ফটাঢোল

চিকিৎসকৰ দিনলিপি (চাকৰি জীৱনৰ কিয়দাংশঃ কেইটিমান স্নেপশ্বট) – ডা: ভূপেন শইকীয়া

গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ আন এটি জনপ্ৰিয় নাম হ’ল এম এম চি হস্পিতাল৷ চৰকাৰী চাকৰিৰ প্ৰথম কৰ্মজীৱন মোৰ আৰম্ভ হৈছিল এই এম এম চি হস্পিতালতেই৷ পোনতে তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ অনুমোদন ক্ৰমে, পিছত এপিএচচিৰ সাক্ষাৎকাৰ দি, চাকৰি নিয়মীয়াকৰণ হয়৷ তাত কাম কৰি ভাল লাগিব ধৰিলে৷ মানুহৰ মাজত কম সময়তে মোৰ কথা প্ৰচাৰিত হ’ল- মেডিচিনৰ এজন ভাল ডাক্তৰ আহিছে বুলি৷ ফলত বহিৰ্বিভাগত সময় শেষ হোৱাৰ পিছতো কাকো নিৰাশ নকৰি মই ৰোগী চাই গৈছিলোঁ৷

এদিনৰ আমোদজনক কথা এটি মই পাহৰা নাই৷ এজন ডেকা ৰোগীক মই ক’লোঁ- কাইলৈ তোমাৰ শৌচ পৰীক্ষা কৰিব লাগিব৷ পিছদিনা যুৱকজন বহিৰ্বিভাগত হাজিৰ হ’ল৷ ৱাৰ্ডবয়ে নাম মতাৰ লগে লগে ভিতৰ সোমাই আহি এটা বহল মুখৰ হিমানি স্নোৰ বটল মুখনি খুলি টেবুলৰ ওপৰত সজাই দিলে৷ কোঠালিটো গোন্ধে আমোল মোলাই গ’ল৷ আন ডাক্তৰ, নাৰ্চ, ৱাৰ্ডবয়, ৰোগী সকলো নিমিষতে ফৰিংফুটা দিলে৷ অৱস্থা বিষম দেখি ৰোগীও অন্তৰ্ধান হ’ল৷

আকৌ আন এদিনৰ কথা৷ অপিডিৰ ৰোগী চোৱা শেষ কৰি হাত দুখন ধুই মচি যাবলৈ সাজু হৈছোঁ৷ এজন আদবয়সীয়া লোক চুচুক-চামাক কৰি কোঠাটোলৈ সোমাই আহিল৷ মোক বিনম্ৰতাৰে কলে- “মই যোৱা ৪ঘণ্টা সময় ধৰি বাট চাই আছোঁ৷ মোৰ মা বৰ চিৰিয়াচ৷ আপুনি তেওঁক বচাব লাগে৷ মই গাড়ী লৈ আহিছোঁ৷ মোৰ লগত আমাৰ ঘৰলৈ ব’লক চাৰ৷ “ মই তেওঁৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰিলোঁ৷ ৰোগীৰ অসুখৰ বিৱৰণ শুনি কেইপদমান দৰব এএমচিৰ সন্মুখৰ ফাৰ্মাচীৰ পৰা সংগ্ৰহ কৰি ল’লোঁ৷

মানুহজনৰ নাম শ্যামকানু৷ তেওঁ গোৰেশ্বৰৰ এজন সৰু ব্যৱসায়ী৷ বৃদ্ধা মাক বহুদিন ধৰি শয্যাশায়ী৷ উশাহ লোৱাত কষ্ট ভূগি আছে৷ ভৰি-হাত-পেট ফুলি গৈছে৷ পৰীক্ষা কৰি বুজিলোঁ – ৰোগীৰ কনজেষ্টিভ কাৰ্ডিয়াক ফেইলাৰ৷ লেচিক্স আৰু এমাইনোফাইলিন বেজী ধমনীত লগালোঁ৷ লেনক্সিন, লেচিক্স, ডেৰিফাইলিনৰ টেবলেট আৰু পটক্ল’ৰ চিৰাপ গোৰেশ্বৰ টাউনৰ ফাৰ্মাচীৰ পৰা আনিব দিলোঁ৷ নিজ হাতেৰে এপালি দৰব ৰোগীক খুৱাই দিলোঁ৷ ৰসগোল্লা-নিমকিৰ সৈতে চাহ খাই ঘূৰিবলৈ সাজু হওঁ মানে ৰোগীয়ে কিছু উপশম পোৱা বুলি জনালে৷ সঠিক মাত্ৰাত উপযুক্ত দৰবৰ ব্যৱহাৰৰ ফলত এমাহ পিছত ৰোগী গুৱাহাটীলৈ শৰীৰ পৰীক্ষা কৰাবলৈ আহিব পৰা হ’ল৷ মাকৰ পিছত শ্যামকানুৰ পৰিবাৰ পুতুলি কানু এইবাৰ মোৰ নিয়মীয়া ৰোগী হৈ পৰিল৷ মানুহজনী হাঁপানী আৰু বাত (Rheumatoid arthritis ) দুটাকৈ ৰোগত আক্ৰান্ত৷ এইহাল দম্পতীৰ চেহেৰা আজি তিনিটা দশকৰ পিছতো মোৰ মানস পটৰ পৰা ধূসৰ হোৱা নাই৷

