ফটাঢোল

জুবিন গার্গক ভালপোৱা আৰু বেয়া পোৱা মানুহবোৰ…–পার্থ পি. বৰা

মই অফিছৰ ইণ্টাৰনেট, প্ৰিণ্টাৰ ইত্যাদি ব্যক্তিগত কামত মাজে সময়ে ব্যৱহাৰ কৰোঁ যদিও দুর্নীতিক প্ৰশ্ৰয় দিয়া স্বভাৱ মোৰ সাধাৰণতে নাই। গতিকে মই দিল্লী আৰু গুৱাহাটীৰ মাজত কৰা যাত্ৰা কালত যাত্ৰীক পৰিচর্যা কৰা কর্মচাৰীসকলক কেতিয়াও অতিৰিক্ত পইচা টিপছ্ হিচাপে নিদিওঁ। এই ধৰণে অতিৰিক্তভাৱে টিপছ দিয়া ব্যৱস্থাটোক মই এক প্ৰকাৰৰ দুর্নীতি বুলিয়েই গণ্য কৰোঁ। আজিকালি কথাবোৰ মই এনেকৈয়ে ভাবোঁ আৰু সুবিধা পালেই মোৰ এই দর্শনবোৰ মানুহক কওঁ। পিছে আজি গুৱাহাটীৰপৰা দিল্লীলৈ আহোঁতে যাত্ৰা কালত আমাক পৰিচর্যা কৰা কর্মীসকলৰ শুকান মুখকেইখন দেখি তেওঁলোকক টিপছ্ দিবলৈ মোৰ মন গ’ল। তেওঁলোকে মুখেৰে কোনো যাত্ৰীকে টিপছ্ খোজা নাই যদিও তেওঁলোকৰ শুকান মুখবোৰত বিৰিঙা অতি কৃত্ৰিম হাঁহিবোৰে তেওঁলোকৰ কেইবামাহো বেতন নোপোৱাৰ ক্ষোভখিনি মোৰ চকুত সম্পূর্ণৰূপে ঢাকিবলৈ সক্ষম হোৱা নাছিল। ময়ো বেতন নিয়মীয়াকৈ নোপোৱা শিক্ষকৰ ঘৰৰে সন্তান, (অথার্ৎ ‘মাষ্টৰৰ পুতেক’ হৈছে মোৰ আঞ্চলিক ব্ৰেণ্ডনেম) গতিকে বেতন নোপোৱা পৰিয়াল এটা কেনেকৈ চলে সেই অভিজ্ঞতা মোৰ প্ৰত্যক্ষভাৱে আছে।

নিয়মিতভাৱে অনিয়মীয়াকৈ বেতন পোৱা অসমৰ দুর্ভগীয়া শিক্ষকসকলৰ মাজৰ অন্যতম মোৰ দেউতা আজি মোৰ যাত্ৰাৰ সহযাত্ৰী। মই দেউতাক এইবাৰ জোৰ কৰিয়েই তেওঁ বহু বছৰ ধৰি বুকুত সাঁচি থোৱা  বিষটো নিৰাময় কৰাবলৈ দিল্লীলৈ আনিছোঁ। (প্ৰকৃততে মই অনা নাই, আনিছে মোৰ কোম্পানীৰ স্বাস্থ্য বীমাৰ আঁচনিখনেহে) দেশৰ ৰাজধানী চহৰলৈ কৰা প্ৰথম যাত্ৰাৰ সম্পূর্ণ সোৱাদ ল’বলৈ দেউতাক মই খিৰিকীৰ কাষৰ আসনখন এৰি দি নিজে তেওঁৰ বাওঁফালে আসনখনত বহিলোঁ। মোৰ বাওঁফালৰ আসনখন গ্ৰহণ কৰিলে চেঙেলীয়া ডেকা ল’ৰা এজনে। তাৰ কাণ দুখনত সোপা দি থকা হেডফ’নডাল আৰু হাতত জিক্‌মিকাই থকা ম’বাইলটো দেখি তাক আঢ্যৱন্ত ঘৰৰ ল’ৰা যেন লাগিলেও ল’ৰাটোৰ খীণাকায় শৰীৰৰ অৱস্থাটোৱে তাৰ অজানিতেই তাক দুবেলা দুমুঠি খাবলৈ নোপোৱাৰ শ্ৰেণীৰ প্ৰতিনিধি কৰি পেলাইছে। সি পিন্ধি থকা টি-ছার্টটো প্ৰকৃততে বগা ৰঙৰ আছিল যদিও বহুদিন পানীৰ পৰশ নোপোৱাত বর্তমান ধোঁৱা বৰণীয়া হৈ পৰিছে। মলিয়ন টি-ছার্টটোৰ মাজতে ৰঙা ৰঙেৰে লিখি থোৱা ‘জুবিন বলীয়া’ শব্দ দুটা আৰু ল’ৰাটোৰ হাতত এখন গীটাৰ দেখি বুজিলো যে বপুৰা জুবিন গার্গ আৰু সংগীতৰ প্ৰতি আকৃষ্ট। এনেকুৱা গীটাৰ এখন (বজাব জানক বা নাজানক) লগত লৈ ঘূৰি ফুৰা ল’ৰাবোৰৰ প্ৰতি স্বাভাৱিকতেই মানুহৰ কিবা এটা বিশেষ কৌতুহল থাকে। যাৰ বাবে মোৰ দৰে লোকসকলৰো মাজে মাজে গীটাৰ শিকাৰ হাবিয়াস জাগে। 

