ফটাঢোল

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(দ্বিতীয় খণ্ড)

ফাংচন অনুষ্ঠিত হ’বলগীয়া জেগাখিনি চাফ-চিকুণ কৰি ৰখাৰ বাহিৰে মোৰ বিশেষ কৰিবলগীয়া কাম নাছিল৷ এসপ্তাহ পিচত গন্ত বৰুৱাই দুই ট্ৰাক বাহৰ লগতে মূল ষ্টেজৰ বাবে এলুমিনিয়ামৰ ষ্ট্ৰাকচাৰেল আইটেম পেলালেই৷ গন্ত বৰুৱা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়েৰিংৰ এক্সপাৰ্ট মানুহ৷ চাওঁতে চাওঁতে দুই তিনি দিনত বিশাল ষ্টেজ আৰু পেণ্ডেলে আকৃতি ল’বলৈ আৰম্ভ কৰিলে৷ পুলিচৰ মানুহে জেগাডোখৰ পিয়াপি দি ফুৰিবলৈ ধৰিলে৷ গ্ৰুপৰ প্ৰায়ভাগ মানুহে মোৰ ঘৰলৈ অহা যোৱা কৰাত লাগিল৷ ডাঙৰ ডাঙৰ গাড়ীবোৰ লৈ লৈ অহা যোৱা সঘনাই হ’বলৈ ধৰিলে৷ সেইকেইদিন আমাৰ এওঁ মানুহক চাহ-তামোল দি তত নোপোৱা হৈছিল৷ এদিন বিজিতক ক’লো –

–অলপ খুচুৰা টকা দুই চাৰিহেজাৰ দি থ’বাহে মোক৷ খৰচো হৈ আছে নহয়৷ সিয়ো নুশুনাৰ ভাও ধৰি কিবা “হ’ব ৰব”, “আপুনি কৰি থাককচোন”, “পাই যাব” আদি কৈ থৈ যায়৷

প্ৰায়ে দেখি থকা মনিচা আৰু বালিকাক হঠাৎ কিছুদিন ধৰি নেদেখা হোৱা কথাটো হজম কৰিব পৰা নাছিলোঁ৷ বিজয়ক সুধি কোনো উত্তৰ নোপোৱাত এদিন মনিচাকে ফোন লগালোঁ৷ ফোন ৰিং হোৱাৰ লগে লগে কাটি দিয়ে৷ কথাটোত “ডাল মে কুছ কালা হেই” যেন গোন্ধ পাই এদিন খবৰ লও বুলি মনিচাৰ ঘৰে ওলালোগৈ৷ খুৰীদেউৰপৰা যিটো খবৰ পালো মোৰ মাথা ঘূৰি গ’ল৷ বহুদিনৰ মূৰত খুৰীদেউয়ে মোক নোপোৱাই পোৱাদি পাই অনৰ্গল বকি যাব ধৰিলে –

–নেজানো পাই কি হ’ল এই আপিটোৰ, এই ফটাঢোলত গৈ আধাপাগলী হ’ল ছোৱালীজনী৷ তাতে বালিকা বোলা ল’ৰা এটা আছে, সি সদায় ৰাতিপুৱাই বাইক এখন লৈ ওলাই আহে এসোপামান চিডি লৈ৷ সেইসোপা কমপিউটাৰটোত লগাই লয়৷ তাতে নাচ গান কৰা বিলাতী ছোৱালী এজনী কিবা গান গাই নাচি থাকে আৰু ইহঁতদুটাই সেইসোপা চাই চাই নিজেও নাচি বাগি গাই প্ৰেক্টিচ কৰি থাকে৷ কিবা বোলে ফাংচন হ’ব, তাতে তাই গাব বোলে বহুত মানুহৰ আগত৷
–অহ, হয় নেকি? এতিয়া ক’ত গ’ল তাই ৷
–ক’ত নো যাব? সেই বালিকাৰ লগতে ওলাই গৈছে৷ আমাক একো কথা নকয়েই, ক’লেও কিবা যিহে কেঙকেঙাই উঠিব, খাতিৰে নকৰে ঘৰৰ মানুহক৷ অলপ বুজাই মেলি চাবাচোন তুমিয়েই৷ আমাৰ কাকো কেৰেপে নকৰা হ’ল ছোৱালীজনীয়ে৷
–হ’ব খুৰীদেউ, মই যাও বাৰু!

