ফটাঢোল

চুবি মস্তান – মানস শইকীয়া

ফটাঢোল চিনে প্ৰডাকচনৰ বেনাৰত ফিলিমঃ “চুবি মস্তান”
পৰিচালনাঃ ভাস্কো মহাজন
কাহিনী, চিত্ৰনাট্য আৰু কাষ্টিং- বৰচকীয়া
সংগীতঃ ওস্তাদ শেখৰুল্লাহ খান
কথাঃ অনুভৱ আকাশ
এদিটিং -মনজিত
চাউণ্ডঃ হৃষিকেশ ডেকা আৰু
প্ৰযোজনাঃ গীতিকা শইকীয়া

[চিনেমাখন বহুভাষিক মানে অসমীয়া, বাংলা, হিন্দী, তামিল, কান্নাড়া, মালায়ালম আৰু মাৰাঠী ভাষাত ৰিলিজোৱা হ’ব৷ সেয়েহে, “ফটা-ঢোল”ৰ অভিনেতা-অভিনেত্ৰীৰ লগতে হিন্দী আৰু দক্ষিণ ভাৰতীয় আৰ্টিষ্টো লোৱা হ’ব৷]

“কটা নিধক৷ কাণ-সমনীয়া গাভৰু থকাতো পৰৰ তিৰীৰ ওপৰত চকু! এই দুখুনী মানুহজনীক বোলো তহঁতে জীয়াই থাকিবলৈ নিদিবি নেকি?”

ফিলিমৰ আৰম্ভণিতে এগৰাকী মহিলা তৰুলতা (এইটো ৰোল ইন্দিমাক দিয়া হ’ব)ই হাতত ঝাৰু লৈ এজন ধুতি পিন্ধা কেটেং মেটেং মানুহ কাতিৰাম (এইটো অৰ্জুনে কৰিব)ক ভিতৰৰ পৰা খেদি আহিব৷ মানুহটোৱে গামোছাখনেৰে মুখ ঢাকি পলাব৷

কাহিনীটোৰ আৰম্ভণি এনেধৰণৰঃ তৰুলতাৰ গিৰিয়েক সুৰজমল(ডাঃ পাৰ্থপ্ৰতীমক লোৱা হ’ব) যোৱা ছয়বছৰ ধৰি নিৰুদ্দেশ৷ একমাত্ৰ ল’ৰা সুবিমল(ৰক্তাভ কুমাৰকে ল’ম৷ দাঢ়ি উৰি কাটিলে সৰু দেখাবতো)ক বুকুত বান্ধি কোনোমতে ইঘৰ-সিঘৰত কাম কৰি, লগতে যিকেইদৰা মাটি আছে তাৰে কোনোমতে চলি আছে৷ আচলতে, সুৰজমল মহাজনৰ ল’ৰা৷ তৰুলতাক বিয়া কৰোৱাত ৰাজহুৱা শ্ৰাদ্ধ পাতি ত্যাজ্যপুত্ৰ কৰিছিল৷ মানুহে ভায়েক বিলোচন(ভাস্কো মহাজন)য়েই সুৰজক হত্যা কৰি নদীত পেলাই দিয়ে বুলি কয় যদিও তৰুলতাই গিৰিয়েকৰ মৃত্যু হোৱাটো মানি নললে আৰু সধৱাৰ দৰে থাকি গ’ল৷ বিলোচনে বৌৱেক আৰু ভতিজাকক মাৰি নিষ্কণ্টক হ’ব বিচাৰে……….৷

মানুহটোক খেদি জুপুৰিটোৰ পিৰালিত বহি খুটা এটাত আউজি তৰুলতা ফ্লেচ্‌বেকত যাব৷ পাৰ্থ প্ৰতীমে এটা কেঁচুৱাক ওপৰলৈ দুইহাতে দলিয়াই আকৌ ধৰি ওমলাই থাকিব৷ কেঁচুৱাটোৱে ঢেকঢেককৈ হাঁহি দিব৷
শ্বট সলনিঃ এইবাৰ এটা চুইমিং পুলত তৰুলতা, গিৰীয়েক আৰু এটা সৰু লৰাই সাঁতুৰি থাকিব৷ আচলতে এইটো শ্বটত ইন্দিমাক অলপ মানে স্ক’প দিয়া হ’ব৷ পাৰিলে শেখৰক কৈ লিপচিঙত এটা দুয়েট চং দিয়াৰ কথা ভাৱা হৈছে। গীতটোৰ পিকচাৰাইজেচনত দুই এটা টোৱাঙৰ শ্বটো দি দিয়া হ’ব৷

