ফটাঢোল

চুপ! ৰজা শুই আছে!! – জ্যোতিৰূপম দত্ত

চুপ! হৈ-হাল্লা একো নকৰিব!
ৰজা শুইছে৷ অমাত্যবৰ্গও ঘোৰ নিদ্ৰাত৷ ৰাজন্যবৰ্গ, সভাসদসকল, পাৰিষদসকল, পালি-পহৰীয়া সকলো গভীৰ নিদ্ৰাত৷ আনকি আনটো ফৈদৰ ৰজাৰ বিৰোধী বীৰসকলেও এঘুমটি মাৰিছে৷ ৰজাকে ধৰি ৰাজন্যবৰ্গয়ো সুউচ্চ দেৱালেৰে ঘেৰা হাউলীত শান্তিৰে শুইছে৷বৰ্তমানৰ ৰজাই ৰাজধানীৰ সোঁমাজত নৱনিৰ্মিত অত্যাধুনিক ৰাজপ্ৰাসাদত থাকিবলৈ এৰি বৰ-লুইতৰ পাৰৰ ৰাজ্যিক অতিথিশালাটোকেই ৰজাৰ ৰাজহাউলী হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে৷ নিৰিবিলি মনোৰম ঠাই, সেয়ে আপোনালোকে বেছিকৈ চিঞৰ-বাখৰ কৰিলে ৰজাৰ সুখনিদ্ৰা ভংগ হ’ব পাৰে৷ পিছে আগৰজনা স্বৰ্গদেৱেও ৰজাৰ বাবে নিৰ্দিষ্টকৈ ৰখা প্ৰাসাদত নাথাকি পাহাৰৰ ওপৰৰ আন এটা অতিথিশালাকেই বাছনি কৰিছিল৷ এতিয়াৰ ৰজায়ো একেদৰেই সামান্য প্ৰজাগণে ঢুকি নোপোৱা নিভৃত জেগাত প্ৰশান্তিত নিঃপালি দিছে৷ পিছে তেৰাসৱৰ এইবোৰ কথাৰ আঁৰত লুকাই থকা কাৰণবোৰৰ আমি অকণো ভূ-ভা পাবলৈ নাই৷

চুপ! নিচিঞৰিব!
বয়-বস্তুৰ দাম বঢ়া বুলিও নক’ব৷ কৃষকে হাড়ভঙা শ্ৰম কৰি, তেজ পানী কৰি উৎপাদন কৰা বস্তুৰ উচিত দাম নাপালেও আপুনি মনে মনে থাকক৷ ক্ষুদ্ৰ, উপান্ত কৃষকৰ পৰা মধ্যভোগীয়ে পানীৰ দামত কিনি অনা খাদ্য-সামগ্ৰী, পাচলি তথা আন উৎপাদিত বস্তুবোৰ চহৰৰ বজাৰত আকাশলংঘী দামত বিক্ৰী হোৱা দেখিলেও আপুনি একো নামাতিব৷ অসাধু ব্যৱসায়ীয়ে নিজৰ ইচ্ছামতে দাম বঢ়ালেও একো নক’ব৷ জোখমাখ কৰা তৰ্জ্জুকেইখন,দগাকেইটাৰ হেৰফেৰ হোৱা বুলি সন্দেহ হ’লেও একো মাত নিদিব৷ এইবোৰ কথা চাবলৈ, দৰকাৰ পৰিলে শাস্তি দিবলৈ মাহে মাহে মোটা বেতন লৈ থকা পালি-পহৰীয়া, বিষয়াবৰ্গও এতিয়া গভীৰ নিদ্ৰাত৷ জুই-চাই দামৰ খাদ্যবস্তু কিনাৰ সাধ্য নাথাকিলে, ভোকত পেটৰ কেঁচু-কুমটি মৰি শেষ হ’লেও এটা শব্দও উচ্চাৰণ নকৰিব৷ পিছে নোখোৱাকৈ থকাটোও এতিয়া ৰাজসিক কাৰবাৰহে হ’ল৷ অনবৰতে অনশনৰ নামত তৰহে তৰহে কাৰচাজি দেখুৱাবলৈ ৰজাঘৰীয়া, পাৰিষদ, বিৰোধী সকলোৰে প্ৰস্তুতি তুংগত৷ ভোকাতুৰ প্ৰজাক ভেঙুচালি কৰি ৰজাঘৰীয়াৰ এদিনীয়া, আধাদিনীয়া, এক প্ৰহৰ, এক দণ্ড সময়ৰ অনশনৰ বাহাৰ! গতিকেই ভোকত থকা বুলি নক’ব৷ দৰকাৰ হ’লে পেটত গামোচা মাৰক৷ তথাপিও মনে মনে থাকক৷