খুৰীদেউৰ কথা শুনি বিজিতৰ চক্ৰান্ত মোৰ বুজিবলৈ বাকী নেথাকিল৷ বহুত ডাঙৰ ৰিস্ক ল’বলৈ ওলাইছে সি৷ মানে মনিচাকে ছাকিৰা বনাব৷ ৰিস্ক অকল তাৰে নাছিল৷ ৰিস্ক আছিল পূৰা কমিটিৰ৷ মোৰ মাটিবাৰীতে ফাংচন হ’ব, গতিকে সকলোতকৈ ডাঙৰ ৰিস্ক মোৰ৷ কিবা হ’ব লাগিলে পাব্লিকে মোৰ হাড়-মূৰ গুৰি কৰি দিব৷ নাই! ইমান ডাঙৰ ৰিস্ক ল’ব নোৱাৰি! মনতে ভাবি বিজিতক ফোন লগালো –

–বিজিত, কি শুনিছোঁহে এইবোৰ৷ ইমান ডাঙৰ কাম তুমি মোক নজনোৱাকৈ কি সাহসত কৰিব ওলাইছা?
–দাদা, অলপ ৰব, মই আপোনাৰ ঘৰৰ একদম ওচৰতেই আছোঁ৷ জাষ্ট দুই মিনিটত আপোনাক লগেই পাম। এই বুলি ফোনটো কাটি দিলে৷

প্ৰায় পাঁচমিনিট পিচত ব্লেক গ্লাছ লগোৱা টয়’টা ইনোভা এখন আহি মোৰ গেটত ৰ’ল৷ দীঘল গাড়ী দেখি ওচৰৰ পিলিঙা ল’ৰাছোৱালীবোৰ দৌৰি আহি গাড়ীৰ চাৰিওফালে ভিৰ কৰিলেহি৷ গাড়ীৰপৰা বিজিত আৰু পল্লবীক নামি অহা দেখিলোঁ৷ পিচৰ চিটৰপৰা নামিল বালিকা আৰু এজনী ফৰেনাৰ হেন লগা ছোৱালী৷ ছোৱালীজনীৰ পিন্ধনত চুৰিদাৰ কুৰ্তা যদিও পাকিস্তানি ছোৱালীৰ দৰে মূৰটো চুন্নী এখনেৰে মেৰিয়াই লৈছে৷ তেওঁলোক চিধাই ঘৰলৈকে সোমাই গ’ল৷