ফ্লেচ্‌বেকৰ পিছতেই দুৰৈৰ পৰা পথাৰত ভুঁই ৰুই থকা ইন্দিমাক কেমেৰাই ফ’কাছ কৰি জুম কৰিব৷ ঘাম আৰু বোকা গোটেই গাতে লাগি থাকিব৷ মুখত মানে আঁচ পৰাদিহে বোকা লাগি থাকিব৷ এনেতে, অট্টহাস্য কৰি ভিলেইন ভাস্কো আৰু অৰ্জুনৰ লগতে কেইজনমান চাউথৰ গুণ্ডাই তৰুলতাক আগুৰি ধৰিব৷ তৰুলতাই ভয়তে ঘূৰি ঘূৰি পলাবলৈ বাট বিচাৰিব৷ হঠাতে, ভাস্কোৱে চাউথৰ হিৰো’ৰ ইষ্টাইলত পাঞ্জাৱী চাৰ্টৰ পিছফালৰ পৰা ডেগাৰ এখন উলিয়াই তৰুলতাৰ পেটত সুমুৱাই দি অট্টহাস্য কৰিব৷ আন এটা এংগোলৰ পৰা ৰক্তাভে মা মা বুলি দৌৰি আহিব৷ আদবাটতে চাউথৰ গুণ্ডা এটাই ৰক্তাভক দাঙি দলি মাৰি দিব৷ ৰক্তাভ গৈ বহুদূৰৈত বোকাত থেপেককৈ পৰিব৷ ইফালে মাকে এটা হাত দাঙি “মইনা, তই পলা” বুলি চিঞৰিব৷ লগে লগে অৰ্জুনে আন এখন ডেগাৰ তৰুলতাৰ দেহত ভৰাই কঁচালি দিব৷ বাকীবোৰে হাঃ হাঃকৈ হাঁহিব৷ এনেতে ৰক্তাভে ৰবৰ এচটাক কেটেপাৰ দৰে বাটলু গুটি লগাই ভাস্কোলৈ মাৰি পঠিয়াব৷ বাটলুগুটি গৈ ভাস্কোৰ মুখত সোমাব৷ ভাস্কোৱে ডেগাৰ পেলাই ডিঙিত ধৰি কোঁ-কোঁৱাই থাকিব আৰু হাতেৰে ৰক্তাভক ধৰিবলৈ নিৰ্দেশ দিব৷ গুণ্ডাবোৰে খেদি যাব৷ ইফালে তৰুলতাই চুচৰি চুচৰি গৰাত আধা উঠিব৷ গৰাটোৱেদি তেজ বৈ আহিব৷ লগে লগে বৰষুণ আহিব৷ তাৰপিছৰ শ্বটত ৰক্তাভ মালগাড়ী এখনত উঠিবলৈ দৌৰি থাকিব, পিছে পিছে গুণ্ডাবোৰ৷ লগে লগে নেইম কাষ্টিং আৰম্ভ হ’ব৷ দৌৰৰ লগে লগে মাকৰ মৃতদেহ পৰি ৰোৱা ঠাইকণত তেজৰ ডোঙাৰ মাজতে এটা পিপল মানে আঁহত পুলি গজি উঠিব।

