ফটাঢোল

চৰ্টকাট – মল্লিকা শৰ্মা বৰদলৈ

আধাঘণ্টা হ’ল বাছলৈ ৰৈ থকা ৷ আনদিনা এইখিনি সময়ত বাছখন আহেই, আজিহে দৰকাৰ কাৰণে সময়ত নাই ৷ গৰমৰ বন্ধত পেহীৰ ঘৰলৈ ফুৰিবলৈ আহিছিলো ৷ মাহঁতক এৰি থকাকৈ যাবলৈ বৰ মন নাছিল, পিছে বাজাজ চুপাৰত উঠি ফুৰিবলৈ যোৱাৰ লোভ ৷ ঘৰতে চুক্তি কৰি লৈছিলো, দুদিন পিছত মোক আকৌ থৈ নগ’লে কথা বেয়া হ’ব ৷ প্ৰথম দিনটো পেহীৰ ল’ৰা দুটাৰ লগত অলপ খেলি ইটো সিটো কৰি পাৰ হ’ল যেনিবা ৷ দ্বিতীয় দিনাৰ পৰা পেহীৰ ল’ৰাহঁত মোৰ লগত অলপ বেছিয়ে ফ্ৰী হ’ল ৷ সিহঁতক যি কৰিলেও মোকহে লগা হ’ল ৷ মইহে পঢ়ুৱাই দিব লাগিব, খুৱাই দিব লাগিব, সাধু কব লাগিব, আনকি দুই নম্বৰ কৰাৰ পিছতো মোকহে ধুৱাই দিব মাতোতেহে মোৰ কান্দোন বাহিৰ হ’ল ৷ পেহীৰ ধমকিত, সেইফেৰা কাম যেনিবা নকৰাকৈয়ে হাত সাৰিলো ৷ পিছে ৰাতি দুয়োটাৰে লগত থাকিবলগীয়া হোৱাত বাৰ বাজিল ৷ এটা মাকৰ লগত এটা দেউতাকৰ লগত থাকিব, কিন্তু দুয়োটাৰে লগত মই থাকিবই লাগিব ৷ ইফালে এটাইও মাক-দেউতাককো নেৰে ৷ উফ হৰি, দুই ম’হৰ যুঁজত বিৰিণাৰহে মৰণ ৷ কিবাকৈ বুজাই বঢ়াই তিনিওটা একেলগে থাকিলো যদিও মোৰ শোৱা নহ’ল ৷ দুয়োটাই লঠিয়াই গুৰিয়াই মোক চেপেটা কৰিলে ৷ চকুপানী নাকৰপানীৰে, ইতিমধ্যে দুটা দিন পাৰ হোৱাত ঘৰলৈ আহিবলৈ কাপোৰ-কানি বান্ধিলো ৷ পিছে এইবাৰহে লাগিল লেঠা ৷ তিনিদিনলৈ পেহাৰ মিটিং থকা বাবে ক’লৈকো যাব নোৱাৰে ৷ মোৰ থকাৰ বাহিৰে কোনো উপাই নাই ৷ ফোন এটাও নাই যে দেউতাক নিবলৈ মাতিম ৷ আকৌ এক জাউৰি কান্দি কিবাকৈ আৰু দুদিন পাৰ কৰিলোঁ ৷ এইবাৰ মই নাচোৰবান্দা, অকলে হ’লেও মই ঘৰলৈ যামেই ৷ পেহা ঘৰত নাই ৷ মোৰ কান্দোন দেখি, পেহীয়ে বিচাৰি বিচাৰি উপায় এটা উলিয়ালে ৷ কাষৰে বৰদেউতাৰ ল’ৰাজনক মোক ঘৰত থৈ অহাৰ দায়িত্ব দিলে ৷ সি বেছিখিনি সময় সিহঁতৰ ঘৰতে থাকে বাবে ঘৰৰ মানুহৰ দৰেই সম্পৰ্ক ৷ মোতকৈ সাত-আঠ বছৰৰ ডাঙৰ হ’ব ৷ ‘সৰু কা’ (ককাইদেউ) বুলিয়েই মাতো আমি ৷ সময়ত আমি হাঁহিমুখে ঘৰৰ পৰা ওলালো ৷ পেহীয়ে তাৰ হাতত ভাৰাটোও গুজি দিলে ৷ পেহীহঁতৰ ঘৰৰ কাষেৰেই একেটা সময়তে এখন বাছ, ষ্টপেজলৈ যায় ৷ আজিহে পিছে এতিয়ালৈ দেখা দেখি নাই ৷

