ফটাঢোল

চাৰ্টিফিকেট – আদিত্যজ্যোতি বৰঠাকুৰ

আজি দিনটো তাৰ মনটো কিবা উগুল-থুগুল লাগি আছে৷ আচলতে যোৱা কেইদিনমানৰ পৰা সি সাংঘাতিক মানসিক অশান্তিত কটাইছে৷ বৰ অদ্ভুত ধৰণৰ ঘটনাবোৰ ঘটা যেন লাগি আছে তাৰ৷ বৰ অদ্ভুত ধৰণৰ সপোনবোৰ দেখি আছে আজি কেইদিনমানৰ পৰা সি৷

প্ৰায় এসপ্তাহতকৈ বেছি দিন কৰ্মৰ তাড়নাত ঢপলিয়াই ফুৰি আজি মনটো ভাল লাগক বুলি, লগতে পৰিয়ালকো সময় দিয়া হ’ব বুলি আজি সি ঘৰৰ সকলোকে লগত লৈ চহৰৰ দাঁতিকাষৰীয়া “ৰিজ’ৰ্ট”খনলৈ ওলাই আহিছে৷

ঘৰৰ পৰা ওলায়েই তাৰ গাড়ীৰ আগেৰে মেকুৰী এটা পাৰ হৈ যোৱাত তাৰ মূৰটোৱেই গৰম হৈ গ’ল৷ গাড়ী ৰখাই ৰাস্তাতে থুৱাই মেলি আগবাঢ়িল, মেকুৰীটোৱেও তালৈ বৰ বেয়াকে চোৱা যেন লাগিল৷ আকৌ ৰাস্তাত এটা শালিকা, মুঠতে তাৰ মূৰটো লাহে লাহে বেয়া হৈ আহিল৷ ঘৰৰ পৰা ওলাই “মেইন ৰাস্তা”ত উঠোঁতেই সিহঁতৰ ঘৰত কাম কৰিবলৈ অহা মানুহজনীক দেখিও সি গাড়ীখন ৰখাই কৈ যোৱাতো দৰকাৰী বুলি নাভাৱিলে৷ হওঁক, এদিন সিহঁতৰ ঘৰত কাম নকৰিলেও সিহঁতৰ একো হানি নহয় ৷

বজাৰৰ ওচৰৰ ‘ট্ৰেফিক পইণ্ট’টো পাওঁতেই তাৰ ঘৰৰ ওচৰৰ শইকীয়া খুৰাক বাইকত অহা পিলিঙা এটাই খুন্দিওৱা দেখিও তাৰ ৰ’বলৈ মন নগ’ল….মুঠতে দিনটো নষ্ট কৰিবলৈ তাৰ আজি মন নাই৷ তাতে আক’ হস্পিতাল, পুলিচ আদিৰ ঝামেলা!

এঘণ্টা মানৰ ড্ৰাইভৰ পিছত সিহঁত সেই ধুনীয়া আহল-বহল ৰিজ’ৰ্টখন পালেগৈ৷ দেওবাৰ যদিও তেতিয়ালৈকে মানুহৰ বৰ এটা সমাগম হোৱাগৈ নাই মনৰ পচন্দৰ টেবুল এখনত তাৰ পৰিয়ালটো বহিলগৈ৷

অলপ সময় বহাৰ পিছতেই তাৰ কিবা কঁপনি এটা অনুভৱ হোৱা যেন লাগিল৷ ঠিকেই ভূমিকম্পই হয়৷ লাহে লাহে জোকাৰণিৰ প্ৰাবল্য বাঢ়ি আহিল৷ ৰিজ’ৰ্টখনত হুৱাদুৱা লাগিল, যি যেনেকৈ আছিল দৌৰা-দৌৰি আৰম্ভ কৰি দিলে৷ সিহঁতো দৌৰি গাড়ীত উঠিল৷ জোকাৰণি মাৰ যোৱাৰ কোনো নামেই লোৱা নাই৷ সি যিমান বেগেৰে পাৰে সিমান বেগেৰে ৰিজ’ৰ্টখনৰ পৰা ওলাই আহিল মেইন্‌ গে’টখন পাৰ হৈ ৰাস্তালৈ ওলাওঁতেই গেটৰ কাষত থকা প্ৰকাণ্ড গছজোপা বাগৰি পৰিল ৷

