ফটাঢোল

জীৱনৰ পাঁচটা বৰদান (মূল : মাৰ্ক টোৱেইন) – ভাবানুবাদ – ৰাজশ্ৰী শৰ্মা

এবাৰ এটি জীৱনৰ প্ৰত্যুষতে এগৰাকী ভাল পৰীয়ে আহি দেখা দিলে তেওঁৰ বৰদানৰ জোলোঙাটো লৈ। তেওঁ আহিয়েই কনমানিটিক ক’লে, “এয়া চোৱা, এইবোৰ তোমাৰ পুৰস্কাৰ।এটাই ল’বা কিন্তু, বাকীকেইটা বাদ দিবা। চাবা দেই,সিহঁতৰ মাজত মাত্ৰ এটাহে অমূল্য। গতিকে কোনটো লোৱা আগতে ভাবি ল’বা।“

টোপোলাটোত পাঁচটা পুৰস্কাৰ আছিল : প্ৰেম, ঐশ্বৰ্য্য, ৰং- ধেমালি,খ্যাতি আৰু মৃত্যু। কণমানিটিয়ে এবাৰ চায়েই ক’লে, “ ইমান ভাবি থাকিবলৈ দৰকাৰেই নাই।” আৰু সি ৰং-ধেমালি বাচি ল’লে।

কণমানি শিশুটিয়ে তাৰ পিছত এই বহল পৃথিৱীৰ মাজলৈ খোজ ল’লে আৰু এটা এটাকৈ সকলো ধৰণৰ আনন্দ উপভোগ কৰিলে।এটা কমবয়সীয়া জীৱনত ভাল লাগিব পৰা সকলো আনন্দ ফূৰ্তিৰে তাৰ জীৱন ভৰি পৰিল।

কিন্তু প্ৰত্যেকটো সুখেই আছিল ক্ষন্তেকীয়া আৰু যেন একো অৰ্থ নথকা কিছুমান কামৰ সমষ্টিহে।এই সুখবোৰে এৰি যাওঁতেও তাক ভিতৰৰ পৰা ৰিক্ত কৰি তুলিলে।তাৰ এনে লাগিল যেন সিহঁতে তাক ঠাট্টা হে কৰিছে!অৱশেষত সি ক’লে, “ইমানকেইটা বছৰ মই এনেই খেদালো। মই যদি আৰু এটা সুযোগ পালোহয়, মই অলপ ভাল বৰ এটা ল’লোহয়।”

পৰীজনীয়ে দেখা দি ক’লে, “পিছে পুৰস্কাৰ কেইটাৰ চাৰিটাহে বাকী আছে দেই।আকৌ এবাৰ বাচি লোৱা বাৰু।অ’ আৰু এটা কথা, সিহঁতৰ মাজৰ এটাহে অমূল্য। গতিকে সময় উকলি নাযাওঁতেই বিচাৰি লোৱা।”

ডেকাজনে এইবাৰ কিছু সময় লৈ ভাবিলে আৰু শেষত প্ৰেম বাচনিত উঠিল।কিন্তু তেওঁ যাবৰ সময়ত পৰীগৰাকীৰ দুচকুত বিৰিঙি উঠা চকুপানীখিনিলৈ মন নকৰিলে।

তাৰে কিছু বছৰ পাছত সেই ডেকাজনক এটা শূণ্য ঘৰত এটা কফিনৰ কাষত দেখা পোৱা গ’ল।তেওঁ নিজকে নিজে ক’লে, “এটাৰ পিছত এটাকৈ মোক সকলোৱে এৰি থৈ গ’ল।আৰু এতিয়া যাক মই আটাইতকৈ বেছি ভাল পাইছিলোঁ, তায়ো ইয়াত শুই আছে।অসমাপ্ত, প্ৰত্যাখ্যান ভৰা প্ৰেমে মোক ধ্বংস কৰি পেলালে।এঘণ্টা যদি সুখ, তাৰ পিছত অনন্ত কালৰ বাবে নীৰৱতা।অকলশৰীয়া মই আজি!! প্ৰেম…..কি আচৰিত চলনা!!ই মোক এহেজাৰ পলৰ দূখ দি গ’ল। একেবাৰে অন্তৰৰ তলিৰ পৰা ঘিণ কৰোঁ মই তাক”।