নেইম কাষ্টিং শ্বটটোৰ মাজতে ৰক্তাভ গৈ এখন চহৰৰ মাজৰ এটা ৰাস্তাত দোপালপিটা বৰষুণত গৈ থাকিব৷ অলপ দুৰৈত এজন মানুহক কেইজনমান চাউথৰ গুণ্ডাই আগুৰি পিটি থাকিব৷ আন কেইজনমান সিঁচৰিত হৈ পৰি থাকিব৷ মানুহজন মাটিত পৰোঁতেই লিদাৰ যেন লগা গুণ্ডা(এইটো ৰো’ল কৌশিকক দিবই লাগিব)ই এ কে 47 এটাৰে গুলিয়াবলৈ উদ্যত হওতেই লুকাই লুকাই চাই থকা ৰক্তাভে আগৰ দৰে ৰবৰডালত শিলগুটি এটা লগাই এৰি দিব৷ কেমেৰাই গুটিটো জুম কৰি শ্লৌ’মোচনত নি কৌশিকৰ হাতত লগা দেখুৱাব আৰু এ কে 47 গৈ পৰি থকা মানুহজনৰ হাতত পৰিব৷ তেওঁ এ কে 47ৰে পৰি থকাৰ পৰাই গুণ্ডাবোৰক গুলিয়াই মাৰিব৷ ইয়াৰ পিছতে মানুহজন(এইটো ৰোল প্ৰথমে আমাৰ দাসদা মানে দীনেশ দাস দাক দিম বুলি ভাবিছিলোঁ৷ কিন্তু একচন শ্বটবোৰত অসুবিধা হ’ব বুলি আমাৰ এভাৰ ইয়ং হেমন্ত কাকতিদাক দিয়াটো খাটাং কৰিলোঁ৷) উঠি ৰক্তাভক নাম, ঘৰ পতা আদি সুধিব৷ সি তাৰ গোটেই কাহিনীটো ক’ব, মানে মিউট কৰি কাহিনীটো কোৱা দেখুৱাব৷ বৰষুণৰ শব্দ আৰু মিউজিকৰ ফিউচন চলি থাকিব৷ তেনেতে বৰষুণ কমিব৷ মানুহজনে তাৰ পিঠিত চপৰিয়াই ক’ব-

“সুবিমল, তই আজি কাৰ জিন্দেগী বচালি জাননে? এই চহৰৰ নম্বৰ ওৱান ডন এই হেকা লিম্বুৰ জান বচাই দিলি(কেমেৰাই মুখখন জুম কৰিব আৰু অট্টহাস্য কৰিব)৷ আজিৰ পৰা তই মোৰ জিগৰ কা টুকৰা৷ তোক মই চুবি মস্তান বনাম, হাঃ হাঃ হাঃ, চুবি মস্তাননননননন৷” (নামটো ইক’ হ’ব) পিছফালৰ পৰা কেমেৰাই হেকাই তাক লৈ যোৱা ক’ভাৰ কৰিব৷ স্ক্ৰীণত ফিলিমৰ নামটো ওলাব৷ এটা সময়ত ৰক্তাভৰ ঠাইত ডাঙৰ সুবিমলৰ মুখখন আগফালৰ পৰা দেখুৱাব, চুবি মস্তান ৰূপী টাইগাৰ শ্বৰ্ফ৷ লগে লগে, আঁহত পুলিটো লাহে লাহে ডাঙৰ হৈ এজোপা বিশাল গছৰ ৰূপ ল’ব আৰু নেইম কাষ্টিং শেষ হ’ব৷

তাৰ পিছৰ শ্বটবোৰত “জীগৰ”ত অজয় দেৱগণৰ দৰে হেকাই সুবিমলক ট্ৰেইনিং দিয়া দেখুৱাব৷ এটা বেকগ্ৰাউণ্ড গীত ইয়াত থাকিব৷ লগে লগে “মুকদ্দৰ কি চিকন্দৰ”ৰ অমিতাভৰ দৰে এটা ভাল গুণ্ডাৰ ইমেজ দিবলৈ শ্বট কিছুমান থাকিব৷ তাৰমাজতে হেকা লিম্বুৰ পুতেক মন্টুক লৈ কিছু কমেদি থাকিব৷ মন্টু আচলতে খোৱা আৰু মানুহ মৰা কটাত অভ্যস্ত এটা চৰিত্ৰ৷ এটা হাতত চিকেন লেগ পিচ্‌ আৰু আনটো হাতত খুকুৰি এখন থাকিবই৷ সকলো চালি-জাৰি এইটো ৰো’ল বিজয়ক দিয়াৰ কথা ভাৱিছোঁ৷