   আমাৰ যাত্ৰা গুৱাহাটীৰপৰা নির্ধাৰিত সময়তকৈ প্ৰায় ২০ মিনিট পলমকৈ আৰম্ভ হৈছিল যদিও কর্মচাৰীসকলে সময়মতেই আমাক খাদ্যবস্তু যোগান ধৰিলে। যাত্ৰীৰ বাবে পৰিবেশন কৰা বিনামূলীয়া খাদ্যবস্তুৰ তালিকাত কুকুৰা মাংস বা কণী অন্তর্ভুক্ত নাছিল, তথাপি শুকান ৰসগোল্লা একোটাকৈ অতিৰিক্তভাৱে দি প্ৰতিজন যাত্ৰীক মানসিক সান্তনা দিয়া হৈছে। চাহ বা কফিৰ যিকোনো এবিধ নিজৰ ইচ্ছা অনুসৰি বাচনি কৰি এবাৰকৈ খোৱাৰ সুবিধা দিয়া হৈছে। শৈশৱৰেপৰা সীমিত খাদ্য আৰু ভাগ্যতে সন্তুষ্ট হোৱা স্বভাৱৰ আমাৰ দৰে নিম্ন মধ্যবিত্ত ঘৰৰ যাত্ৰীসকলে আমাক পৰিবেশন কৰা এই খাদ্য তৃপ্তিৰে খাবলৈ লোৱাৰ মাজতে কিছু সংখ্যক যাত্ৰীৰ ফালৰপৰা খাদ্য সম্পর্কীয় বিভিন্ন কথোপকথন শুনা গ’ল। কোনোজনে যদি ৰুটি চেঁচা পাইছে আন কোনোজনে চালাডৰ গুণগত মান সম্পর্কে বর্ণনা দিবলৈ গৈ তেওঁ যোৱা বছৰ কৰা থাইলেণ্ড ভ্ৰমণৰ কথা উলিয়াইছে। আমাৰ ঠিক সন্মুখৰ আসনত বহা বালিকাগৰাকীয়ে কর্মচাৰীসকলক ছাইনীজ খাদ্য বস্তু বিচাৰি তেনে সময়তে অনুৰোধ কৰিলে। স্বাভাৱিকভাৱে সুগঢ়ী বালিকাগৰাকীৰ চুলিকোছাত ৰঙা, নীলা, হালধীয়া, মটীয়া, গোলাপী, সেউজীয়া বহুকেইটা ৰঙৰ সমাহাৰ ঘটিছে (ঘটাইছে)। তাই পৰিধান কৰা ঠায়ে ঠায়ে ফটা আৰু সূতা ওলোৱা জিনছ্ পেণ্টটোৱে তাইৰ সহযাত্ৰীসকলক তাইৰ প্ৰতি অতিৰিক্তভাৱে আকর্ষিত কৰিছে। এনেকুৱা বালিকা সাধাৰণে টিভিত দামী ব্ৰেণ্ডৰ সামগ্ৰীৰ বিজ্ঞাপনত বা আই পি এলৰ ঘোষিকাৰ ৰূপত টিভিতহে দেখা যায় যদিও আজি মোৰ বাস্তৱতে দেখাৰ সৌভাগ্য হ’ল। এনে সুন্দৰী বালিকাৰ সহযাত্ৰী হ’লে কবিয়ে তেওঁৰ বাবে কবিতা লিখে, গায়কে গান গায় বা গল্পকাৰে গল্প লিখে। কিন্তু মোৰ দৰে অপ্ৰতিভাশালী মানুহবোৰে দীঘলকৈ উশাহটো লৈ নিজৰ পেটটো লুকুৱাবলৈ চেষ্টা কৰে। ময়ো তাকে কৰি দেউতাৰ সৈতে দুই এটা কথা পতাৰ লগতে দীঘলীয়া যাত্ৰাৰ বিৰক্তিকৰ সময় কটাবলৈ শেহতীয়াকৈ গ্ৰন্থমেলাৰপৰা কিনা অসমীয়া কবিতাৰ কিতাপখনতে মনোনিৱেশ কৰিলোঁ।    মোৰ হাতৰ কিতাপখন দেখি জুবিন বলিয়া ল’ৰাটোৱে কৌতুহলবশতঃ মোক মাত লগালে,

