ফটাঢোল

ছাৰ্লি চ্যেপলিন আৰু আজিৰ লটকনবোৰ- সঞ্জীত কুমাৰ বৰদলৈ

মি:বিনৰ নাম নুশুনা লোক নিশ্চয় কম ওলাব৷ কণ কণ শিশুহঁতৰ পৰা আৰাম্ভ কৰি জ্যেষ্ঠলোক সকলৈকে অগণন জনে মি:বিনৰ কমিক চিনেমাবোৰ চাই আমোদ পায়৷ আজিৰ তাৰিখত মি:বিন এক বিখ্যাত আৰু জনপ্ৰিয় নাম৷ মই নিজেও মি:বিনৰ চিনেমা চাই আমোদ পাওঁ৷ মি:বিন নামেৰে খ্যাত ৰোৱান এটকিনছন এগৰাকী কেম্ব্ৰিজৰ পৰা উত্তীৰ্ণ অভিযন্তা৷ তেওঁৰ অসাধাৰণ অভিনয়, দক্ষতা আৰু প্ৰায় একক উপস্থাপন শৈলীৰ জবাব নাই৷ মাজে মাজে ভাবো ছাৰ্লি চ্যেপলিনৰ পিছত ৰোৱান এটকিনচনেই হয়তো এনে এজন কমিক নায়ক যিয়ে সমগ্ৰ বিশ্ববাসীৰ মাজত হিমালয় সদৃশ জনপ্ৰিয়াতা লাভ কৰিবলৈ সক্ষম হৈছে৷ পিছে চ্যেপলিনৰ লগত ৰোৱান এটকিনছনৰ তুলনা হয়নে? এই প্ৰসংগত কোনোবাই ক’ৰবাত লিখিছে বা কৈছে নে নাই মই গম পোৱা নাই৷ তথাপি মই ভাবো বহু ক্ষেত্ৰত ছাৰ্লি চ্যেপলিনৰ স’তে ৰোৱান এটকিনচনক তুলনা কৰিব পৰা নাযায়৷ সমগ্ৰ পৃথিৱীৰ মানুহক হাহিঁৰ খোৰাক যোগোৱা ছাৰ্লি চ্যেপলিনৰ নিজৰ জীৱনটো আছিল চকুৰপানীৰে ভৰা৷ দেউতাকৰ মৃত্যুৰ পিছত মাত্ৰ আঠ নে ন বছৰ বয়সতে ছাৰ্লিয়ে কাম কৰিব লগা হৈছিল৷ অভাৱ অনাটনে তেওঁক জুৰুলা কৰিছিল৷ সেই সময়ত কোনেও ভাবিব পৰা নাছিল যে এই ছাৰ্লি নামৰ সৰু ল’ৰাটোৱে ডাঙৰ হৈ পৃথিৱী বিখ্যাত হ’ব৷ ছাৰ্লি চ্যেপলিনক প্ৰথম আন্তৰ্জাতিক ভাৱে জনপ্ৰিয় শিল্পী-অভিনেতা বুলি কোৱা হয়৷

১৯২৫ চনৰ টাইম মেগাজিনত পোন-প্ৰথমবাৰৰ বাবে এজন অভিনেতা-শিল্পীৰ ফটো ছপা হৈছিল৷ সেইজনেই আছিল ছাৰ্লি চ্যেপলিন৷ এই টাইম মেগাজিনে বাচনি কৰা বিংশ শতিকাৰ এশ গৰাকী ব্যক্তিৰ তালিকাত ছাৰ্লি চ্যেপলিনৰ নামো আছে৷ ইখনৰ পিছত সিখন কমিক, মাত-বোল নথকা চিনেমাৰে চ্যেপলিনে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল৷ সেই সময়ৰ অভিজাত সমাজৰ ফোপোলা স্বৰূপবোৰ অতি আকৰ্ষনীয় উপস্থাপন আৰু ছাৰ্লি চ্যেপলিনৰ অসাধাৰণ অভিনয়ৰ দ্বাৰা উদঙাই দিবলৈ সক্ষম হৈছিল৷ এই কথা আমি জানো যে ছাৰ্লি চ্যেপলিনে সদায় দুখীয়া শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছিল৷ সীমাহীন দুখ যন্ত্ৰণাৰ মাজতো দুখীয়া মানুহবোৰে ছাৰ্লি চ্যেপলিনৰ মাজত নিজক বিচাৰি পাইছিল৷ ১৯৪০ চনত “দ্যা ডিক্তেটৰ” নামৰ বহু চৰ্চিত চিনেমাখন মুক্তি পাইছিল য’ত ছাৰ্লিয়ে হিটলাৰৰ চৰিত্ৰ অংকন কৰিছিল৷ ছাৰ্লি চ্যেপলিন সমাজবাদী তথা কমিউনিষ্ট ভাবধাৰাত বিশ্বাসী আছিল বাবে বহু সমালোচনা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল ৷

