ফটাঢোল

জাতিৰ উত্তৰণত সংস্কৃতিৰ ভূমিকা আৰু আমাৰ কৰণীয় – চাহিন জাফ্ৰি

সম্প্ৰতি অসমত বিৰাজমান হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটোৱেই হৈছে- জাতীয় সমস্যা। ছপা মাধ্যমৰ পৰা আৰম্ভ কৰি ইলেকট্ৰনিক মিডিয়া আৰু চছিয়েল মিডিয়ালৈকে সৰ্বত্ৰে উচ্চাৰিত হোৱা এটা অতি চিনাকি শব্দ হৈছে ‘জাতীয়তাবাদ’। জাতীয় উত্তৰণৰ বিষয়টোয়ে সমাজখনত গভীৰ ভাৱে জাতীয় সংকটৰ সৃষ্টি কৰাৰ লগতে পৰস্পৰবিৰোধী ধাৰণাৰে এক উদ্বেগজনক পৰিস্থিতিৰো সৃষ্টি কৰিছে।

কথা হ’ল, এই জাতীয় সমস্যা সমূহৰ সমাধানৰ কাৰণে আমি কি কৰা উচিত?

আমি সকলোৱে এইটো কথাও ভালদৰেই জানো যে, অসমৰ অমীমাংসিত জাতীয় প্ৰশ্নৰ স্থায়ী সমাধানৰ বিষয়টোৱেই হৈছে বৰ্তমান অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা। জনগোষ্ঠীয় স্ব-অধিকাৰৰ প্ৰসংগ, পৃথক ৰাজ্যৰ দাবী, ৰাজ্যিক আৰু জনগোষ্ঠীয় স্তৰত স্ব-অধিকাৰৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ বিষয় সমূহে অসমৰ জাতীয় জীৱন অস্থিৰ কৰি তোলাটো বিগত তিনিটা দশকৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিঘটনা। ইয়াৰ বাহিৰেও আন এশ এবুৰি সমস্যাৰে জৰ্জৰিত আমাৰ জাতীয় জীৱন।

বৰ্তমান অসমীয়া ভাষা, সংস্কৃতি, পৰম্পৰা আদিৰ দিশত দেখা দিয়া বিপদৰ কথা গভীৰভাৱে উপলব্ধি কৰাৰ সময় আহি পৰিছে। যিহেতু সামাজিক শ্ৰেণীভেদৰ সমস্যা, হিংসা-অহিংসা, ধৰ্মনিৰপেক্ষতা আদি বিভিন্ন সমস্যাক সাঙুৰিয়েই বৰ্তমান অসমত জাতীয় অস্তিত্বৰ সংকটে দেখা দিছেহি। সামূহিক ভাৱে আমি একত্ৰিত হৈ জাতিটোৰ উন্নতিৰ কথা চিন্তা কৰিলেহে এই সমস্যাৰ সমাধান হব পাৰে বুলি আশা কৰিব পাৰি। যিহেতু জাতি এটাৰ প্ৰতিচ্ছবিখন লুকাই থাকে জাতিটোৰ কলা-সাহিত্যৰ মাজত আৰু ইয়াতেই নিহিত হৈ থাকে জাতিটোৰ উন্নতিৰ খতিয়ান। গতিকে জাতিটোৰ উন্নতিৰ বাবে আমি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ঐক্যবদ্ধভাবে আগবাঢ়ি যাব লাগিব, তেহে জাতিটোৰ উত্তৰণ সম্ভৱপৰ হ’ব।

