ফটাঢোল

ছেল্ফি কাণ্ড – সুনীল কুমাৰ বৰা

কথাটোত আগতে কোনেও পাত্তা দিয়া নাছিল। মানুহটোৱে ৰুটিন মাফিক মদ খায়। ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া । এই তিনিওটা প্ৰহৰতে,তিনিটা নির্দিষ্ট সময়ত। কাউৰীৰ লগতে মানুহটোৱে শােৱাপাটী এৰে। গােহালিৰ পৰা গৰু উলিওৱাৰ লগতে কেতবােৰ নিত্য নৈমিত্তিক কাম কৰি মানুহটো চোতাল পায়গৈ। আমজোপাৰ তলত অথবা লিচুজোপাৰ তলত অথবা বগৰীজোপাৰ তলত, এইদৰে ‘ঋতুভেদে মানুহটোৱে স্থান সলনি কৰি তলসৰা ফলবােৰ জব্দ কৰে। ঠিক এইখিনি সময়তে হকাৰটো আহি মানুহটোৰ পদুলি পাৰ হয়। পদুলিমখৰ কেকুঁৰিটোত জমা হৈ থকা সৰু সৰু শিলগুতিবােৰত লাগি হকাৰষ্টোৰ চাইকেলখন খিলিংখালাংকৈ বাজি উঠে। এই শব্দবােৰেই সময়বাচক শব্দ। ঘড়ী-মোবাইল আদিৰ দৰে সময়সূচক যন্ত্রৰ লগত সম্পর্ক নথকা মানুহটাৱে এই সময়বাচক শব্দবােৰতে সময়ৰ উমান লয়। চিধাই আহি মানুহটো শােৱনি কোঠাত সােমায়। বিচনাৰ তুলি ডাঙি হিচাপৰ পইচা এটা লৈ চুৰীয়াৰ খােচনিত ভৰায়। তাৰ পিছত মানুহটোৱে বাট লয়। ঠিক গঢ়ে অহা-যােৱা কৰাৰ দৰেই বাটতাে। পথৰুৱা বাটতােৰে আহি মানুহটো মিচিং গাঁওখনৰ নিদিষ্ট মানুহ কেইঘৰত উপস্থিত হয়।
— বাইদেও ফটিকা অকণ দে
– কিমান লাগিব
– আধা বটল। আৰু শুন নিমখ-জলকীয়া অকণাে উলিয়াই দিবি।
চোতালৰ বেঞ্চখনতে বহি মানুহটোৱে ফতিকা খাবলৈ আৰম্ভ কৰে। নােদোকা মাইকী গাহৰীজনী আৰু পােৱালিকেইটা ঘোঁ-ঘোঁ শব্দ কৰি ওচৰ চাপি আহে। আদবয়সীয়া মেথনি মৰা মাইকী মানুহজনীয়ে গাহৰী জাকটো খেদি দিয়ে। ফটিকা খােৱা মানুহটোৰ লগত দুই এষাৰ কথা আদান-প্রদান কৰে। কথাবােৰৰ বেছিভাগেই খেতি-বাতি.শাক-পাচলিৰ। ঠিক সেইখিনি সময়তে নামনিমুৱা নাহৰলগুণ এক্সপ্ৰেছখন ষ্টেচনটোত ৰখায়। এটা দীঘলিয়া উকিৰ শব্দত ৰাতিপুৱাটো তৎপৰ হৈ উঠে। এই শব্দবােৰেই সময়বাচক শব্দ। ঘড়ী-মবাইল আদিৰ দৰে সময়সুচক যন্ত্রৰ লগত সম্পর্ক নথকা মানুহটোৱে এই সময়বাচক শব্দবােৰতে সময়ৰ উমান লয় । এইবাৰ মানুহটোৱে ওভটনি বাট লয়। ঠিক গড়ে অহা-যােৱা কৰাৰ দৰে বাটতােৰেই মানুহটো ঘৰ পায়গৈ । ঘৰত ইতিমধ্যে চোতাল সৰা হৈ গৈছে। ছােৱালীজনী আৰু লৰাতো বিচনাৰ পৰা উঠাই নাই। ঘৈণীয়েক গা-ধােৱা ঘৰত সােমাইছে। মানুটোৱে চোতালৰ পৰা গৰুকেইটা নি পথাৰ পােৱায়গৈ | ঘৰ আহি পােৱালে বাৰান্দাৰ বেঞ্চখনত চাহ-জলপান মজুত থাকে। সেইমুঠি খায়েই মানুহটো বাৰীত সােমায়। খুচুং-খাচাং.