ফটাঢোল

জানু কুমাৰৰ প্ৰেম – ডলী তালুকদাৰ

মেট্ৰিক পাছ কৰাৰ সময়ৰ কথা৷ কলেজ যাবলৈ আৰম্ভ কৰিছোঁ৷ মন উগুল থুগুল লগতে ৰোমাঞ্চিত৷ ব’ৰিং ইউনিফৰ্ম এৰি এতিয়া ধুনীয়া ধুনীয়া ৰং বিৰঙৰ কাপোৰ পিন্ধিম৷ চকুত কাজল, ওঁঠত লিপষ্টিক বোলাম আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল হাইহিল চেণ্ডেল পিন্ধি কলেজলৈ যাম, কিয়নো আগতে বন্দোবস্ত কৰা আছিল যে যদিহে ভালকৈ পাছ কৰোঁ তেতিয়া বেলেগ কিবা উপহাৰ দিয়ক বা নিদিয়ক মোক ওখ চেণ্ডেল এযোৰ লাগিবই৷ আৰু সময়ত কথাষাৰ আমি দুয়ো পিতা পুত্ৰীয়ে ৰাখিছিলোঁ৷

কলেজ যোৱা দুমাহমান হৈছিল, কলা বিভাগত এডমিছন লৈছিলোঁ৷ অংকৰ টেনচন নাই কিন্তু অন্য এটা টেনচনহে আৰম্ভ হ’ল মোৰ৷ এদিন মোৰ বেগত দেখিলোঁ এখন কাগজ, আচৰিত! কোনে দিলে? কাগজখিলা দেখি মোৰ মনত কৌতূহল উপজিল। মেলি চাওঁতে দেখিলোঁ, ই কি? এইখন দেখোন দৰ্খাস্ত! দৰ্খাস্তখনত লিখা আছে এইদৰে-

প্ৰতি,
আদৰণীয় ডলী, সিদিনা তোমাক দেখা পালোঁ কলেজৰ অডিটৰিয়াম হলত। আমাক যে চিনিয়ৰবোৰে চিনাকি দিবলৈ দিছিল তেতিয়া৷ তোমাৰ নাম আৰু ক’ত থাকা সকলো গম পালোঁ৷ চিনাকি পৰ্বত যে আমাক সকলোকে আকস্মিক বক্তৃতা দিবলৈ কৈছিল মনত আছেনে? তোমাৰ ভাগত আলু পৰিছিল আৰু তুমি ইমান ধুনীয়াকৈ আলুৰ বিষয়ে কৈছিলা! লগতে আলুৰে বনোৱা বিভিন্ন ব্যঞ্জনৰ কথাও কৈছিলা যে মনত আছেনে? মোৰ যে আলু বহুত প্ৰিয় আৰু তুমি আলুৰে বনোৱা খাদ্য কেইবিধৰ নাম কওঁতে মোৰ জিভাৰ পানী পৰি গৈছিল জানা। আৰু সেই সময়তে মই এটা সিদ্ধান্ত লৈ পেলালোঁ। সেইটো হ’ল ভৱিষ্যতে মই তোমাকে মোৰ জীৱন লগৰী কৰিম!

ইতিমধ্যে মই তোমাক মোৰ কলিজাৰ আধাখিনি দি দিলোঁৱেই। গতিকে তুমিও মোক তোমাৰ কলিজাটোৰ আধাখিনি দিলে ভাল পাম। এয়ে মোৰ মহোদয়াৰ ওচৰত সৰল প্ৰাৰ্থনা।
ইতি
তোমাৰ হ’বলগীয়া প্ৰেমিক।

দৰ্খাস্তখন পঢ়ি মাথা মুণ্ড একো বুজি পোৱা নাই। ইফালে ভয়ো লাগিছে কোনে বা আবেদন কৰিলে? কিয় বা কৰিলে? কিয়নো তেতিয়ালৈ মোক কোনেও প্ৰেম পত্ৰ দিয়া নাছিল৷ আৱেদন পত্ৰ দিবলৈ মইতো ইমান ডাঙৰ মানুহ নহয়। উফ! কি কৰোঁ? ইফালে প্ৰেম-পত্ৰ যেনো লাগে আনফালে “আদৰণীয় ডলী” বুলি লিখি মোক কিমান সন্মানো দিছে৷ গতিকে কি কৰোঁ?এটা কাম কৰোঁ, মোৰ লগত স্কুলত পঢ়া “লেডী-বিদুৰ” খ্যাত বান্ধৱী বিনীতাকে সোধোঁ? কিন্তু বিদু্ৰৰ পানীলগা জ্বৰ হোৱাত তাই অহা নাছিল সেইদিনা। মই ভীষণ টেনচনত। পিছদিনা বিনীতা আহিল যদিও তাইৰ কথা পাতিবলৈ সময় নাই। মোৰ বহীবোৰ লৈ নোটচ্বোৰ টুকি গৈছে ধুমধাম৷