“আকৌ এবাৰ বাচি লোৱা এটা” -পৰীজনীয়ে মৰমেৰে ক’লে। “ইমান বছৰে তোমাৰ জ্ঞানৰ পৰিধিও বাঢ়িছে নিশ্চয়, বাঢ়িবয়ে বাৰু বয়সৰ লগে লগে।তিনিটা উপহাৰ আৰু বাকী। মাত্ৰ এটাহে অৰ্থবহ মনত ৰাখিবা আৰু শুনা, একেবাৰে সাৱধানে এইবাৰ।”

যুৱকে এইবাৰ বহুত সময় ল’লে।তাৰ পিছত ‘যশ- খ্যাতি’ৰ ওপৰত হাত ৰাখিলে।আৰু বেচেৰী পৰীজনী…. তাই।হুমুনিয়াহ এটা কাঢ়ি গুচি গ’ল।

বছৰ বাগৰি গ’ল আৰু পৰীগৰাকী আকৌ ঘূৰি আহিল।নিসংগতাই আৱৰা ভাঙি পৰা মানুহজনৰ কাষত থিয় দিলে। তেওঁৰ মনত চলি থকা ধুমুহাজাকৰ উমান তাই আগতেই পাইছিল।

“মোৰ নাম যশে পৃথিৱীৰ শেষটো চুকো ভৰাই পেলাইছে।পৃথিৱীৰ প্ৰতিটো ভাষাতে মোৰ গুণগান গাই মানুহে।সাময়িক সন্তুষ্টি পাইছো মই মিছা নকওঁ।কিন্তু এয়া দেখোন ইমান ক্ষণস্থায়ী। খ্যাতিৰ পিছে পিছে হিংসা, খিয়লা-খিয়লি,ঘৃণা,দুৰ্নীতি, পাপ এইবোৰ চবে মোক লম্ভিলে দেখোন। শেষ হৈ যোৱাৰ আৰম্ভণিহে আছিল দেও সেইবোৰ।সুখ্যাতি, নাম যশস্যাৰ শেষত কেৱল মাত্ৰ পুতৌৰ পাত্ৰ হৈ থাকি গ’লো মই।এই যশস্যাই মোক আমুৱালে বুজিছা।এই বিশাল পৃথিৱীত এইবোৰ ক্ষুদ্ৰ খ্যাতি-সুখ্যাতি, ভালপোৱা বেয়াপোৱাৰ কোনো মূল্য নাই।”

“আকৌ এবাৰ সুযোগ দিছো তোমাক” -পৰীয়ে ক’লে। “আৰু দুটা বৰ বাকী।মই সেই প্ৰথমতে কোৱাৰ দৰেই অমূল্য বৰদানটো এতিয়াও বাকী আছে।”

“অহ্…টকা পইচা!ঐশ্বৰ্য্য!! ইছ্,ময়ো যে কি মূৰ্খ এটা।” মানুহজনে উত্তেজিত হৈ ক’লে, “চোৱাচোন বাৰু, এতিয়াহে জীৱনটোৰ এটা গতি লাগিব।মই ইচ্ছামতে খৰচ কৰিম,ফুৰিম,যি মন যায় তাকেই কৰিম। মানুহৰ মাজত জিলিকি থাকিম একেবাৰে।যিবিলাক চকুচৰহাই মোক হাঁহিছিল, এনেকুৱা হিংসা লগাম নহয় সিহঁতক মই। পৃথিৱীত পোৱা সকলো ধৰণৰ বিলাসীতাৰে জীৱন ভৰাই পেলাম। মানুহক সন্তুষ্টি দিব পৰা শেষ বস্তুটোলৈকে হাচিল কৰিম মই।

শ্ৰদ্ধা, ভক্তি, মৰম,অহংকাৰ-চব কিনি ল’ম মই। টকা পইচাৰ সন্মুখত পৃথিৱীৰ আশ্বৰ্য্যকৰতকৈও আশ্বৰ্য্যকৰ বস্তুৱেও মূৰ দোৱায়। ধেই,এনেই এনেই ইমান বছৰ নষ্ট কৰিলো,আগতেই ভাবিব লাগিছিল মই! পাগল মানে ময়ো এটা, বাৰু একো নাই। পলমকৈ হ’লেও যে বুজি পালোঁ।”