যাৰ সংস্কাৰ হৈছে বা শুদ্ধি হৈছে তাকেই সংস্কৃতি বুলিব পাৰি। সকলো ভাল চিন্তা অথবা সুন্দৰৰ সাধনাৰ মাজেৰেই সংস্কৃতিয়ে বিকাশ লাভ কৰে। ভাষা-সাহিত্য, জাতীয় চেতনা, দেশাত্মবোধ, দেশপ্ৰেম ,মানৱতা আদি বিভিন্ন শিল্প কলাৰেই সংস্কৃতিৰ সৃষ্টি হৈছে। সংস্কৃতিয়ে মানৱ জীৱনৰ বৌদ্ধিক উৎকৰ্ষ সাধন কৰে। ভাষা আৰু সাহিত্য-সংস্কৃতি হৈছে জাতীয় জীৱনৰ আয়ুস ৰেখা। অসমীয়া ভাষা, সংস্কৃতি, পৰম্পৰা আদিৰ দিশত আহি পৰা গম্ভীৰ বিপদৰ কথা উপলব্ধি কৰি সংস্কৃতিৰ সাধনা কৰা অতিকে প্ৰয়োজনীয় বুলি বিবেচনা কৰিব পাৰি। ভাষা-সাহিত্য-সংস্কৃতিয়েই জাতীয় জীৱনৰ আয়ুস নিৰ্ধাৰিত কৰে সেয়ে ইয়াতেই নিহিত হৈ থাকে জাতিটোৰ উন্নতিৰ দলিল।

মাতৃ, জন্মভূমি আৰু মাতৃভাষা জাতীয় জীৱনৰ মূল উৎস। এই তিনিওটা বস্তুৱেই হৈছে জাতি গঢ়াৰ ঘাই উপাদান। কোনোটোৱেই কোনোটোৰ পৰিপূৰক বুলি গণ্য কৰিব নোৱাৰি। জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এই তিনিওটা উপাদানৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও বৰ্তমান এই তিনিওটা উপাদানৰ মাজতেই খেলি-মেলিৰ সৃষ্টি হৈছে। নিজৰ মাজতেই খোৱা-কামোৰা লাগি থকা আৰু ‘নিজৰটো আনতকৈ শ্ৰেষ্ঠ’ বুলি উফাইদাং মাৰি থকাৰ ফলত জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত বাধা আহি পৰিছে।

সংস্কৃতি হৈছে বহু কেইটা শ্ৰেষ্ঠ উপাদানৰ যৌগিক সংমিশ্ৰণ। মানৱ সমাজৰ জ্ঞান, বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ-অনুষ্ঠান, আইন-কানুন, শিল্প-কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপটোৱেই সংস্কৃতি। কৃষ্টি বা সংস্কৃতি কোনো এটা বিশেষ জাতিৰ সৃষ্টি নহয়। ৰাজ্যখনত বাস কৰা বিভিন্ন ভাষা-ভাষী, জনগোষ্ঠী, সম্প্ৰদায় সকলোৰে ভাল খিনিক লৈ সংস্কৃতিয়ে জন্ম লাভ কৰিছে। ই অতিকে পুৰণি। ইতিহাসবিদ সকলৰ মতে, এই সংস্কৃতিক লৈয়েই আমাৰ জাতীয় মনোভাব, ঐক্য, সম্প্ৰীতিৰ ভেটি ৰচিত হৈছে।

ভাৰতৰ আন আন ৰাজ্য সমূহৰ তুলনাত সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ স্থান অতি উচ্চ। বিভিন্ন উৎসৱ -পৰ্ব আদি বছৰৰ বাৰ মাহেই চলি থাকে যদিও জাতীয় উৎসৱ হিচাবে বিহুক অতি উচ্চ স্থান দিয়া হয়। কিয়নো বিহু কোনো ধৰ্মীয় উৎসৱ নহয়, ই হৈছে অসমীয়া জাতিৰ আবেগ, অসমীয়াৰ বাপতিসাহোন, অসমৰ জাতীয় উৎসৱ। বহাগৰ ৰঙালী, মাঘৰ ভোগালী, কাতিৰ কঙালীৰ উপৰিও উজনি আৰু নামনিত প্ৰচলিত বিভিন্ন উৎসৱ সমূহ হৈছে অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ। এই সংস্কৃতি সমূহে বিভিন্ন ধৰ্মীয় পন্থী, বিভিন্ন ভাষা-ভাষীৰ মাজত প্ৰেম-প্ৰীতি বৃদ্ধি কৰি ঐক্য আৰু পাৰস্পৰিক বুজাপৰাত সহায় কৰিছে। এই সংস্কৃতি সমূহে সমাজত শান্তিপূৰ্ণ সহ-অৱস্থান কৰাতো ইন্ধন যোগাই আহিছে।