ইফালে ভাস্কো মহাজনো অলপ বুঢ়া হোৱাৰ লগতে ধনী হোৱা দেখুওৱা হ’ব৷ এটা শ্বটত ভাস্কোৱে অট্টালিকা এটাৰ ষ্টেপ বগাই নামি আহে৷ সৰুপুতেক শংকৰে এটা মানুহ (ভাস্কৰ বৰডেকা)ক বেল্টেৰে পিটি থাকিব৷ কাতিৰাম ৰূপী অৰ্জুনে উচটাই থাকিব,-“আৰু মাৰ চাল্লা চুৱৰ কা বাচ্চাক৷

ভাস্কোৱে হাত দাঙি মানা কৰাত সকলো ৰৈ যাব৷ পুতেক শংকৰে দেউতাকক আপত্তি দিব-

“চোৱা পাপা, ই ৰতিকান্তই ধানবোৰ আমাক নেবেচি চহৰৰ বেপাৰীক বেচে৷ আজি ধৰি আনিলোঁ৷”
“কি? ইয়াৰ ইমান সাহ! মোৰ ফালৰ পৰা আৰু দুইটা চাট দি দিবি৷ ঐ কাতিয়া ব’ল৷”(মাতটো বাটলু গুটি সোমোৱাৰ বাবে চিঁ চিঁয়াকৈ উলিয়াব ক’ম৷)

এইবুলি কৈয়েই ভাস্কোৱে অৰ্জুনক লগত লৈ স্কৰপিঅ’ এখনত উঠি ওলাই যাব৷ আগে-পিছে কমেও দহখন স্কৰপিঅ’ই এচকৰ্ট দিব৷

এইখিনিতে এটা কথা দেই৷ এই শংকৰ ৰো’লটো চনু চুদক দিলে ভাল হ’ব নহয়নে? চাউথত তাৰ পপুলাৰিটি আছে৷

ইয়াৰ পিছৰ এটা শ্বটত এগালমান চাউথৰ গুণ্ডাৰ লগত গুণ্ডা জয়(অশোক হজুৰি)য়ে এগৰাকী যুৱতী ইস্পিতা মানে জেকুলীন (অঃ!আই লাভ জেকুই!নামটো লিখোতেই ভাল লাগি গৈছে)ক খেদি যাব৷ তাই দৌৰি গৈ থাকিব৷ লগতে কেমেৰাই বিভিন্ন এংগোলত ৰো’লিং কৰিব৷ এটা সময়ত এখন ৱালৰ সন্মুখত ৰৈ যাব৷ ইস্পিতাৰ চকুত ধৰা পৰাৰ ভয়৷ চাউথৰ গুণ্ডা এটাই তাইক ধৰিব যাব৷ তাই ৱালৰ কাষ চাপিব৷

এইটো মুহুৰ্ততে ৱালখনৰ সিফালৰ পৰা ৱাল ভাঙি এটা ঘোচা আহি গুণ্ডাটোৰ মুখত লাগিব৷ কেমেৰাত ৱালখন গুৰিয়াই ভাঙি ইটাবোৰ ফুটবলৰ দৰে গুণ্ডাবোৰলৈ মাৰি হিৰো’ টাইগাৰ শ্বফ ওলাব৷ লগে লগে ফাইট আৰম্ভ৷ (ফাইটৰ একচন দিবলৈ চাউথৰ ফাইট মাষ্টৰ এজনক মাতিব লাগিব৷) টাইগাৰৰ পাঞ্চ আৰু কিকত ১০০+ ওজনৰ গুণ্ডাবোৰ প্লাষ্টিকৰ পুতলা উৰাদি উৰি ফুৰিব৷ এটা সময়ত সকলো ধৰাশায়ী হ’ব৷ বাকী ৰ’ব অকল অশোক হজুৰি৷ অশোকে টাইগাৰক মুখত ঘুচিয়াই দিয়াত তেজ ওলাব৷ এটা এংৰি লুক দি টাইগাৰে জয়ৰূপী অশোকক ৰাম ধুলাই দি থকা অৱস্থাতে এখন চুমু আহি পলুৱাই নিব৷

