ফটাঢোল

ছাৰ বুলি মাতিলে বেয়াই লাগে….. – বিদ্যুত বিকাশ দত্ত

দহবছৰমান আগৰপৰা মোৰ নামটো হেৰাল বুলিব পাৰি। শিক্ষক হোৱা সুবাদতে পঢ়োৱা ল’ৰা-ছোৱালীবোৰৰ উপৰিও দোকানী, পাচলি বেপাৰী, মাছৰ বেপাৰী আৰু বহু অভিভাৱকেও নামটোৰ সলনি ছাৰ বুলিয়েই মাতে। সঁচা কথা ক’বলৈ গ’লে তেনেকৈ মাতিলে মোৰো বেয়া নালাগে। কেতিয়াবা ভাব হয় জন্ম সাৰ্থক হৈছে। কিন্তু কেতিয়াবা এই শব্দটোৱে ভালকৈ পিং মাৰিও যায়। উদাহৰণ স্বৰূপে,-

(১)

যোৰহাটৰ হোটেল এখনত সোমাইছোঁ এপোৱামান ভূজিয়া কিনিম বুলি! ভূজিয়াৰ দাম সুধিছোহে, তেনেতে ওলালহি এজন পুৰণি ছাত্ৰ। স্থানীয় কলেজ এখনত নতুনকৈ সোমাইছে। দেখা পায়েই ছাৰ সৰ্বপল্লী ৰাধাকৃষ্ণণক লগ পোৱাৰ দৰে সন্মান যাচি এনেকুৱাখন কৰিবলৈ ল’লে যে হোটেলৰ মালিকে মোক বৰ ডাঙৰ আৰু গুণী জ্ঞানী লোক বুলি ভাবি ল’লে। লাজত মই পলাব লগা অৱস্থা। চতুৰ দোকানীয়ে মোক বিনামূলীয়াকৈ ফিকাচাহ একাপ যাচি এক কিলো ভূজিয়া বান্ধি দি ক’লে, -“ছাৰ এশ ছল্লিছ টকা হয়, আপুনি এশ ত্ৰিছ টকা দিয়ক।”

মোৰ তিনিজনীয়া পৰিয়ালটোত এক কিলো ভূজিয়া খাবলৈ এসপ্তাহ লাগিব। তথাপিও পইছাটো উলিয়াই দিলো। অন্ততঃ মোৰ ছাত্ৰজনৰ সন্মান ৰাখিব লাগিব!! পিছে ঘৰত ভূজিয়া খাঁওতে মোৰ কণমানি ছোৱালীজনীয়ে ক’লে,-“দেতা মায়ে সুধিছে এই এলুমিনিয়ামৰ তাঁৰৰ দৰে ভূজিয়া কাৰ দোকানত পায়??”

(২)

ঠাণ্ডা দিনত জাঁজীখন সন্ধিয়া বৰ সোনকালে নিজান জান হয়। ডিছেম্বৰ মাহৰ সন্ধিয়া এটাত যোৰহাটৰপৰা আহি জাঁজীত নামিছোহি। প্ৰায় চাৰে সাত বাজিছে। এখনো লাইনৰ অ’টো নাই। মই প্লেন কৰিছো একো গাড়ী নাপালে কাৰোবাৰ মটৰ চাইকেলতে যামগৈ। নহ’লেবা খোজেৰে যাম, আন নহ’লেও চন্দ্ৰকলাৰ দৰে দিনৌ বাঢ়ি অহা পেটটো কমিব। পিছে তেনেতে বাইক এখন ৰ’লহি। আৰোহী দুজন মোৰে একালৰ ছাত্ৰ। দুয়ো লাইন ধাৱাত সোমোৱাও নাই, ফ’ৰফৰ্টি টনিক খোৱাও নাই বুলি ঈশ্বৰৰ শপত খালেও বিশ্বাস কৰিব নোৱাৰা অৱস্থা। এজনে “নাই ছাৰ, আমি থাকোঁতে আপুনি খোজকাঢ়ি যাব নোৱাৰে” বুলি পিছত বহা উজুতিত মৰা জীৱটোক অলপ আগলৈ টানি ক’লে, “বহক”।
মই নবহাকৈয়ে জোখটো মিলাই চালোঁ, – জেগা আছে ৬ ইঞ্চি আৰু মোৰ পেটটো আছে প্ৰায় এফুট আগবাঢ়ি। গতিকে মই দুয়োকে ধন্যবাদ দি বিদায় দিলোঁ। পিছে খন্তেক পিছতে দুয়ো ঘূৰি আহিল আৰু ক’লে-” ছাৰ গাড়ী এখন পালোঁ। আপুনি তাতে যাওকগৈ।”

পুৰণা মাৰুতি ভেন। তাতে উঠি মই ঘৰ পালোঁহি। ভাড়া ৩০০ টকা। টকাকেইটা দিওঁতে মই ক’লো -“হেৰা ভাইটি, আমাৰ অ’টোৰ ল’ৰা কেইটাই ভাড়া ৮০ টকাহে লয়। ৰাতি বুলি এশমানহে ল’ব লাগিছিল নেকি?”

