ফটাঢোল

জীয়া মাছৰ জোল – বিজয় মহন্ত

“হেল্লো ৰাতুল, শুই উঠিলা যদি আমাৰ ঘৰলৈ আহি যোৱা। জিন্দা মাছ আনিছোঁ। “কুকুৰা ডাক মৰ্নিংঙতে ৰণজয় দাৰ ফোন। শোৱা পাটিৰ পৰা জাঁপ মাৰি উঠি গা ধুয়েই ৰণজয় দাৰ ঘৰলৈ বুলি বাইক ষ্টাৰ্ট দি ওলাই আহিলোঁ। এনেইতো অন্ধ্ৰপ্ৰদেশৰ ডেডবডি কেইটাৰেই কাম চলাই থাকোঁ তাকো এইকেইদিন পাবলৈ নাই। এনেকুৱা দিনত যদি কোনোবাই জীয়ামাছৰ কথা ৰাতিপুৱা শুই থাকোঁতেই কয় ৰৈ থাকিব পাৰিনে?

ঘৰৰ পৰা আহি অলপ দূৰ পাইছোহি। ফোনটো বাজিল। বাইক ৰাখি চালোঁ ৰণজয় দাৰ ফোন।

“তুমি আহিলাই নেকি?”

“অ ওলাই আহিলোঁ অকণমান।”

“হেৰি নহয়, তোমাৰ ঘৰত ৰঙালাও আছে নহয়। দুটামান লৈ আহিবা হে। বৌয়েৰে বৰ ভাল পায় আৰু ভাতকেৰেলাও আছে যদি লৈ আহিবা।”

জিন্দা লোকেল মাছ খোৱাৰ কথা। গতিকে ঘূৰি গৈ তিনিটা ডাঙৰ ডাঙৰ ৰঙালাও আৰু ভাতকেৰেলা অলপ ছিঙি লৈ আহিলোঁ।খাওক। বেচেৰা, বাৰীৰ বস্তু খাবলৈ নোপোৱা মানুহ।

প্ৰায় ৪৫ কিলোমিটাৰ বাইক লৈ ৰণজয় দাৰ ঘৰ পালোহি। খবৰ বাতৰি লৈ বৌয়ে বোলে,

“চাহ একাপ খাবানে?”

সাধাৰনতে মই চাহ একাপ খোৱা বুলি ক’লে নাখাওঁ বুলিয়েই কওঁ। কিন্তু চাহ খাবানে বুলি যদি কোনোবাই সোধে চিধা খাম বুলিয়েই কওঁ। জানোৱেই সেইগৰাকী এলেহুৱা। বনাবলৈ এলাহ। বৌ ভিতৰলৈ সোমাই গ’ল চাহ বনাবলৈ। আকৌ ওলাই আহিল।

“হেৰি নহয় লাল চাহ খাবানে গাখীৰ চাহ?”

“লাল চাহকে দিয়ক বৌ।”

বৌ আকৌ সোমাল। আকৌ ওলাল বোলে চেনী খাবানে নোখোৱা। মই বোলো দিয়ক।

বৌ আকৌ সোমাল আকৌ ওলাই বোলে, “গ্ৰীণ টী খাবানে নৰমেল?”

মই বোলো, “বৌ আপোনাৰ প্ৰশ্নৰ উত্তৰ দি দি মোৰ গৰম উঠিল। অলপ পিছত সুধিব অসমৰ খাবা নে দাৰ্জিলিংৰ খাবা। তাত কৈ ঠাণ্ডা কিবা এটাকে দিয়ক।”

অলপ পিছত বৌয়ে পুৰণি কাপ এটা থিনাৰ বিস্কুত এটাৰে দি গ’ল। চাই দেখোঁ চাহ হে। বোলো,

“বৌ ঠাণ্ডা হে দিব কৈছিলোঁ। চাহ দিলে যে?”

