ফটাঢোল

ছাঁ – বৈদুৰ্য বৰুৱা

এই কেইদিন যি অসহ্য গৰম পৰিছে! উঃ! তাক আৰু নতুনকৈ কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই। আকাশ, বতাহ সকলো গৰম। প্ৰখৰ ৰ’দৰ উত্তাপত সকলো জীৱন্ত প্ৰাণী বাদেই গছ বিৰিখেও ত্ৰাহি মধুসূদন দেখি গৈছে। উৎকট গৰমত থাকিব নোৱাৰি নিশা অলপ বাহিৰলৈ ওলাই আহিছিলো। হয়তো নিশা চাৰে নমান হৈছিল। ভাবিলো আধাঘণ্টামান ফুৰি ভাত খাই শুমগৈ আৰু।

ঘৰৰপৰা যিহেতু পাৰ্কখন বেচি দূৰ নহয়, সেইকাৰণে যিকোনো সময়তে পাৰ্কখনলৈ গৈ অলপ মুকলি শীতল বতাহ সেৱন কৰিবলৈ মোৰ এটা সুবিধা আছে। আৰু কেৱল ময়েই নহয়। বিশেষকৈ গৰমকালি গেলা গৰমৰ দিনকেইটাত পাৰ্কৰ কাষৰ বাসিন্দাসকলেও মোৰ দৰে সুবিধা এটা লয়।

পাৰ্কত মানুহ নাছিলেই। সাধাৰণতে আঠ বজাৰ পাছত পাৰ্ক খালী হৈ যায়। মই লাহে লাহে পাৰ্কখনৰ দীঘল ৰাস্তাটোৱেদি আন্ধাৰৰ মাজে মাজে লাহে লাহে খোজ আগবঢ়ালো। দুয়োফালৰ গছ গছনি, ফুল পাতৰ জোপোহাৰ মাজেৰে ৰিব ৰিবকৈ জান নাজান বতাহ বলি আছে। ষ্ট্ৰীট লাইটকেইটাৰ বেচিভাগেই ফিউজ। ওপৰৰ জোনবাইজনীয়েহে পোহৰ ছটিয়াই আছে। ছাঁ পোহৰৰ খেলা। গছ গছনি, হেজাৰ জোপোহাৰ আঁৰে আঁৰে দূৰৈত দুই এজন ফুৰিবলৈ অহা মানুহৰ ক’লা ছায়ামূৰ্ত্তি দেখা গৈছে। কিছু দূৰত ৰাস্তাটোৰ দুয়োকাষত থিয় হৈ দুজন লোকে সন্মুখা সন্মুখিকৈ ভূনভূনকৈ কিবা কথা পাতি আছে। দুয়োজনে দুহাতত দুখন বিচনী লৈ বিচি আছে। মানুহ দুজন সুদা গাৰে আছে যেন লাগিছে। পিন্ধনত হয়তো ধুতি। আঁঠুলৈকে পৰা ধুতি দুখন অস্পষ্ট বগাকৈ জিলিকিছে।

মই  লাহে লাহে আগবাঢ়ি গৈ থাকিলো।

: হে খেক..খেক.. মোৰ হিচাবত আগলৈ নোযোৱাই ভাল নেকি দাদা!

এনেতে কাৰোবাৰ গলখেকাৰি এটাৰ লগতে মাত এটা শুনি ঘূৰি চালো। পদপথটোৰ কাষত থকা কংক্ৰিটৰ বেঞ্চখনৰপৰা কোনোবাই মোক উদেশ্যি লাহেকৈ কৈ উঠিছে। আন্ধাৰে মুন্ধাৰে থকা বেঞ্চখনতনো কোন বহি আছে মনিব নোৱাৰি। কিন্তু মাতটো চিনাকী যেন লাগিল।

: মই বাসু দাদা।

: বাসু! তই ইয়াত? কি কৰিছ অকলে অকলে!

: এনেয়ে বহি আছো দাদা। আপুনি পাৰ হৈ যোৱাৰ পাছত পৰীক্ষা কৰি গম পালো যে আপুনিয়েই হয়। ভাবিলো মাত এটা দিয়া ভাল হ’ব।

: ভাল কৰিলি দে। পিছে তই ইয়াত বতাহ খাই আছ নে  কি?

মই বাসুৰ ফালে গ’লো। সি বেঞ্চখনৰ ওপৰতে ভৰিৰ ওপৰত ভৰি উঠাই বহি আছিল। পিন্ধনত এটা হাফ গেঞ্জী। চাৰ্টটো খুলি লৈ এখন হাতেৰে নিজকে বিচি আছে। মোক বহিবলৈ ভৰি এটা কোঁচাই সি ঠাই উলিয়াই দিলে। মই বহিলো বেঞ্চখনৰ এমূৰে।

: কি গৰম পৰিছে দাদা! অথনিয়েই আহিলো। যাবলৈয়ে মন নাযায়। বহি আছো ইয়াতে। ঘৰত অকলে আছো। মানুহজনী ঘৰলৈ গ’ল। দিনতে ৰন্ধা ভাত আছেই। লাহেকৈ গৈ খাই শুই থাকিমগৈ – বাসুৱে কৈ উঠিল।

: বাকী তোৰ ভাল চাগৈ।

: ভালেই দিয়ক। খালী সেইদিনা ভৰি এটাত দুখ পালো। স্কুটিৰপৰা পৰি। আঁঠুত দুখ পালো। বেয়াৰ ভিতৰত সেয়াই আৰু।

: অহ হ’! ভাল পাইছ নাই এতিয়া?

