ফটাঢোল

জয় আই অসম – ডা° বিকাশ বৰুৱা

এই কাহিনীটো এনে বিচিত্ৰ যে ইয়াৰ লগত কেইবাটাও বছৰ পাৰ হৈ গুচি গ’ল। প্ৰতি বছৰেই ভাবো, লিখি পেলাওঁ। পিচুৱাই থকাটো মুঠেও ভাল কথা হোৱা নাই। পিচে ঠিক লিখিম বুলি লওঁহে, আকৌ কিবা এটা অঘটন ঘটে। কাহিনীটো আকৌ সলনি হৈ যায়। এইবাৰ কিন্তু শেনৰ এজাত। একদম খাটাংকৈ সিদ্ধান্ত লৈছোঁ, লিখিমেই। ইমানতে যদি লিখি নেপেলাওঁ, কোনোবা দিনা ঘপহকৈ চকু দুটা মুদ খাই গ’লে ইও লগতে যাব।

কাহিনীৰ আৰম্ভণি ঠিক কেতিয়া হৈছিল বছৰটো সঠিককৈ মনত পেলাব পৰা নাই। পিচে এটা কথা খাটাং যে সেই বছৰেই ‘টাৰ্জান’ নামৰ হিন্দী ছবিখনে মুক্তিলাভ কৰিছিল। কাপোৰ-কানি পিন্ধিবলৈ সুবিধা নোপোৱা নতুন নায়িকা কিমি কাটকাৰক লৈ তেতিয়া চৌদিশে বেছ এটা হুলস্থুল। আটাইতকৈ সাংঘাতিক, পপুলাৰ বস্তু আছিল গানটো। ‘টাৰ্জান মাই টাৰ্জান’। যিকোনো মানুহৰ মুখে মুখে। আনকি হাবিৰ মাজত টাৰ্জানে মৰা চিঞৰটোও ৰাইজে চান্স পালেই অবিকল মাৰি দিয়ে।

তেতিয়া আমাৰ এখন ভ্ৰাম্যমান চিকিৎসালয় আছিল। হস্পিটেল অন হুইলছ। যিবিলাক ভিতৰুৱা ঠাইত ডাক্তৰ বা চিকিৎসালয় নাই তাত গৈ বিনামূলীয়াকৈ কিছু ডাক্তৰী সেৱা আগবঢ়াইছিলোঁ। এদিনত এখনকৈ সপ্তাহটোত ছখন ঠাই। প্ৰতিখন ঠাইত কেইবাখনোকৈ গাওঁৰ দুখীয়া মানুহে আমি গৈ পোৱালৈ বাট চাই থাকিছিল।

তাৰে এখন ঠাই বৰ সুন্দৰ। দেখি প্ৰথমদিনাই মন-চন ভাল লাগি গ’ল। চৌদিশে ওখ ওখ গছ। গৰমৰ দিনত সুন্দৰ ছাঁ। ফিৰফিৰীয়া বতাহ। মাজতে এখন পঢ়াশালি। এজাক কণ কণ শিশু। এবাৰ গৈ দেখিলোঁ, পঢ়াশালীখনৰ সন্মুখত এগালমান বাঁহ। কেইবাটাও ডেকা ল’ৰা। হাতে হাতে দা-কটাৰী। এডাল এডালকৈ বাঁহবোৰ ফালিছে, চুঁচিছে, সমান কৰিছে। খুটা আৰু কামিবোৰ ভাগ ভাগকৈ নি এটা চুকত দ’ম কৰিছে। কাৰো ভাগৰ লগা নাই। কোনো বহি থকা নাই। কাষতে এখন টেবুল। তাতে কেইটামান খুলি থোৱা কামিজ, তিনিটা হাতঘড়ী, দুটা মানিবেগ আৰু এটা ট্ৰানজিষ্টৰ।

আমাক দেখি দা-কটাৰী থৈ তাৰে এজন ল’ৰা আগবাঢ়ি আহিল।
: “আহক ছাৰ। ভালে আছে ?”
পঢ়াশালিখনৰ একমাত্ৰ শিক্ষকজনেও ওলাই আহি মাত লগালে। খা-খবৰ ল’লে।

