ফটাঢোল

জ্যোতিৰূপম দত্তলৈ আষাৰচেৰেক – মাধুৰ্য্য গোস্বামী

ডাঙৰীয়া, যোৱামাহত আলোচনীত প্ৰকাশিত আপোনাৰ লেখাত আমাৰ যি ভণ্ড আৰু নাঙঠ স্বৰূপ দেখুৱালে, তাৰপিছত এজন “সৎ বুদ্ধিজীৱী আৰু লেখক” হিচাপে আপোনাৰ শলাগ লৈছোঁ। লগতে জনাই থওঁ যে, আপুনি আৰু আমি একেটা ঘাটৰে পানী খাওঁ, সেয়া আমাৰ দৰে লবীকেন্দ্ৰিক মানুহে ভালদৰে জানে। লবী বুলি কওঁতে আপুনি গোটেইখিনি কথা লিখিছেই, বিশেষকৈ স্তাৱক বাহিনীৰ কথা। কিন্তু আমাৰ আটাইবোৰ সাহিত্যিক, লেখক আৰু বুদ্ধিজীৱী মিলিও যে এটা লবী বা সহজ অৰ্থত “গেং” আছে সেইটো বোধহয় বহুত সাধাৰণ মানুহে নাজানে। মানে ধৰক আপুনি কিবা এটা নক’বলগীয়া কথা লিখিলে বা ক’লে। তাৰপিছত জনসাধাৰণ বা বিশেষকৈ চৰকাৰৰ ওপৰত তাৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল। আপোনাৰ ওপৰত গালিবৰ্ষণ আৰম্ভ হ’ল যিটো সচৰাচৰ আৱশ্যম্ভৱী। এতিয়া আপোনাক ৰক্ষা কৰিব কোনে? নিশ্চয় বুদ্ধিজীৱী সমাজে। যিবোৰ “ভাল বুদ্ধিজীৱী বা লেখকে” আমাক চাপ’ৰ্ট নকৰে তেওঁলোক আমাৰ বাবে আউটকাষ্ট। গতিকে স্তাৱক আৰু সা-সুবিধাৰ কথা কওঁতে আমাৰ বুদ্ধিজীৱী সমাজকো পাহৰি নাযাব। কাৰণ আমিবোৰৰ জহতে আপোনাৰ যে কিমান “গোপন” কথা কাহিনী গোপন হৈ আছে সেয়া আমিহে জানো।

আপোনাক ক’ব খোজা দ্বিতীয় বিষয়টো হ’ল তৈলমৰ্দন। এতিয়া আপুনি ভুলতো নক’ব যে আপুনি এই বিষয়ে নাজানে। আপোনাৰ ভালদৰেই মনত আছে চাগে কাক কাক তেল দি দি আপুনি প্ৰথম অৱস্থাত লেখা ছপোৱাইছিল, কিমান ডাঙৰ ডাঙৰ লেখকক কাকূতি-মিনতি কৰিবলগা হৈছিল। যদি পাহৰিছে তেন্তে আপোনাৰ লগত একেখন নাৱৰে যাত্ৰী এই অধমে মনত পেলাই দিব পাৰোঁ। এইটো চিষ্টেম মানে হোষ্টেলৰ ৰেগিঙৰ লেখিয়া বুজিছেনে ডাঙৰীয়া? মানে ধৰক আমি এসময়ত যেনেকৈ আমাৰ “পুৰোধা” লেখকসকলৰ “স্নেহাশীষ”ৰ ফলতহে লেখক হৈছিলোঁ, ঠিক তেনেকৈ আজিকালিৰ উঠি অহা যুৱ লেখকবোৰেও আমাক তৈলমৰ্দন কিয় কৰিব লাগে সেইটো আপুনিও জানে। নহ’লেনো কেৱল ভাল লেখা হ’লেই যিকোনো ঠাইত ছপাব পাৰি? গতিকে আমাৰ দৰে “বৃদ্ধ, জ্ঞানী সাহিত্যিকসকলক” যদি এই পদলেহনকাৰীসকলে সকলো সময়তে আৱৰি নাথাকে, আমাৰ দেখোন চলাই সমস্যা হৈ যাব।

