভাজিব লগা মাছকেইপিচ লৈ বাকীখিনি মাছ তাক ফ্ৰিজত থ’বলৈ দিলোঁ। ক’লোঁ যে,

: মাছৰ পিচবোৰ ফ্ৰীজত থৈ মূৰটো আইচ থকা তাত থ’বি।

কিছু সময় পিছত দেখিলোঁ তাৰ খবৰ নাই। মই মাতিলোঁঁ,

: অমৰ কি হ’ল?

একো মাত নাই। ডাইনিং ৰুমলৈ আহি দেখিলোঁ যে অমৰে তাৰ মূৰটো ডিপ ফ্ৰীজত সোমোৱাই থৈছে। মই দৌৰি গৈ,

: অমৰ কি কৰিছ ইয়াত? ওলা৷

বুলি টানি আনিলোঁ। তাক ক’লো,

: তোৰ মূূূূৰটো কিয় সোমোৱাইছ ফ্ৰীজত?

সি ক’লে,

: বাইদেউ আপুনিয়ে কৈছিল মূৰটো সোমোৱাবলৈ।

মই মূৰে কপালে হাত দিলোঁ। ক’লোঁঁ,

: বেঙা মই মাছৰ মূৰহে থ’বলৈ দিছিলোঁ!

সি ক’লে,

: আপুনি মাছৰ কথা নক’লে যে! মই ভাবিলো মোৰে মূৰটো থ’বলৈ ক’লে।

শেষৰটো লটিঘটি সকলোতকৈ মজা। আমি পাৱৈ বাগানত থাকোঁতে কাকু বুলি ৰাজুৰ ঠাইত আন এজন মালি আহিল। সাধাৰণতে ফেব্ৰুৱাৰী, মাৰ্চ মাহত বছৰৰ ছুটি দিয়ে বণুৱাবোৰক। তেতিয়া এজনে ছুটি কৰিলে বাংলোবোৰত আন এজনক বদলি দিয়ে। প্ৰকৃত নাম নাজানো কাকু বুলিয়ে মাতে সকলোৱে। সেইবাবে ময়ো মাতিছিলোঁ। ক’লা কুকুৰ এটা নিজে নিজে আমাৰ ঘৰত এবাৰ আহিছিল। তেতিয়া মোৰো বিয়া হোৱা বেছিদিন হোৱা নাছিল। অকলে থাকোঁ। অকমাণি পোৱালিটো দেখি মৰম লাগি তাক বিস্কুট, গাখীৰ খাবলৈ দিলোঁ। কুকুৰটোৱেও খাবলৈ পায় নোযোৱা হ’ল। লাহে লাহে পোহ মানিলে সি। কিচকিচিয়া ক’লা আছিল বাবে তাৰ নাম কালু দিছিল সকলোৱে।

এদিনাখনৰ কথা। দুপৰীয়া সময়ত আমি ভাত খাই উঠি মই থাল এখনত ভাত দি বাটি এটাত মাংসৰ জোল লৈ কাকুক ক’লোঁঁ যে,

: ভাতকেইটা কালুক খাবলৈ দিয়া আৰু মাংসৰ জোলখিনি সানি দিবা।

কিছু সময়ৰ পিছত শুনিলোঁ কুকুৰটোৱে বৰ জোৰকৈ চিঞৰিছে। মই বাহিৰলৈ আহি দেখিলোঁ যে কাকুৱে কালুক ভাতকেইটা খাবলৈ দি মাংসৰ জোলখিনি গাত সানি দি আছে। মই চিঞৰি দিলোঁ আৰু ক’লোঁঁ,

: কাকু কি কৰিছা? কুকুৰটোৰ গাত কিয় জোল সানিছা?

সি ক’লে,

: মেমচাহাব আপুনিয়েতো কৈছিল ভাত খাবলৈ দিওঁতে জোলখিনি সানি দিবা। মই সানি আছোঁ।

মই মুখ মেলি চাই থাকিলোঁ আৰু ভাবিলোঁ হৰি হৰি কিহৰ পাল্লাত পৰিলোঁ। চাহ বাগানত থকা কেইবছৰ এনেকুৱা লটিঘটি বহুত হৈছিল।

☆★☆★☆

18 Comments

  • মাধুৰ্য্য

    ধুনীয়া লিখিছ ডলীবা। লটিঘটিত তোৰ লিখা পঢ়াৰ মজাই সুকীয়া।

    Reply
  • হাঁ হাঁ৷পেট বিষাই গ’ল৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা হা,কিছু জমনি দেই।

    Reply
  • হেমন্ত কাকতি

    ফ্ৰীজত মুৰটো সুমুৱাই দিয়াতো সঁচানে? ধেত তেৰি হাঁহি মৰিছো

    Reply
    • ডলী

      ধন্যবাদ কাকতি দা পঢ়াৰ বাবেএকেবাৰে সঁচা।

      Reply
  • কমলা দাস

    কি উল্টা বুজে নহয় ইহঁতে

    Reply
    • Anonymous

      ধন্যবাদ পঢ়া বাবে

      Reply
  • হাঃ হাঃ ফ্ৰীজত মূৰ সোমোৱাই থোৱা, ঘাঁহৰ বস্তা মূৰত থবলৈ অহা, ঘটনা তামাম। মজ্জা লিখিছে।

    Reply
  • পূৰ্ণময়ী

    কমখন হোৱা নাছিল মানে।মজ্জা

    Reply
  • Mridula

    মজ্জা লাগিল । ধুনীয়া লিখিছা

    Reply
  • কাবেৰী মহন্ত

    সঁচাকৈ দেই বৰ জমনি হৈছিল ৷ বৰ ভাল লাগিল পঢ়ি

    Reply
  • কুকী কল্পিতা মহন্ত

    কৃষ্ণ। কি যে অৱস্থা।

    Reply

Leave a Reply

Your email address will not be published.