– ‘Hi Bro, Can I have this book?’

– ‘yes, please take it.’

– ‘Thank you.’

(‘জুবিন বলীয়া’ ল’ৰাটোৱে মোক কিতাপখন ইংৰাজীত খোজা দেখি মোৰ মনলৈ দুটা কথা আহিল। প্ৰথমটো হৈছে সি যদি অনা-অসমীয়া ল’ৰা হয়ো জুবিন গার্গৰ অনুৰাগী হোৱাৰ লগতে মোৰ হাতৰপৰা অসমীয়া কবিতাৰ কিতাপখন চাবলৈ খুজিছে তেন্তে সেয়া আমাৰ বাবে গৌৰৱৰ কথা। কিন্তু মোক দেউতাৰ সৈতে অসমীয়াত কথা পাতি থকা শুনিও যদি এইজন অসমীয়া বালকে মোক ইংৰাজীত কথা সুধিছে এইটো আমাৰ বাবে দুভার্গ্যৰ কথা।)

মোৰ দেউতাৰ মতে জুবিন গার্গ এটা খেলিমেলি মানুহ। গতিকে বর্তমান মোৰ হাতত থকা জুবিন গার্গৰ পদ্যৰ কিতাপখনৰ প্ৰতি তেওঁ সামান্যতম আগ্ৰহো প্ৰকাশ কৰা নাই। চিত্ৰশিল্পী ৰিতুপর্ণ বৰাই জুবিন গার্গৰ প্ৰতিটো কবিতাৰ তাৎপর্য্য অনুসৰি আকর্ষণীয় চিত্ৰ শিল্পৰ সমাহাৰ ঘটোৱা কিতাপখন সহযাত্ৰী বালকজনে দুই পৃষ্ঠা মান মেলি মোলৈ চায়েই মোক সুধিলে,

– ‘প্ৰভুয়ে পইম লিখে নেকি?’

– ‘কোন প্ৰভু? তুমি অসমীয়া নেকি ভাইটি?’

– ‘য়েছ ব্ৰ’। মই আছামিজ। প্ৰভু মানে জুবিন দা আকৌ। আপুনি জুবিন দাৰ পইম ভাল পাই নেকি?’

– ‘মই কবিতাহে ভালপাওঁ ভাইটি। জুবিন গার্গে লিখা বুলি নহয়, ভাল লিখা সকলো কবিৰে অসমীয়া, বাংলা, হিন্দী, ইংৰাজী কবিতাবোৰ ভালপাওঁ।’

– ‘মোৰ মামীয়ে কবিতা পঢ়ে। বাট মই এই বস্তুটো এলার্জী পাওঁ জানে?’

এইবাৰ মই বাপুক উত্তৰ দিবলৈ লৈ বিমোৰত পৰিলোঁ। কাৰণ, তেওঁৰ বাবে কবিতা হৈছে এটা বস্তু (প্ৰডাক্ট), যি তেওঁক এবিধ বেমাৰৰ (এলার্জী) ৰূপ লৈ আক্ৰান্ত কৰে। কি কওঁ ভাবি থাকোঁতেই দেউতাই ল’ৰাটোলৈ চাই মাত লগালে,

– ‘তুমি মামা মামীৰ লগত থাকা নেকি?’