বাঁহ কাটি থকা ডেকাহঁতেনো ইয়াত কি কৰিব খুজিছে সেই বিষয়ে সুধিব লগা নহ’লেই। ল’ৰাজনে নিজেই কৈ গ’ল।

: “গছ ৰুব খুজিছোঁ। এইযে দেখিছে, এইখিনিৰ পৰা আৰম্ভ কৰি এ-ক্-কেবাৰে সেই বাঁহনিডৰালৈকে। কমেও দুই-আঢ়ৈ হাজাৰ গছ হ’ব। সামাজিক বনানীকৰণ আঁচনিৰ অধীনত গছপুলিখিনি চৰকাৰে দিব। জেওৰা দিয়া, পুলিত পানী দিয়া, গৰু-ছাগলীৰ পৰা ৰক্ষা কৰা, এইবিলাক আমাৰ দায়িত্ব। যোৱা তিনিটা দিন কেৱল জেওৰাৰ কামতে লাগি আেছাঁ। আন কাম প্ৰায় বাদ দিয়াৰ নিচিনাই।”

: “বাহ্। সাংঘাতিক ভাল কথা দেখোন। লাগি যোৱা।”

প্ৰথম অৱস্থাত ৰেডিঅ’টোত এটা বৰ ধুনীয়া অসমীয়া গান বাজি আছিল। পিচে তেনেকুৱা চাৰিটামান বজাৰ পিচতেই ‘অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল..’। লগে-লগে এটা ফুৰ্তিবাজ ক্ষীণ-মীন ল’ৰাই আন এটালৈ চাই হুকুম দিলে।

: “ঐ খাপ্লাং, যাচোন টে’পটো লৈ আহগৈ।”

হুকুম হ’ল কি নহ’ল, সিটোৱে চাইকেলত দোপ দিলেই। ই আকৌ চিঞৰিলে।

: “খাপ্লাং ৰ। শুন। শ্বাহৰুখৰ তাত টাৰ্জানৰ কেছেটটো আছে, সেইটোও লৈ আহিবি। যা। ফটাফট যা, ফটাফট আহ।”

খাপ্লাং ঘূৰি অহাৰ লগে-লগেই ফুল ভলিউমত গানটো আৰম্ভ হৈ গ’ল। টাৰ্জান মাই টাৰ্জান..। আস্ কি অপূৰ্ব গান। কি তাল, মান, লয়। কি সুৰ, কি গলা। ল’ৰাবোৰৰ লগতে ময়ো একান্তমনে কাণ পাতি শুনি থাকিলোঁ। ক’ব নোৱাৰাকৈয়ে আঙুলিৰ আগত দুটামান টিলিকিও আহি গ’ল।

লাহে লাহে মই এখন সম্পূৰ্ণ বেলেগ পৃথিৱীত প্ৰৱেশ কৰিলোঁ। ঠিক যেন এটা সপোনহে। এওঁলোকে ৰোৱা গছৰ পুলিবিলাক চকুৰ পচাৰতে লহপহকৈ বাঢ়ি আহিছে। চাওঁতে চাওঁতেই আকাশ পালেগৈ। আকাশৰ পৰা মহাকাশ। এখন বিশাল অৰণ্য হ’ল। চাৰিওফালে কেৱল ডাঠ সেউজীয়া ৰং। থোপাথোপে ফুল। কুলি-কেতেকীৰ গান। ডালে ডালে পাতে পাতে অজস্ৰ চৰাই। সিহঁতৰ কণ্ঠত লাখ লাখ বেলেগ বেলেগ ৰিংট’ন। আফ্ৰিকান চাফাৰিত দেখাৰ নিচিনাকৈ জাকে জাকে দৌৰি ফুৰা পহু। আঁকবাঁক ধুনীয়া ধুনীয়া জেব্ৰা। বাঘ, সিংহ, হাতী। ওখ ওখ গহীন গহীন জিৰাফ। পানীৰ সুমধুৰ কুলু কুলু শব্দেৰে দুটামান জান, জুৰি। সৰু সৰু জলপ্ৰপাত।
আৰু..

