ফটাঢোল

জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে কথোপকথন

“মোৰ ভিতৰতো এখন নৰক আছে”

বেলিৰ দৰেই তুমি ৰ’দ জলমল জিলিকি উঠিছা

কি উত্তাপ তোমাৰ
প্ৰেম নহয় যেন কোনো যুদ্ধক্ষেত্ৰৰ ৰাইফলবাহী সেনানী

চিতাৰ বুকুৰ পৰা উৰি অহা এটা চৰাই

পথাৰত পৰি থকা বিদ্ৰোহী যুৱকজনৰ বুকুৰ শুকাই যোৱা তেজ খিনি

তুমি সিমান ৰঙা
মোৰ প্ৰেমৰ দৰে

অস্থিৰ অশান্ত সময়, শোষণ আৰু শোষক, বিদ্ৰোহ, অবদমন, শোক, মানৱ মনৰ জটিল মনঃস্বস্ত, অপৰূপ চিত্ৰকল্প সকলো সাঙুৰি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ সৃষ্টি যদিও মানুহৰ মন-গহনত তেওঁৰ আছুতীয়া স্থান একমাত্ৰ তেওঁৰ প্ৰেমৰ কবিতাসমূহৰ কাৰণে৷ কবিৰ ভাষাত “সৰল মনৰ সৰল প্ৰকাশ” বাবেই হয়তো তেওঁৰ কবিতা সাধাৰণ শ্ৰমজীৱী জনতাৰো কণ্ঠস্থ৷ কেৱল কণ্ঠস্থই নহয়, প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা সাধাৰণ মানুহৰ গভীৰ অন্থঃস্থলৰ পৰা নিগৰি ওলোৱা যেন প্ৰভাতী প্ৰাৰ্থনা৷ যৌৱনদীপ্ত তৰুণৰ কাৰণে তেওঁৰ কবিতা যেন উত্তাল সমুদ্ৰৰ ঢৌ৷ তেওঁৰ প্ৰেমৰ কবিতাই অসমীয়া কাব্যৰ জগতত ইতিমধ্যেই সৃষ্টি কৰিছে এক সুকীয়া ধাৰাৰ৷ কবিতাই প্ৰণৱ কুমাৰ বৰ্মনৰ পৰিচয়, কবিতাই প্ৰণৱ কুমাৰ বৰ্মনৰ উশাহ৷ প্ৰণৱ কুমাৰ বৰ্মন মানুহজনৰ বিষয়ে ইয়াতকৈ বেছি আৰু একো ক’ব নোৱাৰি৷

ব্যক্তিগতভাৱে প্ৰণৱদাৰ সৈতে মোৰ হৃদ্যতা বহুদিনৰ৷ ‘ফটাঢোল’ আলোচনীখনৰ ‘সাক্ষাত্‍কাৰ’ৰ দায়িত্ব আহি পৰাৰ লগে-লগে মুখৰ আগলৈ পোণ-প্ৰথমে প্ৰণৱদাৰ নামটোকেই মনলৈ আহিল৷ প্ৰণৱদাৰ পৰা সময় বিচাৰিলোঁ৷ একেষাৰে ক’লে – আঁহা৷ গ’লোঁ৷ কিন্তু নাই, কথা এটা সুধিলে তাৰ উত্তৰত যিবোৰ কথা ওলাই, সেইবোৰ কোনোপধ্যে আলোচনীত চপাব নোৱাৰি৷ সময় গৈ থাকে, আড্ডা জমি থাকে৷ এঘণ্টা দুঘণ্টা নহয়, অৱশেষত এটা দীঘল ৰাতি পোহৰ হৈ গ’ল৷ মই জানো প্ৰণৱদা এনেকুৱাই৷ যেতিয়াই প্ৰণৱদাক লগ পাইছোঁ, তেতিয়াই প্ৰণৱদাৰ আশে-পাশে মানুহ দেখিছোঁ৷ এই মানুহবোৰ তেওঁৰ বন্ধু, অনুৰাগী, তেওঁক ভালপোৱা মানুহ আৰু প্ৰণৱদাৰ লগত যিয়ে আড্ডাত বহিছে, তেওঁ জানে যে “এই আড্ডাৰ অন্ত ইমান সহজ নহয়৷” কিন্তু এই আড্ডাৰ কথাবোৰ মই আলোচনীৰ বাবে কেনেকৈ লওঁ!

সাক্ষাত্‍কাৰ ল’বলৈ গৈ তিনিদিন দেশ-বিদেশৰ মেল পতাৰ পিছত ঠিক কৰিলোঁ যে- এনেকৈ নহ’ব৷ কাগজ-কলম লৈ মই প্ৰণৱদাক ক’লোঁ যে “এয়া লওঁক আমাৰ প্ৰশ্ন আৰু আপুনি উত্তৰবোৰ লিখি দিয়ক৷” সেয়াই হ’ল৷ কাগজ-কলম লৈ প্ৰণৱদা বহিল৷ মই দুকাপ চাহৰ অৰ্ডাৰ দিলোঁ৷ অৱশেষত ‘ফটাঢোল’ৰ হৈ মই সোধা প্ৰশ্ন আৰু প্ৰণৱদাৰ উত্তৰ এয়া আপোনালোকৰ সন্মুখত ..

ফটাঢোল: এজন প্ৰতিভাৱান ছাত্ৰ হিচাপে জীৱন আৰু জীৱিকাৰ হাজাৰটা পথ খোলা থকাৰ পিছতো ‘কবিতাকে জীৱন’ কৰি লোৱাৰ আঁৰত কোনবোৰ কাৰকে আপোনাক ক্ৰিয়া কৰিছিল?

প্ৰণৱ কুমাৰ বৰ্মন: বেলেগ, অন্য কামৰ বাবে প্ৰয়োজনীয় ধৈৰ্য, শিকাৰ আগ্ৰহ আৰু যোগ্যতা নাই বাবেই কবিতাকে জীৱন বুলি গ্ৰহণ কৰিছোঁ৷

ফটাঢোল: ‘কবিতা’ সমাজ পৰিৱৰ্তনৰ কাৰক হ’ব পাৰেনে? অসমৰ পটভূমিত অকণমান অনুভৱ জনাওকচোন৷

প্ৰণৱ কুমাৰ বৰ্মন: য’ত বিপ্লৱৰ বাবে সমাজ উন্মুখ তাত কবিতা সমাজ পৰিৱৰ্তনৰ কাৰক হৈ পৰে৷ অসমতো অসম আন্দোলন, আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ তুংগ সময়ত কবিতাই তেনে কাৰক হ’বলৈ আগবাঢ়িছিল৷ কিন্তু সংগ্ৰামৰ সাময়িক ব্যৰ্থতাই কবিতাক পৰিৱৰ্তনৰ উদ্দেশ্যৰ পৰা দূৰলৈ লৈ গ’ল৷

ফটাঢোল: সাধাৰণ মানুহৰ মাজত কবিতাক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা আটাইতকৈ বেছি৷ কৃষক, বনুৱা, ৰিক্সাৱালা, ঠেলাৱালাৰ কণ্ঠতো আপোনাৰ কবিতাৰ গুণগুণ আমি শুনো৷ আপোনাৰ কবিতাত এনে কি আছে, যি আপোনাৰ অগ্ৰজ কবিসকলৰ নাই? আপুনি কি ভাবে?

প্ৰণৱ কুমাৰ বৰ্মন: সৰল মনৰ সৰল প্ৰকাশৰ বাবে|

ফটাঢোল: সমালোচকসকলে আপোনাৰ কবিতা ‘শ্লোগানধৰ্মী শব্দৰ বাহাৰ’ বুলিও কৈছে৷ তাৰোপৰি বহু সমালোচকে আপোনাৰ কবিতাক ‘শ্ৰেষ্ঠতম স্বীকৃতি যেন দিব খোজা নাই৷ এইক্ষেত্ৰত আপুনি কি ক’ব?

প্ৰণৱ কুমাৰ বৰ্মন: শ্লোগানধৰ্মীতাৰ বাবে নেৰুদা, হিকমত্‍ হঁতৰ দৰে কবিতা সমালোচিত৷ হীৰুদাকো বহুতে সমালোচনা কৰিছে৷ মই সমালোচকক সন্তুষ্ট কৰিব পৰা কোনো পথেৰেই যাত্ৰা কৰা নাই৷ ময়ো সমালোচকক চিনি নাপাওঁ, সমালোচকেও মোক চিনি নাপায়৷ এয়া আমাৰ উভয় পক্ষৰ মূঢ়তা আৰু অজ্ঞতা৷

ফটাঢোল: আপোনাৰ কবিতাৰ সৰ্বাধিক পাঠক যুৱপ্ৰজন্ম৷ মোৰ বিশ্বাস অনাগত প্ৰতিটো প্ৰজন্মই নিজৰ যৌৱনদীপ্ত সময়ছোৱাত আপোনাৰ কবিতাক এদিনৰ বাবে হ’লেও সংগী কৰি ল’ব৷ সামগ্ৰীকভাৱে সকলো শ্ৰেণীৰ, সকলো বয়সৰ, সকলো ঠাইৰ মানুহৰ গভীৰতম উপলব্ধিৰ প্ৰকাশ আপোনাৰ কবিতাত এতিয়াও ভুমুকি মৰা নাই নেকি? এচাম নিৰ্দিষ্ট পাঠকক উপলক্ষ্য কৰিহে আপুনি কবিতাৰ চৰ্চা কৰে নেকি?

প্ৰনৱ কুমাৰ বৰ্মন: যিয়ে ‘পেঞ্চন’, ‘মা’, ‘দেউতা’, মাখন ভিনদেউ আপোনাৰ কেঞ্চাৰ হৈছে’, ‘নীৰু’, ‘মহাজন’, ‘খেতিয়কসকল চহৰলৈ আহে’, ‘সূৰ্যভীতি’, পোণামাছৰ আত্মকথা’, ‘ইট্টেগেনা বেদুনালিছ’, ‘ৰিফিউজি’, ‘হেমলেট’, ‘ধৰ্ষিতা গাভৰুৰ আত্মকথা’, ‘যশোধৰা’, ‘সীতাৰ আত্মকথা’, ‘চুইচাইড নোট’ আদি কবিতা পঢ়িছে তেওঁলোকে এই অভিযোগ নিশ্চয় নামানিব৷

ফটাঢোল: কবিতা মানৱ মনৰ স্বতঃস্ফূৰ্ত প্ৰকাশ নে ইয়াক নিৰ্মাণ কৰা যায়?

প্ৰণৱ কুমাৰ বৰ্মন: স্বতঃস্ফূৰ্ত ভাৱনাৰ নৱ-নিৰ্মাণ৷

ফটাঢোল: প্ৰকাশকৰ তাগিদাত কবিতা লিখা যায় নেকি? আপুনি লিখেনে? এনে তাগিদাত সৃষ্টি হোৱা কবিতাত স্বতঃস্ফূৰ্ততা থাকে নে কেতিয়াবা কৃত্ৰিমতাৰ আশ্ৰয় ল’ব লগা হয়?

প্ৰণৱ কুমাৰ বৰ্মন: কেতিয়াবা তাগিদাতো লিখা যায়| যেনে মোৰ এটা কবিতা ‘সাতজন চিপাহী মৰিছে- সাতজন উগ্ৰপন্থী’ পাটাছাৰকুছি প্ৰেছ ক্লাৱত হঠাত্‍ লিখিবলগীয়া হৈছিল৷ কিন্তু আজিকালি প্ৰকাশৰ মোহটো কমি আহিছে৷

ফটাঢোল: কাৰ কবিতা আপুনি আটাইতকৈ বেছি ভাল পায়? কথাটো এনেকৈয়ো ক’ব পাৰি যে কোনজনা কবিৰ প্ৰভাৱ আপোনাৰ কলমত পৰা বুলি ভাবে?

প্ৰণৱ কুমাৰ বৰ্মন: হুইটমেন, সুনীল গংগোপধ্যায়, সুবোধ চৰকাৰ, সনন্ত তাতী, নীলিম কুমাৰ, নেৰুদা, এলিয়ত্‍৷

ফটাঢোল: প্ৰচলিত অসমীয়া কবিতাৰ ধাৰাটোৰ পৰা যদি এটা পৃথক ধাৰা বিচৰা হয়, তেন্তে আপুনি সেই ধাৰাটো কেনে হোৱাটো বিচাৰে?

প্ৰণৱ কুমাৰ বৰ্মন: নতুনত্বৰে ভৰা৷ কিন্তু শব্দ বা চিন্তাৰ খেল মাত্ৰ নহয়৷

ফটাঢোল: ইচমাইল হোছেইনে তেওঁৰ বিখ্যাত কবিতা ‘বিজ্ঞাপণ’ত লিখিলে ‘মোৰ এগৰাকী প্ৰাৰ্থীৰ প্ৰযোজন’, নিলিম কুমাৰে লিখিলে ‘যাৰ সেওঁতাত মই সেন্দুৰ পিন্ধাম’, আপুনি লিখিছিল, ‘যি হ’ব মোৰ প্ৰেয়সী’ – ইয়াৰ প্ৰতিটো কবিতাই একো একোটা বিখ্যাত কবিতা, কিন্তু বিষয়বস্তু একেই৷ একেখিনি বস্তুৱেই যেনিবা বেলেগ-বেলেগ পেকেট কৰা হৈছে৷ অসমীয়া পাঠকে কিমানদিনলৈ আৰু একে বিষয়বস্তুৰ একে ধাৰাৰে কবিতা পঢ়ি থাকিব?

প্ৰণৱ কুমাৰ বৰ্মন: ইয়াক সাহিত্যৰ ‘কমোডিটি’ বুলি ক’ব পাৰি৷

ফটাঢোল: আপোনাৰ ‘সাগৰিকা বৰদলৈ’ৰ অনুকৰণত অসমত এতিয়া শতাধিক কবিতাৰ সৃষ্টি হৈছে৷ তেনেধৰণৰ এটা বিখ্যাত কবিতাৰ অনুকৰণত ‘ময়ো সেইদৰে লিখি বিখ্যাত হ’ম বুলি ভবাৰ যিটো প্ৰৱণতা, এই প্ৰৱণতা কিহৰ বাবে হোৱা বুলি ভাৱে? নতুন কবিসকলে নতুনকৈ চিন্তা কৰাৰ কষ্ট নকৰে নে জনপ্ৰিয়তাৰ কথা চিন্তা কৰিহে তেওঁলোকে কলম তুলি লৈছে?

প্ৰণৱ কুমাৰ বৰ্মন: কবিতাক অধিক গ্লেমাৰাছ কৰা হৈছে বাবে গান গোৱা, ফুটবল খেলা, যোগা কৰা এইবোৰৰ প্ৰতি আগ্ৰহী নহৈ কবিতাৰ প্ৰতি ধাপলি মেলিছে বৃহৎ সংখ্যকে৷ কিন্তু ভাষাটোৰ স্বাৰ্থত এই কথা শুভ বুলিয়ে মই বিশ্বাস কৰোঁ৷ কবিতাৰ ক্ষেত্ৰত সামান্য ক্ষতিকাৰক হ’ব পাৰে৷

ফটাঢোল: এজন কবি আন এজন কবিৰ দ্বাৰা ইমান বেছি প্ৰভাৱিত হোৱাটো কবিতাৰ বিষয়বস্তুৰ নতুনত্বৰ দিশত প্ৰতিবন্ধক হ’ব পাৰে নেকি?

প্ৰণৱ কুমাৰ বৰ্মন: Make it new – এজৰা পাউণ্ডে কৈছিল৷ ইয়াক অনুধাৱন কৰিলেই তৰুণ কবিয়ে নতুন বাটৰ সন্ধান পাব৷ প্ৰভাৱ স্বাভাৱিক কথা, অপৰাধ নহয়৷

ফটাঢোল: প্ৰেয়সীৰ সৈতে কথোপকথন আপোনাৰ কবিতাৰ এটা বিশেষ ষ্টাইল৷ এই ধাৰাটোৰ কথা আপোনাৰ মনলৈ কেনেকৈ আহিল?

প্ৰণৱ কুমাৰ বৰ্মন: এইটো পুৰ্ণেন্দু পত্ৰীৰ প্ৰভাৱ৷

ফটাঢোল: নতুন প্ৰজন্মৰ কাৰ কবিতাই আপোনাক মুগ্ধ কৰে? ঠাউকতে মুখলৈ অহা কেইটামান নাম কওকচোন৷

প্ৰণৱ কুমাৰ বৰ্মন: অলেখজনে মোক মুগ্ধ কৰে৷ বিজয় শংকৰ বৰ্মন, মৃদূল হালৈ, গৌতম প্ৰিয়ম মহন্ত, কৌশিক কিশলয়, অলকেশ কলিতা, অংকুৰ ৰঞ্জন ফুকন, কোকিল শইকীয়া, ৰঞ্জিত্‍ পাটগিৰি, মন্দিৰা গগৈ, সংগীতা মেধি, দেৱজিত্‍ কলিতা, ধীমান বৰ্মন আৰু অনেক জনৰ কবিতাই৷ মই নৱ-প্ৰজন্মৰ কবিতা গভীৰভাৱে পঢ়ি আছোঁ৷

ফটাঢোল: আপুনি নিৰ্বাচনৰ আগে আগে ‘সৰ্বানন্দ সোণোৱাল’ শীৰ্ষক কবিতা এটা লিখিছিল৷ ‘সৰ্বানন্দ সোণোৱাল’ সেইসময়ত এজন ব্যক্তি বিশেষ হৈ নাথাকি অসমীয়া মানুহৰ আশা আৰু ভৰষাৰ শেষ প্ৰতিনিধি স্বৰূপ হৈ পৰিছিল৷ আজিৰ তাৰিখত আপোনাৰ দৃষ্টিত সেই আশা-ভৰষাৰ চাকিগছা কিমান উজ্জ্বল?

প্ৰণৱ কুমাৰ বৰ্মন: কবিতাটো মই লিখিছোহে৷ কিন্তু কবিতাটোৰ বক্তব্য আছিল তিনিচুকীয়াৰ এজন বৃদ্ধ নিৰক্ষৰ খেতিয়কৰ৷ আৰু কবিতাটো মই তেওঁৰ সপোন আৰু আশাক লৈ প্ৰথমে হাতেৰে কলমেৰে নিলিখি ৰাতি মোবাইলত ৰেকৰ্ডিং কৰি বন্ধু মহললৈ পঠিয়াইছিলোঁ৷ পাছত কোনোবা অনুৰাগীয়ে ফেচবুকত ৰেকৰ্ডিং শুনি কবিতাটো লিখি আপলোড কৰে৷ সৰ্বানন্দ সোণোৱাল বা চৰকাৰে জাতীয় জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰসংগত, অস্তিত্বৰ প্ৰসংগত নেতিবাচক চিন্তা-চেতনা আৰু কৰ্মকাণ্ডৰে চৰম হতাশ কৰিছে ৰাইজক৷

ফটাঢোল: আজিৰ তাৰিখত অসমবাসীৰ সন্মুখত সকলোতকৈ ডাঙৰ সংকট কি?

প্ৰণৱ কুমাৰ বৰ্মন: অসমীয়া জাতি গঠন প্ৰক্ৰিয়া স্পষ্ট আৰু সৰ্বসন্মতভাৱে সম্পূৰ্ণ নোহোৱাটো৷

ফটাঢোল: চোছিয়েল মিডিয়াই ‘ছপা মাধ্যম’ৰ সন্মুখত প্ৰত্যাহ্বান হোৱা বুলি আপুনি ভাৱেনে?

প্ৰণৱ কুমাৰ বৰ্মন: কেতিয়াও নাভাবোঁ৷ সকলো মাধ্যমৰ নিজস্ব ভূমিকা আৰু আস্থা-বিশ্বাসযোগ্যতাৰ কথা আছে৷

ফটাঢোল: সামগ্ৰীকভাৱে অসমত পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে নে কমিছে? গ্ৰন্থ প্ৰকাশকসকলৰ হা-হুমুনিয়াহৰ পৰিপ্ৰেক্ষিতত এই কথাটো সুধিলোঁ৷

প্ৰণৱ কুমাৰ বৰ্মন: বাঢ়িছে৷ কিন্তু পাঠকৰ চিত্ত আলোড়িত কৰা লেখকৰ সংখ্যা কমিছে, সেইবাবেহে কিতাপৰ বিক্ৰী কমিছে৷ পাঠকে সকলো লিখকৰ কিতাপ কিনিবলৈ বাধ্য নহয়৷

ফটাঢোল: আপুনি এগৰাকী ঔপন্যাসিক৷ আপোনাৰ উপন্যাসত বিভিন্ন ৰূপত ‘নৰক’ প্ৰতিফলিত হৈছে৷ বেশ্যালয়, অন্ধকাৰ গলি আৰু মানৱ মনৰ অভ্যন্তৰৰ গোপন সত্য আপোনাৰ কলমত প্ৰায়ে প্ৰকাশ পাইছে৷ এই অন্ধকাৰ দিশবোৰত পোহৰ পেলাবলৈ আপুনি আগবাঢ়ে কিয়? কিয় আপোনাৰ ইমান আকৰ্ষণ বেশ্যা, যৌনতা, সুৰা, এই নৰকৰ অলি-গলিলৈ?

প্ৰণৱ কুমাৰ বৰ্মন: মোৰ ভিতৰতো এখন নৰক আছে৷

ফটাঢোল: অসম সাহিত্য সভাৰ পৰা আপুনি কি আশা কৰে? অসমীয়া জাতিৰ বৌদ্ধিক চেতনাৰ পথত সাহিত্য সভাই গুড়িবঠা ধৰিব পাৰিছে বুলি ভাবেনে?

প্ৰণৱ কুমাৰ বৰ্মন: অসমীয়া ভাষা, সাহিত্য, জাতিৰ প্ৰতি অসম সাহিত্য সভাই এতিয়া আৰু একো দায়িত্ব পালন কৰিবলগীয়া নাই৷ অসমীয়া ভাষা-জাতিৰ প্ৰতি পালন কৰিবলগীয়া দায়িত্ব সাহিত্য সভাই বহু যুগ ধৰি বহু যুগ আগতে পালন কৰি থৈছে৷ সেইবাবে এতিয়া সাহিত্য সভাই চাইনবৰ্ডৰ ভাষা নিৰীক্ষণ আৰু ইংৰাজী মাধ্যমৰ পঢ়াশালীৰ প্ৰতি বিষোদ্গাৰতে দায়িত্ব সামৰি থৈছে৷ জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ পৰা শিকিলে অৱশ্যে অসম সাহিত্য সভাৰ হৃত-মৃত গৌৰৱ পুণৰুদ্ধাৰ হ’ব পাৰে৷

ফটাঢোল: বঁটা-বাহনৰ প্ৰতি আপুনি লালায়িত নহয় নেকি? অসমত এতিয়া বঁটাই বঁটা৷ এই বঁটাই সাহিত্যৰ প্ৰকৃত অৰ্থত মান নিৰূপণ কৰিছে বুলি আপুনি ভাবেনে?

প্ৰণৱ কুমাৰ বৰ্মন: মই নবেল বঁটাৰ সপোন দেখা উন্মাদ-বিলাসী৷

ফটাঢোল: “বুকুত গামোছা লোৱা নিৰু”ৰ পৰা আৰম্ভ কৰি “বিবাহ বিচ্ছেেদ হোৱা তেইশ বছৰীয়া তৰুণী”লৈ, আপুনি নাৰীৰ প্ৰতি ইমান সংবেদনশীল কিয়?

প্ৰণৱ কুমাৰ বৰ্মন: জন্মৰ পৰাই নাৰী শাসিত পৰিয়ালত ডাঙৰ হোৱাৰ বাবে| তদুপৰি পুৰুষতকৈ নাৰীৰ চেতনাৰ জগত অধিক বিচিত্ৰ|

ফটাঢোল: আপোনাৰ প্ৰিয় নাৰী?

প্ৰণৱ কুমাৰ বৰ্মন: আবু|

ফটাঢোল: সাহিত্য সৃষ্টিৰ বাবে আপোনাৰ নিৰ্দিষ্ট সময় আছে নেকি, নে মনলৈ যেতিয়াই আহে তেতিয়াই লিখিব পাৰে? লিখা-মেলাৰ বাবে আপোনাক নিৰ্দিষ্ট সময় বা পৰিৱেশৰ কথা আহি পৰে নেকি?

প্ৰণৱ কুমাৰ বৰ্মন: লিখাৰ বাবে মোৰ কোনো নিৰ্দিষ্ট সময় নাই|

ফটাঢোল: অজস্ৰ ল’ৰা-ছোৱালীয়ে এতিয়া ফেচবুকত কবিতা লিখে, আপুনি কেতিয়াবা পঢ়েনে এনে কবিতা? ইয়াৰ মাজত কেতিয়াবা প্ৰচুৰ সম্ভাৱনা দেখে নেকি, নে বিৰক্ত বোধ কৰে?

প্ৰণৱ কুমাৰ বৰ্মন: মই ফেচবুকৰ কবিতা পঢ়োঁ| কিছুমানত প্ৰচুৰ সম্ভাৱনা আছে আৰু কিছুমানে নিলিখিলেও কাৰো একো ক্ষতি নহয়|

ফটাঢোল: ‘সাহিত্য চৰ্চাক জীৱন’ কৰিবলৈ আগবঢ়া নতুন লেখক-লেখিকাসকলে কোনকেইটা কথাক সৰ্বাধিক গুৰুত্ব দিয়া ভাল?

প্ৰণৱ কুমাৰ বৰ্মন: নতুনত্বৰ সন্ধান, গভীৰ-বিশাল অধ্যয়ণ আৰু ‘প্ৰমোচন’।

ফটাঢোল: আপোনাৰ প্ৰেমৰ কবিতাসমূহক পাঠকে সৰ্বাধিক গুৰুত্ব দিয়াৰ ফলত আপোনাৰ প্ৰতিবাদৰ বা বিদ্ৰোহৰ কবিতাবোৰ অৱহেলিত হৈ ৰোৱা বুলি আপোনাৰ অনুভৱ হয় নেকি?

প্ৰণৱ কুমাৰ বৰ্মন: প্ৰেম সভ্যতাৰ সৰ্বোত্তম আৱিষ্কাৰ – মহত্তম অনুভূতি| প্ৰেম চিৰন্তন| প্ৰতিবাদ পেৰেষ্ট্ৰাইকাৰ নিচিনা|

ফটাঢোল: “কবিসকল এখন স্বপ্নলোকত বাস কৰি থাকে, বাস্তৱৰ সৈতে তেওঁলোকৰ বহুযোজন দূৰত্ব।” এই কথা সঁচানে?

প্ৰণৱ কুমাৰ বৰ্মন: দুৰ্দান্ত মিছা কথা| আধুনিক কালত তেনে কোনো সৌভাগ্যৱান কবি আছে বুলি নাভাবোঁ- যিয়ে নিজৰ স্বপ্নলোকত বাস কৰিব পাৰিছে বা পাৰিব|

☆★☆★☆

11 Comments

  • Asomi Gogoi

    প্ৰিয় কবিৰ সাক্ষাৎকাৰ পঢ়ি আপ্লুত হলো।

    Reply
  • Mridula

    প্ৰণৱ কুমাৰ বৰ্মণৰ কবিতা পঢ়ি ভাল লাগে ।
    তেখেত ৰ বিষয়ে জানিব ৈল পাই ভাল লাগিল ।

    Reply
  • ৰিণ্টু

    প্ৰিয় কবি।

    কবিৰ আদৰ্শ আৰু জীৱন সম্বন্ধীয় ধাৰণাবোৰ জানিবলৈ পাই ভাল লাগিল।

    Reply
  • Anonymous

    উত্তৰ বোৰো কবিতা যেন লাগিছে…

    Reply
  • সৌৰভ শৰ্মা

    ভাল ভাল কবিতা পঢ়ো। আজি ভাল লগা কবি জনক পঢ়িলোঁ । সুন্দৰ সাক্ষাৎকাৰ।👌🏽👌🏽👌🏽👍🏽👍🏽👍🏽

    Reply
  • Mousumi gogoi

    প্ৰিয় কবিজনৰ বিষয়ে জানিব পাৰি ভাল লাগিল ।

    Reply
  • প্রিয় কবিৰ মনৰ কথা। খুব ভাল লাগিল।

    Reply
  • জয়ন্ত দাস

    মোৰ অন্যতম প্ৰিয় কবি গৰাকীৰ সাক্ষাৎকাৰ টি পঢ়িবলৈ পাই অতিশয় শুখী ৷

    Reply
  • ৰঞ্জিত কুমাৰ দাস

    মোৰ ভাল লগা কবি গৰাকীৰ মনৰ কথা জানিব পাৰি ভাল লাগিল।

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    প্ৰণৱ দাৰ সাক্ষাৎকাৰটো ভাল লাগিল। প্ৰণৱ দাৰ সৃষ্টিৰ বহুমাত্ৰিক দিশটো তেখেতৰ সৃষ্টিৰ ভিতৰত সমালোচকে কেৱল ৰোমান্টিক কবিতাৰ চৰ্চা কৰা বাবে যেন কৰবাত লুকাই আছে।
    প্ৰণৱ দাৰ উপন্যাস আৰু নাটকসমূহো তেখেতৰ সৃষ্টিৰ সুন্দৰ প্ৰকাশ।

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    প্ৰণৱ দাৰ সাক্ষাৎকাৰটো ভাল লাগিল। প্ৰণৱ দাৰ সৃষ্টিৰ বহুমাত্ৰিক দিশটো তেখেতৰ সৃষ্টিৰ ভিতৰত সমালোচকে কেৱল ৰোমান্টিক কবিতাৰ চৰ্চা কৰা বাবে যেন কৰবাত লুকাই আছে।
    প্ৰণৱ দাৰ উপন্যাস আৰু নাটকসমূহো তেখেতৰ সৃষ্টিৰ সুন্দৰ প্ৰকাশ।

    Reply

Leave a Reply

Your email address will not be published.