পৰ্বতৰ সমান খ্যাতি-জনপ্ৰিয়তা আৰু প্ৰচুৰ সমৃদ্ধি লাভ কৰিয়ো ছাৰ্লি চ্যেপলিনে আজীৱন সাধাৰণ ভাবে জীৱন-যাপন কৰিছিল৷ পদে পদে কিমান যে যন্ত্ৰণা সহ্য কৰিব লগা হৈছিল…৷ অবৈধ সন্তান জন্ম দি মহিলাই চ্যেপলিনক অপযশ-বদনাম জাপি দিছিল৷ পিছত ৰক্ত পৰীক্ষাৰ অন্তত সেই সন্তান ছাৰ্লি চ্যেপলিনৰ নহয় বুলি প্ৰমাণিত হৈছিল৷ এয়া মাথোন এটা উদাহৰণ৷ চ্যেপলিনৰ আত্মজীৱনীৰ পাতে পাতে এনে বহু কথা লিখা আছে৷ আনহে নালাগে নিজৰ দেশতে তেওঁক নানা ধৰণে তুচ্ছ-তাচ্ছিল্যৰে সমালোচনা কৰা হৈছিল৷ আজিও ছাৰ্লি চ্যেপলিনৰ সেই ক’লা-বগা ছবিবোৰে আমাক হাঁহিবলৈ বাধ্য কৰে৷ হাঁহিৰ মাজেৰে ফুটি উঠা বিশ্বৰ অগণন দুখীয়া আৰু শোষিত মানুহৰ চকুপানীবোৰে সকলোৰে হৃদয়ত একধৰণৰ গভীৰ দুখবোধৰ যেনেকৈ সৃষ্টি কৰে, ঠিক একেসময়তে শোষক ধনী শ্ৰেণীৰ বিৰুদ্ধে ক্ষোভ আৰু প্ৰতিবাদী সত্ত্বাটোকো জাগ্ৰত কৰে৷ সেয়ে ছাৰ্লি চ্যেপলিনক বহুতে ভয় কৰিছিল কিন্তু আমাৰ দৰে অগণন লোকৰ হৃদয়ত ছাৰ্লি চ্যেপলিনে স্থান লাভ কৰিছিল৷ চ্যেপলিনৰ সেই স্থান আজিও অটুট হৈ আছে৷ সেই কাৰণেই ছাৰ্লি চ্যেপলিনৰ তুলনা পাবলৈ টান৷