দিন সদায় সমানে নাযায়৷ এদিন এটি ঘটনা হ’ল৷ মোৰ নাইট ডিউটিৰ সময়ত৷ দুটা মেডিচিনৰ কাৰ্টুন কঢ়িয়াই নিয়া দুজন চোৰ ধৰা পৰিল৷ কাৰ্টুনৰ ভিতৰত আছিল হেমাকচিল চেলাইন, এণ্টিবায়টিক বেজী আৰু কিছু জীৱনৰক্ষক দৰব৷ তাৰে কিছুমানত ’চৰকাৰী চাপ্লাই, বিক্ৰীৰ বাবে নহয়’ মোহৰো মৰা আছিল৷ মই ৱাৰ্ডবয় পঠাই সন্মুখৰ পাণবজাৰ সদৰ থানাত খবৰ দিলোঁ৷ চোৰ দুজনৰ স্বীকাৰোক্তিত দুজন ফাৰ্মাচিষ্টকো আটক কৰা হ’ল৷ তেওঁলোক কিছুদিন চাচপেণ্ড হৈ থাকি পুনৰ যথাস্থানত বাহাল হ’ল৷ দৰবৰ ষ্টৰৰ দায়িত্বত থকা চিকিৎসক আৰু অধীক্ষকৰ গাত আঁচোৰ এটাও নপৰিল৷ মইহে ৰাতিটোৰ ভিতৰত হিৰোৰ পৰা ভিলেইন হৈ পৰিলোঁ৷

মোৰ ওপৰত পোটক তুলিবলৈ এটি শক্তিশালী চক্ৰ তৎপৰ হৈ উঠিল৷ তেওঁলোকৰ বাবে সুযোগো আহিল৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কাম এমএমচিৰ চৌহদত আৰম্ভ হোৱাত মোৰ কোৱাৰ্টাৰটো দূৰদৰ্শনৰ কৰ্তৃপক্ষক গটাই দি মোক ’ৰাজহুৱা স্বাৰ্থত’ (? ) উত্তৰ কাছাৰৰ লাংটিং স্বাস্থ্যকেন্দ্ৰলৈ বদলিৰ হুকুম জাৰি কৰিলে৷