আৰু পানীৰ মাজত অকণমানি বগা ফ্ৰকটো পিন্ধি সেয়া কিমি কাটকাৰ। প্ৰাণ ঢালি গাইছে, নাচিছে, দৌৰিছে। মাজে মাজে টাৰ্জানক সাৱট মাৰি ধৰিছে। শুইছে। বহিছে। এডাল লতাত ওলমি টাৰ্জানে মস্ত মস্ত গছবোৰৰ ইজোপাৰ পৰা সিজোপালৈ হেলাৰঙে জঁপিয়াই আছে। পিচে পিচে কেইটামান বান্দৰ। দুজনী বান্দৰী। পাঁচটামান পোৱালী..

ভৰ দুপৰীয়াৰ সপোনটো ঠিক জমিছিলহে, হঠাৎ এণ্টি-ক্লাইমেক্স আহি গ’ল। যেন ‘কাবাব মে হাড্ডি’। এজন চকুচৰহা আপোনপেটীয়া বেমাৰীয়ে কিমি কাটকাৰৰ উমাল সান্নিধ্যৰ পৰা মোক অতি নিৰ্দয়ভাৱে আঁতৰাই আনিলে। সন্মুখতে বহি লৈ তেওঁ হেনো কেতিয়াবাৰে পৰা কিবাকিবি বেমাৰৰ কথা কৈ আছিল। মইহে শুনা নাই।

এটা সময়ত ৰোগী চোৱা কাম শেষ হ’ল। সকলোকে মাত-বোল লগাই গুচি আহিলোঁ।

ধাৰাবাহিকৰ প্ৰথম খণ্ডটোৰ সামৰণি পৰিল ঠিকেই, পিচে কিমি আৰু টাৰ্জান গোটেই সপ্তাহটো চকুৰ আগত ভাঁহি থাকিল। পিচৰটো বাৰত গৈ দেখো, বাঁহ কটা আৰু জেওৰা দিয়াৰ কাম প্ৰায় শেষেই হৈছে। কিন্তু অঞ্চলটোহে যেন কিবা খালী খালী। এইটো আকৌ কি কথা? বুজি নাপাই এজন ডেকাক সুধিয়ে পেলালোঁ।

: “ঠাইখিনি ইমান চাফা চাফা লাগিছে। কিয় বা.. যোৱাবাৰ দেখোতে এনেকুৱা নাছিল।”

: “আমি নতুনকৈ গছ ৰুম যে.. সেইকাৰণে পুৰণা গছবোৰ কাটি ঠাইখিনি মুকলি কৰি ল’লোঁ। এতিয়াহে ৰুই ভাল লাগিব।”

তৃতীয় সপ্তাহত যাওঁতে জেওৰাৰ কাম শেষ। গতিকে ল’ৰাও কম। দা-কটাৰীৰ সলনি এইবাৰ চিপ্ৰাং। পুলি ৰুবৰ বাবে তিনিজনমানে হাতত চিপ্ৰাং লৈ গাঁত খান্দিছে। চৰকাৰী মানুহে ইতিমধ্যে এক ট্ৰাক গছপুলি পেলাই থৈ গৈছেহি।

কাষ চাপি গৈ পুলিবোৰ চোৱাত লাগিলোঁ। অৱস্থা অতি সংকটজনক। বেচেৰাহঁতক বহুতদিন কোনেও পানী-দুনী দিয়া নাই। বেছিখিনি শুকাইছেই।

এজন বয়সীয়াল মানুহ ওচৰ চাপি আহিল। ‘ছাৰক কিবা দুই-এটামান লাগিবনেকি? লাগে যদি নিয়ক।’

: “নাই নালাগে। কিহৰ কিহৰ পুলি দিেছ এনেয়ে এবাৰ চাইছোঁহে।”

: “ভাল ভাল পুলি যিকেইটা আছিল, ৰাইজে নি অতালে।”