টাইগাৰে বাওঁহাতৰ বুঢ়াআঙুলিৰে মুখৰ পৰা ওলোৱা তেজ মুচি মুচি আহি জেকুলীনৰ চুন্নীখন মাটিৰ পৰা উঠাই জেকুলীনৰ ওচৰলৈ আগবাঢ়িব৷ এনেতে, লেগপিচ্‌ এটা খাই খাই বিজয় দৌৰি আহি ফুটা নুফুটা মাতেৰে চুবিক কি হ’ল সুধিব৷ চুবিয়ে তাক ভেঙুচালি মাৰি ক’ব-“বতাহত চুন্নীখন উৰি গৈছিল৷”

সি মূৰটো খজুৱাই নুবুজাৰ ভাৱত ৰওঁতেই চুবিয়ে চুন্নীখন জেকুলীনলৈ আগবঢ়াই দিব৷ জেকুলীনে তালৈ চাই চকুপানী টুকি টুকি ক’ব-

“আপোনাক কি বুলি ধন্যবাদ দিম৷ আপুনি আজি মোৰ সতীত্ব ৰক্ষা কৰিলে৷ আপুনি নোহোৱা হলে…. হুক্‌ হুক্‌ হুক্‌…..”
“এই চুবিয়ে কাৰো অন্যায় হ’ব নিদিয়ে৷ কাৰণ, মই চুবি মস্তাননননননননননন(ইক’ হ’ব)৷
লগে লগে, পৰ্দাত জিলিকি উঠিব-

 

————- ইণ্টাৰমিছন———————————-

 

ইণ্টাৰমিছনৰ পিছৰ শ্বটটো এনেকুৱা-

ৰাতিপুৱাৰ হেঙুলী বেলিটো পাহাৰৰ মাজৰ পৰা ওলাই আহিব, কেমেৰা ৰো’লিং কৰি আঁহতগছ জোপাৰ তলত ফ’কাচ হ’ব৷ চুবিয়ে এখন চুৰীৰে সোঁহাতৰ তলুৱা কাটি তেজবোৰ গছডালৰ গুৰিত উচৰ্গা কৰিব৷ অলপ দুৰৈৰ পৰা এগৰাকী মহিলা (হাতত পূজাৰ সামগ্ৰী থাকিব)আগবাঢ়ি আহি চাদৰৰ আগটো ফচকৈ ফালি চুবিৰ হাতটো বান্ধি দিব আৰু ক’ব-

“মইনা, আৰু কিমান দিন এনেকৈ তেজ দিবি?”
“মই নাজানো পেহী৷ সেই পাষণ্ডটোৰ তেজেৰে এই ঠাই ধুব নোৱাৰালৈকে মই এনেকৈ পূজা দি থাকিম৷”
“ব’ল এতিয়া৷ মায়ে আজিৰ দিনটোৰ বাবেই ৰৈ থাকে, তোক চাবলৈ৷”
পেহীয়েক(চবিনাক দিলে ভাল হ’ব ন?)ৰ লগত চুবি গুচি যাব।
ইয়াৰ পিছৰ শ্বটটোত এটা কাঠৰ ঘৰৰ ভিতৰভাগ দেখুওৱা হ’ব৷ এজনী বুঢ়ী (প্ৰণীতাবা) কাঁহি কাঁহি চকী এখনত বহি থাকিব৷ বুঢ়ীৰ কোলাত চুবিৰ মূৰ৷ চুলিৰ মাজৰে আঙুলি বুলাই ক’ব-
“মইনা, এইবোৰ বহুত হ’ল৷ এৰি দে, সকলোবোৰ৷ তই আমাৰ মইনাটো হৈ উভতি আহ৷”
“আইতা, সকলোবোৰ ইমান সহজ নহয়”- সামান্য হাঁহি চুবিয়ে ক’ব৷ শ্বীন কাট্‌ হ’ব৷

