ফটাঢোল

জুনিয়ৰ ইঞ্জিনীয়াৰ – মিৰাজুল ৰছিদ

কলেজৰ প্ৰথম বছৰতে জানিছিলোঁ, কলেজত মই গাৰ্লফ্ৰেণ্ড নাপাম। লগৰ ঘটিৰাম দুটামানৰ লগত বেলেগৰ প্ৰেয়সীক চাওঁতে মোৰ জীৱনে হাফচেঞ্চুৰীৰ আধা পাৰ কৰিলে। মোৰ চেহৰাটোৰ ওপৰত সম্পূৰ্ণ ভৰষা আছিল মোৰ। এই চেহেৰাৰে ছোৱালী পটোৱা ‘মুচকিল হি নেহী নামুমকিন হে’। মোৰ হাতখনত ধৰিয়ে লগৰ কেইজনীয়ে কৈ দিয়ে, আৰে মিৰাজ তই ইমান ক্ষীণ?ক্ষীণটো ক্ষীণেই, তাৰ ওপৰত এই ক’লা ৰঙটো, ইয়াক কেনেকৈ বগা কৰিম? বিদ্যা শপত ২৪ ঘণ্টা চৌকাৰ ওপৰত বহি থকা কেৰাহীটোৰ তলিখনতকৈও ক’লা মোৰ চেহেৰা। সৰুতে মোক ভালকৈ দেখা নাপায় বাবে দেউতাই ঘৰত ১২০ ৱাটৰ বাল্ব লগাইছিল। লগৰবোৰৰ লগত গ্ৰুপ ফটো তুলিলে সন্মুখৰ পৰা এজনে মোৰ মুখত টৰ্চলাইট মাৰি থাকে, নহ’লে ফটোত মোক চিনি পোৱা অসম্ভৱ। মুঠতে মই মানে একপ্ৰকাৰ হেণ্ডচাম আৰু হোৱাইটৰ সম্পূৰ্ণ শুদ্ধ বিপৰীত শব্দ। যি কি নহওঁক, মই কেতিয়াও হতাশ নহওঁ। বিন্দাছ থাকো, নিজকে কওঁ, বি পজিটিভ মিৰাজ, তোৰ কাৰণেও ছোৱালী আছে, ওলাব এদিন। সঁচাকৈ মই বৰ পজিটিভ ল’ৰা। আফটাৰঅল মোৰ ব্লাড গ্ৰুপো ‘বি পজিটিভ’।

জুনিয়ৰ ইঞ্জিনীয়াৰিং পাছ কৰাৰ লগে লগে মায়ে গাঁৱৰ ঘৰে ঘৰে গৈ ঢোল বজাই খবৰ দিলে মোৰ ল’ৰা ইঞ্জিনীয়াৰ হ’ল। ক,খ নজনা মায়ে কি জানে জুনিয়ৰ ইঞ্জিনীয়াৰ মানে কি? মায়ে ভাৱিছে সৰু ল’ৰা কাৰণে জুনিয়ৰ কৈছে, ডাঙৰ হ’লে চিনিয়ৰ ক’ব। সেই মাৰ ইঞ্জিনীয়াৰ বোলা ফটা-ঢোলটোৰ কোবতে ছোৱালী এজনী পটিল। ইঞ্জিনীয়াৰ ক’লা হলেও চলে। আচলতে প্ৰিণ্টেড মহাত্মা গান্ধীৰ বাণ্ডিলেই মেইন, তেওঁৰে কৃপা। অৱশেষত মইয়ো ছোৱলী এজনী পালোঁ আৰু। ছোৱালীজনী কিন্তু বগলী যেন বগা। লাহে লাহে তাই মোৰ ক’লা মুখৰ মিঠা কথাবোৰ ভাল পোৱা হ’ল। আচৰিত হৈছে ৰাইজ? নহ’ব দেই। আৰে!দোষ্টলোগ “হাম কালে হে তৌ ক্যা হুৱা দিলৱালে হেই”। মৰম কৰিব জানোঁ মই, মানে মই ভিতৰি বৰ ৰোমাণ্টিক। হিন্দী চিনেমা খুব চাইছিলোঁ যে। ৰাতি ফোনত কথা পাতিয়ে শুই যাওঁ। পুৱা তাই অভিমান কৰে,
: মিৰাজ তুমি ৰাতি শুই গ’লা ন?
: অঁ ৰে, গোটেই দিনটো চিএনচি মেচিনসোপাৰ সন্মুখত থাকি ভাগৰি গৈছিলোঁ।
: আৰে, তুমি শোৱা যদি এটলিষ্ট মোক ক’ব লাগে ন, শোৱাৰ আগত?
… মই মনতে ভাৱো, জখিনী শোৱাৰ আগত মানে টোপনি গ’ল মোৰ বুলি আগতীয়া জাননী দিব লাগে??
তথাপি একো নকওঁ, জানো এইজনী গ’লে ক’তো ঘোঁচ দিলেও নাপাম গাৰ্লফ্ৰেণ্ড।
সময় পাৰ হ’ল। অভিমানবোৰ কাজিয়ালৈ ৰূপান্তৰ হ’বলৈ ধৰিলে। কেতিয়াবা তাই মোক গালি দিয়ে আৰু মই চুপচাপ শুনো, কেতিয়াবা আকৌ মই চুপচাপ শুনো আৰু তাই গালি দিয়ে। মুঠতে, মই শুনো তাই দিয়ে, নহ’লে তাই দিয়ে মই শুনো।

