ফটাঢোল

চেকমেট – হেমন্ত কাকতি

কাকতিৰ ঘৰত পুলিচ অহা খবৰটো বনজুইৰ দৰে লাহে লাহে চাৰিওফালে বিয়পি গ’ল৷ ওচৰচুবুৰীয়াই প্ৰথমে বিশেষ একো উৱাদিহ নেপালেও নিজেই কিছু ধাৰণা কৰি মাৰ্কেটত খবৰ বিয়পাবলৈ আৰম্ভ কৰি দিলে যে কাকতি কিবা কৰাপচন কেচত পৰিছে৷ দুই একে খবৰ ল’বলৈ কাকতিৰ ঘৰলৈ আহিল যদিও তেওঁলোকৰ সন্মুখেদিয়েই কাকতি গৈ গেট পাৰহৈ পুলিচৰ জীপত উঠি থানা পালেগৈ৷ পিছে পিছে দুখন মেডিয়াৰ গাড়ী৷

কি হ’ল, ঘটনাটো বিবৰি কৈছোঁ শুনক৷

ফেচবুকৰ গোট এটাৰ প্ৰশাসক তেওঁ৷ নামটো সলাই দিছোঁ, এই ধৰক, চোচিয়েল মেডিয়া একটিভিষ্ট হেমন্ত কাকতি৷ (লোকৰ নাম দি বাটৰ কচু গাত ঘঁহি লোৱাতকৈ নিজৰেই নামটো দি ল’লোঁ৷) কয় নহয় বোলে এবাৰ ৰঙা ঘৰৰ ভাত খালে নিজৰ ছাঁটোলৈও ভয় হয়৷

তেওঁলোকৰ গোটটোৱে মাহেকীয়া মেগাজিন এখন চলাই আছে৷ প্ৰায় আশী নব্বৈটাকৈ প্ৰত্যেক মাহতে লেখা লাগে আলোচনীখনলৈ৷ তাৰ বাবে তাগিদা দি থাকে প্ৰায়বোৰ প্ৰতিস্থিত লিখকলৈ৷ হেমন্ত কাকতি গোটটোৰ প্ৰশাসক হ’লেও নিজেও লিখক হিচাবে আত্মপ্ৰকাশ কৰিছে দুই এটা লেখা প্ৰকাশ কৰি৷ পিচে কথা হ’ল তেওঁৰ ভিতৰৰ লিখকজনৰ মগজু ইমানো সাৰুৱা আৰু সৃষ্টিশীল নহয় যে বিছাৰিলেই লিখা ওলাব৷ গতিকে যোৱা কিছুদিন ধৰি অন্য এটা অদ্ভূত উপায় অৱলম্বন কৰি নিজৰ প্ৰতিষ্ঠা লাহে লাহে পাঠকৰ মাজত বঢ়াবলৈ আগবাঢ়িছিল তেওঁ৷ বুদ্ধিটো হ’ল- বিভিন্ন অখ্যাত যেন লগা লিখকৰ পৰা মেগাজিনলৈ অহা লেখা কিছুমান সম্পাদকক দম দি হ’লেও ৰিজেক্ট কৰিবলৈ ল’লে৷ আৰু তেওঁলোকে গম নোপোৱাকৈ কাকতিয়ে ৰিজেক্টেদৰ ভিতৰতে ভাল লেখাটো অলপ ইফাল সিফাল কৰি নিজৰ নামত উলিয়াই দিয়ে৷ পিছত অৰিজিনেল লিখকজনক ব্লক কৰি থয়৷