ল’ৰাটোৱে কথাষাৰ বুজি নাপাই মোৰ মুখলৈ চালে। মই কথাষাৰৰ খেলিমেলিটো তৎক্ষণাত বুজি দেউতাক ক’লো,

– ‘দেউতা, এওঁ কোৱা মামীজনী মামাকৰ ঘৈণীয়েক (অসমীয়া মামী) নহয়, দেউতাকৰ ঘৈণীয়েক, মানে নিজৰ মাকৰ (ইংৰাজী মামী) কথাহে এওঁ কৈছে।’

– ‘অ’ হয় নেকি? আমাৰ দিনত এইবোৰ নাছিল নহয়।’

দেউতাৰ জন্ম ৬০ৰ দশকত হৈছিল যদিও দেউতাই ‘আমাৰ দিনত…’ বুলি কথা ক’বলৈ আৰম্ভ কৰিলে তেওঁক মাধৱ কন্দলীৰ বাল্যবন্ধু যেন লাগে। বর্তমানৰ যিকোনো পৰিস্থিতি এটাক তৎক্ষণাত ‘আমাৰ দিনত…’ বুলি আৰম্ভ কৰি নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ শুনাব পৰাটো মোৰ দেউতাৰ অতিৰিক্ত প্ৰতিভা। ‘জুবিন বলীয়া’ বালকজনে যে দেউতাৰ কথাবোৰ শুনিবলৈ অলপো আগ্ৰহী নহয় সেয়া বুজি ময়েই প্ৰসংগ সলাই ল’ৰাটোক সুধিলোঁ,

– ‘ভাইটি তোমাৰ ঘৰ ক’ত? নামটো কি?’

– ‘মই গু-হাটিৰ ল’কেল। নাম ছিদার্থ। বাট ছছিয়েল মিডিয়াত ‘ছিদ্দ জুবিন বলীয়া’ বুলিয়েই জানে চবে।’

– ‘সিদ্ধার্থ। খুব ভাল নাম। তুমি জুবিন গার্গৰ ডাঙৰ ফেন মানে?’

– ‘জুবিন দা ভগৱান। সি মৰিবলৈ ক’লে মৰি যাম আমি।’

– ‘আমি মানে?’

– ‘আমাৰ ফেন ক্লাৱ আছে। গেং আছে না।’

– ‘বাঃ। তোমালোকে কি কি কাম কৰা নো?’

– ‘বহুত কিবাকিবি। এই যে পিন্ধি আছো এনেকা টি-ছার্ট বনাওঁ। বাইক ৰেলী কৰোঁ। জুবিন দাক ছ’ছিয়েল মিডিয়াত কোনো ক্ৰিটিছাইজ কৰিলে আমি জেং কৰোঁ।’

– ‘জুবিন গার্গে দেখোন ফেন ক্লাৱক গছ পুলি ৰুবলৈ, কিতাপ পঢ়িবলৈ, বিপদত পৰাসকলক সহায় কৰিবলৈহে কোৱা শুনি থাকো।’

– ‘সেই চব কাম অলপ বৰিং। প্লাছ ফ’কাছ নাপাওঁ গছ ৰুই থাকিলে।’

মাজতে দেউতাই মাত দিলে,

– ‘তুমি গান গোৱা নেকি?’

– ‘য়েছ। মাজে মাজে জ’ছ উঠিলে গাওঁ। জুবিন দাৰ নিচিনা ছাঞ্চ পালে ষ্টেজ ফালি দিম।’

– ‘গান ক’ত শিকা তুমি? কাৰ কাৰ মিউজিক ফ’ল’ কৰা?’

– ‘ক’তো শিকা নাই। জুবিন দাক ফ’ল’ কৰিয়ে ছিংগাৰ হৈছোঁ। বেলেগ কাকো নালাগে।’

– ‘তাৰমানে তুমি কেৱল জুবিন গার্গৰ গানহে গোৱা?’

– ‘ইয়েছ ব্ৰ’, খালি গানেই নহয়। জুবিন দাৰ ড্ৰেছিং, লাইফষ্টাইল চব ফ’ল’ কৰো।’

কথাবোৰ শুনি দেউতাই মোৰ কাণত মাত দিলে,

– ‘দেখিলি জুবিনে ল’ৰাবোৰক কোন দিশে নি আছে?’

– ‘দেউতা, এইবোৰ কথা পাছত পাতিম। এতিয়াও আধা বাট বাকী আছে।’

– ‘জুবিন ল’ৰাটোৰ মাতটো বেয়া নহয় তাৰ পিছে আদব কায়দাবোৰহে বেয়া। কাপোৰেই চাবা নে তাৰ, জোতাই চাবা! আমাৰ দিনত কথাবোৰ বেলেগ আছিল। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ গানহে আচল গান আছিল। গীতৰ কথাত গভীৰতা আছিল। আজিকালি নাই একো।’

হঠাৎ বালক সিদ্ধার্থয়ে মাজতে মাত লগালে,
-‘আংকল, আপুনি জুবিনদাক বেয়াকৈ নক’ব দেই। জেং কৰি দিম কিন্তু!’

