ফটাঢোল

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(তৃতীয় খণ্ড)

ৰাতিপুৱা হ’কাৰটোৱে নিউজ পেপাৰকেইখন দি থৈ গ’ল৷ চাহকাপ হাতত লৈয়ে প্ৰথম চকুত পৰিল হেডলাইনটো – “ছাকিৰা আহিব অসমৰ বিহুলৈ”। এডিটৰিয়েল পেজটো চালো, বিপ্লৱৰ আৰ্টিকেলটোও ওলাইছে৷ আশাকৰা ধৰণেই ফালি দিছে বিপ্লৱে৷ ছাকিৰাৰ আগমনত অসমীয়াৰ বাপতিসাহোন বিহু আৰু সংস্কৃতি যে অধঃপতনে যাবলৈ অকনো বাকী নাই তাক পুংখানুপুংখভাবে বিশ্লেষণ কৰিছে৷ অন্য এখন বাতৰিত চকুত পৰিল জে আৰ ডিৰ লেখাটো৷ উশৃংখল যুৱ মানসিকতা আৰু পশ্চিমীয়া অপসংস্কৃতিৰ ওপৰত সুন্দৰ লিখনি৷ ছাকিৰাৰ আমদানীয়ে যে কাঠফুলাৰ দৰে গজি উঠা অপসংস্কৃতিক উৎসাহ যোগাইছে তাক ষ্পষ্ট ভাষাত উদঙাই দিছে৷ প্ৰত্যেকখন নিউজ পেপাৰতে শেষ পৃষ্ঠাত ছাকিৰা আৰু ফটাঢোলৰ এড৷ মনে মনে এক তৃপ্তিৰ হাঁহি মোৰ মুখমণ্ডলত পৰিষ্ফুত হৈ গ’ল৷ পিচে এই সুখ ক্ষণস্থায়ী আছিল৷ আনদিনাৰ দৰে এওঁৰ আকৌ পাকঘৰৰ ভিতৰৰপৰা পেকপেকনি আৰম্ভ হ’ল –

— ঘৰখনত চেনী, চাহপাত, আলু-পিয়াজ একো এডাল দৰৱত দিবলৈও নাই৷ আপুনি গৈ সেই ছাকিৰা নে ফাকিৰা সেইসোপাতে লাগি থাকক৷ লোকে বিহু পাতিব, মই চাকৰৰ দৰে চাহ-তামোল, খানা-পিনাৰ যোগান ধৰি থাকিব নোৱাৰোঁ৷ মানুহসোপা মাতি মাতি ঘৰলৈ লৈ নাহিব৷ কৈ দিলোঁ৷

কথাখিনি শুনিয়েই টিঙিচকে খংডাল উঠিয়েই গৈছিল৷ মই যে দুদিন পিচত কৰোৰত খেলিম, সেইবোৰ ভু-ভা নোপোৱা মানুহৰ লগত কিনো কাজিয়া কৰিম বুলি মনে মনে থাকিলোঁ৷ বজাৰৰ বেগখন লৈ লাহে লাহে ওলাই গ’লোঁ৷ পইচাৰ বেগখন চালো, দুশ টকা মাত্ৰ বেগত৷ বিজিতে টকা দিম দিম বুলি পাঁচ পইচা এটাও নিদিয়াত খঙে উঠিছিল৷ তাৰপিচত ভাবিলোঁ, এইবোৰ সৰু কথা৷ ইমান ডাঙৰ কাম এটা হাতত লৈ এইবোৰ কথাত লাগি লাভ নাই৷ এনেও সি এদিন দুদিন মেনেজ কৰিব কৈছেই৷ এডভাৰটাইজমেন্ট, ষ্টেজ এইবোৰত চাগে কিমান লাখ গ’ল৷ গন্ত বৰুৱাও হেনো বহুখিনি এডভান্স লৈছেই৷ গন্ত বৰুৱাৰ নামটো মনলৈ অহাৰ লগে লগে ভাবিলো ষ্টেজৰ কামেই অলপ চাই লৈ বজাৰ যামগৈ৷

চাইকেলখনত লাফ মাৰি উঠাৰ লগে লগে পিচফালৰপৰা এওঁ পুনৰ মাত লগালে – পাৰিলে মাছ-মাংস কিবা অলপো আনিবচোন, কিমান দিন যে মাছ মাংসৰ মুখ দেখা নাই৷

