ফটাঢোল

ছলিলকী অফ এ চাকচেছফুল মেন– নীলাক্ষি দেৱী ডেকা

দুইমহলাৰ শোৱাকোঠাৰ সংলগ্ন বেলকনিৰ আৰামী চকীখনত বহি তিনি নম্বৰ পেগটো মিলাই ললোঁ। ইতিমধ্যে গধূলিৰ আন্ধাৰে আকাশখন সাৱটি ধৰিছে যদিও বিজুলী বাতিৰ পোহৰেৰে জিকমিকাই আছে চাৰিওফালে। মই বেলকনিৰ লাইটটো জ্বলোৱা নাই। অকলে থাকিলে আন্ধাৰত বহি থাকিবলৈকে ভাল লাগে বেছি। অৱশ্যে মই অকলশৰীয়া নহয়, ঘৰৰ মানুহ গোটেই কেইটাই আছে। কিন্তু অফিচৰ পৰা অহাৰ পাছত এইখিনি সময় মোক কোনেও আমনি নকৰে। মণিকা, মোৰ পৰিবাৰ টিভিৰ সন্মুখত, তেওঁৰ প্ৰিয় চিৰিয়েল চোৱাত ব্যস্ত। ল’ৰাটো অলপ আগতে বাইকখন লৈ ওলাই গৈছে বন্ধুৰ লগত পাৰ্টি আছে বুলি। ছোৱালীজনীও নিজৰ কোঠাত। ঘৰৰ আটাইতকৈ সৰু বুলি অলপ আলসুৱা তাই। এচি নোহোৱাকৈ চলিবই নোৱাৰে। মোৰ কলিজাৰ এফাল মোৰ ছোৱালীজনী। বহুত আতোলতোলকৈ ডাঙৰ কৰিছোঁ। তদুপৰি গুৱাহাটীত যিহে গেলা গৰম! আমাৰ বাংলোটোৰ চাৰিওফালেও ফ্লেট হ’ল বহুত। আগতে সেইবোৰ ঠাইত অলপ হলেও গছ গছনি আছিল। আমাৰ বাৰীত থকা নিমজোপা আৰু কৃষ্ণচূড়াদালো নতুন গেৰেজটো বনাবৰ সময়ত কাটি পেলালোঁ। অৱশ্যে তাক লৈ আপচোচ নাই মোৰ। মহানগৰীৰ মাটি হয়, এক এক বৰ্গফুট মাটিৰ মূল্য আছে। মই মহানগৰীৰ যি ঠাইত ঘৰ বান্ধিছোঁ সেই ঠাইত সামান্য ভাড়াঘৰ এটাও লবলৈ মানুহে হাজাৰবাৰ চিন্তা কৰিব। লব খুজিলেও সামৰ্থ্যই নুকুলাব।