: পাইছো দিয়ক।

: আচ্ছা। তই মোক আগলৈ যাবলৈ কেলেই মানা কৰিলি?

: এ… দাদা। দিনকালৰ কথা জানেইচোন। আজিকালি ক’ত কি হয়, একো ক’ব নোৱাৰি। সকলোতে বেয়া আড্ডা।

: তয়ো যে আৰু! কোন চোৰ ডকাইতে ইয়ালৈ আড্ডা দিবলৈ আহিব অ’! আৰু.. আৰু কোনেনো পাৰ্কলৈ টকা পইচা লৈ আহিব যে ডকাইতে খাপ পিটি থাকিব!

: সেইটো কথা নহয় দাদা। চোৰ ডকাইতৰ কথাই নাই ইয়াত। চোৰ ডকাইতক আপুনি চম্ভালিব পাৰিব। কিন্তু সকলোকে জানো আপুনি চম্ভালিব পাৰিব?

: মানে?

: এই ৰাতিখন যে পাৰ্কখনৰ ভিতৰত আপুনি দুই এটা মানুহক দেখিছে, সেয়া মানুহ বুলি আপুনি গেৰান্তি দিব পাৰিব জানো?

: কি যে কৱ বাসু! মোৰ তোৰ দৰে মানুহো গৰমত ফুৰিবলৈ নাহিব নেকি? তাৰমানে তই বা মই কি মানুহ নহয়?

: ওহোঁ! আপুনিও মানুহ হয়, মইও মানুহেই হয়। আপুনি মানুহ বুলি কনফাৰ্ম হোৱাৰ পাছতহে মই কিন্তু আপোনাক মাতিছো মনত ৰাখিব দাদা।

: তোৰো যে আৰু কথা! মই মানুহ বুলি তই কেনেকৈ গম পালি?

: এটা চিম্পল মেথড আছে মানুহ আৰু সিবিধক চিনি পোৱাৰ। আপুনিও শিকি লওক কেতিয়াবা কামত আহিব।

: হাঁ!

: সিবিধৰ কেতিয়াও ছাঁ নপৰে। সেইয়া চাওক সেইটো আপোনাৰ ছাঁ। দেখিলে?

মোক বাসুৱে তলফালে আঙুলিয়াই দেখুৱালে। বেঞ্চৰ তলৰ ঘাঁহনিত জোনবাইৰ পোহৰত মোৰ ছাঁটো গোটা কিবা এটাৰ দৰে কুন্ধচকৈ আৰু অস্পষ্টকৈ জিলিকি আছিল। মই লাহে লাহে বাসু বহি থকাৰ তলফালে চালো। বাসুৰ দেখোন ছাঁ পৰা নাই!

: মোৰ ছাঁটো ক’ত দেখিব! মই গছজোপাৰ আঁৰ হৈ আছো- সি কৈ উঠিল নিজে নিজে।

: তাৰমানে তই ক’ব বিচাৰ আমাৰ দুটাৰ বাহিৰে এতিয়া এই পাৰ্কখনত থকা কোনো মানুহৰে ছাঁ নপৰে।

: নপৰে। একেবাৰে ঠিক ধৰিছে। এই নিশা পাৰ্কলৈ কোনেও বতাহ খাবলৈ নাহে। আপোনাৰ মোৰ কথা বেলেগ।

: এইবোৰ মই বিশ্বাস নকৰো বাসু।

: তেনেহলে আপুনি যাওক। সেই বিচনী দুখন লৈ কথা পাতি থকা মানুহ দুটা চাই আহকগৈ। সিহঁতৰ ছাঁ পৰিছে যদি মোক জনাব।

বাসুৰ কথাত মই সেই মানুহ দুটাৰ ফালে চালো। মানুহ দুটা তেতিয়া তাত নাছিল।

: নপৰে দাদা। নপৰে। সিহঁতৰ ছাঁ নপৰে। মই দেখিয়েই গম পালো। আৰু বোধহয় আপুনি মন নকৰিলে। মানুহ দুটাৰ আঁঠুৰ তলৰপৰা ভৰি দুটা নাছিল।

: কি কৱ বাসু তই! আন্ধাৰত ধুতী দুখন বেচিকৈ জিলিকি আছিল কাৰণেহে তই…

: নুবুজিব দাদা আপুনি নুবুজিব। সেই দুটা ছাঁ নপৰা বিধ। পোহৰ সিহঁতৰ গাৰ মাজেৰে সৰকি যায়।

একপ্ৰকাৰ জোৰ দিয়েই সি কৈ উঠিল।

: ব’লচোন ব’ল। দেখা যাওক সিহঁতৰ ছাঁ পৰেনে নপৰে প্ৰমাণ এটা লওঁগৈ।

মই উঠি থিয় হ’লো।

: মোৰ হিচাবত আপুনি আগ নবঢ়াই ভাল হ’ব। আৰু মোৰো যোৱাৰ ইচ্ছা নাই। আৰু যদি আপুনি যাব খুজিছেই তেনেহ’লে মোৰ কাহিনী এটা শুনি যাওক।

বাসুৱে কৈ উঠিল লাহে লাহে।

: কাহিনী?