এইটো বুদ্ধি বেয়া নাছিল, কিন্তু সদায়তো সকলো ‘স্মুথলি’ পাৰ নহয়, কাকতিও পৰি গ’ল এবাৰ পাকত৷ মনালিছা বৰুৱা নামৰ মহিলা এগৰাকীৰ লেখা এটা আহিল মেগাজিনলৈ বুলি৷ লেখাটো পায়েই মি: কাকতিয়ে দেখিলে সুন্দৰ গল্প৷ মানে একেবাৰে অতীব সুন্দৰ৷ অস্ত্ৰপাত প্ৰয়োগ কৰিম বুলি তেওঁ লেখাটো সম্পাদকৰ মেজ পাবলৈ নিদি মনালিছা বৰুৱালৈ মেচেজ এটা টাইপ কৰিলে-” আপোনাৰ লেখাটো, মেগাজিনত দিব পৰা নগ’ল৷ বেয়া নেপাব৷” মিছ বৰুৱায়ো বিশেষ একো আপত্তি নকৰি চুপচাপ বহি থাকিল৷ ইফালে মি: কাকতিয়ে নিজৰ অপাৰেচন আৰম্ভ কৰি দিলে৷ মেগাজিন চাইটটো আৰু গোটত মিছ বৰুৱাক ব্লক কৰা হৈ গ’ল৷ গল্পটো সামান্য ইফাল সিফাল কৰি পাবলিছ কৰা হ’ল হেমন্ত কাকতিৰ নামত৷ লগে লগে কাকতিৰ প্ৰশংসাত পঞ্চমুখ তেওঁৰ গুণগ্ৰাহী পাঠকবৃন্দ৷ মন্তব্য বিলাকত মি: কাকতিয়ে ক’লে কেনেকৈ গল্পটোৰ সৃষ্টি হ’ল, কিমান উজাগৰী নিশা কটাই প্লটটো ভাবি উলিয়ালে ইত্যাদি ইত্যাদি৷ পিচে সত্যক জানো ঢাকি ৰাখিব পাৰি? গল্পটো অহুকানে পহুকানে মনালিছা বৰুৱাৰ নজৰলৈ আহিল৷ জানেই নহয় কথা বুলিলেই বতাহ৷ কাকতিৰ পৰ্দা ফাচ হওঁ হওঁ৷ কথা বিষম দেখি প্ৰথমেই তেওঁ ডেমেজ কণ্ট্ৰোল মোডত আহি গ’ল৷ হাজাৰ হ’লেও হেমন্ত কাকতি ভাঙি পৰা বিধৰ মানুহ নহয়৷ কিবা প্ৰকাৰে মনালিছা বৰুৱাক ‘মেনেজ’ কৰিব পাৰি নেকি চেষ্টাত লাগি গ’ল৷ কাকতিৰ ইমান দিনৰ প্ৰতিষ্ঠা ধূলিসাৎ হোৱাৰ পথত৷ দিনৰাতি কাকতিৰ মূৰত এটাই পোকে কিলবিলাই থাকিল কেনেকৈ মিছ বৰুৱাৰ মুখ বন্ধ কৰিব পাৰি?

বহুত উপঢৌকন, টোপ আদি দিয়াৰ প্ৰচেষ্টা বিফল হোৱাত হেমন্ত কাকতিয়ে শেষ সিদ্ধান্ত লৈ পেলালে৷ হয়, মিছ মনালিছা বৰুৱাক হত্যা কৰিব৷ আৰু এই হত্যা হ’ব এটা পাৰ্ফেক্ট মাৰ্ডাৰ৷ যিকোনো পথেদি মিছ বৰুৱাৰ মুখ চিৰদিনলৈ বন্ধ কৰি দি হ’লেও হেমন্ত কাকতিয়ে নিজৰ খ্যাতি অক্ষুন্ন ৰাখিব৷

হত্যাৰ পৰিকল্পনাত ব্যস্ত হৈ পৰিল তেওঁ৷ হত্যা কৰাৰ বিভিন্ন পন্থা উদ্ভাৱন কৰাত নামি পৰিল তেওঁ৷ প্ৰথম পন্থা হিচাবে মনলৈ আহিল মিচেছ বৰুৱাক অকলশৰীয়া অৱস্থাত চিধাই গুলী মাৰি দিয়া৷ কিন্তু গুলী আৰু পিস্তল পাব ক’ত? পালেও গুলী চলাব কোনে? যদি তেওঁ নিজেও চলায় পিছত পুলিচেতো শুংসূত্ৰ উলিয়াবই৷ গতিকে ডাইৰেক্ট প্লেনটো নাকচ কৰিলে৷ কিবাকৈ যদি গাড়ী এক্সিডেণ্ট কৰোৱা যায়? পিচে কোনে কেনেকৈ কৰাব সেয়া ঠাৱৰ কৰাত ব্যৰ্থ হ’ল৷ নাই সেইটোও নহ’ব৷ ইফালে কামটো সোনকালে নকৰিলেও বিপদ৷ যিমানে দেৰি হ’ব, সিমানে মূখ বাগৰিব৷ ছেঃ! কিহে পাইছিল তেওঁক? সৰু সুৰা দুই এটা আপদেট দি থাকোঁতেই যথেষ্ঠ জনপ্ৰিয়তা আৰ্জিছিল তেওঁ, কি কুক্ষণত লিখক হোৱাৰ চিন্তা আহিছিলনো মূৰত? কিন্তু, নাই হোৱা কথা হৈ গ’ল৷ এতিয়া সেইবোৰ ভাবি লাভ নাই৷ যিকোনো প্ৰকাৰে তাইৰ মুখ বন্ধ নহ’লে কাকতি চিৰদিনৰ বাবে চোচিয়েল মেডিয়া এৰি পলায়ন কৰিব লাগিব৷ তাতে নিউজ মেডিয়াবোৰৰ আজিকালি যিহে উৎপাত, অফলাইন হৈয়ো শান্তিত জীয়াই থাকিব নোৱাৰিব৷ নিউজ চেনেলৰ ৰঙা গোল দাগৰ মাজত ওলোৱাতকৈ মৃত্যুৱে শ্ৰেয়৷ গতিকে দুজনৰ ভিতৰত এজনৰ মৃত্যুৱেহে সমস্যাটোৰ সমাধান আনিব পাৰিব৷ তেওঁ স্থিৰ হ’ল৷ মৃত্যু এজনৰ হ’বই লাগিব৷ আৰু হেমন্ত কাকতি নমৰে৷ মৰিব মিচেছ বৰুৱা৷