চুপ! মনে মনে!
পিয়াহত অণ্ঠ-কণ্ঠ শুকাইছে নেকি? ধৈৰ্য্য ধৰক৷ ৰাজ্যবাসীক পিয়াহৰ পানীটোপা যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে বিশ্ববেংক আদিৰ পৰাও ঋণ লৈ বহুকেইখন আঁচনিৰ কুছকাৱাজ কৰা হ’ল৷ বৰাক, ব্ৰহ্মপুত্ৰ আদিকে ধৰি বহুকেইখন চিৰপ্ৰৱাহমান নদী থকাৰ পিছতো এতিয়াও পিয়াহৰ পানীটুপি বিচাৰি দেও পাৰি ফুৰাসকলহে এতিয়া মূৰ্খ প্ৰজা৷ কেলেই, দেখা নাই জানো? চৌদিশে বটলৰ পানী উভৈনদী! কিনি খালেই হ’ল৷ পিয়াহৰ পানীটোপা কিনি খাবলৈ হাতত ধন-বিত নাই যদি চিঞৰি নুফুৰিব! খাল-বিলৰ গেলা-ঘোলা পানীকেই নিজেও খাওক, ল’ৰা-ছোৱালীকো খুৱাওক, তথাপিও মুখেৰে এটা মাত নিদিব৷ তাহানিৰ কৌটিকলীয়া পানীযোগান আঁচনি কেইখনমানেৰেই এমুঠিমান ভাগ্যৱান প্ৰজালৈহে পানী যোগান ধৰি থকা হৈছে৷ সেইসকলৰ মাজত আপুনি নাই যদি বেছিকৈ নিচিঞৰিব! মুখত বৰ বৰ কথা কোৱা ৰজা আৰু ৰাজন্যবৰ্গৰ আশ্বাসলৈ মনত পেলাওক৷ প্ৰতিশ্ৰুতি থকা ভাষণৰ ফুলজাৰিবোৰলৈ মনত পেলাওক, মুখলৈ পানী আহিব৷ কিন্তু নিচিঞৰিব৷

চুপ! মুখেৰে মাত নামাতিব!
কঁকালৰ জোৰা লৰিছে? বিষ বেদনাত কাতৰ হৈছে৷ দাঁত কামুৰি বিষটো কমাবলৈ চাওক৷ বিষ-বেদনা হ’বই, বাট-পথৰ যি হে অৱস্থা৷ সেক দিয়ক,মলম লগাওক,তথাপিও মুখেৰে ‘টু’ শব্দ এটা নক’ব! ভঙা দলং, ভঙা পথবোৰ দেখিলেও মনে মনে থাকক৷ শিলগুটিৰ সলনি মাটি-বালিৰে পথৰ গাঁত পোতা দেখিলেও একো নক’ব৷ ৰজা তথা পাৰিষদসকলৰ প্ৰতিশ্ৰুতিবোৰো মনলৈ আনক৷ বানপানীৰ বাবে মেৰামতি হোৱা নাই,বাৰিষাৰ বাবে মেৰামতি হোৱা নাই,শিল নাই বাবে মেৰামতি হোৱা নাই আদি কিমান যে অজুহাত! অতবছৰে ৰাজ্যখনৰ পথবোৰ মেৰামতি কৰাত ব্যৰ্থ হৈ দিয়া এনে অজুহাতবোৰো পাহৰি যাওক৷ কষ্ট হ’লেও সহি থাকক, মুখেৰে নামাতিব৷

চুপ! সাৱধান হওক!
নিজৰ বাৰীত সোমোৱা গৰু-ছাগলীকেইটাকো খেদি পঠিয়াবলৈ বাদ দিয়ক৷ বেৰৰ সুৰুঙাৰে চোৰৰ দৰে সোমাই আহি শাক-পাত,ফুল-পাচলিৰে নদন-বদন হৈ বাৰী থকা বাৰীখন তহিলং কৰিলেও একো নক’ব৷ এদেও দুদেও লোটা নিয়াৰ চেওৰ দৰে বিদেশী আহি বৰঘৰ-চোতাল গচকি-ফেনেকি নেফানেফ কৰিলেও একো নক’ব৷ নিজে কাম-বন কৰিবলৈ এৰি বিদেশীয়ে যতনাই দিয়া একঠা চাউল দেখিবলৈ পালেই এঘুমটি মাৰিবলৈ যো-জা কৰাৰ ক্ষেত্ৰত অৱশ্যে ৰজা-প্ৰজা সকলো একাকাৰ৷ ৰজাঘৰীয়া দৌতাসৱে দুৰ্ঘোৰ টোপনিৰ মাজতো দুই এবাৰ এঙামুৰি দি ‘বিদেশীক খেদিমেই’ বুলি হুংকাৰ দি পিছমুহূৰ্ততে টোপনিত লাল-কাল হোৱা দেখিলেও আচৰিত নহ’ব৷ বৰ্তমানৰ ৰজাজনে ‘বিদেশী খেদিমেই’ বুলি হুংকাৰ দি ‘জাতীয় নায়ক’ৰ খিতাপ পাইছিল বুলি মনত আছে চাগৈ? পিছে ৰাজপ্ৰাসাদত ভৰি দি দিল্লীৰ সম্ৰাটৰ আশীৰ্বাদ আৰু বিশেষ মন্ত্ৰেৰে দীক্ষিত হোৱাৰ পাছত ‘বিদেশীক খেদিমেই’ বোলা বচনফাঁকি সলনি হৈ ‘বিদেশীক আনিমেই’ বোলাহে হ’লগৈ৷ এইবোৰ কথালৈ কাণ নিদিব৷ বেৰৰো কাণ থাকে,চাৰিওফালে ৰজাঘৰীয়া চোৰাংচোৱাই পিয়া-পি দি আছে৷ এই কথাবোৰ কেনেবাকৈ কাণত পৰিলেই একেবাৰে নেফানেফ কৰি পেলাব৷ ভাগ্য বেয়া হ’লে পোতাশাললৈকো পঠিয়াব৷ পিছে ৰজাৰ বিপক্ষে কোৱা কথাবোৰলৈ কাণ উনাই পদূলি শুঙি ফুৰা এই ৰজাঘৰীয়া চোৰাংচোৱাসকলে ৰাজ্যত হোৱা ধৰ্ষণ-হত্যা-হিংসাত্মক ঘটনাবোৰৰ হেনো ফুটকে নাপায়৷ দিনে নিশাই ৰজাক পদলেহনৰ পৰা তৈলমৰ্দন কৰাত সকলো ব্যস্ত যে! গতিকে সাৱধান! মাত নামাতিব৷