ভজা কাজুদুটামান চোবাই গিলাচৰ পানীয় আৰু এঢোক গিলি ললোঁ। মনটো ভাল লাগিবলৈ আৰম্ভ কৰিছে। সফলতা আৰু স্বাচ্ছন্দ্যৰ সুখ অতুলনীয়। বছৰজোৰা কষ্টৰ মূৰত মই আজিৰ এই অৱস্থা লৈ আহিছোঁ। ভিতৰুৱা গাঁৱৰ লৰা এটা মহানগৰীৰ এজন বিশিষ্ট নাগৰিক হোৱাটো মুখৰ কথা নহয়। মোৰ সাফল্যক লৈ অহংকাৰ আছে মোৰ। অহংকাৰ নকৰিমেই বা কিয়? মোৰ সাফল্যত কোনেও মোক সামান্য সহায় কৰিও পোৱা নাই। যি কৰিছোঁ সম্পূৰ্ণ নিজৰ দমত কৰিছোঁ। মহানগৰীৰ ভাড়াঘৰৰ জীৱনৰ পৰা আৰম্ভ কৰি আজি আনে ঈৰ্ষা কৰিব পৰা ধন সম্পত্তিৰ অধিকাৰী হৈছোঁ। বহুতেইটা অনুষ্ঠানৰ সভাপতি, পৃষ্ঠপোষকৰ দায়িত্বত আছোঁ। মাটি সম্পত্তি কৰাৰ চখ মোৰ বহুত পুৰণি। ইয়াতকৈয়ো যাতে বেছি কৰিব পাৰোঁ তাৰেই চিন্তাত আছোঁ। ডেকা ঠিকাদাৰৰ মোটা অংকৰ বিল এখন পাছ নকৰাকৈ ফঁচাই থৈছোঁ অফিচত। সেইখন পাছ কৰোৱাৰ নামত এটা ভাল ৰাশিৰ ধন হাতলৈ অহাটো খাটাং। পাৰিলে এইমাহতে বেলতলাৰ থ্ৰী বিএইছকে ফ্লেটটোৰ ডাউন পেমেণ্টটো দি থব লাগিব। গণেশগুৰিৰ ফ্লেটটো ল’ৰাই ললে, বেলতলাৰটো ছোৱালীজনীৰ নামত লিখি দিম। বিয়া হোৱাৰ পাছত তাই তাতেই থাকিব পাৰিব। আজিকালি ছোৱালীনো ক’ত শহুৰেকৰ ঘৰত থাকে! বিয়া হ’ল বুলিয়েই নিজৰ নিজস্বতা হেৰুৱাই পেলাব নোৱাৰি নহয়!

দুটুকুৰামান আইচ কিউব দি ললোঁ গিলাচত। এনেকৈ আৰামত বহি খোৱাৰ মজাই সুকীয়া। আগতে কেতিয়াবা উইকেণ্ডত বাৰলৈ গৈছিলোঁ। আজিকালি বাৰত কলেজীয়া ছোৱালীৰ যি উৎপাত যাবলৈ অসুবিধাই অনুভৱ হোৱা হ’ল। তাতে আজিকালি নিউজ চেনেলবোৰেও য’তে ত’তে পি-পিয়াই থাকে। কোনদিনা মহিলা মলেষ্টেচনৰ কেচত ফচিব লাগে তাৰ একো গ্যাৰাণ্টী নাই। ঘৰত ড্ৰিংক কৰাই চেফ। ফিল গুড ফিলিং এটাও থাকে।

মোবাইলটো হাতত লৈ ফেচবুক খুলিলোঁ। নটিফিকেশ্যন নাই বেছি। ফেচবুকত বেছি পোষ্ট নিদিওঁ মই। যাৰে তাৰে পোষ্টত লাইক কমেণ্ট দি সময়ো নষ্ট নকৰোঁ। এসোপা তত্ত্বগধুৰ লিখনি, গল্প কবিতা ইত্যাদি পঢ়াতকৈ ফেচবুকত চাবলগীয়া বস্তু বহুতো আছে। অভিজ্ঞসকলে সেইটো বুজে। আজিকালি এসোপামান দিৱস হৈছে। দিৱসবোৰত আপলোডোৱা ফটোবোৰ চাবলৈয়ে আটাইতকৈ ভাল। এইবাৰ বেষ্ট আছিল যোগ দিৱসৰ দিনা দিয়া ফটোবোৰ। নুডলছ ষ্ট্ৰীপৰ গাত লিপিট খাই থকা কাপোৰেৰে যোগাসন কৰি ফটো উঠিলে চল্লিশোৰ্দ্ধৰ মহিলাকো গাভৰু যেনেই লাগে। ভাল ভাল, এনে দিৱস আৰু পাতিব লাগে। গৰমৰ দিনৰ এক’লেণ্ড, ড্ৰীমলেণ্ড, সাগৰৰ পানীত তিতি বুৰি তোলা ফটোবোৰো তামাম হট আছিল কিন্তু। ভালৰো ভাল চাই তাৰে বিশখনমান মোবাইলৰ গেলেৰীত চেভ কৰি থৈছোঁ, মন গলেই চোৱাৰ সুবিধা কৰি। মেচেঞ্জাৰত কোন কোন অনলাইন আছে চকু ফুৰালোঁ এবাৰ। মই নিয়মিত কথা পতা কেইগৰাকী অনলাইন হবৰ সময় হোৱা নাই এতিয়াও। মোৰ হিচাপ আছে। অলপদেৰী ফেচবুকৰ পোষ্ট চাই সময় পাৰ কৰাই ভাল। বৈদেহী বৰুৱাই আপডেট দিছে উৰিষ্যালৈ ফুৰিবলৈ যোৱাৰ। প্ৰায় ত্ৰিশখনমান ফটো। মন্দিৰত তোলা কেইখন ওপৰে ওপৰে চাই বীচ্চত তোলা কেইখন ঝুম কৰি চালোঁ। এনেয়ে মানুহজনী বেয়া নাছিল দেখাত কিন্তু যোৱাবছৰৰ পৰা ফেটছ জমা হৈছে দেহাত। আগৰ আকৰ্ষণ নাই। এইবোৰক মই পৰাপক্ষত এৰায়েই চলোঁ। যৌৱনে হেনো মেলানি মেলাৰ আগতে বেছিকৈহে খামোচ মাৰি ধৰে। এইগৰাকীক এষাৰ মিঠাকৈ কলেই পিছ নেৰা হয় কিবা। গিৰিয়েকেও ৰিটায়াৰমেণ্ট ললে হ’ব পায়। মধ্যবয়সৰ হতাশাগ্ৰস্ততাৰ চিকাৰ। অনবৰতে আনৰ মনোযোগ বিচাৰি ফুৰে। আৰে ভাই, ৰাত গয়ী বাত গয়ী। খেলা তাতেই শেষ। এই এদিন কথা পতাৰ অচিলা লৈ স্থায়ী সম্পৰ্ক বনাবলৈ যোৱা কাৰবাৰবোৰেই অতিশয় বিৰক্তিকৰ।

আৰে, নীলিমা কলিতাই ফটো দিছে চোন বহুতদিনৰ মূৰত! ৰঙা শাৰী পিন্ধি বেলকনিৰ ৰেলিঙত ভেঁজা দি। বৰ এটিটিউড এইগৰাকীৰ। দুটামান গল্প কবিতা কি আলোচনী দুখনমানত প্ৰকাশ পালে, কাকোৱেই পাত্তাই দিব নোখোজা হ’ল। আজিকালি এনজিঅ এটা খুলি লৈ অনাথ আশ্ৰমৰ ল’ৰা ছোৱালীবোৰৰ মাজত কিবা অনুষ্ঠান পাতি, কিবাকিবি ট্ৰেইনিং দি ঘূৰি ফুৰিছে। এইবাৰ ভাবিছোঁ তেনে এটা প্ৰগ্ৰামেই ফাইনান্স কৰি দিম বুলি। মাছ আপোনা আপুনি আহি জালত লাগিব লাগে। যদি নালাগেও এনজিঅ’টোৰ সম্পাদিকাগৰাকী ফচিবই লাগে মোৰ হিচাবত।
মহিলা চিনাত ভুল নহয় মোৰ। আনক জখলা বনাই সফলতাৰ চিড়ি বগোৱা উচ্চাকাংক্ষী মহিলাই টোপ সোনকালে গিলে।যিয়েই নহওক সময়ত দেখা যাব। আৰু মাত্ৰ এঠাইতে বৰশী পেলাই টোপ গিলিব, গিলিব বুলি বোন্দাপৰ দিয়াৰ পক্ষপাতী মই নহয়। আৰু হেজাৰটা ৰাস্তা খোলা আছে। বহুত মাছে টোপ গিলোঁ গিলোঁ কৈয়েই পানীত খলখলাই আছে।

ফেচবুকৰ নিউজফিড তললৈ স্ক্ৰল কৰি কৰি গৈ থাকিলোঁ। তেনেতে হঠাৎ এখন ফটো দেখা পাই থমকি ৰ’লোঁ। দেখাত মোৰ প্ৰায় সমবয়সীয়া যেন লগা এজন ব্যক্তিৰ ফটো। কেপচনত লিখা আছে, “চাৰ আপুনি য’তেই আছে শান্তিত থাকক।”
পোষ্টৰ কমেণ্টবোৰত চকু দি দেখিলোঁ যে “বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ” , “ঔম শান্তি”, অশ্ৰু অঞ্জলি” এনে জাতীয় মন্তব্য। মানুহজনৰ বিয়োগ ঘটিছে গতিকে চিনাকিসকলে শেষ শ্ৰদ্ধা জনাইছে তেখেতক। ফেচবুকত এনে ধৰণৰ পোষ্ট আহিয়েই থাকে। তেওঁ মোৰ চিনাকি মুঠেও নহয় আগতে ক’তো দেখা পোৱাও মনত নপৰে। আনকি ফেচবুকৰ বন্ধুৰ তালিকাতো নাই মানুহজন। পোষ্টদাতাই মোৰে ফ্ৰেইণ্ড লিষ্টত থকা এজনক পোষ্টটোত টেগ কৰি দিয়াৰ কাৰণেহে মই দেখা পাইছোঁ। তথাপিও কিবা এটা যেন চিনাকি চিনাকি ভাব। মোবাইলত ঝুম কৰি ফটোখন আকৌ এবাৰ চালোঁ ভালকৈ। চশমা পিন্ধা উজ্জ্বল দুচকুৰে মধ্যবয়সী ব্যক্তি এজন। কাণৰ কাষৰ চুলি কেইদালত পক ধৰিছে। শ্ৰদ্ধাঞ্জলি দিয়া পোষ্টটোত তেখেতকো টেগ কৰা আছে। তাতে ক্লিক কৰি প্ৰফাইলটো খুলি চালোঁ। কভাৰ ফটোত এজোপা বকুল ফুলৰ গছ। তাহানিতে আমাৰ গাঁৱৰ ঘৰৰ পদুলিটোত থকাৰ দৰেই। আগতে ফুলেৰে তলখন ভৰি থাকিছিল। এতিয়াও ফুলে চাগে। স্ক্ৰল কৰি কৰি পুনৰ চাই গলোঁ। গাঁৱৰ কেঁচা আলিবাটত তোলা তেওঁৰ আৰু এখন ফটো। সাধাৰণ মোবাইলেৰে তোলা বাবে ফটোৰ কোৱালিটি বৰ ভাল হোৱা নাই। ৰাস্তাৰ দুয়োপাৰে অলেখ গছেৰে ছায়াঘন পথ। তাহানিতে আমাৰ স্কুললৈ অহা-যোৱা কৰা বাটটোও এনেই আছিল। জলফাই, আমলখি, শিলিখাৰ গছেৰে ভৰা। স্কুলত থকা সময়খিনিৰ বাহিৰে সেইবোৰ বিচাৰি ফুৰাই কাম আছিল আমাৰ। ধেই, পাহৰিছিলোঁৱেই, ফ্ৰীজত শ্বপিং মলৰ পৰা অনা ষ্ট্ৰবেৰীৰ পেকেট আছে দুটামান। সাউতকৈ লৈ আহোঁগৈ।

ষ্ট্ৰবেৰী মোৰ বৰ প্ৰিয়। বিশেষকৈ ৰঙীন পানীয়ৰ লগত খাই বৰ ভাল লাগে মোৰ। পেকেটটো খুলি ৰসাল ষ্ট্ৰবেৰী এটা মুখত ভৰাই সোৱাদটো অনুভৱ কৰিবলৈ চেষ্টা কৰিলোঁ। সৰু থাকোঁতে আমলখি খাই উঠি দমকলৰ পানী খাওঁতে পোৱা মিঠা সোৱাদটোৰ কথা মনলৈ আহিল। পুনৰ প্ৰফাইলটোত চকু ফুৰালোঁ। বহুত কিবাকিবি লিখনিৰে ভৰি আছে। সেইবোৰ পঢ়িবলৈ ধৈৰ্য্য আৰু মন এটাও নাই বৰ্তমান। ফটোবোৰত চকু ফুৰাই গৈ আছোঁ। ডিঙিত গামোচা লৈ মহিলা এগৰাকীৰ লগত তোলা ফটো আছে এখন। বোধকৰোঁ নামঘৰলৈ যোৱাৰ সময়ত তোলা ফটো। দূৰৈৰ পৰা ডবাৰ ৰিণিকি ৰিণিকি ধ্বনি এটা ভাঁহি আহি যেন কাণত লাগিল। এইখিনি ঠাইত নামঘৰ নাই। ৰাস্তাৰ ইটো পাৰে শনিমন্দিৰ এটাহে আছে। আগতে সৰু আছিল। এতিয়া ফুটপাঠটোৰ লগালগিকৈ ডাঙৰ পকা ঘৰ হৈছে। শনিবাৰৰ দিনা ভক্তৰ ভিৰত ফুটপাঠেদি অহাযোৱা কৰাৰ ঠাই নাইকিয়া হয়। স্থায়ী পুৰোহিত এজনো আছে। বছেৰেকীয়া শনিপূজাভাগো ধূমধামকৈ অনুষ্ঠিত কৰে। দিনে ৰাতিয়ে মাইকত উচ্চস্বৰত ভজন বাজে। পুনৰ ফটোখনলৈ চকু দিলোঁ। তেখেতৰ লগত ফটোত থকা মহিলাগৰাকী চাগে তেখেতৰ পৰিবাৰ। মিঠা বৰণীয়া, গোল মুখৰ সামান্য শকত চেহেৰাৰ মহিলাগৰাকী। দেখাত মোৰ পৰিবাৰ মনিকাৰ লগত মিল আছে। গাঁৱৰ ঘৰত থকালৈকে মনিকা দেখাত এনেকুৱাই আছিল। গুৱাহাটীলৈ অহাৰ পাছত সলনি হ’ল বহুত। আগৰ কঁকাললৈকে বৈ পৰা দীঘল চুলিকোঁচা কাটি চুটি কৰিলে, নিয়মিত জিমলৈ গৈ গৈ আগতকৈ ক্ষীণালেও বহুত। ফটোৰ মহিলাগৰাকীৰ মেকআপ বিহীন মুখ। লিপষ্টিক অকণো নাই ওঁঠত। সম্পূৰ্ণ গাৱলীয়া বেশভূষা। অৱশ্যে চিকচিকিয়া দাঁত দুপাৰীৰ সৈতে হাঁহিটো বৰ উজ্জ্বল। মই দাঁত উলিয়াই হাঁহি মাৰিলে বৰ ভাল দেখোঁ। মনিকাই আজিকালি নাহাঁহে তেনেকৈ। আগতে হাঁহিলে চকুপানী ওলাই যোৱা মনিকাজনী হেৰাই গ’ল কৰবাত। জুখিমাখি হাঁহি মৰা এই মনিকাজনী অচিনাকি মোৰ। তেনেকৈ হাঁহিলেহে চেলফি ভাল হয় হেনো। ফটোবোৰ আকৌ চাবলৈ ধৰিলোঁ। নদীৰ পাৰত বালি বোকাৰে লুটুৰি পুতুৰি হোৱা কেইটামান সৰু ল’ৰা ছোৱালী। নদীত সাতুৰিবলৈ গৈছিল হবপায়। মোৰ ভটিজাদুটালৈ মনত পৰিল। ডাঙৰ দাদাৰ সন্তান। ধন আৰু আইনু। সিহঁত দুয়ো কিমান যে আদৰৰ আছিল মোৰ! দেউতাকলৈ যিমান ভয় কৰিছিল সিমানেই বেছি ভাল পাইছিল মোক। বন্ধত মই হোষ্টেলৰ পৰা ঘৰলৈ গ’লে মোৰ পিঠিত ওলমিবলৈ দুয়োৰে মাজত কিমান যে জেদাজেদি! চাইকেলত উঠাই লৈ তাহাঁতৰ সতে নদীত ময়ো সাতুৰিবলৈ গৈছিলোঁ। নদীৰ বুকুত মোৰ কান্ধত উঠি উঠিয়েই দুয়োটাই সাঁতোৰৰ আদিপাঠ লৈছিল।

বটলৰ অৱশিষ্টখিনি গিলাচত ঢালি ললোঁ। পানী, চ’দা একো মিলাবলৈ আৰু মন নগ’ল। একে শোহাতে গিলাচটো খালী কৰিলোঁ। মানুহজনৰ প্ৰফাইলটো আকৌ চালোঁ। দীঘল পদূলিটোৰে অসম আৰ্হিৰ ঘৰটো, তগৰ, খৰিকাজাঁইৰ সুগন্ধৰে আমোলমোলাই থকা ফুলনিখন, তামোল পান, লাগনি গছেৰে ভৰি থকা বাৰীখন, গধূলি নামঘৰৰ ডবাৰ শব্দ, পথাৰৰ সোণগুটিবোৰ, গৰুপাল গোহালিলৈ উভটি আহোতে হোৱা ধূলিয়ৰি পথ, নামঘৰৰ বছেৰেকীয়া ভাওনা, পালনাম এই সকলোবোৰতো এটা সময়ত মোৰেই আছিল! ক’ত এৰি থৈ আহিলোঁ তাহানিতে? মোৰ মূৰটো টিংটিঙাবলৈ আৰম্ভ কৰিছে, চকুৰে আখৰবোৰ মনিব পৰা নাই। চাৰিওফালে যেন এক ধুঁৱলী-কুঁৱলী পৰিবেশ। মানুহজনৰ ফটোখনলৈ আকৌ চকু গ’ল। মানুহজনৰ মিচিকিয়া হাঁহিটো লাহে লাহে অট্টহাস্যলৈ পৰিৱৰ্তিত হৈছে। আৰে এতিয়াহে মন কৰিলোঁ, মানুহজন দেখোন ময়েই আচলতে। ময়েই মোলৈ চাই হাঁহি আছোঁ নেকি তেনেহলে? নাই নাই মই আৰু ভাবিব পৰা নাই, মোৰ চিন্তাশক্তি লোপ পাই আহিছে লাহে লাহে। গোটেই পৰিবেশটোৱেই কিবা অসহ্যকৰ হৈ উঠিছে। বুকুখনত কিহবাই হেঁচা মাৰি ধৰিছে। নাই আৰু চাই থাকিব নোৱাৰোঁ মই। শেষবাৰৰ কাৰণে ফটোখন এবাৰ চাই লৈ কঁপা কঁপা হাতেৰে মই লাহেকৈ মোবাইলত কমেণ্ট বক্সত গৈ টাইপ কৰিলোঁ, RIP….আত্মাৰ অবিহনে দেহৰ অস্তিত্ব মূল্যহীন। মইতো এতিয়া এটা আত্মাবিহীন দেহ হে মাত্ৰ!