অবশেষত প্লেনটোও ভবা হৈ গ’ল৷ প্লেনটো হ’ল, মিছ বৰুৱাক যিকোনো প্ৰকাৰে কিবা খাদ্যৰ লগত বিষক্ৰিয়া ঘটাই কামটো কৰা হ’ব৷ বিষাক্ত নিউৰো টক্সিন দি চিৰদিনলৈ মুখ বন্ধ কৰিব৷ ডিচিচন ইজ ফাইনেল৷ ইউটিউবত বিভিন্ন নিউৰো টক্সিন সম্বন্ধীয় কথাবোৰ চোৱাত নামি পৰিল তেওঁ৷ বিচাৰি বিচাৰি এঠাইত লক্ষ্য স্থিৰ হ’ল কাকতিৰ৷ হয়, সহজলভ্য গঙ্গাটোপ মাছত আছে সেই বিষাক্ত টক্সিন পদাৰ্থ৷ সৰুতে গাঁৱত বহুত গঙ্গাটোপ মাছৰ লগত খেলিছিল তেওঁ৷ কাকতিৰ মনত পৰিল ওচৰৰ ৰিণ্টুমনি দত্তৰ ঘৰৰ একুৱাৰিয়ামত পুহি ৰখা গঙ্গাটোপ মাছ কেইটামানৰ কথা৷ তাৰ মাত্ৰ এটাই যথেষ্ট হ’ব মিছ বৰুৱাৰ বাবে৷ গঙ্গাটোপৰ লিভাৰ আৰু ছালত থকা নিউৰো টক্সিনৰ বিষয়ে কাকতিয়ে পুংখানুপুংখ ভাবে কিছু অধ্যায়ন কৰি ল’লে৷ তেওঁ এই ভাবি আস্বস্ত হ’ল যে হত্যাৰ পিছত পুলিচ বা অন্য মানুহে এই মৃত্যুৰ আঁৰত কোনো ‘ম’টিভ’ বিছাৰি নেপাব আৰু কাকতি কোনো দিনেই পোহৰলৈ নাহিব৷ আৰু অসম পুলিচৰ ফৰেনচিক বিভাগে এইবিধ ভয়ঙ্কৰ নিউৰো টক্সিনৰ (tetrodotoxin) সম্ভেদ উলিওৱা সম্ভৱেই নহ’ব৷ কাকতিয়ে মিছ মনালিছাৰ লগত কোনোধৰণৰ চেলফোনৰ ব্যৱহাৰ নকৰি তেওঁৰ বিশ্বস্ত সহযোগী মহিলা ৰিমঝিম বৰঠাকুৰক কামত লগাব বুলি ঠিৰাং কৰি ল’লে৷ ৰিমঝিম বৰঠাকুৰ মি: কাকতিৰ একান্ত সহযোগী আৰু বৰ্তমানে তেওঁৰ চাইটৰ এগৰাকী মডাৰেটৰ৷ মিছ বৰঠাকুৰক কোৱা হৈছিল যে মনালিছা বৰুৱাৰ টাইম লাইনত নজৰ দি থাকিবলৈ৷ তেওঁ নিজে দেখা নেপায় কাৰণ ব্লক কৰি থৈছে৷