: ওঁ কাহিনী। এটা ছাঁৰ কাহিনী। এতিয়া যে মই আপোনাক এই ছাঁৰ দ্বাৰা মানুহ আৰু সিবিধক চিনিব পৰা উপায়টো দিলো সেয়া মই এনেয়েই কোৱা নাই। সেয়া মোৰ অভিজ্ঞতাৰপৰাহে কৈছো।

: আচ্ছা!

: মোৰ এনে ধৰণৰ এটা ঘটনাই ঘটি গ’ল সিদিনা। এটা আচৰিত কাহিনী। সেইকাৰণেহে কৈছোঁ। প্ৰথমে শুনি যাওক। যদি বিশ্বাস কৰে ক’ম। নহ’লে নকওঁ। আৰু আপোনাৰ যদি কাহিনীটো শুনিবলৈ মন যায়, কাহিনীটো শুনাৰ পাছতো যদি আপুনি আগলৈ আগবাঢ়িব বিচাৰে মোৰ একো ক’বলৈ নাই! কিন্তু এটা কথা মই আপোনাৰ শুভচিন্তক হিচাবে আগতেই আপোনাক কৈ থ’লো কিন্তু। দিনতেই হওক বা ৰাতিয়েই হওক সদায় বস্তুটোৰ ছাঁটো চাব। ছাঁ নেদেখিলে আপুনি লাহে লাহে সেইখিনিৰ পৰা গুছি আহক।

এইবাৰ মই ৰৈ গ’লো। বাসুৱে কথাবোৰ কৈ যাওঁতে এনেকুৱা এটা অসহ্যকৰ চাচপেঞ্চ দিয়ে যে, কি ক’ম! ৰ’বলৈ বাধ্য কৰাই দিয়ে।

: কি কাহিনী বাসু? হৈছিল কি তোৰ কচোন!

: বিশ্বাস কৰিব জানো!

: তোৰ কথা কেতিয়াবা মই বিশ্বাস নকৰা দেখিছ জানো!

বাসু অলপ দেৰি তললৈ মূৰ কৰি মৌন হৈ ৰ’ল। সি হয়তো কাহিনীটো মনৰ ভিতৰতে পাগুলি ল’লে। আচলতে বাসুক যদি মই অলপো বিশ্বাসত লোৱা নাই বুলি সি ভাবে তেনেহ’লে সি কোনো কাহিনীয়েই আৰম্ভ নকৰে আৰু এই মূৰ্খামী মই কেতিয়াও নকৰো। সি সঁচাই কওক বা মিছাই কওক মই তাৰ কাহিনী বিশ্বাস কৰাৰ দৰে দেখুৱাবই লাগিব আৰু প্ৰিয় পাঠকসকল, মোৰো আপোনালোকৰ ওপৰত অগাধ বিশ্বাস আছে যে মই কৈ যোৱা বাসুৰ কাহিনীবোৰ আপোনালোকে সম্পূৰ্ণৰূপে বিশ্বাস কৰে। যাৰ বাবে মই বিনাদ্বিধাই আপোনালোকক বাসুৰ কাহিনীবোৰ কৈ যাব পাৰিছো।

: মই দাদা “দৈনিক জনগণ” খবৰ কাগজখনৰ অফিচত চিকিউৰিটি চীফ্ হিচাবে কাম কৰি আছো, আপুনি জানেই চাগে।

: জানো জানো। মই ভালদৰেই জানো।

মই মিছা মাতিলো। বাসুৰ কিছুমান কথা মূৰ দুপিয়াই পাৰ হৈ যোৱাই ভাল। সি সঁচাকৈয়ে কোনোবা বাতৰি কাকতৰ অফিচত চাকৰি কৰে নে নকৰে সেইটো ভগৱানেহে জানে। সকলো বাদ দি তাৰ আচল কাহিনীটো শুনি সোনকালে যোৱাটোহে বুদ্ধিমানৰ কাম।

: কিন্তু মই চাকৰিটোৰপৰা কালি ৰিজাইন দিলো। আপুনি নেজানে চাগে।

: অ’হ! সেইটো কথা নাজানো অৱশ্যে! এইবোৰ প্ৰাইভেট কোম্পানীৰ চাকৰিয়েই এনেকুৱা। দৰমহা চৰমহা কম। দিনে ৰাতিয়ে গেবাৰি খাটি থাক। ভালেই কৰিলি দে।

: দৰমহা পাতি ভালেই আছিল দিয়ক।

– বাসুৱে কৈ উঠিল।

: তেন্তে, তেন্তে! কিয় এৰিলি চাকৰিটো?

: কাহিনীটো তাতেই দাদা। মই আৰু ৰাতি চাকৰি নকৰো।

: মানে?