চাৰিওফালে এক বিশৃংখল পৰিৱেশ৷ অ’ত ত’ত ভঙা গছ-গছনি, মানুহ, জীৱ-জন্তু, চৰাই-চিৰিকটিৰ কোৰ্হাল৷ ভূমিকম্প বন্ধ হ’ল যদিও লগে লগে আৰম্ভ হ’ল প্ৰবল বৰষুণ৷ ঠিক, আজি অলপ দিনৰ পৰা সি দেখি অহা বেয়া সপোনবোৰ যেন তাৰ চকুৰ সন্মুখত ঘটি আছে৷ সি যেন বুজি উঠিছে কি ঘটিবলৈ গৈ আছে আৰু ৰোৱাৰ সকাম নাই৷ কি ঘটিবলৈ গৈ আছে সি জানে৷ প্ৰচণ্ড গতিত যিমান পাৰে সাৱধানেৰে সি আগবাঢ়ি গ’ল, সি জানে ক’লৈ যাব লাগিব৷ সকলো সেই দিশেই ধাৱমান ৷

একদম সপোনবোৰত দেখাৰ দৰেই চাৰিওফালৰ অৱস্থা৷ এইকেইদিন সপোনত দেখি থকা এইখনেই সেইখন৷ এইখনেই নোৱাৰ (Noa) সেই নাওখন৷ ইয়াত উঠিয়েই বাচিব লাগিব সিহঁত, বেলেগ কথা ভবাৰ সময় আৰু নাই৷ ইতিমধ্যে মানুহ, জীৱ-জন্তু, চৰাই-চিৰিকতি উঠিছেই৷ খৰধৰ কৰিছে যদিও জীৱজন্তুখিনি যথেষ্ট শৃংখলাৰ মাজৰে আগবাঢ়িছে৷ মানুহৰ মাজতহে নাওখনত উঠিবলৈ প্ৰচণ্ড হেতা-ওপৰা, মাৰ-পিট৷ সিও পিছ পৰি ৰোৱা নাই, মুঠতে নাওখনত পৰিয়ালটোক উঠাব পৰাটোৱেই শেষ কথা, বাকী দুনীয়াৰ লগত তাৰ মতলব নাই৷ যেনে তেনে আগবাঢ়ি গৈ সি নাৱৰ সন্মুখভাগত ওলালগৈ আৰু অলপ গ’লেই সিহঁত বাচিবগৈ৷ বৰষুণ কমাৰ কোনো লক্ষণ নাই, সময়ো হাতত আৰু বেছি নাই৷ মানুহ, পশু-পক্ষীৰে সন্মুখত আটাইতকৈ ভিৰ বেছি৷

“আমি জীৱশ্ৰেষ্ঠ মানুহ, আমাক উঠিবলৈ দিয়ক” –

হঠাৎ সি চিঞৰি উঠিল৷ সি যিমান জোৰেৰে পাৰে চিঞৰিলে৷ গোটেই পশু পক্ষীবোৰে তালৈ চাবলৈ ধৰিলে আৰু চবেই তালৈ চাই চিঞৰিবলৈ ধৰিলে৷ যেন প্ৰচণ্ড জোৰেৰে হাঁহি হাঁহি তাক শুধিলে –

“মানুহ ডাঙৰীয়া, এই শ্ৰেষ্ঠত্বৰ চাৰ্টিফিকেট খন আপোনালোকক কোনে দিলে ?”

উচপ খাই উঠিল সি…..ৰাতিও পুৱাইছিল ইতিমধ্যে ৷

☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    সচাকে অলপ ভিন্নস্বাদ পালো আদিত্য৷ ভাল লাগিল৷

    Reply
  • জয়ন্ত দাস

    বাঃ ধুনীয়া লাগিল

    Reply

Leave a Reply

Your email address will not be published.