আজিৰ তাৰিখত আমাৰ ৰাজ্যখনত অসংখ্য লটকনে দপদপাই থকা দেখা গৈছে৷ এই লটকনবোৰে দেশ-জাতিৰ নামত একোখনকৈ দোকান খুলি লৈছে৷ তেওঁলোক দেশ-জাতিৰ স্বয়ম্ভূ ঠিকাদাৰ৷ এইচামে দিনত বনিয়াৰ বিৰুদ্ধে টেটু ফালি চিঞৰি ৰাতি হ’লে সেই বনিয়াৰ গাদীত বহি খমখমীয়া নোট হস্তগত কৰে! জাতীয় আবেগক ইমশ্ব’নেল ব্লেক্ মেইল কৰি বিক্ৰী কৰি এইচামে দামী গাড়ী কিনে। বিয়াগোম দালান সাজে৷ এইটো আটাইতকৈ ভাল বিজিনেছ৷ ন’-ইনভেষ্টমেন্ট, গেৰান্টেড ৰিটাৰ্ণ! বৰ বিশেষ পৰিশ্ৰমো কৰিব নালাগে, দাদাগিৰি কৰিলেই হ’ল৷ এই চামৰ বেছি ভাগেই পিছে গলিয়ে গলিয়ে থকা কুকুৰবোৰৰ দৰে৷ নিজৰ এলাকাতহে ভুকে। বাহিৰত মেকুৰীৰ দৰে মিউ-মিউ কৰি থাকে! সংগঠনত দালালি কৰি ছাকছেচ হোৱাৰ পিছত সেইচামে ৰাজনৈতিক দলৰ টিকতৰ বাবে আনৰ ভৰি চুই থাকে৷ ৰাজপথত দেশ-জাতিৰ কথা কৈ তালফাল কৰা এনে চামে দেশৰ নেতা হৈ দেশ জাতিৰ পৰিপন্থী কাম কাজৰ একোজন হোতা হৈ পৰে। হায় আমাৰ দেশ মাতৃৰ জাৰজ সন্তান বোৰ! তেনে চাম তথাকথিত নেতাক দেখিলে সেই ছাৰ্লি চ্যেপলিনৰ গোৰটো দিবলৈ মন যায়৷

এতিয়া এচাম লোকৰ দুচকু গেৰুৱা ৰঙটোৱে অন্ধ কৰি তোলা দেখা গৈছে৷ তেওঁলোকে সেউজীয়া গছবোৰো গেৰুৱা দেখে৷ নীলা আকাশ আৰু সাগৰখনো গেৰুৱা বুলি ভাবিছে! মুঠতে সাঁতোৰঙী ৰামধেনুখনো সেইচামে একৰঙী কৰিবলৈ উঠি পৰি লাগিছে৷ নিষ্পাপ শিশুৰ উশাহকণো কাঢ়ি হত্যা কৰা হৈছে৷ মানুহৰ থাকিবলৈ ঘৰ নাই, খাবলৈ ভাত নাই! সেইচামে আকৌ নেদেখাজনৰ নামত পাগল হৈছে! আমাৰ শাস্ত্ৰই কয় “আগে চাউল কঠা পাছে হৰি কথা”৷ পেটত গামোচা পিন্ধি হৰি নাম ল’বলৈ কোনে কৈছে? মানুহে মানুহৰ মাজত ঘৃণা, হিংস্ৰতা সৃষ্টি কৰিবলৈ কোন ধৰ্মই কৈছে? আগতে মানুহ তাৰ পিছত বাকীবোৰ৷ সেই তাহানিতে চণ্ডী দাসে কৈছিল সকলোৰে ওপৰত মানুহ শ্ৰেষ্ঠ৷ আমাৰ চন্দ্ৰকুমাৰেও কৈ গৈছে- মানুহেই সেৱ, মানুহেই দেৱ, মানুহ বিনে নাই কেৱ..৷ ধৰ্মৰ পোচাক পিন্ধিলেই ধাৰ্মিক নহয়, ধাৰ্মিক হোৱাৰ আগতে মনুষ্যত্ব অৰ্জন কৰিব লাগিব৷ এই সাধাৰণ কথাটোকে যিয়ে বুজি নাপায় (নোপোৱাৰ ভাও ধৰে) সেই সকলৰ হাতত ধৰ্মতো দুৰৰ কথা মানুহৰ অস্তিত্বই বিপদাপন্ন৷ এনে লটকনবোৰক সমূলি প্ৰশ্ৰয় দিয়া উচিত নহয়৷ তেনেবোৰ সমাজ বিৰুদ্ধী চক্ৰ হৈছে সভ্যতাৰ শত্ৰু ৷

★★★★

5 Comments

Leave a Reply

Your email address will not be published.