: শুনক তেতিয়াহ’লে- বাসুৱে আৰম্ভ কৰিলে। মই আকৌ বেঞ্চখনত বহি আঁউজি লৈ তালৈ চালো। সি আৰম্ভ কৰিলে।

: মাত্ৰ দুসপ্তাহ হৈছিল দৈনিক জনগণ দেইলী পেপাৰখনত কাম কৰা। মানে পেপাৰখনৰ প্ৰেছত। ৰাতিপুৱালৈকে কাম চলে। মোৰ ডিউটী গধূলি ছয় বজাৰপৰা ৰাতি এক বজালৈকে। প্ৰথম এসপ্তাহ কাম কৰি ভালেই লাগিছিল। লগৰবোৰৰ সৈতে হাঁহি তামাচা কৰিয়েই সময়বোৰ পাৰ কৰি গৈছিলো ৰাতি এক বজালৈকে। ৰাতি এক বজাত ডিউটী শেষ কৰি স্কুটীখন লৈ ঘৰ পাই খাই বৈ শোওঁ মানে দুই বাজি যায়। এইযে বৰুৱা তিনিআলিটো চিনি পায়? বৰুৱা তিনিআলি?

: পাওঁতো  – মই এনেয়েই ক’লো।

: আপুনি যদি পৰুৱামৰা ৰাস্তাটোৱেদি এই বৰুৱা তিনিআলিৰ ফালে আহে, তেনেহ’লে বাওঁফালে যিটো ৰাস্তা গৈছে সেইফালে মোৰ ভাৰাঘৰটো আছে আৰু সোঁফালে যিটো ৰাস্তা গৈছে সেইফালে এক ফাৰ্লংমান গ’লেই ৰাজহুৱা শ্মশানখন পায় নহয়নে?

: হয় হয়। গম পাইছো। কৈ যা।

আচলতে মই এনেই ক’লো। আমাৰ ইয়াত ক’ৰবাত পৰুৱামৰা পথ বা বৰুৱা তিনিআলি আছে বুলি আজিলৈকে শুনা নাই। সেইফালে শ্মশান এখন আছে বুলিও শুনা নাই। কিন্তু বাসুক যদি মই এতিয়া এই কথাটো কওঁ সি লগে লগে তাক বিশ্বাস নাই কৰা বুলি কাহিনীটো কোৱাই বন্ধ কৰি দিব। মোৰনো কি দৰকাৰ!

: সেইদিনা ডিউটী শেষ কৰি স্কুটিখনেৰে আহি আছো। ৰাস্তাত দুই এটা কুকুৰৰ বাহিৰে এটাও নৰমনিষ নাই। চহৰখন শুই নিঃপাল দিছে। ষ্ট্ৰীট লাইটবোৰৰ ক’ৰবাত এটা দুটা লাইটে জীয়াই থকাৰ শেষ আশাকণ লৈ ক্ষীণকৈ জ্বলো নজ্বলোকৈ জ্বলি আছে। মই আহি বৰুৱা তিনিআলি এই পামহি আৰু। বাওঁফালে ঘূৰিলেই মোৰ ঘৰলৈ যোৱাৰ ৰাস্তা। তেনেতে…

– বাসু খন্তেক ৰ’ল।

: তেনেতে কি?

  ঢুটকু…নাটুং….ঢুটকু…নাটুং…ঢুটকু…নাটুং…চিক্…চিক্…চিং…চিক্…চিক্…চিং…থেং…থেং…থেং….

: এনেতে মই ষ্ট্ৰীট লাইটৰ ক্ষীণ পোহৰত দেখিলো মোৰ ঘৰৰ ফালৰপৰা ৰাস্তাটোৱেদি চাঙী এখনত মৃতদেহ এটা লৈ কেইটামান মানুহে কান্ধত লৈ সমদল কৰি আহি আছে। মই ৰৈ দিলো। ভাবিলো সমদলটো আগেয়ে পাৰ হৈ যাওক। স্কুটীখন ৰখাই মই তাতে বহি চাই থাকিলো। মৃতদেহটো ৰঙা কাপোৰেৰে ঢকা। আগে আগে তিনিটা মানুহে খোল, তাল, আৰু এটা ঘণ্টা কিবা বেসুৰা আৰু অসহ্যকৰভাৱে ভাল নলগা ধৰণৰে অৱিৰাম ভাৱে বজাই আহিছে। সেই শব্দবোৰ মোৰ কাণেদি কিবা বেজী এটাৰ দৰে সোমাই গৈ কাণখন তাল মাৰি ধৰিলে। এটা মানুহে হাতত ধূপ এমুঠি আৰু ধূনাদানী এটা জ্বলাই আহি আছে। ধোঁৱাবোৰ উৰি উৰি আহি মোৰ নাকৰ আগেদি পাৰ হৈ গৈছিল। কিবা বমি বমি লগা ধৰণৰ কেচেমা কেচেম আছিল গোন্ধটো। কিবা ঘিঁ আৰু চুলি পোৰাৰ গোন্ধৰ লগতে জৱাকুসুম তেলৰ দৰে এটা গোন্ধ। আৰু সমদলটোৰ একেবাৰে আগত সোঁহাতত এডাল পেং লৈ আঁঠুৰ মূৰলৈকে ধুতি পিন্ধি শুদা গাৰে মানুহ এটা খোৰাই খোৰাই আহি আছিল। মানুহটোৰ বাওঁ ভৰিটো আঁঠুৰ তলৰপৰা নাছিল। মানুহটোৱে বাওঁ হাতখনত এটা লণ্ঠন ওলোমাই আনিছিল। ক্ষীণ পোহৰৰ লণ্ঠনটো মানুহটোৰ পেংদালৰ লগত তাল মিলাই মিলাই দুলি আছিল।

বাসু আকৌ ৰ’ল।

: তাৰপাছত?