চুবুৰীয়া ৰিণ্টুমণি দত্তই বহুত দিনৰ পৰাই নিজৰ একুৱাৰিয়ামত কেবাটাও জাপানীজ ফিউগো প্ৰজাতিৰ গঙ্গাটোপ মাছ পুহি ৰাখিছে৷ ফিউগো গংগাটোপৰ লিভাৰ, পাকস্থলী আৰু ছালত থকা বিষাক্ত টেট্ৰড’টক্সিন নামৰ বিষৰ প্ৰকোপ চায়েনাইদতকৈ প্ৰায় বাৰশ গুণ বেছি৷ এটা আলপিনৰ মুৰত লোৱা বিষৰ টোপালে প্ৰায় ৩০টা প্ৰাপ্তবয়স্ক মানুহৰ জীৱন নাশ কৰিবলৈ সময় ল’ব ৩০ মিনিট৷ ইউ টিউৱত ভিদিও চাই চাই কাকতিয়ে শিকি লৈছিল ফিউগোৰ লিভাৰটো কাটি টেট্ৰোড’টক্সিন কেনেকৈ বাহিৰ কৰিব লাগে আৰু সৰু চিৰিঞ্জ এটাৰে মাত্ৰ এটোপাল ‘বস্তু’ পন্য বা গোটা যিকোনো দ্ৰব্যৰ লগত মিহলি কৰি শৰীৰত প্ৰবেশ কৰাব পাৰিলেই শত্ৰুৰ কাম খটম৷ ৰিণ্টুমণি দত্তই এইবিধ মাছ পুহি ৰখাৰ কাৰণটোৱেও কাকতিক আঁচুৰি গ’ল৷ মানে মি: দত্তও হয়তো এজন হত্যাকাৰী৷ কিন্তু এইখিনি সময় এইটো চিন্তা কৰাৰ সময় নহয়৷ কোনে কি কৰিছে সেয়া চিন্তা কৰা নিৰৰ্থক, প্ৰথম কথা হ’ল দত্তৰ পৰা এটা মাছ সৰকাব লাগে৷ খুজি আনিলেও বিপদ আছে৷ দত্তই গম পাব যে তেওঁ কাৰোবাক হত্যা কৰাৰ মানসেৰে মাছ খুজিছে৷ আজি ৰাতিয়েই শ্ৰীমান দত্তৰ ঘৰত গৈ পাৰ্টি কৰাৰ ছলেৰে একুৱাৰিয়ামৰ পৰা মাছ এটা বাহিৰ কৰিব৷

ৰিমঝিমৰ খবৰ মতে মিচেছ বৰুৱা পৰহিলৈ চহৰৰ মাজ মজিয়াতে অৱস্থিত প্ৰেছ ক্লাবত অনুস্থিত গ্ৰন্থ উন্মোচনী সভা এখনলৈ যাব৷ খবৰটো পায়েই কাকতিৰ উগুল ঠুগুল লাগিল৷ তেওঁৰ পৰা গম পালে তাত কাকতিৰ ফ্ৰেনলিষ্টতে থকা ডলী বৰবৰাৰ কবিতা পুঠি এখনৰ উন্মোচন হ’ব৷ অলপো বিলম্ব নকৰি কাকতিয়ে ডলীক অভিননন্দন মেচেজ এটা দিলে ৷ লগালগ উত্তৰ আহিল “উন্মোচনী সভাত আহিব যেনে তেনে৷” কাকতিয়ে বিচৰা ধৰণেই কামটো হ’ল৷

আয়োজকৰ পৰা এইটোও গম পালে যে তাত এম ডি বিৰিয়ানী চেণ্টাৰৰ পৰা বিৰিয়ানী পেকেট লান্স দিয়া হ’ব৷ লগত এটাকৈ মিনাৰেল ৱাটাৰ বটলো দিয়া হ’ব৷ কাকতিয়ে লক্ষ্যস্থিৰ কৰি ল’লে৷ হয়, সেই নিৰ্দিষ্ট চিকেন বিৰিয়ানী পেকেটতেই গঙাটোপৰ লিভাৰ আৰু ছালৰ পৰা সযত্নে বাহিৰ কৰা টেট্ৰ’ডটক্সিন মিহলি কৰা হ’ব৷ পৰিমাণটো ইমানেই দিয়া হ’ব যে প্ৰথম গৰাহ ল’লেই বাকী নেখালেও মৃত্যু অৱশ্যম্ভাৱী৷ ট্ৰায়েল হিচাবে তেওঁ ওচৰৰে ভতুৱা কুকুৰ এটাৰ লগত কালিলৈ পৰীক্ষাও কৰি ল’ব যে এক কামোৰ খোৱাৰ পিছত কুকুৰটো জীৱিত থাকিল নে মৰিল৷ ফুলপ্ৰুফ কাম কৰিব কাকতিয়ে৷ জীৱনত হাৰ নমনা মানুহজনক এগৰাকী নাৰীয়ে মূখা খুলিব এয়া কোনো পধ্যেই হবলৈ দিব নোৱাৰে৷