আপুনি বোধহয় আমাৰ জীৱনত সোমৰসৰ প্ৰভাৱো পাহৰিলে ডাঙৰীয়া। এইবিধ নহ’লে আমাৰ যে জীৱন নচলে সেইটো বহুতেই জানে হয়তো। কিন্তু আচল কথাটো হ’ল ইয়াৰ পলিটিক্সটোহে। আমি বৌদ্ধিক সমাজে মুকলিকৈ আমাৰ লেখাত কওঁ যে, আমি সেইবিধ পান কৰোঁ। তাৰপিছত আমি কওঁ প্ৰথম ক’ত কেতিয়া কেনেকৈ খাবলৈ শিকিলোঁ সেইবিধ। লগতে স্বাস্থ্যবিজ্ঞানৰ দুটামান কথা লগাই দিব পাৰিলেতো কথাই নাই। পূৰা প্ৰমাণ কৰি দিব পাৰি যে ইয়েই আচলতে আমাৰ সৃষ্টিৰ আকৰ। কেৱল আপুনি যে আগৰ সেই যুৱ উশৃংখলতা পাহৰি আজিকালি পৰিমিত পৰিমাণে খাই সুস্থ-সবল জীৱন-যাপন কৰিছে তাক উনুকিয়াবলৈ নাপাহৰিব। তাৰ ফল কিন্তু উঠি অহা লেখকসকলৰ ওপৰত যে পৰেই সেইটো নিৰ্ঘাট ডাঙৰীয়া। ভাল কিবা লিখিব পৰা হওঁক বা নহওঁক, চ’ছিয়েল মিডিয়াত সেইবিধৰে সৈতে ফটো দি নিজক খুব “মুক্ত চিন্তা”ৰ অধিকাৰী বুলি প্ৰমাণ কৰিব পাৰি, সেইটো এই ডেকা ডেকা লেখকসকলে প্ৰমাণ কৰিয়েই আছে।

আপুনি অৱশ্যে এটা কাম খুবেই ভাল কৰিলে। সেয়া হ’ল আপোনাৰ আত্মজীৱনী লিখাটো। জীৱন এটা হ’ব পাৰে মানুহৰ, কিন্তু আমাৰ আত্মজীৱনীৰ সংখ্যা যিমান বাঢ়ে সিমানেই ভাল। বাট্ৰাণ্ড ৰাছেলে খণ্ড খণ্ডকৈ হ’লেও আত্মজীৱনী লিখিছে য’ত চিঠি-পত্ৰৰ সংখ্যাই বেছি। তেনে মানুহৰ আত্মজীৱনীতেই বহুখিনি দাৰ্শনিক চিন্তা সোমাই থাকে। কিন্তু আমাৰ টাইপতো অলপ বেলেগ। আমি আত্মসমালোচনাও কৰিব লাগিব নহয়। সেইটো কৰিবলৈ যাওঁতে আপুনি কেনেকৈ কাৰ সান্নিধ্যত আহি বিপ্লৱী স্বভাৱৰ হৈ পৰিল, কোন কোন পাশ্চাত্যৰ পণ্ডিতৰ লেখাই আপোনাক এনে দুৰন্ত প্ৰতিবাদী সত্তা বনালে সেইবোৰ এৰিবই নোৱাৰে। লাগিলে আত্মজীৱনী দহখন হওঁক, তাৰবাবে চিন্তাই নকৰিব।

তাৰপিছত আহিল প্ৰেমৰ কথা। আপুনিও যিহেতু “অইন দহজন”ৰ দৰে “সাধাৰণ” মানুহ, গতিকে প্ৰেমত পৰাটো স্বাভাৱিক। এতিয়া কথাটো হ’ল, আপুনি যিমানেই দুশ্চৰিত্ৰৰ নহওঁক, সেইবোৰ ভুলতো লিখিব নোৱাৰে; অন্তত: অসমীয়া লেখকৰ বাবে সেইটো নেচেল। বৰঞ্চ আপুনি আপোনাৰ জীৱনত এবাৰ বা দুবাৰ হোৱা প্ৰেমৰ কথা লিখক য’ত আপুনি আপোনাৰ প্ৰেমৰ ব্যৰ্থতা মানি লওঁক, অথবা দেখাওঁক আপুনি যে ভাগ্যৰ ওচৰত হাৰ মানিলে। বাকী তিৰোতা-ছোৱালীৰ লগত বুঢ়া কাললৈকে মানুহে বদনাম ৰটিব। সেইবোৰত আপুনি হাৰ মানিব নেকি? ওহোঁ, মুঠেও মানিব নোৱাৰে। বৰঞ্চ এইটোও এটা বিখ্যাত হোৱাৰ ষ্ট্ৰেটেজী। মুঠতে আত্মজীৱনী এখনৰ খুবেই দৰকাৰ এজন বিখ্যাত বুদ্ধিজীৱীৰ বাবে, বিশেষকৈ আপোনাৰ দৰে। আৰু তাত থাকিব লাগিব আপোনাৰ প্ৰেম, নীতি-আদৰ্শৰ সংঘাটৰপৰা এটা বিপ্লৱী সত্তালৈ ৰূপান্তৰিত হোৱাৰ চমৎকাৰ বৰ্ণনা।