পৰিস্থিতি বিষম দেখি ময়েই প্ৰসংগ সলাই দেউতাক গা চা বেয়া লাগিছে নেকি সুধিলোঁ। অসুখীয়া মানুহ নহ’লেও এয়াৰ ইণ্ডিয়াত ভ্ৰমণ কৰা যাত্ৰীসকলক এই প্ৰশ্নটো কৰা যুক্তি সংগত। কাৰণ, অন্য যিকোনো বিমান সংস্থাৰ যাত্ৰাতকৈ এয়াৰ ইণ্ডিয়াত যাত্ৰাৰ বাবে বেছি সময়ৰ প্ৰয়োজন হয়। (চৰকাৰী বিভাগৰ লেহেমীয়া বৈশিষ্ট) আপোনাৰ যদি কোনো ঠাইলৈ জৰুৰীকালীনভাৱে ভ্ৰমণ কৰিব লগা হয়, আপুনি যদি উৰাজাহাজৰ বিনামূলীয়া খাদ্য সম্ভাৰ অধিক উৎকৃষ্ট মানৰ বুলি মনত ধাৰণা লৈ আছে, আপুনি যদি ৰূপহী ৰাংঢালী পৰিচাৰিকাই আপোনাক হাঁহিমুখে পৰিচর্যা কৰাটো বিচাৰে তেন্তে পৰাপক্ষত এয়াৰ ইণ্ডিয়াত যাত্ৰা নকৰিব। তাৰ বিপৰীতে এয়াৰ ইণ্ডিয়াত ভ্ৰমণ কৰা কিছু সুবিধাও নথকা নহয়। অসমৰপৰা যদি চাউল, মাটিমাহ, নেমু ইত্যাদি সৰহকৈ লগত কঢ়িব খোজে এয়াৰ ইণ্ডিয়াই আপোনাক অতিৰিক্তভাৱে ১০ কেজি সামগ্ৰী বিনামূলীয়াকৈ লগত আনিবলৈ দিয়ে। এয়াৰ ইণ্ডিয়াত কৰা দীঘলীয়া ভ্ৰমণকালৰ সময়খিনি আপুনি সাহিত্য চর্চা কৰা, তপস্যা কৰা, অফিছৰ কাম কৰা বা মটৰ, আদা, নহৰুৰ বাকলি গুছোৱাৰ দৰে ফলদায়ক কামত ব্যৱহাৰ কৰিব পাৰে। অন্য বিমান পৰিবহণ সংস্থাসমূহৰ তুলনাত এয়াৰ ইণ্ডিয়াৰ আসনবোৰ আহল বহল গতিকে দীঘলঠেঙীয়া লোকসকলেও ইয়াত ভৰি মেলি বহিব পাৰে। এয়াৰ এছিয়া, ইণ্ডিগ’ ইত্যাদি সংস্থাৰ চেপা খোৱা আসনত বহি এনে লাগে যেন এয়া ভ্ৰমণ নহয় মোৰ কোনো জনমৰ পাপৰ কর্মফলহে ভোগ কৰিছোঁ। ফ্লাইটখন গৈ আকাশ ভালদৰে নাপাওঁতেই অন্য সংস্থাৰ বিমানসমূহত আৰম্ভ কৰা বস্তু বিক্ৰী কৰাৰ মিনা বজাৰখনৰ হৈ চৈৰ পৰাও এয়াৰ ইণ্ডিয়া মুক্ত।    গা বেয়া নহ’লেও যে জুবিন বলীয়া ল’ৰাজনৰ ব্যৱহাৰে দেউতাৰ মনটো বেয়া কৰিলে সেয়া সহজেই অনুমান কৰিব পাৰিলোঁ। কিছু সময়ৰ পাছত দেউতাৰ মনটো ভাল লগাবলৈয়ে সুধিলোঁ, “আপোনালোকৰ দিনৰ গীত মাতবোৰনো কেনে আছিল দেউতা?