তিনিটা চুটি চুটি বছৰ পাৰ হৈ গ’ল। এনেতে এনে এটা দিন আহিল য’ত সেই মানুহজনক পথৰ দাঁতিত জৰাজীৰ্ণ কাপোৰেৰে ঠাণ্ডাত কঁপি থকা দেখিবলৈ পোৱা গ’ল।তেওঁৰ জীৰ্ণ-শীৰ্ণ দেহাটোত ঘোলা চকু দুটা বৰ পুতৌজনক লাগিছিল।ফুটপাথত পৰি থকা শুকান ৰুটিৰ টুকুৰা এটাতেই ৰসাস্বাদন কৰিবলৈ চেষ্টা কৰিছিল তেওঁ। নিজকে নিজে বিৰবিৰকৈ কিবা কিবি কৈ আছিল তেওঁ,

“পৃথিৱীৰ সকলো ধন-ঐশ্বৰ্য্য, উপহাৰক ঘিণ কৰোঁ মই।এইবোৰে সকলোকে ভুল পথ দেখুৱাইছে।এইবোৰতো কোনো বৰ নহয়, মায়াজালহে। ফূৰ্তি-তামচা, প্ৰেম, নাম-যশ,ঐশ্বৰ্য্য-বিভূতি- এইবোৰ সকলো ক্ষন্তেকীয়া মোহ।সকলো এৰ খাই যায় কিন্তু ৰৈ যায় সিহঁতৰ প্ৰকৃত স্বৰূপ দূখ কষ্ট, হিয়াভগা আৰ্তনাদ,মুখলজ্জা,দৈন্যতা।

পৰীগৰাকীয়ে ঠিকেই কৈছিল।তেওঁৰ লগত সঁচাকৈয়ে এটি মাথোন অমূল্য বৰ আছে,বাকী আটাইকেইটা সাৰমৰ্ম নোহোৱা বস্তু। এই দয়া কৰুণাৰে ভৰপূৰ, মমতা আৰু চিৰশান্তিৰ বৰটোৰ আগত বাকীবোৰ কি ফোপোলা,কিমান তুচ্চ! এইটো উপহাৰৰ কাৰণেইতো সকলোৱে গোটেই জীৱন জুৰি বাট চাই থাকে। কিমান আশা আকাংক্ষা, কিমান সপোনৰ তুমিয়েই শেষ ৰূপ।এই তুচ্চ মানৱ শৰীৰৰ দূখ কষ্ট, এই ভগা হিয়াৰ হুমুনিয়াহ- সকলোৰে তুমিয়েই শেষ আশা।

আহা হে মহান আত্মা,মোকো আঁকোৱালি লোৱা।এইবাৰ ভালদৰে ময়ো জিৰণি ল’ম আৰু।”

……….

পৰীগৰাকী আহিল, আকৌ এবাৰ জোলোঙাটোৰ ভিতৰত বাকী থকা সেই চাৰিটা বৰৰ পিনে চালে।কিন্তু মৃত্যুৱে এইবাৰ কিবা এটা ক’বলৈ বিচাৰিছিল।মৃত্যুক একো ক’বলৈ নিদি পৰীয়ে ক’লে,

“মই সেইটো এগৰাকী মাতৃৰ কোলাত দিলো অ’ ;এটি কনমাণি শিশুক।শিশুটি নিৰ্বোধ আছিল কিন্তু মোৰ ওপৰত ভৰসা কৰিছিল।সি মোকেই তাৰ বাবে বৰদানটো বাচি উলিয়াবলৈ দায়িত্ব দিছিল, যিটো আগে পিছে তুমি কেতিয়াও কৰা নাছিলা।”

“আস্ ময়ো যে কিমান দুৰ্ভগীয়া!! তেনেহ’লে এতিয়া মোৰ বাবে কি বাকী থাকিল?” -বিধ্বস্ত মৃত্যুৱে সুধিলে।

“সেয়াই আৰু যিটো তুমি কেতিয়াও পাবলৈ নালাগিছিল নিয়মমতে। বৃদ্ধ বয়সৰ হা-হুমুনিয়াহ আৰু তিৰস্কাৰ।।”

☆★☆★☆

30 Comments

  • তৃষ্ণা সো

    কাহিনী টো বৰ ভাল লাগিল ।সাৱলিল অনুবাদ

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ তৃষ্ণা। বৰ ধুনীয়া কাহিনীটো

      Reply
  • বহুত ভাল লাগিল৷সাংঘাটিক বাৰ্তা এটা প্ৰেৰণ কৰা হৈছে অনুবাদিত গল্পটোত৷

    Reply
    • ৰাজশ্ৰী শৰ্মা

      হয় বা, গল্পটো পঢ়ি মই আচৰিত হৈ গৈছিলো জানে। মোৰ হয়তো ইমান ভাল হোৱা নাই বুজাওতে।