তাৰপিছত আহিছোঁ আমাৰ বুদ্ধিজীৱীৰ নীতি-আদৰ্শৰ প্ৰসংগলৈ। আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হ’ল দুখীয়া, সৰ্বহাৰাৰ মুক্তি। তাতোকৈ মজাৰ কথা হ’ল দেশৰ বেছিভাগ মানুহৰ মনত কোনো ধাৰণাই নাই এই সৰ্বহাৰাৰ মুক্তি কেনেকৈ হ’ব। আপুনি আপোনাৰ লেখাবোৰত মাৰ্ক্স, লেলিন, এংগেলছৰ কথা লিখি অলপ মা-মছলা সানি জীৱনভৰ চৰকাৰক গালি দি থাকিব লাগিব। চৰকাৰ কোন আছে সেইটো ডাঙৰ কথা নহয়, মুঠতে সকলো চৰকাৰেই যে পুঁজিপতিৰ ৰক্ষক সেইখিনি আপুনি মানুহক সোঁৱৰাই থাকিব লাগিব। অথচ এই ব্যৱস্থাবোৰ সলনি কৰি নতুন ব্যৱস্থাৰে কেনেকৈ দেশখনক আগুৱাব পাৰি সেই সম্পৰ্কেও আপোনাৰ মনত কোনো ধাৰণা নাথাকে, আপুনি কিয় কোনো বুদ্ধিজীৱীৰ হাততেই নাথাকে। এনেও এইবোৰ এক প্ৰকাৰৰ abstract idea ৰ দৰেই, সকলোকে জনা যেন লাগে অথচ কোনেও ভাল দৰে নাজানে। আপুনি কেৱল কিছুমান তথ্য সন্নিৱিষ্ট কৰি আপোনাৰ লেখাবোৰ লিখি ছপা কৰিব লাগে। এতিয়া ডাটাবোৰ ক’ত কেনেকৈ পালে সেইটো ইছ্যু নহয়, সেইবোৰ কেনেকৈ ষ্ট্ৰেটেজিকেলি ব্যৱহাৰ কৰিব পাৰি তাকহে ভাবি চোৱা দৰকাৰ। যেতিয়ালৈ এই “সংগ্ৰামবোৰ” চলি থাকিব তেতিয়ালৈ আমাৰ ভাত মুকলি হৈয়েই থাকিব।

বুদ্ধিজীৱীয়ে নিজৰ লেখাত কৰিব আন এটা কাম হ’ল দেশৰ বিভিন্ন বিষয়ৰ ওপৰত ভৱিষ্যতবাণী কৰা। এইটো আকৌ আমাৰ দৰে জ্ঞানী মানুহৰ “ঐশ্বৰিক গুণ” আৰু অসীম জ্ঞানৰ নমুনা। ভৱিষ্যতবাণী ভুল হওঁক বা শুদ্ধ হওঁক, সেইটো ডাঙৰ কথা নহয়। কাৰণ public memory is short. অৱশ্যে আজিকালি ইলেকট্ৰনিক, চ’চিয়েল মিডিয়াৰ দিনত এইটো অলপ ভয়লগা হৈছে। তথাপি চিন্তা কৰিবলগা এতিয়াও হোৱা নাই। যদি কেনেবাকৈ ভৱিষ্যতবাণী মিলিল, আপোনাৰ গুণমুগ্ধই আপোনাক মহান মানুহৰ শাৰীত পেলাবই পেলাব। যদি নিমিলে, তেতিয়াও ডিফেণ্ড কৰিব বোলে সেই সময়ৰ আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিস্থিতি চাইহে আপুনি ভৱিষ্যতবাণী কৰিছিল। মুঠতে যিয়েই নহওঁক, আপুনি আপোনাৰ জ্ঞানৰ নমুনা প্ৰতিটো কথা বা লেখাতেই জাহিৰ কৰিব পাৰিব লাগিব।

