ফটাঢোল

জয় ভোলা নাথ – জিমি শইকীয়া

বৌম বৌম ভোলানাথৰ ফুল ডিউটিৰ টাইম পৰে শাওন মাহত। শাওণ মাহৰ সোমবাৰে সোমবাৰে মঠ-মন্দিৰত যিহে ভিৰ হয় স্বয়ং প্ৰভু ভোলাবাবা সোমাবলৈকে বাট নোপোৱা হয়। অতদিন কুম্ভকৰ্ণ নিদ্ৰাত থকা ভক্তগণৰ আকৌ শাওণ মাহতহে ভক্তি জাগি উঠে। বাবাৰ খাবলৈ শুবলৈ সময় নাইকিয়া কৰি দিয়ে। এই বিশেষ দিনকেইটাৰ বাহিৰে যেন ভগৱানে আমাক আৰ্শীবাদেই নিদিয়ে। অংগনবাড়ী কেন্দ্ৰৰ দৰেই গঢ়ি উঠিছে বেচৰকাৰী ভাং কেন্দ্ৰ।

ভক্ত বিভিন্ন প্ৰকাৰ‌ৰ আৰু মনোকামনাও ভিন্ন। কোন প্ৰকাৰৰ ভক্ত‌ই কি বৰ মাগে কৈলাশৰপৰা একো নুশুনিও নেদেখিও। ত্ৰিনেত্ৰধাৰী বাবাই অৱশেষত কপালৰ হাই পাৱাৰৰ চকুটোও মেলি চালে, নাই ভালকৈ একো নেদেখি। দেখে যদিও D.J. ৰ কাণতাল মৰা শব্দত ভক্তৰ মনোবাঞ্চা একোকে নুশুনি।

গাটো তিয়াই সেন্দুৰকণ লৈ পুৱাৰ ঘোটা কাপ দিবলৈ আহি পাৰ্বতী আয়ে ক’লে, “বোলো হেৰি ইহঁতৰ বাপেক! এনেকৈনো কি ভুমুকা ভুমুকিখন কৰি আছে হয়নে!”

:‌ ৰ’বাহে। এইবাৰ ইয়াত থাকিয়েই আৰ্শীবাদ দিওঁ বুলি ভাবিছিলোঁ। পিছে নহ’ব বুজিছা। কাকো নেদেখি, একোকে নুশুনি। মানে কোনে কি বৰ বিচাৰিছে ম‌ই আইডিয়াকে কৰিব পৰা নাই।

তিতা চুলিটাৰি ৰ’দত শুকাবলৈ পিঠিতে পেলাই পাৰ্বতীয়ে ক’লে, “হেৰি কৰকচোন! কপালৰ তিনি নম্বৰটোৰে চাওকচোন!”

: চাইছোতো। পৃথিৱীত বহুত মানুহ হ’ল। মোৰ তিনি নম্বৰৰ চকুৱেও ক’ভাৰ কৰিব নোৱাৰি অ’।

: জুম কৰি চাওকচোন।

: জুম কৰিলে মানুহখিনিহে দেখো, কি কৈছে নুশুনো নহয়। ইয়াৰপৰা নহ’ব বুজিছানে পাৰু। কেইদিনমানৰ কাৰণে ম‌ই পৃথিৱীৰপৰাই আহোঁগৈ।

: ময়ো যাম আপোনাৰ লগত!

: নালাগে পাৰু। তোমাৰ বাহন হিংসুক বাঘৰ লগত মোৰ নিৰীহ বৃষভৰ ৰাহি যোৰা নাহে। তোমাৰ বাঘে মোৰ বৃষভক খাওঁ খাওঁ কৰে। আনহে নালাগে মোকো সি ভেঙুচালি কৰিহে চায়। দেখিছিলা নহয় মাজতে তাৰ প্ৰজাতিৰ ছালখন পিন্ধি থাকো বাবে মোক কিমান ইজ্জতত লগাকৈ গালি দিয়ে।

: না ম‌ই যামেই! – নাছোড়বান্দা হৈ পাৰ্বতীয়ে ক’লে।

পাৰ্বতীৰ এই আকোঁৰগোজ স্বভাৱটোৰ বাবেই শূলপাণিয়ে ধমক দিয়ে –

: ভালেৰে ক’লে কথা শুনিবা পাৰু। খং উঠাই নল’বা। ম‌ই ব্যস্ত থাকিম তুমি আমনি পাবা। চাওঁ মোৰ ত্ৰিশূলপাত আনি দিয়া। ম‌ই এতিয়াই যাব লাগিব।