০০০০

“চুবি, আজি কি আকৌ তালৈ গৈছিলি?”-হেকা লিম্বুৱে সোধা প্ৰশ্নৰ উত্তৰ নিদি পিষ্টলৰ ঘোৰাটোত আঙুলি ভৰাই টাইগাৰে অন্যমনস্ক হৈ ঘূৰাই থাকিব৷ বিজয়ে বিৰিয়ানী খাই থাকিব৷ এনেতে ফোন বাজিব৷ হেকাই কাৰোবাৰ লগত কথা পাতিব৷ ফোন থৈ অলপ চিন্তা কৰি ক’ব-
“আমাৰ নতুন চাইটটো কোনোবা বি কে কণ্ট্ৰাকচনে কব্জা কৰিছে৷ চাল্লা পৰুৱাৰ পাখি গজিছে৷ ব’ল চুবি, চাই আহোঁ৷”
বিজয়ে খাই থকাৰ পৰা সুধিব-“ময়ো যাব লাগিব নে?”
“চাল্লা চুৱৰ তই খাই থাক৷”
হেকাৰ ধমকিত বিজয় ৰৈ যায়৷ চুবিয়ে তালৈ চাই হাঁহি মাৰি জেকেটেৰে কোব এটা দি ওলাই যায়৷ বিজয়ে তাক গোৰ মাৰিবলৈ ধৰোতেই পিছলি পৰে৷ শ্বট কাট্‌৷

ইয়াৰ পিছৰ শ্বটটো অলপ ৰোমাণ্টিক হ’ব৷ বুলেট লৈ চুবি মানে টাইগাৰ গৈ থাকিব৷ ৰাস্তাৰ মাজতে জেকুলীন পৰি থাকিব৷ চুবিয়ে বুলেট ৰাখি তাইক উঠাই দিওঁতেই খিলখিলাই হাঁহি দিব৷ সি তাইক ঠেলি খঙতে আগবাঢ়িব৷ এনেতে আৰম্ভ হ’ব জেকুলীনৰ প্ৰেম নিবেদনমূলক গান৷ সেই “তেৰে দুটকীয়া কী নৌকৰী কে লিয়ে মেৰে লাখোঁ কা শাৱন যায়ে” টাইপৰ গান এটা দিম৷ গানৰ মাজতে তাই দিম্পল, ৰূপম হঁতৰ দৰে দুটামান লগৰ ল’ৰাক তাইক জোকাবলৈ ফিটিং কৰিব, চুবিয়ে সিহঁতক মাৰিবলৈ যাওঁতেই তাৰ তাইৰ প্ৰতি থকা প্ৰেম ধৰা পৰিব আৰু গানৰ শেষত দুয়ো পাৰ্কত বহি কথা পাতি থকা দেখুৱাব৷ তাৰমাজতে পাৰ্কৰ কাষেদি যোৱা এখন গাড়ীৰ পৰা জেকুলীন মানে ইস্পিতাৰ দেউতাক বিশিষ্ট চিকিৎসক ডাঃ ৰত্নকান্ত বৰা (সোমেশ্বৰ দা)ই মূৰ উলিয়াই চাই যাব৷

ইয়াৰ পিছতেই ডাঃ বৰাৰ সুদৃশ্য ড্ৰ’য়িংৰুমত বৰা বহি থাকিব৷ এটা গানৰ কলি গুণগুণাই জেকুলীন সোমাই আহিব৷

“মাজনী, অলপ বহাচোন৷”
“কি কোৱা দেউতা?”
“আজি পাৰ্কত যে যাৰ লগত বহি আছিলা, তুমি জানানে সি কোন হয়?”
“অ’ সেইটো কথা৷ তাৰ নাম চুবি৷”
“অকল চুবিয়েই নহয়, সি চুবি মস্তান৷ নামতহে ৰিয়েল ইষ্টেট ব্যৱসায়ী৷ সি আচলতে এটা গুণ্ডা৷”
“যিয়েই নহওক দেউতা, তাৰ অন্তৰখন বিৰাট ভাল৷”
“অন্তৰখন ভাল ময়ো জানো৷ তাৰ দেউতাক এটা সময়ত মোৰ বন্ধু আছিল৷ তুমি হয়তো নাজানা সি আচলতে তোমাৰ সৰু কালৰ লগ সুবিমল৷ তথাপিও মই তোমাক তাৰ পৰা আঁতৰি থাকিবলৈ কৈছোঁ৷”
“সুবিমল?”
“অ’ সুবিমল৷”