আজিলৈ বৰ বেছি নিলিখোঁ। ইতিমধ্যে আপুনি লিখা আলোচনীখনত এইবোৰ ওলায়েই থাকে। গতিকে চৰ্বিতচৰ্বণ হোৱাৰহে ভয়। মই এজন ভাল বুদ্ধিজীৱী আৰু লেখকৰ কিছুমান গুণৰ কথা সোঁৱৰাবলৈহে এইখিনি লিখিলোঁ। এইখিনি অৱশ্যে প্ৰায়বোৰ মানুহে জানেই। ভাবিলে হয়তো আৰু ঢেৰ ওলাব। এতিয়া আমাৰ উদ্দেশ্য হ’ল আমাৰ পিছৰ প্ৰজন্মৰ লেখকসকলৰ মনতো এই বীজসমূহ ৰোপণ কৰিব লাগিব। তেওঁলোককো একোটা “বিপ্লৱী সত্তা” হোৱাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ দিব লাগিব। তেতিয়াহে তেওঁলোক একোজন সফল বুদ্ধিজীৱী হোৱাৰ লগতে জীয়াই থকালৈকে আমাৰ গুণ-গান কৰি থাকিব। কাণে কাণে কৈ থওঁ, মৃত্যুৰ পিছতো তোষামোদ-প্ৰশংসা পোৱাৰ এইটোৱেই উত্তম উপায়। এইক্ষেত্ৰত আপোনাৰ দৰে অভিজ্ঞতালব্ধ বুদ্ধিজীৱীৰ আমাক সদায়েই দৰকাৰ। আশাকৰোঁ আপুনি দীৰ্ঘায়ু হৈ এই ক্ষেত্ৰখনত বিচৰণ কৰি অনেকক পথ দেখুৱাওঁক।

☆★☆★☆

26 Comments

  • ৰিণ্টু

    চকুৰ আগতে ল’ৰাটোৰ হাতখন পৈণত হ’ল দেই।

    সুন্দৰ, খুব ভাল লাগিল পঢ়ি

    Reply
  • কাবেৰী মহন্ত

    ৱাহ মাধুৰ্য্য ! একেবাৰে উদঙাই দিলা ৷ তোমাৰ লেখাৰ মাদকতা আছে , আৰম্ভ কৰিলে এৰিব নোৱাৰি

    Reply
    • Anonymous

      ধন্যবাদ কাবেৰী বা

      Reply
  • কমল তালুকদাৰ

    বাপৰে ! কি লিখিলেহে জিভা খনত গজাল মৰা দি দিলে

    সুন্দৰ ব্যেঙ্গ ।

    Reply
    • Anonymous

      ধন্যবাদ। ভালপোৱা বুলি শুনি সুখী হ’লো।

      Reply
  • সৌৰভ শৰ্মা

    সুন্দৰ আৰু সত্যক সথিক ব্যংগ । দিঘলীয়া যদিও পঢ়ি ভাল লাগিল।

    Reply
    • Anonymous

      ধন্যবাদ সৌৰভ দা।

      Reply
  • Mridula

    ৱাহ..তামাম দেখোন ।

    Reply
  • Anonymous

    Bhal lagil pohri

    Reply
  • ৰিমঝিম

    সুন্দৰ মাধু

    Reply
  • কি লিখিছ মাধু!কলম যেন নৰয় কাহিনিও৷

    Reply
  • অঞ্জন

    বঢ়িয়া লাগিল হে৷ চুপাৰ্ব

    Reply
  • ডলী তালুকদাৰ

    চুপাৰ্ব

    Reply
  • হেমন্ত কাকতি

    বাহ ৰে মাধুৱা! কা লিখত হৌ! হাম তো পাগলাই গেয়া হো৷ ঝাকাছ!

    Reply
  • চিদানন্দ বৰা

    জেঠতে পৰা কঠিয়া নে কি হে ???

    Reply
    • Anonymous

      দাদা। আপুনিহে জানিব কি হৈছে।

      Reply
  • পূৰ্ণময়ী

    বাপৰে ,ফুটি গ’ল

    Reply
  • Sankar Jyoti Bora

    মজা মাধুৰ্য্য৷তীৰ্যক ব্যংগ৷

    Reply
    • Anonymous

      ধন্যবাদ শংকৰ দা।

      Reply
  • ৰাজীৱ শৰ্মা

    বঢ়িয়া

    Reply
  • ৰামানুজ

    অভিজিত কলিতা ৰ লেভেলত লিখি পেলালা হে এইটো….

    জে.ডি.এটা কা ল্পনিক চৰিত্র হিচাৱে পঢ়িলে গম পোৱা যা য় লেখাটোৰ ৱেইট কিমান !

    খুব ভাল লাগিল

    Reply
    • Anonymous

      ধন্যবাদ ৰামানুজ দা। চেষ্টা এটা দি চালো।

      Reply
  • ৱাহ ভাই, তামাম।

    Reply
  • Jyotirupam Dutta

    বঢ়িয়া!! নিজকে ‘চলৌপ চলৌপ চেলেব’ যেন লাগি গৈছে!

    Reply
  • উচ্চমানৰ ব্যংগ

    Reply

Leave a Reply

Your email address will not be published.