কিন্তু বৰ্তমান দেখা যায় যে কিছুমান অপসংস্কৃতিয়ে আমাৰ সমাজৰ অপুৰণীয় ক্ষতি কৰিব ধৰিছে। বিশেষকৈ, ধৰ্মীয় অৰিয়া-অৰি আৰু ৰাজনীতি কৰণে সমাজৰ শান্তি সম্প্ৰীতিত কু-প্ৰভাৱ পেলাইছে। বিহু ,পূজা আদি অনুষ্ঠানত ব্যৱসায়িক দৃষ্টিভঙ্গী, শিল্পী নিৰ্বাচন আৰু গীত পৰিবেশনৰ নামত অত্যাধুনিকতা, পশ্চিমীয়াৰ অন্ধ অনুকৰণ, পোছাক-পৰিচ্ছদ আদিৰ ক্ষেত্ৰত প্ৰয়োজনাধিক আধুনিকতা, অশালীনতা, দেশী-বিদেশী পানীয় অথবা নিচা যুক্ত দ্ৰব্যৰ সেৱন আদি বহু ক্ষেত্ৰতেই আমাৰ সংস্কৃতিৰ অৱক্ষয় হব ধৰিছে..।

যিকোনো কাৰ্যই সৎ চিন্তা, যুক্তিপূৰ্ণ ভাৱে₹ আৰু যোগাত্মক দৃষ্টিভঙ্গীৰে অনুষ্ঠিত কৰিলেহে উচিত ফল লাভ কৰা যায়। যোগাত্মক নহৈ বিয়োগাত্মক হ’লে ঐক্যৰ সলনি অনৈক্য, সৃষ্টিৰ সলনি ধংসইহে বিৰাজ কৰিব। শান্তিপূৰ্ণভাৱে₹ নহ’লে কোনো কাৰ্যই কেতিয়াও সমাজৰ উন্নতি সাধন কৰিব নোৱাৰে। যিহেতু সংস্কৃতিৰ অৰ্থই হৈছে- সৎ,ভাল তথা সুন্দৰৰ সাধনা কৰা। দুস্কৃতি তথা অসৎ, বেয়া অথবা অসুন্দৰ মাজেৰে কেতিয়াও সংস্কৃতি ধৰি ৰাখিব নোৱাৰি, বৰঞ্চ সমাজৰ ক্ষতি হে হ’ব। দুস্কৃতি অথবা অসৎ চিন্তা-চৰ্চাৰ বিৰুদ্ধে যুঁজ দি সংস্কৃতি ৰক্ষা কৰা আমাৰ সকলোৰে কৰ্তব্য। ইয়াৰ জৰিয়তেহে জাতিৰ উন্নতি সম্ভৱ।

আমাৰ ঐতিহ্য, পৰম্পৰা আৰু বৰ্ণিল সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আমাৰ। সংস্কৃতি চৰ্চাৰ জৰিয়তে জাতিটোৰ উত্তৰণ ঘটাবলৈ সকলোৰে একত্ৰিত প্ৰচেষ্টা আৰু সহযোগ অতি প্ৰয়োজনীয়। সামাজিক চেতনা আৰু দায়িত্ববোধৰ ইতিবাচক প্ৰভাৱে জাতিটোক উত্তৰণৰ দিশলৈ টানি নিব বুলি নিশ্চিত ভাবে ক’ব পাৰি। অসমীয়া জাতিৰ বৃহত্তম স্বাৰ্থত আমি সকলোৱেই এইখিনি কৰা উচিত।

☆★☆★☆

Leave a Reply

Your email address will not be published.