ল’ৰাটোৱে ক’লে “ছাৰ, মোক সিহঁতে জোৰ কৰিহে ধাৱাৰ ওচৰৰপৰা লৈ আহিছিল। মোৰ ঘৰ জয়সাগৰত। ক’লৈ কিমান ভাড়া মই নাজানো। মই গাড়ীৰে ডেডবডিহে কঢ়িয়াওঁ। ভাড়া বেছি হ’ল যদি কওক, বাকী পইছা মই ঘূৰাই দিম।”

ল’ৰাটোৰ উত্তৰত মই কঁপি গ’লো। একেজাঁপে গাড়ীৰ পৰা নামি ঘৰলৈ দৌৰ মাৰিলো। মনতে ভাবিলো,- ‘লাইফ ইজ কোৱাইট ছুপিৰিয়ৰ টু ৰূপিজ থ্ৰি হাণ্ড্ৰেড’।

(৩)

বাইদেউগৰাকী মোৰ তেতিয়াৰ সহকৰ্মী। চহৰতে ঘৰ। তেখেতৰ ঘৰৰ তলৰ মহলাটো বহুবছৰৰ পৰা অনুজ্ঞাপ্ৰাপ্ত বাৰ এখনক ভাড়া দি থৈছে।

বাইদেউহঁত ওপৰ মহলাত থাকে। ফোনেৰে যোগাযোগ থাকিলেও তেতিয়ালৈ মই তেখেতৰ ঘৰলৈ যোৱা নাই। গতিকে কোনফালে তেখেতসকল থকা ফালটো পাবগৈ পাৰি মোৰ কোনো জ্ঞান নাই।
তেনেকুৱা এটা দিনতে বাইদেৱে ফোন কৰিলে,- “থিয়েটাৰ চাবানেকি? মই আজি থিয়েটাৰলৈ নাযাঁও। টিকটটো এনেই থাকিব।”

এনেকুৱা এটা খবৰ পাই মই বৰ ভাল পালোঁ। বাইদেৱে পেট্ৰ‘ন টিকট লয়। লগে লগে “গৈ আছো” বুলি বাইদেউৰ ঘৰৰ আগত মটৰ চাইকেল ৰাখিলোঁগৈ।

তেনেতে এটা সমস্যা হ’ল। বাইদেউৰ ফোনটো নলগা হ’ল। বি এছ এন এল নম্বৰ। মই বিপাঙত পৰিলোঁ। ভিতৰলৈ কোনটো বাটেৰে যাওঁ। উপায় নাপাই বাৰৰ দুৱাৰ খুলি সোমাই গ’লোঁ। মই পানভোজন নকৰোঁ। গতিকে পানশালাৰ ভিতৰখন কেনেকুৱা হ’ব মোৰ সপোনৰো অগোচৰ আছিল। ভিতৰত গৈ দেখিলোঁ আন্ধাৰ-মুন্ধাৰ কোঠাটোত মৃদু সংগীত বাজি আছে আৰু তাতেই আঙুলি সোমোৱাব নোৱাৰাকৈ বহু গ্ৰাহকে “টনিকাৰণ্য”ত ডুব গৈ আছে। আন্ধাৰ-মুন্ধাৰৰ মাজতে দেখিলো মোৰ বহুকেইজন পুৰণি ছাত্ৰইয়ো তাতেই কেলি কৰি আছে।