দেউতাক গুচি যাব৷ জেকুলীন ফ্লেচবেকত যাব৷

ৰক্তাভ কুমাৰক হাতত ধৰি ফুটফুটীয়া ফ্ৰক পিন্ধি কাজল প্ৰিয়া(কেমেৰাত কমবয়সীয়া দেখুৱাম আকৌ) স্কুললৈ গৈ থকা, নদীত সাঁতোৰা, গছৰ পৰা কেঁচা আম সৰাই খোৱা আদি দৃশ্য যোগ কৰা হ’ব৷

কেউফালে ওখ দেৱালেৰে পৰিবেষ্টিত এটা প্লটৰ সন্মুখত ভাস্কোৰ কনভয় ৰবহি৷ ভাস্কোয়ে নামিয়েই “চাইট ফৰ এইচ এল কণ্ট্ৰাকচন” লিখা চাইন বৰ্ডখন চাই খঙত একো নাই হৈ ওচৰতে থকা গা-ৰক্ষীৰ বন্দুক লৈ চাইনবৰ্ডখন চালনিৰ দৰে ফুটা ফুটা কৰি দিব৷ লগে লগে দুয়োপক্ষৰ গুলীয়াগুলী৷ টাইগাৰে এটা ঘৰৰ পৰা আন এটা ঘৰলৈ, এডাল গছৰ পৰা আন এডাল গছলৈ জপিয়াই জপিয়াই গুলিয়াব৷ ভাস্কোৰ গুণ্ডাবোৰে গুলিয়াব যদিও টাইগাৰে বিভিন্ন কলাকৌশলেৰে বাচি যাব৷ টাইগাৰৰ বাহিনীয়ে ভাস্কোৰ গুণ্ডাবোৰক গুলিয়াই মাৰিব৷ বাচি থাকিব ভাস্কো আৰু চুনু চুদ৷ এতিয়া আৰম্ভ হ’ব টাইগাৰৰ ডায়লগবাজি৷ নিজক চিনাকি দি ভাস্কোক গুলিয়াব ধৰোঁতেই ভাস্কোৰ বৰপুতেক জয়ৰূপী অশোক আহি পাবহি৷ লগত জেকুলীন৷ জেকুলীনক ঢাল কৰি টাইগাৰ পাৰ্টিক হেণ্ডচ্‌আপ কৰাব৷ পিছফালৰ পৰা বিজয়ে লুকাই লুকাই আহি অশোক হুজুৰিক কিক মাৰি ধৰাশায়ী কৰিব৷ আকৌ ফাইটা-ফাইটি আৰু গুলীয়াগুলি৷ এনেতে, হেকাৰ মৰণকাতৰ চিঞৰত চুবি দৌৰি আহিব৷ হেকাৰ বুকুত গুলী লাগে৷ সেই সুযোগতে ভাস্কো পাৰ্টি পলায়ণ কৰিব৷ দুই এটা ডায়লগ দি হেকাৰ মৃত্যু ঘটিব৷ তেতিয়াই চুবি গৰজি উঠিব-“বিলোচনননননননন”