পল্টন বজাৰৰ নেটৱৰ্ক ট্ৰেভেলচৰ নৈশ বাচেৰে হাফলং যোৱা বাচত বহিলোঁগৈ৷ বাচৰ এজন কণ্ডাক্তৰে ঘোষণা কৰিলে- এইখন বাচত এতিয়ালৈ তিনিবাৰ ডকাইতি হৈছে৷ আপোনালোকে নিজৰ দায়িত্বত যাত্ৰা কৰিব৷ (শুনামতে ডকাইতিৰ ঘটনাবিলাকত বাচৰ কৰ্তৃপক্ষৰ ডকাইতৰ সৈতে এটি বুজাবুজি থাকে৷ ) যি নহওক একো অঘটন নোহোৱাকৈ হাফলং পালোঁগৈ৷ হাফলং এটি মোহনীয় হিল ষ্টেচন, শ্বিলঙৰ দৰেই চালে চকুৰোৱা ঠাই৷ কিন্তু উগ্ৰপন্থীৰ আতংকৰ বাবে পৰ্য্যটন ক্ষেত্ৰ বেয়াকৈ ক্ষতিগ্ৰস্ত৷ হাফঙৰ পৰা ৰেলেৰে লাংটিঙলৈ ৰাৱণা হ’লোঁ৷
লাংটিং এখন তেনেই সৰু ঠাই৷ অজস্ৰ বাঁহ আৰু অন্যান্য ডাঙৰ ডাঙৰ গছ-গছনিৰে পৰিপূৰ্ণ৷ স্বাস্থ্য কেন্দ্ৰটোৰ বাহিৰে আৰু এটা নে দুটা চৰকাৰী কাৰ্য্যালয় আছে৷ দেওবাৰে সাপ্তাহিক বজাৰখনে ঠাইখনলৈ কিছু চাঞ্চল্য আনে৷ স্বাস্থ্য কেন্দ্ৰটোৰ দায়িত্বত আছে এজন আয়ুৰ্বেদিক চিকিৎসক, দুজনী নাৰ্চ আৰু এজন ফাৰ্মাচিষ্ট৷ চিকিৎসকজন চিকিৎসালয়ত এটা অংশত পৰিবাৰৰ সৈতে থাকে৷ সন্তান তেতিয়ালৈকে হোৱা নাছিল৷ দুই তিনিমাহৰ মূৰত গোৱালপাৰাৰ গাঁৱৰ ঘৰলৈ এসপ্তাহমান থকাকৈ যায়৷ তেতিয়া ফাৰ্মাচিষ্টে চিকিৎসালয় চম্ভালে৷ মেলেৰিয়া প্ৰভাৱিত ঠাই৷ তাৰ বাহিৰে আন ৰোগীৰ সংখ্যা তাকৰীয়া৷ এই ডাক্তৰজন মাজে মাজে গভীৰ অৰণ্যত থকা উগ্ৰপন্থীৰ শিবিৰত চিকিৎসা দিবলৈ যাবলগীয়া হয়৷ মোৰ বাবে কোনো বাসভৱন বা ভাৰাঘৰ লাংটিঙত পোৱা নাযাব৷ ডাক্তৰজনে মোক বৰ আদৰ-সাদৰ কৰি ভাত-চাহ খুৱালে৷ সকলো অৱস্থিতি মোক ভালকৈ বুজাই উঠি মোক ক’লে -’এতিয়া আপুনি যি ভাল দেখে কৰক’৷

মই মাহৰ ব্যৱধানত পৰিস্থিতি চাবলৈ কেইবাৰমান লাংটিঙলৈ অহা-যোৱা কৰিলোঁ৷ বেচিভাগ ভ্ৰমণ মালগাড়ীত নহ’লে ৰেলৰ ইঞ্জিনত উঠি অহা-যোৱা কৰিলোঁ৷ আৰু এটা আমোদজনক কথা লাংটিঙলৈ বিদ্যুৎ মাজে মাজেহে আহে৷ আহিলে ৭/১০দিন থাকি আকৌ দুসপ্তাহমানলৈ নাথাকে৷ তাৰ সেই ডাক্তৰজনলৈ (নামটো পাহৰিলোঁ) মনতে শ্ৰদ্ধা উপজিল৷ তেওঁ যেন এক তপস্বীৰ জীৱন যাপন কৰি আছে এনে লাগিল৷

এনেতে অসমৰ পট পৰিৱৰ্তন ঘটিল৷ ডা০ ভূমিধৰ বৰ্মনৰ ঠাইত ডা০কমলা কলিতা স্বাস্থ্য মন্ত্ৰীৰ আসনত বহিল৷ মই সকলো পৰিস্থিতি তেওঁক সাক্ষাৎ কৰি ক’লোঁ৷ তেওঁৰ ঘৰৰ ওচৰৰ ঠাই বকোত মেডিচিনৰ বিশেষজ্ঞ এজনৰ অভাৱ পূৰণ কৰিবলৈ বুলি মোক লাংটিঙৰ পৰা বুটলি আনি বকো গ্ৰাম্য চিকিৎসালয়ত নিয়োগ কৰিলে৷ বকোত কেইবছৰমান ভালদৰেই কাম কৰিলোঁ৷ গুৱাহাটী মেডিকেলৰ পৰা প্ৰশিক্ষণত অহা ইণ্টাৰ্ণি ডাক্তৰৰ লগ লৈ হস্পিতেলত ভৰ্তি হোৱা ৰোগী চাওঁ৷ তেনেতে তাত কৰ্মৰত এজন ফাৰ্মাচিষ্টক বিএলটি উগ্ৰপন্থীয়ে অপহৰণ কৰিলে৷ মাটিবাৰী বিক্ৰী কৰি ঘৰৰ মানুহে লক্ষাধিক টকা মুক্তিপণ দি সেই ডেকা ফাৰ্মাচিষ্টক ৬ মাহমানৰ মূৰত মোকলালে৷ ভগ্ন স্বাস্থ্যৰে কোনোমতে প্ৰাণটিলৈ ঘূৰি আহিল৷ এইবাৰ মোলৈ উগ্ৰপন্থীৰ নানান ভাবুকি আহিব ধৰিলে৷ পৰিস্থিতি এনে হ’ল যে এদিন নিশাটোৰ ভিতৰতে মই টালি-টোপোলাসহ বকো ত্যাগ কৰিবলগীয়া হ’ল৷