– ‘তহঁতে ক’ত বুজিবি সেই দিনৰ গীতৰ কথাবোৰ। য’ত সেইসময়ৰ সামাজিক ৰাজনৈতিক সাম্প্ৰতিক সকলো বিষয়েই অন্তর্ভুক্ত আছিল। হাজাৰ হাজাৰ মানুহে ভূপেন দাক চাবলৈ আহিছিল ভূপেনদাৰ অনুষ্ঠান।’

– ‘আংকল, জুবিনদাক চাবলৈও হাজাৰ হাজাৰ মানুহ হয়। আপুনি মডার্ণ মিউজিক বুজি নাপায় কাৰণে এইবোৰ পুৰণি গানতে লাগি আছে। ভূপেন হাজৰিকাৰ ছেণ্টি গানবোৰ যে শুনিব নোৱাৰি আৰু।’

– ‘সেই কাৰণেতো কৈছোঁ তোমালোকে কেৱল জুবিন গার্গক অনুকৰণ কৰি সংগীত শিল্পী হ’ব খোজা। আজিকালিৰ পাতলীয়া গান শুনা মানুহে কথাবোৰ নুবুজিবা।’

-‘ ভূপেন হাজৰিকাৰ গানৰ কোনো জ’ছ নাই।’

পুনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মই মাত মাতিব লগা হ’ল।

-‘চোৱা ভাইটি, তুমি বা কোনোবাই ভূপেন হাজৰিকাদেৱৰ সংগীত ভাল নোপোৱাটো যিদৰে ডাঙৰ কথা নহয়, একেদৰে মোৰ দেউতাই জুবিন গার্গৰ বা বর্তমানৰ সংগীত বেয়া পোৱাটোও অতি স্বাভাৱিক কথা। আমি পুৰণিক সম্পূর্ণৰূপে বাদ দিবও নোৱাৰো আৰু নতুন পৰিৱর্তনবোৰো বিবেচনা কৰি গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰোঁ।’

– ‘হ’লেও ভূপেন হাজৰিকা মহান।’

– ‘দেউতা, তেওঁ মহান নহয় বুলি কোনে কেতিয়া ক’লেনো? আপুনি কিয় ভাবি আছে যে আমি নতুন প্ৰজন্মই ভূপেন হাজৰিকাক বেয়া পাওঁ? আপোনালোকে জুবিন গার্গৰ মাজত ভূপেন হাজৰিকাক বিচাৰি থকাটো কিমান যুক্তিসংগত কথা? আপুনি জুবিন গার্গক, জুবিন গার্গ হিচাপে কিয় গ্ৰহণ নকৰে?’

– ‘ জুবিন দাৰ ষ্টাইলবোৰ মর্ডাণ যে আংকলহঁতে সেই কাৰণে বেয়া পায়।’

-‘ ড্ৰেছ বা চুলিৰ ষ্টাইলে মানুহক আধুনিক নকৰে বোপাই। মানুহ আধুনিক হয় নিজৰ জ্ঞান, সাধনা আৰু চিন্তাৰে। তুমি ভূপেন হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালা আধুনিক নাছিল বুলি ক’ব নোৱাৰা। কেইবাশ বছৰ পূর্বে জীৱনকাল কটোৱা আমাৰ গুৰুজনা  শংকৰদেৱ কি মডার্ণ নাছিল?’

ল’ৰাটো কিছুসময় মৌন হৈ ৰ’ল। সি হয়তো জ্যোাতিপ্ৰসাদ আগৰৱালাক ফাঁচী বজাৰৰ কোনোবা পাইকাৰী দোকানী বুলি ভাবিছে। তাৰ সীমিত জ্ঞান আৰু কথা বতৰাই সূচাই যে সি শংকৰদেৱতকৈ বেছি মার্ক জুকাৰবার্গ বা কেটৰীণা কাইফ, ছেতন ভগতৰ বিষয়ে দুটা কথা বেছিকৈ জানে। দেউতাই পুনৰ আৰম্ভ কৰিলে,

– ‘হ’লেও জুবিনৰ ড্ৰেছবোৰ বেয়া। মদো বেছি খায়।’

– ‘দেউতা, সেয়া তেওঁৰ ব্যক্তিগত কথা কি পিন্ধে কি খায়। আপুনি যেনেকৈ দিনটো চাহ তামোল, চাধা খাই থাকে সেই কথাটো কোনোবাই ক’লে আপুনি ভাল পাব জানো? আপুনি বেয়া পোৱা তেওঁৰ ড্ৰেছযোৰ হয়তো আন বহুলোকে ভাল পায়। কোনোবাই ভাল পাওক বা নাপাওক তেওঁ কি পিন্ধিব সেয়া তেওঁৰ সম্পূর্ণ নিজা সিদ্ধান্ত।’