লাগতিয়াল অলাগতিয়াল, আধৰুৱা ইত্যাদি অনেক কামত মানুহটো ব্যস্ত হৈ পৰে। এটা সময়ত ৰদ চোকা হৈ আছে। মানুহটোৰ কামবােৰাে খৰ হৈ আহে। ঠিক সেইখিনি সময়তে ডাকোৱাল উভতি আহে ওচৰৰে ডাকঘৰটোৰ পৰা। চিঠি বুলিবলৈ আজিকালি একোৱেই নাথাকে। চাইকেলৰ বাকচটোত থাকে বি.এচ.এন.এলৰ টেলিফোন বিল অথবা পান কার্ড অথবা ইঞ্চিউৰেঞ্চৰ কাগজ অলপ। মানুটোৰ ওচৰেদি পাৰ হৈ যাওঁতে ডাকোৱালৰ চাইকেলখন অলপ ধীৰ হয়। চকুত চকু পৰিলেই হাঁহি এটা ওলায়।
– জিকা নেকি ?
– নহয় লেচেৰা মাহ। কাম কৰি থকাৰ পৰাই মানুহটোৱে উত্তৰ দিয়ে।
– পুলি গজিছে নে ?
– অলপ-অচৰপ।
খিলিং-খালাং শব্দটোৰে ডাকোৱালজন যায়গৈ। এই শব্দবােৰেই সময়বাচক শব্দ। ঘড়ী মোবাইল আদিৰ দৰে সময়সূচক যন্ত্ৰবােৰৰ লগত সম্পৰ্ক নথকা মানুহটোৱে এই সময়বাচক শব্দবােৰত সময়ৰ উমান লয়।তাৰ পিছত মানুহটোৱে বাট লয়। ঠিক গড়ে অহা-যােৱা কৰাৰ দৰেই বাটতাে। পথৰুৱা বাটতােৰে মানুহটো আহি উপস্থিত হয়। মিছিং গাঁওখনৰ নির্দিষ্ট মানুহকেইঘৰত।
– বাইদেউ ফটিকা অকণ দে
– কিমান লাগিব।
– আধা বটল। আৰু শুন নিমখ-জলকীয়া অকণো উলিয়াই দিবি।
জখলাৰে উঠি গৈ মানুহটোৱে চাংঘৰৰ বাৰাণ্ডাত ফটিকা খাবলৈ আৰম্ভ কৰে। গাঁওখনত আগ-দুপৰীয়াটো নিজম-নিতাল। আচলতে গাঁওখনত সেইসময়ত মানুহো কম থাকে। কামিলা মানুহবােৰ কামৰ পৰা ওভতি অহাৰ সময় নহয় । আৰু অকামিলাবােৰ ব্যস্ত থাকে তাচৰ খেলাত অথবা কেৰমৰ চৌপাশে। ফটিকাৰ লগত এই নিৰৱতাখিনি মানুহটোৱে পুৰামাত্রাই উপভােগ কৰে। ঠিক সেইখিনি সময়তে মতা কপৌ কেইটাই ডিঙি ফুলাই ফুলাই ৰুণ দিয়া আৰম্ভ কৰে । মুৰংঘৰৰ ওচৰতে কেন্দুজোপা আৰু কেন্দুজোপাতে সিহঁতৰ স্থায়ী ঘৰ। কপৌজাকৰ ৰুণ দিয়া শব্দত দুপৰীয়াতো ভৰ হৈ আহে। এই শব্দবােৰেই সময়বাচক শব্দ। ঘড়ী-মোবাইল আদিৰ দৰে সময়সূচক যন্ত্ৰবােৰৰ লগত সম্পর্ক নথকা মানুহটোৱে এই সময়বাচক শব্দবােৰতে সময়ৰ উমান লয়। তাৰ পিছত মানুহটোৱে ওভতনি যাত্ৰা আৰম্ভ কৰে। ঠিক