দিশপুৰত তাত-বাতি, আবেদন-নিবেদন কৰাৰ মূৰকত কালাপাহাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বক্ষ চিকিৎসালয়ত যোগদান কৰাৰ অৰ্ডাৰ পালোঁ৷ ইয়াত গুৰুতৰভাবে আক্ৰান্ত, জটিল আৰু বেচিকৈ সংক্ৰমনশীল ৰোগী ৰখা হয়৷ চিকিৎসালয়ৰ পৰিসৰ বেচ আহল বহল৷ নানান গছ গছনিৰে ভৰপুৰ৷ কিন্তু চৰকাৰৰ অমনোযোগিতাত পুৰণি ঘৰসমূহৰ অৱস্থা জৰাজীৰ্ণ হৈছে৷ ইয়াক এখন উন্নত আদৰ্শ চিকিৎসালয়লৈ গঢ় দিয়াৰ সমল আছিল৷ তাত কেইবা জোপা কৰ্জা টেঙাৰ গছ আছিল৷ এই গছৰ সৈতে মোৰ ঘনিষ্ঠতা স্কুলীয়া দিনৰ পৰাই৷ মই বাল্যকালৰ পাঁচটা বছৰ অতিবাহিত কৰা বেনাৰচৰ ৰাজঘাট বেচেন্ত স্কুলৰ হোষ্টেল পিছপিনে অসংখ্য গছ আছিল৷ আমি তাৰ ৰঙা-সেউজীয়া ফল চিঙি জেপ ভৰাই খেল পথাৰলৈ যাওঁ৷ হিন্দীত কৰ্জা টেঙাক কৰোণ্ডা বুলে৷ ইয়াৰ আচাৰ বৰ স্বাদিষ্ট৷ বঙালী লোকসকলৰ কিবা পূজাত কৰ্জা টেঙাৰ ফল-পাত আদি ব্যৱহাৰ হয়৷ সেই সময়ত পল্টন বজাৰত কৰ্জা টেঙাৰ ডাল পাত ফল বিক্ৰী কৰা মই দেখা পাইছোঁ৷ এই চিকিৎসালয়ত কৰ্মৰত অৱস্থাত তাত ভৰ্তিহৈ থকা ৰোগী সকলক বেচ মৰমেৰে মই মাত লগাইছিলোঁ৷ দুখীয়া ৰোগীসকলক চেম্পুলৰ দৰব বিলাই দিছিলোঁ আৰু নিজা মেচিনেৰে বিনামূলীয়াকৈ প্ৰয়োজন হোৱাজনৰ চুগাৰ পৰীক্ষা কৰি দিছিলোঁ৷ তাত বহুতো ৰোগীৰ মৃত্যু হয় সেয়ে আন আন ৰোগীৰ মন ভাগি নপৰিবলৈ মই ৰাউণ্ডত কিছু হলেও ৰসাল কথা শুনাওঁ৷