–মনিচাক চিনি পাইছেনে?
সোমায়েই বিজিতৰ কণ্ঠত নিৰ্গত হ’ল এইষাৰি বাক্য! বজ্ৰপাত পৰা মানুহৰ দৰে অলপ দেৰি মনিচাৰ ফালে চাই থাকিলোঁ৷ মনিচায়ো এটা দুষ্টালি ভৰা হাঁহিৰে মোলৈ চালে৷ নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান পালোঁ৷ সোণালী পাকখোৱা চুলিকোছাৰে সাইলাখ এইজনীচোন ছাকিৰা৷ মোৰ কৌতুহল দমন কৰিব নোৱাৰি সুধি পেলালোঁ –
–কিন্তু কেনেকৈ কি কৰিলা? ইমান অবিকল, মানে হুবহু ৰুপান্তৰ কেনেকৈ কৰিলা?
–আৰে দাদা, আগে আগে দেখো, হোতা হেই ক্যা! প্লাষ্টিক চাৰ্জাৰী কা কমাল৷ এনেও বহুদিনৰপৰা তাই মোৰ নজৰত আছিলেই, মিল থকা মন কৰিছিলোঁ৷ পাঁচ লাখ খৰচ কৰিয়েই কাম হৈ গ’ল৷ এতিয়া দিনে ৰাতি তাইক প্ৰেকটিচ্ কৰাইছোঁ, ডান্স আৰু লিপ চিং কৰোৱাৰ৷ তাই গাব একো নালাগে, বালিকাক লগাইছোঁ ছাউণ্ড মিক্সিঙৰ কামত৷ পূৰা ছাউণ্ড মিক্সিং, প্লেয়িং, ডি জেইং সি কৰিব৷ ইহঁত দুজনৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ ছাকচেছ্ ষ্টৰী! লগত কলম্বিয়াৰপৰা ছাকিৰাৰ লগত কাম কৰা কৰিঅ’গ্ৰাফাৰ এজনীকো আনিছোঁ৷ তেওঁৰ তত্ত্বাৱধানতে গোপনে আজিৰপৰা ৰিহাৰ্চেল চলিব৷ সকলো ঠিকে ঠাকে হৈ যাব বুলি মোৰ বিশ্বাস৷
–কিন্তু এইটো কিয় কৰিলা? অৰিজিনেল ছাকিৰাক কনটেক্ট কৰিম বুলি কৈছিলা যে কি হ’ল?
–নাই দাদা, যি ৰেট শুনালে, আমি এফৰ্ডেই কৰিব নোৱাৰিম৷ পিচে চিন্তা নকৰিব, গন্ত বৰুৱাৰ ষ্টেজৰ ড্ৰয়িং মতে আপোনাৰ ঘৰৰ পিচফালে থকা সৰু নদীটোৰ সিপাৰে ষ্টেজ হ’ব৷ দৰ্শক নদীৰ ইটো পাৰে৷ নদীৰ মাজত লাইট। ইঞ্জিনীয়াৰে এনেকুৱা লাইটৰ বাহাৰ লগাব যে ষ্টেজত থকা ছাকিৰাক ৰঙা নীলা পোহৰৰ মায়াজালত বন্দী কৰি পেলোৱা হ’ব আৰু মন্ত্ৰমুগ্ধ দৰ্শকে গমেই নাপাব যে এইজনী অৰিজিনেল নে ডুপ্লিকেট৷ তাতে ছাকিৰাক চিনি পোৱা মানুহনো আছে কেইজন? পিচে, সমগ্ৰ প্লেনটো জানিম মাত্ৰ আমি পাঁচজনে৷ মই, পল্লু, মনীচা, বালিকা আৰু আপুনি৷ এই টপ চিক্ৰেটটো ফাদিল হ’লে আমি চেচ্৷ এডিচনেল চিকিউৰিটিৰ বাবে পূৰা পেণ্ডেলৰ ইলেক্ট্ৰিক মেইন চুইচৰ ওচৰতে মই থাকিম৷ লগত ইনোভা ৰেডি থাকিব, কিবা ডাঙৰ জেং হ’লে মেইন চুইচ অফ্ কৰি আমিকেইজন ইনোভা লৈ পলাম৷ সেইটো হ’ল ফাইনেল এক্সোডাচ প্লেন৷ প্লেন বিও ৰেডি আছে, পিচত কম৷
–ওকে বুজিলোঁ বাৰু৷ টকা পইচাৰ কালেকচন কেনে হৈছে?