পিছদিনা সন্ধিয়া আশা কৰা মতেই দত্তৰ ঘৰত পাৰ্টিত বহিল কাকতি৷ এটা এটাকৈ চাৰিটা ‘পেগ’ গলাধকৰণ কৰাৰ পিছত ৰিণ্টুমণি দত্তই নিচাত আবোল তাবোল বকা আৰম্ভ কৰিবলৈ ধৰিলে৷ কাকতিয়ে জানে দত্তক কি কথাৰে আপ্লুত কৰি ৰাখিব পাৰি৷ নূচৰত ফটেহ আলী খানৰ “মেৰে ৰস্কে কমৰ” গীতটো মিউজিক চিষ্টেমত কম ভলিউমত বজাই দি কাকতি টয়লেটলৈ যাওঁ বুলি পকেটৰ গ্লোভযোৰ উলিয়াই একুৱাৰিয়ামটোৰ দিশে অগ্ৰসৰ হ’ল৷ প্ৰায় দেৰ মিনিটত এটা ফিউগো গঙ্গাটোপ কাকতিৰ পকেটত থকা প্লাচটিক পেকেটটোত সোমাই পৰিল৷ ঘূৰি আহি সময় নষ্ট নকৰি দত্তক লাষ্ট পেগটো বাকি দি কাকতি ঘৰমুৱা হ’ল৷ ৰাতিয়ে নিজৰ ঘৰত গঙ্গাটোপৰ লিভাৰ, পাকস্থলী আৰু ছালখিনি পৃথক কৰি এটা সৰু টেমাত ভৰাই কাকতি শোৱাপাটীতে কল্পনাৰ ৰাজ্যত বিচৰণ কৰিবলৈ ধৰিলে৷ মিচেছ মনালিছা বৰুৱাই হয়তো বিৰিয়ানীখিনি খোৱাৰ দহ মিনিটৰ পিছতে ঢলি পৰিব৷ ডাক্টৰৰ তালৈ নিয়াৰ আগতেই তেওঁৰ মৃত্যু হ’ব৷ ডাক্টৰে হৃদৰোগত মৃত্যু হোৱা বুলিয়েই ঘোষণা কৰিব৷ আৰু নহ’লে এম ডি বিৰিয়ানীৰ চাপ্লায়াৰজন ফচি যাব৷ ৰিমঝিমে হয়তো কাকতিক সন্দেহ কৰিব কিন্তু তথ্য প্ৰমাণৰ অবিহনে কাকতি হাঁহি হাঁহি সাৰি যাব৷
আঃ! কি পাৰফেক্ট প্লেন! কেতিয়া নিদ্ৰাৰ কোলাত ঢলি পৰিল তেওঁ নিজেই নেজানিলে৷

অৱশেষত সেই দিনটো আহিল৷ ৰাতিপুৱাই কাকতিয়ে গাড়ী আগুৱালে এম ডি বিৰিয়ানী চেণ্টাৰৰ ফালে৷ এম ডি বিৰিয়ানী চেণ্টাৰলৈ প্ৰায় বিশ মিনিটৰ বাট৷ মনলৈ অহা অহেতুক টেনচনবোৰ কম কৰিবলৈ গাড়ীৰ এফ এম ৰেডিওটো ‘অন’ কৰিলে৷ “প্ৰীতিৰ সুবাসে, ধুৱাই দিলেহি…” জুবিনৰ গীত এটী বাজি থাকিল৷ প্ৰেছ ক্লাবত সভাখন হ’ব আবেলি তিনি বজাত৷ মনালিছা বৰুৱাক পেকেটটো দিবলৈ এতিয়াও প্ৰায় চাৰি ঘণ্টা বাকী৷ এম ডি বিৰিয়ানী চেণ্টাৰত উপস্থিত হৈ প্ৰেছ ক্লাবৰ অৰ্ডাৰটোৰ বুজ ল’লে৷ কি পেকেট, কেনেকুৱা আৰু কিমানটা হ’ব, দিবলৈ কোন যাব ইত্যাদি খবৰ যুগুতাই এটা একে ধৰণৰ পেকেট লৈ কাকতি পুনৰ ঘৰমুৱা হ’ল৷ গাড়ীৰ ভিতৰতে পকেটৰ পৰা ‘বস্তুখিনি’ উলিয়াই পেকেটটোত মিহলাই ললে৷ পেকেটটোৰ ঢাকনিখন ভালদৰে বন্ধ কৰি আগবাঢ়িল ঘৰ অভিমুখে৷ পৰিকল্পনা মতে ঘৰলৈ নি ওচৰতে কুকুৰ এটাৰ লগত পৰীক্ষাটো কৰি ল’ব৷ এইখিনি গোটেই অপাৰেচনটোৰ সন্ধিক্ষণ৷ তেওঁ বিফল হ’ব নোৱাৰে৷ আজি মুখ বন্ধ হ’ব মনালিছা বৰুৱাৰ৷