এসপ্তাহ গ’ল৷ তেনেকৈ এদিন কলেজৰ বেগটোৰ ভিতৰত দুই পৃষ্ঠাজোৰা চিঠি এখন ওলাল। গোটেই চিঠিখন বিৰহ বেদনা, হা হুমনিয়াহেৰে ভৰা৷ লগতে মই বোলে বহুত নিষ্ঠুৰ। এতিয়াকৈ মই তাক বিচাৰি উলিয়াব পৰা নাই। তাৰ মৰম ল’ব পৰা নাই। আস! ইমান নিষ্ঠুৰ নে মই?
উফ কি যে হ’ব?

তেনেকৈ আৰু কেইদিন মান পিছত এদিন আৰু এখন বহী পালোঁ মোৰ বেগত। ভালকৈ মেলি চাই দেখো সেইখন বহী নহয়; কবিতাৰ পুথিহে হাতে লিখা৷ তাকো এলাপেচা কবিৰ নহয়, মোৰ ফটা প্ৰেমিকৰহে। কবিতাও কবিতা বৈদ্য কবিতা। আৰু যিয়ে লিখিছে সি কবি নহয় একেধাৰে ওলকবি৷ অতবছৰ পাৰ হ’ল সেই মহান কবিতাটি মনত নাই কিন্তু শেষৰ দুশাৰী মনত আজিও আছে মোৰ কনমানি মগজুটোত৷ শেষৰ দুশাৰী হয়তো মৰাৰ দিনালৈকে মনত থাকিব।

কবিতাৰ শেষৰ দুশাৰী আছিল এনেধৰণৰ-

“পাৰ হৈ গ’ল তিনিবছৰ এই মহাবিদ্যালয়ত’
নালাগিল ভাল কাকোৱে
সেই কাৰণে চাগৈ কৰিছোঁ ফেল
বাৰে বাৰে ফেল ফাৰ্ষ্ট ইয়েৰতে
লগ পাওঁ যাতে তোমাকে”

এইয়া আছিল মহাকবি কালিদাসৰ পুনৰ জনম ওলকবিৰ কবিতা৷ ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছিল যে মহাশয় কিমান পণ্ডিত আৰু তিনিবাৰ একে ক্লাছতে ফেল কৰি হেট্ৰিক কৰিছে। অসহ্য হৈ লগৰজনীক ক’লো মই এই কবিক বিচাৰিমেই। নহ’লে মই প্ৰিন্সিপালৰ ওচৰত যাম। কিন্তু হঠাত যেন মোৰ বান্ধবী চক খাই গ’ল। তাই ক’লে যে,

: প্ৰিন্সিপালক ক’ব নালাগে।

মই সুধিলোঁ,

: কিয়? মোক ইমান অশান্তি দি আছে কোনোবাই! তই দেখা নাই?

: আচলতে ময়ে দিছোঁ চিঠিবোৰ তোৰ বেগত মনে মনে।

মোৰ সাংঘাটিক খং উঠিল। মই ক’লোঁঁ,

: তই দিছ? কিন্তু কিয়? তই মোৰ বান্ধবী হৈ এইবোৰ কৰিছ?

