ফটাঢোল

জিজাজী, আপকা নাম ক্যা হে? – প্ৰতিম প্রতাপ বৰুৱা

ফটাঢোল এক্সপ্ৰেছ আপডেটটো পঢ়ি নিজৰে ঘটনা এটা মনত পৰিল। সেই ৯৪-৯৫ ৰে ঘটনা। ২৪-২৫ বছৰ মানৰ ভিতৰত আছিল মোৰ বয়সটো। দিল্লীত ডেৰ-দুইবছৰ মান হৈছে। কোম্পানী এটাত চাকৰি কৰি আছিলোঁ তেতিয়া। ঘৰলৈ বছৰটোত দুবাৰমানকৈ যাওঁ। মানে দুবাৰমান যামেই আৰু যেনেতেনে। নহ’লে ঘৰলৈ বৰকৈ মনত পৰি থাকে। এইযে ঘৰলৈ যাওঁ তাৰ সিদ্ধান্তটো হঠাৎ লোৱা হয়। কিবা বন্ধ পৰিল, ঘৰলৈ যাম বুলি ভাবিলোঁ, প্ৰজেক্ট লিডাৰটোক ক’লোঁ, সি কেৰঘেঁহাই কেৰঘেঁহাই ছুটি দিলে, বেগ এটা লৈ ষ্টেচনলৈ গ’লোঁ, ট্ৰেইনখন আহিল, চেকেণ্ড ক্লাচৰ ডবা এটাত উঠি দিলোঁ, অলপ পিছত টিটিই আহিল, টিকট এটা কিনিলোঁ, লগতে কিছুসময় টিটিইজনৰ পিছে পিছে থাকি তেওঁক বাৰ্থ এটাৰ কাৰণে কাকুতি কৰাদি কৰিলোঁ, বাৰ্থটো দিলে যদি শুই দিলোঁ, নিদিলে যদি ডবাটোৰ দৰ্জাখনৰ ওচৰতে খবৰ কাগজ পাৰি বহি দিলোঁ। হৈ গ’ল।

তেনেকুৱা এটা যাত্ৰাত ঘৰলৈ গৈ আছোঁ। লগত বন্ধু এটা। (বন্ধুটো এতিয়া পুঞ্জ লয়দত) টিটিইজনক জয়দেউ কাকুতি কৰিও বাৰ্থ নাপালোঁ। নিশা হ’লত সেই অ’ল্ড ষ্টাইলত ডবাটোৰ দৰ্জাদুখনৰ এখন বন্ধ কৰি ফ্ল’ৰতে খবৰ কাগজ পাৰি বহি দিলোঁ। সেই ভাগেই বহি কিবা-কিবি খায়ো ল’লোঁ। নিশা এপৰত কোনোবা এটা ষ্টেচনত আহিল নহয় উঠি ডাঙৰ পৰিয়াল এটা। পৰিয়ালটো আইতা, মাহী, পেহী, ভণ্টি, বাইদ’ আদি বুলিব পৰা মহিলাৰে ভৰ্তি। ককাই, দদাই বুলিব পৰা দুজনমানো লগতে। অৱস্থাটো আমাৰ দৰেই। মানে ৰিজাৰ্ভেশ্যনহীন, খবৰ কাগজত বহি যোৱা, দ্বিতীয় শ্ৰেণীৰ যাত্ৰী আমি।

অলপ পিছতহে কাণ্ডটো আৰম্ভ হ’ল। সেই ভণ্টি, বাইদ’কেইজনীয়ে এবাৰ মোলৈ চায়, তাৰ পিছতে নিজৰ মাজতে কিবা এটা কৈ খুক্‌কৈ হাঁহি দিয়ে। আকৌ চায়, আকৌ হাঁহে। লগতে সেই মাহী, পেহীকেইগৰাকীয়েও হাঁহি দিয়ে। আইতায়ো মাজে মাজে চায়। মই বোলো হাৰ্‌ৰে, য়ে ক্যা হুৱা? এই নিশাখন, ৰেলৰ এইটো ডবাত খবৰ কাগজত বহি ঘৰলৈ গৈ আছোঁঁ৷ ইফালে সেইজাক ছোৱালীয়ে মোলৈ চাই চাই হঁহা-হঁহিখন কৰি আছে। বন্ধুটো আৰু মই দুইটা নাৰ্ভাছ। লাজো লাগিছে উঠিও যাব নোৱাৰোঁ। ইফালে খুক্‌ খুক্‌ শব্দবোৰ মাজে মাজে ডাঙৰো হৈ গৈছে।

এসময়ত আইতাই মাতষাৰ দিলে,

: বেটা শুনিছ’নে, চাওঁ এইফালে আহচোন।

মই বোলো,

: কোন? মই?

অ’ তোকে মাতিছোঁ। এইফালে আহ।

গ’লোঁ। আইতাই ওচৰতে বহুৱালে। তেওঁ যিখিনি ক’লে তাৰ সাৰাংশ হ’ল, তেওঁলোক পাটনালৈ যাব।

: আমাৰ জোঁৱাইটোৰ চেহেৰাটো তোৰ নিচিনা একেই। তোক চালে তাক চাবই নালাগে। সেইকাৰণে তোক দেখি এইকেইজনীয়ে এনেখন কৰিছে।

মই হাঁ কৈ থাকোঁতেই কোনোবা এজনীয়ে সুধিলে,

: জিজাজী, আপকা নাম ক্যা হে?

অইন এজনীয়ে অইন কিবা এটা সুধিলে। উত্তৰ দিবলৈ নাপাওঁৱেই, নতুন কিবা এষাৰ সুধি দিয়ে।

আইতাই ক’লে,

: ভোক লাগিছে ন’ তোৰ। এই ছোৱালীহঁত, ভিনিহিয়েৰৰ কাৰণে ৰুটি, চব্‌জী, আচাৰ, দৈ উলিয়া।

মই তলকিবই পৰা নাই তেতিয়ালৈকে। বন্ধুটোকো ওচৰলৈ মাতি আনিলোঁ। তাকো এইমখাই ভিনিদেউ বুলিহে মাতিলে।

মই আইতাক ক’লো,

: আইতা অ’, মই বিয়াই পতা নাই নহয়। বিয়া নপতাকৈয়ে ইমানকেইজনী খুলশালী! হৰি হৰি!

আইতাই কয় বোলে,

: হেৰৌ, ৰুটি খা। তোক মোৰ নিজৰ ল’ৰাৰ নিচিনা লাগিছে।

পিছদিনা পাটনাত তেওঁলোক নামি যাওঁতে বেয়া লাগিছিল। আইতাজনীয়ে মোৰ মূৰত ধৰি মৰম কৰি আশীৰ্বাদ দি থৈ গৈছিল।

☆★☆★☆

One comment

  • কমলা দাস

    বঢ়িয়া লাগিল জিজাজী ।

    Reply

Leave a Reply

Your email address will not be published.