আহি আহি ঘৰৰ সন্মুখত গাড়ীখন ৰখাই গেট খুলি গাড়ীখন সোমাই দি গেটখন বন্ধ কৰিবলৈ লৈছিল, বাহিৰত পুলিচৰ গাড়ী দেখি স্তম্ভিত হ’ল কাকতি৷ পিচফালে দুখন মিডিয়াৰ গাড়ীও ৰ’লহি৷

কি হ’ল বুলি জানিব খোজোঁতেই পুলিচ অফিচাৰ অলকেশ ভাগৱতী ওলাই আহি ক’লে,

: আপুনিয়েই হেমন্ত কাকতি নহয় জানো?

: হয়, কিয় বিচাৰিছে বা?

কথাখিনি কৈয়ে কাকতিৰ বুকুখন এক অজান ভয়ত দুৰুদুৰু কৈ কঁপি উঠিল৷

: অলপ থানালৈ ব’লক কাকতি৷ প্ৰখ্যাত গল্পকাৰ বিজয় মহন্তই আপোনাৰ ওপৰত এটা গোছৰ (FIR) তৰিছে যে তেওঁৰ সদ্য প্ৰকাশিত লেখা এটা চুৰি কৰি আপোনালোকৰ মেগাজিনত আপোনাৰ নামত ছপাইছে৷ গতিকে কপিৰাইট এক্টৰ অধীনত অলপ সোধপোছ কৰা হ’ব৷ আপোনালোকে এই কামবোৰ কৰি আমাৰ অযথা সময় বৰবাদ কৰেহে৷ ব’লক, পলম নকৰিব৷

অফিচাৰজনে বিতৃষ্ণাৰে কৈ উঠিল৷

কাকতি ঠাইতে শিল পৰা কপৌ যেন হ’ল৷ হঠাৎ তেওঁ অনুভৱ কৰিলে, তেওঁ যেন প্ৰচণ্ড ভোকাতুৰ হৈ পৰিছে৷ গাড়ীৰ দৰ্জাখন পুনৰ খুলি বিৰিয়ানী পেকেটটোৰ ফালে হাতখন আগবঢ়াই দিলে৷ বিৰিয়ানীৰ গোন্ধটোৱে বৰকৈ আকৰ্ষণ কৰিছিল তেওঁক৷

☆★☆★☆

10 Comments

  • ৰাজশ্ৰী শৰ্মা

    গোটত পঢ়িছিলো, আকৌ পঢ়িলো। বঢ়িয়া লাগিছিল এইটো দাদা।

    Reply
  • মিৰাজ

    হোৱাট এ গল্প … ফালি দিছে হে

    Reply
  • কাবেৰী মহন্ত

    আকৌ পঢ়িলোঁ দাদা..এইটো ইউনিক আছিল , মজা

    Reply
  • কমলা দাস

    আকৌ এবাৰ পঢ়িলো ।ভাল লাগিল

    Reply
  • ডলী তালুকদাৰ

    বহুত ভাল লাগিল।

    Reply
  • সাংঘাটিক চাছপেন্স আছে শেষলৈকে। পুনৰ পঢ়িলোঁ। শেষ হাঁহি মাৰিলে বিজয়েহে।

    Reply
  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো দাদা, ইউনিক লিখা

    Reply
  • Mridula

    বৰ ভাল লাগিল

    Reply
  • জয়ন্ত দাস

    পুনৰ মজা ললো৷ ফালি দিছে৷

    Reply
  • জাহ্নৱী

    ধেৎ
    বৰ বেয়াকৈ ফচিলে হে

    Reply

Leave a Reply

Your email address will not be published.