এটা সময়ত বদলি হ’লোঁ ধেমাজিলৈ৷ ধেমাজি মোৰ চৰকাৰী চাকৰিৰ অন্তিম পাদান৷ গুৱাহাটীৰ পৰা ধেমাজিলৈ প্ৰথম যাওঁতে ব্লু হিলচ ট্ৰেভেলচৰ নৈশ বাচত পালোঁ সহপাঠী ডা০ জীৱন দ’লেক৷ আমি বাচৰ চিট সলনা-সলনি কৰি একেলগে বহি গোটেই বাটতো কথা পাতি গ’লোঁ৷ মেডিকেল পঢ়ি থাকোতে জীৱনৰ গ’গামুখৰ ঘৰলৈ গৈছিলোঁ৷ তাৰ মাকে মোক উপহাৰ দিয়া ঘৰত বোৱা ’মিৰিজিম’ কাপোৰখনৰ উম মই আজিও পাহৰা নাই৷ নাই পাহৰা চাংঘৰত জুহালৰ কাষত বহি লোৱা কলা আপং আৰু কুকুৰাৰ মাংসৰ স্বাদ৷ এমবিবিএচ ফাইনেল দি আমি দুয়ো প্ৰায় এমাহ অসমৰ বাহিৰত ফুৰিব ওলাই গৈছিলোঁ৷

পোনতে গ’লোঁ গয়ালৈ৷ তাৰ মগধ মেডিকেল কলেজত মোৰ ওৰিয়া বন্ধু ডাক্তৰ অক্ষয় মহাপাত্ৰ এনাটমি বিভাগৰ ডেমন্সট্ৰেটৰ৷ ডাক্তৰ মহাপাত্ৰৰ সৈতে মোৰ চিনাকি অসম মেডিকেল কলেজত তৃতীয় বাৰ্ষিকৰ ছাত্ৰ হৈ থাকোতে৷ মেডিচিন ৱাৰ্ডত ক্লিনিকেল প’ষ্টিং হওঁতে তেওঁ আছিল মোৰ প্ৰথম ৰোগী৷ নগালেণ্ডৰ নাগিনীমৰাত মেডিকেল অফিচাৰৰ চাকৰি কৰি থাকোতে অসুস্থ হৈ আহি এসপ্তাহকাল অসম মেডিকেল কলেজত ভৰ্তি হৈছিল৷ গয়াৰ পৰা এখন টেলিগ্ৰাম পঠালোঁ পঞ্জাৱৰ ৰাজ্যপাল মহেন্দ্ৰমোহন চৌধুৰীলৈ- “এৰাইভিং চণ্ডীগড় অন–ডেট বাই কালকা মেল”৷ আগতেও ভ্ৰমণ আৰম্ভ নৌকৰোতেই এখন চিঠি তেখেতলৈ ডাক যোগে পঠাইছিলোঁ৷ চণ্ডীগড়ত অসমীয়া ৰাজ্যপালে আমাক মৰম সাদৰ কৰিলে৷ টকা এটাও খৰচ নোহোৱাকৈ এসপ্তাহকাল ৰাজভৱনত অতিথি হৈ থাকিলোঁ৷ তেখেতৰ ব্যক্তিগত চিকিৎসকজনে আমাক ফুৰা-মেলাত লগ দিলে৷ মালি, ধোবী, ৰান্ধনী আদিয়ে ৰাজ্যপালক ’লাটচাহেব’ বুলি কোৱাৰ পৰম্পৰা চলি আছিল৷ অনুভৱ কৰিলোঁ লাটচাহেব চৌধুৰী সকলো কৰ্মচাৰীৰ মাজত বৰ জনপ্ৰিয় আছিল৷

চণ্ডীগড় এৰি এলাহাবাদত সোমাই কিছুদিন থকাকৈ বেনাৰচলৈ আহিলোঁ৷ আলহী হ’লোঁ মোৰ প্ৰিয় শিক্ষক সুধাকৰ তেৱাৰীজী চাৰৰ৷ শৈশৱৰ পাঁচটা বছৰ কটোৱা বেনাৰচ মোৰ নিজৰ ঘৰ যেন অনুভৱ হয়৷ ৰাজঘাট বেচেন্ত স্কুলৰ প্ৰতিটো পাথৰ, প্ৰতিজোপা গছ, প্ৰতিখন পথাৰ, নৈ, ঘাট মোৰ অতিকৈ চিনাকি, পৰম আপোন৷ জীৱনেও বুজা-নুবুজা ভাৱেৰে আপোনপাহৰা হৈ মোক সংগ দি গৈছিল৷