পাৰ্বতী আইৰ মুখ ফুলি আহিল। অভিমানী মাতেৰে ক’লে –

: বুজিছো। ময়ো চখত যাবলৈ ওলোৱা নাই। আপুনি যিহে বৌম ভোলা। অলপতে সন্তুষ্ট হৈ যায়। আগতেও অসুৰ, দেৱতা বিচাৰ নকৰি জধে মধে তথাস্তু বুলি কৈ দিয়ে। পিছত আকৌ সবৰে হাৰাশাস্তি হয়। ভালকৈ শুনি বুজি বৰ দিব। চাই ল’ব ভক্তজন আপোনাৰ প্ৰকৃত ভক্ত হয়নে বা ভক্তজন সেই বৰৰ উপযুক্ত হয়নে নহয়। আপোনাৰ আৰ্শীবাদটো ইমান সহজলভ্য কৰি নেপেলাব। ইমেজ বেয়া কৰি নাহিব পৃথিৱীত। নাৰদে কয় নহয় পৃথিৱীত আপোনাক ভঙুৱা শিৱ বুলিহে জানে।

পাৰ্বতীয়ে বকনি ল’বলৈ মুখ মেলা দেখি বাবাই বোলে,

“বাৰু তুমি এতিয়া সেই বকলা মেলিব নালাগে। বোলো নন্দী-ভৃংগী, মাৰাৰ খবৰ ৰাখিবা ভালকৈ। যি কয় তাকে শুনিবা।”

: হয় প্ৰভু!

মহাদেৱে জানি শুনিয়েই নন্দী-ভৃংগীক লগ নধৰিলে। কাৰণ অসম বুলি ক’লে দুইজনৰ এলাৰ্জী উঠে বোলে।

বাবাই বৃষভেৰে ডাইৰেক্ট অসমলৈ পোনালে।

বাবা পোনে পোনে মন্দিৰলৈকে সোমাই গ’ল। পিছে এফালে ধূপ চাকিৰ ধোঁৱা আৰু তাপ, আনফালে ভক্তৰ মুখৰ বিৰবিৰণি, এফালে পূজাৰীৰ আৰ্শীবাদ, আনফালে খুচুৰা প‌ইচাৰ খিটিং খাটাং। বাবাৰ জঁটাৰ মাজৰ গংগাৰ শীতল পানী উমি উমি গৰম হৈ পৰিল। ভিতৰ ভাগত তিস্তি থাকিব নোৱাৰি প্ৰভুৱে বাহিৰলৈ লৰ ল’লে। এনেও কৈলাশৰপৰা আহি ইয়াত একেবাৰে সূৰ্যটোতে সোমোৱাৰ দৰে লাগিছে। যিহে গৰম ঔ! ভোলানাথ ঘামি জামি জুৰুলি-জুপুৰি হ’ল। ইমান কম বস্ত্ৰ পৰিধান কৰোতেই এয়া। মন্দিৰৰ ভিতৰ ভাগলৈ ভক্তৰ সোঁত বৈছে। সকলোৰে হাতে হাতে চাকি, ধূপ, গাখীৰ আদি। “পাৰ্বতীক নানিলোঁ ভালেই হ’ল,” বাবাই মনতে ভাবিলে। মহাদেৱে অকণ গাটো শীতল পৰক বুলি ডিঙিৰ সাপডালেৰে গাটো যেনি তেনি মোহাৰি ল’লে। সাপৰ চেঁচাকণ লগাত বাবাই বাহিৰতে ৰৈ মানুহৰ আলেখলেখ চাবলৈ ধৰিলে। সকলো পৰিদৰ্শন কৰি বাবাৰ জঁটাৰ আগে জীৱ যাওঁ যাওঁ অৱস্থা। তেওঁৰ ভক্তসকলে তেওঁৰ ৰেপুটেচন একদম বেয়া কৰি পেলাইছে।

নাৰদে কোৱা কথাবোৰ হয় তাৰমানে।

ইফালে আকৌ দেৱী পাৰ্বতীৰ এটাই প্ৰব্লেম। হাক বচন নুশুনে। মানুহটোৰ আপোনভোলা স্বভাৱটোৰ কাৰণেই নেকি তেওঁ চকুৰ আঁতৰ হ’লেই নানান চিন্তাই বাহ লয়। সেইবাৰ মহাদেৱে খেতি কৰোঁতেও পাৰ্বতী আয়ে হাক বচন নামানি ধননিলৈ গৈ যিখন কৰিলে, সেয়া সৰ্বজনবিদিত। এইবাৰো মনৰ উচপিচনি সহিব নোৱাৰি গোঁসানীয়ে বাবাৰ পিছ ল’লে।