: “খুব ভাল কথা। ঘৰত হ’লেওতো ৰুব। গছ যিমানে হয় সিমানে ভাল।”

মানুহজেন এইবাৰ নিচেই কাষলৈ ওচৰ চাপি আহি ফুচফুচাই কথা কোৱা আৰম্ভ কৰিলে।

: “জেওৰাৰ বাবে চৰকাৰে কেইহাজাৰমান টকাও দিছিল নহয়। অলৰেডি খাই হজম। বাঁহ ঘৰৰ। বনুৱা ঘৰৰ। না এডাল বাঁহ কিনিছে না কাৰোবাক হাজিৰা দিছে। লালচাহ, বিস্কুট, তামোল আৰু খৈনীতে কাম শেষ।”

কথাবোৰ বোধকৰো মিছা নাছিল। কাৰণ ঘাইজনা লীডাৰে চাইকেল এৰি এখন স্কুটাৰ লৈ আমাৰ কাষেৰেই ধূলি উৰুৱাই গুচি গ’ল। সেইখন লোৱা হেনো চাৰি দিনমানহে হৈছে। চেকেণ্ড হেণ্ড বাজাজ। বঢ়িয়া বস্তু।

ইতিমধ্যে পুলি ৰোৱা হৈ গ’ল। পাছৰ ফালে ল’ৰাহঁতৰ চাগৈ ভাগৰ লাগিল। পুলিও কম হ’ল। গতিকে দুই ইঞ্চি দ যিমানবোৰ গাঁত খান্দিছিল তাৰে আধাতকৈয়ো বেছি খালী হৈ থাকিল। ৰোৱা পুলিকেইটাৰ কাষেৰে এপাক মাৰিলোঁ। গুৰিৰ মাটি মৰুভূমিৰ দৰে শুকান। টান। খৰখৰীয়া। পাতৰ ৰং হালধীয়া। বেচেৰাহঁতে পানী দিবলৈ নিশ্চয় সময় পোৱা নাই।

ওচৰতে এগৰাকীক পাই সুধিলো,- ‘পানী দিয়া নাইনেকি? বেছিখিনিয়েই দেখোন ডেই-পুৰি গ’ল।’

: “পানী দিওঁগৈ বুলি কৈ এদিন এটা ল’ৰা আহিছিল। শুদা হাতে। তাৰ পিচত সিও নাই। বাদ দিলে।”

আধুনিক যুগৰ মেইন্টেনেন্স-ফ্ৰী বেটেৰিবোৰলৈ মনত পৰি গ’ল। সেইবিলাকত হেনো ঘনে ঘনে পানী ভৰাই নাথাকিলেও হয়। বহুত দিনৰ মূৰতহে এবাৰমান লাগে। আমাৰ অৰণ্য নিৰ্মাতাসকলে বোধকৰো গছপুলিবোৰকো সেই ধৰণৰ বস্তু বুলিয়ে ধৰি ল’লে।

এমাহৰ পিচত দেখা গ’ল, সাত-আঠটামান একেছিয়া পুলি যেনেতেনে থিয় হৈ আছে। বাকী আৰু একো নাই। সকলোৰে আত্মাবিলাকে এই পৃথিৱীৰ মায়ামোহ সমূলঞ্চে ত্যাগ কৰি সিপুৰীত, মানে পৰলোকত পৰমাত্মাৰ সতে বিলীন হ’লগৈ। জেওৰাৰো আধাহে আছে। প্ৰথমে হেনো বাঁহনিৰ ফালৰ চুকটো গৰুৱে ভাঙিলে। পিচে গৰুৱে ভাঙিবলৈহে পালে, সেইপিনেৰে দুঠেঙীয়াৰ লাইন লাগিল। কাৰণ সেইটো সুৰুঙাৰে আহিলে ৰাস্তাটো বহুত ‘ছৰ্ট’ হৈ যায়। সকলোৰে সুবিধা হয়। গন্তব্য স্থান সোনকালে পোৱা যায়। জেওৰাখন দিয়াৰ বাবে মাজতে কিছুদিন ‘সৌফালেদি ঘূৰি আহিব লগা হৈছিল’।

