ফটাঢোল

জতুৱা-ঠাঁচ (ঠাঁচ মানে চৰ) – পল্লৱী কলিতা

নতুনকৈ বিয়া হৈ গৈছোঁ। ভাত খাবলৈ গোটেইবোৰ একেলগে বহোঁ। ভাত নাওমান লওঁ‌ আৰু। প্ৰথম দুদিনমান আকৌ এবাৰ ভাত খোজাৰ লাজত আধা পেটী হৈ মনে মনে শুই থাকোঁগৈ। তৃতীয় দিনলৈ নোৱাৰিলোঁ আৰু৷ খুজিলোঁ নহয় আকৌ এবাৰ ভাত। সৱৰে মুখত হাঁহি, বোলে ন-কইনাই ভাত লৈছে প্ৰথম বাৰ। ভাত খাই শেষ কৰোঁ মানে শাহুৱে জোৰ কৰি আকৌ এবাৰ দি দিয়ে-

“আজি ইমান ভাল পাইছোঁ তুমি যে তৃপ্তিৰে ভাত সাজ খাইছা!”

“মা আৰু নোৱাৰিম পেট ভৰি গল।” এই বুলি কৈ আছোঁ৷ কিন্তু মায়ে মৰম ঢালি আছে ঢালিয়েই আছে। মই আৰু মিচিক কে হাঁহি মাৰি কলোঁ‌-

“ই চল পাই কুকুৰে গললৈকে জঁপিয়াই৷”

হঠাৎ সৱ চুপ! মই বোলো কি হ’ল!

পাছত আমাৰ এখেতে বোলে-

“তুমি কিয় ইমান অসমীয়াত জোৰ দিয়া আই? নিদিবা! আমাৰ কাৰণে তুমি এনেকৈয়ে ভাল।”

(বি: দ্ৰ: ঘৰত কৈ পঠিয়াইছিল বোলে মোৰ শহুৰৰ ঘৰত সাহিত্যৰ চৰ্চা খুব হয়। ময়ো চান্স এটা লৈছিলোঁ‌।)

☆★☆★☆

10 Comments

  • জয়ন্ত দাস

    সুুন্দৰ৷

    Reply
    • Anonymous

      ইয়!! মই নাজানোৱেই মোৰ কৌটুক ইয়াত উলাইছে। ধন্যবাদ 😀

      Reply
  • Dhurjjati

    He he

    Reply
  • সৌৰভ শৰ্মা

    এইটো কৌতুক গ্ৰুপত ৪বাৰ মান আৰু আজিও দুবাৰ পঢ়িলোঁ। বহুতোকে পঢ়ুৱাইছো। 😀😀😀😀😀😜😜😜😜😜😜😜😜😜😜

    Reply
  • ৰূপাঞ্জলী

    মোৰ প্ৰিয় কৌতুক হৈ পৰিছে।

    Reply
  • Suntu

    চুপাৰ্ব

    Reply
  • হাঃ হাঃ হাঃ হাঃ

    Reply

Leave a Reply

Your email address will not be published.