ফটাঢোল

জীৱনৰ উপহাস আৰু গডোৰ বাবে অপেক্ষা – অসমী গগৈ

জীৱন! জন্মৰ পৰা মৃত্যু অবধি সময়ছোৱা। মানুহৰ প্ৰতি বিধাতাৰ আশ্চৰ্যজনক উপহাৰ। অকুন্ঠচিত্তে মানৱে আকোৱালি লয় এই জীৱন। ফুল তৰা নতুবা চৰাইৰ কাকলিৰে সজাব বিচাৰে জীৱন। সপোন দেখে নিতৌ নতুন নতুন। আজি যদি জীৱনক ৰূপৰ সাজ পিন্ধাইছে তেন্তে কাইলৈ সোণৰ সাজ পিন্ধোৱাৰ সপোন দেখে। পৃথিৱীত এনে এজন মানুহ নাই যি জীৱনক এক মুহুৰ্তৰ কাৰণে হ’লেও ভাল পোৱা নাই। কিন্তু জীৱন ইমান সহজলভ্যও নহয় যে মানুহে বিচৰামতেই জীৱন সজাব পাৰিব!!

জীৱন! মাথোন তিনিটা আখৰৰ এক সমষ্টি। এই তিনিটা আখৰৰ সমষ্টিয়েই কিন্তু মানুহক যমৰ যাতনা ভোগাব পাৰে। সকলোৱে জীৱনত অকণমান ভাল বা সুখৰ দিন কটোৱাৰ আশা কৰে। তাৰ বাবেই কৰে দিনৰ পিছত দিন অপেক্ষা। যিহেতু মানুহ আশাধাৰী জীৱ। গতিকেই বাট চায় দিন মাহ বছৰ জুৰি। কিন্তু কাহানিবা বিচৰাৰ দৰে এটা ভাল দিন আহিবনে নাহে সেই সম্পৰ্কে কোনো নিশ্চিত নহয়, তথাপিও কিন্তু মানুহে অপেক্ষা কৰি ভাল পায়। কেতিয়াবা এই অপেক্ষাই তেওঁলোকলৈ যন্ত্ৰণা কঢ়িয়াই আনে– হতাশাৰ যন্ত্ৰণা। জীৱন যুঁজত যুজি যুজি ভাগৰি পৰাৰ হতাশা। কিন্তু এচাম মানুহে হতাশাৰ মাজতো এক পুলক বা মাদকতা অনুভৱ কৰে। যিয়ে তেওঁলোকক জীয়াই ৰাখে। আত্মহত্যাৰ কথা ভবা এজনো ৰৈ যাবলৈ বাধ্য হয় এনে কাৰণতে।

ব্যক্তিগতভাৱে যেতিয়াই জীৱনত যন্ত্ৰণা, হতাশা অপেক্ষা আদিৰ কথা মনলৈ আহে তেতিয়াই চেমুৱেল বেকেটৰ “Waiting for Godot” (গডোৰ বাবে অপেক্ষা) নামৰ নাটকখনৰ কথা মনলৈ আহে।

এখন অগতানুগতিক নাটক। সমালোচকে নাটকখনৰ শ্ৰেণী বিভাজন কৰিছে এবচাৰ্ড নাটক হিচাবে। দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত মানুহৰ মনত জীৱন সম্পৰ্ক গঢ় লোৱা এক বিশেষ তথা সুকীয়া দৃষ্টীভংগীৰ ফলস্বৰূপেই জন্ম হ’ল এবচাৰ্ড নাটকৰ। যি শ্ৰেণী নাটকত নাথাকে আদি অন্ত মধ্য যুক্ত এটা নিটোল কাহিনী। নাথাকে কোনো দৃশ্য বিভাজন, সংলাপৰো নাথাকে কোনো সংগতি। থাকে মাথো চৰিত্ৰৰ অৱচেতন মনোজগত প্ৰতিফলিত কৰিব পৰা একোটা পৰিস্থিতি।

“ৱেটিঙ ফৰ গডো” নাটকতো এটা গাৱঁলীয়া বাটৰ দাঁতিৰ এজোপা লঠঙা গছৰ তলত বহি এষ্ট্ৰাগণ আৰু ভ্লাডিমিৰ নামৰ দুটা চৰিত্ৰই পৰস্পৰ সংগতি নোহোৱা কথা পাতি আছে। কথাৰ পৰা অনুমান কৰিব পাৰি প্ৰকৃততে সিহঁতে গডো নামৰ কোনোবা এজনৰ বাবেহে বাট চাই আছে। কাৰণ অতীতৰ কোনোবা এটা দিনত গডোৱে সিহঁতৰ জীৱনলৈ ভাল দিন লৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল। সেই সপোনতে বিভোৰ হৈ সিহঁতে বাট চাই বহি আছে দিনৰ পাছত দিন। কিন্তু আটাইতকৈ আশ্বৰ্যজনক কথা যে গডোৰ পৰা সিহঁতে কি বিচাৰিছিল, গডোৱে সিহঁতক কত অপেক্ষা কৰিবলৈ কৈছিল আৰু সিহঁতেনো কেতিয়াৰ পৰা অপেক্ষা কৰি আছে সিহঁতে একো নাজানে। সিহঁতে জানে সিহঁতৰ মাথো এটাই কাম……… অপেক্ষা কৰা। গতিকেই অপেক্ষা কৰিছে। কেতিয়াবা এই অপেক্ষাই সিহঁতক বিৰক্ত কৰি তোলে। হতাশ হৈ সকলো বাদ দি গুচি যোৱাৰ কথা ভাবে, কিন্তু সিহঁত যাব নোৱাৰে। এই বাট চোৱা কাৰ্যত সিহঁতে এক অজান পুলক অনুভৱ কৰে। যদিও কেতিয়াবা সিহঁতৰ মনলৈ আত্মহত্যাৰ কথাও নহাকৈ নাথাকে।