      Reply
  • ডলী

    বৰ ধুনীয়া কাহিনী।সাৱলীল অনুবাদ।

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ ডলী বা

      Reply
  • সঁচাকৈয়ে পৃথিৱীত ৰং- ধেমালি, যশ ঐশ্বৰ্য্য সকলো খন্তেকীয়া। মোক তেনেকৈ বৰ লবলৈ ক’লে মৃত্যুটো বাচি লম😊। ভাল লাগিল দেই অনুবাদটো।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      ধন্যবাদ জনালো আপোনাক ভাইজান।জীৱনৰ শিক্ষা

      Reply
  • Anonymous

    অৰ্থৱহ গল্প। অনুবাদ ধুনীয়াকৈ কৰিছা। পঢ়ি বহুত ভাল লাগিল।

    Reply
    • Alakesh Bhagawati

      সুন্দৰ অনুবাদ আৰু গুৰুত্বপূৰ্ণ শিক্ষা ৷

      Reply
    • ৰাজশ্ৰী শৰ্মা

      ধন্যবাদ জনালো আপোনাক।

      Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালো পঢ়ি চোৱাৰ বাবে।

      Reply
  • পূৰ্ণময়ী

    অনাগত দিনৰ ছবি দেখা যেন লাগিল। চুই গ’ল।

    Reply
    • ৰাজশ্ৰী

      জীৱনৰ শিক্ষা, যিটো আমি ভ্ৰুক্ষেপ নকৰো।

      Reply
  • Alakesh Bhagawati

    সুন্দৰ অনুবাদ আৰু গুৰুত্বপূৰ্ণ শিক্ষা ৷

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ জনালো দাদা।

      Reply
  • ৰামানুজ

    তিনিটা চুটি চুটি বছৰ…এই শব্দকিটাতেই চোন বহু অৰ্থ লুকা ই আছে…..

    মূল পঢ়া নাই…. কিন্তু ভাৱনুবাদেই বৰ চুই যোৱা লেখা

    Reply
    • ৰাজশ্ৰী

      আপোনাক বহুত ধন্যবাদ দাদা। সদায়েই উৎসাহিত কৰাৰ কাৰণে।

      Reply
  • কাবেৰী মহন্ত

    বৰ সুন্দৰ মেছেজ আছে গল্পটোত ৷ তোমাৰ অনুবাদ সাৱলীল হৈছে ৰাজশ্ৰী ৷ পঢ়ি বৰ ভাল লাগিল ৷

    Reply
    • ৰাজশ্ৰী

      গল্পটো বৰ ধুনীয়া বা। মোৰ অনুবাদ কৰোঁতে হয়তো ইমান ভাল নাই হোৱা। বহুত ধন্যবাদ আপোনালৈ

      Reply
  • নীলাক্ষি

    এটা সুন্দৰ বাৰ্তা থকা গল্প। বৰ সুন্দৰকৈ অনুবাদ কৰিছা ৰাজশ্ৰী।

    Reply
    • ৰাজশ্ৰী

      বহুত ধন্যবাদ জনালো বা।

      Reply
  • Mridula

    সুন্দৰ অনুৱাদ । অৰ্থপূণ গল্প ।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      বহুত ধন্যবাদ বা।

      Reply
  • Suntu

    চুপাৰ্ব

    Reply
    • ৰাজশ্ৰী

      বহুত ধন্যবাদ দাদা।

      Reply
  • মাধু

    তই আৰু তোৰ গল্পৰ বাচনি মানিব লাগিব। বঢ়িয়া।

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ মাধু।

      Reply
  • জ্ঞানদীপ খনিকৰ

    ভবাই তুলিলে দেই.. বা আপুনি বৰ ধুনীয়াকৈ অনুবাদ কৰিছে.. মূলটো পঢ়া হ’লে মই ইয়াৰ সাৰ মৰ্ম একো বুজি নোপোৱাতো খাটাং আছিল.. আমাক এইকন সুবিধা কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ .

    Reply
    • ৰাজশ্ৰী শৰ্মা

      বহুত বহুত ধন্যবাদ দেই। ইমান নাজানো অ, ময়ো।শিকিহে আছো। আচল গল্পটো বৰ ভাল লাগে।

      Reply

Leave a Reply

Your email address will not be published.