ক’ৰবাত ওলালে পিচতে মাত দিব নেলাগে বুলি কিমানবাৰ ক’লেও সদায় একেটা ভুলকে কৰে বাবে পুনৰ খঙটো মূৰ পালেগৈ৷ পিচে দুদিন পিচত যে কৰোৰত খেলিম, সেইবোৰ ভু-ভা নোপোৱা মানুহৰ লগত কিনো কাজিয়া কৰিম বুলি মনে মনে থাকি এইবাৰো একো নমতাকে ওলাই গ’লোঁ৷

দূৰৰপৰাই গন্ত বৰুৱাক দেখিলোঁ, কৌচিক আৰু চুইটীক কিবা বুজাই আছে৷ জানটোৰ সিটো পাৰে ষ্টেজত কাপোৰ লগাই আছে কাম কৰা অন্য মানুহ কিছুমান৷ ইলেক্ট্ৰিক লাইন আৰু লাইটিঙৰ কামো প্ৰায় ৰেদি৷ সুবিশাল ষ্টেজ, লগতে নদীৰ মাজলৈ ৰেম্প এটাও আগুৱাই আনিছে৷ ষ্টেজৰ আগফালে চাপৰকৈ আৰু এটা খোঁটালী, তাতে হেনো ত্ৰিশহেজাৰ ৱাটৰ পি এম পি ও চাউন্ড বক্সবিলাক শাৰী শাৰীকৈ থাকিব৷ মূল মণ্ডপৰপৰা ষ্টেজৰ মানুহৰ মুখ চিনিবই নোৱাৰি৷ ৰেম্পেদি আগুৱাই আহিলেহে অলপ গম পায়৷ ৰাস্তাটোত টেম্প’ কেইখনমানে পেণ্ডেলৰ সামগ্ৰী, বিভিন্ন আকৃতিৰ চকীবোৰ আনি আছে৷ কামকৰা মানুহে সেইবোৰ আনি আনি শাৰী শাৰী কৰি ভি আই পিৰ বাবে সংৰক্ষিত কৰা লাইনত থৈ আছে৷ তাৰ মাজতে উদং হৈ থকা বিশাল পেণ্ডেলটোত গাঁৱৰ সৰু সৰু ল’ৰাছোৱালীবোৰে গন্ত বৰুৱাৰ ধমকিকো আওকাণ কৰি চকী মেজবোৰ বগৰাই বগৰাই খেলি আছে৷ অন্য গাঁৱৰপৰা দুই এজন মানুহো আহি ভুমুকি মাৰি চাই গৈছে৷ দূৰত এবাৰ ৰঙজুলি গাঁৱৰ বংশী মুক্তিয়াৰকো চকামকাকৈ দেখা হেন লাগিল৷ কাইলৈৰপৰা হেনো পুলিছে গোটেই এৰিয়াটো নিজৰ কব্জাত লৈ ল’ব৷ এটা পৰুৱাও বিনা অনুমতিত তাত সোমাব নোৱাৰিব৷ ৰাস্তাৰ ইটো পাৰে বিশাল পথাৰ এখনত পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে৷ চিদানন্দ বৰাই পাৰ্কিঙৰ ঠিকাটো লৈছে৷ শুনামতে চিদাৰপৰা বিজিতে পাঁচলাখ লৈছে নগদ, বাকী গাড়ীৰ পাৰ্কিঙৰ বাবদ যিমান পাই সেইটো পিচত হিচাপ কৰিব৷

কাম ক্ষীপ্ৰ গতিত আগবঢ়া দেখি সুখী হ’লোঁ৷ বজাৰত গৈ মাংসৰ দোকানীয়ে বাকী দিব নোৱাৰোঁ বুলি কওঁতেই আকৌ তাঁৰ চিঙিল – মই যে দুদিন পিচত কৰোৰত খেলিম, সেইবোৰ ভু-ভা নোপোৱা মানুহৰ লগত কিনো কাজিয়া কৰিম বুলি মনে মনে থাকি মাংস এপোৱা আৰু বাকী লাগতিয়াল বস্তুখিনি লৈ ঘৰমুৱা হ’লোঁ৷ চাইকেলত লাফ মাৰিছোহে, বিজিতৰ ফোন আহিল –