: সেই আঠ নটা মানুহৰ মৃতদেহ কঢ়িওৱা সমদলটো মোৰ আগেদি পাৰ হৈ যাওঁতে মই মন কৰিলো প্ৰত্যেকটো মানুহ যেন নিৰ্বিকাৰ। ভাৱলেশহীন মুখাবয়ব। তেওঁলোক যেন যাব লাগে কাৰণেহে গৈ আছে। সন্মুখৰ বিন্দু এটালৈ চকুৰ পতা নজপোৱাকৈ একেথৰে চাই চাই। সিহঁতি যেন নিজৰ শক্তিৰে গৈ থকা নাই বেলেগ কিবা শক্তি এটাইহে সিহঁতক ঠেলি ঠেলি নি আছে। মোৰ ফালে সিহঁতৰ কোনো ভ্ৰুক্ষেপেই নাই।

: তাৰপাছত?

: মোৰ কিবাকিবিখন লাগিল মনটো। দৃশ্যটো যেন কিবা এটা স্বাভাৱিক নহয়। মই আৰু সেইফালে নাচালো। মই ঘৰৰ ফালে স্কুটী পোনাই দিলো। কিন্তু গোটেই ৰাতি মোৰ মগজটোত সেই খোল, তাল, ঘণ্টাৰ শব্দবোৰ বাজি থাকিল। লগতে সেই চুলি, ঘিঁ পোৰা আৰু জৱাকুসুম তেলৰ গোন্ধটো নাকলৈ আহি থাকিল।

বাসু আকৌ ৰ’ল। সি মোলৈ চালে।

: পিছে সেইটোনো কি আচৰিত কথা মই বুজি নাপালো। ওচৰত এখন শ্মশান আছে আৰু তালৈ খৰি দিবলৈ মানুহে মৃতকক চাঙী কৰি লৈ গৈছে-মই তাক কৈ উঠিলো। সি কিছুসময় মোলৈ চাই থাকিল।

: আপোনাৰ কথা মিছা নহয়। প্ৰথমে ময়ো কথাটো আপোনাৰ দৰেই ভাবিছিলো। কিন্তু কিন্তু….

বাসুৱে কৈ উঠিল।

: কিন্তু কি!

: পিছদিনাও মই নিশা এক বজাত প্ৰেছৰপৰা আহি আছো স্কুটীৰে। একেই নিজান শান্ত বাট পথ। চাৰিওফালে অন্ধকাৰ। মাজে মাজেহে দুই এটা ষ্ট্ৰীট লাইট আৰু কাৰোবাৰ অট্টালিকাৰপৰা অহা সামান্য পোহৰ। মই বৰুৱা চাৰিআলিটো পাইছোহি। ঠিক তেনেতে মোৰ নাকত এটা গোন্ধ লাগিলহি। সেই চুলি আৰু ঘিঁ পোৰা জৱাকুসুম তেলৰ সৈতে বমি বমি লগা গোন্ধটো।

….ঢুটকু….নাটুং….ঢুটকু….নাটুং…চিক্..চিক্…চিং…..চিক্…চিক্….চিং…থেং…থেং….

 আকৌ কাণত পৰিলহি সেই খোল তালৰ শব্দটো। মই ৰৈ দিলো তিনিআলিটোতে। কাৰণ ৰঙা কাপোৰেৰে ঢকা মৃতদেহৰ চাঙী এখন দাঙি সমদল এটা আহি আছে। মোৰ উপস্থিতিক কোনো গুৰুত্ব নিদি খোল তাল বজাই ধূপ ধূনা জ্বলাই সমদলটো আগদিনাখনৰ দৰেই পাৰ হৈ গ’ল আৰু আগে আগে সেই পেং লোৱা মানুহটোও হাতত এটা লণ্ঠন লৈ খোৰাই খোৰাই গৈ থাকিল!

: কি কৱ বাসু তই!

: বিশ্বাস কৰক দাদা।

: তাৰ পাছত?

: আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব দাদা। তাৰপাছৰ নিশাও বৰুৱা তিনিআলিত মই সেই একেটা ঘটনাই একেবাৰে একেধৰণৰেই দেখিলো। এখন চিনেমাৰ কিবা এটা চিনহে যেন মই বাৰে বাৰে ৰিৱাইন্দ কৰি চাই আছো। সেই একেই গোন্ধ। একেই খোল তাল বজোৱা চেও। একেই পেং লোৱা খোৰা মানুহ।

: সাংঘাটিক! তাৰপাছত?