দুমাহ পিচত সকলো শেষ। সুন্দৰকৈ গঢ় লৈ উঠিব লগা অৰণ্যখনে আৰামত ‘জন গণ মন’ গাই দিলে। গাওঁবিলাকত আজিকালি খৰি-খেৰৰ বৰ অভাৱ। প্ৰায় নোহোৱাই হৈছে বুলি ক’ব পাৰি। ইফালে জুহালত ৰান্ধনীক দুডালমান শুকান বাঁহখৰি নহ’লেই নহয়। জুহালৰ জুইকুৰা কোনোপধ্যেই জ্বলিব নোখোজে। ভাতমুঠি ৰন্ধা বাদেই, চাহপানীটোপাৰে সমস্যা। এতেকে আৰু কোনে পায়৷ গৰুকে ধন্যবাদটো জনাই আহোঁতে-যাওঁতে এডাল-দুডালকৈ জেওৰাখুটি ঘৰলৈ আনি থাকিল। আনোতে আনোতে এদিন শেষ। ড্য এ’ণ্ড।

ইতিমধ্যে আহিন মাহ সোমাল। আহিন মানেই শাৰদীয় পূজাৰ বতৰ। নগৰবিলাকত উখল-মাখল। চাৰিওফালে পূজাই পূজা। সেইবোৰ দেখি দেখি ডেকাহঁতেও এটা নতুন আইডিয়া পাই গ’ল। অঞ্চলটো যেতিয়া ইমান ধুনীয়াকৈ মুকলি হৈ পৰিলেই, এইবাৰ ইয়াতে পূজা পতা যাওক। বৰ মজা লাগিব। প্ৰস্তাবটোত সকলোৱেই সন্মতি দিলে। লগে-লগে চান্দা বৰঙণিৰ কথা আহি পৰিল। সেইফেৰা মহান কৰ্মৰো সম্পূৰ্ণ গুৰুদায়িত্ব লীডাৰকেইজনেই মূৰ পাতি ল’লে। আৰুনো ল’ব কোনে? যথাসময়ত বেলুন, পেঁপা, পিষ্টল, ৰাইফলেৰে মুখৰিত হৈ এশ শতাংশ নগৰীয়া কায়দাত, সুচাৰুৰূপে ‘পূজাভাগি’ উদযাপিত হৈ গ’ল। এক নতুন পৰম্পৰাৰ আৰম্ভণিয়ে গাওঁবাসীৰ নিৰ্মল আনন্দখিনিক কুলাই-পাচিয়েও নধৰা কৰি পেলালে। এই সকলোবোৰৰ চিন স্বৰূপে দেৱালীৰ আগনিশা মেইন লীডাৰজনে এখন চিকমিকিয়া ব্ৰেণ্ড নিউ হিৰ’হোন্দা কিনি আনি ঘৰ সুমুৱালেহি। ‘হওক হেৰৌ, গাওঁত এখন ধুনীয়া মটৰ চাইকেলো হৈছে’ বুলি গাওঁবাসীয়ে হেঁপাহ পলুৱাই তেৰাক আশীৰ্বাদ দিলে। যথাযোগ্য শ্ৰদ্ধা, ভক্তি আৰু সন্মানেৰে ৰাজহুৱাকৈ সম্বৰ্ধনা জনালে।

চাওঁতে চাওঁতেই ইংৰাজী নতুন বছৰ আহিল। সেই একেখিনি ঠাইতে বেছ উখল-মাখলকৈ সৰস্বতী পূজা পতা হ’ল। সুন্দৰী নগৰীয়া ছোৱালীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গাওঁৰ কেইবাজনীও পাখৰীয়ে পুৱাৰ পৰা গধূলিলৈকে গোটেই দিনটো ওঁঠত বিভিন্ন বৰণৰ লিপষ্টিক আৰু দুচকুত অ’ভাৰছাইজ, মুখখনৰ সমানেই ডাঙৰ, ক’লা ক’লা ছানগ্লাছ পিন্ধি থাকিল। সকলো ৰাইজেই আহি পেট ভৰাই খিচিৰি আৰু লাব্ৰা খালে। জীৱনত এদিনো পঢ়াশালীলৈ গৈ নোপোৱা, অ-আ-ক-খ নজনা, মাজে মাজে স্কুলৰে চকী-বেঞ্চ চুৰ কৰা বিখ্যাত চোৰ আৰু গাধাকেইজনেও আহি লাং খাই খাই পৰি আই বীণাপাণিক পৰম ভক্তিভাবেৰে সেৱা জনালে।