নন্দী/ভৃংগীক দম দি দি অসমৰ ভক্তক নিজ চকুৰে চাবলৈ আৰু তেওঁৰ স্বামীৰ বিষয়ে ইয়াত মানুহে কি কয় নিজ কাণে শুনিবলৈ।

অসম পালেহি। এনেয়ে নন্দী, ভৃংগীয়ে অসমলৈ আহিবলৈ বেয়া পায়। কাৰণ ভাওনাত তেওঁলোকক খেৰৰ জুমুঠি, ভাঙৰ চিলিম টানি যিদৰে প্ৰৱেশ কৰায়, তেওঁলোকে লাজেই পায়। তেওঁলোকে বাৰু এনেকৈ বাবাক ভাঙৰ যোগাৰ দি থাকিব লাগিলে পাৰ্বতী আয়ে সুখেৰে এৰিবনে!

ইফালে শিৱ বাবাৰ নাম গাই,

“কৈলাসলৈ কিনো চাবা শিৱ‌ই পতা বাৰী

জুটুলা-জুটুলি ভাং ধঁতুৰাৰে শাৰী।”

হৰি হৰি মহাদেৱৰ বাসস্থানখনৰ বিলাই কৰিলে চোৱাচোন!

আকৌ,

“ডুগুডুগু ডুগুডুগু ডম্বৰু বজাই কল্পতৰু

হালিছে জালিছে শিৱ‌ই খাই ভাঙৰ লাৰু

পাৰ্বতীয়ে কান্দিছে ইনাই-বিনাই

ঘৰতে খাবলৈ আজি চাউল এমুঠিও নাই।”

কি মানুহ ঔ! ভগৱানৰ ঘৰতনো চাউল নাথাকেনে! ইমান ভিতৰুৱা কথাবোৰ এনেকৈ সবেই জানে বুলি গম পালে পাৰ্বতী গোঁসানীয়ে কালী ৰূপ ধাৰণ কৰি সবকে মহতীয়াই নেপেলাবনে বাৰু!

আকৌ গা‌ই,

“ভাং খাই পগলা হ’লাহে মহাদেৱ

ভাং খাই পগলা হ’লা

ভাঙৰে জ্বালতে ঘৰবাৰী এৰিলা

পাৰ্বতীকো এৰিলা তুমি হে মহাদেৱ

ভাং খাই পগলা হ’লা।”

এনে ভয়ংকৰ নাম শুনিলে আয়ে প্ৰভুক পৃথিৱীলৈ আহিবলৈকে নিদিব। মনতে আঘাত পাব। সেয়ে পাৰ্বতীক শিৱ বাবাই নানে।

পাৰ্বতীয়ে পৃথিৱীলৈ লগ ধৰাত নন্দী -ভংগীয়ে আপত্তি কৰিলে বোলে, প্ৰভুৱে আমাক খং কৰিব যিহেতু তেওঁ মানা কৰি গৈছে। গোঁসানীয়ে বোলে “তোমালোকক একো কৰিব নোৱাৰে। কাৰণ ম‌ই তোমালোকক যি ক‌ওঁ তাকে শুনিবলৈ কৈ গৈছে। এতিয়া ম‌ই কৈছোঁ মোক লৈ ব’লা। অবাধ্য নহ’বা।”

আঁকোৰগোজ পাৰ্বতী আইৰ কথাত উপায় নোহোৱাত নন্দী ভৃংগী বডীগাৰ্ড হৈ আহিব লগাত পৰিল। কিছু দূৰ যোৱাৰ পিছত এখন নিৰিবিলি ঠাইত বহুত ডেকা বুঢ়া মিলি সমিলমিলেৰে কিবা খাই থকা দেখি কিনো খাইছে বুলি মা সেইফালে যাব ধৰা দেখি নন্দী-ভৃংগীয়ে বাধা দি ক’লে – মা সেইফালে নালাগে যাব। তাত ভাং খাই আছে।

: হে হৰি! এই ডাঙৰ কেইজন কি কৰিবলৈ আছে? সৰুকেইটাৰ লগত যে এনেদৰে বহি ভাং টানিছে কিয়? কাণকেইখনত ধৰি উঠাই খেদাব নোৱাৰেনে!

