ফটাঢোল

চৰ – কৌশিক দাস

: চেণ্ডেল আছে না….খুড়া ?

: কাই কছানু ? “

:মই তৰুণ “

: অ অ অ, আছেই আছেই, ঘৰ’ৰ চলতু হৈ এমান দেৰি কৰাহনা অ’ তই! ৰাইজে নি সাঙেই কৰব’ ইথান!

দিনটোত এয়ে প্ৰথম মিঠা মাতষাৰ ওলাল কৰিমুলৰ।

ছাগলী মাংস কাটিবলৈ এৰি হৰদম বাজি উঠা ফোনটোৰ আগত চৰম বিৰক্তিৰে একেটা প্ৰশ্নৰ উত্তৰ দি ভাগৰি গৈছে সি। সোঁহাlখনৰ আঙুলিতো দাৰ ঘাপ এটা পৰিছিল। জোৰেৰে লাগিলেতো ছিঙিয়েই গ’লহেতেন!

তাৰ ম’বাইল স্ক্ৰীণত থৰথৰে নাচি থকা অচিনাকি নম্বৰৰ আঁৰৰ  মানুহবোৰক জগতৰ অবাইছ মাতেৰে সম্ভাষণ জনাইছিল। মানুহবোৰেও এৰা নাই! দুজনমানে  দহবাৰকৈও  সুধিছে বেলেগ বেলগ নম্বৰৰ পৰা………

“অই সেট’ অফ কৰি নথা কিয়া অ’ ! “

কৰিমুলৰ আটাহে গ্ৰাহক আৰু কাষৰ বেপাৰীখিনিৰো  শান্তি নাইকিয়া কৰি পেলাইছে! বহুতে  কৈয়ো বিশেষ একো লাভ হোৱা  নাছিল। সি ৰিচিভ  আৰু ডাইল কৰিবহে জানে! এটাও নম্বৰ চেভ নাই! প্ৰায়ভাগ মুখস্থ মতে চলি আছে। প্ৰত্যেক ক্ষেত্ৰতে জানাৰাম দেখুওৱা  কৰিমে লাজতে মুখ মেলিব পৰা নাই !

একদম হোলাৰ ভাই মোলা ধৰণৰ তৰুণক সকলোৱে জানে, কিন্তু ইমানো জেলপু বনাৰ কথাটোহে ভাবিব নোৱাৰি।  সি জোতা বিচাৰি ফ’ফ’জ’ফ’কৈ দৌৰি আহিল কৰিমুলৰ ওচৰলৈ ।

: কিয়া আহ্ইলি তই ? মাংস লাগে ?”

 : আপুনিচোন মোক চেণ্ডেল নিবাহে মাতছিল ….

: অ অ অ! চেণ্ডেল! আহ নাউমান আগুৱে আহ!

ধৈৰ্যৰ বান্ধ খুলি চেণ্ডেলেও তাৰ ভৰি এৰি তৰুণৰ গালত…… ঠাঁচ ঠাঁচ ঠাঁ……চাল্লা চেণ্ডেল লাগে, জোতা লাগে তোক! এই বিহুৰ দিনটো বৰ্বাদ কৰি দিলি মোৰ!

ফুট  ……গেট………আ………উ……ট ………

আচলতে মাংসৰ দোকানী কৰিমুলে নতুন চেণ্ডেল এযোৰ কিনি জীৱনৰ গেলামাল দোকানখনত সোমাব লগীয়া হৈছিল !

“এইযুৰ কাৰ তাৰে আনলি অ! বৰ ঠগ লাগছি ?”

“মহন(মোহন) মহৰীৰ আপাৰ দ’কানোৰ পেই!

পাচঁশ ক’ছিল! চাৰে তিনশ টাকা  দলি মাৰি দি গুছি আহ্ইলু! “

জীৱনৰ চেণ্ডেলযোৰ পচন্ড হ’ল। বিনা চিন্তাই নিৰ্দেশ দিলে,-

” মোক গেলিও একযোৰ লৈ আহ্ইগেল যা।”

যথা সময়ত চেণ্ডেলযোৰে আহি জীৱনৰ শ্ৰীচৰণ শুৱনি কৰিলে। জীৱনদা মানহজন  অলপ জটুৱা। এক কথাত জটুৱা জীৱনৰ মাজত দৰকাৰী হাঁহি উঠা বাট এটা তেওঁ সহজতে বনাই ল’ব পাৰে। তেওঁ সকলোৰে আগত ৰহন সানি কৰিমুল আখ্যান প্ৰচাৰ কৰি দিলে। উৰুকাৰ আগদিনা সি তিনিটা জোতা-চেণ্ডেলৰ কাৰ্টুন হেৰোৱা পাইছে। চিনাকি বন্ধুবোৰৰ মাজত সস্তাতে আৰু কিছুমানক ফ্ৰীতে বিলাই আছে। জীৱনৰ যোৰ ফ্ৰী। আগতেও কিছুমান ঘটনাত তাৰ দিলবহলা খ্যাতিৰ বাবে  কথাটোত ৰাইজে পতিয়ন যোৱাত সহজ হৈছিল।