দুইহাতে দুটা বন্দুকেৰে গুলিয়াই গুলিয়াই চুবি ভাস্কোৰ সুবিশাল অট্টালিকালৈ সোমাই যাব৷ গছৰ পৰা ঔটেঙা সৰাদি ভাস্কোৰ গুণ্ডাবোৰ ওপৰৰ পৰা সৰি পৰিব৷ এপাকত চনু চুদ আগত পৰাত টাইগাৰে গুলিয়াব লওঁতেই দেখে গুলি নাই৷ বিশেষ কায়দাৰে বন্দুকটো দলিয়াই দি চনুক পেলাই দিব৷ তাৰ পিছত তামাম ফাইট৷ এটা সময়ত ডিঙি মোটোকাই চনুক বধ কৰিব৷ চনু মৰা দেখি অশোকে খেদি আহিব৷ মল্লযুদ্ধ লাগিব৷ দুয়োৰে যুদ্ধ লাগি থকা অৱস্থাত ভাস্কো আহি মাটিত পৰি থকা পিষ্টল এটা উঠাই গুলী এৰিব৷ টাইগাৰে বিশেষ কায়দাৰে অশোকক আগবঢ়াই দিয়ে৷ অশোকৰো মৃত্যু হ’ব৷ এইবাৰ টাইগাৰে ভাস্কোলৈ চোঁচা লয়৷ ভাস্কোৱে ট্ৰিগাৰ টিপিব যদিও গুলী শেষ৷ পিষ্টলটো টাইগাৰলৈ দলিয়াই দৌৰ দিব৷

কেমেৰাই ভাস্কোক টাইগাৰে গাঁৱৰ ৰাস্তায়েদি খেদি যোৱা দেখুৱাব৷ এটা সময়ত সেই আঁহতজোপাৰ ওচৰত গৈ ভাস্কো উজুটি খাই পৰিব৷ লাহে লাহে গাঁৱৰ মানুহবোৰো গোট খাবহি৷ টাইগাৰৰ ডায়লগ আৰম্ভ,-

“বিলোচন, চা৷ আজি তোক কালে টানি আনি কোনখিনি পোৱাইছেহি? মনত পৰিছেনে? এইখিনি ঠাইতেই তই মোৰ মাক হত্যা কৰিছিলি৷ হাঃ হাঃ হাঃ—৷ মনত পেলা৷” আৰু কিবাকিবি ডায়লগ থাকিব৷ ভাস্কোৱে মাফ খুজি গছজোপাৰ কেউফালে ভয়ে ভয়ে ঘূৰিব৷ এটা সময়ত টাইগাৰে ভাস্কোৰ পেটত পচণ্ড গোৰ দিব আৰু ভাস্কো পৰি যাব৷ ইয়াৰ পিছতে হিৰ’ই ওমৰীশ পুৰীক মৰাদি ৰাম ধুলাই দিব৷ শেষত এটা কিকত উফৰি গৈ গছজোপাৰ তলত পূজা কৰি পুতি থোৱা ত্ৰিশূল এডালত ভাস্কো পৰিব৷ ভাস্কো আটাহ পাৰি গছজোপাৰ তলতে মৃত্যু হ’ব৷ লগে-লগে গাজনি মাৰি বৰষুণ দিব৷ বৰষুণৰ মাজতে টাইগাৰে হাঁহি হাঁহি মাকক সু্ঁৱৰি কান্দি কান্দি বহি যাব৷ কেমেৰাই টাইগাৰক জুম কৰি ষ্টিল কৰি পৰ্দাৰ একোণত ৰাখি ফিনিছিং নেইমকাষ্টিং কৰিব৷ লগতে বাজি উঠিব শীৰ্ষক গীত-

“ মই চুবি মস্তান…………..”৷

(দি এণ্ড)

[ইয়াৰ উপৰিও কেবাটাও উপভোগ্য শ্বট থাকিব৷ যেনে-পুলিচ ইন্সপেক্টৰ দেৱজিত আৰু চিপাহী কংকনে বিজয়ক মাৰপিটৰ কেচত গ্ৰেপ্তাৰ, গেলামালৰ ব্যৱসায়ী(ঝুমদাৰ)ক দম দি বিজয়ে চিকেন বিৰিয়ানী সৰকোৱা ইত্যাদি৷ তাৰোপৰি লিঅ’নিৰ এটা আইটেম চঙো ৰখা হ’ব৷]

☆★☆★☆

4 Comments

  • Kamal neog

    বঢ়িয়া ! বঢ়িয়া হৈছে।

    Reply
  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো, সুন্দৰ মানসদা

    Reply
  • Rajib Sarma

    সুন্দৰ কাহিনী লিখিলে

    Reply
  • সদানন্দ ভূঞা

    পুনৰ পঢ়িলোঁ, সুন্দৰ ।

    Reply

Leave a Reply

Your email address will not be published.