: তাৰপাছত মই ভাবিলো এই অদ্ভুত কাণ্ডটোৰ ৰহস্য কি মই উলিয়াবই লাগিব। সদায় একেটা সময়তে একেকেইটা মানুহে মৃতদেহ এটা চাঙী কৰি শ্মশানলৈ নিয়া সম্ভৱ হয় জানো! কি ৰহস্য থাকিব পাৰে এই ধাৰাবাহিক ঘটনাটোৰ আঁৰত? মই পিছদিনা পুৱাই গৈ সেই শ্মশানখন পালোগৈ। চণ্ডালজনক সুধিলো বোলো এই যোৱা তিনিদিন ধৰি ৰাতি ডেৰ দুই বজাত কোনোবাই মৃতদেহ খৰি দিবলৈ আনিছিল নেকি? চণ্ডালজনে লগে লগে না কৰিলে। সি ক’লে বোলে দুদিন ধৰি কোনো লাচেই অহা নাই। কোনো খৰি দিবলৈ অহা নাই। ৰাতি দুইবজাৰ কথা বাদ দিয়ক। লাগিলে মৃতকৰ ৰেজিষ্টাৰ বহীখন চাই ল’ব পাৰে! মই নিৰাশ হৈ ওলাই আহিলো। কি হ’ব পাৰে ঘটনাটো! সেইদিনাখন মই এটা কাম কৰিলো। প্ৰেছৰপৰা অলপ সোনকালে ওলাই আহিলো। মানে নিশা চাৰে বাৰ বজাত ওলাই আহিলো। মনতে ভাবিলো এই শ্মশান যাত্ৰাটো অলপ আগৰপৰা চাম। ক’ৰপৰানো যাত্ৰাটো আহি থাকে তাকেই চাব লাগিব। স্কুটীখন লৈ ওলাই আহিলো। গভীৰ নিশা নিৰ্জন ৰাস্তাইদি আগৰ দৰেই আহি থাকিলো। পৰুৱামৰা পথ হৈ বৰুৱা তিনিআলিও পাৰ হৈ নিজৰ ঘৰৰ ফালৰ ৰাস্তাইদি আগবাঢ়িলো। বাটত কাকো লগ নাপালো। বহুদুৰলৈকে গৈ আকৌ উভটি আহিলো। তথাপিও কাকো লগ নাপালো। ভাবিলো আৰু অলপ ৰোৱা যাওক। যিহেতু এতিয়াও নিশা  ডেৰটা বজা নাই। এনেকুৱা সময়তহে সমদলটো আহে। ৰাস্তাৰ কাষৰ বন্ধ দোকান এখনৰ কাষত ৰ’লো। এনেকৈ ৰাতি বিয়লি চোৰৰ দৰে অকলে ৰৈ থকাটোও ভাল হোৱা নাই। গতিকে আহি থাকোতে যেন স্কুটীখন কিবা বেয়া হ’ল তেনে এটা ভাও ধৰি চুইচ অফ কৰি এনেয়েই কিকো মাৰি থাকিলো।

“হেখেখ…হেখেখ…হেখেল..খল..থুল..হ্ ….. কো..ও..ন?”

হঠাত মই উচপ খাই উঠিলো। মোৰ পিছফালে কোনোবাই ডিঙিটো পাৰে মানে চাফা কৰি উঠি খেকাৰ এসোপা পেলাই ক্ষীণ মাত এটাৰে চিঞৰি উঠিছে। মই পিছফালে চালো। বন্ধ দোকানখনৰ বাৰাণ্ডাত আন্ধাৰ চুক এটাত কোনোবা এটা কুঁচি মুঁচি শুই আছে। মোক দেখি বহাৰ দৰে কৰিছে। হয়তো কোনোবা ভিক্ষাৰী। “তই কোন?” মই মানুহটোলৈ চাই একপ্ৰকাৰ টানকৈয়ে চিঞৰি উঠিলো।

: মই ৰাতি এইখিনিতে থাকো।

: ভিক্ষাৰী?

: তেনেকুৱাই।

মানুহটোৱে ক্ষীণভাৱে কৈ উঠিল।

: আচ্ছা তই কচোন। আজি তিনিদিন ধৰি ৰাতি ডেৰমান বজাত এইফালেদি সদায় কেইটামান মানুহে ডেডবডী এটা জ্বলাবলৈ চাঙীত শ্মশানলৈ নি আছে. মন কৰিছনে?

মই আন্ধাৰ চুকটোলৈ চাই সুধিলো। মানুহটো মনে মনে থাকিল।

: মই কি সুধিছো শুনিছ নাই?

: মইতো দেখা নাই। শুই যাওঁ যে।

: আৰে কীৰ্তন চীৰ্তন বজাই যায়। তই শুনা নাই!

: কি জানি! হেখেল..খল..ওৱৱ…ক…থুল…হ্…. মই নাজানিম।

মানুহটোৱে আকৌ ডিঙিটো চাফা কৰি কৈ উঠিল।

: আপুনি কিবা দেখিছে নেকি?