গঁড়ে অহা-যােৱা কৰাৰ দৰে বাটটোৰে মানুহটো আহি ঘৰ পায় । ঘৰত মানুহটোৰ বাবে ভাতৰ থালি মজুত থাকে। এমুঠি খায়েই মানুহটো ভঁৰালৰ দিশে গতি কৰে। ইয়াত এজোপা লিচু গছ থাকে। আৰু তাৰ তলতে থাকে বােপা-ককা দিনৰ বেতৰ চকীখন। এই চকীখনতে মানুহটোৱে জিৰণী লয়। অথবা টোপনি মাৰে অথবা আকৌ সজীৱ হােৱাৰ চেষ্টা কৰে। বেলি পশ্চিমমুখী হবলৈ ধৰাৰ সময়তেই মানুহটো চকীখনৰ পৰা নােহােৱা হয়। খুচুং-খাচাং লাগতিয়াল অলাগতিয়াল,আধৰুৱা ইত্যাদি অনেক কামত মানুহটা ব্যস্ত হৈ পৰে। বেলি ডুবাে ডুবো সময়তে মানুহটো গৰুকেইটা লৈ গােহালিত উপস্থিত হয়হি। ঠিক সেইখিনি সময়তে নামঘৰত ডবা বাজি উঠে। ডবাৰ শব্দৰ লগে লগে ডাউকৰ স্বতঃস্ফুর্ত কোলাহল। এই শব্দবােৰেই সময়বাচক শব্দ। ঘড়ী-মোবাইল আদিৰ দৰে সময়সূচক শব্দবােৰৰ লগত সম্পর্ক থকা মানুহটোৱে সময়াবাচক শব্দবােৰতে সময়ৰ উমান লয়। আৰু ইয়াৰ পিছতেই মানুটোৱে বাট লয়। ঠিক গঁড়ে অহা-যােৱা কৰাৰ দৰে বাটতাে। পথৰুৱা বাটতােৰে আহি মানুহটো মিছিং গাঁওখনৰ নির্দিষ্ট মানুহকেইঘৰত উপস্থিত হয়গৈ।
– বাইদেউ ফটিকা অকণ দে
– কিমান লাগিব
– আধা বটল। আৰু শুন নিমখ-জলকীয়া অকণাে উলিয়াই দিবি।
……. এইদৰেই মানুহটোৱে ৰুটিন মাফিক মদ খায়। ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া। এই তিনিওটা প্ৰহৰতে তিনিটা নির্দিষ্ট সময়ত। ৰুটিন মাফিক জিন্দেগীত মচগুল মানুহটো কোনােদিন চৰ্চালৈ অহা নাছিল। হয়তো নাহিল হেঁতেনাে। কিন্তু সেইদিনা সন্ধিয়া ওভতনি যাত্ৰাত এটা কাণ্ড ঘটিল। সেইদিনা সন্ধিয়া তিনিআলিৰ আড্ডাটো দেৰিলৈকে আছিল। পিকু পান ভাণ্ডাৰৰ বাৰাণ্ডাৰ লাইটতোত এজাকমান উইপােকে খুন্দিয়াই আছিল। আড্ডাত মচগুল ডেকাজাকৰ মাজত হঠাৎ মানুহটোৰ আবিৰ্ভাৱ ঘটিল। উদ্দেশ্য আছিল এখন তামােল খােৱাৰ । ৰুটিন মাফিক জিন্দেগীৰ মানুহজনক পাই আড্ডাটো উৎফুল্লিত হৈ পৰিল। তৎমুহুর্ততে মানুহটো আড্ডাতোৰ কেন্দ্রীয় চৰিত্ৰ হৈ পৰিল। এইবােৰৰ মাজতে ৰাজীৱে মানুহটোৰ চেলফি এখনো ললে। ফতিকা খােৱা মানুহটোৱে মোবাইলৰ ফ্লেছ লাইটৰ পােহৰত অদ্ভুত ভাৱে ধৰা দিলে। কিন্ত এটা ৰূপ। ঠিক গাহৰীয়ে তােলা চেল্‌ফিৰ দৰে৷ আড্ডাটোৰ অন্ত পৰিল।