ইয়াৰ পাচতে তিথি, দিৱস, উৎসৱ আৰু উদযাপনৰ লাইন লাগিল। ভৰ বাৰিষা কোনোবাই যেন মথাউৰিহে কাটি দিলে। সুৰাময় ধোঁৱাভৰা উৰুকাৰে সৈতে মাঘমাহৰ ভোগালী বিহু হ’ল। নগৰৰ পৰা হাজাৰটকীয়া মাছ আৰু বাংলাদেশীয়ে চালান দিয়া পাচলি আহিল। পাছৰ মাহত তাতে কোনোবাই ‘ছাৰ্কাছ’ দেখুৱালেহি। আন এটা পাৰ্টিয়ে পুতলা নাচ দেখুৱালে। এই সকলোবোৰতে ৰাইজৰ আদৰ যত্ন আৰু ভৰিৰ গচকত অঞ্চলটো অধিক চফা আৰু মুকলি হৈ গৈ থাকিল। বিশেষকৈ মাঘৰ বিহুৰ উৰুকা, মেজি, ভেলাঘৰ, ভোগালীৰ ভোজ আদিৰ সময়ত যথেষ্ট পৰিমাণে ৰাইজৰ কোৰ-কটাৰী চলিল, যাৰ ফল স্বৰূপে সৰু সৰু ঘাঁহ-বনকেইডালিয়েও সোঁ-শৰীৰেৰে স্বৰ্গধামলৈ গতি কৰিলে।

এবাৰ দেখিলোঁ,- স্কুলখনৰ চাৰিওফালে টিনপাতৰ বেৰ।

: “এইবাৰ কি হ’ব?”

: “ভিডিঅ’ ৰামায়ণ।”

আটাইবোৰে বিচুৰ্তি খালোঁ। চিৰি বিষ্টু, সেইটো আকৌ কি?

: “ইহঁতে ভিডিঅ’ আনিছে। টিকেট চিষ্টেম। ৰাতি ৰাতি চিনেমা দেখুৱায়। বৰ্তমান ৰামায়ণ চলি আছে। মহা জমনি। এইখন শেষ হ’লেই মহাভাৰত আৰম্ভ হ’ব।”

হওক, গাওঁবাসীয়ে জংগলত টাৰ্জান নেদেখিলে কি হ’ল, হনুমান, জটায়ু পক্ষী, জাম্ববান, সোণৰ হৰিণ আদিকতো দেখা পালে। হৈ যাব। ম’ৰ দেন্ এনাফ্। তাৰ উপৰিও তাৰকা ৰাক্ষসী, শূপৰ্ণশা, ঘটোৎকচ, হিড়িম্বা..। কি বেয়াটো?