— দাদা, সব ঠিক ঠাক নে?
— ঠিকেই আছে, পেপাৰত দেখিলোঁ কথাবোৰ৷ ষ্টেজো প্ৰায় হওঁ হওঁ৷ কালি মানে হ’বই আৰু৷ বাকী খবৰ কোৱা?
— বাকী ঠিকেই আছে৷ ফেচবুক পেজ চাওক! মিদুল, মান্তাহঁতে বিতৰ্ক কৰি ফালি দিছে৷ পৰহি খোলা পেজত সোতৰহেজাৰ লাইক হিট কৰিছে৷ সকলো কাম ভবা মতেই আগবাঢ়িছে৷ বাকী মনিচা আৰু বালিকাক কলিকতা পঠালোঁ৷ প্ৰগ্ৰেমৰ দিনা দুপৰীয়া ফ্লাইটত আনিম যাতে কোনেও ভু ভাটাঙে নেপায়৷ বাকী কৰিওগ্ৰাফাৰো তাইৰ লগতে আহিব৷ দহজনীমান বেলে ডান্সাৰো আহিব লগত৷
— আটচা, এটা কথা নহয়, বিহু বুলি অসমীয়া গীত মাতৰ প্ৰগ্ৰেম কিবা থাকিব লাগিছিল নহয়৷ নহ’লে দেখোন লোকেল মানুহে হাল্লা কৰিব৷
— দাদা, হাজাৰটকীয়া টিকেট কিনি কোনো মানুহে অসমীয়া গীত-মাত নুশুনে আজিকালি৷ তাতে লোকেল মানুহ বোলোতে টিকেট কটা কলেজৰ ল’ৰা-ছোৱালী আৰু বাহিৰৰ মানুহে বেছি হ’ব৷ তথাপি এটা অসমীয়া ‘ফিলিং’ আনিবলৈ আৰম্ভণিতে ‘ছাকিৰা’ক এযোৰ পাটৰ মেখেলা ছাদৰ পিন্ধাই এন্ট্ৰি কৰাম৷ ভুপেনদাৰ “হে দোলা হে দোলা, একাবেকা বাটেৰে কঢ়িয়াও, কঢ়িয়াও বৰ বৰ মানুহৰ দোলা” গানটো চাম্বা বিটত ফৰেইন আৰ্টিষ্ট এজনীৰ হতুৱাই ৰেকৰ্ড কৰাই লৈছোঁ৷ সেইটো হ’ব ছাকিৰাৰ এন্ট্ৰী চং৷ তাৰ পিচত ব্ৰেক৷ পাঁচমিনিট ব্ৰেকৰ পিচত ছাকিৰা অৰিজিনেল ফৰ্মত আহিব৷
— বঢ়িয়া হ’ব৷ ঠিকে আছে৷ সিহঁতৰ ৰিহাৰ্চেল ঠিকে চলি আছেতো? আৰু এটা কথা৷ এই যে টিভি কেমেৰাই লাইভ দেখাব, সেইবোৰ ঠিক ঠাক হ’ল নে?
— সেইবোৰ হৈ গৈছে৷ একমাত্ৰ এটা মেডিয়া চেনেল “ভিউজ লাইভ”ক লাইভ শ্ব’ দেখুৱাৰ এক্সক্লুচিভ ৰাইট দিছোঁ৷ সিহঁতৰ লগত কনট্ৰেক্ট হৈছে যাতে ক্লজ-চট নেদেখায় আৰু ক্লজ-চটবোৰ ছাকিৰাৰ পুৰণা লাইভ শ্ব’ৰপৰা আনি ডাবিং কৰি সুমুৱাব৷ গতিকে তাত ছাকিৰাৰ মুখখন ষ্পষ্টকে ওলাব৷ টিভিত লাইভ শ্ব’ আধা ঘন্টা দেৰিকৈ ওলাব৷ তাৰপিচত সিহঁতে অন্য চেনেলক ডিচট্ৰিবিউট কৰিব পাৰিব৷
— বাকী কালেকচনৰ খৱৰ কোৱা ৷
— কালেকচন ফাটা ফাটী হৈছে দাদা৷ ৰামানুজ বৰ কামৰ মানুহ ওলালহে, দুদিনত বিশলাখ গোটাই দিছে৷ বিজয়হঁতে আজি এসপ্তাহত মাত্ৰ দুইলাখেই যোগাৰ কৰিবপৰা নাই৷ কিন্তু বুক মাই শ্ব’ৰপৰা অকল মেঘালয় আৰু মনিপুৰৰপৰাই পোন্ধৰ হেজাৰ টিকেট বিক্ৰি হৈছে৷ বাকী কলেজবোৰত হৈ যাব লাগে৷ এতিয়া ইয়াৰ হোটেলবোৰৰপৰা ইমান মানুহৰ এক’মোডেচনৰ কমিচন তুলিবলৈ ৰামানুজক লগাই দিছোঁ৷ ৰিন্টুহঁতে দুশমান টিকেট চেল কৰিছে যদিও টকা এতিয়াও আহি পোৱা নাই৷ পিচে কালেকচন হোৱা টকাবোৰ প্ৰায়ভাগ পেইমেন্টৰ নামতে গৈ আছে৷
— মোৰ কথাটো কৈছিলো যে? দুই চাৰি লাখমান পঠোৱা, নহ’লে ঘৰত গালি খাবলগীয়া হৈ গৈছে৷ পকেট খৰছেই নাই৷ কালিৰপৰা ফুৰ্টি পানী অকণো ল’ব পৰা নাই৷
— আৰে দাদা, কি খাব নাম কওক পঠাই আছোঁ৷ কালি পৰহিলৈ কৰোৰত খেলিবহে৷ বচ, প্ৰগ্ৰেমটো হৈ যাব দিয়ক ভালে কুশলে৷ মেডিয়া আপোনাৰ পিচে পিচে ঘূৰিব৷ ডিম্পুৰ হাতত কিবা অলপ পঠিয়াই আছোঁ ৰব, এক ডেৰ ঘন্টাত গৈ পাব৷
— ঠিক আছে তেতিয়াহ’লে সোনকালে পঠোৱা, জানাই নহয় গধূলিৰ আগে আগে নেপালে হাত ভৰিবোৰৰ কপনি আৰম্ভ হয়৷ বাকী ফিফটি ফিফটিটো মনত আছে নহয়?
— আৰে দাদা, কি যে কয়, একদম ফিফটি ফিফটি!