বহুত সময় ৰখিও বাছখন নহা দেখি, ৰিক্সা এখনতে উঠিলো ৷ ৰিক্সাৰে ষ্টপেজলৈ আধাঘণ্টাৰ বাট ৷ দহ মিনিটমান যোৱাৰ পিছত, ৰিক্সাখনে বেলেগ এটা বাট লোৱা দেখি মই চিঞৰিলো, “সেইফালে নহয় নহয়“ ৷ পিছে ৰিক্সা আৰু সৰুকাৰ অভয়বাণীত মই মনে মনে থাকিলো ৷ সেইফালে গ’লে হেনো দহমিনিটত পাই যাম ষ্টপেজ, ‘চৰ্ট কাট’ ৷ হওক, যিমান সোনকালে ঘৰ পাওঁ, সিমানেই ভাল ৷ পিছে ষ্টপেজ পাবলৈ আৰু কেইখোজমান বাকী থাকোতে ৰিক্সা ৰৈ গ’ল ৷ ৰাস্তাটোত পানী হৈ আধা ডুব গৈছে, ৰিক্সা নাযায় ৷ আমি নামিলোঁ ৷ ইমান দূৰ আহি উভতি যোৱাৰ কথাই নাহে ৷ এইবাৰ খোজকাঢ়ি যাব লৈ দেখিলো যে, পানী মোৰ প্ৰায় একঁকাল ৷ ভয়তে আকৌ পানীৰ পৰা খোজ পিছুৱাই আনিলোঁ ৷ সৰু কাই ধমকি দি টানি টানি কোনোমতে পাৰ কৰালে ৷ তিতি বুৰিয়ে বাছত উঠিলোগৈ, বাছখন চলিল…।

ঘৰ পাবলৈ আৰু বেছি সময় নাই ৷ ইতিমধ্যে ভাতৰ ভোকটো লাগিছে ৷ আধা ৰাস্তাতে সৰু কাই নামিব ক’লে ৷ মই নামানো, সি নেৰে ৷ অৱশেষত সি নামি দিয়া দেখি উপায়হীন হৈ ময়ো নামিলোঁ ৷ পিছতহে ক’লে, “বৰ ভোক লাগছিয়ে, যৌ এইখিনিতে আমাৰ ডাঙাৰ পিতেৰ ঘৰ, তাতে কিবা এটা খাবা পাম ৷ তহঁতৰ ঘৰক লেগি খোজ কাঢ়বা লাগবু নহয়”।

ডাঙৰ পিতাইগৰাকী পেহাহঁতৰ সম্বন্ধীয় ৷ মই চিনি পাওঁ ৷ ধনী মানুহ, কিবা ভাল বস্তু খাবলৈ পোৱাৰ আশাতে তাৰ পিছে পিছে খোজ ললোঁ ৷ আহি পাই বহিছোহে বহিছো একো দেখোন খোৱাৰ নামেই নুলিয়ায় ৷ “দেৰি হ’ব, যাওঁ” বুলি কোৱাত যেনিবা খোৱা বস্তু আহিল ৷ দুটা গিলাচত চৰবত আৰু দুখনমান বিস্কুট ৷ তাকেই চোবাব ধৰিলোঁ ৷ সৰু কাৰ ওপৰত খং উঠিল, মোক মিচাকৈ লোভ দেখুৱালে ৷

আলহীৰ পৰা বিদায় মাগিলোঁ ৷ ইমানদূৰ আকৌ ৰিক্সাৰ যাম বুলি গম পাই, বৰ পিতায়ে আমাক সহজ উপাই এটা দিলে ৷ তেওঁলোকৰ কাষেৰে এটা সৰু ৰাস্তা, সেইটোৰে আমাৰ গাঁৱৰ ৰাস্তাটোলৈ গ’লে ৰিক্সাৰে যোৱা সময়তকৈ আধা সময়হে লাগিব ৷ একদম ‘চৰ্ট কাট’ ৷ তদুপৰি তেওঁলোকৰ এলাগী হৈ পৰি থকা চাইকেলখন লৈ যাৱলৈ কৈ আৰু অলপ সুবিধা কৰি দিলে আমাক ৷ সৰুকাৰ বিৰাট ফূৰ্ত্তি, সময়ো ৰাহি হ’ল লগতে ৰিক্সা ভাৰাটোও বাচিল ৷ সেইটোৰে সি চিনেমা চাব ৷

মই চাইকেলৰ কেৰিয়াৰত গাটো এৰি দিলোঁ ৷ ভাগৰো লাগিছে ৷ সৰু কাই ফ্ৰী ৰাস্তা পাই ফোঁফোৱাই চাইকেলৰ পেডেল মাৰিছে ৷ বহুত গছ গছনি, বৰ ধুনীয়া বাটটো ৷ ঘৰৰ ওচৰ হ’লেও মই এইফালে প্ৰথম আহিছো ৷ ঘৰত দেউতাকৰ চাইকেলখন ভাগত নোপোৱা সৰুকাই কব নোৱাৰাহৈ চাইকেল চলাই গৈ আছে ৷ মোৰ দেখোন ঘৰ নাপাওঁ নাপাওঁ লাগিব ধৰিছে ৷ পিছফালৰ পৰা তাক হেচুঁকি দিলোঁ ৷

“অই সৰুকা, ইমান আহিলোঁ, আমাৰ ঘৰৰ ৰাস্তাটো ক’তনো?”