মোক কাউণ্টাৰৰ ওচৰত ৰৈ থকা দেখি বাৰৰ মেনেজাৰে বিয়েৰ নে হুইস্কী সুধিলে। মই নাখালেও মদৰ নামবোৰ নজনা অকৰাও নহয়। পিছে বাৰৰ মেনেজাৰক বিনয়েৰে মোৰ উদ্দেশ্য ক’লো। তেওঁ মোক খন্তেক ৰ’বলৈ কৈ ল’ৰা এটাক বাইদেউৰ ওচৰলৈ পঠাই দিলে। আন্ধাৰ-মুন্ধাৰ পৰিবেশ। আধাঘণ্টামান ৰোৱাৰ পিছতো ল’ৰাটো নহাত মই পুনৰ মেনেজাৰক সুধিলো। মেনেজাৰে ল’ৰাটোক আকৌ মাতি আনিলে। ল’ৰাটোৱে ক’লে, ‘কাষ্টমাৰৰপৰা যাবই পৰা নাই।’ ইফালে বাৰম্বাৰ ফোন কৰিও বাইদেউক কণ্টেক্ট কৰিব পৰা নাই।

লাজে অপমানে মই ৰৈ থাকিলো। মাঘ মাহৰ প্ৰচণ্ড ঠাণ্ডাতো মোৰ কপালৰপৰা বিন্দু বিন্দু ঘাম ওলাই আহিছে। ঠিক ন যযৌ ন তস্থৌ অৱস্থা।

মই ৰৈ থাকোঁতেই আন সকলৰ দৰে মোৰ ছাত্ৰসকলেও বিল দি মোক মাত এষাৰ দি গৈছে। যিবোৰ ল’ৰাই মোক দেখিলে যথেষ্ট সম্ভ্ৰমেৰে মাত দিয়ে বা মিছাকৈ “কামোৰটো”ৰ পাল্লাত নপৰোঁ বুলি নমতাকৈ আঁতৰি যায়, সেইবোৰ ল’ৰাই আজি বাৰতো মোক বুকু ফিন্দাই মাত দি গৈছে। অৰ্থাৎ ছাৰ, আপোনাৰ আৰু আমাৰ এতিয়া একো পাৰ্থক্য নাই। হয়তো আপুনি দামীটো খাই চিকেনৰ লগত, আমি সস্তীয়াটো খাওঁ ভজাবুটৰ লগত। মুঠতে আমি আৰু আপুনি ভাই ভাই।

মোৰ দৌৰি পলাম যেন লাগিল। কিন্তু লগৰ দুজনক পেট্ৰ‘নত ফ্ৰী থিয়েটাৰ দেখুৱাম বুলি বাহাদুৰি মাৰি আহিছো, টিকেটটো নাপালে লাজত মৰিব লাগিব।

অৱশেষত বাইদেৱে খবৰটো পাই খটখটিৰে নামি আহিল আৰু টিকটখন আগবঢ়াই দি ক’লে,-“ব’লা, চাহ একাপ খাই যাবা”।

মই চাহ খাবলৈ নগ’লোঁ। ইমান দেৰি যিখিনি খালো, সেয়া এটা কন্টিনেন্টেল মিলতকৈও বহু ওপৰৰ হৈ পৰিছিল!

বাৰখনৰ কাষেদি ওলাই আহোঁতে এজন অভিভাৱকক লগ পালোঁ। ইতিমধ্যে তেওঁ বাৰখনৰ চুকৰ টেবুল এখনত বহি দবাই থকা দেখি আহিছিলোঁ। আনকালে তেওঁ মোক দেখিলে বৰ ভালকৈ মাতে। বাৰত চাগে তেওঁ মোক আঁৰ চকুৰে দেখিছিল। গতিকে বাহিৰত দেখা পাই তেওঁ মোলৈ চাই কটাক্ষযুক্ত হাঁহি এটা মাৰি ক’লে -“কালিলৈ আহক ছাৰ। মহলত আমাৰ ‘খুলালী’টো থাকে নহয়। মই চিকেন লৈ আহিম। লগত হেনান ড্ৰাইভাৰকো লৈ আহিম। মস্তি জমিব।”

মই তেওঁক যিমানে বুজালোঁ যে মই তালৈ মদ খাবলৈ যোৱা নাই। কিন্তু তেওঁ সিমানে নুবুজা হৈ পৰিল। আজিও লগ পালে তেওঁ কয়, -“ছাৰ আহকনা এদিন। মহলতে……………।

☆★☆★☆

3 Comments

  • অভিজিৎ কলিতা

    হা হা। সুন্দৰ ব্যংগ। ভাল লাগিল

    Reply
  • সদানন্দ ভূঞা

    ছাৰ নমস্কাৰ । সুন্দৰ ব্যঙ্গ ৰস ৰচনা ।

    Reply
  • Anonymous

    অতি ৰসাল বর্ণনা…

    Reply

Leave a Reply

Your email address will not be published.