এদিন গুৱাহাটীলৈ ফুৰাবলৈ নিলো তাইক। মই নিজে তেতিয়ালৈ অকলে গুৱাহাটী গৈ পোৱা নাই। ভালকৈ একো চিনি নাপাওঁ। বাচেৰে গৈ মালিগাঁৱত নামি বাওঁফালে ৰাস্তা দেখি সেইফালে সোমালোঁ।

এয়া মোৰে গুৱাহাটী, চব চিনাকী…ফটা লেৱেল অকণ দি দিলোঁ। মনতে থিৰাং কৰিলোঁ, হোটেল দেখিলেই অলপ পেট ভৰাই খাই ল’ম আৰু অহা বাটে উভটিম। বাটটোৰে সোমাওঁতেই জানিছিলোঁ যে, বাট হেৰুৱাব পাৰোঁ, একো চিনি নাপাওঁ যে। দেখিলোঁ মস্ত ষাঁড় গৰু এটা বহি আছে। ভাৱিলোঁ ই বেটাই ইয়াতে বহি থাকিব, খাই বৈ আহি ইয়াৰ নেগুৰৰ ফালে পোনাই গৈ থাকিলে বাচষ্টেণ্ড পাম। ছোৱালীয়ে নজনাকৈ ষাঁড়গৰুটোকে চিন হিচাপে ৰাখি থলোঁ মনত। ভাত-পানী খাই আহি দেখো ষাঁড় নাই। প্ৰভূ! বচোৱা। এতিয়া ক’ত মৰোঁ, কোনফালে যাওঁ। খৰে খোৱা বদমাছ গৰুটো এঠাইতে বহি নাথাকিলি কিয় অ’? ইমান বেয়া চিটুৱেচনতো মই নিজৰ লেৱেল এৰি নিদিলোঁ।

তাইক মানুহ এজনলৈ আঙুলিয়াই দেখুৱাই কলোঁ, এইজন মোৰ একদম ঘৰৰে মানুহ, মাত লগাই আহোঁ ৰ’বা, তুমি অলপ ৰোৱা ইয়াতে। শেষত অচিনাকি মানুহ জনৰ ওচৰলৈ গৈ সুধিলোঁ হাজোলৈ কোনফালে যায় আৰু সেইদিনা কেনেবাকৈ ৰক্ষা পৰিলোঁ।