তেতিয়াহে তাৰ হুঁচ আহিল ৷ সিও ভাবিলে, চিধাচিধি আহি আছো, ৰাস্তাৰ বাহিৰে একো নাই পোৱা দেখোন ৷ মানুহৰ ঘৰ-চৰ নাই কিয়? চাইকেলৰ পৰা নামি দুয়ো অলপ ৰখিলোঁ ৷ ক’ৰবাত কাৰোবাক লগ পালে সুধিব পাৰিম ৷ পিছে মানুহৰ দেখা-দেখি নাই ৷ ভৰ দুপৰীয়া গোটেইখন ইমান নিস্তব্ধ ৷ এইবাৰ খোজকাঢ়ি লাহে লাহে আগুৱাই আহি থাকিলোঁ ৷ উফ ৰক্ষা, ৰাস্তাৰে মানুহ এজন আহি আছে ৷ সৰুকাই দূৰৰ পৰাই চিঞৰিলে–

“অ’ কাকা, চপাইৰ ৰাস্তা এইটোৱে হয়নে?”

মানুহজনে, অদ্ভুত ধৰণে চাই কলে–

“ক’ৰ পে আইছা? চপাইৰ ৰাস্তা এইফালে নহয় নহয় ৷ তহঁতে বহুত আগতে এৰি থৈ আহিলি, ঘূৰি যা, নহলি চিধা যাই থাক, আগত চাৰিআলি পাবি ৷ তাতে সুধি লবি যা ৷”

উভতি যোৱাতকৈ, আগুৱাই গৈ থাকিলোঁ ৷ এইবাৰ চাইকেলখনৰ স্পীড কমি অহা যেন লাগিল ৷ মই নামিলোঁ ৷ এটা চকাত পাম নাই ৷ ঠেলি যাব লাগিল ৷ ভয়ে ভাগৰে একাকাৰ হৈ মুখেৰে একো নোলাল ৷ খোজকাঢ়ি গৈ থাকিলোঁ ৷ ‘চৰ্ট কাট’ ইতিমধ্যে কেইবাগুণো বেছি দীঘল হৈ পৰিছিল ৷ ওচৰে-পাজৰে ক’তো এখন দোকানো নাই ৷ প্ৰচণ্ড ৰ’দত মূৰটো বিষাব ধৰিছে ৷ মোৰ চকুপানী ওলাই আহিল ৷ আগতে এইদৰে বাট হেৰুওৱাৰ অভিজ্ঞতা হৈ পোৱা নাই ৷ আধাঘণ্টামান খোজ কাঢ়িলো চাৰিআলি নাপালোঁ ৷ আমাক দেখি চাৰিআলিটোও লুকাল চাগৈ ৷ কিছুদূৰৈত কেইজনমান ল’ৰাই গছৰ তলত কিবা খেলি আছে ৷ আমি খৰখেদাকৈ সিহঁতৰ ওচৰলৈ আগুৱাই গ’লো ৷ সিহঁতে ৰাস্তাৰ কথা একো নক’লে, ওভতাই আমাকহে প্ৰশ্ন কৰিব ধৰিলে ৷ ক’ত মৰো মই, এই ভাই-ভনীৰ দৰে ল’ৰা-ছোৱালীহালক সিহঁতে ঘৰৰ পৰা পলাই অহা বুলিহে ভাবিলে ৷ দুটামানে কেতিয়াও নুশুনা বিহুগীত জুৰি আমাক জোকাব ধৰিলে ৷ সিহঁতক সোধা বাদ দি আঁতৰি আহিলো যদিও, আমি শুনালৈকৈ সিহঁতে চিঞৰিয়ে থাকিল ৷ এইবাৰ কোনোমতে মই কান্দোন ৰখাব নোৱাৰিলো ৷ মোক কন্দা দেখি সৰুকাৰো চকু চলচলীয়া ৷ ধেই কিয় আহিছিলোনো এইফালে ৷ উভতি গ’লে বা কি পাওঁগৈ ঠিকনা নাই ৷ নতুনকৈ কিনা পামচুযোৰ পিন্ধিছিলো মই ৷ ইতিমধ্যে গোৰোহাটো কাটি চাল এৰাই গৈছে ৷ সেইযোৰ খুলি হাতত ল’লো ৷ ৰ’দত শিলবোৰে পুৰিব ধৰিলে যদিও তেনেকৈয়ে খোজ কাঢ়িলো ৷ কিমান ঘণ্টা প্ৰস্ৰাৱ নকৰাকৈ থকা বাবে পেটটোও অলপ ফুলিছে মোৰ ৷ ল’ৰা এটাক ক’বলৈও লাজ ৷ এনেকৈ কিমান ঘণ্টা পাৰ হৈ গ’ল ক’ব নোৱাৰো ৷ ফোন এটা যদি আমাৰো থাকিলহেঁতেন… ৷