–কালেকচন আশাকৰা মতে হোৱা নাই, যোৰহাট, তিনিচুকীয়া চাইডত চুন্টু আৰু বিজয়ে পূৰা লাগিছে, কিন্তু গুৱাহাটী চাইডত অলপ কম হৈছে৷ ইফালে “বুক মাই শ্ব'”ৰ খবৰ আহিছে যে প্ৰায় দহহেজাৰমানহে চেল হৈছে এতিয়ালৈকে৷ ইঞ্জিনীয়েৰিং, মেডিকেল আৰু বাকী কলেজবোৰতো কাউন্টাৰ লগাম কাইলৈৰপৰা৷ পাব্লিচিটি ভাল হোৱা নাই৷ এতিয়া অলপ নিগেটিভ পাব্লিচিটি ইউজ কৰিম৷ বিপ্লভ বৰা আৰু জে আৰ ডিক কৈছোঁ এই শ্ব’টোক লৈ দুটামান উগ্ৰ সমালোচনামূলক প্ৰবন্ধ লিখি অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ সকলো নিউজ পেপাৰলৈ দি ফালিব লাগে। টিভি টক শ্ব’ত জিনি বৰদলৈ আৰু হিমাংচুক কাইলৈৰপৰা পঠিয়াম৷ ৰন্টুক এফ এণ্ড বিৰপৰা কিছুদিন অব্যাহতি দি অভাৰচিজ ডায়েচপোৰাক প্ৰমোচনেল কামৰ বাবে পঠিয়াম৷ জীউমনি আৰু মৌচুমিকো তাৰ লগতে পঠিয়াম, নহ’লে সি এনেও আড্ডা মাৰি টাইম পাছ কৰি থাকে৷ বাহিৰৰপৰা দুপইচা আহিলেও বহুত৷
“ছাকিৰাই বজাব নেকি অসমীয়া সংস্কৃতিৰ মৃত্যুঘন্টা?”, “বিজতৰীয়া পশ্চিমীয়া অপসংস্কৃতিৰ গৰাহত আজিৰ বিহু” টাইপৰ লেখা উলিয়াবলৈ বিপ্লৱ বৰা আৰু জে আৰ ডিক দায়িত্ব দিছোঁ৷ কালি পৰহিলৈ ওলাব বুলি কৈছে৷ ইফালে “ভয় নাখাবা টাইগাৰ আহিব” লিখা সমগ্ৰ এডভাৰটাইজটোক “ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ” লিখি অসমৰ অলিয়ে গলিয়ে ভৰাই পেলাম৷ ফেচবুকত বহু পেজ খুলি বিতৰ্কৰ সৃষ্টি কৰিবলৈ মিদুল, মেঘ আৰু মান্তাক ৰিমাইণ্ডাৰ দিয়া হৈছে৷
–বঢ়িয়া, শুনি ভাল লাগিল৷ এতিয়া মোৰ কাম কি?
–আপুনি ইয়াতেই থাকক৷ এতিয়া ষ্টেজ আৰু পেণ্ডেলৰ কাম অলপ চাওক আৰু চান্দা পাৰ্টিৰ লগত যোগাযোগ ৰাখক৷ মই ইৰানী আৰু অমিতাভক লৈ অলপ দিছপুৰ যাওঁ, কাম আছে৷ গন্ত বৰুৱাৰ ওপৰত অলপ নজৰ দিব, টকা পইচাৰ হিচাবত অলপ মানুহজন একাচেকা যেন পাইছোঁ৷ মোৰপৰা অলৰেডী এডভান্স বহুত ল’লেই৷ ষ্টেজৰ প্লেন চেঞ্জ কৰি বহুত টকা বৰ্বাদো কৰিছে, তথাপি প্লেনটো ভাল লগা বাবে দি আছোঁ৷

–হ’ব, হ’ব মই চাম৷ বাৰু অলপ কেইহেজাৰমান মোকো দি যোৱাচোন, অলপ খৰচ মোৰো হৈ আছে ৷
বিজিতে পকেটত হাতখন ভৰাই ফটকে পাৰ্চখন উলিয়াই মোৰ আগতে মেলি ল’লে৷ অলপ সময় কিবা কিবি খুচৰি চাই ক’লে –

–দাদা, কেশ্ব্ লগত একদম নাই, ওচৰত এটিএম থাকিলে অলপ কিবা দি গ’লোহেঁতেন!
–অহ্! গাঁৱত এটিএম পাবা ক’ত?
–হ’ব দিয়ক, দুই এদিন মেনেজ কৰক, আহি আছোঁ৷
এই বুলি বিজিত, পল্লু, মনিচা আৰু বালিকা যাব ওলাল৷ মই মানুহজনীক চিঞৰিলো –
–হেৰা, ক’ত গলাহে? ইহঁত যায় বোলে৷ কিবা খাবলৈ দিয়া আকৌ৷

(আগলৈ)

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.