চুপ! ডাঙৰকৈ কথা নক’ব!
ৰজাই টোপনি মাৰিছে৷ লগতে সাংগোপাংগসকলেও৷ দিনে-নিশাই নানা উৎসৱ-পাৰ্বণ, দোকান-পোহাৰ উদ্বোধন, যাগ-যজ্ঞ, মেল-মিটিঙৰ নামতেই সময় খৰচ কৰি থাকোঁতে প্ৰজাৰ সমস্যাৰ সমাধানৰ কথা ভাবিবলৈ সময়েই নাপায়৷ আনকি ৰাজসভাখনতো ৰাজ্যৰ সমস্যাৱলীৰ কথা আলোচনা কৰা নহয়৷ ৰজা আৰু ৰাজন্যবৰ্গই ৰাজ্যৰ সমস্যাবোৰৰ ক্ষীপ্ৰ সমাধানৰ বিষয়ে আলোচনা কৰাৰ সলনি উখনা-উখনি, হৈ-হাল্লা, তিতকাৰী মৰা কথা, কৌতুক আদিৰেই সময়খিনি কটাই দিয়ে৷ ইয়াৰ উপৰি বেছিভাগ সময়তে ৰাজসভাখন ৰজা তথা অমাত্যবৰ্গৰ অনুপস্থিতিত তেনেই নিজম পৰি থাকে৷ ৰাজকাৰ্য্যৰ সময়খিনিত সকলোৱে শুই-বহি কটালেও কোনেও একো কৰিব নোৱাৰে৷ কিন্তু এটা বিষয়ত হ’লে সকলোৱে চকুৰ নিমিষ নৌপৰোঁতেই সন্মতি দিয়ে৷ সমুখত কেঁচা ঘাঁহ দেখি গৰুৱে ৰং মনেৰে মূৰ দুপিয়াই মুখেৰে ফেন বাহিৰ কৰাৰ দৰেই ৰজা আৰু ৰাজসভাখনৰ আন ৰাজন্যবৰ্গৰ দা-দৰমহা তথা আন সা-সুবিধা বঢ়োৱাৰ ক্ষেত্ৰত একেমুখে সন্মতি দিবলৈ নাওমানো দেৰি নকৰে৷ ৰজা তথা ৰাজন্যবৰ্গই নিৰ্বাচনৰ আগে আগে দাখিল কৰা সম্পত্তিৰ তালিকাখন চালেই সাধাৰণ প্ৰজাৰ মূৰ ঘূৰোৱা অৱস্থা হয়৷ অৰ্বুদসম সম্পত্তি থাকিও তেৰাসৱক ধনেৰে নাটে, ইফালে প্ৰজাসৱ মৰে হাঁড়ে হাঁড়ে৷ পিছে এইবোৰ কথা গাই নুফুৰিব, ডাঙৰকৈ একো নক’ব৷ চুপ থাকক! ৰজাঘৰীয়াসকল ফস্তিৰে শুই আছে!

পিছে বালিত মূৰ গুঁজি পৰি থকা উটপখীৰ দৰেই আমি কিমান দিনলৈ চুপ হৈ থাকিম? এই মুলুকৰ ‘পি-পু-সি-শো’ ধোদবোৰেও এসময়ত আলি-পদূলি বন্ধাইছিল৷ এলাহৰ নিহালি দলিয়াই ৰাইজে নিজেই ৰজা, অমাত্য, সভাসদ, পাৰিষদ, পালি-পহৰীয়া সকলোৰে কুম্ভকৰ্ণ নিদ্ৰা ভংগ কৰাৰ সময় হ’ল৷ শুই থকা ৰজাক জগাবৰ হ’ল এথোন৷

☆★☆★☆

Leave a Reply

Your email address will not be published.