তাই সেহাই সেহাই ক’লে,

: নহয় অ’ মই চিনি পাওঁ ল’ৰাজনক। আমাৰ চুবুৰিতে থাকে। তোক বোলে তাৰ বহুত ভাল লাগিছে। জানু কুমাৰ তাৰ নাম। তাক সহায় কৰাৰ কাৰণে মোক সি সদায় কেডবেৰীজ আৰু মিৰিন্দা খুৱায়।

মই খঙেৰে ক’লোঁঁ তাইক,

: কেৱল চকলেট আৰু ক’ল্ড ড্ৰিংকচৰ বিনিময়ত মোৰ মাথা নষ্ট কৰি দিছ। লাজ লগা নাই তোৰ? আন তাক মাতি! প্ৰেমৰ দৰ্খাস্ত দিয়ে সি! লাজ নাই। গাধ কৰবাৰ! কবিতাও লিখে হাৰ্ট ফেল হৈ যোৱাকৈ।

তাই ক’লে,

: অহাকালি মাতিম দে। আজি সি অহা নাই; তোৰ কাৰণে লিখা কবিতাটো চাৰিদিন লাগিছে। কষ্ট হৈছে তাৰ। হাত বিষাইছে বোলে! জিৰণী লৈছে।

মই ক’লো,

: ভালে ভালে মাতিবি নে তাক নহ’লে প্ৰমাণ সহ প্ৰিন্সিপালৰ ওচৰলৈ লৈ যাম।

তিনিদিন পিছত লগৰজনীয়ে ক’লে মোক যে সি লগ কৰিব৷ ওচৰৰে চাহৰ দোকানত ৰৈ আছে। দুটা ক্লাছৰ পিছত আমাৰ অফ পিৰিয়দ আছে গতিকে তেতিয়াহে লগ কৰিব পাৰিম বুলি ক’লোঁ।

গ’লোঁ চাহ খাবলৈ। উহু হিৰোৰ দেখাদেখি নাই। ইফালে ভোকো লাগিছে আনফালে ক্লাছো আৰম্ভ হোৱাৰ সময় হৈছে। আমি চিঙৰা অৰ্ডাৰ দিলোঁ। চিঙৰাত কামোৰ মাৰিবলৈ ওলাইছোঁ লগৰজনীয়ে ক’লে জানু দা আহিছে। মই লাজত ৰঙা পৰিলোঁ৷ বুকুখনো কঁপিছে অলপ। জীৱনত প্ৰথম কোনোবাই প্ৰেমৰ দৰ্খাস্ত দিছে গতিকে ভালো লাগিছে। মই তলমূৰকৈ থাকিলোঁ৷ হঠাত হাত এখন মোৰ ফালে আগুৱাই আহিল আৰু ক’লে “হাই আই এম জানু”।

লাহে লাহে চকু তুলি ওপৰলৈ চালোঁ। ই কি? চাৰ্লি চেপলিনতকৈ অলপহে চাপৰ। মস্ত মোচ কোঁচাৰ তলত ওঁঠ দুটা আছেনে নাই বুজিব নোৱাৰি। “হাই” বুলি আকৌ কৈ যেতিয়া হাঁহিলে দেখিলোঁ তাৰ ওপৰৰ পাৰিৰ কুকুৰ দাঁতৰ কাষৰ দাঁত দুটাও নাই। মোৰ মূৰ ঘূৰি গ’ল হিৰোৰ ৰূপ দেখি। মোক ৰজনীকান্ত ষ্টাইলত চচমাযোৰ পিন্ধি ক’লে মই তোমাক বহুত ভাল পাওঁ। তুমিও মোক ভাল পোৱানে?

তাৰ চেহেৰা আৰু ষ্টাইল দেখি মোৰ প্ৰেমৰ যি আখৈ ফুটিছিল নিমিষতে সেমেকি গ’ল। মোৰ মুখত থকা চিঙৰাৰ টুকুৰাটো কোনোমতে গিলিলোঁ। “মোৰ আছে” (সেই সময়ত থকা বুলি ক’লে সবে বুজি পায়- বুকিং বুলি) বুলি কৈ কোনোমতে ৰেষ্টুৰেণ্টৰ পৰা পলালোঁ।লগৰজনীকো এৰি থৈ আহিলোঁ।

পিছদিনাৰ পৰা মোক আচৰিত কৰি লগৰজনীয়ে নমতা হ’ল। মোৰো খং উঠি আছিল গতিকে ময়ো মতা নাছিলোঁ। কিন্তু এসপ্তাহ পিছতো নমতা দেখি মই তাইক সুধিলোঁ,

: কি হ’ল? কিয় নামাত তই?