মানুহটোৱে এইবাৰ মোক সুধিলে ফিচ ফিচকৈ।

: তিনিদিন একেৰাহে দেখিছো বৰুৱা তিনিআলিত। ডিউটীৰপৰা ঘূৰি আহোঁতে।

: ৰাতি বিয়লি এই এইখন ঠাইত নুঘূৰাই ভাল। বেলেগ কিবাও হ’ব পাৰে।

: মানে?

: মই কিন্তু আপোনাক দেখিয়েই  বুজি পালো আপুনি কি!

 আন্ধাৰ চুকৰপৰা ফিহ ফিহকৈ মাতটো আহিল।

: বুজা নাই মই।

: বুজা নাই? বুজাই কওঁ ৰ’ব। মানে আপুনি কিবা এটা দেখিলে আপোনাৰ সমগোত্ৰৰ হয় নে নহয় জানিবলৈ সদায় এটা কৌশল প্ৰয়োগ কৰিব। এটা সাধাৰণ কৌশল।

: কি কৌশল?

: আপুনি দেখা বস্তুটোৰ ছাঁটো মাটিত পৰিছে নাই সদায় লক্ষ্য কৰিব। তাৰপাছত আপুনি তাত থাকিব নে নাথাকে আপোনাৰ কথা।

: ছাঁটো সকলোৰে পৰে।

: মিছা কথা। হ’বই নোৱাৰে। আপুনি দেখা শ্মশান যাত্ৰাৰ সমদলটো ভালদৰে চাইছিল নে? সিহঁতৰ ছাঁ পৰিছিল নে?

: মই অৱশ্যে মন নকৰিলো কথাটো।

: সদায় লক্ষ্য কৰিব। সদায় লক্ষ্য কৰিব। জীৱনৰ এইটো বৰ ডাঙৰ জানিবলগীয়া কথা।

মানুহটোৱে ক্ষীণ সুৰেৰে প্ৰায় চিঞৰি উঠিল।

…ঢুটকু….নাটুং…ঢুটকু…নাটুং…ঢুটকু…নাটুং…চিং…চিকা…চিং…চিকা…চিং..চিকা…থং…থং…থং…

এনেতে শুনিবলৈ পালো দূৰৰপৰা সেই খোল,তাল, ঘণ্টাৰ শব্দটো আহি আছে। লগতে ঘিঁ,চুলি পোৰা আৰু জৱাকুসুম তেলৰ মিশ্ৰিত গোন্ধ এটা নাকত লাগিলহি। মই সেই শব্দৰ ফালে চালো। আন্ধাৰৰ মাজে মাজে কুৱঁলীৰ দৰে এটা সমদল আহি থকাৰ দৰে লাগিল!

: আহিছে! আহিছে! সেয়া!

মই প্ৰায় চিঞৰি উঠিলো।

: কি?

মানুহটোৱে সুধিলে ফিচফিচ কৰি।

: ডে’ড বডী!

: আহিলেইনে! ৰ’ব, মইও গৈ আছো।

মানুহটো উঠি বহাৰ দৰে লাগিল। মই সেই শ্মশান যাত্ৰীসকলৰ ফালে আকৌ মুখ ঘূৰালো।

…ঢুটুকু…নাটুং…ঢুটুকু…নাটুং…চিং..চিকি…চিং…চিকি…টং..টং…

সমদলটো ক্ৰমে আহি আছে এইফালে। ঘিঁ, চুলি পোৰা, জৱাকুসুমৰ গোন্ধটো ক্ৰমে বাঢ়ি আহিছে। খোল তালৰ শব্দবোৰ ক্ৰমে এটা বেজীৰ দৰে তীব্ৰ হৈ মোৰ কাণেৰে সোমাই আহিছে। কাণখন কোঁ কোঁ শব্দৰে তাল মাৰি ধৰিছে। মূৰটো গুম গুম কৰিছে।

: ব’লক যাওঁ।

এনেতে মোৰ কাণৰ কাষতে কোনোবাই ফিচ ফিচাই উঠিল। কাৰোবাৰ শীতল শ্বাস প্ৰশ্বাস মোৰ গলধনত লাগিছিল। শ্বাস প্ৰশ্বাসবোৰৰৰপৰা কিবা গেলা মাছৰ দৰে ভেকেটা ভেকেট গোন্ধ এটা নাকত লাগিছিল। মই উচপ খাই জাপ মাৰি পিছলৈ ঘূৰি চালো। দেখিলো হাতত পুৰণিকলীয়া লণ্ঠন এটা দাঙি লৈ মানুহ এটাই মোলৈ চাই আছে। মানুহটোৰ মুখখন কিবা অস্পষ্ট। চকু দুটা ঘোলা। এইমাত্ৰ যেন গা ধুই আহিছে। চুলিবোৰ থিয় থিয় তিতি থকাৰ দৰে। টানি দিলে মাংসৰে সৈতে এৰাই আহিব যেন লাগে। শুদা গাৰে থকা ফুলি থকা  মানুহটোৱে আঁঠুৰ মূৰলৈকে ধুতি এখন পিন্ধিছে। এটা ভৰি আঁঠুটোৰ তলৰপৰা নাই। কাষলতিৰ তলত পেংদালত ভেঁজা দি এহাতেৰে লণ্ঠনটো ডাঙি মোলৈ মানুহটোৱে চাই আছে! তাতকৈ ডাঙৰ কথা মানুহটোৰ ছাঁ মাটিত নাই পৰা। মই চিঞৰিব খুজিছিলো যদিও মাতটো নোলাল।