☆★☆★☆

28 Comments

  • Rintumoni Dutta

    ভাল লাগিল নীলাক্ষি, জীয়া ছবি এখন বৰ সুন্দৰকৈ দাঙি ধৰিলা

    Reply
    • Nilakshi Devi Deka

      অশেষ ধন্যবাদ জনালোঁ দাদা! 🙏

      Reply
  • Anonymous

    বঢ়িয়া

    Reply
    • পূৰবী বৰুৱা

      এৰা এসময়ত সকলোবোৰ মোৰেই আছিল। বৰ ধুনীয়া বৰ্ণনা।

      Reply
      • নীলাক্ষি

        ধন্যবাদ জনালোঁ!☺️

        Reply
    • নীলাক্ষি

      ধন্যবাদ জনালোঁ!☺️

      Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ!☺️

      Reply
  • মন্দিৰা

    বৰ ভাল লাগিল নিলাক্ষী বা।

    Reply
    • নীলাক্ষি

      ধন্যবাদ মন্দিৰা !☺️

      Reply
  • কাবেৰী মহন্ত

    বৰ সুন্দৰ বৰ্ণনা ৷ গল্পৰ মাজত সোমাই গৈছিলোঁ সম্পূৰ্ণকৈ ৷ ভাল লাগিল

    Reply
    • নীলাক্ষি

      ধন্যবাদ কাবেৰীবা। ☺️

      Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল লাগিল পঢ়ি বা। বৰ্তমানৰ জীয়া ছবি।

    Reply
    • নীলাক্ষি

      ভাল পোৱা বুলি জানি সুখী হলোঁ ৰাজশ্ৰী

      Reply
  • বহুত ভাল লাগিল বা

    Reply
    • নীলাক্ষি

      ধন্যবাদ পৰিস্মীতা!☺️

      Reply
  • Anonymous

    বৰ ভাল লাগিল নীলাক্ষী

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ জনালোঁ

      Reply
  • ৰাস্না বৰা

    খুব ভাল লাগিল নিলাক্ষী

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ ৰাস্নাবা

      Reply
  • বৰ সুন্দৰ ব্যঙ্গাত্মক গল্প নিলাক্ষী বা ।ভাল লাগিল ।

    Reply
    • নীলাক্ষি

      ধন্যবাদ জনালোঁ মৌচুমী

      Reply
  • ৰামানুজ

    মাই কনচেপ্ত অন য়ু ইজ এবচলিউটলি কাৰেক্ট… ইচ্ছা কৰিলে সাংঘাতিক লিখিব পাৰে আপুনি… এই লেখাটোৱেই তাৰ প্ৰমাণ।এইটো ইয়াতে সাঁচি নথব…কোনোবা প্ৰিণ্ট মেগাজিনত ঠাই পাবলগা লিখা।
    বহুত ভাল লাগিল !!

    Reply
    • নীলাক্ষি

      আপুনি সদায়েই মোক উৎসাহিত কৰি আহিছে। কেৱলমাত্ৰ ধন্যবাদেৰে তাৰ ধাৰ শুজিব নোৱাৰিম কাহানিও! 🙏🙏

      Reply
  • মাধুৰ্য্য

    ধুনীয়া লিখিছে নিলাক্ষীবা। খুব ভাল পালো।

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ মাধূৰ্য্য!☺️

      Reply
  • গীতিকা শইকীয়া

    বৰ বেলেগ ধৰণেৰে লিখিলা। বৰ্ণনা অত্যন্ত মনোগ্ৰাহী হৈছে। বহুত ভাল লাগিল পঢ়ি।

    Reply
    • নীলাক্ষি

      ধন্যবাদ গীতিকা!☺️☺️

      Reply
  • চিদানন্দ বৰা

    প্ৰকাশ ভংগী বৰ সুন্দৰ৷ কোনোবা ডাঙৰ লেখিকাৰ লেখিয়া যেনেই পালোঁ____ পঢ়ি গৈ থাকোতে !

    Reply

Leave a Reply

Your email address will not be published.