ফটাঢোল

চিনাকী কমনৰুমৰ দুটা দৃশ্য – বন্দিতা গগৈ বৰা

(দৃশ্য-১)

গৰম বন্ধ শেষ হৈ স্কুল খোলাৰ দিনা কমনৰুমৰ এটি দৃশ্য!!

এমাহ ঘৰত আৰামেৰে কটাই,  ইফালে-সিফালে ফুৰা-চকা কৰি আজি যেন কাৰোৰে ক্লাছ কৰিবলৈ মনেই যোৱা নাই!! এমাহৰ মুৰত ইজনে সিজনক লগ পাইছে, কমনৰুমত আজি আড্ডা জমি উঠিছে। কিমান যে কথা, মাত্ৰ এমাহৰ বাবে আঁতৰি থকা মানুহবোৰৰ কথা যেন শেষেই নহ’ব! সেয়ে কমনৰুমৰ বায়ু আজি গৰম হৈ উঠিছে!

 কোনোবাজন যদি দাৰ্জিলিং গৈছিল,  কোনোবাজন চিমলা,  কোনোবাজন আকৌ চিকিম, গেংটক!! ইজনে-সিজনৰ ভ্ৰমণৰ গল্প শুনিছে! মো’বাইলৰ ফটো চাইছে!

 কিবাকিবি ঘৰুৱা লেঠাৰ বাবে তামুলী ছাৰৰ এইবাৰ ক’লৈকো যোৱা নহল। তেওঁ বৰুৱাৰ মো’বাইলত দাৰ্জিলিঙৰ ফটোবোৰ চাই চাই আপ্লুত হৈ পৰিছে। অহাবাৰ তেওঁ পৰিয়াল সহ দাৰ্জিলিং যাবই,  সিদ্ধান্ত এটা লৈয়েই পেলালে। সেয়ে বৰুৱাৰ পৰা দাৰ্জিলিং যোৱাৰ টিপচ্ বোৰ লৈছে!!

তেনেতে কমনৰুমৰ দুৱাৰ মুখত দুটা ল’ৰাই চুচুক-চামাক কৰি থকা কোনোবা এজনৰ চকুত পৰিল।

“কি হ’ল অ তহঁতৰ?”

 “মানে তামুলী ছাৰৰ অংক ক্লাছ আছিল, ছাৰ!”-অলপ সেমেনা সেমেনিকৈ ল’ৰাদুটাই ক’লে।

নিজৰ নামটো শুনি ফটো চোৱাৰ পৰা লাহেকৈ মুৰটো তুলি চাই তামুলী ছাৰে ক’লে, -“গৈছো যা, বেল মাৰিছেহে মাত্ৰ!!” – কৈয়ে আকৌ মনোযোগেৰে তেখেতে ফটো চোৱাত লাগিল ।

“বেল মৰা প্ৰায় পোন্ধৰ মিনিট মান হ’ল ছাৰ!”-ল’ৰাদুটাই ভয়ে ভয়ে পুনৰ ক’লে।

“কি?”- কৈয়ে তামুলী ছাৰে চকী খনৰ পৰা হুৰুসকৈ উঠি ইফালে-সিফালে চাই কিবা এটা বিচাৰিলে! ছাৰৰ মূৰ্ত্তি দেখি দুইটা ল’ৰাই ভিৰাই লৰ দিলে।

“কি বিচাৰিছে তামুলী?”

“ বেতডাল ক’ত গ’ল জানো?”

কৈয়ে সমুখৰ আলমাৰীৰ ওপৰত বেতডাল দেখি,  হাতত লৈয়ে ফোঁফোৱাই ক্লাছলৈ পোনালে! যাওঁতে ভোৰভোৰাই গ’ল,-”ইহতক আজি মই, হোঁহ মোক সময়ৰ জ্ঞান দিয়ে! ৰহ আজি, চবকে..।”

তামুলী ছাৰ ওলাই যোৱাৰ ফালে সকলোৱে চাই ৰ’ল। তামুলী ছাৰৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই কমনৰুমৰ বায়ু খিনি সেমেকাই তুলিলে!!

(দৃশ্য ২)

কমন ৰুমৰ আন এটা দিনৰ দৃশ্য

 “মৌচুমী,-” যোৱাচোন মোৰ ক্লাছটোত পাচঁমিনিট বহি দিয়া,  মই পটক কৰে টিফিনটো খাই লওঁ। আজি ৰাতিপুৱা একো এটা খাবলৈকে সময় নাপালো অ’!”

হাতৰ কিতাপখন জপাই মৌচুমীয়ে শইকীয়া বাইদেউৰ নৱমমানৰ ক্লাছটোত বহিলহি! দহমিনিট পাৰ হ’ল, বাইদেউৰ দেখাদেখি নাই।

“যাচোন নিলয়,  শইকীয়া বাইদেউক কমনৰুমৰ পৰা মাতি আন।“

অলপ পাছতে নিলয় উভতি আহিল।

“বাইদেউ এ কি ক’লে?”

 “বাইদেৱে তামোল খাইছে,  আৰু কৈছে যে দহমিনিট মৌচুমী বাইদেউক বহিব ক’গৈ,  একো মহাভাৰতখন অশুদ্ধ নহয় যা।”

☆★☆★☆

12 Comments

  • Mousumi gogoi

    সচাঁ প্ৰতিচ্ছবি ।

    Reply
  • হেমন্ত কাকতি

    তোমাৰ স্কুলৰেই কথা ন’? বুজিলো বাৰু!

    Reply
  • Rintumoni Dutta

    এশবাৰ ৰিকুৱেষ্ট সেইকাৰনেই কৰো, পঢ়ি ভাল পাওঁ‌।

    আৰু প্ৰত্যেক মাহতে আশা কৰিম

    Reply
  • Deepjyoti handique

    হাঃ হাঃ হাঃ

    Reply
  • Mitali saharia

    হাঃ হাঃ।

    Reply
  • ৰাজু কুমাৰ নাথ

    বঢ়িয়া,এনেবোৰ সচাঁ কাহিনীয়ে মনবোৰ চুই যায়।আমাক নজনা কথাবোৰ জনাৰ সুযোগ দিয়ে।

    Reply
  • অনুৰূপ মহন্ত

    বঢ়িয়া লাগিল বাইদেউ।

    Reply
  • ভাল লাগিল।

    Reply
  • গীতিকা শইকীয়া

    অভিজ্ঞতাৰ সুন্দৰ বিৱৰণ। অনুভৱ হয় তুমি কামৰ অজুহাত দেখুৱাই লিখিবলৈ এলাহ কৰা। সেইটো বেয়া কথা। এই লিখনিটোত খুব সুন্দৰ দিশ এটা তাতোকৈ সুন্দৰভাৱে প্ৰতিফলিত কৰিব পাৰিছা।

    Reply
  • Himadri

    ভাল লাগিল পঢ়ি বা । মই ভাবিছিলো আমাৰ স্কুলত দেখি থকা নিয়মবোৰ বেলেগ স্কুলত নাই চাগে ।

    Reply

Leave a Reply

Your email address will not be published.