ফটাঢোল

“জান” মানেই বিপদ – চবিনা ইয়াছমিন

কি যে দিন কাল আহিল হেৰৌ! আমাৰ প্ৰেচৰ পৰা ওলায়ে ৰাস্তাটো৷ কাষতে পাচলি বিক্ৰী কৰা দদাইদেউ দুজনমান বহে৷ মই আকৌ ঘৰলৈ ঘূৰি আহোঁতে তাৰ পৰাই পাচলি কিনি আনো৷

কালিও কিনি আছোঁ কিবা কিবি৷ হঠাতে হৈ চৈ লগাত উভতি চাই দেখিলোঁ চেঙেলীয়া ডেকা এজনক উৰাই ঘূৰাই মানুহ এগৰাকীয়ে নিজৰ কান্ধত ওলোমাই নিয়া বেগটোৰে কোবাইছে৷ মই একে দৌৰে কাষ পালোঁগৈ৷ মানে মই প্ৰেচৰ পৰা ওলাই আহোঁতে ল’ৰাজনে ফুটপাথটোতে ভৰিৰ ওপৰত ভৰ দি বহি ফোনত কথা পাতি আছিল৷ মোৰ হাতৰ পৰা টকা পাঁচশ তাৰ ভৰিৰ কাষতে পৰিল৷ মই গমেই নাপালোঁ৷ সি টকাটো পায় ৰাস্তাটো পাৰ হৈ মোক দি গ’লহি৷ অচিনাকি ল’ৰাজনৰ এনে কামত মনটো ভাল লাগি গ’ল৷ ধন্যবাদ এটা জনালোঁ৷ প্ৰত্যুত্তৰত সিও স্বাগতম জনালে৷ কথাবোৰৰ পৰা গম পালোঁ সি বাংলা ভাষী৷ হাঁহি মাৰি বিদায় লৈ সি পুনৰ ৰাস্তাটো পাৰ হৈ ফুটপাথটোত তেনেকৈ বহি ফোনত কথা পাতি থাকিল৷

এনেহেন ভদ্ৰ ল’ৰাটোক কিয় মানুহ গৰাকীয়ে কোবাইছে বুলি মই দৌৰি গৈ মানুহগৰাকীক হাতত থাপ মাৰি ধৰিলোঁ৷ মানুহ গৰাকীয়ে আকৌ মোকহে ওলোটাই দম দিছে৷ তেওঁৰ লগত কলেজত পঢ়ি থকা মানেে ১৯/২০ বছৰ বয়সৰ ছোৱালী এজনীও আছিল৷ পিন্ধনত আঁঠুত পৰি থকা এটা স্কাৰ্ট আৰু খৰা হাতৰ টপ৷ মই বোলো,

: বাইদেউ কথাটো কি হ’ল কওকচোন৷ ই মোৰেই ল’ৰা৷

মানুহগৰাকীৰ খং দুগুণে চৰিলে৷ মুখত সাংঘাতিক গোৱাল গালি কিছুমান৷ মই বোলো গালি পৰাৰ আগতে কথাটো কওক৷ তেওঁ বোলে,

: মাক যেতিয়া পুতেৰক নুসোধে কেলৈ?

ইতিমধ্যে ঘটনাটো প্ৰেচৰ সমুখতে ঘটাৰ বাবে মোৰ চিনাকি মানুহবোৰ কাষ চাপি আহিল৷ দুই এজনে মাত দিব খুজিছিল যদিও মই বাধা দিলোঁ৷ এৱোঁ আহি কাষ পালেহি৷ মই এওঁক চকুৰ ইংগিতেৰে আঁতৰি যাবলৈ ক’লোঁ৷ ল’ৰাটোৰ চকুপানী বৈ আছিল৷ মই তাক তুলি ধৰি সুধিলোঁ,

: বাবাটো কি হ’ল কথাটো কোৱাচোন৷

সি বোলে,

: মা মই নিজেই নাজানো কি হ’ল কথাটো৷ ইয়াতে বহি ফোনত বৌ আৰু ভণ্টিৰ স’তে কথা পাতি আছিলোঁ৷ হঠাতে বাইদেউ গৰাকীয়ে মাৰিছে মোক৷

মানুহগৰাকীয়ে খঙত একোনাই হৈ,

: কটা নিধক তই মোৰ ছোৱালীজনী এই ফালেৰে পাৰ হৈ যাওঁতে জান জান বুলি চিঞৰা নাছিলি নে? এইজনী মাৰৰ পুতেক হৱ যদি মিছা নামাতিবি৷

এওঁ দূৰৰ পৰা আমাৰ খেল চাই থাকিল৷ ল’ৰাটোৱে ভেবা লাগি চিন্তা কৰিলে সিনো কেতিয়া ক’লে এইষাৰ বুলি৷ তাৰ পিছত মনত পেলাই ক’লে,

: নহয় বাইদেউ৷ প্ৰথম কথা হ’ল মই আপোনাৰ ছোৱালীক মনেই কৰা নাই৷ আৰু এইজনী মাৰ পুতেক বাবেই মিছা নামাতোঁ৷ ফোনত বৌ আৰু ভণ্টিৰ স’তে কথা পাতি আছিলোঁ৷ ভণ্টিয়ে মোক সুধিছিল ময়ো বৌ স’তে আজি “ভিলেজ ৰকষ্টাৰ” চাওঁগৈ নে দাদা? মই ক’লোঁ “যান যান”৷ মানে মই বাংলা ভাষী৷ “যান যান” মানে “যোৱা যোৱা”৷ আপুনি এনেয়ে ভুল বুজিলে৷

মই বোলে,

: বাইদেউ মই ল’ৰাক ভাল শিক্ষাই দিছোঁ৷

মানুহগৰাকীয়ে লাজ পায় গুছি গ’ল৷ ছোৱালীজনীয়ে যোৱাৰ সময়ত মোক মূৰ দোঁৱাই নমস্কাৰ এটা দিলে৷ এওঁ কাষলৈ আহি মোৰ কান্ধত ধৰিলেহি৷ ল’ৰাটোৱে মোৰ হাতত ধৰি বোলে,

: বাইদেউ ধন্যবাদ৷ ইমানখিনি অচিনাকি হৈয়ো আপুনি কৰিলে মোৰ বাবে৷

মই বোলো,

: ৰ’বাহে৷ এনেই কৰা নাই এইখিনি৷ আচলতে মই কাৰো ধাৰ নাখাওঁ৷ অলপ আগতে তুমি মোক মোৰ হাতৰ পৰা পৰি যোৱা পাঁচশ টকাটো তুলি দি থৈ আহি সহায় কৰিছিলা৷ এতিয়া মই কৰিলোঁ সহায় তোমাক৷ হিচাপ বৰাবৰ৷ নহ’লে আকৌ তুমি ফুটনি মাৰিলা হয় নহয় আন কাৰোবাৰ আগত৷

সি হাঁহি দিলে৷ কাষৰ মানুবোৰৰ মাজতো হাঁহিৰ ৰোল উঠিল৷ ল’ৰাটোৰ নামটোও সুধিবলৈ নহ’ল৷ সি আকৌ কেতিয়াবা লগ পাম বুলি বিদায় ল’লে৷ এওঁ বোলে,

: তুমিও অজব প্ৰাণী দেই৷ আকৌ কিবা এটা ঘটনা ঘটাৰ আগতেই ঘৰলৈ যোৱাগৈ যোৱা৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.