: ক’ত খেদি পঠাব মা! বেয়া বস্তুবোৰ ইয়াত ভগাই যোগাই খায়। নিজে যেতিয়া অধঃপতনে যাব বেলেগকো সেই দিশে টানি নিয়াতো ইয়াত এটা পৰম্পৰা।

ভৃংগীয়ে ক’লে – “আই ইয়াত আমাৰ প্ৰভুক সকলোৱে ভঙুৱা বুলিয়েই কয়। ভাং খোৱাবোৰক বাবা ভক্ত বুলি কয়। কয়, কম প‌ইছা, তাম্মাম নিচা।”

পাৰ্বতীয়ে আয়ে খঙতে বকিবলৈ ধৰিলে – “হেৰৌ সস্তীয়া বুলিযে ভাং খাই আমাৰ ইহঁতৰ বাপেকৰ লগত ফেৰ মাৰিব গৈছ, পাৰিবিনে, হেৰৌ পাৰিবিনে আমাৰ এওঁৰ দৰে বিষ খাই নীলকণ্ঠ হ’ব। পাৰিবিনে তাণ্ডৱ নৃত্য কৰিব! আমাৰ ইহঁতৰ বাপেকক ভঙুৱা সজাবলৈ আহিছে! সৃষ্টিত তেওঁৰ আন কিমান ডাঙৰ ডাঙৰ কাম কৰিছে সেয়া নেদেখহঁতনে?

মাৰ কালী ৰূপ প্ৰকট হ’ব লাগিলে সৰ্বনাশ হ’ব। কণ্ট্ৰল কৰাই অসুবিধা হৈ পৰিব, তাতে মহাদেৱো নাই। সেয়ে নন্দী-ভংগীয়ে মাতাক সান্ত্বনা দি ক’লে,

: মা শান্ত হ‌ওক। বিষৰ কথা নাজানো কিন্তু বিচৰা বস্তু নাপালে ইয়াত ঘৰৰ বস্তু বাহানি ভাঙি মাক-পত্নীৰ আগত তাণ্ডৱ নৃত্য কৰা বহু উদাহৰণ আছে। এইবোৰৰ লগত লাগি একো লাভ নাই মা।

গোঁসানীয়ে বোলে –

: আমাৰ এওঁতকৈয়ো এইবোৰ ভঙুৱা দেখোন। এওঁ আগতে মনৰ দুখতে খাইছিল যদি নাজানো। কিন্তু ম‌ই বিয়া হৈ অহাৰপৰা এনেকৈ খোৱা দেখা নাই ঔ!

: মা সেয়ে প্ৰভুৱে অসমলৈ আপোনাক নানে। ইয়াত আমাৰ প্ৰভুক একেবাৰে বৰটোৰ সময়তহে বিচাৰে। ব’লক মা ইয়াৰপৰা যাওঁ।

কথা পাতি পাতি তিনিও এটি মন্দিৰৰ দিশে গতি কৰিলে। ছোৱালী দুজনীয়ে হাতত পূজাৰ থালী লৈ চুলি মেলি মন্দিৰৰ দিশে গৈ আছে। এজনীয়ে কৈছে – “তাৰ কাৰণেই শাওণৰ সোমবাৰকেইটা মানিছো। সি আহিলে একেলগে পূজা কৰিম।”

অলপ পিছতে বায়ুবেগে বাইক এখন উৰাই এজন ল’ৰা আহিল আৰু খ্ৰেচকৈ ব্ৰেক মাৰি ছোৱালীজনীৰ ওচৰতে ৰ’ল। পাৰ্বতীয়ে বোলে – “অ’ এইটোৰ দেখোন চকু একেবাৰে লাল হৈ আহিছে। অথনি ভাং কেন্দ্ৰত দেখি অহাৰ এটা নহয়নে!”

: হয় মা! এইজন ডাইৰেক্ট তাৰপৰাই আহিছে। “চকু লাল বুকু খাল সেই পুৰুষৰ লক্ষণ ভাল।” সেয়ে ভাং খাই খাই ইহঁত এনে হৈছে আৰু ছোৱালীও ভোল যায় এনে লক্ষণ দেখি।

পাৰ্বতী আয়ে এখন্তেক জিৰণি ল‌ওঁ বুলি এঘৰ মানুহৰ আগফালে থকা কৃষ্ণচূড়াজোপাৰ তলতে ৰ’ল। চিলমিলকৈ টোপনি অকণ আহিছিলহে মাত্ৰ, তেনেতে সেই মানুহঘৰৰ ভিতৰৰপৰা গালি উফৰি আহিল –