: ব’ল ব’ল। আহ।

মানুহটোৱে ফিচফিচকৈ কৈ উঠিল। মানুহটোৰ মাতটো মোৰ তাৰ কাণখনৰপৰাহে ওলোৱা যেন লাগিল। কাৰণ সি ওঁঠখন লৰোৱা নেদেখিলো।

…ঢুনুটু…টুটুং…ঢুনুটু..টুটুং….থেং..থেং..

মৃতদেহৰ চাঙীখনৰ সৈতে মানুহৰ মিছিলটো সেইখিনিতে ৰ’ল। কোনো প্ৰতিক্ৰিয়া নেদেখুউৱাকৈ মানুহকেইটাই দূৰৰ কোনো এক বিন্দুলৈ একেথিৰে চাই ৰৈ থাকিল। খোল তাল একেৰাহে বাজিয়েই থাকিল।

: আহ আহ, বাসু। তোৰ আজিৰপৰা ছাঁ নপৰে! ঐ ব’ল ব’ল।

মানুহটোৱে এইবুলি কৈ লণ্ঠনটো হাতত লৈ পেংদালৰ সহায়ত খোৰাই খোৰাই সমদলটোৰ আগে আগে আগবাঢ়িল।

…ঢুনুটু…টুটুং…ঢুনুটু…টু…টুং…চিকি…চিং…

হঠাতে মোৰ কিবা এটা সম্বিত ঘূৰি অহাৰ দৰে লাগিল। মই একে জাপে স্কুটীখনত উঠি চাবি পকাই ধৰিলো। এক্সলেটৰডাল এনেকৈ পকাই ধৰিলো যে স্কুটী খাল-ডোং নমনাকৈ আগবাঢ়িল। মই খালী পলাইছো আৰু পলাইছো। মাত্ৰ ঘৰৰ আগৰ টাৰ্ণিংটোতে ঘূৰাবলৈ লওঁতে পৰিলো। অলপ আঁঠুত দুখ পালো।

বাসু ৰ’ল। মইও তালৈ চাই থাকিলো আৰু কিবা ক’ব নেকি বুলি। কাহিনীটো যেন শেষ হোৱা নাই তেনেকুৱা লাগিছে।

: বহুদেৰি হ’ল দাদা। আপুনি বহিলে বহক। মই গৈ থাকো।

বাসুৱে বিচনীৰ দৰে নিজকে বিচি থকা চাৰ্টটো আকৌ পিন্ধাত লাগিল। সি এপাকত বহি থকাৰ পৰাই বেঞ্চখনৰ পিচফালে আন্ধাৰত হাতেৰে কিবা এটা খেপিয়ালে। তাৰ হাতত এদাল পেং উঠি আহিল! মই তালৈ চাই থাকিলো। এপাকত সি সোঁহাতৰ কাষলতিৰ তলত পেংদালত ভেঁজা দি কষ্টৰে উঠি মোৰ সন্মুখত থিয় হ’ল। বাসুৱে লুঙী পিন্ধি আছে। কিন্তু কিন্তু! এয়া কি! বাসুৰ বাওঁ ভৰিটো আঠুৰ তলৰপৰা নাই!

সি এটা ভৰিত থিয় দি লুঙীখন ভালদৰে গাঁথি মাৰি আছে।

: একেথৰে বহি বহি ভৰিটো জিনজিনাই গ’ল।

মই কিবা চিঞৰাৰ আগতেই সি লুঙীৰ তলৰ পৰা কোঁচাই থোৱা ভৰিটো উলিয়াই ভালদৰে থিয় হৈ নিজকে কোৱাৰ দৰে বিৰবিৰাই উঠিল!

বাসু গৈ আছে। পেংদালত ভৰ দি অলপ খোৰাই খোৰাই। তাৰ ছাঁটো দীঘলকৈ মাটিত পৰি তাৰ লগে লগে গৈ আছে!

☆★☆★☆

7 Comments

  • অবিনাশ

    বাপৰে !একে উশাহত শেষ কৰিলো ৷সুন্দৰ

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    মজ্জা৷

    Reply
  • হেমন্ত কাকতি

    বাপৰে, মানে বাসুৰ ছাঁ পৰিছে, ৰক্ষা দেই ? কিবাকিবি লাগি গ

    Reply
  • Rintumoni Dutta

    ভাল লাগিল পঢ়ি

    Reply
  • ৰাজু কুমাৰ নাথ

    উস্ ৰক্ষা!মই এই বাসুকো সিবিধ বুলিয়ে ভাবি লৈছিলো।

    Reply
  • নুতন দীপ মহন।

    ভাল লাগিল।

    Reply
  • ভবেন লইং

    পূৰ্বতে চেন্টু দা আৰু এতিয়া বাসুৱে পগলা কৰিলে!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *