ফটাঢোল

জনপ্ৰিয় শিল্পী দ্বীপেন বৰুৱাৰ সৈতে এখন্তেক

কি নাম দি মাতিম? মাতিম তোমাক?
নিবিড় গোপন কিযে মায়া!
যি নামৰেই সোণ পৰশত
স্বৰ্ণালী হয় হিয়া।

কি নামৰে সোণ পৰশত

যি নাম দি মাতা
সেয়ে মিঠা!
জীৱনৰ মৰুৰ তুমি ছাঁয়া!
চম্পা বনৰ
সুবাস লাগি!
উন্মনা মন হিয়া!”

এই গীতটিক অসমীয়া সংগীত, চিনেমা জগতৰ বোধহয় সৰ্বপ্ৰথম ৰোমাণ্টিক গীত হিচাপে অভিহিত কৰা হয়। এই গীতটি জীৱনত এবাৰৰ বাবে হ’লেও গুণগুণাই নোপোৱা মানুহ নোলাব নিশ্চয়। কিবা এক মায়াময় শব্দ, বাক্য আৰু সুৰৰ ইন্দ্ৰজালৰে সন্নিৱিষ্ট এই ৰোমাণ্টিক গীতটিয়ে শ্ৰোতাৰ কৰ্ণকুহৰত এক সাংগীতিক মূৰ্চ্ছনাৰ সৃষ্টি কৰি শ্ৰোতাক মোহাবিষ্ট কৰি থৈ যায়। যেন সপোনৰ এক মোহনীয় পৃথিৱীলৈ কঢ়িয়াই লৈ যায় এই গীতটিয়ে।

প্ৰেমৰ এক অনিৰ্বচনীয় অনুভূতিৰে আৱিষ্ট এই গীতিটিত কণ্ঠদান কৰিছিল সেইসময়ৰ বাংলা সংগীত-চিনেমা জগতৰ এগৰাকী জনপ্ৰিয় শিল্পী নিৰ্মলা মিশ্ৰই আৰু পুৰুষৰ কণ্ঠত আছিল দ্বিপেন বৰুৱা। হয়, অসমৰ সংগীত প্ৰেমী ৰাইজৰ আদৰৰ, বিহু মঞ্চৰ এগৰাকী অত্যন্ত জনপ্ৰিয় শিল্পী দ্বিপেন বৰুৱা।

১৯৬৮ চনত মুক্তিপ্ৰাপ্ত প্ৰথমখন ব্যৱসায়িক ভিত্তিত সফলতা লাভ কৰা অসমীয়া বোলছবি “ডক্টৰ বেজবৰুৱা” ছবিখনৰ আটাইকেইটা গীততেই কণ্ঠদান কৰি অসমৰ সংগীত জগতত আত্মপ্ৰকাশ কৰা মহান শিল্পী দ্বিপেন বৰুৱাই মূলতে এই “কি নাম দি মাতিম” শীৰ্ষক গীতটিৰ জৰিয়তে অসমৰ জনগণৰ মনৰ মাজত যি এক বিশেষ আসন লাভ কৰিবলৈ সক্ষম হ’ল সেইয়া যোৱা পঞ্চাছ বছৰৰো অধিক কাল ধৰি অক্ষুন্ন আছে।

সংগীত শিল্পী দ্বিপেন বৰুৱাৰ কণ্ঠত আছিল দেশৰ মাটিৰ গোন্ধ, যিটো শুনাৰ লগে লগেই শ্ৰোতাৰ মনলৈ একাত্মিকা হৈ যোৱাৰ ভাৱ আহি যাব পাৰে। জনতাৰ শিল্পী হোৱাৰ এয়াই এক নিদৰ্শন। গানেৰে, কণ্ঠেৰে শিল্পী দ্বিপেন বৰুৱাই নিজৰ অজানিতে অসমৰ শ্ৰোতাক যোৱা কেবা দশকৰ বাবে এনেদৰেই মোহাছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে।

ফটাঢোল: প্ৰথমে সুধিবলৈ বিচাৰিম যে আমি যিমান দূৰলৈকে জানো আপুনি সংগীতৰ লগত জড়িত এখন প্ৰতিষ্ঠিত ঘৰৰ ব্যক্তি আছিল। আপুনি সৰুতে ক্ৰিকেটও খেলিছিল বহুত, অসমকো represent কৰিছিল। সেইবোৰো আমি গম পাইছোঁ। কিন্তু ক্ৰিকেটৰ পৰা সংগীতৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিল?

দ্বীপেন বৰুৱা: আচলতে মই ক্ৰিকেটৰ লগতেই জড়িত আছিলোঁ। লগতে ক্লাছ এইটমানৰ পৰা মই নামনি অসম স্কুল টুৰ্ণামেণ্ট কটন কলেজিয়েট স্কুলত খেলিছিলোঁ প্ৰথম। তেনেকৈয়ে দুবছৰমান খেলিলোঁ। তাৰপিছত নাইনলৈ পালোঁ। নাইনত যিটো অসম স্কুল ক্ৰিকেট টুৰ্ণামেণ্ট হয় মই তাত খেলিলোঁ। গোটেই অসমৰ পৰা এটা টিম হয় যিটো কোচবিহাৰৰ ট্ৰফীৰ কাৰণে হয়। কোচবিহাৰ ট্ৰফী এতিয়াও আছে যিটো অল ইণ্ডিয়াৰ লেভেলত হয়। কোচবিহাৰ ট্ৰফীত অসমৰ পৰা মই এবাৰ ভাইচ কেপ্তেইন আৰু পিছৰবাৰ কেপ্তেইন হ’লোঁ। এবাৰ ১৯৬৩ আৰু এবাৰ ১৯৬৪ চনত। তেনেকৈ অসম টিমৰ কেপ্তেইন হ’লোঁ৷ আকৌ এবাৰ পূৰ্বাঞ্চলৰ হৈ select হ’লোঁ। বেংগল, বিহাৰ, উড়িষ্যা আৰু অসম তেতিয়া চাৰিটা দল আছিল। চাৰিটা দলৰ পৰা select হৈছিলোঁ আৰু ব’ম্বেত খেল হৈছিল। আমাৰ বিপক্ষৰ দলৰ মুখ্য দলত আছিল সুনীল গাভাস্কাৰ, পিছলৈ তেওঁলোক ষ্টাৰ প্লেয়াৰ হ’ল। তেওঁলোকৰ বিপক্ষে খেলিলোঁ। এনেকৈ খেলি খেলি কলেজত ইণ্টাৰ-ভাৰ্ছিটী খেলিলোঁ তিনিবছৰমান। স্কুলত থাকোঁতে লণ্ডন টিমৰ লগত খেলিছিলোঁ। টনি গ্ৰেগ, তেওঁ স্কুল টিমৰ হৈ আহিছিল তেতিয়া মই খেলিছিলোঁ। সেইখিনি সময়ত যিমানবোৰ ক্ৰিকেট প্ৰতিযোগিতা আছিল গোটেইবোৰ মই খেলিছিলোঁ। তাৰপিছত শেষত ৰঞ্জী ট্ৰফীত খেলিছিলোঁ। ৰঞ্জী ট্ৰফী খেলি আছোঁ তেতিয়া ১৯৬৪/৬৫ দুবছৰ। তেনেকৈ খেলি থকাৰ পিছত হ’ল কি আমাৰ এই চুকতে ডাঙৰ ৰেক এখন আছিল, তাত মস্ত ৰেডিঅ’ এটা আছিল। আগৰ সেই পুৰণি ডাঙৰ ৰেডিঅ’টো যে, সেইটো ৰেডিঅ’ত মই অনবৰতে হিন্দী গানবিলাক শুনি থাকোঁ। ৰফী চাহাবৰে হওক, কিশোৰ কুমাৰৰে হওক, মুকেশৰে হওক, কে.এল চাইগালৰে হওক সেইবোৰ বাথৰূমত মানে খুব চিঞৰি চিঞৰি গাই থাকোঁ। আৰু সুৰবিলাক কি নাজানো ঈশ্বৰ প্ৰদত্ত নেকি! কিবা এটা গান শুনিলেই মনত থাকি যায় সুৰবোৰ। আৰু সেইবোৰ আওৰাই থাকোঁ। হয়তো গোটেই কথাবোৰ মনত নাথাকিব পাৰে। কিন্তু এটা গান কেইবাদিনো শুনাৰ পিছত মনত থাকে। সেইবোৰ গীত মই বাথৰূমত চিঞৰি চিঞৰি গাই থাকোঁ। কিশোৰ কুমাৰৰটো কিশোৰ কুমাৰৰ নিচিনা কৈ গাব খোজোঁ। মুকেশৰটো নেজেল ভইচ, নাকেৰে গাবলৈ চেষ্টা কৰোঁ, কে.এল চাইগেলৰ আকৌ ভইচটোৱেই বেলেগ। তেনেকৈ ভইচ উলিয়াই গাই থাকোঁ গানবোৰ। তাৰপিছত আকৌ ৰফি চাহাবৰ খোলা ভইচ চিঞৰি চিঞৰি গাওঁ। গায়ক নহয় যেতিয়া কিহৰ লাজ। ইপিনে বিষ্ণুৰাম মেধিৰ ঘৰ (মাদ্ৰাজৰ ৰাজ্যপাল আছিল) তেওঁলোকৰ কোনোবাই শুনে যদিও লাজ-কাজ নালাগে। বাথৰূমত সাধাৰণতে লাহে লাহে গাই, মই একেবাৰে খোলা গলাৰে গাইছিলোঁ। মানে গান খুউব ভাল পাইছিলোঁ। আৰু ব্ৰজেন দা হ’ল কি সংগীতৰ মানুহ৷ ব্ৰজেন বৰুৱা, পিছলৈ বোলছবিৰ পৰিচালক হ’ল। তেওঁ সংগীতজ্ঞ আছিল। তেওঁ মানে মোৰ গানবোৰ শুনি থাকে। তাৰপিছত যেতিয়া “ডাক্তৰ বেজবৰুৱা” তেওঁৰ দ্বিতীয় ছবিখন কৰিবলৈ ল’লে, (প্ৰথমখন আছিল “ইটো সিটো বহুতো”) দ্বিতীয়খন “ডাক্তৰ বেজবৰুৱা”৷ ব্ৰজেন দাই চাগে ভাবিলে- ই দেখোন সৱ ধৰণৰ গান গায়, ই মিমিক্ৰিও কৰে, কিবা দেখোন মাতটো বেলেগ কৰি গাই থাকে। ই পাৰিব চিনেমাত ল’লে! সেই বুলি ভাবিলে চাগে, প্ৰতিভাটো বিচাৰি পালে। মই নাজানো আৰু তেতিয়াতো ক্ৰিকেটৰ লগতে সম্পূৰ্ণ জড়িত হৈ আছিলোঁ। তেনেকৈ দিন গ’ল। মই গধূলি খেলা-ধূলা কৰি আহি প্ৰেকটিছ কৰি আহোঁ। ব্ৰজেনদাৰ মানে ছবিখনৰ প্ৰযোজক আছিল ডিব্ৰুগড়ৰ। ব্ৰজেনদাৰ প্ৰযোজকৰ লগত লগ ধৰি পেলাই আহিছে ৰমেন দা। সেইবাৰ আকৌ ৰমেন দাক স্বাধীনভাৱে দিলে। ৰমেন দা যদিও ব্ৰজেন দাৰ লগত একেলগে যুটীয়াভাৱে, যুটীয়া ঠিক নহয় সহকাৰী হিচাপে আছিল। ৰমেন দাৰ সুৰো আছে আগৰ পুৰণি চিনেমাত। তেনেকৈ ৰমেন দাক স্বাধীনভাৱে দিলে গান চাৰিটা কৰিবলৈ। আহি পেলাই সুধিছে গান চাৰিটা হ’লনে। কাষৰ ৰূম এটা আছে তাতে গানবিলাক শুনাই আছে ৰমেনদাই। মই বেঞ্চ এখনতে বহি আছিলোঁ। কিবা বন্ধ আছিল নেকি সেইদিনা, তেনেকৈ বহি আছোঁ। যেতিয়া প্ৰথম গানটো শুনাইছে সুৰটো ইমান ভাল লাগিল মই বোলো গানটো এনেই ভালপাওঁ সুৰটোৱে মোক মানে টানি লৈ গ’ল। মই উঠি গৈ পৰ্দাখন ডাঙি শুনি আছোঁ আৰু। শুনি থাকি সুৰটো মনত থাকি গ’ল প্ৰায়। কথাবোৰ যদিও মনত নাথাকে, সুৰটো মনত থাকি গ’ল। গ’ল কথা গ’ল। দুপৰীয়া ক্ৰিকেট প্ৰেকটিছ কৰিবলৈ গৈছোঁ। ক্ৰিকেট প্ৰেকটিছ কৰি আহি গা-পা ধুই পেলাই অলপ ৰেষ্ট লৈ পঢ়া-শুনা কৰোঁ। তেনেকৈ বহি থাকোঁতে ব্ৰজেন দাই মোক ‘আহচোন অকণমান এইপিনে আহ’ বুলি মাতি লৈ গ’ল‌। মাতি নি হাৰ্মনিয়ামটো লৈ কাগজ এখন উলিয়াই তেওঁতো স্বৰলিপি এইবোৰ জানেই সেইবোৰ কৰাই আছে আৰু। তাৰপিছত চাই পেলাই ক’লে যে এইখিনি মোৰ লগে লগে গাচোন। হাৰ্মনিয়ামটো ধৰি পেলাই গাবলৈ দিলে। তেতিয়া মই এনেই ধেমালিতে ক’লোঁ যে (মই আকৌ তই বুলি মাতোঁ) মোক এটা চাঞ্চ দিবিচোন কোৰাছ-চোৰাছ গাবলৈ চিনেমাত। এনেই ক’লোঁ তেনেকৈ। গানটো শুনি খুউব ভাল লাগিল যে সেইকাৰণে ক’লোঁ। কোৰাছ নালাগে ভালকৈয়ে গাবি। মোৰ তেতিয়া ভয়ো লাগিল, ভালো লাগিছিল। চিনেমাত গান গাম। খেলা মানুহ মই তেনেকৈ কোনোদিন গান গাই পোৱা নাই। গ’ল কথা গ’ল। সেইটো গান এনেই লগে লগে গাওঁতে অলপমান মনত থাকি গ’ল আৰু। তাৰপিছত পিছদিনাখন ৰমেন দাই বাকী তিনিটা গান গোটেই চাৰিটাই আৰু, চাৰিটা বুলিয়েই ক’ব লাগিব থূলমূলকৈ অলপমান শিকাই দিছিল। কণ্ঠ চাৰিওটাত মোৰেই আছিল। গানকেইটা শিকিলোঁ। গানকেইটা শিকি খুউব ভাল লাগিল। গোটেইকেইটা গানৰ সুৰকেইটা ইমান মেল’ডী আৰু ‘জমা’ গানো আছে। গতিকে তেনেকৈ গানকেইটা গালোঁ। প্ৰথম গানটো আছিল (যিটো শুনি পেলাই মই উঠি আহিছিলোঁ ইয়াৰ পৰা)- আজিও সেই গীতটো নুগোৱাকৈ আহিব নোৱাৰোঁ। মই পৰহি ৰঙিয়াত ভূপেনদাৰ মূৰ্তি উন্মোচন কৰি আহিছোঁ, তাতো মই ভূপেনদাৰ গান দুই তিনিটামান গাই তাৰপিছত মই মোৰ সেই গানটো গালোঁ। সেই গানটো হৈছে “কি নাম দি মাতিম, মাতিম তোমাক”। সেই গানটো শুনিয়েই মই মানে উঠি গৈছিলোঁ। সুৰটোৱে টানি লৈ গৈছিল। ইমান মেল’ডী আছিল সুৰটোত। আজিও সেই গানটো ভালপাওঁ।

ফটাঢোল: আপুনি এতিয়ালৈ কিমান গান গালে আৰু কথাছবিত কণ্ঠদান কৰিলে?

দ্বীপেন বৰুৱা: কথা প্ৰসংগত কৈছোঁ দেই মোৰ এইবাৰ প্লেবেক কৰা আৰু গীত গোৱা ৫০ বছৰত ভৰি দিলে। মানে নৱেম্বৰত মোৰ ৫০ সম্পূৰ্ণ হ’ব। গল্ডেন জুবিলী বুলিব পাৰি। ১৯৬৪ত প্ৰথম ৰেকৰ্ডিং কৰিছিলোঁ নৱেম্বৰ মাহত। এই নৱেম্বৰত মানে ৫০ বছৰ হ’ব। কিন্তু সোণালী জয়ন্তী বৰ্ষটো চলি আছে। বহুত চেনেলে জানে কথাটো সেইকাৰণে মাজে মাজে কিবা কিবি কৈ থাকে। তাৰপিছত আৰু মই তাত সেইকাৰণে ভূপেনদাৰ গান গোৱাৰ পিছত মই ক’লোঁ যে ৫০ বছৰৰ আগতে মই মোৰ জীৱনৰ প্ৰথম ৰেকৰ্ডিং কৰিছিলোঁ গীতটো৷ সেইটো গীত নাগালে মোৰ আধৰুৱা হ’ব৷ ৰঙিয়াত গতিকে সেই গীতটো গাই যাম আজি। সেইবুলি কৈ গীতটো গালোঁ। গানটো এতিয়াও মানে ফাংশ্ব্যনবোৰত নোগোৱাকৈ আহিব নোৱাৰোঁ।

বিহুৰ আগে আগে মই এখন ছবি নতুনকৈ ৰেকৰ্ডিং কৰিলোঁ সেইখন লৈ পেলাই মোৰ এতিয়ালৈকে ৪৬ খন ছবি আৰু গান প্ৰায় ১২০০ মান গান গাইছোঁ। গানতো মই হিচাপ কৰা নাই, কিন্তু চিনেমাৰ হিচাপ আছে। কাৰণ চিনেমাৰ হিচাপটো গানৰ বহীকেইখনত লিখি থওঁ যে সূচীপত্ৰৰ নিচিনাকৈ। এতিয়ালৈকে ৪৬ খন ছবি হৈছে। চাৰিখন বাকী থাকিল ৫০ হ’বলৈ।

ফটাঢোল: আপুনিতো অসমীয়া বহুত গান গালে, কেতিয়াবা অন্য ভাষাৰ গান গাইছে নেকি?

দ্বীপেন বৰুৱা: মোক কৈছিল বঙালীত গাবলৈ কিন্তু তেতিয়া হ’ল কি, খেলাৰ লগতো জড়িত আছিলোঁ মই৷ ইপিনে গুৱাহাটীলৈ আহিলে খেলোঁ। আকৌ কলিকতালৈ গ’লে আচলতে ডাক্তৰ বেজবৰুৱাৰ পিছত কথাটো এনেকুৱা হ’ল সেইখন কমাৰ্ছিয়েলি বহুত হিট হৈ গ’ল। তাৰ আগতে কেতিয়াবা পাঁচ বছৰৰ পিছত কেতিয়াবা দুই বছৰৰ পিছত কৰবাত দুই এখনহে অসমীয়া চিনেমা ওলায়। মানুহৰ গানবিলাকো মনত থাকে আৰু চিনেমাখনো পাহৰি নাযায়। কিন্তু “ডাক্তৰ বেজবৰুৱাই” এনেকুৱা কৰিলে মাইলষ্ট’নৰ নিচিনা হ’ল মানে। তাৰপিছৰ পৰা বহুত প্ৰযোজক ওলাল সকলোৱে মোকেই বিচাৰি আহে গীত গাবলৈ। মানে মই খেলাত সময় দিব নোৱাৰিলোঁ। তাৰপিছত কলিকতালৈ যাব লাগে ন’হলে ব’ম্বেলৈ যাব লাগে। তেতিয়া অসমত তেনেকুৱা ষ্টুডিঅ’ নাই। গতিকে কলিকতা-ব’ম্বে অহা-যোৱা কৰিব লগা হয়। মাহটোত দুবাৰ তিনিবাৰ চাৰিবাৰ পৰ্যন্ত মই যাব লগা হয়। কেতিয়াবা এনেকুৱা হয় এখন ছবিৰ কাৰণে গৈছোঁ কলিকতা ষ্টুডিঅলৈ তেওঁলোকে টেলিগ্ৰাম কৰি দিয়ে। মানে তাত stay কৰিবলৈ‌। “আমি গৈ আছোঁ নতুন পাৰ্টি এটা ৰেকৰ্ডিঙৰ কাৰণে আপুনি থাকক তাতে।” তেনেকৈ টেলিগ্ৰাম কৰি দিয়ে। তাৰপিছত ষ্টুডিঅ’ৰ পৰা টেলিগ্ৰামটো মোক দি দিয়ে, “দ্বিপেন বাবু আপোনাৰ টেলিগ্ৰাম আছে।” তেনেকৈ কেতিয়াবা এখনৰ কাৰণে গৈ তিনিখনৰ কাৰণে থাকিব লগা হয়। এনেকুৱা হৈছিল মোৰ জীৱনটোত। এবাৰ হ’ল কি বেংগলী চিনেমা এখনত গান গাবৰ কাৰণে মোক খুউব ৰিকুৱেষ্ট কৰিলে৷ কিন্তু ইপিনে মোৰ ফাইনেল খেল আছিল কলেজৰ ভাগৱতপুৰত। ইফালে মই আহিব লাগে গুৱাহাটী, সময় দিব নোৱাৰিলোঁ। তেনেকৈ থাকিয়ে গ’ল আৰু। এখনত গোৱা হ’লে ওলাই গ’লোহেঁতেন। কিন্তু সেই সুবিধাটো ন’হল। তাৰপিছত আকৌ ব’ম্বেলৈ যাবলগীয়া হ’ল। তেনেকৈ মানে মিলাব নোৱাৰিলোঁ। সেইখন থাকি গ’ল, মানে চিনেমাখন। বেংগলী ছবিত গোৱা ন’হল আৰু। তেওঁলোকে কয়- “আচাম মে যাকে আপনি কি কৰব, এখানে ত’ অনেক কিচ্ছু হয়ে না, এখানে গাৱক না আপনি বেংগলে।” সেইবুলি মিউজিছিয়ানবোৰে কয়, ৰেকৰ্ডিষ্টবোৰে কয়। ব’ম্বেলৈ যেতিয়া যাওঁ কৌশিক ৰেকৰ্ডিষ্ট খুউব ভাল৷ তেতিয়া সাংঘাতিক নাম থকা এতিয়া নাই৷ এতিয়া এক্সপায়াৰড হৈছে। তেতিয়া যিবিলাক শংকৰ জেকছন, লতা মাংগেশকাৰহঁতৰ লগত বজাই মিউজিছিয়ানবোৰ সেইবোৰে বজায়৷ মনোহাৰী সিং, লালা, ধীৰাজ কাশ্যপ আদিসকলে কয়- “আপ য়াহা ৰেহ জায়িয়ে, ইতনা অচ্ছা গলা আছাম মে কিয়া কৰ’গে। আপ গায়িয়ে, বহত চিনেমা বনতা হ্যেই।” তেতিয়া হয় কি ইচ্ছাটো আছিল যদিও হিন্দী গান গাবলৈ, তেতিয়া অলপ অলপ পইছা দিয়ে আমাৰ অসমীয়া চিনেমাবিলাকে। ব’ম্বেত থাকিব লাগিলেতো পইছা লাগিব। কিন্তু সেইখিনি পইছাৰে মই ব’ম্বেত চলিব নোৱাৰোঁ। হয়তো এখনত কিবা কৈ গালে তাৰ পৰা পইছা পালে বেলেগ কথা আছিল। ইপিনে আকৌ অসমীয়া চিনেমা ইমান হৈছে বিচাৰি থাকে। গতিকে মই অসমীয়া চিনেমাত গাওঁতে গাওঁতে ব’ম্বেতো ন’হল মোৰ কলিকতাতো ন’হল। ইয়াতেই গাই আছোঁ আৰু এতিয়া।

ফটাঢোল: বিভিন্ন গায়কৰ গান আপুনিতো শুনে নিশ্চয়। আপুনিতো কৈছেই যে কিশোৰ কুমাৰ, মহম্মদ ৰফিৰ গান আগতে বহুত শুনিছিল। আপোনাৰ প্ৰিয় গায়ক কোন বাৰু?

দ্বীপেন বৰুৱা: মই দেখা নাই যদিও ৰফি চাহাবক মই নেদেখাকৈয়ে নিজৰ গুৰু বুলি ভাবোঁ। ৰফি চাহাবৰ গীতবোৰ বহুত ভালপাওঁ মই। আৰু এইবোৰ গীতেই বেছি গাইছিলোঁ। আচলতে সৱৰে গাওঁ কিন্তু ৰফি চাহাবৰ বেছি আৰু।

ফটাঢোল: অসমীয়াৰ ভিতৰত মানে অসমীয়া গায়কৰ ভিতৰত কোন?

দ্বীপেন বৰুৱা: অসমীয়া গায়কৰ ভিতৰত ভূপেনদাই আছে। জয়ন্ত হাজৰিকাৰ গীত খুউব ভাল পাইছিলোঁ। মই নিজেই গীত গোৱাৰ আগৰ পৰাই শুনিছোঁতো ৰেডিঅ’ত৷ গতিকে জয়ন্ত হাজৰিকাৰ গীত খুউব ভাল পাইছিলোঁ।

ফটাঢোল: আমি আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব পাৰিম নেকি যদিহে আপুনি বেয়া নাপায়, মানে বাইদেউক কেনেকৈ লগ পালে, প্ৰেম কেনেকৈ হ’ল?

দ্বীপেন বৰুৱা: তেওঁৰ দেউতাক পুলিচৰ ডিএচপি আছিল। চৈয়দ চফিউৰ ৰহমান। প্ৰমোচন পাই দেৰগাঁৱলৈ ট্ৰেন্সফাৰ হৈছিল, কিন্তু জইন কৰিবলৈ নাপালে, ঢুকাই থাকিল। তেওঁৰ পঢ়া-শুনা ইয়াতেই।পানবজাৰ গাৰ্লছ আৰু সন্দিকৈ কলেজ। তেওঁলোক গুৱাহাটী পুলিচ ৰিজাৰ্ভত আছিল। তেতিয়া ডা°বেজবৰুৱা হিট হৈছিল। মানুহবোৰ ঘৰলৈ আহে অট’গ্ৰাফ ল’বলৈ। তেওঁৰ দেউতাক ব্ৰজেনদাৰ লগত একেলগে পঢ়া। সেইসূত্ৰে ঘৰলৈ আহে, কেতিয়াবা লগৰ ছোৱালীৰ লগতো আহে অট’গ্ৰাফ ল’বলৈ।

তেওঁৰ বান্ধৱী এগৰাকীৰ ভনীয়েকে তৰামাই ছবিখনত অভিনয় কৰিছিল। বান্ধৱীগৰাকীৰ নামটো পাহৰিলোঁ। ফিল্মখনৰ প্ৰিমিয়াৰ শ্ব’ত আমি গৈছিলোঁ, তেওঁলোককো পাছ দিছিল। তাতো দেখা পালোঁ। এনেকৈ তিনি চাৰি বাৰ দেখাৰ পিছত কিবা এটা ভাল লগা হৈ গ’ল। এনেকৈয়ে হৈ গ’ল আৰু কিবা এটা। তেতিয়া গাড়ী ঘোঁৰা নাই। ৰিক্সাতে ঘূৰোঁ আমি। নেহেৰু পাৰ্কত বহোঁ। অশোক স্তম্ভটো যে আছে সেইটোৰ তলতে। তেতিয়া নেহেৰু পাৰ্ক বুলি নাছিল, ফেঞ্চিং নাছিল। মানুহবিলাকে দেখে আমাক, কয় যে যোৰাটো বহিছে। আমি বহোঁতে শালীনতা ৰক্ষা কৰি বহিছিলোঁ। দুয়োজনৰ মাজত আৰু এজন মানুহ বহিব পাৰে। মই কওঁ এইবোৰ কথা এতিয়াও, কেতিয়াবা ভেলেণ্টাইন ডে’ৰ প্ৰগামত মাতে নহয়। আজিকালি যোৰাবোৰৰ মাজেদি পৰুৱা এটাও সৰকিব নোৱাৰে।

ফটাঢোল: তেতিয়াতো আপুনি বিখ্যাত মানুহ আছিল?

দ্বীপেন বৰুৱা: নাই নাই। মানুহে চিনি নাপাইছিল। এতিয়াৰ দৰে টিভি নাছিল নহয় তেতিয়া। পেপাৰত ইণ্টাৰভিউ ল’বলৈ আহিলেও লাজ কৰোঁ। ব্ৰজেনদায়ে কয় “নালাগে দিয়ক ইয়াৰ ইণ্টাৰভিউ ল’ব”, বৰ লাজকুৰীয়া ই। পিচত ফাংচন কৰোঁতে কৰোঁতে লাজ ভাগিল বাৰু।

ফটাঢোল: আপুনি গান নোগোৱা হ’লে কি কৰিলেহেঁতেন? আপোনাৰ বেয়া নালাগে নে ক্ৰিকেটৰ পৰা যে আপুনি আঁতৰি আহিল?

দ্বীপেন বৰুৱা: অলপ বেয়া লাগে। কিন্তু ভাল লাগি যায় তেতিয়াই যেতিয়া মই এই কথাটো চিন্তা কৰোঁ যে ক্ৰিকেট খেলিলে মইতো বাদেই, ডাঙৰ ডাঙৰ খেলুৱৈ যিমান আছে ক্ৰিকেটাৰেই হওক বা ফুটবলাৰেই হওক, প্ৰায় সকলোৱে পঞ্চাশৰ তলত বা পঞ্চল্লিছমানৰ ভিতৰত অৱসৰ লয়েই। শচীন টেণ্ডুলকাৰে হওক, সুনীল গাভাস্কাৰে হওক, ডন ব্ৰেডমেনেই হওক – সৱেই সেই তেনেকুৱা ধৰণৰ বয়সতেই অৱসৰ গ্ৰহণ কৰিছে। কাৰণ, পঞ্চাশ, ষাঠি বছৰ বয়সলৈ দৌৰাদৌৰি কৰি খেলি থাকিব কোনেও নোৱাৰে। কিন্তু গানৰ ক্ষেত্ৰত তেনে কথা আহি নপৰে। কণ্ঠ ঠিক থকালৈ মানুহে গীত গাই যাব পাৰে। আজি পঞ্চাশ বছৰ মই গীত গালোঁৱেই। এইটো বয়সতো মই গাই আছোঁ। কিন্তু খেলুৱৈ হ’লেতো মই পঞ্চল্লিশ বছৰ বয়সতে অৱসৰ ল’ব লাগিলহেঁতেন। সেইকাৰণে এইটো কথা ভাবিলে মোৰ বেয়া নালাগে। এতিয়া, মই কালিলৈকে গীত গাইছোঁ বা আজিলৈকে গাবপৰা অৱস্থাত আছোঁ। যদি ভগৱানে ভালে ৰাখে, শৰীৰ যদি ঠিকেঠাকে থাকে হয়তো মই আৰু দহবছৰ বা পোন্ধৰ বছৰলৈও গাই থাকিব পাৰোঁ।

ফটাঢোল: ক্ৰিকেটত আপুনি কোনটো দিশত খেলি ভাল পাইছিল, মানে ব’লাৰ আছিল নে বেটছ্ মেন আছিল?

দ্বীপেন বৰুৱা: মই অলৰাউণ্ডাৰ আছিলোঁ। ক্ৰিকেটৰ কথা কওঁতে আৰু এটা কথা ক’ব লাগিব। মোৰ গুৰু আছিল এ জি ৰাম সিং। তেখেত তেতিয়াৰ মাদ্ৰাজৰ আছিল। মাদ্ৰাজৰ পৰা আহি শিকাইছিল। আজিকালি যিকোনো চিজনতে ক্ৰিকেট খেল চলি থাকে, গৰম-ঠাণ্ডা বুলি কথা নাই। আমাৰ লটাশিল ফিল্ডতো খেল চলিয়েই থাকে। আগতে কিন্তু তেনেকুৱা নাছিল। শীতকালতহে ক্ৰিকেট খেল হৈছিল। ছেপ্টেম্বৰমানৰ পৰা আৰম্ভ হৈ ফেব্ৰুৱাৰি-মাৰ্চ মানলৈ চলে। তাৰপিছত বন্ধ হৈ যায়। তেনেকৈ তেখেত ছেপ্টেম্বৰত আহে, তিনিমাহমান থাকে আৰু আমাক শিকায়। তেখেতে মোক সাংঘাতিক ভাল পাইছিল। মূৰত হাত থৈ আশীৰ্বাদ দি কৈছিল, “তই এদিন ইণ্ডিয়া টিমত খেলিবি।” কিন্তু নহ’লগৈ। মোৰ ট্ৰেকটো বেলেগ হৈ গ’ল। তেখেতৰ ল’ৰা এ জি মিলখা সিং আৰু এ জি কৃপাল সিং। দুয়োজন টেষ্ট প্লেয়াৰ আছিল আৰু ইণ্ডিয়া টিমৰ হৈ খেলিছিল।

ফটাঢোল: ছাৰ, অসমত বৰ্তমান সংগীতৰ যিটো ধাৰা চলি আছে, সেইটোৰ বিষয়ে আপুনি কি ভাবে?

দ্বীপেন বৰুৱা: চলিত ধাৰাটোক মই খুব ভাল বুলি ক’ব নোখোজোঁ। কাৰণ, আজিকালি গানবোৰ শুনিবলৈ আচহুৱা হ’ল, শুৱলা নহয়। গানবোৰত কিবা ৰেপ্ সোমাই গ’ল। ৰেপ্‌তো সোমাইছে সোমাইছে, ৰেপ্ বিহুও হৈ গ’ল। ৰেপ্ বিহু কেনেকৈ হ’ব পাৰে? ৰেপ্ বস্তুটো হৈছে এটা ৱেষ্টাৰ্ণ বস্তু। এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও পাশ্চাত্যৰপৰা ধাৰ লৈছে। বহুত গানত আমি শুনিলে গম পাই যাওঁ যে এইটোত পাশ্চাত্যৰ প্ৰভাৱ আছে। জয়ন্ত হাজৰিকাই লৈছে, ভূপেনদাই লৈছে। ভূপেনদাৰ ‘বিস্তীৰ্ণ পাৰৰে….’টো, প্ৰথম সেইটোৱেই। বেলেগ গানতো আছে। ৰমেনদাহঁতেও লৈছে আৰু বহুতো ভাল ভাল গায়ক-গায়িকা আছে আনকি হিন্দী গানৰো, তেওঁলোকো পাশ্চাত্য সংগীতৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা শুনিছোঁ। ‘বিটলছ্’ৰ গান এটা, চিনেমাখনৰ নামটো এইমুহূৰ্তত মনত পৰা নাই, সেই গানটো হুবহু লৈ লৈছিল। তেনেকৈ বহুত লৈছে। John Denverৰ ‘Hundred miles away…’ গানটো – সেই গানটো অসমীয়াতো আছে, জয়ন্ত হাজৰিকাৰ কণ্ঠত ‘কেতিয়াবা বেজাৰতে…’ আৰু হিন্দীতো কুমাৰ চানুয়ে গাইছে ‘জব কই বাত বিগৰ জায়ে…’। তেনেকৈ ভাল ভালখিনি ধাৰ কৰিছে। কিন্তু এতিয়া যিটো ৰেপ্ আহিছে, তাত সুৰ নাথাকে। খালী জঁপিয়াই জঁপিয়াই গায়। সেইবিলাক গানে একো একোটা নিগেটিভ মেছেজ বহন কৰে সৰু ল’ৰা-ছোৱালীবোৰৰ মাজলৈ, সমাজলৈ। গীতিসাহিত্য নাথাকিলে আৰু এইবোৰ ‘কথা’ গানত সোমাই পৰিলে আমাৰ অসমীয়া সংস্কৃতিটো, অসমীয়া গানৰ ক্ষেত্ৰখন একেবাৰে তললৈ নামি যাব। আমাৰ ভাৰতীয় সংগীত হৈছে মেল’ডীপ্ৰধান, মেল’ডী লাগিবই। যেনেকৈ ৱেষ্টাৰ্ণ মিউজিকত হাৰমনি লাগে, তেনেকৈ আমাৰ সংগীতজগতত মেল’ডী মাষ্ট। মেল’ডীক প্ৰাধান্য দি নতুন নতুন গান সৃষ্টি কৰক। অসমীয়া চিনেমাৰ কথা ক’বলৈ গ’লে মই ৰক্ টাইপৰ গানো গাইছোঁ চিনেমাত। প্ৰথম চিনেমাখনত গোৱা ‘ফুল ফুল মেলিলে পাহি…’ বা ‘গা গা আজি…’– এইবোৰ ৰক্ টাইপৰ গান। ৱেষ্টাৰ্ণ অকণমান সোমাই আছে, কিন্তু তাত মেল’ডীও আছে। সেইকাৰণে মানুহৰ মনত থাকি গৈছে গানবোৰ। ‘গা গা আজি…’ গানটো নাগালেই নহয়, সৱতে বিচাৰে সেইটো গান শুনিবলৈ।

“…জীৱন নামৰ এই জীৱন
হাঁহিৰে ভৰা জীৱন
কান্দিনো ভাগৰো কিয়!
আমাৰ জীৱন এই জীৱন
প্ৰেমেৰে ভৰা জীৱন
আমিনো নেহাঁহো কিয়!…”

— কিমান সুন্দৰ গানৰ ‘কথা’খিনি। কিন্তু এতিয়াৰ প্ৰায়ভাগ গানৰ ‘কথা’বোৰ শুনিব নোৱাৰি। একো গভীৰতা নাই আজিৰ গানৰ ‘কথা’বোৰত।

ফটাঢোল: আপোনাৰ বিয়াৰ বিষয়ে ক‌ওক?