নবেম্বৰত ভ্ৰাম্যমান থিয়েটাৰ আহি পালেহি। বিৰাট তম্বু। প্ৰকাণ্ড তোৰণ। পিচফালে টয়লেট, অস্থায়ী ‘পায়খানা’। বিয়াগোম পাকঘৰ। বিশাল ডাইনিং স্পে’ছ। ‘দৰ্শকৰ প্ৰৱল দাবীত’ এসপ্তাহতকৈয়ো বেছি ‘বছৰৰ শ্ৰেষ্ঠ’ থিয়েটাৰ, ‘আটকধুনীয়া’ নৃত্য নাটিকা আদি চলাৰ পাচত দেখা গ’ল, কিমি কাটকাৰৰ অটব্য অৰণ্যখন এইবাৰ এখন সুন্দৰ, আহল-বহল ষ্টেডিয়াম। ইচ্ছা কৰিলে ইয়াত এতিয়া অলিম্পিকো খেলাব পাৰি। থিয়েটাৰৰ মানুহে ঠাইখিনি ইতিমধ্যে সমান কৰি পেলাইছিলেই, ল’ৰাহঁতে লাগি-মেলি, কোৰেৰে চুঁচি-বাচি তাক অধিক মনোমোহা কৰি তুলিলে। আনকি ‘দৰৱত দিবলৈ’ ক’ৰবাত এডাল সামান্য ঘাঁহো বাকী নাথাকিল। ঐশ্বৰ্য ৰয়ৰ গাল দুখনৰ দৰেই মাটিবোৰ মিহি হৈ পৰিল। কাৰণ অত্যুৎসাহী ক্ৰীড়ামোদীয়ে এতিয়াৰে পৰা তাত দিনে-নিশাই ভলী খেলিব। সেই উপলক্ষ্যে দুটা খুটাৰ মাজত এখন নে’ট অনবৰতেই ওলমি থাকিবলৈ ল’লে। তলেৰে ক্ৰিকেট, ফুটবল, টাংগুটি আদিও সমানেই চলি থাকিল। সামাজিক বনানীকৰণৰ স্মৃতিত আৰু সন্মানাৰ্থে যি দুই-চাৰিডাল দুবৰি বন গজিব খুজিছিল, খেলুৱৈসকলৰ ভৰিৰ গোৰোহনিত তাৰো মুদা মৰিল। অৰ্থাৎ নৌ গজোতেই মৰি আদায় হ’ল।

হঠাৎ এদিন ৰাইজে অনুভৱ কৰিলে, গাওঁত এটা স্থায়ী মঞ্চৰ প্ৰয়োজন। প্ৰতি বছৰেই উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা, অখণ্ড ভাগৱত পাঠ, ভাওনা আদি পতাটো যেতিয়া কম্পালছৰিয়েই, এটা পাৰ্মানেণ্ট ষ্টেজ আৰু ডাঙৰকৈ এখন পেণ্ডেল সাজি লোৱাই ভাল। সকলোৰে সুবিধা হয়। যেতিয়াই যি মন যায়, অন্য ফাংছনো পাতি থাকিব পৰা যাব। পিচে প্ৰস্তাৱ দিব লগা নহ’লেই। আগেয়েই গৃহীত হ’ল। স্থান নিৰ্বাচনৰো প্ৰশ্ন নুঠিল। সকলোৱে এক মুখেৰে ক’লে,- বেলেগ আৰু ক’ত মাটি বিচাৰিব লাগিছে? এইডোখৰেই হ’ব। দেখিলেই মৰম লগা সুন্দৰ ৰাজহুৱা আহল-বহল ঠাই। কাষতে নামঘৰটোও আছে।

‘লগালগ’ কাম আৰম্ভই হৈ গ’ল। খেলপথাৰৰ এটা মূৰ ৰাইজে দকৈ খান্দি পেলালে। সেই মাটিৰেই মঞ্চৰ ভেটি ক্ৰমান্বয়ে ওখ হৈ আহি থাকিল। মাটি খন্দা কামটো বৰ টান। বিহাৰী বনুৱাইহে পাৰে। গতিকে অসমীয়া ডেকাহঁতৰ ভাগৰ লগাটো স্বাভাৱিক। এসপ্তাহ খান্দি তেওঁলোকে বাদ দি দিলে। ভেটিৰ পৰ্যায়তে মঞ্চ নিৰ্মাণৰ যৱনিকা পৰিল। সেইটো পৰ্ব সিমানতে শেষ হ’ল।