এইবাৰ কিছুদিন পিছত ভাৱিলোঁ, নাই এইদৰে নহ’ব। বয়ফ্ৰেণ্ড হৈছোঁ যেতিয়া গুৱাহাটীখন অলপ চিনি ল’ব লাগিব। চিনেমা চাব লাগিব, পাৰ্ক নিব লাগিব। সেইবাবেই এদিন অকলে ওলালোঁ। দিনটো ঘূৰি ঘূূৰি দুখন ঠাই চিনি ল’লো। এক- প্ৰাগজ্যোতিষ চিনেমা হ’ল আৰু দুই- নেহেৰু পাৰ্ক।
অহ! পাঠকক এইখিনিতে জনাই থওঁ যে, মই জানোঁ যে, নেক্সট আহিলে ঠাই দুখন বিচৰা দিগদাৰী হ’ব, গতিকে প্ৰেয়সীৰ আগত সন্মান ৰক্ষা কৰিব লাগিব বুলিয়েই চিনেমা হ’ল আৰু পাৰ্কখনৰ কাষতে থকা দুটা কাৰেণ্টৰ খূটাত চূণেৰে নাম দুটা লিখি থৈ চিন ৰাখি আহিলোঁ।
দুদিন পিছত প্ৰেয়সীৰ লগত গুৱাহাটীলৈ গ’লো। এইবাৰ মোক ৰাখে কোনে? প্ৰেম কৰিম, সোঁত বৈ যাব মৰমৰ…

চিনেমা হ’লৰ ওচৰতে বাছৰ পৰা নামিলোঁ। খোজ কাঢ়ি কাঢ়ি সেই কাৰেণ্টৰ খুটাটো বিচাৰিলোঁ। ধেৎতেৰি, ক’ত গ’ল লিখাবোৰ? কি কৰোঁ এতিয়া? গোটেই কাৰেণ্টৰ খুটাবোৰত “নবেন্দু ব্লাউজ”ৰ বিজ্ঞাপন লগাই থৈছে। মইয়ো কম বস্তু নহয়, ফ্লেক্স বেনাৰ দাঙি দাঙি কেনেবাকৈ জুমি জুমি চাই অৱশেষত বিচাৰি উলিয়ালোঁ নিৰ্দিষ্ট খুটাটো। ফূৰ্তিতে ক’ব নোৱাৰা হৈ চিঞৰি দিলোঁ… য়া হু পাই গলোঁ।

থাচ্ কে কোনোবাই চৰ মাৰোঁতে হে তত্ আহিল। সেয়া প্ৰেয়সীৰে চৰ।
পাহৰি গৈছিলোঁ, মোৰ ওচৰতে যে প্ৰেয়সীও আছিল। পোষ্টত চূণেৰে ঠাইৰ নাম লিখা জহুদ বুলি জনাৰ পিছত আৰু ক’ত থাকিব মোৰ লগত ন? ইমান গাধা ল’ৰা, কেনেকৈ ইঞ্জিনীয়াৰ হ’লি বুলি কৈ তাই আঁতৰি গ’ল জীৱনৰ পৰা।

প্ৰেমৰ হুলে বিন্ধা মোৰ জীৱনটো সেই দিন ধৰি পাংচাৰ হোৱা টায়াৰৰ দৰে পৰি আছে। তথাপি মই লেৱেল এৰি দিয়া নাই।মই ল’ৰাটো বৰ পজিটিভ, নিজকে সান্তনা দিওঁ… মিৰাজ ‘বি পজিটিভ’।

☆★☆★☆

10 Comments

  • Sweet lena Das

    হা হা বি পজিটিভ ৰে

    Reply
  • ৰূপম

    হৰি হৰি।।।

    Reply
  • বি পজিটিভ৷বঢ়িয়া৷

    Reply
  • অমৰ জ্যোতি নাথ

    হে হে হে আপুনিয়োতো কম positive নহয়।

    Reply
  • জিন্টু ডেকা

    আৰম্ভনিত এ যিকেইজন ঘতিৰাম বুলি ওল্লেখ কৰা গৈছে তাৰে মইও এজন সৌভাগ্যৱান বেলেগ নো কি কম,তই লিখি যা

    Reply
  • Anonymous

    যি নহক বি পজিতিভ

    Reply
  • Anonymous

    বঢ়িয়া

    Reply
  • Miraz

    Thanks To all…

    Reply
  • জাহ্নৱী

    বি পজিটিভ৷
    হেণ্ডছাম আৰু হোৱাইটৰ সম্পূৰ্ণ শুদ্ধ বিপৰীত শব্দ৷
    কৃষ্ণ কৃষ্ণ

    Reply

Leave a Reply

Your email address will not be published.