দ্বীপেন বৰুৱা: বিয়াতো বহু পলমকৈয়ে পাতিলোঁ। লগৰ ল’ৰাখিনিয়েও জোৰ দিলে। অলপ বয়স হ’লে অকলে অকলে কি কৰিবি বুলিও ক’লে। ক‌ওঁতে ক‌ওঁতে মোৰো মনটো ঘূৰিল। তেৱোঁ ৰেজিষ্ট্ৰেচন কৰিম বুলি ক’লে। এওঁকো ঘৰত সকলোৱেই আগৰে পৰাই চিনি পাইছিল। এদিন ৰেজিষ্টেচন কৰি আহিলোঁ। কোনেও গম পোৱা নাছিল তেতিয়ালৈকে। কিন্তু ৰেজিষ্ট্ৰেচন কৰাৰ পিছদিনা আকৌ জে.পি.দাস আহিল। তেওঁ বেলেগ এটা কথাত মানে ফাংচনৰ সন্দৰ্ভত কিবা এটা পাতিবলৈ আহিছিল। ম‌ই তেতিয়া ক’লোঁ আৰু বোলো ম‌ই কালি মোৰ গাড়ীখনত নাম্বাৰপ্লেট লগালো নহয়। জে.পি. আচৰিত হৈ গাড়ী ল’লোঁ নেকি সুধিলে। ম‌ই ক’লোঁ যে গাড়ীতো মোৰ আগৰ পৰাই আছিল। এতিয়া নাম্বাৰ প্লেট লগালোঁ। জে.পি.য়ে কথাটো গম পোৱাৰ পিছত মোক সাৱতি ধৰিছিল। তেওঁ গৈ কথাটো নিউজ লাইভৰ শিৱানু বৰাক ক’লে। শিৱানুৱে মোক ফোন কৰিলে- “আপুনি বোলে বিয়া পাতিলে?” ময়ো ধেমালি কৰি ক’লোঁ- “নাই ম‌ই ডাঙৰ গায়ক যে এইবোৰ এনেই ওলাই আৰু।” তাৰ পিছত ৰাতি ফোন কৰি শিৱানুক কথাটো হয় বুলি ক’লোঁ। তেৱোঁ খুব আনন্দিত হ’ল। পিছদিনা ইনটাৰভিউৰ কাৰণে ঘৰলৈ মানুহ আহিল। তাৰ পিছত অসমৰ ৰাইজে কথাটো গম পালে।

ফটাঢোল: বৰ্তমান আপুনি কেনেধৰণৰ কাম-কাজৰ লগত জড়িত হৈ আছে?

দ্বীপেন বৰুৱা: বৰ্তমান তেনেকৈ জড়িত নহয় বাৰু। কিন্তু বিহুৰ সময়ত চিনেমা এখনত গান গালোঁ। চিনেমাখনৰ নাম ‘আহি আছে’। চিনেমাখনৰ নামটোৰ দৰেই গানটোও পিকুলিয়াৰ।

ফটাঢোল: আপোনাৰ ভাল লগা চিনেমা কোনখন, যিখনত আপুনি নিজৰ ভিতৰৰ পৰা উজাৰি দিছে?

দ্বীপেন বৰুৱা: ড°বেজবৰুৱা নিঃসন্দেহে এখন ধুনীয়া চিনেমা। সকলোৱে ভাল পায়। হিন্দী ভাষীয়েই হ‌ওক বা পাঞ্জাৱীয়েই হ‌ওক সকলোৱে সেইখন চাইছে। নৃপেন দায়ো কয় সেইকথা। ৰমেন দায়ো চাবলৈ গৈছিল চিনেমাখন। মেনেজাৰজন তেওঁৰ চিনাকি আছিল। তেওঁ ৰমেন দাক তিনিদিনমান পিছতহে আহিবলৈ কৈছিল মানে বুক হৈ আছিল তিনিদিনমানলৈ।

ফটাঢোল: আপোনাৰ গানসমূহৰ ভিতৰত প্ৰিয় গান বুলি সুধিলে কোনকেইটা হ’ব?

দ্বীপেন বৰুৱা: প্ৰিয় বুলি বাছি উলিওৱাত অসুবিধা হয়। ক’বলৈ গ’লে সকলোখিনিয়েই ভাল লগা গান।সকলোখিনিয়েই মেল’ডীৰ ওপৰত‌। নৱকান্ত বৰুৱা ডাঙৰীয়া, নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউ, কেশৱ মহন্তদেৱ, নজৰুল হক ডাঙৰীয়া, এলি আহমেদ বাইদেউৰ গান গাইছোঁ। সেয়ে নিজকে সৌভাগ্যৱান বুলিও ভাবোঁ। প্ৰিয় বুলি সুধিলে মোৰ তিনিটা গান বাচিছোঁ। প্ৰথমতে “এখন নেদেখা নদীৰ সিপাৰে…”, দ্বিতীয়তে “এইখনি গাঁও বুকুৰ আপোন…”, তৃতীয়তে ললিতা বোলছবিৰ “আঁকিলা মোৰ পদূলিত সাত বৰণৰ আল্পনা…” এই গীত তিনিটি মোৰ খুব ভাল লগা। এই “আঁকিলা মোৰ পদূলিত সাত বৰণৰ আল্পনা…” গানটো অসমীয়া ছবিৰ প্ৰথমটি ৰোমাণ্টিক ছল’ গান।

ফটাঢোল: “জোনালী যদি তুমি….”, “ইমান ধুনীয়াকৈ কোনে সৰজিলে…” আদি গানসমূহো খুবেই জনপ্ৰিয়।আমি জনাত আকাশবাণী ডিব্ৰুগড় চেণ্টাৰত সম্ভৱতঃ বেছিকৈ প্ৰচাৰিত গানটোৱেই আছিল “ইমান ধুনীয়াকৈ….”?

দ্বীপেন বৰুৱা: হয় হয়! আজিও মানুহে এই গানবোৰ বিচাৰে। এয়া টিপিকেল বিহু। ভাল পাই সকলোৱে।

ফটাঢোল: আপুনি বৰ্তমান বা ভৱিষ্যত প্ৰজন্মৰ গায়কসকলক কি ক’বলৈ বিচাৰিব?

দ্বীপেন বৰুৱা: সুৰকাৰ সকলে সুৰত মেল’ডীক পাৰিলে প্ৰাধান্য দিব লাগে। তাৰ পিছত থলুৱা সুৰৰ সমাহাৰ ঘটাব পাৰে। আমাৰ গুজৰাটী ফ’কৰ সহায় লোৱা গানৰ উদাহৰণ বহুতো আছে। ভূপেন দাৰ “কুলি -কেতেকীয়ে ইনালে-বিনালে….” মোৰো একেধৰণৰ “চকুতে সানিলা লাজৰ ৰহণ…” এনেধৰণৰ ফ’কৰ সহায় লোৱা গীত। এতিয়াৰ গীততো তেনে কৰিব পৰা যায়। অসমৰ মাটিৰ গোন্ধৰ সমাৱেশ ঘটাব পাৰে। ময়ো তেনে কৰিছিলোঁ। বিয়া নামৰ সুৰত “আগলি বাহত বগলী নাচিছে…” আকৌ “অ’ ম‌ইনাজান পানীতে মুখনি চা‌ই কোন মেনকাই…” গীতত আছে। সকলোৱে আদৰিও লয়। এতিয়াৰ চামেও এনে কৰিব নোৱাৰাৰ কথাই নাই।

ফটাঢোল: আপোনাৰ জীৱনত ঘটা কিবা স্মৰণীয় মুহূৰ্ত বা ঘটনা ক’ব নেকি?