কৰিমুলৰ বন্ধুৰ সংখ্যা গণি শেষ কৰিব নোৱাৰি।  আনকি জীৱনদাৰ পুত্ৰ তৰুণৰ লগতো কৰিমুলৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। বাজাৰ’ত জীৱনৰ সকলো মান নিলাম হৈ গ’ল। এইহেন দমহিৰ দিনা চেণ্ডেলৰ কাহিনীটোৱে তাৰ একমাত্ৰ পুত্ৰ তৰুণৰ গালখনহে বৰ বেয়াকে কোবাই গ’ল।

খঙৰ ভৰত কৰিমুলে তৰুণৰ মুখখন পাহৰি গৈছিল। পিচত অৱশ্যে জিগৰি দোষ্ট জীৱনলৈ মনত পৰি তাৰ অন্তাৰ থানবান নোহোৱাকৈয়ো থকা নাছিল।

জীৱনৰো মন ভাঙিছিল। প্ৰতিক্ৰিয়াই ওলোটাকৈ মেৰিয়াই ধৰিব বুলি ভবা নাছিল তেওঁ।

“কৰিমুলৰ একো ভুল নাই! হলেও চেণ্ডেল গালত তোলাৰ সলনি  দুটা ছৰ সোধালেও হজম হ’লহেতেন! “

জীৱনৰ নঙলামুখত চাইকেলৰ শব্দ ওলাল। অপৰাধী ভাৱত লাজে-ভয়ে সোমাই আহিছে কৰিমুল। ভাগ্য ভাল জীৱনৰ দুৱাৰখন তাৰ বাবে তেতিয়াও মনৰ পৰা বন্ধ হৈ যোৱা নাছিল। তৰুণো দৌৰি আহিল। কৰিমুলৰ হাতত এটা টোপোলা।

: ঐ ,ভাইজান, ভুল নুবুজবি! সিদনা মোৰো আঙুলটো অলাপোৰ কাৰণে বাচিল! ফোনটোৰ লগোত যুঁজি থাকাঙতে কাষ্টোমাৰো বহুত উল্টি গেছি! কিছুমানোকতো খঙোতে মাংস নহয় জোটা বিক্ৰী হৈ থাকা বুলিহে দিলু। ই তৰুণটোও যি আৰু! সেনকে মাতলিয়ে আহেই নিকি ? দৈতেৰেক একখ্ সুধি আহ্ইলিও হয়!!

: এৰা! মইতো গমেই নাপাও! ক’ত কি হৈ আছে! কোনে যে উলিয়াই নহয় কথাবোৰ!”( জীৱনে একো নজনাৰ ভাও ধৰিলে)

: ঐ! মোক পাগল কৰি দিছি। গম পালি এনায় কচু দিম নহয়! তাৰ চৈধ্য গোষ্ঠীৰ বিয়া দেখাম! তোৰ দোকানোত নুসুমাৱা হ’লি এনেই হ’বা নৰলাহয়!

 : বা দি আৰু …

: ৰহ! বাদহে দে তই! বিহুৰ দিনা কিমান লোকচান হ’ল! তহঁতোৰ আপাৰ গালোত হাত,  তাকো চেণ্ডেল তুলি, মোৰ বিৰাট ভাল লাগা বুলি ভাবা নিকি তই?

: যি হ’ল তাকতো আৰু নহৱা কৰবা নৰা!

: নৰো। আমি পাৰাকলেগি থামে আৰু ধৰিয়ে ৰাখবা চাওঁ…।

: কি

: খং আৰু মৰম..।

: বেয়া নাপেবি অ’ তৰুণবাপা! সিদনা তই বিচেৰি যাৱা চেণ্ডেলযোৰৰ কোব গালোত পৰছিল! আহ্ আজি তই ভৰিৰে খোপ ৰাখেহি। ভালকে আহা-যাৱা কৰবি! দিনকাল বৰ বয়া হৈ আহ্ইছি!! যাৰে তাৰে কথা শুনি আগেই নাযেবি!!

কথাবোৰে জীৱনক মিহিকৈ বিন্ধি গ’ল। তথাপিও তেওঁ অটল, ধেমালি আগলৈও কৰিব কিন্তু সাৱধানে….।

(লেখাটোত দক্ষিণ-উত্তৰ কামৰূপৰ কিছুসংখ্যক থলুৱা শব্দ প্ৰয়োগ কৰা হ’ল ।)

কাই —কোন

কছা—-কৈছা

এনাই—-এনেকুৱা

থামে ৰাখা—দমন কৰি ৰাখা

দৈতা—দেউতা

বানে লৱা—বনাই লোৱা

লাগছি—লাগিছে

একখ্—-এবাৰ

হৰাৱা পাৱা—হেৰোৱা পোৱা

আতাহ—চিয়ঁৰ

পেৰে—পৰা

দমহি—দোমাহি

লৱা—লোৱা

ফ’ফ’জ’ফ’—-খৰখেদা,তাৰাতাৰি

এমান—–ইমান

সেমান—-সিমান

সেট’—-সেইটো

কৰলা—কৰিলে

বিলে আছে—ভগাই আছে

জেলপু—বেলবুং

সিয়াক—-তাক,তেওঁক

কুব—–কোব

তুলবা—তুলিব

মাৰলি—মাৰিলে

ম’ৰ—-মোৰ

পাৰাকলেগি—পৰালৈকে

☆★☆★☆

13 Comments

Leave a Reply

Your email address will not be published.