শেহতীয়াকৈ এতিয়া তাত ‘প্ৰচণ্ড ধামাকা’ৰে ৰঙালী বিহু চেলিব্ৰেছন। বিৰাট আয়োজন। সাংঘাতিক কাৰবাৰ। প্ৰকাণ্ড পেণ্ডেল, হুচৰি কম্পিটিছন, আলোচনা চক্ৰ, চেমিনাৰ, মুকলি সভা, বিহু সুন্দৰী, পিঠা প্ৰতিযোগিতা, বিশিষ্ট অতিথি, শ্বহীদ তৰ্পণ, পতাকা উত্তোলন, সাংস্কৃতিক সন্ধিয়া.. এভ্ৰিথিং। পাপন, জুবিন, বাবু, দিকছু, ছিমান্তছেখৰ, প্ৰিয়ংকা, জুবিলি আটাইবোৰ আহিব। গৰুবিহুৰ দিনা খেল-ধেমালি হ’ব। এশ মিটাৰ দৌৰ, মাৰাথন, লং জাম্প, শ্বটপুট, জেভলিন থ্ৰ’..

এশ মিটাৰ আৰু মাৰাথন দৌৰ ঠিক কোনখিনিৰ পৰা কোনখিনিলৈ হ’ব দেখুৱাই দিবৰ বাবে মেইন লীডাৰজন আগবাঢ়ি আহিল।

: “এই যে খুটিটো দেখিছে ইয়াৰ পৰা আৰম্ভ কৰি সেইযে ভেটিটো.. তালৈকে দৌৰিব।”

এদিন এইজনেই ঠিক এইখিনিতে থিয় হৈ কৈছিল, ‘গছ ৰুব খুজিছো। এইযে দেখিছে, এইখিনিৰ পৰা আৰম্ভ কৰি এক্কেবাৰে সেই বাঁহনিডৰালৈকে..। কমেও দুই-আঢ়ৈ হাজাৰ গছ হ’ব..।’ হ’ব, কোনো কথা নাই। টাৰ্জান আৰু কিমি কাটকাৰে দৌৰি নুফুৰিলেও বাপতিসাহোন বিহুটো বুলি ল’ৰাকেইটামানে দৌৰিব। কেইবাহাজাৰো গছ, লতা, সাপ, জোকেৰে ভৰা এখন ডাঠ হাবিৰ মাজেৰে দৌৰাতকৈ আহল-বহল মুকলি ফিল্ডৰ মাজেৰে দৌৰিব। একো বেয়া নহয়। এতিয়াতো ইয়াত হাবি বা জংগল বুলিবলৈ কচু বা ঢেকীয়া এডালো নাই। অতি সুন্দৰ, ফু মাৰি ভাত খাব পৰা চাফ-চিকুণ পৰিৱেশ।

ল’ৰাটো ওচৰ চাপি আহিল। “ইমান একান্তমনে কি ভাবি আছে ছাৰ?”

: “আপোনালোকৰ কথাকে ভাবিছোঁ। ইমান উৎসাহী, পৰিশ্ৰমী, দূৰদৰ্শী মানুহ গাওঁখনে ভাগ্যৰ বলতহে পাইছে। কেতিয়াও কোনো কামতে ঢিলাই নিদিব। দমটো অটুত ৰাখি উৰাই ঘূৰাই লাগি থাকক। এনেকুৱা মানুহ থাকিলে দেশৰ, দহৰ, নিজৰ সৰ্বতোপ্ৰকাৰ উন্নতি অনিবাৰ্য। জয় আই অসম!”

■■

6 Comments

  • Koushik Narayan Sarma

    সাংঘাটিক

    Reply
  • বৰ ভাল লাগিল। আগলৈও ফটাঢোলত আপোনাৰ লেখা আশা কৰিলোঁ।

    Reply
  • অভিজিত কলিতা

    নিৰ্মম সত্য। খুব ভাল লাগিল

    Reply
  • Anal Krishna Yein

    Ei mojjjjaaaa..

    Reply
  • Bhaskar Jyoti Sarma

    হিলাই দিছে

    Reply
  • বিজিত নাথ

    পঢ়ি খুব ভাল লাগিল। লিখিবলৈ সময় লোৱাৰ বাবে আমি ধাৰাবাহিক পৰিবৰ্তনবোৰ দেখা পালো। ধন্যবাদ ।

    Reply

Leave a Reply

Your email address will not be published.