দ্বীপেন বৰুৱা: নিৰ্মলা মিশ্ৰৰ লগত হোৱা কথা এটা কৈ দিওঁনে? তাৰমানে ব্ৰজেন দাই চিনাকি কৰি দিলে। প্ৰথম আমি নতুন গায়ক হ’লে Musician বিলাকৰ লগত আগদিনা অকণমান ৰিহাৰ্চেল কৰোঁ। ৰিহাৰ্চেল ৰুম এটা আছে ধৰ্মতলা ষ্ট্ৰীট, জানে নহয় কলিকতাৰ? তাত এটা ৰিহাৰ্চেল ৰুম আছিল হিন্দুস্তান ৰেকৰ্ডিং বুলি। মইতো কোনোদিন এইবিলাক music ৰ লগত জড়িত নহয়, ব্ৰজেনদায়েতো লৈ গ’ল ৰিহাৰ্চেল কৰিব লাগে বুলি, নিৰ্মলা মিশ্রও আহিল, তাৰ পিছত musician বিলাক দেখি মোৰ অকণমান ভয়ো লাগিছে, অকণমান কঁপনিৰ নিচিনা উঠিছে, বাপৰে বাপ! এনেকে কেনেকৈ গাম ইমান musicianৰ লগত, তাত মাজত বহিব লাগে, musician বিলাক চাৰিওপিনে, ব্ৰজেন দা আছে, ইপিনে producer ৰমেন দা৷ তাত নিৰ্মলা মিশ্রক মোক চিনাকি কৰি দিলে।তেতিয়া মই আৰু খীণ আছিলোঁ। বয়সো কম আছিলতো, এতিয়াও খীণ বাৰু, কিন্তু তেতিয়া বেছি খীণ আছিলোঁ। ব্ৰজেন দাই চিনাকি কৰি দিলে, “নিৰ্মলা বা, এইদিকে এছো, এ আমাৰ ভাই, দ্বীপেন বৰুৱা। ই তোমাৰ সঙ্গে গাইবে। playback কৰবে, Duet । নিৰ্মলা মিশ্ৰই যিটো চাৱনি দিলে, তাৰ পৰা এনেকৈ ভাবিছে চাগে- ই অকণমানি খীন মীন৷ কি playback কৰিব! সেই দৃশ্যটো এতিয়াও মনত আছে মোৰ। তাৰ পিছত যেতিয়া মিউজিক-চিউজিক বাজিল, গালোঁ, ৰিহাৰ্চেল কৰিলোঁ, ৰেকৰ্ডিং হৈ গ’ল পিছদিনাখন ৰেকৰ্ডিং কৰি যেতিয়া ওলালোঁ, বাহিৰত ব্ৰজেন দা বহি আছে৷ সৱ ৰেকৰ্ডিষ্ট, নিৰ্মলা মিশ্ৰ আৰু মই তেতিয়া কেবিন এটাত৷ আজিকালিতো অকলে অকলে গাই গুচি আহে নিজৰ voice টো দি। আজিকালি বেলেগ হৈ গ’ল ৰেকৰ্ডিং চিষ্টেমটো। তেতিয়া হয় কি, একেলগে এটা কেবিনত দুটা মাইক্ৰফোন থাকে, এটাত নিৰ্মলাৰ female voice, মানে নাৰী কণ্ঠ৷ তেনেকৈ গাব লাগে। musician বিলাক থাকে আইনাৰে দেখা পাই থাকোঁ আৰু মুখবিলাক, এনেকৈ গাব লাগে। গালোঁ, প্ৰথম গানটো। গাই পেলাই, প্ৰথম গানটো “কি নাম দি মাতিম” সেইটোৱেই প্ৰথম আছিল জীৱনৰ ৰেকৰ্ডিং। ওলাই আহি শুনিলোঁ, ব্ৰজেন দাক যে মই কৈছিলোঁ, মোক এটা chance দিবিচোন, কলিকতা লৈ যাবি ৰিহাৰ্চেল, অ কি, কোৰাছ-টোৰাছ গাবলৈ, সেই কথাটো মনত পৰি গ’ল। পিছত মোক যেতিয়া গানটো শুনাইছে, মই ভাবিছোঁ বেলেগক গোৱাই দিলে, মোক এনেই কৈছে শান্তনা দিবৰ কাৰণে, মই সেইটো ভাবিছোঁ, একদম সঁচা কথা এইটো। ৰমেনদাই পিছত কলে “ধেৎ তোৰেই মাত এইটো!” নিজৰ মাতটো শুনি মই নিজেই আচৰিত হৈ গৈছোঁ।

ফটাঢোল: বিহুমঞ্চত গান বা অন্য অনুষ্ঠানত গান গাবলৈ গৈ কিবা স্মৰণীয় মুহূৰ্ত বা ঘটনা ক’ব নেকি?

দ্বীপেন বৰুৱা: বহাগ বিহুৰ ফাংচনত গ’লে বেছিভাগ ঠাইতে বিহুগীত গাবলৈ নাপাওঁ। গাড়ীখনৰ পৰা নমাৰ লগে লগে কমিটিৰ মানুহ আহি “দাদা, আহিলে। আমাৰ এটা ৰিকুৱেষ্ট আছে৷” কাগজ এখনত লিখি দিয়ে যে আমাৰ কমিটিৰ অনুৰোধ” এইকেইটা গান গাব লাগিব৷” পিছত কাগজখন খুলি চাই দেখো যে এইবোৰ দেখোন মই গোৱা চিনেমাবোৰৰেই গান।

মঞ্চত গান আৰম্ভ কৰিলেও কাগজৰ টুকুৰাবোৰ আহিয়েই থাকে। সেইবোৰেই গান। আপোনালোকে বিশ্বাস নকৰিব কিমান টুকুৰা আছে ঘৰত হিচাব নাই।মোৰ মিচেছেও জানে, তেৱোঁ যায় ফাংচনবোৰত। মই নিজে ৰাইজক অনুৰোধ কৰিব লগা হয় বোলো বিহু মঞ্চ যেতিয়া বিহু গাওঁ দিয়ক। বিহু নাগালে বেয়া লাগিব নহয়, শুনকচোন বিহু গীত।

“আগতে আমি অনুৰোধ কৰাকেইটা গাওঁকচোন, বিহু পিচত গাব”, তেনেকৈহে কয়। মই নিজে অনুৰোধ কৰিহে গাব লগা হয়।

ফটাঢোল: দ্বীপেনদা, আপুনিতো বহুত গান গালে। আপুনি যেতিয়া peak time ত বিৰাট পপুলাৰ আছিল, আপোনাৰ মহিলা বন্ধু, মানে ফেন ফলৌৱাৰ, অনুৰাগী বহুত আহিছিল কিজানি? তেনেকুৱা সময়ত আপুনি এইবোৰ কেনেকৈ handle কৰিছিল?

দ্বীপেন বৰুৱা: Handle মানে ইহঁত আহে, মই যে কৈছিলোঁ চিনাকি, কলেজৰ কটনৰ পৰা আহে, ছোৱালীবিলাক বিশেষকৈ বেছি আহে আৰু আচৰিত, আপুনি বিশ্বাস কৰিবনে নকৰিব ক’ব নোৱাৰোঁ, তেতিয়া মানে মোবাইল-তোবাইলৰতো কথাই নাই, daily মোৰ তাত পোন্ধৰৰ পৰা বিছখনমান চিঠি আহে। যদি দাদাক সোধে দাদাই ক’ব সৱ৷ দ্বীপেন বৰুৱা Address টো খালী উজান বজাৰ বুলি দি দিয়ে আৰু আহি যায়, এনেকুৱা। আৰু চিঠি বাকচত ভৰাওঁতে ভৰাওঁতে দুই বাকচ মোৰ চিঠি ভৰ্তি। মোৰ লগৰ ল’ৰাবিলাকক ফূৰ্তিতে দেখুৱাওঁ। সিহঁতে কয় যে বেলেগ মানুহৰ বাকচত কাপোৰ থাকে, তোৰ চিঠি দেখোন! ভৰ্তি চিঠি, ইনলেণ্ড লেটাৰ, পোষ্টকাৰ্ড, এনভেলপ। এতিয়াও পাঁচশমান মই ৰাখি থৈছোঁ মেম’ৰীৰ কাৰণে। এই ৰেজিষ্ট্ৰেছন কৰাৰ আগে আগে সৱ জ্বলাই দিলোঁ।

ফটাঢোল: হাঃ হাঃ হাঃ!

দ্বীপেন বৰুৱা: তেওঁ বেয়া পাই বুলি পাঁচশমান ৰাখিছোঁ৷ এইকিখনো জ্বলাই দিবলৈ কৈছিল মোক বোলে- “এইবোৰ ৰাখি কি লাভ হ’ব?” মই বোলো- “লাগে মেমৰী এটা যেতিয়া গান গাব নোৱাৰিম, অলপ অলপ দেখা পাম চকুৰে, বুঢ়া হৈছোঁ যদিও এইকিখন চাই মোৰ ভাল লাগিব নহয়৷ এনেকুৱা চিঠিতো মোৰ বহুত আহিছিল এটা সময়ত৷ গতিকে এইকেইখন থাকক! স্মৃতি হিচাপে৷” সেইকাৰণেহে মানিলে আৰু গৈ লাষ্টত।

ফটাঢোল: মানে অসমৰ বিভিন্ন জেগাৰ পৰা আহিছিল?