: হেৰৌ শিৱৰ ঘৈণীয়েক পাৰ্বতী! গিৰীয়েৰ দুদিনমান খেতিপথাৰৰপৰা নাহোঁতেই এই তেজপিয়া মহ, ডাঁহ, জোকসোপা স্ৰজিব লাগেনে! পথাৰলৈ গ’লো জোকৰ প্ৰতাপত মেখেলা কোঁচাই ঘৰলৈ ঢাপলি ল’লো। এতিয়া অকণ শোওঁ বুলি ভাবিছোঁ মহসোপাৰপৰা দিনতো শুবলৈ শান্তি নাই। হেৰৌ আমাৰ এজন দেখোন তামিলনাডুলৈ যোৱা একবছৰ হ’ল। ম‌ই মিছকলহে দিওঁ।

পাৰ্বতীয়ে চক্ খাই উঠিল। তেওঁক মানে পৃথিৱীত এনেকৈহে গালি পাৰে। নন্দীহঁতৰ আগত এনে কটু বচন শুনি পাৰ্বতীৰ ফাঁট মেলা বসুমতী পাতালে লুকাওঁ অৱস্থা। তেওঁলোক তেতিক্ষণে তাৰপৰা আঁতৰিল।

তিনিও এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে যাবলৈ ধৰিলে। তেনেতে হো হো কৰি বায়ুবেগে ইখনৰ পিছত সিখন গাড়ী এনেকৈ পাৰ হৈ গ’ল যে পাৰ্বতী গোঁসানী কোনোমতেহে এক্সিডেণ্ট নোহোৱাকৈ ৰ’ল।

শাড়ীখন ঠিক কৰি লৈ পাৰ্বতীয়ে ভোৰভোৰালে,

: হেৰৌ কোন ঔ এইবোৰ। ইমান জোৰেৰে গান বজাই গৈছে। পিকনিক পাৰ্টীবোৰহে এনেকৈ গান বজাই যায়। গাড়ীৰে সব মহতীয়াই যাবচোন।

: মা! সেয়া বৌল বৌম গৈছে। তেওঁলোক আমাৰ প্ৰভুৰ ভক্ত।

পাৰ্বতী আয়ে ভক্তৰ স্বৰূপ দেখি তৌবা তৌবা মানিলে। বোলে – “নন্দী-ভৃংগী ঔ! আমাৰ ইহঁতৰ বাপেকক বিচাৰি আমি কৈলাশলৈ যাওঁগৈ ব’লা। মোক ইহঁতৰ বাপেকৰ ওচৰলৈ লৈ ব’লা ঔ। মানুহটো যিহে আপোনভোলা! এইমখাই মহতীয়াই হাত-ভৰি ভাঙিব। নালাগে ঐ ইয়াত বৰ দিবলৈ থাকিব।”

বহু বিচাৰি খোচাৰি অৱশেষত তিনিও বেল এজোপাৰ তলতে মন মাৰি বহি থকা ভোলানাথক পালে। ভোলানাথৰো একে দশা। পাৰ্বতীয়ে তেওঁৰ মুখলৈকে চাবলৈ সাহ নকৰিলে। থোকাথুকি মাতেৰে ক’লে – “দ্বিতীয় দিন ইয়ালৈ অহাৰ নাম নল’ব কৈ দিলোঁ!

বাবায়েও বোলে,

: ব’লা পাৰু! আমি কৈলাশলৈ যাওঁ।

তেনেতে অন্য এজনৰ কণ্ঠস্বৰ শুনা গ’ল –

: প্ৰভু! সেৱা গ্ৰহণ কৰিব। আপোনালোক যায় হ’বলা!

সন্মুখতে সেয়া ম’হৰ শিঙৰ হেলমেট পিন্ধি ৰৈ আছে যমৰাজ।

: যম! তুমি দেখোন ইয়াত! – পাৰ্বতীয়ে সুধিলে।

: হয় আই! এতিয়া বহুতৰে অকাল মৃত্যুৰ সময়। আপোনালোক যাওক। ময়ো গৈ আছোঁ।

পাৰ্বতীয়ে হুমুনিয়াহ কাঢ়িলে। একেই হুমুনিয়াহ কাঢ়ি যমে ক’লে – “এটাই বেয়া লাগে! অতপালি কৰি নিজেতো মৰেই, আন নিৰীহজনকো মাৰি থৈ যায়।”

☆★☆★☆

14 Comments

Leave a Reply

Your email address will not be published.