দেউতাই খঙেৰে উত্তৰ দিলে, ‘তোৰ বাপেৰক চাবলৈ হাজাৰ হাজাৰ মানুহ গোট নাখায় নহয়। মই যুৱপ্ৰজন্মৰ আইকন নহয়, দৰমহা নোপোৱা মাষ্টৰহে। মই চাহ-তামোল, চাদা খোৱা কামটোৰ বাবে নিউজ চেনেলৰ ৰিপর্টাৰ কেইটাৰ বাহিৰে কোনো আগ্ৰহী নহ’ব বুজিছ?কিন্তু সি কিমান প্ৰভাৱশালী ল’ৰা ! জুবিন গার্গৰ প্ৰতিটো শব্দই নতুন প্ৰজন্মৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে তেওঁ নিজৰ মতামত প্ৰকাশ কৰোঁতে বা ব্যক্তিগত স্বাধীনতাবোৰ উপভোগ কৰোঁতেও সতর্ক হ’বই লাগিব।’

– ‘আপোনাৰ এই কথাটো মিছা নহয় বাৰু।’

– ‘তহঁতৰ মতে জুবিন গার্গে অসম সংগীত সলনি কৰি গোৱাটো, সেনা বাহিনীৰ প্ৰতি কৰা মন্তব্যটোৰ ক্ষেত্ৰটো একো ভুল নাই?’

– ‘ভুল নিশ্চিতভাৱে আছে। মানু্হ হিচাপে সকলোৱে ভুল কৰে। নিজৰ ভুলবোৰৰ বাবে তেওঁ সময়ত ক্ষমাও খুজিছে। পিছে দেউতা, মানুহে বাৰু তেওঁ সংগীততকৈ এই অন্য কথাবোৰত অলপ বেছিকৈ লাগি থকা নাইনে?’

– ‘মূল সমস্যাটো হৈছে জুবিনৰ কথাত বলীয়া হৈ বিপথে যোৱা যুৱচাম।’

– ‘সকলো যুৱক বিপথে যোৱা বুলি কেনেকৈ ক’ব? সিদ্ধার্থৰ নিচিনা ভাইটিসকলে আৱেগিকভাৱে জুবিন গার্গৰ সৈতে জড়িত হৈ কিবা ভুল কৰিলে, তাৰ বাবে জুবিন গার্গ কেনেকৈ জগৰীয়া হ’ব? আপুনি ইমান বছৰে পঢ়োৱা সকলো ছাত্ৰ ছাত্ৰীৰ দায়িত্ব আপুনি ল’ব নে দেউতা?’

মোৰ কথাবোৰে দেউতা আৰু সিদ্ধার্থ দুয়োজনকে নিমাত কৰিলে। আকৌ ক’বলৈ ল’লো, “আজি এই ভাইটিহঁতক আমাৰ ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি সৈতে চিনাই দিয়াৰ দায়িত্ব কোনে ল’ব? বিপথে গ’ল বুলি সমালোচনা কৰাতকৈ আমিয়েই নতুন সঠিক পথলৈ ঘূৰাই আনিব লাগিব দেউতা। ভাইটি তোমাকলোকক জুবিন গার্গে তেওঁৰ নিচিনা হ’বলৈ কৈছে নেকি?”

: নাই।

: তোমালোকে জুবিন গার্গৰ সাধনা আৰু দৈনিক কষ্টখিনিৰ কথা জানা নে? জুবিন গার্গে কিমান কিতাপ পঢ়ে খবৰ ৰাখিছানে? যদি সঁচাকৈয়েই জুবিন গার্গৰপৰা অনুপ্ৰেৰণা পাই সংগীতৰ জগতত আগুৱাব খুজিছা খুব ভাল কথা। পিছে কেৱল জুবিন গার্গৰ সংগীততে নিজক সীমাবদ্ধ ৰাখি এই পথেৰে বেছি দূৰ আগুৱাব নোৱাৰিবা। জুবিন গার্গে নিজেও পৃথিৱীৰ বিভিন্ন প্ৰান্তত হৈ থকা শিল্প সাধনাৰ খবৰ ৰাখে। কথাবোৰ বুজিছানে?