তাই প্ৰথমে একো নক’লে। তেনেকৈয়ে পিছৰ ক্লাছটো আৰম্ভ হ’ল। তাৰ পিছত অফ আছিল দুটা ক্লাছ। মই তাইক জোৰ কৰি সুধিলোঁ। তেতিয়া তাই ক’লে,

: তোৰ কাৰণে মই ফচিছোঁ৷

মই আচৰিত

: মোৰ কাৰণে ফচিলি? কিন্তু মই তোক কিহত ফচালোঁ।
বিনীতায়ে গেঙেৰী মাৰি উঠিলে। ক’লে,

: ফচোৱা নাই নেকি কিবা? তোৰ যদি ‘লাভাৰ’ আছিলেই কিয় মোক কোৱা নাছিলি? মিছামিছি জানু দাই মোক তোৰ কথা সোধাত মই দুয়োকে লগ লগাই দিম কৈছিলোঁ। তোক চিঠিবোৰ দিয়াৰ কাৰণে আৰু তাক সহায় কৰাৰ কাৰণে সি যে মোক মিৰিন্দা, চকলেট আৰু দুবাৰ মান চাওমিন খুৱাইছিল আজি এমাহ ধৰি তাৰে পইচাখিনি খুজিছে। লগতে বাচৰ ভাৰাও দিছিল আজি এমাহ কলেজলৈ আহোঁতে। এতিয়া ক’ৰ পৰা দিওঁ? গোটেইখিনি ৫০০ টকা মান হৈছে। আৰু কিনো বেয়া পালি তাক? ইমান ভাল পায় তোক! তোৰ কাৰণে কিমান কবিতা লিখিলে। ইমান বহীৰ পাত খৰচ কৰি চিঠি লিখিছে। পুৰা তিনি দিস্তা কাগজ খৰচ হৈছে বোলে তাৰ। তাৰো পইচা মোক দিব দিছে।

তাইৰ কথা শুনি মোৰ মুখ মেল খাই গ’ল। হৰি হৰি কি কাণ্ড? কিছু সময় পিছত মোৰ সম্বিত ঘূৰি অহাত “যি কৰ কৰি থাক তোৰ সমস্যা, মইতো তোক কোৱা নাছিলোঁ” খঙতে মই তাইক ক’লো (আচলতে তেনেকৈ কাকোৱে ক’ব নাপায়) মোচ কোঁচাৰে বিৰাপ্পানৰ সৰু ভায়েক যেন দেখা, দাঁত নোহোৱা সোলাটোৰ লগত মই প্ৰেম নকৰিহে পাৰিছোঁ। তোৰ ভাল লাগিছে তইয়ে কৰগৈ প্ৰেম! এনেকৈ কৈ মই গুছি আহিলোঁ। ইয়াৰ পিছৰ পৰা বিনীতায়ে মোক নমতা হ’ল৷ কিন্তু দুদিন মানৰ পিছত এটা আচৰিত পৰিবৰ্তন দেখিলোঁ জানু কুমাৰৰ। তাৰ মোচ কোঁচা নাইকিয়া হ’ল। দাঁত দুটাও গজিল। মানে কাছাৰীৰ ফুটপাথত নকলি দাঁত লগোৱা মানুহ বহিছিল। তাতে সি বিশ টকা দি দাঁত লগাই আনিছিল। আৰু মোক দেখিলে মিচিকিয়াই হাঁহিছিল।চুলিত বোলে সেইসময়ত নতুনকৈ ওলোৱা পেণ্টিন চেম্পু সানিছিল। এইখিনি খবৰ সংগ্ৰহ কৰি আনিছিল মোৰ লগৰ ডেঞ্জাৰ বান্ধবী এজনীয়ে৷ লেইলা নাম আছিল তাইৰ৷

পিছলৈ মোক হিৰোৱে আৰু আমনি নকৰা হ’ল। এয়াই জানু কুমাৰৰ লগত মোৰ ফটা প্ৰেম৷

☆★☆★☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    জানু কুমাৰৰ আখ্যান ভাল লাগিল পঢ়ি বা।

    Reply
  • হাঁ হাঁ৷ফটাপ্ৰেম পঢ়ি ভাল পালোঁ

    Reply
  • বৰ ৰস পালোঁ জানুকুমাৰৰ প্ৰেমিক চেহেৰাৰ বৰ্ণনা পঢ়ি।

    Reply
  • হিৰণ্যজ্যোতি দাস

    হাই ,আই এম জানু
    ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    হা হা জানু কুমাৰৰ বৰ্ণনা তামাম ৷ মজা

    Reply
  • হেমন্ত কাকতি

    পঢ়িলো দেই৷ বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.