ফটাঢোল

জংগলত ক্ৰিকেট – সৌৰভ শৰ্মা

এক প্ৰতিযোগিতা অনুস্থিত হ’ব জংগলত। বৃহৎ আয়োজন। সকলোৱে নিজৰ দল সাজু কৰি অনুশীলনত নামি পৰিছে। ৱাইল্ড লাইফ ক্ৰিকেট টুৰ্নামেণ্টখনৰ ব্যয় বহন কৰিছে চৰকাৰে। বৰ্তমান বান্দৰ বাহিনীৰ চৰকাৰ শাসনত আছে। সেয়ে বজৰং একাদশে এটা শক্তিশালী দল গঠন কৰি কঠোৰ অনুশীলনত ব্যস্ত।

বজৰং একাদশে জানে ক্ৰিকেট মানুহৰ খেল। হাত ভৰিৰ সমান ব্যৱহাৰৰ হয়৷ গতিকে বাঘ, সিংহ, ভালুক আদি হিংস্ৰ জন্তু এনেয়ো হাৰিব। কিন্তু প্ৰত্যাহ্বান আহিব গৰিলা, ছিম্পাজী, কেৰ্কেটুৱা আদিৰ পৰা।
বজৰং একাদশৰ একটিং কেপ্তেইন বৰলানন্দ আৰু ভাইছ কেপ্তেইন হলাহল বসন্ত আলোচনাত ব্যস্ত।

বৰলানন্দ: মোক একটিং কেপ্তেইন কৰি আমাৰ টিম মেনেজাৰে কিখন কৰিব লৈছে। হাৰিলে হাৰিম কিন্তু ক্ৰিকেট খেলৰ নিয়ম পৰিবৰ্তন কৰিবলৈ যাব কিয় লাগে? এতিয়া সমগ্ৰ জীৱ কূলে আমাক বেয়াপোৱা হ’ল।

হলাহল বসন্ত: আপুনি চিন্তা নকৰিব, মই সব মেনেজ কৰিম। দুটা মান প্ৰতিবাদী সংগঠনতো মোৰেই। মই ধন-বিত দি ৭০টা সংগঠনৰ মাজত সোমাই থাকিবলৈ দিছোঁ। যাতে ভিতৰুৱা কথাবোৰ গম পাওঁ।

বৰলানন্দ: সেই কাৰণে তোমাক ভাল লাগে।

হলাহল বসন্ত: হাঃহাঃ সিহঁতক দ্বায়িত্ব দিয়া আছে প্ৰয়োজনত যাতে ৭০ৰ ৫০টাক ফালৰি কটাই আনিব পাৰে। Cricket amendment by law (CAB )খন গৃহীত হ‘বয়েই। নহ’লে আমি বিদেশী দৰ্শক নাপাম। সেইকথাটো ৰাইজক বুজোৱা দায়িত্ব মোৰ, আপুনি চিন্তা নকৰিব। গড়িলা বাহিনী আমাৰ বন্ধু আছিল, কেব ইছুলৈ আঁতৰি গৈছে। কিন্তু মেছ ফিক্স কৰি থৈছোঁ। সিহঁতৰ চিন্তাও নকৰিব।

বৰলানন্দ: কি জিনিছ হে তুমি ইমান আগবাঢ়ি আছা। বাপৰে মোৰ প্ৰেছাৰ নৰ্মেল হৈ গ’ল। কিন্তু প্ৰধান প্ৰতিদ্বন্দ্বী আৰু বিৰোধীক কি কৰিবা।

হলাহল বসন্ত: ধেই যেতিয়া মোক সকলোৱে খেদি দিছিল, তেতিয়া মই তেওঁলোকৰ তাত আশ্ৰয় লৈ প্ৰায় তিনি দশক সিহঁতৰ তাত আছিলোঁ। গতিকে সিহঁতৰ আভ্যন্তৰত কলহ লগাই দিব পাৰিম।

বৰলানন্দ: সেইটো কেনেকৈ পাৰিবা ?

হলাহল বসন্ত: সিহঁতৰ ঘৰতো মোৰ এজেণ্ট আছে।

বৰলানন্দ: বুজিলোঁ, সব মেনেজ কৰিব পাৰিবা। কিন্তু এই ক’লা পেণ্ট বগা চোলা পিন্ধা এম্পেয়াৰকেইটাক কি কৰিবা। সিহঁতেও আমাৰ বিৰুদ্ধে আছে।

হলাহল বসন্ত: সিহঁতৰ পোচাক বগা পেণ্ট বগাচোলা কৰি দিম।

লগতে বাচ্ছে বুঢ়ে, নাৰী-নৰ
চফেদ লাগাও চব পৰ ।।

চেৰী জোতাৰ ৰঙৰ বিজ্ঞাপনৰ দৰে আমি ক’লা নিষিদ্ধ কৰাৰ বাবে বগাৰঙৰ ব্যৱহাৰ কৰিম।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.