বহুত দেৰি কথা কৈ ভালকৈ উশাহটো সলাই ল’বলৈ লওঁতেই ঘোষণা কৰা হ’ল যে নির্ধাৰিত সময়তকৈ ১৫ মিনিট পূর্বেই আমাৰ বিমানখনে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিবলৈ লৈছে। স্বাভাৱিকতে গুৱাহাটীৰপৰা দিল্লীলৈ যাত্ৰাৰ সময় প্ৰায় আঢ়ৈ ঘণ্টা হোৱাটো সকলো যাত্ৰীয়ে জানে যদিও যাত্ৰীসকলক নির্ধাৰিত সময়তকৈ পূর্বে অৱতৰণ কৰাৰ মানসিক শান্তিকণ দিবলৈয়ে কিজানি এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ যাত্ৰাৰ সময় আগতীয়াকৈ ৩ ঘণ্টা বুলি নির্ধাৰণ কৰে। বিমান বন্দৰৰপৰা সিদ্ধার্থই নিজৰ বাট ল’লে। মোৰ কথাবোৰ সি কিমান বুজি পালে তাৰ উমান নাপালোঁ। অত্যাধুনিক দিল্লীৰ বিমান বন্দৰৰ ধৰণ কৰণত মুগ্ধ হৈ পৰা দেউতাক এতিয়া আৰু জুবিন গার্গ সম্পর্কে কথা ক’বলৈ মন নগ’ল। দেউতাক অতি সোনকলে জুবিন গার্গৰ মা, শিশু, পাখি, যন্ত্ৰ ইত্যাদি এলবামৰ গীতসমূহৰ কথাবোৰ পঢ়িবলৈ গোটাই দিব লাগিব। তেওঁক ৰাহুল গৌতম শর্মা, শংকুৰাজ কোঁৱৰ, নিলোৎপল বৰা, অৰূপজ্যাতি বৰুৱা, শশাংকৰ সমীৰ, শান্তনু ৰৌমূৰীয়াৰ দৰে নতুন প্ৰজন্মৰ অসমীয়া শিল্পীৰ সংগীতৰ সৈতে চিনাকি কৰাই দিব লাগিব।

ভালপোৱাৰ কোনো কাৰণ নাথাকে, আমি কাৰোবাক বেয়া পাবলৈহে কাৰণ লাগে। পৃথিৱীত এজন ঈশ্বৰকো সকলো মানুহে ভাল পাব নোৱাৰি মন্দিৰ, মছজিদ, গীর্জাঘৰ পৃথকে পৃথকে সাজি লৈছে। গতিকে জুবিন গার্গ নামৰ মানুহজনক সকলোৱে ভাল পাবই লগিব বুলি কোনো কথা নাই। মূল কথাটো হৈছে তেওঁক বেয়া পোৱাজনে জুবিন গার্গক কিয় বেয়া পায় সেয়া নিজে নিশ্চিত হৈ  জুবিন গার্গক গঠনমূলকভাৱে সমালোচনা কৰি শুদ্ধৰাই দিয়া আৰু জুবিন গার্গক ভালপোৱা মানুহখিনিৰ ভালপোৱা অনুভৱখিনিক উপলুঙা নকৰা। তাৰ বিপৰীতে, জুবিন গার্গক ভালপোৱাসকলে জুবিন গার্গৰ ভুলবোৰ আওকাণ কৰি যুঁজি ফুৰি শিল্পীগৰাকীৰ ক্ষতিহে কৰিছে। কোনোবাই জুবিন গার্গক যুক্তিসংগতভাৱে সমালোচনা কৰিলে সেয়া গ্ৰহণ কৰিবলৈ পৰাকৈ শক্তিশালীজনহে জুবিন গার্গৰ প্ৰকৃত অনুৰাগী। সৰল সাধাৰণভাৱে জীৱন যাপন কৰা জুবিন গার্গে কোনো দিন ঈশ্বৰ হ’বলৈ খোজা নাই। অনুগ্ৰহ কৰি, তেওঁক ঈশ্বৰ নাসাজি মৰম, আদৰ, সহযোগিতাৰ মাজেৰে সাধাৰণ জুবিন গার্গজনেই কৰি ৰাখক।

(বি.দ্ৰ. : প্ৰথম পুৰুষত বর্ণনা কৰি আগুৱাই নিয়া লেখাটো বাস্তৱ অভিজ্ঞতাৰ আলমত গঢ় দিয়া হৈছে যদিও লেখাটোৰ কথক আৰু লেখক দুটা ভিন্ন অস্বিত্ব। প্ৰতিজন পাঠকেই নিজকে কথকজনৰ ৰূপত খন্তেকৰ বাবেও বিচাৰি পাই জুবিন গার্গক ভালপোৱা আৰু বেয়াপোৱা লোকসকলকৰ ওচৰ চাপিব খুজিলে লেখকৰ শ্ৰম সার্থক হ’ব।) 

☆★☆★☆

2 Comments

  • ৰিমঝিম

    ভাল লাগিল পাৰ্থ

    Reply
  • Sankar Jyoti Bora

    ধুনীয়াকৈ লিখিলে৷বৰ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.