বিজিতৰ কথাত আশ্বস্ত হৈ বজাৰৰপৰা দুপৰীয়া আহি ঘৰ পালোঁ৷ বজাৰৰ বেগ আৰু মাংস পোৱা এওঁৰ হাতত দিওঁতেই থেকেছা মাৰি থৈ পুনৰ পেকপেকনি আৰম্ভ হ’ল –

— এইখিনি কাৰ নাকত দিম? আপুনিয়েই খাই থ’ব৷ আজি আপোনাৰ গন্ত বৰুৱাৰ লগত যে থাকে ল’ৰাটো, কৌচিক, তাক জাৰণ দি পঠাইছোঁ৷ সদায় সদায় চাহ তামোল খুজিবলৈ আহে৷ নিজেতো খাবই, লগতে বৰুৱাৰ বাবেও ফ্লাস্ক এটা লৈ আহে নিবলৈ৷

একো নকৈ ডিম্পু অহালৈ বাট চালো৷ এইখিনি সময়েই মোৰ সকলোতকৈ আমনি লগা সময়৷ কিবা পাম বুলি ৰৈ থকা সময়৷ প্ৰায় তিনি ঘন্টা মূৰত ডিম্পু আহিল৷ হাতত প্লাষ্টিকৰ পেকেটত বটল এটা আৰু পকেটত……৷

হাত ভৰিৰ কপনি উঠাৰ আগতেই বটলটো খুলিলোঁ৷ প্ৰায় আধামান গলাধৰণ কৰি অভিজিতে পঠোৱা মোটা এনভেলপটো খুলিলোঁ৷ দহটকীয়া বাণ্ডিলটোৰ নোটবোৰ নতুন আছিল৷

এওঁৰ কেৰাহী চাৱনিতে ভয় খাই ডিম্পু গ’লগৈ৷ কিমান কওঁ, আলহী অতিথিক অলপ ভালকৈ আপ্যায়ন কৰিবলৈ! নাই, ক’ত শুনিব? পিচে দুদিন পিচত যে কৰোৰত খেলিম তাক বুজি নোপোৱা মানুহৰ লগতনো কিডাল কাজিয়া কৰিম বুলি ভাবি মনে মনে থাকিলোঁ৷

(আগলৈ)

দ্বিতীয় খণ্ড

প্ৰথম খণ্ড

☆★☆★☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিছে বিহুৰ প্ৰস্তুতি খিনি।বাকী আৰু এতিয়া চাকিৰা অহালৈ ৰৈ আছো আৰু।

    Reply
  • ৰিণ্টু

    হিপচ ড’ণ্ট লাই তু কেতিয়া গাব দাদা??

    এইখন সাংঘাতিক আছিল

    Reply

Leave a Reply

Your email address will not be published.