দ্বীপেন বৰুৱা: এতিয়াও পাঁচশমান আছে৷

ফটাঢোল: প্ৰেম যাচিছিল মানে চিঠিত?

দ্বীপেন বৰুৱা: হয় আৰু ফটো পঠিয়াই লগত সৱ ছোৱালীৰ ফটো। ল’ৰাৰ ফটো নায়েই পিছপিনে লিখি দিয়ে নাম-চামবোৰ৷

ফটাঢোল: হাঃ হাঃ হাঃ! বৰ ভাল লাগিল দ্বীপেনদা কথাবোৰ। শেষ প্ৰশ্ন এটা সুধিছোঁ, বহুতখিনি সময় আমাক দিলে, তাৰ কাৰণে অনেক ধন্যবাদ। আমাৰ হাস্য-ব্যঙ্গ গোট, ফটাঢোল, তাত প্ৰায় পোন্ধৰ হাজাৰ সদস্য আছে আৰু বাকী অন্য ৰাইজেও ইণ্টাৰনেটৰ মাধ্যমত পঢ়িব, তেওঁলোকৰ কাৰণে আমি আমাৰ মৰম আৰু শ্ৰদ্ধাৰ গায়কজনৰ পৰা কিবা এটা বাৰ্তা বিচাৰিছোঁ।

দ্বীপেন বৰুৱা: প্ৰথম আপোনালোকৰ মেগাজিনখনৰ নামটোৱেই মোৰ ভাল লাগিছে। হাস্য-ব্যঙ্গ বুলি কওঁতে মোৰ ভাল লাগিছে, মই খুব ৰসাল দেই মোক বহুতে হয়তো নাজানে। মই খুব ধেমালি-ধুমুলা কৰি থাকোঁ, সেইকাৰণে মোৰ বেছি ভাল লাগিছে। আৰু চবেই মোক ক্লাবলৈ গ’লে, আমাৰ সংঘ এটা আছে দীপক সংঘ, তাতেও মোক লৈ মানে জমাই থাকে। দ্বীপেনদা কওক না, কিবা এটা গাজা কওক না, কিবা এটা হেৰি কওক না! তেনেকৈ মানে জমাই থাকোঁ। আৰু সেইকাৰণে হাস্য-ব্যঙ্গ বুলি কওঁতে মোৰ বিৰাট ভাল লাগিছে। মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোক সকলোকে আপোনালোকৰ পোন্ধৰ হাজাৰ সদস্যলৈকো মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু আপোনালোকৰ মেগাজিনৰ viewers আৰু বাঢ়ক সেইটো আশা কৰিছোঁ। আপোনালোক আৰু আগলৈ গুচি যাওক সেইটোকে মই বিচাৰিছোঁ।

ফটাঢোল: ধন্যবাদ দ্বীপেন দা, আপুনি যে আমাক ইমানখিনি সময় দিলে আপোনাৰ busy schedule ৰ পৰা, তাৰ কাৰণে আমি কৃতজ্ঞতা জনাইছোঁ। আজিৰ সাক্ষাৎকাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।

দ্বীপেন বৰুৱা:- আপোনালোকলৈও ধন্যবাদ।

☆★☆★☆

14 Comments

  • সৌৰভ শৰ্মা

    দ্বীপেন বৰুৱাৰ বিষয়ে বহকথা জানিলো। বিশেষকৈ খেলৰ বাবে বেংগলী চবিত গান নগোৱা ঘটনাটো আগতে জ্ঞাত নাছিলোঁ। সুন্দৰ সাক্ষাৎকাৰ এটা পঢ়িবলৈ দিয়া বাবে আলোচনী গোটক কৃতজ্ঞতা জনালোঁ।

    Reply
  • ৰিণ্টু

    প্ৰিয় শিল্পীগৰাকীৰ বিষয়ে বহুত নজনা কথা জানিবলৈ সুবিধা দিয়া বাবে সম্পাদনা সমিতিলৈ অশেষ ধন্যবাদ

    Reply
  • অভিজিৎ কলিতা

    বঢ়িয়া লাগিল পঢ়ি।

    Reply
  • ৰামানুজ

    সাক্ষাৎকাৰ টোৰ প্ৰতিটো মুহুৰ্তই আছিল অনাবিল আনন্দৰ….মোৰ প্ৰিয় গায়ক তেওঁ …. গান বোৰৰ দৰেই প্ৰাণখোলা ব্যক্তি…..

    Reply
  • Kamal Neog

    চিৰসেউজ শিল্পীগৰাকীৰ বিষয়ে জানি বৰ ভাল লাগিল।

    Reply
  • অনুৰূপ মহন্ত

    চিৰ তৰুণ শিল্পী গৰাকীৰ বিষয়ে ইমান বিলাক নজনা কথা জানিব পাৰি বৰ ভাল লাগিল।

    Reply
  • গৌৰীশংকৰ শৰ্মা

    প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বিষয়ে বহুকেইটা কথা নতুনকৈ জানিলোঁ। আগতেও পঢ়িছোঁ তেখেতৰ সাক্ষাৎকাৰ। প্ৰথম গীতৰ ৰেকৰ্ডিংৰ কথাখিনি জানি বৰ ভাল পালোঁ। তেওঁ উনুকিয়াই দিয়া গীতিসাহিত্যৰ কথাটো বিশেষভাৱে মন কৰিবলগীয়া। তৰালী শৰ্মা, জুবিন গাৰ্গ, পাপন মহন্ত, ৰূপম ভূঞাৰ কিছুমান গীতৰ বাহিৰে বাকীবোৰ গীতত ইয়াৰ অভাৱ স্পষ্ট। অনাতাঁৰ শিল্পী সকলে কিন্তু এই ধাৰাটো ধৰি ৰাখিছে। কিন্তু চৰ্চা বা প্ৰচাৰৰ অভাৱতেই তেনে বহু সুৰীয়া গীত হেৰাই গৈছে প্ৰায়।
    প্ৰিয় শিল্পী দ্বিপেন বৰুৱাৰ এই সুন্দৰ সাক্ষাৎকাৰটো যুগুতাই আমালৈ আগবঢ়াই দিয়াৰ বাবে ৰামানুজ দা আৰু হেমন্ত কাকতি দাদাক ধন্যবাদ জনালোঁ।

    Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰ সাক্ষাৎকাৰ এটা উপহাৰ দিলে৷ মোৰ অন্যতম প্ৰিয় গায়ক জনৰ বহু নজনা কথা জানিব পাৰিলো৷

    Reply
  • ৰূপাঞ্জলী

    দ্বীপেন বৰুৱাদেৱৰ বিষয়ে জানি জানিবলৈ পাই ভাল লাগিল

    Reply
  • Mridusmita Sarma

    মোৰ প্ৰিয় শিল্পীগৰাকীৰ সাক্ষাৎকাৰটো পঢ়ি বৰ ভাল লাগিল।

    Reply
  • প্ৰিয় শিল্পীগৰাকীৰ বিষয়ে জানিবলৈ পায় বহুত ভাল লাগিল।

    Reply
  • মিতু

    সাক্ষাৎকাৰটো ভাল লাগিল পঢ়ি।

    Reply
  • parishmita

    প্ৰিয় শিল্পীগৰাকীৰ বিষয়ে বহু কথা জানিবলৈ দিয়াৰ বাবে সম্পাদকীয় সমিতিলৈ ধন্যবাদ।

    Reply
  • Dipanjal das

    সুন্দৰ লাগিল পঢ়ি।
    কলিৰ কৃষ্ণ বুলি হাঁহিলি-
    এই গীতটো মোৰ খুৱ ভাল লাগে।

    Reply

Leave a Reply

Your email address will not be published.