বৌয়ে বোলে, “তুমি ঠাণ্ডা বিছাৰিলা বাবে কালি ৰাতিয়েই বনোৱা চাহ আছিল। তাকে দিলোঁ।”

চাহ কাপ ৰণজয় দা ভিতৰলৈ যোৱাৰ সুযোগ লৈ পেলাই দিলোঁ। এইবাৰ অপেক্ষা কৰিলোঁ ভাতলৈ।ভিতৰৰ পৰা কেৰাহীত তেল মৰা শব্দ ঘনাই আহি আছে। মই মনতে ভাবিলোঁ বহুত কিবা কিবি বনাইছে চাগে। খাম আজি ঠিকছে।

অলপ পিছত বৌয়ে ভাত খাবলৈ মাতিলে। ডাইনিং টেবুলত বহিলো। কাঁ‌হীৰ কাষত ৰঙালাও গুটি দুটামানৰ ভাজি আৰু কিবা কিবি বনপাত এখিনিৰ আঞ্জা। পানীও ওপঙি আছে। মই বোলো ৰণজয় দা, তিয়নি এখন দিয়ক। ৰণজয় দাই বোলে ,

“ভাতৰ পাতত বহি গা ধুব যোৱা যে, পুৱা ওলাওঁতেই গা টো তিয়াই আহিব নোৱাৰানে?”

মই বোলো, “নহয় হে ৰণজয় দা। যিমান খিনি জোল আছে মাছ বিচাৰি বাতিত নামি লওঁ।”

“হৌৰা তুমিনো ক’ত মাছ দেখিলা হে? এয়া বনশাকৰ জোল হে।”

মই বোলো, “আপুনিয়েই দেখোন মাতিছিল জীয়া মাছৰ জোল খাবলৈ। জীয়া মাছৰ জোলৰ নামত এইবোৰ খুৱাইছে। এইবোৰ আমি ঘৰত গৰুৰ দানাত হে দিওঁ।”

“হৌৰা তোমাক জীয়া মাছৰ জোলেই খুৱাইছোঁ। এইফালে আহা। এইটো দেখিছা একুৰিয়াম, নতুনকৈ ল’লোঁ। ইয়াৰ ভিতৰৰ মাছ কেইটা জীয়া হয়নে নহয়?”

মই বোলো, “হয়।”

“বৌয়েৰে ইয়াৰ পানী দুই জাৰ নি আঞ্জাত দিছে। গতিকে জীয়া মাছৰ জোল হয়নে নহয়।”

মই বোলো জহনীত যোৱা দিনটোত চেণ্ডেলৰ ফিটা তিনিবাৰ ছিগক তেওঁৰ মোক এনেকৈ দৌৰাই ফুৰা কাৰণে। চকুৰ আগত ভাঁহি উঠিল ধুনীয়া থপথপীয়াকৈ ৰন্ধা এবাটি থেকেৰা টেঙাৰ ৰৌ মাছৰ জোল!

☆★☆★☆

9 Comments

  • ৰিণ্টু

    সেইকাৰনে যোৱা দুমাহমান তোমাৰ স্বাস্থ্যটো অলপ টনকিয়াল দেখিছো।

    ভাল লাগিল পঢ়ি

    Reply
  • Jandeep Phukan

    হাঃহাঃহাঃ জীয়া মাছৰ জোল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সোৱাদ টো কেনেকুৱা আছিল জনাবচোন।

    Reply
  • Mridula

    মজ্জা

    Reply
  • অনুৰূপ মহন্ত

    বৰ সোৱাদ পালোঁ নোখোৱাকৈয়ে। মজ্জা

    Reply
  • বঢ়িয়া জীয়া মাছৰ জোল

    Reply
  • Anjan Sadhanidar

    সেইহে বুঢ়া লোকেকয় লোভত মৰে****
    ভাল লাগিল পঢ়ি

    Reply
  • Gitarthi Goswami

    বেচেৰা !

    Reply
  • হাঃ হাঃ জীয়া মাছৰ জোলৰ সোৱাদ গোটেই জীৱন জিভাত লাগি থাকিব।

    Reply

Leave a Reply

Your email address will not be published.