কিন্তু অদ্ভুত কাণ্ড এটাৰ আৰম্ভণি ঘটিল। ৰাজীৱে সেইদিনা ৰাতিয়েই ফটোখন ফেচবুকত আপলােড কৰিলে। মুহুৰ্ততে চেলফি খনত লাইক আৰু কমেন্টে ভীৰ কৰিলে। দুৰাতিৰ ভিতৰতে ফটখনে মিউচুৱেল ফ্রেন্ড লিষ্ট বাগৰি পংকজৰ টাইমলাইনত ভূমুকি মাৰিলেগৈ। পংকজ চুবুৰীয়া গাঁওখনৰ লৰা। ৰশ্মিৰ প্রেমিক। ৰশ্মিৰ ইজ্জতেই এতিয়া পংকজৰ ইজ্জত। ৰুটিন মাফিক মদাহীটোৰ জীয়েক ৰশ্মিৰ কাণত কথাটোৱে বেলেগ ৰূপত ধৰা দিলে। সাধাৰণ কথাটো অসাধাৰণ হৈ পৰিল। ৰশ্মিয়ে পােনছাটেই গাওঁবুঢ়াৰ ওচৰ চাপিল। সেইদিনা আবেলিলৈ গাওঁবুঢ়াৰ চোতালত ৰাইজ মেল বহিল। ফেচবুক, চেলফি,লাইক,কমেন্ট ইত্যাদি শব্দবােৰ বুঢ়াসকলৰ মূৰৰ ওপৰেৰে গুচি গল । অল্প বিদ্যামতী ৰশ্মিয়ে ঘেঁহাই-ঘেঁহাই আপ্রাণ চেষ্টা কৰিলে ৰাইজক বুজাবৰ। কিন্তু ষাঠিৰ্ধোৰ মানুহ কেইজনে হামিয়াই হামিয়াই গাওঁবুঢ়াক মেল সামৰাৰহে ইংগিত দিলে ,
– আইজনী, তােৰ কথাটো আমি ধৰিব পাৰিছাে। পিছে আমি হলাে ঘােষা,ৰামায়ণ,মহাভাৰত এইবিলাক পঢ়া মানুহ। ফেচবুকখন আমি পঢ়া নাই। যি হল হল। গাঁৱৰে লৰা-ছােৱালী তহঁত। কাজিয়াখন সামৰি মিলাপ্ৰীতিৰে থাকহঁত আৰু। গাওঁবুঢ়াই সমিধানটো ঠিকেই দিলে। কিন্তু ৰাতিলৈ ৰশ্মিয়ে আন এটা সমিধান পালে। সমিধানটো পালে প্রেমিক পংকজৰ পৰা। গােচৰীয়া ৰশ্মিৰ প্রেমিক পংকজৰ লগত পদকীয়া ৰাজীৱৰ পুৰণা শত্রুতা আছিল। হিচাপ-নিকাচৰ সুযােগতো সেয়ে পংকজেও এৰি দিব বিচৰা নাছিল। পংকজৰ সমিধান মতেই ৰশ্মিয়ে ৰাতিপুৱাই থানা পালেগৈ। ইফালে পিকু পান ভাণ্ডাৰৰ আড্ডাটোত এই কথাটোৱে তােলাপাৰ লগালে। সকলাে আচৰিত,কিদৰে সাধাৰণ ঘটনা এটাই জটিল ৰূপ লব পাৰে। সাধাৰণ চেলফিখনেই এতিয়া ৰাজীৱৰ ডিঙিৰ কঁাইট হৈ পৰিল। কুলিৰ কণী ফুটি কাউৰী ওলাল। ৰুটিন মাফিক মদাহীটোৰ গাহৰীমুৱা চেলফি খনে কোনােদিন চৰ্চালৈ নহা মানুহটোক হাৱা দিলে ঠিকেই, পিচে ৰাজীৱৰ হে হাৱা বাহিৰ হল। ভাগ্য ভাল, বন্ধুমহলত হঠাৎ চাণক্য এজনৰ আবিৰ্ভাৱ ঘটিল | চাণক্যৰ পৰামর্শ মতেই ৰাজীৱে আবেলিলৈ ৰুটিন মাফিক মদাহীজনক লৈ থানা পালেগৈ। কেছতো ডিছমিছ কৰাই দাৰােগাৰ পকেটত দুহাজাৰ টকীয়া নােট এখন ভৰাই থৈ আহিল। দাৰােগাৰ কথামতেই মানুহজনৰ পকেটতাে এশটকীয়া তিনিখন ভৰাই দিলে। বচ খেল খতম। সেউজীয়া নােট কেইখন দেখি মানুহটোৰ মুখখনাে ততালিকে সেউজীয়া হৈ পৰিল। থানাৰ পৰা ঘূৰি আহি ৰাজীৱে মানুহটাক তিনিআলিতে নমাই দিলে। আৰু মানুহজনেও বাই ললে। ঠিক গড়ে অহাযােৱা কৰাৰ দৰে বাটতােৰে…….।

☆★☆★☆

7 Comments

  • হেমন্ত কাকতি৷

    অলপ ব্যতিক্ৰমী, মজা লাগিল৷ ৰিপিট বাক্য কেইটা কিবা এটা কবিতা কবিতা যেন ভাৱ হ’ল৷

    Reply
  • Rintumoni Dutta

    ব্যতিক্ৰমী লিখা, ভাল লাগিল পঢ়ি।

    “নিমখ-জলকীয়া” লগাই সুস্বাদু কৰি দিলে লিখাটো

    Reply
  • কাবেৰী মহন্ত

    এক লয়লাস সাহিত্যৰ অনুভৱ হল..স্বাদ টো বেলেগ বাবে আৰু ভাল লাগিল..

    Reply
  • Kamala das

    অলপ ব্যতিক্ৰমি লিখনি।ভাল লাগিল।

    Reply
  • Rajib Sarma

    সময়ত চলা মানুহটোৰ কাহিনী, চেলফী কাণ্ড ই নোৱাৰিলে কৰিব আথানি।বৰ ভাল লাগিল।

    Reply
  • সদানন্দ ভূঞা

    অলপ বেলেগ লিখনি, ভাল লাগিল ।

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.