সিহঁতৰ অপেক্ষাৰ সময়খিনিতে বোজাৰ ভৰত মৃতপ্ৰায় হৈ পৰা লাকি নামৰ চৰিত্ৰটোক ডিঙিত লাগি থকা ৰচীত ধৰি টানি টানি আনি থাকে পজো নামৰ আনটো চৰিত্ৰই। পজোৱে লাকিক চলোৱা অমানুষিক অত্যাচাৰৰ সাক্ষী হৈ নিৰবে বহি থাকে ভ্লাডিমিৰ আৰু এষ্ট্ৰাগণ। শেষৰ ফাললৈ এটা ছাগলী ৰখীয়া ল’ৰাই আহি সিহঁতক জনায় যে গডো সেইদিনা নাহে, কিন্তু পাছদিনা আহিব। কাৰণ তাৰ ভায়েক গডোৰ ভেড়াৰখীয়া। গডো নাহে বুলি নিশ্চিত হৈ যাবলৈ ওলাইয়ো সিহঁত বহি থাকে।

পাছদিনাও একে ঠাইতে বহি সিহঁতে গডোলৈ বাট চাইছে। ইতিমধ্যে লঠঙা গছডালত মেলা কুহিঁপাতে সিহঁতৰ মনত আশাৰ সঞ্চাৰ কৰে। আনন্দতে গীত গাই নাচোতে গাওঁতে ভৰিত জোতাই আৰু মুৰৰ টুপীয়ে চেপি খুন্দি আনে। তথাপিও সিহঁতে বাট চায় গডোৰ বাবে, সেইদিনাও গডো নাহে বুলি গম পোৱাৰ পাছতো।

অগতানুগতিক বা এবচাৰ্ড নাটকখনৰ এই আগগুৰি নোহোৱা কাহিনীটোৰ দৰেই যেন আমাৰ জীৱন। কাৰণ আমি কোনেও আমাৰ জীৱনটো ইচ্ছা অনুসৰি শৃংখলাবদ্ধভাৱে সজাব নোৱাৰো। ভিন ভিন সময়ত ভিন ভিন কাৰকে আমাৰ জীৱনৰ ওপৰত ক্ৰিয়া কৰে। তাৰে বহুখিনি ৰোধ কৰাৰ শক্তি আমাৰ নাথাকে। মানুহৰ চিন্তাজগত, মনোজগতত বিভিন্ন সময়ত বিভিন্ন ঢৌৰ খলকনি উঠে। যাৰ বাস্তৱ জীৱনত বা দৈনন্দিন জীৱনত ঘটা ঘটনাৰ সৈতে কোনো সামঞ্জ্যস্য নাথাকে। মানুহৰ জীৱন বৈচিত্ৰ আৰু বিচিন্ন ঘটনা পৰিঘটনাৰ সমষ্টি। এবচাৰ্ড দৰ্শনৰ সমৰ্থকসকলেও মানুহৰ বাস্তব তথা দৈনন্দিন জীৱনত লাভ কৰা অভিজ্ঞতাসমূহক নাটকত উপস্থাপন কৰে। কিন্তু সংঘাট জৰ্জৰিত মানুহৰ জীৱনৰ কাৰুণ্য ফুটাই তোলাটোহে তেওঁলোকৰ মূল উদেশ্য। কোনো মানুহেই ইচ্ছা কৰিলেই জীৱনৰ পৰা কাৰুণ্যক আতঁৰাই পঠাব নোৱাৰে। ৱেটিঙ ফৰ গডো নাটকতো এষ্ট্ৰাগণ আৰু ভ্লাডিমিৰ চৰিত্ৰৰ মনোজগতৰ প্ৰতিফলন দেখুৱাই জীৱনৰ সংঘাটজনিত কাৰুণ্যৰ প্ৰকাশ ঘটাইছে। এবচাৰ্ড নাটকত মানুহৰ অৱচেতন মনোজগতখনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় বাবে সংলাপসমূহৰো কোনো সংগতি নাথাকে। যিহেতু মানুহৰ অৱচেতন মনোজগতখনত ক্ৰিয়া কৰি থকা চিন্তা ৰাজিৰো কোনো ক্ৰম নাথাকে। এয়াই আচলতে আধুনিক জীৱনৰ প্ৰতি চৰম ভ্ৰুকুটি। অলপ ভালকৈ অনুধাৱন কৰিলেই আধুনিক সমাজৰ প্ৰতিজন মানুহেই “ৱেটিঙ ফৰ গডো” নাটকত নিজক বিচাৰি পাব। কিন্তু তাকে কৰিবলৈও আজিৰ মানুহৰ আহৰি নাই। অনিশ্চিত কিবা এটা বিচাৰি দিনৰ পাছত দিন কটোৱাটোৱেই মানুহৰ ধৰ্ম।

☆★☆★☆

Leave a Reply

Your email address will not be published.