সেইখিনিতে নামঘৰ এটা দেখি অলপমান ৰৈ দিলো, কিছুদেৰি জিৰাই ল’লো ৷ কিছুসময় পিছত সন্ধ্যা নামিব ৷ ঈশ্বৰক গভীৰভাৱে প্ৰাৰ্থনা কৰি ওলাই আহিলোঁ ৷ অলপদূৰ যোৱাৰ পিছত ঠাইখিনি মোৰ অলপ চিনাকি চিনাকি লাগিল ৷ অ, অ, দেউতাৰ লগত এইফালে কাৰোবাৰ ঘৰলৈ আহিছিলোতো এদিন ৷ ভালকৈ ভাবি গুণি, সোঁফালৰ লুংলুঙীয়া বাটটোত খোজ দিলোঁ ৷ উফফ ভগৱান, সেয়া আমাৰ নদীখন, সদায় অহাযোৱা কৰা দলংখন ৷ এইবাৰ ফূৰ্ত্তিতে চকুপানী ওলাল ৷ খোজবোৰ উৎসাহতে খৰকৈ দিলোঁ ৷ সৰুকাৰ মুখৰ মাত নাই ৷ হয়তো ৰাস্তাটো বিচাৰি নোপোৱা হ’লে কি হলহেঁতেন তাকেই ভাবি আছে ৷ হাইস্কুলত পঢ়ি থকা ছোৱালী এজনী লৈ ৰাস্তা হেৰুওৱা সকলোৱে সহজভাৱে যে নলয়, ময়ো ভালকৈ বুজিলোঁ ৷ ক’ৰবালৈ যাবলৈ হ’লে কিয় ইমানকৈ হকা-বাধা কৰে সেইটোও বুজিলোঁ ৷

অৱশেষত ঘৰ পালোহি ৷ দেউতাৰ গালিৰ ভয়ত কথাখিনি কেৱল ৰাস্তা ভুল হোৱা বুলি ‘চৰ্টকাট’ কৰিয়ে কৈ থ’লো ৷ প্ৰতিজ্ঞা কৰিলোঁ, আৰু কোনোদিনেই কোনো কাৰণতে জীৱনত ‘চৰ্টকাট’ নিবিচাৰো ৷ জীৱন হওক অথবা একাবেঁকা বাট, ‘চৰ্টকাটে’ কেৱল জটিলতাবোৰহে কঢ়িয়াই অনাতো ধুৰুপ ……. ৷ ৷

■■

10 Comments

  • Diganta vijoy konwar

    ভাল লাগিল

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি। আগলৈয়ো এনে ধৰণৰ লেখনী পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • ৰাজজ্যোতি

    সুন্দৰ আৰু সাৱলীল। ভাল লাগিল পঢ়ি

    Reply
  • Bohut bhal lagil baa…aru porhibole roi thakim…

    Reply
  • দেৱশীষ ভূঞা

    ভাল হৈছে ।।লিখি যাবা।।

    Reply
  • মৃদুল শৰ্মা

    বঢ়িয়া লাগিল পঢ়ি।

    Reply
  • চৰ্টটকাট পঢ়ি ভাল লাগিল । সমগ্ৰ আলোচনী খন কেনেকৈ পঢ়িবলৈ পাম । লিংকচটো দিব পৰা হবনেকি ?

    Reply
  • খুউৱ সুন্দৰ মল্লিকা! বাট হেৰুওৱা লৰা ছোৱালী হালৰ লগতে নিজকে গৈ থকা হেন পালো ৷ বঢ়িয়া লাগিল ৷ লিখি থাকিবা ৷

    Reply
  • kasturi

    ভাল লাগিল।সুন্দৰ লিখিছে।

    Reply

Leave a Reply

Your email address will not be published.