বেনাৰচ এৰি ডিবৰুলৈ ঘূৰি আহিলোঁ৷ মই ৰ’লোঁ খলিহামাৰীৰ ঘৰত৷ জীৱন গ’লগৈ উত্তৰ পাৰৰ তাৰ ঘৰলৈ৷ পিছত গম পালোঁ জীৱনৰ বৃদ্ধ দেউতাকে যোৱা দহদিনমানৰ পৰা নিতৌ ফেৰীঘাটলৈ আহিছিল সি ঘূৰি আহিছে নেকি চাবলৈ৷ কথাটো গম পাই মোৰ নিজকে দোষী দোষী যেন লাগিল৷ তেতিয়া ১৯৭৬ চনত আজিৰ দৰে ম’বাইলৰ প্ৰচলন নাছিল৷ আছিল চিঠি-পত্ৰ আৰু জৰুৰী হলে টেলিগ্ৰামৰ ব্যৱস্থা৷

……পুনৰ বাচ যাত্ৰালৈ ঘূৰি আহোঁ৷ সেই জীৱন মই ধেমাজীলৈ অহাত পৰম অত্যুৎসাহী হৈ পৰিছে৷ সি বৰ্তমান মহকুমা স্বাস্থ্য বিষয়া৷ ধেমাজীৰ পৰা ওচৰৰ জোনাইলৈ বদলি হৈছে৷ মোক কোৱাৰ্টাৰ, চেম্বাৰ সকলোৰে সি ব্যৱস্থা কৰি দিব বুলি জনালে৷ পিছে কি হব? মোৰ ধেমাজীৰ কাৰ্য্যকাল আছিল তেনেই চমু৷ লিবিয়াৰ পৰা চৰকাৰী চাকৰিৰ পত্ৰ অহাত ময়ো স্বদেশ এৰি প্ৰবাসী পক্ষী হোৱাৰ মন মেলিলোঁ৷
১৬টা বছৰৰ কাহিনীৰ এই লেখাটো আৰু চমু কৰিব নোৱাৰিলোঁ৷ এয়া এক কাহিনী নহৈ উপন্যাসিকা যেন হল৷ ইয়াকে সহৃদয় পাঠকৰ হাতত তুলি দিলোঁ৷

☆★☆★☆

14 Comments

  • ৰাজদ্বীপ বৰা

    চাকৰি জীৱনৰ মনোৰম বৰ্ণনা ! ভাল লাগিল !

    Reply
  • jadumoni sarmah

    বৰ ভাল লাগিল চাৰ পঢ়ি

    Reply
  • jadumoni sarmah

    বৰ ভাল লাগিল চাৰ

    Reply
  • ROBIN SAIKIA

    চাৰ,বৰ ভাল লাগিল

    Reply
  • আমোদজনক বৰ্ণনা, ভাল লাগিল।

    Reply
  • ৰিণ্টু

    ৰসাল বৰ্ণনা, খুব ভাল লাগিল পঢ়ি

    Reply
  • গীতিকা শইকীয়া

    বৰ সাৱলীলভাৱে কথাবোৰৰ বৰ্ণনাই লিখনিটোক এক অন্যন্য মাত্ৰা দিছে। ভাল লাগিল পঢ়ি।

    Reply
  • Rajib Sarma

    চাকৰি জীৱনৰ ইটো-সিটো।জানি ভাল লাগিল আপোনাৰ কথাখিনি।

    Reply
  • Madhav Dutta

    আগতে এবাৰ পঢ়িছিলোঁ ৷ পুনৰ পঢ়িবলৈ পাই ভাল লাগিল ৷

    Reply
  • Sarada Shrestha

    চাকৰি জীৱনৰ তিতা-কেঁহা আৰু মিঠা কথাবোৰ আপোনাৰ কলমত মূৰ্ত হৈ উঠিছে । ভাল লাগিল ।

    Reply
  • Mitali saharia

    আপোনাৰ চাকৰি জীৱনৰ কথাবোৰ জানি খুব ভাল লাগিল। আমাৰ ছাৰেও এনেকুৱা বহুত অভিজ্ঞতাৰ কথা কয়।

    Reply
  • মৃদুল শইকীয়া

    আপোনাৰ চিকিৎসক জীৱনৰ তিতা-মিঠা অভিজ্ঞতাসমূহ পঢ়ি ভাল লাগিল৷

    Reply
  • মৃদুল শইকীয়া

    আপোনাৰ চিকিৎসক জীৱনৰ তিতা-মিঠা অভিজ্ঞতাসমূহৰ বিষয়ে পঢ়ি ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.